পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰীঃ নান্দনিক দৃষ্টিৰে

 সৃষ্টিকৰ্তা ভগৱানে সৃষ্টিৰক্ষাৰ খাতিৰতে জীৱজগতক নাৰী আৰু পুৰুষ এই দুই শ্ৰেণীত বিভক্ত কৰি উভয়ৰে অন্তৰত পাৰস্পৰিক আকৰ্ষণৰ বীজ সিচিলে। এই আকৰ্ষণৰ প্ৰধান উদ্দীপক হ’ল দৈহিক ৰূপ। সুন্দৰ বস্তু দেখিলে আমি স্বাভাৱিকতে আনন্দ লাভ কৰো আৰু সেই বস্তুৰ প্ৰতি আকৃষ্ট হওঁ। পশু পক্ষীৰ ক্ষেত্ৰত দেখা যায়, সাধাৰণতে মাইকী জনীতকৈ মতাটো বেছি চকুত লগা। মত কুকুৰা চৰাইটোৰ শাৰীৰিক সৌন্দৰ্য্যৰ তুলনাত মাইকীজনী নিচেই সাধাৰণ। মতা ময়ুৰটোৱে চালি ধৰি বন-বননিৰ শোভা বঢ়াৱ। মতা সিংহটো কেশৰেৰে দেখিবলৈ অধিক সুন্দৰ। কিন্তু মানুহৰ ক্ষেত্ৰত সাধাৰণতে ইয়াৰ বিপৰীতটোহে দেখা যায়। কোম- লতা, কমনীয়তাৰ প্ৰতীক নাৰীয়েহে দৈহিক সৌন্দৰ্যৰ দ্বাৰা চিৰদিন পুৰুষৰ মন আকৰ্ষণ কৰি আহিছে। সেয়েহে নাৰীক ‘ফেয়াৰ ছেক্স’ অৰ্থাৎ ‘ধুনীয়া লিঙ্গ’ আখ্যা দিয়া হয়। নাৰীৰ সৃষ্টি সম্পৰ্কে প্ৰাচীন ভাৰতীয় সাহিত্যত এটি মনোৰম অখ্যান আছে। সৃষ্টিকৰ্তাই হেনো পুৰুষ জাতি সুজন কৰাৰ অন্তত দেখিবলৈ পালে, সৃষ্টিৰ সকলো উপাদান ইতিমধ্যে শেষ হৈ গ'ল, নাৰী গঢ়িবলৈ তেওঁৰ হাত শুদা। সেয়ে উপায়ান্তৰ নেদেখি প্ৰকৃতিৰ বিভিন্ন বস্তুৰ পৰা তেওঁ গোটালে নাৰী গঢ়াৰ উপাদান। তেওঁ সংগ্ৰহ কৰিলে “জোনৰ পৰা সুগোল

আকৃতি, লতা-গছৰ পৰা ভাঁজবোৰ, খাগৰিৰ দেহৰ লাহী গুণ, পাহি-

॥৩৬॥