পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাফেলৰ ‘মেডোনা, লিওনাৰ্দ দ্যা ভিঞ্চিৰ মনালিচাৰ হাঁহি মুগ্ধ শিল্পীৰ শিল্পচেতনাৰ কালজয়ী প্ৰকাশ। এইদৰে ভাস্কৰ সকলেও শিল বা ধাতুৰ মাধ্যমেৰে নাৰীৰ দেহ আৰু মনৰ বৈশিষ্ট্যপূৰ্ণ ৰূপ ফুটাই তোলে। আমাৰ মঠ-মন্দিৰ বা প্ৰাচীন কীৰ্তিস্তম্ভসমূহত বিভিন্ন ভঙ্গিমাত খোদিত নাৰীমূৰ্ত্তিসমূহ নাৰীৰূপমুগ্ধ শিল্পীৰ শিল্প চেতনাৰ উৎকৃষ্ট নিদৰ্শন। সেয়ে হয়তো কবিগুৰু ৰবীন্দ্ৰনাথে লিখি- ছিল, “সুধু বিধাতাৰ সৃষ্টি নহ তুমি নারী, পুৰুষ গঢ়েছে তোৰে সৌন্দৰ্য্য সঞ্চাৰি, আপন অন্তৰ হতে.......”

 নিজৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি নাৰী নিজেও কম সচেতন নহয়। নিজকে সুন্দৰকৈ সজাই পৰাই আকৰ্ষণীয় কৰি তোলাটো তিৰোতাৰ এক স্বাভাৱিক প্ৰবৃত্তি। আ-অলঙ্কাৰৰ প্ৰতি আসক্তি নাৰীৰ চিৰকলীয়া স্বভাৱ। দেখা যায়, সু-প্ৰাচীন কালৰে পৰা নাৰীৰ মাজত ৰূপ-সজ্জা, কেশসজ্জাৰ পৰম্পৰা আছে। পুৰণি কালত যেতিয়া আজিৰ দৰে বজাৰ ভৰি থকা প্ৰসাধন সামগ্ৰীৰ প্ৰচলন নাছিল, তেতিয়া গছৰ ফুল-পাত-বেণ, চন্দন আৰু সেইবোৰৰ পৰা তৈয়াৰ কৰা নানান প্ৰাকৃতিক সামগ্ৰীৰে নাৰীয়ে ৰূপ-চৰ্চ্চা কৰিছিল। কালি- দাসৰ শকুন্তলাত আমি পঢ়িবলৈ পাওঁ কিদৰে মুনিকন্যা শকুন্তলাক স্বামী-গৃহলৈ পঠিয়াবৰ পৰত সখীহঁতে সজাই-পৰাই তোলোতে প্ৰকৃ- তিয়েই সাজ-পাৰ, প্ৰসাধন সামগ্ৰী আদি সকলো সম্ভাৰৰ যোগান ধৰিছিল। জেতুকা, বৰহমথবি, নেমুটেঙা, কেঁচা হালধি আদি বিবিধ প্ৰাকৃতিক বস্তু প্ৰসাধন সামগ্ৰী হিচাপে নাৰী সমাজত আজিও সমা- বৃত। মহিলা আলোচনীসমূহত ৰূপ-চৰ্চ্চীৰ শিতান এটা সদায় থাকে। দেহটোৰ প্ৰতি অধিক সচেতনতা বৌদ্ধিক দিশত নাৰীৰ ক্ষেত্ৰত সচৰাচৰ দেখা দৈন্যতাৰ এক বিশেষ কাৰণ বুলিও বহুতে মত প্ৰকাশ কৰে।

 হৰিণাৰ মঙহেই বৈৰী হোৱাৰ দৰে নাৰীৰ দৈহিক সৌন্দৰ্য্য

॥৩৮॥