" গীতাত ‘স্থিতপ্ৰজ্ঞ' অৰ্থাৎ স্থিৰবুদ্ধিৰ লোকৰ বৰ্ণনা প্ৰসঙ্গত কোৱা হৈছে যে যিজন দুখত কাতৰ নহয়, আনন্দতো উদ্বাউল নহয় যিজন ক্ৰোধ-ভয়-আসক্তিশূণ্য তেনে ব্যক্তিকেই স্থিতপ্ৰজ্ঞ বোলা হয়। সেইজনেই হ’ল আদৰ্শ পুৰুষ। বাস্তৱিকতে এই মৃত্যুশীল পৃথিৱীত কোনো কথাৰ বাবেই অতিশয় আনন্দ বা অতিশয় দুখ কৰাৰ যুক্তি নাই। সংসাৰত ধন-জন-যৌৱন আদি সকলো সুখেই অনিত্য। কাল ধুমুহাই মুহুৰ্ত্ততে সকলো মোহাৰি সামৰি লৈ যাব পাৰে। সেইবাবে দুখ বেজাৰত ভাঙি পৰাটোও অৰ্থহীন কথা। প্ৰিয় পৰি- জনৰ মৃত্যুত কিছুমান লোক অতিশয় কাতৰ হৈ পৰা দেখা যায়। কিন্তু শিলত মূৰ আচাৰিলেও মৃতকক কেতিয়াও ওভোতাই আনিব নোৱাৰি। তদুপৰি সময় পাৰ হোৱাৰ লগে লগে শোক অপোনা আপুনি পাতলি আহে। এইবোৰ কথা চিন্তা কৰি ধৈৰ্য্য সহকাৰে শোক সহিবলৈ চেষ্টা কৰাটোহে জ্ঞানীৰ কাম। মানুহে কাৰো প্ৰতি অত্যধিক আসক্তি ৰখা উচিত নহয়। বহু আশা কৰি বুকুৰ উমেৰে ডাঙৰ কৰা সন্তানৰ পৰা পিছত একো নেপালে মানুহ দুখ আৰু হতাশাত ভাগি পৰা দেখা যায়। কিন্তু সন্তানৰ প্ৰতি অত্যধিক আসক্তি নেৰাখি উদাসীন ভাৱে সিহঁতৰ প্ৰতি কেবল নিজ কৰ্ত্তব্য কৰি গ'লে পিছলৈ তেনে দুখ পাব লগা নহয়। সেইদৰে ভয়-ক্ৰোধ আদি ধ্বংসকাৰী ৰিপুবোৰক দমন কৰিব পাৰিলে সুখে-শান্তিৰে জীৱন কটাব পাৰি। গতিকে দেখা যায় যে স্থিতপ্ৰজ্ঞ কথাষাৰৰ গভীৰ দাৰ্শনিক অৰ্থ আছে যদিও আমাৰ দৈনন্দিন জীৱনৰ আচাৰ- আচৰণত ই সদায় প্ৰযোজ্য। স্থিৰ বুদ্ধিৰ লোক সংযমৰ প্ৰতিমূৰ্ত্তি; তেওঁ সংসাৰতে থাকি সংসাৰিক বিষয় সুখ ভোগ কৰে, অথচ নিয়ম- সংযমব মাজেৰে চলি সাংসাৰিক কামৰ মাজেৰেই তপস্যাৰ ফল পায়।
তেনে লোকে কেতিয়াও চিত্তৰ প্ৰসন্নতা নেহেৰুৱায়।