জনক সেইকালৰ এজন বিদ্যোৎসাহী আৰু শাস্ত্ৰজ্ঞ ৰজা আছিল। তেওঁৰ ৰাজসভাত বিদ্বান পুৰুষ-নাৰীসকলৰ সততে সমাগম হৈছিল সেইসকলৰ মাজত নানা দাৰ্শনিক, তত্ত্বগধূৰ বিষয় লৈ তৰ্কৰ অৱতাৰণা হৈছিল। এনে বিতৰ্কত জয়লাভ কৰোতাজনক ৰজাই অৰ্থ-সম্পদ, গো ধন আদিৰে পুৰস্কৃত কৰিছিল। পৰম বিদুষী নাৰী গাৰ্গী আৰু ঋষি যাজ্ঞিবল্ক্যৰ মাজত হোৱা তেনে এক বিতৰ্কই বৃহদাৰণ্যক উপনি- ষদৰ পাতত বিশেষ স্থান অধিকাৰ কৰি আছে। অসামান্য জ্ঞানৰ অধিকাৰী যাজ্ঞবল্ক্যই সকলো ঋষিকে তৰ্কত পৰাজিত কৰিলে, কিন্তু গাৰ্গীক কোনোপধ্যেই পৰাস্ত কৰিব নোৱাৰিলে। আনহাতে গাৰ্গী- য়েও তেওঁক হৰুৱাব নোৱাৰিলে। ফলত তৰ্কযুদ্ধত দুয়োজনকে সম- তুল্য বুলি ঘোষণা কৰা হ'ল।
এইখন উপনিষদতে আন এগৰাকী বিদূষী মহিলাৰ কাহিনী আমি পঢ়িবলৈ পাওঁ। তেওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা, যাজ্ঞবল্ক্যৰ পত্নী- মৈত্ৰেয়ী। বৈদিক যুগৰ ঋষি-মুনিসকলে তপ-আচৰণ, জ্ঞানান্বে- বণ-:-আৰু শিক্ষাদান কৰাৰ লগতে বিয়া-বাৰু কৰাই সংসাৰ-ধৰ্ম্মও পালন কৰিছিল। বয়স ভাটি দিলে তেওঁলোকে বানপ্ৰস্থ অৱলম্বন কৰিছিল অৰ্থাৎ ঘৰ-সংসাৰ এৰি অৰণ্যত থাকি কেবল আধ্যাত্মিক চিন্তা-চৰ্চাতে জীৱনৰ বাকী দিনকেইটা কটাইছিল। যাজ্ঞবল্ক্যময় উপযুক্ত বয়সত সংসাৰ ত্যাগ কৰিবলৈ ওলাই তেওঁৰ সকলো সা- সম্পত্তি, গৰু-গাই আৰু ভৰালৰ শষ্য তেওঁৰ দুয়োগৰাকী পত্নী মৈত্ৰেয়ী আৰু কাত্যায়নীৰ মাজত ভগাই দিব খুজিছিল। মৈত্ৰেয়ী এগৰাকী জ্ঞান-পিপাসু আৰু আধ্যাত্মিক ভাৱাপন্ন মহিলা আছিল। তেওঁ চিন্তা কৰিলে, পাৰ্থিৱ সুখ, বিষয়-বাসনাৰ: অসাৰতা উপলব্ধি কৰিয়েই স্বামী ব্ৰহ্ম জ্ঞান লাভৰ বাবে অৰণ্যলৈ যাবলৈ ওলাইছে, অথচ সেইবোৰ
নিৰৰ্থক বস্তুকে তেওঁলোকক গটাই দি যাব খুজিছে। তেওঁ স্বামীক