পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুমাৰসম্ভৱঃ

   এটি সাধাৰণ আলোচনা

 কুমাৰসম্ভৱ কাব্য মহাকবি কালিদাসৰ কবি-প্ৰতিভাৰ এক উৎকৃষ্ট নিদৰ্শন। এই কাব্যত দেবাদিদেৱ মহাদেৱ আৰু হিমালয়-দুহিতা পাৰ্ব্বতীৰ প্ৰেম আৰু বিবাহৰ কাহিনী ৰূপায়িত হৈছে। কাব্যখনিৰ নামটোৱে, হৰ-পাৰ্ব্বতীৰ মিলনৰ ফলত যুদ্ধৰ দেৱতা কুমাৰ কাৰ্ত্তিকৰ জন্মকে সূচায় যদিও তেওঁলোকৰ মিলনতে কাব্যৰ পৰিসমাপ্তি ঘটিছে। কাব্যখনিৰ অষ্টম সৰ্গলৈকে কবিগৰাকীৰ পূৰঠ হাতৰ পৰিচয় থকা বাবে সেই অংশ তেওঁৰ স্বৰচিত বুলি সন্দেহাতীত ভাবে গ্ৰহণ কৰা হৈছে। নিজৰ নাম-ধাম বংশ-পৰিচয় সম্পৰ্কে কালিদাস নিমাতে থকাৰ সুযোগ লৈ পৰবৰ্ত্তী কালৰ ভালেমান কবিয়ে নিজৰ লেখা কালি- দাসৰ নামত চলাই দিবলৈ যত্নপৰ হৈছিল। কাব্যখনিৰ নবমৰ পৰা সপ্তদশ অধ্যায়লৈকে অংশটো অন্য কবিৰ সংযোজন বুলি পণ্ডিত সকলে ঐক্যমত প্ৰকাশ কৰিছে। গতিকে কব পাৰি, কালিদাস ৰচিত কুমাৰসম্ভৱত কুমাৰৰ জন্মৰ সম্ভাৱনাহে নিহিত আছে, জন্ম বা তাৰ পিছৰ কাহিনী চিত্ৰিত হোৱা নাই।

 আলংকাৰিকসকলে সংস্কৃত কাব্যক দুভাগত ভগাইছে—খণ্ডকাব্য আৰু মহাকাব্য। আধুনিক সাহিত্যত চুটি গল্প আৰু উপন্যাসৰ যি পাৰ্থক্য সংস্কৃত সাহিত্যত খণ্ড-কাব্য আৰু মহাকাব্যৰ পাৰ্থক্যও কম বেছি পৰিমাণে তেনেই।খণ্ডকাব্যত এক সীমাবদ্ধ সময়ৰ ঘটনা-

ৰাজি বা তাৰ পৰা উদ্ভুত ভাৱ-অনুভূতিক কাব্যিক ৰূপ দিয়া হয়।

॥৪৮॥