—মানুহজনে ওলোটাই আমাকে প্ৰশ্ন কৰিলে। শিশুগ্ৰামত দুটা বস্তু সলনি নহয়, সেয়া হ'ল শিশুৰ মাতৃগৰাকী আৰু ঘৰখনৰ। দুৰ্দৈবাৎ যদি কোনোবা মাতৃয়ে কিবা কাৰণত কাম চলাব নোৱাৰা হয় তেতিয়া তেওঁৰ ঠাইত যি গৰাকী আহে তেওঁ মাতৃৰ সৈতে সমান দৰমহা বা একে সা-সুবিধা পায় যদিও মাতৃৰ মৰ্য্যাদা নেপায়, শিশু সকলে তেওঁক মাহী হিচাপেহে গ্ৰহণ কৰে। শিশুগ্ৰামৰ ল'ৰা- ছোৱালীহঁত ডাঙৰ দীঘল হৈ উপাৰ্জ্জনক্ষম হ'লে তেওঁলোকৰ মাজত বিয়া-বাৰু পাতি দিয়াৰ ব্যৱস্থাও শিশুগ্ৰামৰ তৰফৰ পৰা হাতত লোৱা হয়। নাইবা তেওঁলোকে স্বাধীনভাৱে বাহিৰৰ ল'ৰা-ছোৱালীকো বিয়া কৰাব পাৰে। এইদৰে সংসাৰত প্ৰতিষ্ঠিত হোৱা বহু লৰা-ছোৱা লীয়ে মৰম আৰু কৃতজ্ঞতাৰে মাতৃগৰাকীৰ সৈতে চিৰজীৱন সম্বন্ধ অটুট ৰখা দেখা যায়।
“কোনোবাই পোষ্যৰূপে ল’বলৈ বিচাৰিলে আপোনালোকৰ অনুষ্ঠানৰ পৰা শিশু নিবলৈ অনুমতি দিবনে?”—“আমি শিশু কাকো নিদিওঁ; সমাজৰ অনাথ, অনাদৃত, অবাঞ্চিত শিশুসকলক আপোনা লোকে আমাৰ অনুষ্ঠানলৈ পঠিয়াই দিয়ক, পৃথিৱীত কোনো শিশু যেন আদৰ-যত্নৰ পৰা, সিহঁতৰ স্বাভাৱিক বিকাশৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়” —আবেগ জড়িত কণ্ঠে সঞ্চালক মহোদয়ে ক'লে।
সময়ৰ অভাৱত প্ৰতিটো পৰিয়ালকে লগ ধৰা আমাৰ পক্ষে সম্ভৱ নহ’ল। তথাপিতো মানুহ গঢ়া সেই মহান অনুষ্ঠান নিজ চকুৰে চাই পৰম তৃপ্ত হ’লো, কৃতাৰ্থ হ’লো। সেই পবিত্ৰ তীৰ্থক্ষেত্ৰৰ প্ৰতি প্ৰাণৰ প্ৰণাম জনাই যেতিয়া বাছেৰে ঘৰমুৱা হৈছিলো তেতিয়া ভাবিছিলো—কি বিচিত্ৰ এই মানৱ জাতি! এহাতে ক্ষুদ্ৰ স্বাৰ্থ চৰি- তাৰ্থৰ বাবে এচাম মানুহে ধ্বংসৰ তাণ্ডৱলীলা চলায়। আনহাতে
এমুঠি মানৱ-প্ৰেমিকৰ ত্যাগ আৰু আন্তৰিক প্ৰচেষ্টাৰ ফলত শিশুগ্ৰামৰ
॥১১৩॥