পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইটাত বুদ্ধৰ উপৰিও হিন্দু দেৱ-দেৱীৰ মূৰ্ত্তি আছে। তাৰ ভিত- ৰত ৬নং গুহাত থকা সৰস্বতীৰ মূৰ্ত্তি উল্লেখযোগ্য।

 তাৰ পিছত আমি হিন্দুসকলৰ দেৱ-দেৱীৰ মূৰ্ত্তি থকা গুহাবোৰ চাবলৈ সোমালো। সেইবোৰ গুহাত পূৰ্ব্বৰ বুদ্ধ আৰু বোধিসত্ত্বৰ মূৰ্ত্তিবোৰকে সামান্য ইফাল-সিফাল কৰি শিৱ, বিষ্ণু আদিৰ ৰূপত দেখুৱা হৈছে। হিমালয়ত বহি শিৱই পাশা খেলা, কেইটিমান শিশুয়ে শিৱৰ বাহন নন্দীৰ নেগুৰত ধৰি টনা আদি শিলামূৰ্ত্তিয়ে তাত মানুহৰ মন আকৰ্ষিত কৰা দেখা যায়। কিন্তু অজন্তা-ইলোৰাৰ স্থাপত্য শিল্পই চমৎকাৰিত্বৰ শীৰ্ষবিন্দু চুইছেগৈ কৈলাশ মন্দিৰ নামে খ্যাত ১৬নং গুহটোত। মহাভাৰতত বৰ্ণিত অৰ্জ্জুনৰ ৰথৰ আকৃতিত কাটি উলি- ওৱা এই গুহটোৰো পিছৰ অংশ দুমহলীয়া৷ সচৰাচৰ গুহাবোৰ তলৰ পিনৰ পৰা কাটিবলৈ আৰম্ভ কৰা হয়। কিন্তু এই গুহাটো ওপৰৰ পৰা তললৈ কাটি উলিওৱা হৈছে। ৰথখনৰ নিম্নাংশত পৃথি- ৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা জীৱ-জন্তু আৰু কিম্বদন্তীৰ বীৰসকলৰ যুদ্ধ, চিকাৰ, নৰহত্যা আদি বিভিন্ন ধৰণৰ মূৰ্ত্তি শিলত কাটি উলিওৱা হৈছে। মন্দিৰৰ দুয়োকাষে দুটি অপৰূপ কাৰুকাৰ্য্য খোদিত শিলৰ বিজয়স্তম্ভ আৰু হাতী। দাক্ষিণাত্যৰ ৰাষ্ট্ৰকুট বংশৰ ৰজা প্ৰথম জন কৃষ্ণই অষ্টম শতিকাত আৰম্ভ কৰা এই মন্দিৰ সম্পূৰ্ণ কৰিবলৈ সুদীৰ্ঘ সময় লাগিছিল। আন আন গুহাবোৰত ব্ৰহ্মা, বিষ্ণু, গনেশ, মহি- ষাসুৰমৰ্দ্দিনী দুৰ্গা, ঘাইকৈ শিৱলিংগ আৰু শিৱৰ মূৰ্ত্তি বিৰাজমান। ধুনীয়া কাৰুকাৰ্য্য খচিত সম্মুখভাগেৰে, ২১নং গুহাটোত হৰ-পাৰ্ব্বতীৰ বিয়া পৰ্য্যায়ক্ৰমে খোদিত হৈছে। প্ৰায় ডেৰশ ফুট ওখ ২১নং গুহাত সংহাৰৰ প্ৰতীক ভয়ংকৰ অষ্টবাহু শিৱ মূৰ্ত্তি। আন এঠাইত শিৱ তাণ্ডৱ-নৃত্যৰ ভংগিমাত। এইখিনিতে উল্লেখযোগ্য যে ভাৰতীয় নৃত্য

কলাৰ বহু মুদ্ৰা আৰু নৃত্য-ভংগিমা অজন্তা-ইলোৰাৰ মূৰ্ত্তিসমূহৰ

॥১০৫॥