পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিব্যপ্ৰভা ভৰালী :
   কবি আৰু কাব্যকৃতি

 চল্লিশৰ দশকৰ আৰম্ভনিতে কাব্য-চৰ্চাত হাত দিয়া দিব্যপ্ৰভা ভৰালী অসমৰ আগশাৰীৰ মহিলা কবিসকলৰ অন্যতম।” অসমীয়া, ইংৰাজী, বঙালী তিনিও ভাষাতে সাহিত্য-চৰ্চা কৰা এইগৰাকী প্ৰতিভাময়ী নাৰীয়ে ১৯৪৩ চনতে তেতিয়াৰ সাদিনীয়া ‘আসাম ট্ৰিবিউন’ কাকতত এটি ইংৰাজী প্ৰৱন্ধেৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ আৰু কলিকতাৰ আন এখন ইং- ৰাজী কাকত ‘এডভাঞ্চ'ত তেওঁৰ কেইবাটাও মূল্যবান প্ৰৱন্ধ তাহানি কালতে ছপা হৈছিল। ১৯৪৮ চনত তেওঁৰ প্ৰথম ইংৰাজী কবিতা March to Freedom বাতৰি কাকতত প্ৰকাশিত হৈছিল। ৰাম- কৃষ্ণ মিছনৰ মুখপত্ৰ ‘উদ্বোধন’ নামৰ আলোচনীত পঞ্চাশৰ দশকতে নিয়মিত ভাৱে তেওঁৰ বঙালী কবিতা ওলাইছিল। যিটো যুগত উচ্চ শিক্ষা লাভ কৰা মহিলাৰ সংখ্যা সমাজত নিচেই নগণ্য আছিল সেই যুগতে দিব্যপ্ৰভা ভৰালীয়ে মাতৃভাষাৰ উপৰিও অন্যান্য ভাষাত সাহিত্য-চৰ্চা কৰা কথাটো বাস্তবিকতে মন কৰিবলগীয়া।

 সাহিত্যিক ভাষাতত্ত্ববিদ স্বৰ্গীয় দেৱানন্দ ভৰালীৰ নুমলীয়া কন্যা দিব্যপ্ৰভাৰ ১৯২২ চনত গোলাঘাটত জন্ম হৈছিল। ১৯৩৮ চনত তেওঁ যোৰহাটৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দি ‘মিকানিক্স’ত 'লেটাৰ’ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। জগন্নাথ

বৰুৱা কলেজৰ পৰা প্ৰথম বিভাগত ইন্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ

॥৮০॥