পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰৱৰ্ত্তী ত্ৰয়োদশ উপনিষদ ৰূপে স্বীকৃতি লাভ কৰিছে। সেয়েহে পিছৰ কালৰ শংকৰচাৰ্য্য, ৰামানুজাচাৰ্য্য, শ্ৰীধৰস্বামী, মাধবাচাৰ্য্য প্ৰমুখ্যে শ্ৰেষ্ঠ ধৰ্ম্মগুৰুসকলে গ্ৰন্থখনি গভীৰ ভাৱে অধ্যয়ন কৰি নিজ নিজ দৃষ্টিভঙ্গীৰে ইয়াৰ টীকাভাষ্য ৰচনা কৰি গৈছে। আধুনিক যুগত ইংৰাজী, জাৰ্ম্মানী আদি ভাষালৈ এই পুথি অনুবাদ হোৱাত পশ্চি- মৰ দেশসমূহতো ইয়াৰ প্ৰচাৰ আৰু সমাদৰ বাঢ়িল।

 গীতাক হিন্দুৰ এখন ধৰ্ম্মশাস্ত্ৰ বুলি কোৱাতকৈ এখন বিশাল মানবধৰ্ম্মগ্ৰন্থ বুলি কোৱাটোহে অধিক যুক্তিযুক্ত। সংসাৰ মৰুত পথ হেৰুৱাই বিভ্ৰান্ত হোৱা মানুহক গীতৰ অমৰ বাণীয়ে হেজাৰ হেজাৰ বছৰ ধৰি পথ-নিৰ্দ্দেশনা দি আহিছে। মহামানৱ মহাত্মা গান্ধীয়ে গীতা শাস্ত্ৰক জীৱনৰ সাৰথীৰূপে গ্ৰহণ কৰিছিল৷ জীৱনৰ সকলো সমস্যাৰে সমাধান তেওঁ গীতাৰ পাতত বিচাৰি পাইছিল। আচাৰ্য্য ৱিনোবা ভাৱেই কৈছিল, “মোৰ শৰীৰ আইৰ গাখীৰেৰে যিমান বৰ্দ্ধিত হৈছে তাতকৈ গীতাৰ গাখীৰেৰে মোৰ হৃদয় আৰু মন অনেকগুণে বেছি পৰিপোষিত হৈছে। .... গীতা মোৰ প্ৰাণ-তত্ত্ব।” স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ অপৰাধত কাৰাৰুদ্ধ হৈ থাকোতে এবাৰ তেওঁ জেলৰ চোৰ-ডকাইত নিৰ্ব্বিশেষে সকলো কয়দীৰ আগত প্ৰতি দেওবাৰে অতি সহজ-সৰল ভাষাত গীতা ব্যাখ্যা কৰিছিল। সেই ভাষণসমূহৰে সংকলন ‘গীতা প্ৰবচন' সম্প্ৰতি দেশৰ বাহিৰে ভিতৰে এক জনপ্ৰিয় গ্ৰন্থ। ৰামকৃষ্ণ পৰমহংস, ঋষি অৰবিন্দ, বাল গঙ্গাধৰ তিলক প্ৰভৃতি মনীষীসকলে গীতা অধ্যয়নৰ দ্বাৰা বিশেষভাৱে প্ৰভা- ৱিত হৈ সৰ্ব্বসাধাৰণ ৰাইজে বুজিব পৰাকৈ বিভিন্ন আঞ্চলিক ভাষাত গীতাভাষ্য ৰচনা কৰি গৈছে।

 এচাম মানুহৰ মনত এক ভ্ৰান্ত ধাৰণা আছে যে গীতা সাধু সন্যাসীৰ বস্তু, গোঁসাইঘৰৰ থাপনাতহে তাৰ ঠাই। গীতা পঢ়িলে

॥২৬॥