তেওঁ নৰকগামী হয়, অন্য কথাত তেনে লোকে ঈপ্সিত লক্ষ্যত উপ- নীত হোৱাৰ তৃপ্তি, শান্তি জীৱনত কেতিয়াও লাভ কৰিব নোৱাৰে। এইষাৰ কথা আমাৰ দৈনন্দিন জীৱনতো বিশেষ ভাবে খাটে। পৃথিৱীৰ প্ৰতিজন মানুহৰে নিজা নিজা কৰ্ত্তব্য থাকে। পিতৃ-মাতৃ গুৰুজনৰ প্ৰতি, ভাই-বন্ধু, ওচৰ-চুবুৰীয়াৰ প্ৰতি, সন্তানৰ প্ৰতি আমাৰ ভিন ভিন কৰ্ত্তব্য আছে। প্ৰতিজন লোকেই নিয়াৰিকৈ নিজ কৰ্ত্তব্য পালন কৰিবলৈ যত্নপৰ হ'লে পৃথিৱীৰ অধিকাংশ সমস্যাই আপোনা- আপুনি সমাধান হব। গীতাত আলোচিত ‘স্বধৰ্ম্ম আমি সাধাৰণ অৰ্থত বুজা ধৰ্ম্ম নহয়। মানুহে যিটো কাম কৰি ভাল পায়, যি কাম তেওঁৰ বাবে সহজসাধ্য, যি কামৰ মাজেৰে তেওঁৰ প্ৰতি- ভাই বিকাশ লাভ কৰে, যি কামত তেওঁ মানসিক তৃপ্তি আৰু আনন্দ লাভ কৰে সেয়েই তেওঁৰ স্বধৰ্ম্ম।.. গীতাৰ উপদেশ, স্বধৰ্ম্মৰ পৰা মানুহ কেতিয়াও আঁতৰি আহিব নেলাগে। মাছ পানীত থাকে, সেয়া সিহঁতৰ স্বধৰ্ম্ম, মাছবোৰক গাখীৰৰ নদীলৈ মাতিলে সিহঁত নিশ্চয় নাহিব। নাহিব। কাৰণ সিহঁতে জানে, পানীতকৈ গাখীৰ ভাল যদিও গাখীৰত সিহঁত মৰি যাব। কোনোবাটো শিশুৰ ছবি, অঁকাৰ চখ; তাক সেইটো কামত লাগি থাকিবলৈ দিলে সি পিছলৈ, তাৰ মাজেৰেই নিজ প্ৰতিভা বিকাশৰ সুযোগ পাব। কিন্তু তাক যদি ছবি অঁকাৰ সলনি জোৰকৈ নাচ-গানত লগাই দিয়া হয় তেন্তে সেই কামত সি কোনো বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিব। তদুপৰি কামৰ মাজেৰে লাভ কৰা আনন্দৰ পৰাও সি বঞ্চিত হব। গতিকে লৰা-ছোৱালীৰ কি প্ৰবৃত্তি বা সিহঁতৰ মাজত কি প্ৰতিভা লুকাই আছে তাক সাৱধানে বিচাৰ কৰি চাই সেইমতে যদি সিহঁ- তক ভিন ভিন কৰ্ম্মত লগাই দিয়া হয় তেন্তে সিহঁতৰ মানসিক
তৃপ্তিৰ লগতে প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশৰ পথো মুকলি হব।