পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সি হ’ল ধৰ্ম্মীয় উদাৰতাৰ শিক্ষা। গীতাৰ দৰ্শন বেদান্তৰ একেশ্বৰবাদী দৰ্শন। আত্মাৰ মুক্তিৰ বাবে বিশ্বৰ নিয়ন্তা, সৰ্ব্ব শক্তিৰ আধাৰ এক পৰম পুৰুষৰ উপাসনাই একমাত্ৰ প্ৰশস্ত পথ হিচাবে গীতাই আঙুলি- য়াই দিছে। সেই পিনৰ পৰা চাবলৈ গলে ইছলাম ধৰ্ম্ম, খ্ৰীষ্টান ধৰ্ম্ম আদিৰ সৈতে আমাৰ ধৰ্ম্মীয় আদৰ্শৰ কোনো বিভিন্নতা নাই। আন- হাতে চিত্তশুদ্ধিৰ পন্থা হিচাবে যজ্ঞ, দান, বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চ্চনাকো গীতাই নাকচ কৰা নাই। নিৰাকাৰ ঈশ্বৰৰ পূজা কৰা সৰ্ব্ব- সাধাৰণৰ পক্ষে সম্ভৱ নহয় বাবেই মানুহে ভগৱানৰ সাকাৰ ৰূপ কল্পনা কৰি লয়। মৌখিক উপদেশ পালন কৰিবলৈ টান বাবেই তেনেবোৰ উপদেশ নিজ জীৱনত পালন কৰি সফলকাম হোৱা এজনক মানুহে গুৰুজ্ঞান কৰি অন্তৰৰ শ্ৰদ্ধা-ভক্তি নিবেদন কৰে। আমি ভগ- বানক পাহৰি থকাতকৈ কিছু কামনা লৈ তেওঁক স্মৰণ কৰাও ভাল। ভক্তি সকাম হলেও ভগৱানে তাক দলিয়াই নেপেলায়। পুনঃ পুনঃ অনুশীলনৰ দ্বাৰা এই সকাম ভক্তিয়েই এদিন নিষ্কামতা লাভ কৰিব। কৰ্ম্ম যদি শুদ্ধ ভাৱনাৰে পূৰ্ণ আৰু সেৱাৰসময় হয় তেন্তে সাধাৰণ কৰ্ম্মও ভগবানৰ উপাসনা স্বৰূপ হয়। গীতাত ভগবান কৃষ্ণই কৈছে, “যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্”–যেয়ে মোক যিভাৱে উপাসনা কৰে তেওঁ সেই ভাবেই মোক পায়। এই মহত্বপূৰ্ণ কথাষাৰে স্পষ্ট কৰি দিয়ে যে সনাতন হিন্দুধৰ্ম্মত প্ৰকৃততে অন ধৰ্ম্মৰ প্ৰতি কোনো বিৰোধ নাই, ই সকলো ধৰ্ম্মীয় মতবাদকে প্ৰেম আৰু উদা- ৰতাৰে স্বীকাৰ কৰি লয়।

 গীতাৰ শিক্ষা কেবল মানুহৰ ব্যক্তিগত জীৱনতে নহয়, দেশৰ সামাজিক আৰু ৰাজনৈতিক জীৱনতো প্ৰযোজ্য। অন্যায়-অনীতি, দুৰ্নীতি ভণ্ডামিয়ে আজি আমাৰ সমাজ জীৱন ছটি ধৰিছে। ধৰ্ম্মৰ

নামত ভায়ে ভায়ে কটাকটি, মৰামৰি কৰি দেশ চাৰখাৰ কৰিছে।

॥৩৪॥