উপনিষদৰ কথা
ভাৰতীয় দৰ্শন, ধৰ্ম্ম, সংস্কৃতিৰ উৎসভূমি স্বৰূপ উপনিষদ সমূহে যুগ যুগ ধৰি বিশ্বৰ চিন্তা জগতলৈ বিশেষভাৱে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। যীচুখ্ৰীষ্টৰ জন্মৰ প্ৰায় এহেজাৰ বছৰ আগতে, যি সময়ত পশ্চিমৰ দেশবোৰত সভ্যতাৰ পোহৰ পৰা নাছিল, তেনে সময়তে ভাৰতত বেদ উপনিষদ আদি ধৰ্ম্ম শাস্ত্ৰসমূহ ৰচিত হৈছিল। এই মহান ধৰ্ম্মগ্ৰন্থসমূহত থকা উচ্চ, অধ্যাত্মজ্ঞানৰ বাবেই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে ভাৰতবৰ্ষক চিৰদিন শ্ৰদ্ধাৰ চকুৰে চাই আহিছে। উপনিষদৰ আবেদন দেশ কাল নিৰ্ব্বিশেষে সৰ্ব্বজনৰ বাবে; উপ- নিষদৰ অমৰ বাণীতে ভাৰতবৰ্ষৰ চিৰন্তন আত্মা বাঙ্ময় হৈ উঠে।
বৈদিক সাহিত্যক মোটামুটিকৈ তিনি শ্ৰেণীত ভাগ কৰা হয়- সংহিতা, ব্ৰাহ্মণ আৰু উপনিষদ। সংহিতা আৰু ব্ৰাহ্মণ খণ্ডত যাগ- যজ্ঞৰ বিৱৰণ, সেইবোৰৰ আচৰণ পদ্ধতি, উদ্দেশ্য, ফলাফল আৰু তাৰ দাৰ্শনিক ব্যাখ্যা আছে। কিন্তু উপনিষদত এনেবোৰ কথা নাই। প্ৰাচীন যুগৰ ঋষি-মুনি সকলে বহু চিন্তা-চৰ্চ্চা, গভীৰ সাধনাৰ দ্বাৰা সৃষ্টি, আত্মা, আৰু ভগৱান সম্পৰ্কে যিবোৰ কথা উপলব্ধি কৰি- ছিল সেইবোৰ বেদৰ এই উপনিষদ অংশটোতে থুপ খাই আছে। সেইসকলৰ পদপ্ৰান্তত যিসকল শিষ্যই শিক্ষা লাভ কৰিছিল তেওঁ লোকেও_সাধনা আৰু অনুশীলনৰ দ্বাৰা সেই আধ্যাত্মিক চিন্তা-
ধাৰাৰ বিকাশ আৰু উৎকৰ্ষ সাধন কৰিছিল। এইদৰেই ক্ৰমে ক্ৰমে