সন্মিলিত প্ৰচেষ্টাতে সংসাৰৰ চকৰি ঘূৰিব, দুয়ো যেন একেখনি ৰথতে সংযুক্ত এযুৰি অশ্ব। দুয়ো সকলো সমস্যাৰে সমভাগী, ইহ. কাল-পৰকালৰ এৰাব নোৱাৰা সঙ্গী। বৈদিক সমাজত নাৰীক পৰ্দ্দাৰ আঁৰত ৰখাৰ নিয়ম নাছিল। আজিৰ মহিলাৰ দৰেই তেওঁলোকে মুকলিমুৰীয়াকৈ সমাজত বিচৰণ কৰিছিল। সেই কালত বাল্য-বিবাহ প্ৰথা নাছিল বুলিয়েই অনুমান হয়। শিক্ষা-দীক্ষা লাভৰ অন্তত উপযুক্ত বয়সত তেওঁলোকৰ বিয়া হৈছিল। কন্যাই সয়ম্বৰ প্ৰথাৰে নিজে বৰ নিৰ্বাচন কৰা কথা আমি প্ৰাচীন সাহিত্যত পঢ়িবলৈ পাওঁ। সেইকালত উচ্চ বৰ্ণৰ ছোৱালীক লৰাৰ দৰেই লগুণ দিয়াৰ ব্যৱস্থা আছিল। তেওঁলোকে ও সাৱিত্ৰী অথবা গায়ত্ৰী মন্ত্ৰ জপ কৰিছিল, অন্যান্য শাস্ত্ৰৰ লগতে বেদে অধ্যয়ন কৰিছিল। ছোৱালীৰ শাৰী- ৰিক, মানসিক, নৈতিক, আধ্যাত্মিক সকলো দিশতে উচ্চ শিক্ষালাভৰ পথ সুগম আছিল। কিছুসংখ্যক জ্ঞান-পিপাসু ছোৱালীয়ে বিয়া- বাৰু নকৰাই আজীৱন ব্ৰহ্মচাৰিণী ৰূপে সত্য-শিৱ-সুন্দৰৰ সাধনাত ব্ৰতী হৈছিল; তেওঁলোক ব্ৰহ্মবাদিনী নামে পৰিচিত হৈছিল। ঋক্- বেদত আমি বিশ্বৱাৰ, ৰোমশ, লোপামুদ্ৰা বাক্, ঘোষা, পৌলোমী, প্ৰমুখ্যে ভালেমান নাৰীঋষি ৰ নাম পাওঁ যিসকলে বেদমন্ত্ৰ ৰচনা কৰি মন্ত্ৰ-দ্ৰষ্টা ঋষিৰ শাৰীত স্থান পাইছিল।
সেইযুগৰ কিছুসংখ্যক নাৰী শিক্ষাদান কাৰ্য্যতো নিয়োজিত আছিল বুলি জনা যায়। ব্যাকৰণবিদ, পাণিনিয়ে এহাতে উপাধ্যায়া’ আৰু ‘আচাৰ্য্য।, আনহাতে ‘উপাধ্যায়ী' আৰু ‘আচাৰ্যানী’ শব্দকেই- টাৰ ব্যাখ্যা আগবঢ়াই কৈছে যে আগৰ শব্দদুটাই স্বয়ং শিক্ষাদান কৰা নাৰী আৰু পিছৰ দুটাই শিক্ষকৰ পত্নীক বুজায়। সংহিতা, ব্ৰাহ্মণ, উপনিষদকে আদি কৰি বিশাল বৈদিক সাহিত্যত ভালেমান
বিদূষী মহিলাৰ উল্লেখ আছে। বৃহদাৰণ্যক উপনিষদৰ মতে ৰাজৰ্ষি