এজন ডাক্তৰৰ কবিতা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ প্ৰথম পৃষ্ঠা ]
 

এজন ডাক্তৰৰ
কবিতা

 

ডাঃ ৰাজীৱ কুমাৰ শৰ্মা

 

প্রকাশক
ড° হেমন্ত কুমাৰ শৰ্মা
শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩

 

[ প্ৰকাশন ]
 

Ejon Dāctoror Kabita :
A collection of poems of Dr. Rajib Kr. Sarmah, published by
Dr. Hemanta Kr. Sarmah

 

© Writer

 

First published :
May 2017

 

Price :
100 (One hundred)

 

Printed at :
Saraighat Photo Types Pvt. Ltd.
Bamunimaidam, Guwahati-781021

 

[ উছৰ্গা ]
 

উছৰ্গা

 

 যাৰ অনুগ্রহত এই ধুনীয়া ধৰণী
 দেখাৰ সৌভাগ্য হল সেই
 পূজনীয় মা (শ্রীযুতা হিৰন্ময়ী দেৱী)ৰ
 চৰণত
 আৰু
 দেউতা (স্বর্গীয় ৰতিকান্ত শর্মা)ৰ
 মধুৰ স্মৃতিত উছৰ্গা কৰিলো।

 

[ ভূমিকা ]
 

প্ৰকাশকৰ দুআষাৰ

 

 জ্যেষ্ঠ ভ্ৰাতৃ ডাঃ ৰাজীৱ কুমাৰ শৰ্মাই লিখা কিছু কবিতা পঢ়ি ভাল লাগিল আৰু কিতাপ আকাৰে প্ৰকাশ কৰাৰ সিদ্ধান্ত ল'লো।

 দাদাই কেনেকৈ, কেতিয়াৰপৰা কবিতা লিখা আৰম্ভ কৰিলে সেই সম্পৰ্কে ‘কবিব দুআষাৰ’ত বৰ্ণনা কৰিছে। ডাক্তৰ হিচাবে কৰ্ম জীৱনত নামনি অসমৰ বিভিন্ন ঠাইত ঘুৰি-ফুৰা আৰু সকলো ঠাইতে ‘বৰ ভাল আৰু ফুচুৰি মানুহ’ বুলি বিশেষণ পোৱাজনৰ ভিতৰতো যে এজন ‘চিৰিয়াছ,’ সংবেদনশীল মানুহ লুকাই আছিল বহুতে গম পোৱা নাছিল। কিন্তু আমি সৰু থাকোতেই দাদাই অঁকা দুই-এখন ছবি আৰু তেওঁ বাঁহেৰে বনোৱা এখন অতি সুন্দৰ পালতৰা নাৱৰ ছবি মোৰ মানসপটত আজিও জিলিকি আছে। সুকুমাৰ কলাৰ প্ৰতি দাদাৰ দুৰ্বলতা সেইবোৰৰ যোগেৰেই ফুটি ওলাইছিল।

 কবিতাখিনি ডিটিপি কৰাই দাদাৰপৰা ‘কবিৰ দুআষাৰ’ লৈ সুধিলো, কিতাপৰ নাম কি দিম আৰু আগকথা কাৰ হতুৱাই লিখাম?

 স্পষ্ট উত্তৰ, ‘তইহে কিতাপ কৰিব ওলাইছ, তইয়েই ঠিক কৰ নাম কি হ’ব?' মই ক'লো সহজ-সৰলভাৱে ৰাখিলে হ’ব ‘এজন ডাক্তৰৰ কবিতা’। উত্তৰ আহিল, ‘তাকেই ৰাখ।’ ‘আগকথা’ৰ কথা সোধাত ক’লে, ‘চৌৰাশী বছৰীয়া মাক বয়সে বৰ্তমান বাধা দিছে। গতিকে তয়েই লিখ।’

 মহা সমস্যাত পৰি ভাবিলো, কি লিখোঁ—মইতো কবি নহয়, সকলো কবিতা বুজিও নাপাওঁ। কিছুমান কবিৰ কবিতা পঢ়ি অৱশ্যে ভাল পাওঁ। তাৰে কিছুমানৰ কবিতা বুজি পাওঁ, কিছুমানৰ আকৌ নুবুজাকৈয়ে ভাল লাগে—শব্দ আৰু ধ্বনিৰ বাবে।

 সমস্যাৰ সমাধানকল্পে ভাবিলো, হাবু-ডুবু খাই থকাতকৈ কবিতা কি, কবিতাৰ উদ্দেশ্য আৰু উপযোগিতা সম্পৰ্কে দুজনমান বিখ্যাত কবিয়ে কোৱা কথা উদ্ধৃত কৰিলেই দেখোন লেঠা ছিগে। তাকেই কৰিলো।

[ ভূমিকা ]
 

 “Poetry is the spontaneous overflow of powerful feelings : it takes its origin from emotion recollected in tranquillity."

William Wordsworth

 “Poetry is, at bottom, a criticism of life.”

—Matthew Arnold

 “There are three things, after all, that a poem must reach: the eye, the ear, and what we may call the heart or the mind. It is most important of all to reach the heart of the reader."

Robert Frost

 “Poetry is simply the most beautiful, impressive, and widely effective mode of saying things, and hence its importance."

Matthew Arnold

 দাদাৰ কবিতাৰ মূল্যাংকন কবিতা ভালপােৱা, বুজি পােৱা সুধীসকললৈ এৰিলাে।

 কিতাপ আকাৰে প্ৰকাশ কৰােতে সহায়-সহযােগ আগবঢ়োৱা শৰাইঘাট ফটো টাইপছ প্রাইভেট লিমিটেডৰ সঞ্চালক, কলা-কুশলী আৰু সকলাে কর্মীলৈ ধন্যবাদ যাচিলাে।

 

—ড° হেমন্ত কুমাৰ শৰ্মা

[ পাতনি ]
 

কবিৰ দুআষাৰ

 

 কিমাশ্চর্য্যম ! হয়, ঠিক সেইটোৱেই।

 সপােনতাে কেতিয়াও ভবা নাছিলাে মই কবিতা লিখিম আৰু সেই কবিতাবােৰ থুপ খুৱাই কিতাপ আকাৰে প্ৰকাশ হ'ব। সত্তৰৰ দশকত যেতিয়া মই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ ছাত্ৰ আছিলাে সেই সময়ত মােৰ মাতৃদেৱী শ্ৰীযুতা হিৰন্ময়ী দেৱীৰ কলম পুৰাদমে চলিছিল। মাজে মাজে দুই-এটা কবিতা কাগজ-আলােচনীতে প্রকাশ হৈছিল। তাকে পঢ়ি দুই- এজন কবিতাপ্রেমী সহপাঠীয়ে কৈছিল, 'মাৰে ইমান সুন্দৰ লিখে, তইনাে নিলিখ কিয়?' মনতে ভাবিছিলাে, মইহে জানাে মই কিমান পানীৰ মাছ। উত্তৰ দিছিলাে, ‘মােৰ বুকুত কুঠাৰ মাৰিলেও কিজানি কবিতা নােলাব, লিখাটো দূৰৈত।' হেঁপাহাে বৰ এটা নাছিলে। মায়ে লিখা আটাইবােৰ কবিতা পঢ়িছাে বুলিও মই নদি ক'ব নােৱাৰো।

 চাকৰি জীৱনৰ শেষৰ ফালে কিবা যেন এটা অঘটন ঘটিল। মনলৈ অহা ভাববােৰ গদ্যত নিলিখি পদ্যত লিখিবলৈ আৰম্ভ কৰিলাে। শ্রীমতী আৰু দুহিতা প্রথম পাঠিকা আৰু প্রশংসক। মনত এটা সংশয় ভাব। এটা-দুটা মাক দেখুৱালাে। ক’লে, ‘ভাল হৈছে লিখি থাক।' অনবদ্য সাহস পালাে। অনাদৰৰ ভয়ে জুৰুলা নকৰা প্ৰকাশৰ মাধ্যম হিচাপে ‘ফেচবুক’ পালাে৷ এইখিনিতে ভ্রাতৃসম সুহৃদ ডাঃ পংকজ লােচন শৰ্মাৰ নাম ল'ব লাগিব। মােৰ কবিতা পঢ়ি সুদূৰ কলকতাৰপৰা কবিতা সম্পর্কীয় কিতাপ এখন আহৰণ কৰি মােক উপহাৰ দিছিল যিখনে মােৰ লিখনিত প্রভুত অৰিহণা যােগাইছিল। অৱশেষত অঁকৰা জেদ কৰি কিতাপ আকাৰে প্রকাশ কৰিবলৈ কনিষ্ঠ ভ্রাতৃক পালাে। এই সকলােবােৰৰ ফলশ্রুতিতেই জন্ম এই কিতাপৰ।

 আশা কৰিছাে পঢ়ুৱৈয়ে মােৰ কবিতাক প্রতিষ্ঠিত কবিৰ মানেৰে নুজুখি এজন অপৰিপক্ক কবিৰ সামান্য প্রয়াস বুলি পঢ়িব। বৃত্তিগত কাৰণত [ পাতনি ] বহুদিন অসমীয়া লিখাৰ পৰা বিৰত থকাৰ বাবে বানান ত্ৰুটি হোৱাটো। স্বাভাৱিক। তাৰ বাবে ক্ষমা বিচাৰিছো।

 মোৰ এই উৎকৰ্ষক গুৰি ধৰোতা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। কিতাপ আকাৰে প্ৰকাশ কৰোতে সহায়-সহযোগ আগবঢ়োৱা শৰাইঘাট ফটো টাইপছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক, কলা- কুশলী আৰু সকলো কৰ্মীলৈ ধন্যবাদ যাচিলো।

 সদৌ শেষত ইয়াকে কওঁ যে মোৰ মা শ্ৰীযুতা হিৰন্ময়ী দেৱী যাৰ ওচৰত মই জন্মসূত্ৰেৰে ঋণী, এই কিতাপে মোৰ ঋণৰ বোজা আৰু কিছু বঢ়াই দিলে। নতশিৰ হৈ সেয়ে কিতাপখন মাৰ চৰণত আৰু স্বৰ্গীয় পিতৃ ৰতিকান্ত শৰ্মাৰ মধুৰ স্মৃতিত উছৰ্গা কৰিলো।

ডাঃ ৰাজীৱ কুমাৰ শৰ্মা

[ সূচীপত্ৰ ]

সূচীপত্ৰ
 
কবিতাৰ অ আ ক খ     মৰহা অতীত   ২৬
মিনতি     প্ৰয়োজন   ২৭
অভিন্ন     আমন্ত্ৰণ   ২৮
প্ৰেমিক     বীৰাঙ্গনা   ২৯
জমনি     অসীম অনন্ত   ৩০
সাগৰ মন্থন     ৰাজস্থানৰ সাধু   ৩১
মিলনতীৰ্থঃ অসম     শৃগাল মন্ত্ৰ   ৩২
 মেডিকেল কলেজ     অবাক সত্য   ৩৩
বন্ধু বিদায়     মৃত্যু বন্দনা   ২৪
বিপ্লৱ     প্ৰভাতী পখিৰ গান   ৩৫
মনমৃগ   ১০   পুষ্পসুন্দৰী   ৩৬
যুগজয়ী   ১১   ভেড়াৰখীয়া   ৩৮
যথাৰ্থ   ১২   উঠা নেপাল, উঠা   ৩৯
আকৃষ্ট   ১৩   গৃহিণী   ৪০
অব্যক্ত   ১৪   ঈশ্বৰ নিমাত কিয়   ৪১
মহামাৰী   ১৫   বিচ্ছেদ   ৪২
অহমিকা বনাম স্বাভিমান   ১৬   বিয়লিৰ ক্ষণ   ৫৩
বিবুদ্ধিৰ ক্ষণ   ১৭   মনালিচা   ৪৪
জীৱন ডিঙা   ১৮   মতিভ্ৰম   ৪৫
প্ৰস্ফুটিত প্ৰশান্তি   ১৯   এথোপা লিমাৰিক   ৪৬
বিদায় ক্ষণ   ২০   মই ফুটবলৈ কৈছো   ৪৮
অসাধাৰণ   ২১   জীৱন, তুমি অনন্য   ৪৯
স্বাধীনতা দিৱস   ২২   সকীয়নি   ৫০
প্ৰলাপ   ২৩   কবি বন্ধুৰ প্ৰতি   ৫১
শেষ নিশ্বাস   ২৪   সেউজবুলীয়া আশা   ৫২
নীলিম নিলয়   ২৫   চাৰ্কাছ   ৫৩
[ সূচীপত্ৰ ]
নমামি ব্ৰহ্মপুত্ৰ   ৫৪   বিদায় বেলা   ৮২
পেছোৱাৰ   ৫৫   অপ্ৰশস্ত   ৮৩
মৌপিয়া   ৫৬   বান্ধোন   ৮৪
আশঙ্কা   ৫৬   প্ৰেৰণা সুন্দৰী   ৮৫
কলিৰ মহাভাৰত   ৫৭   বিষাদ ৰস   ৮৬
মহাত্মা   ৫৮   শেষ চিঠি   ৮৭
সপোন বিলাস   ৫৯   তেজৰ ঈদ, তেজৰ হোলী   ৮৮
পৰিত্যক্ত   ৫৯   সিদ্ধান্ত   ৮৯
নৱকলেবৰ   ৬০   প্ৰত্যাবৰ্তন, এক দ্বিবাস্বপ্ন   ৯০
দৃষ্টি   ৬১   সোণালী সজা   ৯১
দুৰ্বোধ্য   ৬২   মোৰ জীৱন, মোৰ প্ৰেম   ৯২
উপদেশ   ৬৩   ক্ষণভঙ্গুৰ   ৯৩
ৰুদ্ধশ্বাস   ৬৪   সৰাফুল   ৯৪
সাৱধান   ৬৫   শিহৰণ   ৯৫
নিৰ্বাসন   ৬৬   কল্পতৰু   ৯৬
আশাৰ গীত   ৬৭   প্ৰত্যাৱৰ্তন, এটা সাঁথৰ   ৯৭
পৰিতৃপ্তি   ৬৮   ৰণাঙ্গন   ৯৮
পুষ্পাঞ্জলি   ৬৯   ধনগুলৈ   ৯৯
সপোন শেৱালি   ৭০   অভিমান   ১০০
নিৰ্বান   ৭১   আগৰতলা   ১০১
সঞ্জীৱনী   ৭২   সাঁথৰ   ১০২
বিভ্ৰান্ত   ৭৩   স্তব্ধ প্ৰহৰ   ১০৩
চিনাকী-অচিনাকি   ৭৪   অবাঞ্চিত বিজয়া   ১০৪
দিব্যজ্যোতি   ৭৫   বিহঙ্গম দৃষ্টি   ১০৫
অপৰাজিতা   ৭৬   দীপাৱলী   ১০৬
অন্তৰঙ্গ   ৭৭   সন্মোহিনী   ১০৭
একলব্য   ৭৮   জীৱন সঙ্গী   ১০৮
প্ৰাৰ্থনা   ৭৯   দুৰ্গতিনাশিনী   ১০৯
জীৱন মাধুৰী   ৮০   বন্দো কি ছন্দেৰে   ১১০
কিয়   ৮১   দুৰ্বোধ্য   ১১১
[ সূচীপত্ৰ ]

সূৰ্য নমস্কাৰ
নাৰী মহিমাময়ী
বালিঘৰ
বৰবিহ
ক্ষোভ
সংক্ৰান্তি
‘কালীমা’ৰ কালিমা
দিগভ্ৰান্ত
ডাকোৱাল বিলাস
এৰাবাটৰ সুৰ
দম্ভ
অস্তগামী
অনন্ত যাত্ৰা
স্বস্তি
ভোগালীৰ দুৰ্ভোগ
প্ৰতীক্ষা
ধৰ্ষিতা
জৰাসন্ধ
উপলব্ধি
মৰুতৃষ্ণা
জীৱন ডিঙা
সপোন সৰগ
FIFA
Multicoloured

 

১১২
১১৩
১১৪
১১৫
১১৬
১১৭
১১৮
১১৯
১২০
১২১
১২২
১২৩
১২৪
১২৫
১২৬
১২৭
১২৮
১২৯
১৩০
১৩১
১৩২
১৩৩
১৩৪
১৩৫

 


Down to earth
Solid Gold
Degradation
Mourning
Grievance
Destiny
Defeat
Son
I am a bomb
Surreal
Devil's Kiss
A Wish
অনুদিত কবিতাসমূহ
নিসঙ্গ
ভোগদৈৰ চহা
যমজ
বন্দী পখীৰ গান
নাৰী কিমাশ্চৰ্য্যম্‌
এনাবেল লী
যাযাবৰ
এটি অনুভূতি
জীৱন মাধুৰী
সন্ধ্যাতৰা
I am a Woman
Gourd Vs Leaves


১৩৬
১৩৭
১৩৮
১৩৯
১৪০
১৪০
১৪১
১৪২
১৪৩
১৪৪
১৪৫
১৪৫

১৪৭
১৪৮
১৫০
১৫২
১৫৪
১৫৬
১৫৮
১৫৯
১৬০
১৬১
১৬২
১৬৪

[  ]
 

কবিতাৰ অ আ ক খ

কবিতানো কি, আছেনে সংজ্ঞা বাৰু
মন মিঠা কৰা এক বুন্দিয়াৰ লাৰু
নে শৰীৰ জোকাৰি যোৱা মৃদু শিহৰণ
বা ওঁঠত বোলাই দিয়া মৌৰস অকণ?

ইযে স্ৰষ্টা এজনৰ নিজা সংলাপ
নুবুজা জনৰ বাবে পাগল প্ৰলাপ
সৃষ্টিৰ যদিওবা আছে নিয়ম নীতি
ব্যতিক্ৰমি অভিলাষ মানৱ মনৰ প্ৰীতি।

বিশাল বিশ্বৰ বহুদূৰ প্ৰান্তত
বেশভূষা যিদৰে হয় অমিল নিশ্চিত
ভাৱৰ প্ৰকাশ প্ৰতিবিম্ব কিদৰে হয়
শিল্পৰ প্ৰাচুৰ্য্যও তাত থমকি ৰয়।

কবিতাৰ সংজ্ঞা আছে কবিৰ হাতত
আছে কুলিটিৰ সুৱদি কুকু মাতত
কেতেকীৰ মাজনিশাৰ হিয়াভগা কান্দোনত
লিখা মাথো, নেথাকি সংজ্ঞাৰ বান্ধোনত॥

[  ]
 

মিনতি

কোন তুমি অশৰীৰি   আগে পিছে ঘূৰি ঘূৰি
উন্মনা কৰিলা মোক খেলি খেলি হৰ-লুকি
এবাৰ দিবানে দেখা  কমাই হৃদয় বেথা
 যতমানে সাঁচি থোৱা আছে অতীতৰ।
ক্ষণে ক্ষণে দিয়া আহি  পৰশ হাতৰ লাহী
এচুকত মনটোৰ শুনো যে বাঁহীৰ সুৰ
ইফালে সিফালে চাওঁ কিজানিবা দেখা পাওঁ
 এচমকা মৰিচিকা এই মৰতৰ।
ৰুণঝুণ নুপূৰৰ সুৱদী শব্দ লহৰ
নিজম নিতাল বেলা  অতৰ্কিতে কৰে খেলা
চাবলে হেঁপাহ জাগে  মুখনি তোমাৰ লাগে
 পূৰ্ণিমাৰ জোনটিহে যেন শৰতৰ।
উজাগৰী কত ৰাতি কটালো তোমাকে মাতি
দুৰু দুৰু কৰে মন  কেতিয়া মিলিব ক্ষণ
সপোনৰ ৰাণীজনী  গোপনে আহিবা তুমি
 খেলিবলে মোৰ সতে এপৰ দুপৰ।
নেজানো মই কি কম মনত বহুতো ভ্ৰম।
দিবা তুমি শুধৰাই মনাকাশ পোহৰাই
মিচিকিয়া হাঁহিটিৰে থাকি আঁতৰে আঁতৰে
 জাগৃত কৰিবলে চেতনা ইন্দ্ৰিয়ৰ।
নেদেখিলো অতদিনে নোৱাৰো থাকিব বিনে
সান্নিধ্য তোমাৰ দিয়া ওপচাই মোৰ হিয়া
কবিতা যদিহে নাম ৰাখিম তোমাৰ মান
 লিখি যাম নকৰাকৈ ত্ৰুটি যতনৰ॥

[  ]
 

অভিন্ন

শেৱালি ফুলে ফুলাৰ মন্ত্ৰ
 অহোৰাত্ৰি যিদৰে পঢ়ে
ৰজনীগন্ধাৰ মিঠা আবেশত
 মনৰ পখিলা যিদৰে উৰে
শীতৰ পুৱা কুঁৱলী চাদৰে
 দেহ যিদৰে আবৰি ধৰে
পুৱাৰ বেলিৰ সোণালী ৰঙে
 মন পুলকিত যিদৰে কৰে
অপত্য স্নেহত মাতৃ হৃদয়
 মাখন সদৃশ যিদৰে গলে
কহুঁৱা কোমল প্ৰেম পৰশত
 বুকুত লহৰে যিদৰে খেলে
অশান্ত মোৰ মন ভোমোৰা
 কবিতা কানন চলাথ কৰে
অনন্য সেই ফুল পাৰিজাত
 বহি লৈ তাতে মৌ পান কৰে। ❖

[  ]
 

প্ৰেমিক

এয়া কি মই প্ৰেমত পৰিলো।
প্ৰেম তাৰ মানে এনেদৰেই হয়?
বৈ পৰা ঘন ক’লা চুলিকোছাত
গুজি লৈ এপাহ সুগন্ধি কুসুম
কাজলৰ ৰেখা টানি লৈ সাৱধানে
হাঁহো হাঁহো কৰা উজ্জ্বল দুচকুত
কাণত ওলমি পৰা তিৰবিৰ তৰা
ডিঙিত অৰ্ধচন্দ্ৰ মন আলোকিত কৰা
দুহাতত গামখাৰু ভৰিত নুপূৰ
পাৰ হ’লা সমুখেৰে লাৱনী খোজেৰে
প্ৰতিটো অঙ্গ যেন ছন্দেৰে ভৰা।
দেখাটো নাছিলো কোনোদিনে মই
সপোনৰো অগোচৰ দৃশ্য এনেহেন
বুজাও নাছিলো কোনোদিনে মই
সৰগৰ অপ্সৰা পাম তোমাতেই যেন।
আজি বুজিছো ভালদৰে মই
ভাল পাওঁ তোমাক, প্ৰেমিক মই
জ্বলালা প্ৰাণত মোৰ প্ৰেমৰ শলিতা
তুমি মোৰ, মোৰেই প্ৰাণৰ কবিতা॥ ❖

[  ]
 

জমনি

এজন বন্ধুৱে ক'লে মোক
আপুনি ইমান ‘জমাই’ থাকে
বুজিলো বখানিছে মোক
সানি অচিনাকি ভাষা কিছু
চিনাকি আখৰৰ ফাঁকে ফাঁকে।
ক’লো এয়া মোৰ জীৱন দৰ্শন
কাতৰ হৈ ক'লে— মোকো দিয়া
তেনে কিছু আশিস বৰ্ষণ
নিশ্চিত হোৱা বন্ধু নিবিচাৰো দাম
যত আছে ‘জমনি’ বিলায়েই যাম।
পৃথিৱীখনেই যদি ঘৰ এখন
একেলগে সকলোৱে উঠাবহা কৰো
দেখি এজনৰ প্ৰয়াস চকুলো ঢকাৰ
আনজনে সঁচাকৈয়ে পাৰে জানো
লবলৈ ভাওঁ দেশিও নেদেখাৰ।
নহয়নে জীৱনটো এটা দুদিনৰ সাধু
জন্ম আৰু মৃত্যু নামৰ সত্যৰে বন্ধা
আছে আৰু এক সত্য মাজতে লুকাই
নিজে হাঁহি, অইনকো হঁহুৱাব পৰাজনে
সঁচা অৰ্থত থাকে জীনটো জীয়াই।
বাদ দিয়া এই ‘নাই নাই’ বোৰ
যিখিনি পালা তাক ব্যৱহাৰ কৰা
ৰাহি হোৱাখিনি যদি বিলাই দিয়া
নকৰি চিন্তা কোনো আগৰ পিছৰ
সৌষ্ঠৱ বাঢ়িব এই পৃথিৱীৰ
লগতে ধুৰূপ, তোমাৰো নিজৰ॥ ❖

[  ]
 

সাগৰ মন্থন

এটোপাল, দুটোপাল আৰু
বহুত পানীৰ টোপাল
ধৰাতল বাগৰি
বৈ যায় অন্তহীন সাগৰলে বুলি
এটি ক্ষণ, দুটি ক্ষণ আৰু
বহুতো পাখিলগা ক্ষণ
সময়বোৰ বাগৰি
সজায় জীৱন, মছি অতীতৰ ধূলি।

সাগৰৰ পানী কাহানিও নুশুকায়
গৰ্ভতে আছে যতমানে
মণি-মাণিক লুকাই
মাছুৱৈয়ে মাছ ধৰে চেগ বুজি চাই
জীৱনৰ ৰসবোৰো কেতিয়াও নুশুকায়
বিচাৰিব জানিলে
মাণিকৰ শেষ নাই।
সঠিক ক্ষণ চাই লোৱা থপিয়াই।

আছে যদি মুঠিমানো তোমাৰ লগত
সেয়াই যোগাব সাহস
দেখুৱাব ধ্ৰুৱতৰাৰ দিশ
জীৱন নামৰ এই মহাসাগৰত
চকুলোৱে বঢ়াব মাথো সাগৰৰ পানী
আহিব ছুনামী
চৌদিশে হিলদল ভাঙি
সময় থাকোতেই গোটোৱা মাণিক আঁতৰাই গ্লানি॥ ❖

[  ]
 

মিলনতীৰ্থ ⵓ অসম মেডিকেল কলেজ

এটা বন্দৰ, আনিন্দ্যসুন্দৰ
য'ত সমাগম হয় অলেখ তৰীৰ
মনোমোহা পৰিবেশ তাৰ
মিলনৰ তীৰ্থভূমি যেন
বিভেদ, প্ৰভেদে মানি লয় হাৰ।

আনে কঢ়িয়াই বিভিন্ন বোজা
আদান প্ৰদান হয় অজানিতে
অযাচিত জ্ঞানৰ, প্ৰেমৰ আৰু
যতমানে কলা কৌশলৰ
একগোট সকলোটি হয় নিমিষতে।

ৰেহ ৰূপ, অৱয়ব সামান্য বেলেগ হ’লেও
অন্তঃসজ্জা সাধাৰণ, ভুল নহয় ক’লেও
সকলোটি একে ৰঙা ৰঙেৰে বোলোৱা
বাহিৰৰ প্ৰভেদবোৰ ধৰিব নোৱাৰা
একেটি ধাৰা যেন সাগৰলে বোৱা।

আজি মনত পৰিছে সেই তীৰ্থভূমিলৈ
আকৌ এবাৰ যাম, নয়ন ভৰি চাম
পাহৰা দিনবোৰ সজীৱ কৰিম
চাহগছৰ আঁৰ লৈ মৃদংগৰ তালে তালে
চিনাকি ছবিখন মনৰ পটতে ধৰিম॥ ❖

[  ]
 

বন্ধু বিদায়

আজি ঢল বাগৰি আহিল
পাৰ ভাঙি সোঁৱৰণীবোৰ
পানীবোৰ বৈ গ’ল সুকলমে
এৰি গ'ল অ'ত ত'ত জাবৰ জোথৰ
দুঃখিত কৰি মনৰ পথাৰখন।
তোমাৰ সেই নিমাখিত হাঁহিটো
পঢ়াৰ প্ৰতি অসীম ধাউতি আৰু
তোমাৰ হাতৰ পৰশত মূৰ্ত হোৱা
মানৱাঙ্গৰ অবিকল ছবিবোৰে
হেঁচা মাৰি ধৰে মোৰ হৃদয়খন।
ছাত্ৰাবাসৰ প্ৰথম সঙ্গী হিচাবে
দি থোৱা তোমাৰ সান্নিধ্যৰ উপহাৰ
ঘনে ঘনে অহা-যোৱা কৰে
বাৰে বাৰে মোৰ চকুৰ আগত
যেন পৰিত্যক্ত, স্মৃতিৰ দোলনা এখন।
আজি পোৱা নাই মই কোনো উত্তৰ
কিদৰে আঁতৰাম এই মনৰ জাবৰ
কিন্তু জনাইছো তোমাক বিদায় প্ৰণাম
শান্তিৰে থাকা য’তেই থাকিবা তুমি
পাৰিলে আহিবা পুনৰ চাই শুভ ক্ষণ॥ ❖

 

(ডিবুৰুৰ ছাত্ৰাবাসৰ প্ৰথম সঙ্গীৰ এজন নৰেন্দ্ৰ গোস্বামীৰ মৃত্যুৰ বাত
মনলৈ অনা ভাবাবেগ থুলমূলকৈ লিখি শ্ৰদ্ধাঞ্জলি হিচাবে আগবঢ়ালে

[  ]
 

বিপ্লৱ

সৌৱা কেউদিশে জ্বলিছে আজি বিপ্লৱৰ জুই
সেই জুইৰ লেলিহান শিখাই সামৰি লৈছে
আৰু জ্বলি নিশ্চিহ্ন হৈছে মানৱতা
অস্ত্ৰধাৰী অসুৰে নাচে তাণ্ডৱ, নাঙঠ হৈ।
শুনিছিলো নাম কিছু সেউজ বিপ্লৱ, শিল্প বিপ্লৱ
আৰু নিচাসক্ত কানিয়াৰ কৰ্মহীনতাৰ বিপৰীতে
মন আপ্লুত কৰা কৰ্ম বিপ্লৱৰ যুগজয়ী গান
নিষ্ঠা, সততা, প্ৰেম, একতাৰ সুমধুৰ ঐক্যতান।
আজিৰ বিপ্লৱ যেন অনন্য, বিভৎস
তেজৰঙা ৰং তাৰ, ক'ব পাৰি তেজেৰেই বিপ্লৱ
অসহায় মানুহৰ ৰেপি ৰেপি ডিঙি কটা আৰু
শাৰী পাতি গুলিওৱা নিলাজ, বৰ্বৰ বিপ্লৱ।
ই নহয় কোনো চিন্তাধাৰা অথবা কৰ্মৰ যুঁজ
ই হেনো যুগান্তকাৰী এক জ্ঞাতি ধৰ্মৰ যুঁজ
ব্যক্তিগত মতভেদৰ নাই কাম নাই দাম
মনুষ্যত্ব আছে যদি কণমানো কৰি দিয়া দান।
নোৱাৰে হ’ব ই কোনো মতাদৰ্শৰ কিম্বা
মানৱতাৰ সপক্ষে কৰা নৈতিক যুঁজ
হ'ব পাৰে মাথো প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কৰা
বহুল বৰ্জিত সেই সামন্তযুগীয়া যুঁজ।
নেজানো কোন দিশে ধাৱমান সংজ্ঞা বিপ্লৱৰ
অস্তিত্ব ক্ষণিকৰ বোধহয় জীৱশ্ৰেষ্ঠ মানৱৰ
অস্ত্ৰ সামৰি ল’লে, ইজনে-সিজনৰ কান্ধত হাত থ’লে
ৰ’ব পাৰে অৱশেষ মানৱ সমাজৰ॥ ❖

[ ১০ ]

মনমৃগ

মানুহৰ এই যে মনটো, অদ্ভুত মনটো
জানে নেকি কোনোবাই ঠিকনাতো তাৰ
মূৰৰ চুলিত নে ভৰিৰ নখত থাকে
নতুবা মস্তিষ্কৰ আউল লগা মকৰা জালত
হ’ব পাৰে কলিজাৰ অন্ধকাৰ কোণত
শুধিবলে মন যায় মাথো এটিবাৰ।
শ্ৰেণী উচ্চ, তাৰ মানো অতি উচ্চ
তাত সন্দেহৰ নাই কোনো অৱকাশ
হয়তোবা সেয়ে আগ পিছ নিচিন্তি
মেৰিয়াই লয় উচ্চ আশাৰ নাগপাশ
এবাৰ বান্ধ খালে পিছে নাই পৰিত্ৰাণ
নিত্য নতুন দেখো বহুত প্ৰমাণ।
তেন্তে কিয় ফুৰে ই আঁতৰি দূৰে দূৰে
কিয়নো নিদিয়ে দেও সৃষ্টিৰ সুৰে সুৰে
ডিঙি মেলি যদি ই দূৰলৈ নেচায়
সমুখত থকাখিনি প্ৰাণভৰি খায়
পাৰে নিৰ্বিঘ্নে পাৰ হ’ব সময়ৰ নৈ
যতমানে আছে দুখ নিলগতে থৈ।
আজি পাইছো বিচাৰি যেন ঠিকনাটি তাৰ
কিন্তু ঘৰৰ অৱিস্থিতি যে সঁচাকে অসাৰ
বান্ধি ল’লে মস্তিষ্কৰ মায়াজালখন
প্ৰেমৰ ডোলেৰে হৃদয়ৰ আগচোতালত
চেঁকুৰিব মন মৃগ আনন্দত বিভোৰ
দল বল সমন্বিতে সজাই ধৰণী মধুৰ॥ ❖

[ ১১ ]
 

যুগজয়ী

(টি.ভি. চিৰিয়েল ‘টম এন্ড জেৰী’ চাই হোৱা অনুভৱ)

এনেনো শুৱনী “জেৰী” মোৰ নিগনি
মই হেন বোন্দাৰে হৰি নিয়ে চিত।
“টম” বুলি মাতিলেই মিঠাকৈ মাতেৰে
শুনো যেন ভূপেনদাৰ মনজুৰোৱা গীত।

অকলশৰীয়া সি জোকাবলৈ মোকহে পায়
দুষ্টালিবোৰৰো যেন কোনো সীমা নাই
জুইকুৰা জ্বলাই সি গাঁতত সোমায়
ৰেহ-ৰূপ চাবলৈ ঘনে ভুমুকিয়ায়।

জোঙাকৈ মুখখন তাৰ চালে চকু ৰোৱা
থিয় ঠৰঙা মোচকেইডালেৰে সি বেপৰোৱা
কণমানি মগজুটো কুবুদ্ধিৰ ভঁৰাল
পৰিলে পাকত তাৰ জানিবা শান্তি হেৰাল।

দৌৰতো নোৱাৰো তাক পেলাবলৈ পিছ
য’ত ত’ত খুন্দিয়াওঁ ধিচ্‌, ধিচ্‌, ধিচ্‌
দেখুৱাই কৰো খং কিন্তু ভিতৰি মৰম
মৰমতে পাহৰি যাওঁ বোন্দাৰ ধৰম।

লিক্‌লিকীয়া নেগুৰদাল খামুচীয়া সজা
খাবলৈনো কিটো আছে চাবলৈহে মজা
ভাবি তাকে সময়ৰ সদ্ব্যহাৰ কৰো
বন্ধুত্বৰ এনাজৰীদাল কটকটীয়া কৰো॥ ❖

[ ১২ ]
 

যথাৰ্থ

ঘোপমৰা এন্ধাৰ কোঠালিত বহি
শুনো মই সুদূৰত দৃশ্যমান
আলোকোজ্জ্বল কোঠাটোৰ পৰা ভাঁহি অহা
ৰুণু ঝুণু নূপুৰৰ সুকোমল ধ্বনি
কঁহুৱাৰ পৰশৰ অনুভৱে যেন
নমায় চকুৰ পতা আপোনা আপুনি।
ছন্দে ছন্দে যেন খহি পৰে জাক পাতি
পপীয়া তৰাবোৰৰ নেজাল প্ৰকাশ
হৈ যায় সকলোটি শূন্যতে বিলীন
কৰি থৈ ফৰকাল মনৰ আকাশ
অনুভৱ কৰো যেন কেউফালে মোৰ
সুগন্ধি মলয়াৰ এক মৃদু প্ৰবাহ।
মন যায় গুচি যাম সেই স্বৰ্গীয় কোঠালৈ
কিন্তু অসহায় মই, নেদেখোযে বাট
পৰি আছে ক’ত কি বাধাৰ হেঙাৰ
নাই কোনো, দেখুৱাব ধৰি মোৰ হাত
মৰততে পাইছছা যি অমৃতৰ ভাগ
স্বৰ্গীয় সুখলৈ মোৰ নাই অনুৰাগ।
কাঁইটীয়া হ’লেও এই ধৰাৰ বুকুত
লভিলো জনম মই মাটিৰ মানুহ
যাম এৰি থৈ সকলো পাৰ্থিৱ সুখ
মন নাই নিবলৈ লগত নোপোৱাৰ দুখ
দুদিনৰ বাবে কিয় বাৰু কৰো হাঁহাকাৰ
সেয়ে তন্ময় হৈ শুনো সুৰৰ ঝংকাৰ॥ ❖

[ ১৩ ]
 

আকৃষ্ট

ক'ৰ পৰা আহিলি তই
কণমানি পখিটি মোৰ সমুখত
অবুজ ভাষাটি কৈ
ঘনে ঘনে জঁপিয়াই
আনিছ বতৰা কাৰ
মোক দিবলৈ?

কোনেনো সানিলে বহুৰঙী ফাঁকু
তোৰ কঁহুৱা কোমল পাখিৰে
সেই ডেউকা দুখনত
নহ'বি অস্থিৰ তই
নকৰো অনিষ্ট মই
ক'ব লগা যি আছে কৈ যা তই।

পিছে কথা এটা আগধৰি ক
ফিঁচাখন কিয়নো বাৰে বাৰে তোৰ
সঘনাই উঠা নমা কৰে
মনৰ হৰিষত নে ব্যথাৰ ভৰত
জানিবলৈ মনটোৱে মোৰ
বৰকৈ উচ্পি‌চ্‌ কৰে।

আছেনে বাৰু তোৰ স্থায়ী ঠিকনা
মন গ'লে পাবলৈ লগ
কোনোবা এদিন, আহিম মই
পাতিবলে আছে বহু কথা
নিৰলে, সুখৰ দুখৰ
কিজানিবা কমে কিছু অন্তৰৰ ব্যথা।

যদি হৈ থাকে বাৰ্তালাপ
দুয়োৰে সময়ে সময়ে
কিজানিবা বুজি পাম এদিন
ভাষা দুয়োৰে, দুয়োজনে
উৰি গুচি যাম দুয়ো দূৰ দেশলৈ
মনে যত প্ৰভেদ নামানে॥

[ ১৪ ]
 

অব্যক্ত

অসমী আই মোৰ নুশুধিবা মোক
তোমাক কিমান ভাল পাওঁ বুলি
নোৱাৰোযে দিব মই সবিশেষ উত্তৰ
অথবা দেখুৱাব মনৰ দুৱাৰ খুলি।

ক’ব পাৰো ভাল পাওঁ হিয়াখন উজাৰি
আৰু আমৰণ নিছিঙে এই এনাজৰী
কৰে যদি কোনোবাই চেষ্টা লাঞ্চনাৰ
সন্মুখীন হ’ব সি তীব্ৰ যাতনাৰ।

নোৱাৰো সহিব মই কিঞ্চিতো দুখ তোমাৰ
হয় যদি মলিয়ন তোমাৰ আঁচল
অব্যক্ত বেদনাত সেমেকা দুচকু তোমাৰ
অস্থিৰ স্থিতিত তুমি নাজল-নাথল।

ভাল পাওঁ পুৱাৰ বেলিটিৰে কঁপাল শুৱাই
মুগা-পাটৰ সাজেৰে নিজকে সজাই।
জেতুকাৰ বোল সানিলৈ দুহাতত
খোজ দিয়া ধাননীৰ ঠেক আলিবাটত।
আজি অতিকে ভাৰাক্ৰান্ত মন মোৰ
নেদেখি তোমাৰ সেই চঞ্চলা ৰূপ
অজিনপাটকী সৱে সুদূৰত বহি লৈ
মোলৈকে চাই যেন কৰে বিদ্ৰুপ।

মাতৃৰ মান নাই, ভাষাৰ জ্ঞান নাই
পৰিচয় দিয়ে নিজে অসমীয়া বুলি
অসমীৰ সন্তান সৱে একেজোঁট হোৱা
ধৰি আনি বহুৱাও সিহঁতক নচচা শূলত তুলি॥ ❖

[ ১৫ ]
 

মহামাৰী

(এক বলাৎকাৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া)

প্ৰশান্ত মনত মোৰ
আজি অশান্ত ভাববোৰ
যেন গৰাখহনীয়া লুইতৰ
সমুখত বিপদ দুৰ্ঘোৰ।

সময়ৰ কোবাল সোঁতে
সামৰি উতুৱাই নিলে
যতমানে মনুষ্যৰ গুণ
সৃষ্টিয়ে আদিতেই দিলে।

দুবাহুৰ অসীম শকতি লৈ
হৈছিলা নাৰীৰ ৰক্ষক
আজি উতলিল বীৰ্য্য তোমাৰ
হ’লা এক দুৰ্বাৰ ভক্ষক।

পাহৰিলা সমাজৰ আচাৰ
নকৰিলা বয়সৰো বিচাৰ
বিচাৰিলা মাথো ক্ষণিকৰ সুখ
ক’লা কৰি ভাতৃৰ চেনেহৰ মুখ।

আফ্ৰিকাৰ ‘ইবোলা’ যেন অন্য ৰূপত
বিয়পিছে ভাৰত দেশত
নহ’লে সংযত, নল’লে বিধান
মষিমূৰ কৰিব কলিৰ বেশত॥ ❖

[ ১৬ ]
 

অহমিকা বনাম স্বাভিমান

এজনে সুধিলে আজি এটা জটিল প্ৰশ্ন
কওকচোন পাৰে জানো আজিৰ দিনত
অহমিকা নোহোৱাকে থাকিব জীয়াই
অহঙ্কাৰীসকলৰ দপদপনিত নহ’ব জানো
স্বাভিমানী সাধুজনৰ অযথা বিলাই?

হায়! বিপদ! পাৰিমনে বুজাবলৈ?
খুলি ল’লো মোৰ জ্ঞানৰ পেৰাটো
যত আছে সাঁচি থোৱা বাচকবনীয়া
সামগ্ৰী পুৰণি ভিন্ ভিন্ প্ৰকাৰৰ
দিবলৈ উত্তৰ এটি সৰল, ধুনীয়া।

হাতত উঠিল এটা বেলুন, এটা টেনিছর বল
ক’লো ফুলোৱা বেলুনটো, কোৱামতে হ’ল
সুধিলো পাৰিবানো ফুলাব টেনিছৰ বলটো
আছে যতমানে জোৰ উশাহত তোমাৰ
যদি নোৱাৰা, তাতেই পাবা বিচৰা উত্তৰটো।

অহমিকাৰ বেলুনটো ফুলালেই ফুলি যায়
বাহিৰৰ আৱৰণ তেনেই পাতল, সহিষ্ণুতাহীন
শূন্যতে উৰি ফুৰা ক্ষণস্থায়ী প্ৰকৃতি তাৰ
নোৱাৰে সাধিব ই কাৰো উপকাৰ
ক্ষণিকৰ বিজুটিত ফুটি হ’ব যে অসাৰ।

স্বাভিমান নামৰ বলটো যদিও কঠিন কিছু
সহনশীলতাৰ উদাহৰণীয়, আদৰণীয়

[ ১৭ ]

নিজে শিকে আনকো শিকায় ফূৰ্তিতে জঁপিয়াই
নেজানো বুলি ক'বলৈও কোনো লাজ নাই
নিজৰ লগতে আনৰ সত্ত্বাকো সম্মান জনায়।
সেয়ে ভাবি গুণি লোৱা তুমি বাচি
নেলাগে কৰিব চিন্তা অহঙ্কাৰীবোৰৰ
নিজে যাব জঁ‌হি খঁ‌হি হ’ব যে নিৰ্ঘাট পতন
নেজানো সঠিক কি বুজি পালে তেওঁ
নে অথলে গ'ল মোৰ ইমান যতন।❖


বিবুদ্ধিৰ ক্ষণ

অলস গধুৰ মোৰ চকুৰ পটা
শুনিছো আলস্যৰ হাত ভৰি কটা
উস ভাবনাও নাই একো এটা
স্বস্তি ঝিন ঝিন কৰে ভৰি দুটা।
নিস্পৃহ মনটোত আকাঙ্খ্যা শেতেলী
অন্যথা গৰম এটি চাহৰ কেট্‌লী
হেৰোৱা উদ্যম কিছু ল’বলৈ বুটলি
খুলিবলৈ মনৰ প্ৰতিটো কোঠালি।
খিঙখিঙীয়া মনৰ ভৰষা নাই
ৰুদ্ৰৰূপে আদৰিব যাকে য’ত পায়
অনুমানে হাত ভৰি পেটতে লুকায়
সমিধান কিবা এটা আছো যুগুতাই। ❖

[ ১৮ ]
 

জীৱন ডিঙা

পুৱাতে ওলাইছিলো সঁ‌জুলিবোৰ লৈ
ফিন্দ খোৱা বুকুখন আশাৰে ভৰাই
শকতি থাকে মানে জাল মাৰি যাম
মাছ-পুঠি তেতিয়াহে বেছিকৈ পাম
দুসাঁ‌জৰ জোখাৰে ঘৰত থৈ
বাকীখিনি লৈ বজাৰলৈ যাম
দাম পালে হ’ব কিছু ভাল কাম
সেইজনীলৈ আনিম কাণৰ এযোৰ
আৰু পোনাটিলৈ দুটামান কাজুবাদাম।

বান্ধি থোৱা নাওখনি মোকলাই লৈ
তৰি দিলো পাল, এৰি দিলো মহাসাগৰত
মনৰ আনন্দতে ভাটিয়ালি গাই
ঢৌবোৰে নিচুকায়, ফুচুলায়, বাট দেখুৱায়
তৃপ্তিৰে নাওখনি আগুৱাই যায়
ধৰা দিয়ে মাজে মাজে মাছ এটি দুটি
এনেতে বেলিটিয়ে হাঁহি মাৰি ক’লে
সময় থাকোতেই তুমি যোৱা উলটি।

ঘূৰাই ল'লো মই নাৱৰ গুৰি
বৰ বৰ টৌবোৰে আহি ধৰিছে আগুৰি
যেনে তেনে পাৰ পালো, নাওখন বান্ধিলো
খালৈটোলৈ চাই কিছু হতাশ হ’লো
ভাবি গুণি থাকোতেই ঢৌবোৰ আহি
খুন্দিয়াই থৈ গ'ল ভৰি দুখনত
তলুৱাৰ বালিবোৰ আঁতৰি যোৱাতহে
চেতনা জাগিল মোৰ হঠাতে মনত।

[ ১৯ ]

ক’লে গৈ থাকা আগুৱাই, থমকি নৰৈ
সাগৰৰ ছুনামীৰ কোনো সীমা নাই
সোনকালে যোৱাগৈ পোহৰকণ থাকোতেই
পোনাটিৰে সতে মনৰ মানুহজনী
আছে চাগে ডিঙি মেলি বাটলৈ চাই॥ ❖


প্ৰস্ফূটিত প্ৰশান্তি

এপাহ ধুনীয়া ফুল হালিছে জালিছে
ভঁৰাল উদং কৰি সুৰভি সিঁচিছে
ভোমোৰাৰ গুণ গুণ গানৰ তালত
পখিলাটিৰ প্ৰাণোচ্ছল চুমা পৰশত
মৌমাখিটোক বুকুৰ মৌ উজাৰি দিছে।

হেৰুৱালে নেকি কিবা ফুলপাহে বাৰু
সৌন্দৰ্য্য গৰিমা কিম্বা এপলক জীৱনৰ
হৈ ৰ’ব চানেকি চিৰকাল সুন্দৰৰ, প্ৰেমৰ
আয়ুকাল শেষ হ’লে সমৰ্পিত জীৱনৰ
নিঃশব্দে আঁতৰি যাব লৈ এবোজা সুখৰ।

ফুলপাহে কি কয় শুনোছোন বাৰু
বাহ্যিক ৰংটোৱে যদিওবা কৰে আকৰ্ষণ
প্ৰাণৰ সুৰভি, মৌমাতষাৰে হৰে চিত্ মন
“যিমানে বিলাই দিবা সিমানে মহান হ’বা”
সুখকণ গোটাবলৈ নেলাগেযে ধন॥ ❖

[ ২০ ]

বিদায় ক্ষণ

(এটা দাঁত সৰোৱাৰ প্ৰতিক্ৰিয়া)

হে বন্ধু বিদায়, আজি চিৰ বিদায়
যোৱা ষাঠিটা বছৰ দিলা তুমি লগ
পিতৃ নে মাতৃ, ভগ্নী নে ভাতৃ নে পত্নী
কৰিলা আপোন মোক সবাকে চেৰায়।

লৈছিলা যতন মোৰ সহি দিনে ৰাতি ক্লেশ
যাচিলা আনন্দ ভোগৰ লৈ দধিচীৰ বেশ
দেখুৱালা শক্তি তুমি থাকোতে সময়
শতৰু হৈছিল দূৰ কৰি তোমালৈ ভয়।

পুৱাতে চিকুণ হৈ শুধ বগা সাজত
লুকুৱাই নিজকে মিচিকিয়া হাঁহিৰ মাজত
দিছিলা প্ৰতিষ্ঠা তুমি সমাজত মোক
আজি প্ৰতিদান দিবলৈ আছে মাথো বুকুভৰা শোক।

জানো কি হ’ল, তোমাৰ হ’ল অভিমান
যাতনা দিলা কিছু সময়ে সময়ে
ভাবিছিলো সঙ্গ সুখ এই চিৰদিন পাম
কিন্তু দাতাই দিলেও যে বিধাতাই নিদিয়ে।

আজি নিৰ্জীৱ দেহাটি তোমাৰ পৰি আছে একাষত
জানো, এই ক্ষতি মোৰ নহ’ব পূৰণ
সেয়ে, এসাঁজ লঘোন দি নিৰ্বাক হৈ মাথো
অতীতৰ সঙ্গ সুখ কৰিছো দুখেৰে স্মৰণ॥ ❖

[ ২১ ]

অসাধাৰণ

সভাঘৰ শুৱনী কৰি বহিছো
আজি মই শেষবাৰলৈ
সমুখত ফুলদানি সুগন্ধি ফুলৰ
বহিছে সমজুৱা হাঁহিটি ওঁঠত লৈ।

নিৰলস মন মোৰ, যেন গতিহীন
ধাউতি অকণোযে নাই
দৃশ্যপটত ভাঁহে অতীতৰ ছবিবোৰ
মনলৈ বাগৰি পৰে হামখুৰি খাই।

হঠাতে ভাব হ’ল যেন অদৃশ্য হৈ গ'ল
সমুখৰ সকলো শাৰীৰিক অৱয়ব
দেখোঁ শাৰী শাৰী স্পন্দিত কলিজা
কল্পনাতীত এক দৃশ্য অভিনৱ।

অনুভৱ কৰো আৰু কিছু হাঁহাকাৰ
মোৰা যেন নিজৰ বুকুৰ মাজত
কৰিছে প্ৰতিবাদ সজোৰে খুন্দিয়াই
বিচলিত, ক’ব যে নোৱাৰো মুখৰ লাজত।

মন যায় থৈ দিম উলিয়াই মেজত
সকলোৰে সমুখত কলিজাটি মোৰ
পাতিবলে কথা এটি, এটি কলিজাৰ সতে
হ’বলৈ কিছুপৰ আনন্দত বিভোৰ॥

[ ২২ ]
 

স্বাধীনতা দিৱস

(চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ প্ৰতিক্ৰিয়া)

আজি মোৰ গাটো সাতখন আঠখন।
ৰাই জাই কৰি আছেচোন
আহ ঔ ওলাই দিপালী, ৰূপালী, মেঘালী
আৰু আছ কোন কোন
হাত ভৰি নচুৱাই ককালখন ঘূৰাই
মাৰি দিওঁ কেইপাকমান
আছে শকতি দুবাহুত, দুভৰিত এতিয়াও।
দিওঁ তাৰে কিঞ্চিত প্ৰমাণ।

আছিল অতদিনে দুইমোনি শিল এটা
হেঁচা দিয়া ওপৰত মোৰ
হাত ভৰি কোঁচ খোৱা, উশাহো নোপোৱা
ঠেলিলেও নোহোৱা দূৰ
আজি হঠাতে বাগৰিল সেই শিলটো
ফুলি গ'ল হাঁওফাঁও মোৰ
দেহাটি পাতল হ’ল' যেন কমোৱা তুলাহে
উৰিম হৈ আনন্দত বিভোৰ।

ফৰকাল মনৰ আকাশ আজি নাই দ্বিধা ভাব
নাই খং ৰাগ কাৰো প্ৰতি
বিশ্বাসে হৃদয় ভৰা থাকিব অটুট
চিৰদিন এই সুমতি
জাগিছে কল্পনা মনত এক সুস্থ সমাজৰ
পাৰো নেকি হ’বলৈ সহায়ক মই
আকাশ ছালেৰে ঢকা একেখনি ঘৰ
চাবলৈ পৃথিৱীখন সমুখত লৈ॥ *

[ ২৩ ]
 

প্ৰলাপ

(অসম মেডিকেল কলেজৰ মনোৰোগ বিভাগৰ ঘটনা এটাক লৈ)

মনলৈ আহিছে তাহানিৰ এটি দিন সজীৱ হৈ
মানসিক বিভাগৰ ৰোগীৰ শোৱনিকোঠাৰ ছবিখন হৈ
শাৰী পতা বিছনাত বিভিন্ন মুদ্ৰাত বিভিন্নজন
চঞ্চল খোজেৰে বিছনাৰ বাহিৰত সুন্দৰ তাৰেই এজন
উৰণীয়া মন, অধিক উদ্যম, শুবলৈ সময়ৰ কম
নাজানে নিজে তেওঁ ৰোগত আক্ৰান্ত, ‘হাইপ’মেনিয়া’ নাম।

প্ৰথম বিছনাত বহি থকা যেন এচপৰা প্ৰকাণ্ড শিলাখণ্ড
অলৰ অচৰ তেওঁ নিস্পৃহ ভাব, শৰীৰতো নাই কোনো ছন্দ
চাৰে খবৰ ল’লে, “কেনে আছা” বুলি কিন্তু উত্তৰ নাই
মাথো চাই ৰ’ল মুখলৈ তধা লাগি যেন বুজিকে নাপায়
মনটোযে নাই শৰীৰৰ ভিতৰত, ঘূৰিছে বাটত যত পৰুৱাই পায়
“স্কিজ’ফ্ৰেনিয়া” লিখা ফলক এখন বুকুতেই লৈ ওলোমাই।

হঠাৎ শুনিলো এটা প্ৰচণ্ড শব্দ যেন গালত এথাপৰ
ঘূৰি চাই দেখো বিছনাত লুটি খোৱা শিলাখণ্ডটো আৰু
কাষতে থিয় হৈ উদ্যত হাতোৰাৰে সেয়া সুন্দৰ কুমাৰ
গৰজিছে, “নেজান সন্মান বৰ লোক, মাত নাই মুখৰ।”
চাৰলৈ চাই, “চাৰ ইয়াক চক দি দিয়ক,” যেন প্ৰফেচাৰ তেওঁ
“হ’ব বাৰু”, চাৰে মিচিকি হাঁহে মোচৰ তলত
নেজানে সুন্দৰে অলপ পিছতে দিব লগা ইচিটি লিষ্টত
তেওঁ এক নম্বৰত॥ ১

[ ২৪ ]
 

শেষ নিশ্বাস

সৌ চোৱা উৰি আছে ত্ৰিৰঙী পতাকা
ঢৌ খেলি নীল আকাশত
স্বাধীনতাৰ মৃদু সুৰ সমলয়
অবিৰাম বাজিছে কাণত।
কোনে কয় উৰিছে পতাকাখন
গতিশীল ধীৰ বতাহত
নাজানে, কঁপিছে পতাকাখন
নিষ্ঠুৰ শতৰুৰ নিৰ্মম আঘাত
বুকুত সাৱতি লোৱা
শত শত বীৰ জোৱানৰ
লহৰ সৃষ্টিকাৰী শেষ নিশ্বাসত
জয় জোৱানৰ জয়।

(গড়ৱাল ৰেজিমেণ্টৰ কেপ্টেইন মনোজ কুমাৰ
পাণ্ডেৰ অজেয় উক্তিৰ কাব্যিক প্ৰকাশৰ সামান্য
প্ৰয়াস।)

[ ২৫ ]
 

নীলিম নিলয়

ইযে মনৰ এটি অচিন খেলা
উৰণীয়া পখিটি থ’বলে সজাত ভৰাই
চাবলে পাখিৰ ৰং কাষৰ পৰাই
নুবুজি পখিৰ ভাষা তাৰ দুখৰ বেলা।

নাই জানো এটি মন তাৰো শৰীৰত
উৰিবলে এখন্তেক মুক্ত আকাশত?
কিয় পাতি দিয়ে তেন্তে অভেদ্য জাল
নিৰীহ প্ৰাণত লগাই যত আহুকাল।

খুলি দিয়া খিৰিকী বন্ধ সজাটিৰ
কণমানি ডেউকা তাৰ নকৰি স্থবিৰ;
কৰা উপভোগ মাথো নিবিৰ ক্ষণত
সাৱলীল, গতিময় ছন্দ নীল আকাশত॥

[ ২৬ ]
 

মৰহা অতীত

ৰাতি এপৰ হ'লেই দেখা দিয়ে
অশৰীৰী অচিনাকি এটি ছায়া
লাগে একেবাৰ কিছু যেন চিনাকি
উৎকণ্ঠিত মনে হাহাকাৰ কৰে
গায় নেকি দেখা প্রতিচ্ছবি তাত
এৰি অহা অতীতৰ, আৰু কিছু মায়া।

এখােজ দুখােজ আগবাঢ়ি যাওঁ
লিৰিকি বিদাৰি কিজানিবা চিনি পাওঁ,
যিমানেই যাওঁ কাষ চাপি মই
সিমানে আঁতৰি যায় চুচুক চামাককৈ
নােখােজে মানিব মােৰ আতুৰ মনে
অতীত থাকিব সদায় অতীতেই হৈ।

এন্ধাৰতে ৰৈ থাকি কৰে নেকি উপহাস
গােটাই লৈ মােৰ গতিহীন ইতিহাস
দুর্বোধ্য ভাষা সেই মিচিকি হাঁহিটিৰ
উচ্চ আকাংক্ষী মনে হাবিয়াস কৰে
শুনিবনে অহৰহ দূৰণিত বাজি থকা
দুপৰ নিশাৰ শব্দ মােহন বাঁহীটিৰ।।

[ ২৭ ]

প্ৰয়োজন

উত্তৰণ হৈছে মানৱ মনৰ
তাত তিলমানো সন্দেহ নাই
পৃথিৱীৰ বুকু এৰি মংগলযানখন
পোহৰৰ গতিবেগে শূন্যলৈ যায়।

ক’তেনো হেৰাল তাহানিৰ দিনবোৰ।
খবৰৰ টোপোলা লৈ ডাকোৱাল যায়।
আজি পৃথিৱীৰ সিমূৰত থাকিলেও
ক্ষণে ক্ষণে প্ৰতিপলে টিপ্পনী পায়।

সঁচাকৈয়ে উত্তৰণ হৈছে নে বাৰু,
কিয় তেনে অৱলা আউলি বাউলি
খুন্দিয়াই ভাঙিছে দুহাতৰ খাৰু,
মাতৃয়ে অকালতে হেৰুৱায় আলাসৰ লাৰু?

কিয় আজি দাম নাই মূল্যবোধৰ
আছে নেকি যুক্তি অযথা ক্ৰোধৰ
বাটে পথে দেখোচোন স্খলনৰ পয়োভৰ
হয় নেকি এয়াই উত্তৰণ মানৱ মনৰ?

ত্ৰিলোক জিনিলে আজি মানৱ মনে
বিজ্ঞান, প্ৰযুক্তিৰে বলীয়ান হৈ
জিনিব নোৱাৰে কিয় নিজৰেই মনটো
সুচিন্তা, সংযমৰ নামাৱলী লৈ?
আশা পালি ৰৈ আছো মই!!

[ ২৮ ]

আমন্ত্ৰণ

আহোঁ আহোঁ কৰে শীত নাহে জানো কিয়
উদগ্ৰীৱ মনটোৱে নসহে অপ্ৰিয়
চাবলে নিয়ঁৰকণা দূবৰি মূৰত
ঠেলা হেঁচা কৰে নিতে পুৱতি পৰত।
শত শত সোণোৱালী সিঁচৰতি থাল
ঘাঁহনীত সিঁচি থোৱা চকুৰ জঞ্জাল
মনোমোহা দৃশ্য সেয়া নোৱাৰি এৰিব
নোচোৱাকে কোনে বাৰু থাকিব পাৰিব?
জোনবাই আকাশত অকলশৰীয়া
লুকাভাকু খেলিবলে মেঘ নাইকিয়া
জিৰ্ জিৰ্ সৰে যেন ৰূপালী জোনাক
তিতিবুৰি কৰি ল’ম শৰীৰটো শাত।
জাপি থোৱা উম দিয়া কঠাখন চাই
শেতেলীয়ে মাতি আছে চকু টিপিয়াই
ৰবাব টেঙাটি চোন তজবজ হ’ল
কুমলীয়া ৰ'দজাকো অথলেই গ’ল।
শেৱালিৰে মালা গাঁথি থৈছো দীঘলীয়া
অনতি পলমে তুমি পদধূলি দিয়া
ভাবি আছো এইবাৰ শেনৰ এজাত
পুৰাদমে ল’ম মই শীত আশীৰ্বাদ॥

[ ২৯ ]

বীৰাঙ্গনা

একুৰিৰ দেওনা চুবলৈকে নোপোৱা
গোলাপৰ পাহি যেন কুমলীয়া দেহা
ফাঁচীত ওলমিল নসৰাই চকুলো
প্ৰতিৰোধ কৰিবলে মঙহৰ বেহা।

কিনো পাপ কৰিলে, অসুৰক বধিলে
মেলোতে হাত কাঁইটে বিন্ধিলে
সৃষ্টিৰ নিয়ম মাথো নিষ্ঠাৰে পালিলে
পুৰষ্কাৰ বুলিবলে অবিচাৰ পালে।

হ’বতো নোৱাৰে ই ঈশ্বৰৰ আদেশ
হয়, য’ত হয় অসুৰৰ সমাবেশ
য’ত হয় বেচা কিনা মনুষ্য সত্ত্বাৰ
প্ৰতিবাদী কণ্ঠত লৈ ফাঁচী উপহাৰ।

নাৰী তুমি যুগে যুগে মহিয়সী তুমি
উদভ্ৰান্ত শাসকক নকৰি কেৰেপ
বলিদান দিলা, তুমি অংগদানো দিলা।
সশ্ৰদ্ধে হেজাৰবাৰ জনাও আদাব॥ ❖

(A tribute to the Iranian Girl
Reyhanesh Jabbari, who was hanged
For killing a man who tried to rape her.)

[ ৩০ ]

অসীম অনন্ত

সৰ্পিল নদীৰ পানী যুৱলীত ৰৈ
ভাবি আছো মই
মূৰটোনো ক'ত আৰু নেগুৰনো ক'ত
উৱাদিহ নাই।
চিৰ প্ৰবাহমান ই বয়, গাই গান
কুলু কুলু সুৰে।
দুখ সুখ দুপাৰৰ অশ্ৰু, নিয়ঁৰ হৈ
ইয়াতে নিগৰে।
যিমানেই নপৰক জাবৰ জোথৰ
ইয়াৰ বুকুত,
ক্ষন্তেকতে দেখা পাওঁ উটি ভাঁহি গ'ল
নপৰে চকুত।
আছে বহু ঘাট, তাৰে এটি পানচৈ ঘাট,
নদীয়ে নিচিনে;
দিনে-ৰাতি আহ যাহ সহস্ৰ জনৰ
নদীকহে চিনে।
সময়ো বৈ থাকে নিৰৱে, আপোন মনে
নদীৰেই দৰে।
কলুষ কালিমা যতমানে অতীতৰ
হৰলুকী কৰে।
চাণক্য, বীৰবল, গান্ধী, পেটেল আৰু
যদু, মধু, হৰি
নিচিনে কাকোৱেই, সোঁতে মাথো লৈ যায়
একাকাৰ কৰি।
ঘাত প্ৰতিঘাত যত জীৱন যুঁজৰ
হৈ পাহৰণি নৈ,
আগুৱায়, মাথো আগুৱাই হেলাৰঙে
অনন্ত ধিয়াই।

[ ৩১ ]

ৰাজস্থানৰ সাধু

মোৰ মনৰ পতাকাখন উৰে আজি
উচ্চ আৰাৱলী শিখৰত
শুকান মৰুৰ ধূলিয়ৰী বতাহৰ
ছবি আঁকি মন গহ্বৰত।
দীঘল ডিঙিয়া উটৰ পিঠিত উঠি
উপভোগ কৰো অতীতক
ৰাজকীয় শেতেলীত বাগৰ সলাই
নিচুকাও ৰুগ্ন হৃদয়ক।
বহুবাৰ হেৰুৱালো বাট পাহাৰত
কিম্বা বিশাল মৰু কক্ষত
প্ৰতিবাৰে পালো কিছু মাণিক ৰতন
সাঁচিবলে উদং বক্ষত।
স্থিতিশীল শৰীৰত যাযাবৰী মন
দীৰ্ঘশ্বাস লয় ঘনে ঘন
অস্বীকাৰ কৰে অসমৰ্থ অৱসাদ
চপায় অমূল্য জ্ঞান-ধন।
ৰাণা প্ৰতাপৰ বীৰ গাথা, ৰূপৱতী
পদ্মিনীৰ বুদ্ধিৰ স্বৰূপ
অত্যাচাৰী খিলিজিৰ বাৰুদৰ সাঁচ
মুদ্ৰাটোৰ দুপিঠিৰ ৰূপ।
ৰাজকীয় সাজ-সজ্জা, আচবাববোৰে
সোণে, ৰূপে চিক্‌মিক কৰে
মন আকাশত যেন হেজাৰ বিজাৰ
তৰাবোৰে তিৰ্‌বিৰ্ কৰে।
সেই পোহৰতে আজি মন জাতিষ্কাৰ
সমুখৰ পথ পোহৰায়
দুভৰিত পাওঁ যেন অসীম শকতি
নিৰাশাও ঠিতাতে হেৰায়।
মোৰ মনৰ পতাকা আজি অতি উচ্চ
উৰে আৰাৱলী শিখৰত॥

[ ৩২ ]

শৃগাল মন্ত্ৰ

ৰাজনীতিৰ বৰ বৃক্ষত আজি
অসম মাতৃ ঠুনুকা ডাল
হৰিণী চকু, ডালিম গুটি দাঁত
চকুৰ কুটা দাঁতৰ শাল।
ডালত বহি কপি সেনাই কৰে
হাই উৰুমি, খেকখেকনি
নীলা শৃগালে মাজে সময়ে আহি
ৰাউচি জুৰে এক ঘেহনী।
নীলা শিয়াল, খৰা শিয়াল আৰু
শিয়াল ৰজা প্ৰতিভাবান
ওকণি চাই দাঁত চেলাই থকা
বানৰে দিয়ে ঐক্যৰ তান।
জিৰণি ল'লে গছৰ ছাঁত কোনো
বাটৰুৱাই অনিচ্ছাকৃত
থাপতে নিয়ে মুখৰ খাদ্য, কৰে
চল-চাতুৰী, অসভ্য নৃত্য।
পশুৰ ৰজা আহিলে সৱে লয়
আশ্ৰয় স্থল কৰি তৎকাল
নিমাও-মাও নাই জঞ্জাল, হ'লে
অভীষ্ট সিদ্ধি সকলো ভাল।
এৰিলে দেশ ৰজাই, পুনঃ লয়
ৰসিক ভাব, মুখত অস্ত্ৰ
কৰোতে নৃত্য সোলকে বস্ত্ৰ, ব্যক্ত
কৰে স্বৰূপ, দি মনোকষ্ট।
বিনাশ কৰা, শৃগাল বংশ আৰু
যিমান আছে উলংগবোৰ
ফুলিব ফুল, ধৰিব ফল, সেই
তৰু তৃণৰ নপৰে ওৰ॥

[ ৩৩ ]

অবাক সত্য

মুখেৰে কথা কয়, হয়নে নহয়?
পিছে কয় জানো সকলোটি সঁচাকৈ?
স্বাৰ্থৰ ভাৱনাত, লোভৰ তাড়নাত
স্বৰূপ সলাই লয় ততাতৈয়াকৈ
দাঁতে দাঁতে খুন্দিয়াই, জিভা কামুৰি
অবুজ কিবা কয় মাথো আধা ফুটাকৈ
হ'লে পৰিৱেশ ত্ৰাসিত নকয় একো
লুকুৱায় ভিতৰতে দিয়ে গিলি থৈ।

চকুৱেও কয় কথা, একেবাৰে সঁচা
দাঁত, জিভাৰ, তালুৰ নালাগে সহায়,
কি আছে ভিতৰত বক্তাজনৰ
অনায়াসে ব্যক্ত কৰে, একো নুলুকায়
পঢ়িবলে জানিলে দুচকুৰ ভাষা
আচহুৱা পৃথিৱীত বাট নেহেৰায়
চকুলোৰ বন্যাত সাঁতুৰিব জানিলে
হৃদয়ৰ আসনত বহিবলে পায়॥

[ ৩৪ ]

মৃত্যু বন্দনা

তুমি কিম্ভুত কিমাকাৰ
কুৰূপ কলিয়া অন্ধকাৰ
বিভীষিকা তুমি নিৰাকাৰ;
তুমি অনাদি, তুমি অনন্ত
বিদায় উৰুলী তুমি সত্য
তুমি সৃষ্টিৰ তাণ্ডৱ নৃত্য
একছত্ৰী ৰাজসীক তুমি
সাম্ৰাজ্য দুগজ মাথো ভূমি
পাৰ্থিৱৰ শেষ পটভূমি।
তোমাতেই সকলোটি লীন
সুশীতল প্ৰলেপ মসৃণ
উচ্চ নীচ ভেদাভেদহীন
তুমি সক্ৰিয়, সনাতন
অৱশ্যাম্ভাৱী ঋতু তুমি
তুমিয়েইটো ছন্দপতন।
তুমি হ’লা অন্তিম যাতনা
তুমিয়ে অপূৰ্ব শান্তনা
তুমি শীতৰ নিয়ৰকণা;
তুমি এক অব্যক্ত চেতনা
সযতনে লুকুৱাই থোৱা
গোটাবলে বিষয় বাসনা।
ফাগুনৰ পছোৱাও তুমি
তুমিয়ে মৃদু জুৰ মলয়া
অন্তিম ক্ষণত যোৱা চুমি;
তোমাৰ লাহী ওঁঠৰ উম
পাই সকলোৱে হেলাৰঙে
দিয়ে শেষ দীঘলীয়া ঘুম॥

[ ৩৫ ]

প্ৰভাতী পখিৰ গান

ল’ব যদি খুজিছা আনন্দ অপাৰ
আহাঁ দোকমোকালিতে ভ্ৰমিবলে
দীঘলীপুখুৰীৰ পাৰ।
শুনি কলৰৱ বিভিন্ন ভাষাৰ
মিশ্ৰিত সুৰৰ এক তোলে ঝংকাৰ
পাতলায় মনৰ ভাৰ।
এয়া যেন এখনি ‘গ্লবেল ভিলেজ'
একেলগে বাস কৰে বিভিন্ন জাতি
ভাষালৈ নাই ‘প্ৰব্লেম'।
কাণপাতি ভালকৈ শুনা যদি তুমি
কাউৰীৰ কণ্ঠত শুনিবা নিশ্চয়
‘হেৰা, দেৰি হ’ল, উঠা
‘অফিচাৰে’ চাই আছে জুমি
কেতিয়ানো দিবা তুমি মেজ চিকুণাই।
শালিকীয়ে চিঞৰিছে ‘উঠ পোনা উঠ,
নকৰিলে পঢ়া-শুনা মনযোগে তই
ফুৰিব লাগিব ঘৰে ঘৰে
চুৱা চেলেকাকে খাই
বুঢ়া বাপেৰ শালিকাৰ পিছে পিছে গৈ।
চিৰিকাই কয় গৃহিণীক মনে মনে
‘আজি শীত পৰিছে বাহিৰত বৰ
লগা নাই হাজিৰা পাম
যি আছে কমকৈ খাম
বিচাৰিলে কোনোবাই কবি, হৈছে জ্বৰ'।
শুনিব খুজিলে, বুজিবলৈ বিচাৰিলে
পক্ষীৰ পৃথিৱীলৈ এবাৰ মাথো যোৱা
নিহিত জ্ঞানকন লোৱা
মুখৰ মাতষাৰ, মিচিকিয়া হাঁহিটো
নহ'বা কৃপণ, সকলোকে বিলোৱা
মৰতত যুগমীয়া হোৱা।

[ ৩৬ ]

পুষ্পসুন্দৰী

বহিছে ফুলৰ সভা
সভানেত্ৰী সৰগৰ ফুল পাৰিজাত
লাগে সমাধান এটি
কোননো ফুলৰ ৰাণী
আলোচ্য বিষয়বস্তু হ’বযে সভাত।
গোলাপে টিপতে ক'লে
মই বিশ্বসুন্দৰী, প্ৰমাণপত্ৰ আছে
ৰাণীৰ মুকুটটোও
মাথো মোৰ মূৰতহে খাপ খাই বহে
দেখি মনুষ্যপ্ৰাণে ঘূৰি ঘূৰি নাচে
সমকক্ষ নেজানো মোৰ কোননো আছে!
শুনি লৈ শেৱালি উঠিল জাঙুৰ খাই
হ'লেও মই এধানি
শুভ্ৰ, সতেজ মই, গুৰিতে ৰঙীণ হৈ
দোকমোকালিতে উঠি
আপ্লুত কৰো মন
সজাও দলিচাখন নিয়ঁৰকেলৈ
নকৰিবা আৰু হৈ চৈ।
লাজুকী ৰজনীগন্ধাই ওৰণী দাঙি
মাৰিলে মিচিকি হাঁহি
দ্বন্দ্ব নালাগে ভাল, মিলনৰ গীত গাওঁ
সেয়ে ৰাতি ফুলো মই
ফুলশয্যাৰ প্ৰতীক হৈ
দুটি মন এটি কৰি এৰো বিছনাতে থৈ
নাযায় সুগন্ধি অতীত পাহৰণি হৈ।

[ ৩৭ ]

কেতেকী, হাচনাহানা, পদুম, নেৱালী
সভাঘৰ উদুলি মুদুলি
ক’লে সৱে একাষাৰ নিজকে বখানি
হ’বলৈ ফুলৰ ৰাণী।
কোনােৱে নপৰে তল
চুলিয়াচুলিৰো যেন উপক্রম হল
সভানেত্রী পাৰিজাত চিঞৰি উঠিল
নকৰিবা গণ্ডগােল
মইচোন সৰগৰ ফুল
দেৱৰাজ ইন্দ্ৰৰ তােলনীয়া জী
উর্বশী, মেনকা ঘূৰে গাতে লাগি
মই নিবিচাৰাে নাম
কৰাে মই নিজ কাম
এৰি দিয়া মনােভাব প্রতিযােগিতাৰ
মিলিজুলি সকলােৰে
মৰততে সজোৱা এখনি সৰগধাম।

[ ৩৮ ]

ভেড়া ৰখীয়া

এজাক ভেড়া, অক্লান্ত
চৰি আছে পথাৰত আপোনমনে
সমলয় সমতানে
ছন্দত নপৰে যতি আকাল দিনে।
এখন, বিচিত্ৰ ছবি
এটাই দাঙিলে মূৰ আটায়ে দাঙে
শান্ত-শিষ্ট, পৰিতৃপ্ত
নিয়মানুৱৰ্তী, নিয়ম নাভাঙে।
ৰখীয়া শিয়াল বপু
উজনি নামনিৰ, বাচনিত উঠা
আদিত্য প্ৰখৰ মেধা
সাঙোৰে ভেড়াজাক, ছল-বল প্ৰথা।
শীতৰ বতাহ চেঁচা
দেহাত শিহৰণ, জাগে কদৰ্য মন
বিলাসী সপোন দেখে
ধাৰাল ক্ষুৰখন, ধনে-সোণে মোনাখন
সোপা-সোপে ধন বিত্
থৈছে সাঁচি সিপাৰৰ নেদেখা গাঁতত
ভেড়াবোৰে কিনো বুজে
লাগে মাথো ঘাঁহডৰা মুখৰ আগত।
বয়সেও দিলে ভাটি
ভাগৰে হেঁচা মাৰে, পকিল দাড়ি-চুলি
চেমনীয়া ভেড়াবোৰে
ইতিকিং কৰে, মনে নসহে সমূলি।
কেনেবাকৈ পোনাটোকে
দিব যদি পাৰে দীক্ষা চাকৰিটোৰ
সুখেৰে এসাজ খাব
দুঃচিন্তা, দুৰ্দিনৰ পৰিবযে ওৰ॥ ❖

[ ৩৯ ]

উঠা নেপাল, উঠা

আচৰিত! তোমাৰ জীৱনৰ স্পৃহা
ক'ত জানো পোৱা তুমি উৎসাহী দিহা
বোৱাবলে ৰস কিছু শুকান তৰুত
ছতিয়াই যোৱা সাৰ জীৱন মৰুত।
যোৱাকালি হৈছিল কথা মৃত্যুৰ স'তে
দেখুৱালে কত ভয় প্ৰকাশ্যে, প্ৰকটে
নোৱাৰিলে টলাব চুলিৰো সমান
অলৰ মহীৰুহ ঘাইশিপা টান।
অনিৰ্বান শিখা এয়া জীৱন লালসা
বিস্তীৰ্ণ মৰুত যেন পৰিচিত ভাষা
হেৰালে এটি আশা প্ৰস্ফুটিত হয়
আশাৰ নতুন কলি, নিৰাশা নহয়।
অনবদ্য, অফুৰন্ত শকতি তোমাৰ
মনোবৃত্তি অদ্ভুত, গতি দুৰ্বাৰ
ধৰাৰ স্খলন কিম্বা প্ৰবাহ হিমৰ
দুচকুত সপোন নতুন দিনৰ।
প্ৰণামো তোমাক হে সত্ত্বা মানৱৰ
নতশিৰ যতমানে দৈত্য দানৱৰ
আশা মাথো সূৰ্যমুখী ফুলিব পুনৰ
উদিত সুৰুজ চাই নতুন দিনৰ॥

[ ৪০ ]

গৃহিণী

গোটেইটো দিন
কিনো বাৰু কৰা তুমি কাম?
যিফালেই যাওঁ
শুনো মাথো তোমাৰেই নাম।
দুচকু পকাই
নিক্ষেপ কৰিলে বাক্যবাণ
বিতুষ্ট, বিমৰ্ষ
গিৰিহঁত, দৰ্প থানবান
উঠি পুৱাতেই
কৰা মাথো জলপান চাহ
তুমি যে গৃহিণী
প্ৰাপ্তিৰ ঘৰ খালি, নাই বাঃ বাঃ
সন্তান, সন্ততি
তোমাৰ সম্পত্তি, প্ৰতিপাল
চোৱা-চিতা, পঢ়া,
তদাৰকি কৰা যেন ভাল।
কোৱাচোন বাৰু
আছে জানো আৰু কিবা কাম
নকৰিবা দেৰি
ভাত দিয়া, অফিচলে যাম।
নাথাকিবা শুই,
পিন্ধা, লেতেৰা কাপোেৰ দম
ৰাখি থ'বা ধুই,
তেহলে মানুহমুৱা হ'ম।
আহোঁতে পলম হ'লে
বজাৰলে যাবা মোনাটো লৈ
ভাল চাই জিকা, ভেন্দি,
মাছপুঠি দুটামান আনিবাগৈ।
মোৰ যে আহৰি নাই
অফিচত বহু কাম আছে পৰি
এবাৰ বহিলে মই
হয় মানে শেষ পৰো যে ভাগৰি
কৰ্মহীনা হ’লা তুমি
ভালেই হ’ল, ঘৰতে শুই বহি
কৰিবা সহায় মোক
নহ'লে যে মোৰ ভেটি যাব খহি:
যিমানেই কৰো মই
হাড়ভঙা কাম, নাই তাৰ নাম
মাথো তোমাৰেই গান
বিধাতা তুমি, তোমাৰ গৃহধাম॥

[ ৪১ ]

ঈশ্বৰ নিমাত কিয়

হে ঈশ্বৰ, তুমি আজি কিয়নো নিমাত
অতিচাৰ, ব্যভিচাৰ দেখিও ধৰাত
তোমাৰেই অনুৰূপ বিষ্ণু নাম তাৰ
কেনেকৈ সহে ক্লেশ মানৱ হাতোৰাৰ!
বুজিছো অতিষ্ঠ তুমি, খঙত বিহ্বল
হয়তোবা অনুতপ্ত, ক্ষন্তেক দুৰ্বল
মানস পটত ভাহে দৰ্প হলাহল
যদুবংশ নিজৰেই চানেকি সৰল।
চহৰীয়া ৰংচং, উচ্চশিক্ষা মায়াজাল
দুৰ্ভেদ্য চক্ৰবেহু, সোমালেই মহাকাল
নিৰ্লজ্য মহাৰথী মাংসাহাৰীৰ পাল
কুমলীয়া অভিমন্যুৰ মৃত্যু অকাল।
সোণালী মাৰিচ মৃগ চহৰত ঘূৰে
নৰোত্তম পথভ্ৰষ্ট, পিছে পিছে লৰে
শিক্ষা নিঃসঙ্গ হয় এৰি জ্ঞানৰ লগ
অন্ধকাৰ পাঠশালা, সভ্যতাৰ শৱ।
প্ৰমাণ ইমানে জানো যথেষ্ট নহয়
নিকৃষ্ট জীৱ মাত্ৰ মানৱকেই কয়
পশুতুল্য বুলি কাঢ়ি নল’বা সন্মান
নোৱাৰে মনুষ্য হ’ব পশুৰ সমান।
হে ঈশ্বৰ, ধৰিত্ৰী আজি আকৌ এবাৰ
দুষ্টৰ কবলত, নাথাকা হৈ অসাৰ
শুনো সৰ্বত্ৰ বিদ্যমান পৰম জ্ঞানী।
কৰা ঘোৰ প্ৰতিবাদ, চতুৰ্দিশ ছানি।
তুমি লৈছিলা পণ এটি জন্ম লগ্নতে
কৰিবা দুষ্টক দমন, শিষ্টক পালন
তেনে নিমাত নিথৰ নিৰ্দয় ভাৱতে
নাথাকিবা ৰৈ, কৰাহে অস্ত্ৰ ধাৰণ॥

[ ৪২ ]

বিচ্ছেদ

হিপ'ক্ৰেটিচ, তোমাৰেই শপত
কৰযোৰে কৰিছে মিনতি
তুমি যোৱাগৈ উভতি
পিছলৈ নাচাবা উলটি
সাতামপুৰুষীয়া ভেটিত তোমাৰ
আজি তিতালাও গজিল
সমুখৰ ফুলনিডৰা
ইকৰা বনেৰে ভৰিল
একালৰ ভাতঘৰ এলাগী হ’ল
পিশাচৰ খেলাঘৰ হ’ল
ভাবিয়ে নেপাওঁ ওৰ
ভৱিষ্যত এন্ধাৰ ঘোৰ।
পিতৃ প্ৰদত্ত সেই শপত বাক্যবোৰ
পাহৰিলে সস্তানে নিঠুৰ
ভগ্নী, ভাতৃ অচিন হ’ল
বান্ধোন উৱলি গ’ল
চকু চৰহা দুই এক চুবুৰীয়া
সুখ অনুভূতি পায় চাগে
চেগ বুজি মাজে মাজে
নিজকে মহাত্মা সাজে
সকলোৰে অলক্ষিতে জাৱৰ জোঁথৰ
সিঁচি দিয়ে বেৰ পাৰ কৰি
সমাজক দেখুৱাই
তাকে নাকটো কোচায়।
অচিন কাঠৰ থোৰা নীতি ঘূণে
অসমৰ্থ ধৰিবলৈ বোজা
তুমি যোৱাগৈ উভতি
পিছলৈ নাচাবা উলটি
বিদায় হিপ’ক্ৰেটিচ, সশ্ৰদ্ধ বিদায়

[ ৪৩ ]
 

বিয়লিৰ ক্ষণ

এয়া যেন কুৰুক্ষেত্ৰৰ ৰণস্থলী
কৰ্ম ধৰ্মৰ আক্ৰোশৰ বলি
শত সহস্ৰ ঘোটকৰ পদচিহ্ন
যোদ্ধাৰ ৰথৰ চকাৰে বিদীৰ্ণ
ইতিহাসৰ এক জীৱন্ত সাক্ষী
প্ৰেৰণাৰ সোমৰস দিয়েহি বাকি।
এয়া যেন অস্তমিত হেঙুলীয়া বেলি
আগুৱায় দিগন্তলৈ ডাৱৰ ঠেলি
চতিয়ায় মনোৰম কোমল আভা
হৃদয়ত অতীতৰ জ্বলন্ত লাভা
চেনেহ নিজৰাটি খৰস্ৰোতে বৈ যায়
শুকান মৰুতে সৰগ সজায়।
এয়া যেন সৰগৰ নন্দন কানন
দুই পাৰিজাত যেন দুয়োতে মগন
দিগন্তৰ লেখ জোখ সকলো পাহৰি
উপভোগ্য এপলক শান্তিৰ আহৰি
দেৱৰো দুৰ্লভ এনে এটি ক্ষণ
ওৰেটো জীৱনৰ সাঁচতীয়া ধন॥ ❖

[ ৪৪ ]
 

মনালিচা

সৰুতেই শুনিছিলো
 মই হেনো অপৰূপা
মৰতৰ মানৱৰ
 কল্পনাৰ ৰূপকথা।
নুবুজো একোকে মই,
 কৈশোৰৰ চপলতা
দুচকুৰ চঞ্চলতা
 সজীৱ ছালৰ ৰং
হঠাৎ হাঁহি, হঠাতেই খং;
 এয়াই নেকি ধৰা দিয়ে
সৌন্দৰ্য উপাদান হৈ।
 নুবুজিলো কেনি গ'ল
মোৰ সপোন যৌৱন
 শত সহস্ৰ জনৰ
আল ধৰি থাকোতেই
 তিল তিল হেৰাই গ'ল;
নকৰো আক্ষেপ মই
 চেনেহৰ এনাজৰী
অটুট বন্ধন যে হ'ল।
 আজি প্ৰৌঢ় হলো মই
মই হেনো আজিও ধুনীয়া
 গুণমুগ্ধ বহুজনে মোক
ন-সাজে সজালে-পৰালে
 উন্মুক্ত দুহাতত মোৰ
জেতুকাৰ ৰং বোলালে,
 ৰূপহী প্ৰতিযোগিতাৰ
মঞ্চত মই হেনো পাটৰাণী
 কেউদিশে খলক লগালে।
হয়, তুমিয়েই সপোন সুন্দৰী
 শীতল, মিঠা আবেশে ভবা
নিঃসন্দেহে পাহাৰৰ ৰাণী
 লিয়নাৰ্ডোৰ হাস্যময়ী পৰী
মনালিচাৰ অন্য এক ৰূপ
 নাম যাৰ শ্বিলং নগৰী॥ •

[ ৪৫ ]

মতিভ্ৰম

হে প্ৰিয়দৰ্শিনী নাৰী তুমি
নকৰা হেয় ‘মাতৃ’ শব্দক
তুচ্ছ তাচ্ছিল্যৰ সমভূমি
মাতৃপ্ৰাণ ‘অপত্য স্নেহ’ক;
নকৰিবা অপমান যত
সতী-সাধ্বী, সঙ্গী গৰৱিনী
উজ্জ্বল তৰা ইতিহাসত
প্ৰেম প্ৰমত্ত, আত্মভিমানী।
ঊৰ্ধমুখী প্ৰতিখোজ ক্ষন্তেকীয়া সুখ
বতাহত নাই কোনো জিৰণি আলয়
আকাশী দূৰত্বৰো নাই কোনো জোখ
নাজল-নাথল হয় আহিলে প্ৰলয়।
তেনে কিয়! কিয় মেলা মন
চল-চাতুৰী, বাসনা ভ্ৰম
আপোচ নিজ কলিজা সতে
দুহাতে সানি লৈ তেজৰ ৰং॥ ❖

[ ৪৬ ]

এথোপা লিমাৰিক

খাটি খোৱা মানুহৰ কথা এটি কওঁ
লুকুৱাই থৈ পেটতে অশুচি নহওঁ
দিনে ৰাতিয়ে কৰে বন
দেহালৈকো নকৰে মন
লোণ, তেল, ভাতৰ সোৱাদ কিছু লওঁ।

দিচপুৰীয়া বান্দৰ আহে আৰু যায়
সোণাপুৰ ধাবাত মদে মাংসই খায়
ঠিকাদাৰ ধনী হয়
খাটি খোৱা পৰি ৰয়
ঘৈণীৰ মাছৰ সপোন জহি খহি যায়।

আহক সি এইবাৰ দেখুৱাম মজা
খাটি খোৱা হ’বই হেনো এদিনৰ ৰজা
ভোটৰ বাবে আহিবি তই।
তোৰ ফালে নেচাওঁ মই
কাণত ধৰি আঁঠু ল’লে খুলিম দৰ্জা।

মনৰ কথাবোৰ পিছে মনতে ৰ’ল
বান্দৰ আহি গুচি গ’ল কোৱা যে নহ’ল
মদ, কম্বল, টকা দিলে
ধুনীয়াকৈ হাঁহি মাৰিলে
যতমানে আছিল খং বানত উটি গ’ল।

খাটি খোৱাই পুনঃ খাটিয়েই খায়
মাছ, মাংস হেনো তাৰ ভাইগতে নাই
দিন কেইটানো আছে বাৰু
যেনে তেনে বাচিম আৰু
টেঙা আঙুৰ গছতেই ওলমক ভাই।

[ ৪৭ ]

বাৰীৰ পকা তামোল তিনিশ একুৰি
থৈছিলো গাঁতত চকুৰ আঁতৰ কৰি
সেলেঙী বোৱাই খাম
কেঁকুৰী হাটলৈ যাম
এপোন বেচি তাৰে আনিম ঘড়ী।

মেলোতেই হাতখন উঠিল কঁপনি
ভূকম্প নতুবা ভয়ৰ থৰথৰণি
কিজানিবা বহি আছে।
ফণাধৰ উৰ্ধশ্বাসে,
চিন্তিম কাৰ্যপন্থা লৈ ক্ষন্তেক জিৰণি।

বুকুত থ’লো হাত শুনি শব্দ এটি
চলিছে ধানকল যেন কঁপাই ভেটি
নাখাওঁ তামোল আৰু
সময় জুখিম বাৰু
বেলিটি চাই, সপোন ইমানতে ইতি।

কিযে টিকা ফটা ৰ’দ, ঘামৰ নৈ বয়
এ.চি.টোও অকামিলা, বিদ্যুৎ নলয়
যাওঁ নেকি পুখুৰীলৈ
এডুব মাৰি আহোঁগৈ
ফটা টিকাৰ অস্তিত্ব ৰয় নে নৰয়

ঘৰৰ মুখ্য তৰুণ, আলৰ বুঢ়া ভাই।
মুখে সাতহাল বায়, কামে এহালো নাই
বাংলাদেশীক নিগাজী কৰে
নিতৌ আজৱ ‘কমেণ্ট’ কৰে
চকীত এঠা লাগিল, আৰু যে নেৰায়। ❖

[ ৪৮ ]
 

মই ফুটবলৈ কৈছো

মই ফুটবলে কৈছো
শতাব্দী যোৰা সময় প্ৰবাহত
ঘূৰিলো কতনা নিজ অক্ষত
আৰু সানমিহলি কক্ষপথত
ইমূৰ সিমূৰ কত নপৰে মনত
সৰু বৰ ঠাইবোৰ ধৰিত্ৰী বক্ষত;
ঘূৰিলো অকাতৰে আপোন পাহৰি
দেখুৱাই দিয়া পথে, পাৱে পৰিহৰি
সৰ্বস্ব শকতি মই লগালো কামত
বঢ়াবলৈ এটি ‘গ’ল’ পৰৰ নামত
কিনো বাৰু পালো মই অন্তিম ক্ষণত
কটাক্ষ,ভ্ৰূকুটি, চৰ প্ৰচণ্ড গালত
আছিল এনে দিন নাচিছিলো মই
আঙুলি মূৰত, চকুত চমক লগা
‘ক’লা মুকুটা’ ‘পেলে’ আৰু মাৰাডোনাৰ
যাদুকৰী দুভৰিৰ মৰমী কাজত
সদম্ভে বহিছিলো কেমেৰাৰ আগত
মই সেই ফুটবলে কৈছো।
পৰিলে মনত সেই সোণালী অতীত
ঠাহ খাই থকা ‘ষ্টেডিয়ামৰ চিট্’
লক্ষজনৰ চকু ঘূৰা মোকেই চাই
অঙ্কিত উৎকণ্ঠা, উল্লাস, হায় হায়
ক’ত জানো পাইছিলো দূৰন্ত গতি
আজি হেৰাল সকলো মই অল্পমতি।
আজি মোৰ স্থিতি মাথো অন্ধকুপত
লেতু-সেতু, জৰাজীৰ্ণ, জাবৰ ৰূপত

[ ৪৯ ]

সেমেকা চকুৰে মই ছবিবোৰ চাওঁ
হাস্যমুখ ‘পেলে’ক বিচাৰি নাপাওঁ
চিক্‌মিক্ কৰি থকা ‘মেচি’কহে পাওঁ
পাহৰি নাযাবা, মই ফুটবলৈ কৈছো॥❖


জীৱন, তুমি অনন্য

নাই কণমানিও আক্ষেপ মোৰ
নাই সেই মিছা অভিমানবোৰ
একো এটা নোপোৱাৰ;
সামান্য অখ্যাত পঁজাটিতে মোৰ
সুখৰ বন্যাত উটি যায় দুখবোৰ
দি যায় তৃপ্তি পোৱাৰ।
জীৱন, তুমি অপৰিসীম, অনন্য
নানা ৰঙে, ৰূপে ব্যাপ্ত মহাশূন্য
তোমাক শতেক প্ৰণাম,
ঘোৰ আন্ধাৰতো প্ৰলয় পৰত
আশাৰ প্ৰদীপগছি লৈ হাতত
কৰিলাহি অভয় দান।
জীৱন তুমি অনন্য
তোমাক শতেক প্ৰণাম। ❖

[ ৫০ ]
 

সকীয়নি

পাষণ্ড, পাপীষ্ঠ, দুৰাচাৰ তই
কিমান খেলিবি আৰু দুৰ্নীতিৰ খেলা
ৰাজনীতি বাকৰিত উলঙ্গ হৈ
কিমান পাতিবি আৰু দাৰিদ্ৰৰ মেলা।
পাহৰিলি শালীনতা তই
অন্ধ, বধিৰ আজি ভোগ লালসাত
গুৰু, জ্ঞানীজন হ’লে ক্ৰুদ্ধ
শীঘ্ৰেই জানিবি তোৰ হ’ব যে নিপাত।
উচ্চস্বৰী বক্তৃতাৰ যাদু
চলনাৰ আনন্দ তেনেই ক্ষন্তেকীয়া,
সৰ্বজন চিৰন্তন কাল
নেথাকিব কদাপি হৈ ভেড়াৰখীয়া।
ভিক্ষা জোলোঙা আঁতৰাই থ’
সাধু চিন্তা, সাধু কৰ্মত মন পুতি ল
প্ৰচাৰৰ লীলাখেলা বিনে
মাটিতেই ভৰি থৈ মাটিৰ মানুহ হ।
দুৰাশা, দুৰভিসন্ধি যত
আছে মস্তিষ্কত তোৰ কুণ্ডলী পকাই
বঞ্চনাৰ আক্ৰোশে এদিন
সকলোটি খান্দি-খুন্দি দিব মোকলাই;
ক্ৰোধাগ্নীৰ লেলিহান শিখা
কৰি দিব ছাৰখাৰ, পৰি ৰ’ব ছাঁই। ❖

[ ৫১ ]
 

কবি বন্ধুৰ প্ৰতি

ঢালি দিয়া, ঢালি দিয়া বন্ধু
কলমৰ মুখেৰে তোমাৰ
ৰাগীয়াল কবিতাৰ ধাৰা,
আকণ্ঠ পান কৰি
মতলীয়া হওঁ মই
আঁতৰাও অশান্তি এডৰা।
নকৰিবা কৃপণালি তুমি
দিয়া, দিয়া অন্তৰ উজাৰি
আঁকি সেউজী ধৰা, জান জুৰি
জাকি মাৰি শৰালীৰ শাৰী
কপাহ মেঘৰে নাও
তাকে চাই নয়ন জুৰাওঁ।
সমাজৰ ছবিখনি
চিয়াঁহীৰে দিয়া আঁকি
ক’লা বগা ৰঙেৰে বোলাই
কমলাৰ ৰং সনা
পূবৰ বেলিটি আহি
থাপি দিব ফুলৰে শৰাই।
সন্তাপৰ মৰা নদী
লোৰ কাটি দিয়া যদি
পুনৰাই বাগৰিব গীত গাই গাই
খুন্দিয়াব ঢৌবোৰে হিয়াই হিয়াই
নিৰলে শুনিম সেই গান
অভিনৱ সেই ঐক্যতান।
লিখা বন্ধু, লিখা অতীতৰ চিঠি
আকৌ এবাৰ, অমৃত ঢালি
সময় উভতি যাওঁক ফালি
বয়সৰ, কাগজৰ সীমা
বখানি অতীত গৰিমা
মচি দিব মনৰ কালিমা। ❖

[ ৫২ ]

সেউজবুলীয়া আশা

নাই বন্ধু, হতাশাক নিদিবা প্ৰশ্ৰয়
অমৃতৰ যে ক্ষয় নাই।
নীলৰঙী আকাশৰো কোনো সীমা নাই।
বিয়পে দিগন্ত চেৰাই;
ৰুগ্ন, ভগ্ন দেহৰ বসুমতী আই
আঁহা, কৰো কিছু প্ৰতিপাল
আকাঙ্খাৰ বীজ ৰুই
ছটিয়াই মৰমৰ সাৰ
এঁকাজলী পানী দিও নিতে
আইৰ দেহা হ’বলৈ জীপাল।
আজি লাগে মাথো সুৰক্ষা সেই বীজৰ
শিলাবৃষ্টি, ধুমুহাৰ পৰা
আঁহা যুঁজি চাওঁ লৈ ঢাল তৰোৱাল
এদিন আহিব আই
পিন্ধি লৈ সাজপাৰ ভমকা ফুলীয়া
ঢৌ খেলা চুলিতে মলয়াই নাচিব,
আহিব আৰু ক’ব মৌসনা মাতে
যা বাচা, বহগৈ সৌজোপা বোধিবৃক্ষৰ ছাঁত
কোমলকৈ দূবৰীৰ দলিচাত
তোৰ বাবে নিৰ্বান ৰৈ আছে তাত।
বন্ধু, হতাশাক ভুলতেও নিদিবা প্ৰশ্ৰয়। ❖

[ ৫৩ ]
 

চাৰ্কাছ

পৃথিৱীখনেই এক বৃহৎ চাৰ্কাছ
বহুৰঙী জীবনৰ আশাভৰা মেলা
বিস্ময় শকতি, উন্মাদ সাহ আৰু
হাঁহি-কান্দোনৰ এক যাদুকৰী খেলা।
বলিষ্ঠ পশুৰজা হয় ভীতি বিহ্বল
মন্ত্ৰমুগ্ধ, অনুগত চেকনী আগত
বান্দৰে চলায় গাড়ী দাঁত নিকটাই
ভাব ভঙ্গী এনে যেন আজন্ম পাৰ্গত।
চিক্‌মিক্‌ আভূষণ নিটোল দেহত
প্ৰাণকো তুচ্চ কৰে পেটৰ দায়ত
নিৰ্ভিক জীৱন মৃত্যুৰ সন্ধিস্থলত।
উৰে নাচি শক্তিশালী মুষ্টি কবলত।
জীবন চকা ঘূৰে উৎথিত ডোলত
আগুৱায় ধীৰ গতি আগ পিছ কৰি
জমা খৰচৰ ভাৰসাম্য দুহাতত
দৰ্শকৰ সঁহাৰিকে শিৰোগত কৰি।
জনৈক দুৰ্বল, ক্ষীণ প্ৰচাৰ প্ৰসাৰ
অপূৰ্ণ বাসনা হৃদয়তে লুকুৱাই
অশ্ৰুবন্যাধাৰা, নিমিষতে শুকুৱাই
বিলায় হাঁহিটি, আনে বাতৰি আশাৰ।❖

[ ৫৪ ]
 

নমামি ব্ৰহ্মপুত্ৰ

নমামি ব্ৰহ্মপুত্ৰ
পদপথত মোৰ নিচেই কাষত
জীৱনৰ নাও বোৱা বহুজন ভোকাতুৰ
ভূমিহীন, গৃহহীন, ঠিকনা বিহীন
অহৌবলিয়াৰ দুচকুৰ ধাৰা
সামৰি সুতৰি বৈ যোৱা
নিৰন্তৰে, নিৰ্লিপ্ত নিৰ্বিকাৰ,
তোমাক শত নমস্কাৰ।
নমামি ব্ৰহ্মপুত্ৰ
তোমাৰ বুকুতে আশ্ৰিত
বহুজন মানৱতা হত্যাকাৰী
ব্যভিচাৰী, ধৰিত্ৰী ধৰ্ষণকাৰী
ৰক্তৰ লুভীয়া দুষ্কৃতিকাৰীৰ
গোপন অভিসন্ধিৰ জীয়া সাক্ষী হৈয়ো
নকৰি কোনো প্ৰতিবাদ
বৈ যোৱা চিৰদিন অলসভাবে
তোমাক প্ৰণামো কৰযোৰে।
নমামি ব্ৰহ্মপুত্ৰ
পাৰ্থিৱ লালসাত মদমত্ত
প্ৰগতিৰ ঠিকাদাৰ আৰু বিষয়াৰ
হাতোৰাৰ পৰশত ক্ষত বিক্ষত হৈ
খঙৰ ভমকতে বন্যা বোৱাই
অগণন জনৰ জীৱনৰ সঁজুলি
বুকুতে গোটাই নিয়া উতুৱাই
এটিবাৰো উভতি নাচায়
প্ৰণাম, তোমাৰ চৰণেই ঠাই।

[ ৫৫ ]

পৰম পিতা ব্ৰহ্মাৰ পুত্ৰ তুমি
জন্মতে ধন্য হিমালয় চৰণ চুমি
শান্ত জলৰাশি যেন অনন্ত সাগৰ
তোমাতেই সপি দিওঁ মনৰ ভাগৰ
উৰণীয়া বগ জাক, টুলুঙা নাও
কাছাৰী ঘাটতে যেন সৰগহে পাওঁ
সাষ্টাঙ্গে প্ৰণিপাত জনাওঁ তোমাক
নমামি ব্ৰহ্মপুত্ৰ
নমামি ব্ৰহ্মপুত্ৰ।


পেছোৱাৰ

ফাগুনৰ পছোৱাজাক বলিয়া হ’ল
সদ্যজাত কলিবোৰ মোহাৰি থৈ গ'ল
লহপহ ফুলনিখন শ্মশান হ’ল
সহস্ৰ চকুৰ কোণ সেমেকাই গ'ল।
নাইনে পছোৱাক ৰুধিবৰ শকতি
কোৱা শুনো মানৱ উচ্চতম প্ৰজাতি
মাথোন ভৰষা তুমি অগতিৰ গতি
মষিমূৰ কৰা, আছে যিমান দুৰ্মতি।
যদিহে নোৱাৰা তাকে আহক প্ৰলয়
একেলগে সকলোটি হৈ যাওক ক্ষয়
নুশুনিব কেৱে ক’তো মাতৃৰ বিননি
সমভাগে পাব সৱে শান্তিৰ জিৰণি॥ ৩

[ ৫৬ ]

মৌপিঁয়া

মৌবাহ খন, আজি মৌৰে ভৰিল
সুস্বাদু মৌ ৰস টোপ টোপ সৰিল
আকাঙ্খিত দুহাতৰ আঁজলি ভৰিল
তেনেতে তোমালৈ মনত পৰিল।
তুমি মোৰ কল্পনাৰ পখী মৌপিয়া
পুৱাৰ কমলা বেলি, সোণালী সন্ধিয়া
চেনেহ সিন্ধু ধাৰা, হিয়া দিয়া নিয়া
নিঃশেষ তুমি বিনে, স্থবিৰ মলয়া।
আহাচোন কাষলৈ পুৰাবলৈ ঠাই
দিয়াচোন আগলৈ দুহাত বঢ়াই
বৈ যাওঁক অমৃত শিৰাই শিৰাই
ধন্য হওঁ ইহলোক মৰ্ত্যকে পাই। ❖

 

আশঙ্কা

স্নেহৰ কাৰাগাৰত শ্বাসৰুদ্ধ আজি
অন্তৰ্দ্বন্দ্বত কাহিল এক ত্ৰস্ত প্ৰাণ
বেৰৰ জলঙাৰে মুক্ত আকাশ চাই
দীৰ্ঘশ্বাসে লওঁ মই মুক্তিৰ ঘ্ৰাণ।
এধলীয়া এশাৰী পোহৰ চাই ৰওঁ
কিজানিবা দেখো তাতে ইপ্সিত ছবি
নিৰ্জীৱ সময়কে সোধো বাৰে বাৰে
দৃষ্টিত পামনে পুনু পুৱাৰ ৰবি। ❖

[ ৫৭ ]
 

কলিৰ মহাভাৰত

বস্ত্ৰহৰণ দ্ৰৌপদীৰ পুনঃ এবাৰ
কটাক্ষ নিয়তিৰ, লুপ্ত বুদ্ধি-বিচাৰ
দুৰাচাৰ দুঃশাসন অলেখ সংখ্যাৰ
অন্ধ ৰজা ধৃতৰাষ্ট্ৰ সৰ্বতো প্ৰকাৰ।
শতপুত্ৰ বাঢ়ি আজি শতকোটি হ’ল
দুষ্ট দমনৰ প্ৰথা আচহুৱা হ’ল
ভগৱন্ত অৱতাৰো লজ্জিত হ’ল
চকু কাণ বন্ধ কৰি ঘৰমুৱা হ’ল
পাণ্ডৱ পুত্ৰ সৱে কৰে অজ্ঞাতবাস
বৃহন্নলা পৰিধানে, কৱৰী বিন্যাস
গাণ্ডীৱ, তীৰ-গদা শোভে ধোঁৱা চাঙত
সদাচাৰী যুধিষ্ঠিৰ নিমগ্ন ভাঙত।
শকুনিয়ে পিন্ধি ল’লে খাকী বস্ত্ৰ গাত
সাপো হয়, বেজো হয় নাই পৰিতাপ
নাৰদে ভুমুকি মাৰে, খবৰ যোগায়
উচতাই জোল খাই বতিয়াই যায়।
যত ৰথী-মহাৰথী যুঁজলৈ নাযায়
নিৰাপদ দূৰত্বত থাকি ৰং চায়
প্ৰতিজ্ঞা কৰে ঘনে নিচুকনি গাই
শৰশয্যাত ভীষ্মই হাঁহে মিচিকিয়াই।
অভিমন্যু আজিও অৰ্ধশিক্ষিত বীৰ
বিষম কালত হয় দেহাটি স্থবিৰ
জনগনও বন্দী আজি যতুগৃহত
চকুপানী টোকে মাথো মাতৃমোহত।
কৌৰৱে-পাণ্ডৱে মিলি ভোজ ভাত খায়
মসৃণ কুৰুক্ষেত্ৰ ধূলিকণাও নাই
নিয়তিও আজি হয় উপায় বিহীন
নোৱাৰে কৰিব ঠিক কোন শ্ৰেষ্ঠ হীন।
লজ্জিতা দ্ৰৌপদীৰ গত্যন্তৰ নাই।
চকুপানী মচিবলৈ স্বামীওযে নাই।

[ ৫৮ ]

মহাত্মা

আজি অনুভৱ কৰিছো এক শূন্যতা
বুকুৰ কোনো এক নিভৃত কোণত
টিপ্ টিপ্ কৰি থকা কলিজা এটি
লগ এৰি গুচি গ’ল কোনোবা ক্ষণত।
পৃথিৱীলৈ কতজন আহে আৰু যায়
এনুৱা কলিজা বাৰু কেইজনে পায়
কিন্তু ইযে আত্মনিয়ন্ত্ৰিত, হায়
প্ৰতিভা, ব্যক্তিত্ব গুণে ৰেহাই নাপায়।
এ.পি.জে. আব্দুল কালাম, এনে এটি নাম
চিকমিক্‌ জিলিকে ভোটা তৰা সমান
ধ্ৰুবতৰা ধ্ৰুৱসত্য নৈশ আকাশত
হ'বা তুমি সেই নাম ভাৰতবৰ্ষত।
প্ৰণামো তোমাক, হে পুণ্যাত্মা ধৰাৰ
অশ্ৰু অঞ্জলিৰে এই বিদায় ক্ষণত
লোৱা যদি পুনৰ জনম এটিবাৰ
ভাৰতকে মাতৃ বুলি মানিবা মনত।

[ ৫৯ ]

সপোন বিলাস

উৎকণ্ঠাৰ অলপ সময়
যেন আগলৈ নাযায়
সপোন বিলাসী চঞ্চল মন
সঘনে সজোৰে ডেউকা কোবায়
এক নৱদিগন্ত ধিয়াই;
নাজানো আছে কি তাত
সুখ সম্ভাৰ নে কাঁইটীয়া বাট
নে কুঁৱলীয়ে ঢাকি ধৰা জলপ্ৰপাত।

পৰিত্যক্ত

ছিন্ন-ভিন্ন কলিজাটি হাতত তুলি ল'লো
ভালকৈ চালো, জানো কিবা দেখো
আছিল এদিন তেজৰ সাগৰ তাতে
আজি কিন্তু আছে এটা
বৃহৎ শূন্য, মাজত পাহাৰ দুখৰ
বৰফ শীতল, নিৰ্জন নিতাল বৰ।

ছতিয়ালে ৰক্ত ৰঙা কৰি
নীলা আকাশ, নদীৰ পানী আৰু
তৰুলতা আশে-পাশে যত
দুচকু ছানি নিগৰে লোতক
মৰ্ম স্থলত লাগে সজোৰ আঘাত
শুননা এটি ক’ৰবাত আৰ্তনাদ॥

[ ৬০ ]

নৱকলেবৰ

কিমান উৰিম আৰু ভাগৰুৱা ডেউকাৰে
 মেঘাচ্ছন্ন পাহাৰতে
 অন্ত হ’ব যেন মোৰ,
আঁকি দিম দিগন্ত নৱ দিগ্বলয়েৰে।
উৰিলোযে বহুদূৰ শৈশৱৰ, কৈশোৰৰ
 বহুৰঙী আকাশত
 নেওচি শতেক বাধা,
বুটলিলো খেৰকুটা নিতে পাৰ্থিৱ মোহৰ।
বহিছো ক্ষন্তেক এটি  ক্ষীণ ঠুনুকা ডালত
 দেখো নেকি ক’ৰবাত
 পুৰণি চিনাকি ছবি,
উজ্জীৱিত হয় নেকি মন বিষন্ন কালত।
উচ্চগতি ছবিবোৰ  দেখো মন দাপোণত
 যেন খেলে লুকা-ভাকু
 শুনো হাঁহিৰ খলক,
অনুভৱ কৰো এক  নৱ উদ্যম প্ৰাণত।
ডেউকা জোকাৰি দিলো  পানীবোৰ উৰুৱালো
 চকু বহলাই মেলি
 এবাৰ আগলৈ চালো
দিগন্ত আঁতৰি গ'ল  সৰগ হাততে পালো॥

[ ৬১ ]

দৃষ্টি

(কেটেৰেষ্ট অপাৰেছত জন্মসূত্ৰে পোৱা চকুৰ লেন্স
হেৰুৱাব প্ৰতিক্ৰিয়া)

ব্যথিত আজি মই বিদায় বেলাত
সুঁৱৰি তোমাৰ সঙ্গ মাতৃ কোলাত
আজন্ম লগৰী তুমি সুখৰ দুখৰ
দেখুৱালা নিৰাপদ বাট সমুখৰ
দিলা তুমি যতমানে মস্তিষ্ক সম্ভাৰ
সান্নিধ্য তোমাৰ বিনে প্ৰাপ্তি দুৰাশাৰ
দেখুৱালা প্ৰভেদ ধনী দুখীয়াৰ
মানৱতা বোধ এটি ল’লে যে আকাৰ।
তুমি দেখুৱালা সৰগৰ ফুল পাৰিজাত
হাঁহি থকা দেৱশিশু মৰমী কোলাত
বোৱালা অশ্ৰু-ধাৰা ধুই নিকা কৰি
বিষাদে মলিন হিয়া, নাযাওঁ পাহৰি।
আঁকি দিলা চিনবোৰ বন্ধু শতৰুৰ
কদাপি নাযাওঁ মই পাহৰি জৰুৰ
শতেক ছলনা তুমি কৰিলা নাঙঠ
কৰযোৰ নতশিৰ মই বিদায় ক্ষণত।
আজি হ’লা তুমি বৃদ্ধ কিয় অকালতে
অপাৰগ মিলাবলৈ খোজ মোৰ সতে
কাটি দিলে এনাজৰী, যাদুকৰী হাতে
থাপিলে বিদেশী বন্ধু গুপুতে গুপুতে।
নাজানো কিমান দূৰ বাটকুৰি যাম
অচিন বন্ধুৰ লগ কতদূৰ পাম
হাঁহিমুখে তথাপিও যাচিছো বিদায়
স্মৃতিবোৰ সযতনে ৰাখিম সদায়॥

[ ৬২ ]

দুৰ্বোধ্য

কিযে বিচিত্ৰ এই মানুহৰ মনটো
ধানটোৱে প্ৰতি হয় যিদৰে কণটো,
নোপোৱাৰ বেদনাৰে এটা যদি ভৰা
অলপতে তুষ্টজন আনন্দে নধৰা,
কোনোজনে চায় ঘনে ঘৰলৈ পৰব
নাই কোনো মনোযোগ আছে যি নিজৰ;
প্ৰাচুৰ্যৰে অভিশপ্ত দিন শৈশৱৰ
সজালে মনৰ কোঠা পাৰ্থিৱ মোহৰ,
পাপ-পুণ্য প্ৰভেদৰ গমকে নাপায়
মগজুটো কীটবোৰে খুলি খুলি খায়
অভাৱৰ সীমা নাই আৰু কিছু লাগে
অতৃপ্ত বাসনাবোৰ পলে পলে জাগে।
সত্য, শিৱ, সুন্দৰৰ নামাৱলী গাত
লুকুৱায় কলঙ্কিত ব্যভিচাৰী হাত,
উপাৰ্জিত অৰ্থবলে নিদিয়ে আহৰি
বাহুবল গোটাবলে লাগে উঠি পৰি,
বাপতিসাহোন সৎ গুণ যতমানে
বিবৰ্জন, বিসৰ্জন অনতিপলমে;
সুখ যেন সৰ্বদাই আঁতৰি পলায়
মৰিচিকা খেদি খেদি শ্মশানলৈ যায়।
আন এটি আকলুৱা, বিচাৰে মৰম
কণমানি পঁজাটোতে জীৱন ধৰম,
মজিয়াৰ শেতেলীত সৰগৰ সুখ
নিদ্ৰা মুঠিতেই, পলায় ভাগৰ দুখ;
পুৱাতে ৰাঙলী সুৰুজ চকুৱে মুখে
বাসনা এটাই মাথো খোৱা পেটে-ভাতে।
সৃষ্টিৰ মহিমা ইযে বুজিবলে টান
আহাঁ গাওঁ সমস্বৰে প্ৰাৰ্থনাৰ গান॥

[ ৬৩ ]

উপদেশ

ক্ষন্তেকীয়া জীৱনৰ কাঁইটীয়া বাট
সাৱধানে খোজ দিবা তাত
বিষধৰ সৰীসৃপ ফুলৰ আঁৰত
কৰিব দংশন অসতৰ্ক সময়ত
চিঙিবলৈ মেলোতেই হাত।
দূৰৈৰ পৰাই লোৱা ফুলৰ সুবাস
পাৰা মানে টানি দীৰ্ঘশ্বাস
দুনয়ন ভৰি তৃপ্ত কৰা অভিলাষ
মুঠিতে পাবলৈ নকৰি প্ৰয়াস
দুৰ্লভ স্বৰ্গীয় প্ৰকাশ।
বাটত কাষতে পাবা হাঁহি ভৰা মুখ
পাহৰাই দিব যত দুখ
চিনাকি অচিনাকিৰ নেৰাখি প্ৰভেদ
ধৰা আকোৱালি, জয়াল বাটৰ সঙ্গী
দিব পাৰে যত মানে সুখ।
ভুলকো পাৰিলে তুমি ভাল বুলি লোৱা
অকাতৰে চেনেহ বিলোৱা
‘আপোন ভালেই জগত ভাল’ অন্তত লৈ
পোৱা নোপোৱাৰ হিচাব আঁতৰাই থৈ
হাঁহিমুখে আগবাঢ়ি যোৱা।
ভাল বেয়াৰ হিচাব নকৰিবা তুমি
ভুল হ’ব পাৰে ক'ৰবাত
অতল বিশ্বাস ৰাখা নিজ কৰ্মত
অনাবিল শান্তি আছে সঁচা মৰমত
যদি নকৰা সন্দেহ তাত।

[ ৬৪ ]

ৰুদ্ধশ্বাস

মই ভোগালী, কাবৌ কৰিছো
নামাৰিবি মোক তই আওমৰণে
অযথা উল্লাস প্ৰগতিৰ ত্ৰাসে
দেই পুৰি নিয়ে মোৰ কোমল হৃদয়
কৰযোৰ কাকুতি তোৰ চৰণে।
ৰঙিয়াল সেই মোৰ ৰঙালী ককাই
চপনীয়া হ’ল আজি তোৰে বুদ্ধি পাই
ৰেহ-ৰূপ সলাই বজৰোৱা হ’ল
ওখকৈ মঞ্চৰ তিৰ্‌বিৰণিত
অচিনাকি হ’ল সবে আই নে বোপাই।
সৰু ভাই কঙালী নিৰুদ্দেশ হ’ল
আজন্ম উপেক্ষাৰ বলি পঠা হ'ল
অনাদৰে ভাৰাক্ৰান্ত মন এটি লৈ
আকাশ বস্তিৰ অনুজ্জ্বল পোহৰত
কেনিবা অচিন বাটে নাইকিয়া হ’ল।
অকলে আছিলো এক ঘৰ ৰখীয়া
চকু চৰহাৰ ৰোষত হ’লো ঘূণীয়া
অপপ্ৰচাৰ অপ-সংস্কৃতিৰ প্ৰহাৰ
নকৰিবিচোন তই মোক বাৰম্বাৰ
কাবৌ কৰিছো, নকৰ মোকো সিফলীয়া।

[ ৬৫ ]

সাৱধান

কিনো জগৰ লগালে গছপুলিটোৱে
কাটি ছিঙি কৰিলাযে লণ্ড-ভণ্ড
বাক্‌হীন, কৰিবলৈ এষাৰো মিনতি
অস্ত্ৰহীন ৰুধিবলৈ পাষণ্ড দুৰ্মতি।
কিনো পালা তুমি এনে দুৰ্জেয় বৰ
মদমত্ত,যুদ্ধংদেহি মিছা আক্ৰোশত
অসহায় তৰু-তৃণ ধৰিত্ৰী বক্ষত
কিন্নৰী প্ৰকোপৰ দেখি পয়োভৰ।
জীৱস্ৰষ্টা হৈয়ো নেদেখিলা, নুশুনিলা
অন্তঃসত্বা ধৰিত্ৰীৰ আকুল আহ্বান
ইন্দ্ৰিয়াতীত লোভ ক্ষমতাৰ শান
তাতে ঘঁহি পিহি মাথো তাণ্ডৱ নাচিলা!
সষ্টম হোৱা, হেৰা বীৰ বীৰাঙ্গনা
প্ৰকৃতিয়ে প্ৰতিদিনে নসহে ডাংকোপ
বিপৰীত কালে হ’ব বুদ্ধি বিলোপ
অগতিৰ গতি মাথো মানৱ চেতনা। ❖

[ ৬৬ ]

নিৰ্বাসন

নোৱাৰো থাকিব চাই
 শোকাৰ্ত চেনেহী আই
 কুমন্ত্ৰ কৰিলে কোনো চকু চৰহাই,
কোমল লাৱনী দেহা
 ৰূপ জেউতীৰ বেহা
 অনাদৃত দেখি আজি চকুলো ওলায়।
এদেও দুদেও কৰি
 কাঢ়ি নিলে চল কৰি
 আভূষণ যতমানে হাতৰ কাণৰ,
এবুকু আশাৰে সতে
 আয়ে মাথো দিন গনে
 মানুহৰ ৰূপ ল’ব পোনাটি প্ৰাণৰ।
পোনিট এবাৰ গ’ল
 ঘূৰিকে নোচোৱা হ’ল
 বাট-ঘাট অতদিনে অচিনাকি হ’ল,
বাহিৰৰ ৰং চং
 বিলাতী পোছাকী ঢঙ
 সাঁচতীয়া ছবিখন উৱলিহে গ’ল।
আশাৰো যে শেষ নাই
 সঘনে বাটলৈ চায়
 সাৰি পুছি পদুলিটো ৰাখিছে নিকাই,
নাজানে আজলী আয়ে
 চল-চাতুৰীৰ দায়ে
 ফুৰে আজি পোনাকনে মুখ লুকুৱাই।
হুমুনিয়াহেই সাৰ
 বুকুত অসহ্য ভাৰ
 কিমান সহিব আৰু আয়ে প্ৰতিদিন,
এইবাৰ ব’হাগতে
 আলহী কুলিৰে সতে
 যাব হেনো ঘৰ এৰি, নাহে কোনোদিন। ❖

[ ৬৭ ]

আশাৰ গীত

মই গীত এটি গাম
আজি এই সন্ধিয়া পৰত
গাইছিলো যিটি গীত উলাহেৰে
মনোৰম চৰাই পুৱাতে
কুলি কেতেকী পাহাৰী জুৰিটিৰ
সমলয় সমতানে গীত এটি গাম
সেই সুৰীয়া গীতকেই গাম।

আজি মই আকৌ গাম
দেহ মন শাঁত কৰি নিয়া
শুই থকা ফুলপাহে চকু মেলি চোৱা
নিয়ৰ সৰা কোমল পুৱাতে
সেউতী মালতী লাজুকী শেৱালিৰ
হেঁপাহৰ মৰমৰ গীত এটি গাম
সেই সুৰীয়া গীতকেই গাম।

মই চিৰদিনে সেই গীত গাম
বিদায়ী কুলি বিৰহী কেতেকীৰ
হাঁহি ভৰা সঁহাৰি পাম
হালি জালি নাচতেই বিভোৰ ফুলটি
দুনয়ন ভৰি চাম
মই এটি আশাৰ গীত গাম
জীৱনৰ ৰং ভৰা গীতকেই গাম। ❖

[ ৬৮ ]

পৰিতৃপ্তি

আজি মোৰ মন ভৰি গ’ল
আছিল যত মানে অনুসন্ধিৎসা
যত মানে অপূৰ্ণ, অতৃপ্ত বাসনা
পায়ো হেৰুওৱাৰ মৰ্মান্তিক বেদনা
হৃদয়ৰ অটল গহ্বৰত সঞ্চিত
অপ্ৰকাশিত লাভাৰ দহন যাতনা
নিমিষতে যেন শাঁত পৰি গ’ল
উপলব্ধিৰ বিশাল বটবৃক্ষৰ ছাঁত
পৰিতৃপ্তিৰ পূৰ্ণ পয়োভৰ হ’ল
আজি মোৰ মন ভৰি গ’ল।
আকাশৰ তৰাটি হাততেই আঁকিলো
সাগৰ তলিত ঘূৰি মাণিক বস্তু
অনাহক হাবিয়াস মনতে পুহিলো
দিবাস্বপ্নৰ লেহুকা জখলা বগাই
মেঘ গজা পথাৰতে কাৰেং সাজিলো
নন্দন কানন আনি ধৰাতে থাপিলো
মায়ামৃগ খেদি খেদি ভাগৰি পৰিলো
আজি বিষাক্ত ফণাধৰ কাৰেং ৰখীয়া
আৰু মই, ভস্ম প্ৰলেপ লৈ ভাং বলীয়া
আজি মোৰ মন ভৰি গ’ল। ❖

[ ৬৯ ]
 

পুষ্পাঞ্জলি

য'ত ত'ত সিঁচৰতি কুমলীয়া শৱবোৰ
দেবিওনো নকঁপেনে স্কুল, স্ফীত বুকুবোৰ
আছে জানো ভিতৰত কোমল কলিজা এটি
কৰিবলৈ অনুভৱ নিৰ্বোধ, নিঃসহায়
অগণন মানুহৰ প্ৰকাশৰ সন্ধানত
গুজৰি-গুমৰি থকা সীমাহীন দুখবোৰ?

দোষ কিনো সিহঁতৰ যদি ভাবো এটিবাৰ
নাপাওঁ বিচাৰি কোনো সত্য সমিধান তাৰ!
ফুলিছিল ফুলনিত সুগন্ধি কুসুম হৈ
সংঘাতে ঘূণীয়া কৰা মৰুময় জীৱনত
এচলু অমৃত পানী এছাটি মলয়া হৈ
মোহাৰিলা কিয় বাৰু কিহৰ অধিকাৰ লৈ?

আছে জানো ক'ৰবাত লিখা সেই শৰীৰত
জাতি ধৰ্মৰ চিনাকি, একেই লোহিত ৰক্তত?
তেন্তে কিয়? কিয় ঘূৰা অলি-গলি চোতালত
ঈশ্বৰ প্ৰেৰিত যেন মদমত্ত গৌৰৱত,
ওলোমাই শৰীৰত অগণি বৰ্ষণ কৰা
মানৱতা জয় কৰি সেয়া কেনে কচৰৎ?
স্ৰজোতাই শিক্ষা দিলে ধৰাত মানুহ হোৱা
মই দিয়া ভোগকণ ভগাই সুখেৰে খোৱা
বিচাৰিলে পাবা মোক নিজৰেই ভিতৰত
বুভুক্ষুৰ তাড়নাত আৰ্তৰ চকুলোত
কণমানি শিশুটিৰ নিস্পাপ হাঁহিটোত
নামটোহে আছে মোৰ মন্দিৰ, মছজিদত।

[ ৭০ ]

সপোন শেৱালি

মনৰ প্ৰশান্ত জলধিত
 এয়া জানো কিহৰ লহৰ?
  বিভ্ৰান্ত মানস পটত
   নাই যে প্ৰতিবিম্ব কোনো
    উৎসাহী কিশোৰৰ
     জীৱন্ত ভেকুলী শিলৰ।
লহৰ বিয়পি যায়
 সুদূৰ দিগন্ত ধিয়াই
  এৰি থৈ দলিচা এখন
   মনোৰম, কহুঁৱা কোমল
    আশাবোৰৰ উম লয়
     অপেক্ষা সপোন দিন।
দেখো জলছবি সপোনৰ
 দেৱদূত যেন সৰগৰ
  হাত ভৰি নচুৱাই কয়
   চৌদিশ হাঁহিৰে পোহৰাই
    “কিঞ্চিত সুস্থিৰ হোৱা
     বুটলিম শেৱালি নিয়ঁৰ।”

৭০.এজন ডাক্তৰৰ কবিতা

[ ৭১ ]

নিৰ্বান

তোমাকেই সুধিছো, কোৱাচোন বাৰু
আকাঙ্খাৰ সীমাৰেখা আঁকিলানে, আৰু
আছে নেকি হাবিয়াস কোনোবা চুকত
বাদুলী খোৰোং হেন আন্ধাৰ মনত?
কিমান মাতিবা তুমি ভাওনা বচন
লুকুৱাই নিজ স্বৰ, হংসৰ চলন
সুন্দৰী স্ত্ৰীৰূপ দৰ্শকেও চিনি পায়
নুপুংসক বিহগুটি আমাৰে সোণাই।
কোননো ঈশ্বৰে জানো স্ৰজিলে তোমাক
নাশিবলে মলয়া মৃদু, স্নিগ্ধ জোনাক
সিঁচিবলে সঁচ বিহ অলিয়ে গলিয়ে
বিগলিত কৰুণাৰ জুৰিয়ে নদীয়ে।
মন্ত্ৰমুগ্ধ, বাক্‌ৰুদ্ধ অজস্ৰ দৰ্শক
দেখিলেই পোৱা চাগে সহজ লক্ষ্যক
সীমাৰেখা অজানিতে দূৰলৈহে যায়
আঁচনিৰ ভ্ৰুণটোৱে পোহৰলৈ চায়।
এৰাচোন এবাৰলৈ অদ্ভুত শৃঙ্গাৰ
শুনা বিবেকৰ প্ৰাণটাকি চিৎকাৰ
দৃষ্টিকটু দাগবোৰ বগা কাপোৰৰ
মিলি হ'ব ৰামধেনু সাতোটি ৰঙৰ।

[ ৭২ ]

সঞ্জীৱনী

হেৰা মালি, দিবা নেকি এটি মিঠা ফল
জুটি লৈ পাৰ কৰো এপল দুপল
শুকান মৰুৰ এই দীঘল বাটত
তৃষ্ণাতুৰ, শ্ৰান্ত, ভাৰাক্ৰান্ত মনত
ছটিয়াও একাঁজলি, অমৃত জল
সেয়ে হ'ব নিৰ্মালি, দুভৰিৰ বল।

ৰুইছিলো গছপুলি ময়ো এটি
ৰাখিছিলো সামৰি বুকুৰ মাজত
নিতে নৱ কল্পনা মন আকাশত
ফুলে ফলে সুশোভিত, কইনা সাজত
বিচাৰিলো আজি মই জনাই প্ৰণতি
নিৰ্মম দিঠকে দিলে নিৰ্দয় ভ্ৰূকুটি।

লহিয়ালে বেলি, আৰু কতদূৰ বাট
নিঘুণ নিৰ্জৰ মই নহও নিৰ্ঘাত
অসীমৰ সীমা দেখো তেনেই কাষত
আবদ্ধ চলন মোৰ মায়াৰ পাশত
দিবা নেকি মোক মিঠা এটি ফল
ধৰাৰ জনম কৰো সাৰ্থক সফল।

[ ৭৩ ]

বিভ্ৰান্ত

মানৱৰ মন আজি কোনদিশে ধাৱমান
দুৰন্ত গতিত হৈ ধুমুহা সমান
ভাঙি সাতামপুৰুষীয়া কাঠামো সমাজৰ
বিকৃত ভাব-ভঙ্গী চৰিত্ৰ বৰ্বৰ।

বিজ্ঞান, প্ৰযুক্তি, বন্দুকেৰে বলীয়ান
উচ্চাৰে বিশ্বভাতৃত্বৰ জয়গান
চাৰিবেৰ আঁতৰাই সজায় এখনি গাঁও
বাস্তৱ ৰূপত বিপৰীত পাওঁ।

দয়া, প্ৰেম, সহিষ্ণুতা কিম্বা সহানুভূতি
মনুষ্য মনৰ যত সামান্য প্ৰকৃতি
অৱহেলিত, পদদলিত, ত্ৰাসিত ধৰ্ষিত
সদাচাৰ, সুবিচাৰ মানৱ বৰ্জিত।

ধ্বংসপ্ৰাপ্ত হওক এই বিধ্বংসী খেল
চতুৰ দালালৰ গোপন মেল
প্ৰতিষ্ঠা হওক আটকধুনীয়া বিশ্বাগাঁও
নাজানো দৰ্শন পাওঁ বা নাপাওঁ॥

এজন ডাক্তৰৰ কবিতা • ৭৩

[ ৭৪ ]

চিনাকি-অচিনাকি

কোন বাৰু সেইহাল
 চিনাকি-অচিনাকি
আহে যেন সোঁৱৰণী
 ৰিণিকি ৰিণিকি।
পাখি লগা কাঁড় যেন
 মনৰ দাপোন।
কঢ়িয়াই আনে যত
 দিনতে সপোন।
তেজাল ঘোঁৰাৰ দৰে
 নাচনী বুৰুজ
নীলিম নয়ন যুৰি
 পুঁৱতি সুৰুজ।
কোন বাৰু সেইহাল
 দৃষ্টিত ধূসৰ
ক’ৰবাত দেখা যেন
 সাদৃশ্য মুখৰ।
হাত-ভৰি নচুৱাই
 আনন্দ-বিভোৰ
খিল্‌ খিল্ হাঁহিটোৰে
 প্ৰতিধ্বনিবোৰ।
ঘূৰি আহি কয় যেন
 আপোন তোমাৰ
কলিজাৰ গতি মোৰ
 চলিছে দুৰ্বাৰ।
কোন বাৰু সেইহাল
 ভঁৰাল আশাৰ

   

ব্যতিক্ৰম নিয়মীয়া
 দুৰ্দান্ত ভাষাৰ।
তেজে ৰঙা মঙহাল।
 ৰাজহাড় পোন
কপালত জলে এটি
 পূৰ্ণিমাৰ জোন। পৰটি
সীমা মাথো অসীমত
 পাৰাপাৰ হীন
আঙুলি মূৰত লিখে
 হেঁপাহৰ দিন।
এইহাল সকলোৰে
 অতীতৰ ধন
সুন্দৰ সুঠাম দেহা
 দিগ্বীজয়ী মন।
পাৰ্থিব সুখ-মোহৰ
 চাদৰেৰে ঢকা
খিৰিকি মুখত বহি
 চায় এচমকা।
অসীমত কিনো আছে
 বাস্তৱ বিশেষ
উৎকণ্ঠাৰ উম লৈ
 অপেক্ষা অশেষ। ❖
 
 
 
 

[ ৭৫ ]

দিব্যজ্যোতি

এয়া নহয় চাকি দীপান্বীতাৰ
বা আকাশবন্তি তমোময় নিশাৰ
নহয় ধনগুলৈ পিতনি ডৰাৰ
কিম্বা প্ৰতিবিম্ব পুৱতি তৰাৰ;
ই অনিৰ্বান এক জীৱন শলিতা
পৰাক্ৰমী পছোৱাকো নকৰে ভয়
শুনো সৌৱা বাজে দুন্দুভি আকাশত
দেৱৰ সাঁথৰ ই মৰ্ত্যৰ বিস্ময়।
ই ক্ষণস্থায়ী এচমকা বিশ্বজ্যোতি
থাকে মানে অপৰ্যাপ্ত তেলচিকটি;
বিলায় পোহৰ তমসা বিদাৰি
অজ্ঞানীয়ে যদি ফুৰে বাট বিচাৰি,
আত্মজাহ ক্ষণিকলৈ নকৰে কেৰেপ্‌
সানি লয় স্নেহভৰা মৃন্ময় প্ৰলেপ।
সুন্দৰ, শিৱ, ইয়েই চিৰসত্য
সংকটমোচক আৰু পৰমাৰাধ্য
সুশীতল, সুবিমল, মনৰ কাম্য
সৃষ্টিৰ পৰিচয় কৰে বোধগম্য
ধৰিত্ৰীৰ বুকুত ই সৰ্বত্ৰ ব্যাপ্ত
ইযে অমৃতময়, ইযে চিৰসত্য॥

[ ৭৬ ]

অপৰাজিতা

দেখিছো বৃদ্ধা এক আশীৰ ওপৰ
ছালৰ ভাঁজে ভাঁজে কতনা খবৰ
অমৃতময় সোণোৱালী অতীতৰ
কলীয়া ডাৱৰ ফাঁকে দুখৰ দিনৰ
বিগলিত কৰুণা মাতৃ হৃদয়ৰ
প্ৰস্তৰ কঠিন নীতি অলৰ-অচৰ।
দেখিছো দধীচিৰ আন এটি ৰূপ
ত্যাগৰ প্ৰতিমাৰ জীৱন্ত স্বৰূপ
হাঁহিমুখে বাগি দিয়া মন্তব্য বিৰূপ
লক্ষভেদ এটি মাথো লক্ষ ধুৰূপ
অনন্ত বীৰগাথা নাই তাৰ ওৰ
নিবিচাৰে প্ৰকাশ চিঞৰি সজোৰ।
তেজস্বিনী বীৰাঙ্গনা ধৰাশায়ী হৈ
অস্ফুট আৰ্তনাদ কৰে শুনো ৰৈ ৰৈ
দিবানে হাতখন মাথো এটি বাৰ
যন্ত্ৰণা কাতৰ মই দেহাটি অসাৰ
সঞ্চাৰ কৰা কিছু শকতি তোমাৰ
জীৱন যুঁজত লিপ্ত হওঁ পুনৰ্বাৰ।
আশ্চৰ্য তোমাৰ দুৰ্বাৰ হাবিয়াস
মৰতত সৰগ সজাৰ প্ৰয়াস
কিয় জানো কাৰ্পণ্য মাত এষাৰৰ
দূৰতে বিদূৰ জন ভিক্ষু মনৰ
দিয়া জলাঞ্জলী পাৰ্থিব মোহৰ
নেওচা হেঙাৰ কটু মাতৃদ্ৰোহৰ।

[ ৭৭ ]

অন্তৰঙ্গ

তুমিয়ে কৈছিলা সুখী তুমি
ধৰিত্ৰীৰ কোনো এক ক্ষুদ্ৰ গহ্বৰত
লোলুপ দৃষ্টিৰ পৰা বহু নিলগত
বিড়াল হাতোৰাৰ ভয়ত
ৰাখি নিজকে লুকুৱাই কাল এন্ধাৰত!
কোৱা জানো নাছিলা তুমিয়ে
মোৰ সুখতেই আছে তোমাৰো সন্তোষ
তেনে কিয় থাকা গুপুতে দূৰৈত
পিছে যিমানেই ল’বা প্ৰচেষ্টা হাতত
লুকা-ভাকুত তুমি নহয় পাকৈত।
ক্ষুদ্ৰ হ'লেও আছে হস্তীৰ মনোবল
দিয়াচোন আগুৱাই হাত,
ঠৰঙা মোচেৰে বিশালকায় হলেও
দিব পাৰো মই মিঠা মাত
একে ছন্দৰ কলিজা দুয়োৰে সজাত
টম, জেৰি, নিগনি, মেকুৰী
যিয়েই কি নিদিয়ক ভিন ভিন নাম
নামৰ জানো আছে কিবা কাম?
সুহৃদয়, সুভাষ, সুমতি সখা তুমি
ৰাখিব নোৱাৰা ঢাকি, তুমি বহ্নিমান
মই জানো, তোমাৰ নাম অনিৰ্বাণ॥

[ ৭৮ ]

একলব্য

সীমাহীন সমুদ্ৰৰ উত্তাল বুকুত
পাল তৰা নাওখনি মোৰ
ধীৰ গতি যদিওবা আগুৱাই যায়
অতিক্ৰমি কোবাল ঢৌবোৰ।
বক্ষত শুকুলা পাল, হাতে গুৰি বঠা
সেয়ে মোৰ প্ৰগাঢ় প্ৰত্যয়
বতাহ পানীৰ সোঁতত উটি ভাহি গৈ
পামেই মই পাৰ নিশ্চয়।
জোঁৱাৰ-ভাটাৰ প্ৰচণ্ড আক্ৰোশ আৰু
ভয়াবহ গৰ্জনেও আজি
নোৱাৰে টলাব মোক, একলব্য মই
ধ্যানমগ্ন, প্ৰতিকৃতি সাজি।
চিকমিক্ মুকুতা কালসৰ্পৰ ফণা
দেখি লেখি কটালো সময়
অস্তমিত ভাস্কৰৰ বিক্ষিপ্ত আভাত
অদূৰত দেখিছো বিস্ময়।
শতেক দুন্দুভি উঠিলেও বাজি
ধ্যানমগ্ন প্ৰতিকৃতি সাজি
অলৰ-অচৰ স্থিত প্ৰজ্ঞ মই
দৃঢ় প্ৰতিজ্ঞ একলব্য মই॥

[ ৭৯ ]

প্ৰাৰ্থনা

চোৱা আজি বাগ্‌দেৱী
চোৱা ধৰাতল হ’ল ৰসাতল
চোৱা হে জ্ঞানদায়িনী
চৌদিশে ঘূৰে আজি মূৰ্খৰ দল।
শুনা সংগীতময়ী
বতাহত অশ্ৰাব্য গীতৰ ঢল
ভাবি যে নেপাওঁ ওৰ
বন্দনা এয়া বাৰু কেনেকৈ হ’ল!
ধূপধূনাৰ আৰতি
আমোল-মোল গোন্ধে মনলৈ আনে।
শান্ত, সুস্থিৰ এক
দূৰ্লভ পৰিবেশ প্ৰতি প্ৰাণে
তাতে যদি বাজে এটি
বিকৃত গীত, চিৎকাৰ সমতানে
আছে যি অকণ ভক্তি
ভক্ত হৃদয়ত, পলায় নিদানে।
মই যে মুৰুখমতি
নেজানো বন্দনা, পূজা অৰ্চনা
নহ’ল বিকাশ মোৰ
মনটো, আধুনিকতাৰ ৰং সনা
পাৰা যদি দিয়া কিছু
আশিস বৰ্ষণ পাহৰি লাঞ্চনা
শত কোটি জনতাৰ
কণ্ঠত বাজক একেটি মূৰ্চনা
বন্দে মাতৰম্
বন্দে মাতৰম্॥ ❖

[ ৮০ ]

জীৱন মাধুৰী

কিনো এক মায়াজালে মেৰিয়াই ধৰে
টোপাটোপে জীৱনৰ ৰসবোৰ সৰে
নিমাত নিতাল ক্ষণ নিমাওমাও
এচলু এচলু লৈ মধুৰস খাওঁ।

দিবাস্বপ্ন ইযে ক্ষন্তেকৰ বালিঘৰ
মানিব নোখোজে মনে অন্ত হেঁপাহৰ
এখোজ পিছলে দি এখোজ আগুৱায়
মৰিচিকা দেখো মাথো আঁতৰি পলায়।

তৃষাৰ শেষ জানো সঁচাকৈয়ে আছে।
শুকান বালিতেই চোন ময়ূৰে নাচে
ই যে প্ৰকৃতিৰ এক অভিনৱ খেলা
বুজি পালো জীৱনৰ বিয়লি বেলা॥ ❖

[ ৮১ ]

কিয়

কিয়! কিয় এই অহেতুক খৰ ধৰ
দৌৰ, গোটাবলে এখন বিলাসী গাড়ী
প্ৰাসাদোপম এটি বিলাসী থকা ঘৰ
দুৰ্ভেদ্য পদুলি আৰু সৰলৰ শাৰী?

চলে বলে কৌশলে দৌৰত সমুখত
থাকিব পাৰিলে হয় জীৱন সাৰ্থক
বাকী সকলোটি যদি পৰেও দুখত
ভ্ৰক্ষেপ নাই, নিৰাপদ ৰাখে স্বাৰ্থক।

অহোপুৰুষাৰ্থ কৰে আৰু কিছু লাগে
যিখিনি হাতত আছে যথেষ্ট নহয়
চিনাকি দিবলৈ মনত হেঁপাহ জাগে
নাই আক্ষেপ যদি হয় দেহাৰো ক্ষয়।

এদিন আছিল, সকলো আছিল, হায়!
আজি আৰু নাই, ঘূণীয়া শৰীৰ মন
ঘৰ, গাড়ী সকলোটি নীলামত যায়
নিষ্প্ৰাণ, নিৰলস হৈ গণি আছে ক্ষণ।

কিয়, কিয় তেন্তে এই নিৰৰ্থক দৌৰ?? ❖

[ ৮২ ]

বিদায় বেলা

চেনেহৰ অসমী আই মোৰ ঐ
বুকুখন ক’ৰবাত বিষায় ঐ
বিদায় পৰতে তোকেনো ঐ
কিনো কৈ যে নিচুকাওঁ মই।
উশাহত তোৰনো ঘনকৈ
শুনিছো কলিজাৰ শব্দ ঐ
বুজিছো মনৰ বেথা তোৰ ঐ
উপায়ন্তৰ আজি যে মই।
জনম লভিলো সোৰোপা হৈ
কামৰ আহিলা নিদিলি লৈ
যিকণ শিকিলো স্কুললৈ গৈ
ধৰা দিয়ে আজি অসাৰ হৈ।
তোৰ যে বুকুৰে লুইতখন ঐ
চিৰপ্ৰবাহিত তেজাল নৈ
নুবুজিলো হায় মহিমা ঐ
মূৰ্খ, অন্ধলা হ’লো যে মই।
সেউজী তোৰে পথাৰখন ঐ
গছকা নহ’ল কোনোদিনেই
কৰোতে ভৰষা অইনত ঐ
ঘৰতে পৰ হ’লো যে মই।
আঁকুহি বাকুহি তোক যে ঐ
শ্ৰীহীন কৰিলে সোদৰে ঐ
দুচকুত পোৰণি উঠিছে ঐ
সহিবযে নোৱাৰো মই।
শকতি নাই মোৰ ৰুধিমে ঐ
মগজু খালি হ’ল নিষ্কৰ্মা হৈ।
চাইছে এবাৰ শেষ বাৰলৈ
ওলালো মই বিদেশী হৈ॥ ❖

[ ৮৩ ]

অপ্ৰশস্ত

স্তম্ভিত আজি দেখি নাৰী বিপ্লৱ
খৰ্গহস্ত প্ৰতিক্ষণ, কুটিল চিন্তা
মনত, অৱৰুদ্ধ সদা গৃহযুদ্ধত
ভীত, ত্ৰস্ত, সন্ত্ৰাসিত প্ৰতিটো পলত
শাস্তিও লুপ্ত মনৰ গহন বনত।
এয়াই চৰিত্ৰ নেকি নাৰী বিপ্লৱৰ
ক’তেনো লুকাল সেই লয়লাস ভঙ্গী
মিঠাকৈ মৌমাত, ওঁঠত হাঁহি, লাজুক
লাজুক দৃষ্টি, আহে ঘৰখন এৰি থৈ
নতুন ঘৰত হয় জীৱনৰ সঙ্গী।
বিপ্লৱ মানে বুজো বৌদ্ধিক প্ৰগতি
উচিত বিচাৰ, সঠিক দিশত গতি
চুলি চুটি কৰি অপ্ৰশস্ত পিন্ধি যদি
যাব পাৰে কেৱে সমানে খোজত মিলি
নল’বা ধৰি বিপ্লৱী, বীৰঙ্গনা তুমি
পাৰা যদি মুক্ত হোৱা নকৰি পলম
খুলি মেৰপেছ পুৰাতন শিকলিৰ।
সৰলতা, সহিষ্ণুতা, শালীনতা বোধ
নহয়টো পৰিপন্থী বিপ্লৱ নামৰ
মনৰ দুৱাৰ খুলি মাৰ বান্ধি ল’লে
অনায়াসে পাবা সুজলা সুফলা ধৰা
বিপ্লৱে দেখুৱাব বাট হৈ ভোটা তৰা। ❖

[ ৮৪ ]

বান্ধোন

তেজৰঙা গোলাপ ভাল পাওঁ মই
ভাল পাওঁ কোমল সুবাস
উৰি ঘূৰি গীত গাই আপোন মনে
মনটো পাবলৈকে কৰো প্ৰয়াস।
কিয় জানো ভাব হয় মোৰ
বহুজন বন্দিত গোলাপৰ মন
ভোল গ’ল নেকি ভুলতেই;
অভিজাত পুৰুষৰ বুকুৰ উম
সুন্দৰীৰ নেঘেৰী খোপাৰ মোহে
শূন্য কৰে নেকি চেতনাৰ চ’ৰাঘৰ
পাহৰণি হ’ল নেকি সৃষ্টিৰ নীতি
মাটিতেই থাকি গ’ল শিপাৰ প্ৰীতি।
বিচ্ছিন্নতাৰ চকুলো নটুকিবি তই
সময়চোন পাৰ হ’ল চকুলো টোকাৰ
যোবা বাট এৰি থৈ উভতি অহাৰ
কিঞ্চিত মৰম ওভতাই দিয়াৰ
শিপাৰে পুনৰবাৰ হাত মিলোৱাৰ।
বেলি অনুৰক্ত বেলিফুলটি
আহ্লাদিত, কদাপি নকৰে ভুল
পুৱাৰ সূৰ্যপ্ৰণাম নয়নাভিৰাম
নাচে ভোমোৰাৰ সতে নাই যে বিৰাম।
উন্মুখ বাসনা তিলমানো নাই
মাটিৰ সৰস মৰম কণা
শ্ৰীমুখ শুৱনী কৰা
তাৰ কোনো তুলনা যে নাই
বুকুৰ উম কি খোপাৰ ওখ টিং
সকলোটি তুচ্ছ হৈ যায়
বেলিফুলে অন্তৰত মলয়া বোবাই
ভালপোৱাখিনি মোৰ নিয়ে উৰুৱায়। ❖

[ ৮৫ ]

প্ৰেৰণা সুন্দৰী

প্ৰেৰণা সুন্দৰীজনী
নহয় যে মোৰ পাটৰাণী
যুটি বান্ধি ওলামগৈ তোমাৰেই ঘৰ
সামান্য চিনাকি মাথো
শেৱালিৰ মালা গাঁথো
নোৱাৰো যে ক’ব মই অচিনাকি পৰ।
দেখিলে সুহৃদজন
হোৱা বিচলিত মন
নোবাৰো থাকিব মই একোকে নকৈ
প্ৰেৰণাক মাতি আনি
ওঁঠত হাঁহিটি সানি
তৎকালে এভুমুকি মাৰি আহোঁগৈ।
প্ৰেৰণাজনীও পিছে।
সৰ্বত্ৰ বিয়পি আছে
চকু দুটি মেলিলেই কাষতেই পাওঁ
ক’ৰবালৈ লগ ল’লে
কি জানো মনৰ বলে
চমক সৃষ্টি কৰে ততকে নাপাওঁ।
চোৱা বন্ধু এটিবাৰ
জীৱন নৈৰ দুয়োপাৰ
ক’ৰবাত আছে ৰৈ আৰাধ্য তোমাৰ
এটি মাথো ইঙ্গিততে
ওলাবহি ততালিকে
আনি দিব মন ভৰা জোনালী জোৱাৰ। ❖

[ ৮৬ ]

বিষাদ ৰস

এটি সপোন দেখিলো মই
নিদ্ৰাঘন পুৱতি নিশাতে
দেখিলো নিজকে এক বাগিচা মুখত
সৰু সৰু জোপোহা গছেৰে ভৰা
লোমালোমে লাগি থকা অচিন ফল
এটা দুটা পোকে ধৰা একোৰা বেঁকোৰা
বেছিভাগ পৈণত, নোদোকা
চপ্‌চপ্ ৰসেৰে ভৰা;
চকুত নপৰা, পাতেৰে আৱৰা
আছে কেতবোৰ কেচকলি
ভয় যেন কৰিবলৈ হলিগলি
কিজানিবা হয় খেলিমেলি
সেয়ে যেন মনৰ বতৰা।
কিনো জানো ফল সিটি
পাৰিনে চাব এটিবাৰ শুঙি পিটিকি
মেলোতেই হাতখন কাণত পৰিল
বিষাদজৰ্জৰ এক কৰুণ বিননি
“হাতে নেমেলিবি ফলো নিছিঙিবি
ক’ৰে বাটৰুৱা তই
কাব্যতৰুৰ ঘাই শিপা
বিষাল পোকে কুটিলে
‘বনচাই’ হৈ জীয়াই আছো মই।” ❖

[ ৮৭ ]

শেষ চিঠি

আইজনী ঔ, মই যাবলৈ ওলালো
আধা ফুলা ফুলপাহি
পাপৰি সুগন্ধি, লাহি
কৰিছেহি ভিৰ মোৰ দুচকুতে আহি
বাঢ়ি অহা ক’লাবোৰ
চোৱাৰ হেঁপাহ মোৰ
হয় মানে পূৰ্ণিমাৰ সোণ শিখাবোৰ;
কিন্তু মই যাবই লাগিব
এৰি থৈ সকলো পাৰ্থিৱ
নহ’লেযে বেলিটি পশ্চিমত উঠিব।
দেখিছিলো এটিবাৰ
তাহানিতে জোনাকী জোৱাৰ
সেয়ে আজি উৎস লোভ-লালসাৰ
অবুজন মনটোৰ
অতৃপ্ত বাসনাবোৰ
লুকুৱাই থ’বলৈকো শোক লাগে মোৰ
সেয়েহে লিখিছো চিঠি
ডায়েৰীৰ শেষ পিঠি
মৰহা গোলাপ এটি দিছো মই গাঁঠি।
ইতি॥ ❖

[ ৮৮ ]

তেজৰ ঈদ, তেজৰ হোলী

ভ্ৰষ্ট চিন্তা আৰু শাণিত অস্ত্ৰৰ ধাৰে
মানৱতাক কৰে আঘাট বাৰে বাৰে
ভুপতিত হ’ল আজি
জীৱশ্ৰেষ্ঠৰ নিচান
বেসুৰা, অশ্লীল হ’ল
বিশ্বভাতৃত্বৰ জয়গান।
আজি ভাবিবৰ হ’ল
কৰ্মই ধৰ্ম নে ধৰ্মহে কৰ্ম
মনৰ ছবিখন যে
অতিকে বিভৎস, বিবৰ্ণ;
একৰঙী ডোঙাবোৰ অভিন্ন তেজৰে
দিবলৈকে ঢাকি ঘন ক’লা চাদৰেৰে
অস্তগামী সভ্যতায়ো খৰ-খেদা কৰে। ❖

[ ৮৯ ]

সিদ্ধান্ত

অচিন বাটত মই এক বিভ্ৰান্ত পথিক
নাজানো কোন বাটে পাম লক্ষ্য সঠিক
ৰঙীণ আলোকসজ্জা সমুখ বাটত
অপ্সৰা দেৱদূতে দলিচা পাৰি দিয়ে
দেৱান্নৰ প্ৰলোভন চকুৰ আগত।
কৰ্ণগোচৰ হয় এক চেপা স্বৰ
নাযাবা সেই বাটে প্ৰতিবন্ধ তৰ্কৰ
বিস্তাৰিত দুচকুত উপবিষ্ট হয়
আন এটি বাট, সুউচ্চ জ্ঞান প্ৰপাট
কোলাহল বিবৰ্জিত, জ্যোতিৰ্ময়
আছে যুক্তিৰ দাম, নিৰ্ভুল, নিৰ্ভয়।
সেই বাটে আগুৱাম নিশ্চয় মই
অস্থিৰ মনটো বান্ধিলো সজোৰ
পৰলোক বহুদূৰ, বাস্তৱ কঠোৰ
‘কৰ্মই ধৰ্ম’ শিৰোগত কৰি লৈ
পাৰ হ’ম কোবাল বৈতৰণী নৈ। ❖

[ ৯০ ]

প্ৰত্যাবৰ্তন, এক দ্বিবাস্বপ্ন

ক’তনো থাকিল সেই
ক্ষুৰধাৰ হেংদাংখন
নসহে কলিজাই আৰু
চল-চাতুৰি মিথ্যা বচন
উৰাই-ঘূৰাই তাকে
কৰি দিম যেন তহিলং।
বাক্যবান ফুলজাৰি
ছদ্মবেশী হিতাধিকাৰী
ভ্ৰষ্ট পদলেহনকাৰী
এটি এটিকৈ সামৰি
সুজিম জননীৰ ধাৰ
অকপটে শিৰচ্ছেদ কৰি।
নহও ৰুগীয়া মই
কাপুৰুষ ভীৰু বুলি নাভাবিবি তই
মোমাইকো নিদিও আসৈ
মাতৃৰ আহ্বানে উতলাই তেজ
সুযোগৰ অপেক্ষাত মই।
মোমাইকটা হেংদাং লৈ। ❖

[ ৯১ ]

সোণালী সজা

এটা নিৰ্জন দ্বীপত আবদ্ধ মই
এটি পাৰ্থিৱ কায়, অহৌবলিয়া
পৃথিৱীৰ চাৰিসীমা নিচেই কাষত
আপোন চিন্ততে মই মতলীয়া।
আকাশৰ নীলাখিনি সাগৰৰ টৌ
অৰণ্য সুন্দৰী হৰিণীজনী সৌ
কুলিৰ অমিয়া মাত মন প্ৰাণ হৰা
মুঠিতেই ৰাখো মই ধৰাৰ বতৰা।
নাই জটিলতা নাই কোনো ক্লেশ
অনিয়ম এটি মাথো নিয়মবিশেষ
হাঁহি আৰু কান্দোনৰ ময়েই হোতা
মই একক দৰ্শক, ময়েই শ্ৰোতা।
প্ৰগতিৰ প্ৰচণ্ড বা-মাৰলীত
বিধ্বংস মোৰ সাতোৰঙী জীৱন তৰি
নাজানো কেতিয়া পাম আপোন ঘৰ
বহুজনে ভিৰ কৰা, হাঁহিৰে মুখৰ। ❖

[ ৯২ ]

মোৰ জীৱন, মোৰ প্ৰেম

বৰ্ষাসিক্ত নিজম ৰাতি
আনন্দ আপ্লুত তোমাৰ কথাকে ভাবি
মই যে ভাল পাওঁ তোমাক
হৃদয় ভৰি তোমাৰেই নিৰ্মল ছবি।
শৈশৱৰ খিল্ খিল্ কোলাহল
নৃত্যৰত দুধাৰ বেণী
অভিমানি, আক্ৰোশী নয়ন যুগল
মোৰ উলাহৰ দূৰন্ত সমল।
সদ্য প্ৰস্ফুটিত যৌৱন কমল
নিৰন্তৰে বৈ থকা প্ৰেম সুকোমল
কটাক্ষৰে হৰিণী চঞ্চল
খোজে প্ৰতি দিয়ে মোক প্ৰেৰণা প্ৰৱল।
অভিজ্ঞতাপুষ্ট তুমি গজগামিনী
আওকান কৰা শতেক বিঘিনি
নিৰাপদ আশ্ৰয়, বিশাল ছাঁয়াতে
বিস্তৃত মোৰ কৰ্মভূমি।
সেই ছাঁতেই বহি মৌৰস পান কৰো
ৰঙীণ পখিলা ধৰো
শীতল ভূমিকেই শেতেলী কৰি
তোমাক আলিঙ্গন কৰো
তোমাক যে ভাল পাওঁ মই। ❖

[ ৯৩ ]

ক্ষণভঙ্গুৰ

লাহি পখিলাটি উৰি উৰি
পালে আহি পঁজাটি মোৰ,
বহু দূৰ দেশ ঘূৰি ঘূৰি
কঢ়িয়াই খবৰবোৰ
পূবৰ বেলি উঠা দেশৰ
অতিকে আপোন মোৰ
সানি লৈ দেহাটিত
সুগন্ধি ফুল ৰেণুবোৰ।
ক’লে আহি কাণে কাণে
অবিনাশী নিজস্ব ভাষাৰে
নাপাওঁ খবৰ, মনেও নামানে
আহিলো সাহ কৰি অকলশৰে
আছানে কুশলে বন্ধু মোৰ
জীৱনৰ বাটকুৰি বাই
বাগি দি চাকনৈয়া ঘোৰ
ধুমুহা গাজনি দুৰ্ঘোৰ?
নাজানো কেনি গ’ল সময় উৰি
আকাঙ্খ্যাৰ দুটি পলে
যেন মনাকাশ পৰে ভৰি
হিম শিখৰত হিমবোৰ গ’লে
ক্ষন্তেক সময় সুখৰ বন্যাত
মনে মোৰ কক্ বক্‌ কৰে
চাই ৰওঁ পখিলাটি
কিজানিবা সাৱতিহে ধৰে। ❖

[ ৯৪ ]

সৰাফুল

এপাহ শুৱনী ফুল তল সৰি গ’ল
ধৰাৰ বুকুতে বোৱাই সুবাসৰ ঢল
অবিনাশী ধৰাতেই পুনু লীন হ’ল;
মৰতৰ ফুল হৈয়ো ছটিয়াই দিলা
সৰগী সুগন্ধ, যেন পাৰিজাত নীলা
ডালে ডালে ভিৰ কৰে চিত্ পখিলা।
খৰগতি পছোৱাই হ’ল মহাকাল
উদং কৰিলে আজি ৰেণুৰ ভঁৰাল
এৰি গ’ল মাথো তাৰ কলীয়া কৰাল,
তথাপিও মাজে মাজে পাওঁ এটি বাৰ
অনুভূতি, প্ৰকাশ্য সান্নিধ্য তোমাৰ
ব্যথিত মনে মোৰ কৰে হাঁহাকাৰ।
উঠি অহা কলিবোৰ থমকি ৰ’ল
ফুলনিৰ মধুৰতা ম্লান পৰি গ’ল
বেদনা লহৰবোৰ জোঁৱাৰহে হ’ল;
উটি অহা স্মৃতিবোৰ চপাই-কোঁচাই
হাঁহি আৰু কান্দোনৰ ছবিবোৰ চাই।
আছে অনন্ত সৃষ্টিৰ গৰিমাকে গাই।
বিচাৰিলে জানো কিবা কাৰোবাৰ পৰা
নুশুনিলো, নক’লে মনৰ বতৰা
মাথো বিলালে আশিস, অন্তৰ ভৰা,
আজিও চাই আছে ওপৰৰ পৰা
অলেখত এটি হৈ উজ্জ্বল তৰা
বিষাদ ডাৱৰহীন পৰিপূৰ্ণ ধৰা। ❖

(সমৰ্পিত, হৰিহৰ ভিনিহিলৈ)

[ ৯৫ ]

শিহৰণ

এয়াই নেকি প্ৰশান্তিৰ মেলা!
বহু দূৰ ঘূৰি ফুৰি জৰ্জৰিত
কলিজাত যেন মলয়াৰ খেলা,
দৃষ্টিত ধূসৰ আবেলিৰ ধৰা
হঠাতে ভুমুকি মাৰে পুৱতী তৰা
বিদায় পৰতো কাঁচি জোনটোৱে
সোঁৱৰায় এয়াযে পুৱাৰ বেলা।
বতাহত নাচে এটি চিনাকি সুৰে
নাকে-মুখে, সৰ্বাঙ্গে চাটি ধৰে
স্বচ্ছন্দে উৰি অহা ফুলৰেণুবোৰে,
উষ্ণ প্ৰবাহ যেন প্ৰতি ধমনীত
লাজতে লুকাই পৰে পুহৰো শীত
কমলাৰ ৰং সিঁচি মন পথাৰত
নৱ ভাস্কৰে হৰি নিয়ে চিত।
অনন্ত সময় থমকি ৰওক!
উপভোগ কৰো সৃষ্টিৰ কলা,
আধুনিকতা কিম্বা উত্তৰণৰ
ফোপজহী নঙঠা বকলা
নালাগে নুশুনো এটিবাৰো মই!
সকলোটি আছে এই শান্তি মেলাত
সসাগৰা পৃথিৱী মোৰেই কোলাত। ❖

[ ৯৬ ]

কল্পতৰু

আকৌ এবাৰ কৃতজ্ঞ নতশিৰ মোৰ
মই যে ঋণী, চিৰ ঋণী ব্যক্তিত্ব মোৰ
সানন্দে কঢ়িয়াম ঋণৰ বোজা মই
উপভোগ্য নাটখনি পৰে মানে ওৰ।
প্ৰথম দৃশ্যতে দেখা দিলা তুমি
কৰিছিলা ভ্ৰূণটিৰ যতন পালন
স্নেহধাৰা ছতিয়াই আঁচলেৰে ঢাকি
কৰিলা ডাঙৰ, দিলা আগুৱাই
সৈনিক জীৱন যুঁজৰ, কপাল চুমি।
লগ দিলা পুনৰাই সমান খোজত
খলা-বমা, কাঁইটীয়া জটিল বাটত
সাহস, ধৈৰ্য, শক্তি, প্ৰেম চাৰি স্তম্ভ হৈ
সজালা মৰততে সৰগ নিয়াৰিকৈ।
আজি এটিবাৰ পুনু, যাচিছা অমৃত
ভাগৰুৱা দেহ-মন, মৃত্যু ভয়-ভীত
আঁতৰাই সকলোটি ফুলালা ফুল
নতুন সপোন দেখি চিত্ মছগুল
ঋণী মই, আজীৱন! নাই তাত ভুল। ❖

[ ৯৭ ]

প্ৰত্যাৱৰ্তন, এটি সাঁথৰ

পাৰ চৰাইহাল নেদেখা হ’লো
কিয় জানো! নে মই দৃষ্টি হেৰুৱালো?
পুৱাতেই কৈছিল অস্ফুট কিবা এটা
শুনিছিলো মই, বুজিহে নাপালো।
কিবা এক শূন্যতা সৰ্বত্ৰ বিৰাজে
ভয়ানক নিৰৱতা ধুমুহাৰ আগে
সীমাহীন উৎকণ্ঠা মনৰ মাজে
পামনে পুনৰ দেখা সন্ধিয়া ভাগে।
ক্ষতি নাই চেষ্টাত, নতুন ঘৰ এটি
সাজি দিম চোতালৰ এচুকত মই
খুদ চাউল সিঁচি দিম নিতৌ পুৱাতে
মন খুলি আদৰিম বুকুৰ মাজলৈ।
হয়তো (পাৰ হালে) উঠিছে বুজি
‘ইফেল টাৱাৰ’ৰ সুউচ্চ শিখৰটো
মহাৰ্ঘ আজি ক্ষণিক স্বস্তিৰ জিৰণী
এৰি অহা সৰু নিঃকিন পঁজাটোত
খুদ খাই পাতলাব পেটৰ পোৰণি।
ৰান্ধনী বেলিটোৱে চকু টিপিয়াই
তাকে কৈ গ’ল, সচেতন হোৱা
ঘনঘোৰ তমসাক নিদিবা প্ৰশ্ৰয়
মানৱতা বস্তিগছ ল’লেই জ্বলাই
হেৰোৱা চৰাইহাল আহিব দুনাই। ❖

[ ৯৮ ]

ৰণাঙ্গন

কণমানি যোদ্ধা জীৱন যুঁজৰ
শৃংখলিত দুভৰিতে সীমা দাৰিদ্ৰৰ
যুজে প্ৰাণপনে নহয় কাতৰ
অনাহাৰী আখৰাত পৈণত পেশী
মন ব্যাকুল লক্ষ্য অদূৰতে দেখি
বগুৱায়, মাথো বণ্ডৱায় খোজ লেখি।

অন্য এক যোদ্ধা জীৱন যুঁজৰ
শ্ৰান্ত, ক্লান্ত যুঁজি সমুখ সমৰ
ধৰাশায়ী, অপেক্ষা আলিঙ্গনৰ
মৃত্যুৰ সতে, দৃষ্টি ধুৱলী ধূসৰ
নাই চিন চাব কোনো অমিয়া সুখৰ
আছে শত ক্ষতচিহ্ন আগ্ৰাসী দুখৰ।

মাতৃৰ বুকুৰ সেই অমৃতৰ গতি
ৰুদ্ধ হ’ল আজি যেন মৰা সুঁতি
চালুকীয়া সৈনিকৰ যুঁজৰ সমল
তৃষ্ণাতুৰ এপাহি তেজস্বী কমল
কি খাই নচুৱাব ধাৰাল হেংদান
সপোন সৰগ যেন হ’ল থানবান। ❖

[ ৯৯ ]

ধনগুলৈ

মানৱ অধিকাৰ নহয় জানো
মাথো মানৱৰ বাবে
তেন্তে কিয় আওৰায় বাৰে বাৰে
সেই একেটাই পাঠ
ক্ষমাদান, মুক্তিৰ তুলুঙা যুক্তি
নৰপিশাচৰ বাবে
কৰে বহুৱালি, চিঞৰি গগন ফালে
বকে পাগল প্ৰলাপ;
প্ৰতিবাদী পছোৱাত সৰে ফুলপাহ।
পিশাচৰ বুকু হয় ডাঠ।
হাত-ভৰি, চকু কাণ, নাক হয় জানো
বৈধ, পূৰ্ণ সংজ্ঞা মানৱৰ
অহিংসা মন্ত্ৰ বিনে সিয়ে সজায়
ৰূপ দৈত্য দানৱৰ,
অসহ্য ভৰত কঁপে বসুমতী আই
নাই, কাণসাৰ নাই;
অধিকাৰ সাব্যস্ত মাথো লক্ষ্য এটাই
যুক্তিৰ সমাদৰ নাই
বৰ্বৰতাৰ এয়া যে আধুনিক পাঠ
দুৰ্বোধ্য অল্প মানৱৰ। ❖

[ ১০০ ]

অভিমান

শুনাচোন ফুলপাহে কৈছেনো কি
ধূলিৰে ধূসৰ আজি মোৰ পৃথিৱী
পুৱাৰ বেলিটি নিৰ্লিপ্ত, মলিয়ন
লুপ্তপ্ৰায় সেই তেজস্বী বৰণ
হলাহল নিচাশক্ত, অস্থিৰ চলন
বিষবাষ্প অনৰ্গল হয় বিকিৰণ।
কিনো চাই সুঁৱৰিম শৈশৱৰ হাঁহি
আদৰিম আথে বেথে মেলি লৈ পাহি
উমলিম হালি জালি হৃদয় জুৰাই
ৰ’দ ছাঁয়া বাগি দিম ছেগ বুজি চাই
ভ্ৰমৰৰ প্ৰস্তাৱত সঁহাৰি জনাই
যাচিম অমিয়া মধু বুকু উদঙাই।
সন্ধিয়াৰ বেলিটিও লাজুক অতি
নাই কাণসাৰ মোৰ অস্তিত্বৰ প্ৰতি
মেঘৰ আঁৰে আঁৰে মুখখন গুজি
ঘৰমুখে আগবাঢ়ে এখুজি দুখুজি
মই আজি সঙ্গীহীন বিষাদ জৰ্জৰ
কঢ়িয়াই অভিমানী মনৰ খবৰ। ❖

[ ১০১ ]

আগৰতলা

সময় সলনি হ’ল
মনবোৰ যেন কিছু সলনি হ’ল
কলিজাৰ ৰং দেখো একেদৰে ৰ’ল
বহুতৰে চুলি সৰি তপা মূৰ হ’ল
কঁকাল, ডিঙিৰ চিন নাইকিয়া হল
কলিজাটো ৰঙা যি ৰঙা হৈয়ে ৰ’ল
সাজপাৰ, পৰিধান গহীন হ’ল
চেঙেলীয়া গতি-বিধি অতীত হ’ল
সকলোবোৰ যেন খেলিমেলি হ’ল
অবুজন মন চাগে বলিয়া হল
স্থিৰতাৰে এখন্তেক নহ’বা হ’ল
কলিজাটি মোৰ নিৰুদ্দেশ হ’ল
একৰঙী কলিজাৰ কোলাহলী ঢল
সুখময় স্পন্দন আজি ধ্বনিত হ’ল
আগৰতলা যেন পুণ্যতীৰ্থ হ’ল
মদিৰাৰ পাত্ৰটি পৰিপূৰ্ণ হ’ল
উপভোগ কৰা পল-অনুপল
পলাই কলিজা মোৰ তালৈকে গ’ল। ❖

(উচৰ্গা-৭১’ সহপাঠী কলিজাবোৰলৈ।)

[ ১০২ ]

সাঁথৰ

চোৱাচোন চোৱা সেই
পলীয়া তৰাটি কেনেকৈনো সৰে
বিশাল হিয়াৰ মাতৃ
ধৰিত্ৰীয়ে বুকু পাতি সাৱতি ধৰে।
আকাশ বিদীৰ্ণ কৰা
অপায় অমঙ্গল সূচনা কৰা
অসীমৰ পাৰাপাৰ
হেলাৰঙে নিমিষতে পাৰ কৰা,
ক্ষন্তেকীয়া চমকেৰে
ক্ষীপ্ৰ অধোগতি, জিনিব জগত
যেন সৰগীয় শক্তি
চিৰঞ্জীৱী বৰ আনিছে লগত।
চিন্তাৰ আহৰি নাই।
আকাশৰ তৰাই ৰ’ লাগি চায়
জোনটিয়ে হাঁহি মাৰি
মেঘৰ আঁৰতে মুখ লুকুৱায়।
পাপৰ গধুৰ বোজা
পৰ জনমৰ, নোৱাৰি সহিব সিটি
খহিছে আকাশ ফুটি
সৰ্বদা বিস্ময় তাৰ পৰিকিতি।
বুজিবনে কোনোদিনে
জন্ম ৰহস্য তাৰ, ল’বনে সাৱতি
ধীৰ-স্থিৰ উৰ্ধগতি
জগতৰ প্ৰীতি, অগতিৰ গতি। ❖

[ ১০৩ ]

স্তব্ধ প্ৰহৰ

অপৰূপা তুমি, তুমিযে অনন্যা
শতেক সহস্ৰ ফুলে জাতিষ্কাৰ কৰা
লাহী পখিলীৰ লয়লাস নৃত্য
ভোমোৰাৰ গুণ গুণ শবদেৰে ভৰা
পূৰ্ণিমাৰ জোনটি কপালত আঁকি লৈ
বিজুলীৰ চিক্‌মিক্ ওঁঠত সানি লৈ
প্ৰতিটো পলকে মোৰ মন প্ৰাণ হৰা।
মেলিলো প্ৰথম চকু তোমাকেই চাই
নিচুকালা কত দিন গীত গাই গাই
ল'ৰা-ধেমালিবোৰ ভাল বেয়া যত
জীৱন্ত সাক্ষী তুমি দৈৱপাকত;
ভিক্ষুক মই আজি, অমিয়া প্ৰেমৰ
বিচাৰিছো বৰদান, নধৰা জগৰ
মিলি সাজো সৌধ এটি অজৰ অমৰ।
কিয় বাৰু মিচাকৈয়ে আমনি কৰা
ওৰণিখন টানি লৈ উপহাস কৰা,
সময় যেন মোৰ স্তব্ধ হৈ যায়
স্পন্দিত কলিজাৰো ছন্দ হেৰায়
পৃথিৱীখন ভৰিৰ তলুৱাতে লৰে
মনাকাশ নিশাচৰ বাদুলীৰে ভৰে,
দুৰ্বল আজি মই মন সংশয় ভৰা।
হেঁপাহৰ শেষ সীমা নাই যে মোৰ
আকৌ এবাৰ দিম ল’ৰালিৰ দৌৰ
হাতত হাত ধৰি কণমানিটোৰ
মৌ-পান কৰি হ'ম আপোন বিভোৰ
নিষ্পলক নয়নেৰে তোমালৈ চাই
পাতলাম হিয়াখনি বেদনা গধুৰ।
সপোনবোৰ ফলিয়াব নে মোৰ?¤

[ ১০৪ ]
 

অবাঞ্চিত বিজয়া

শৰতৰ ফৰকাল আকাশলৈ চাই
ভাবি গুণি থাকোতেই কাণত পৰিল
প্ৰতিবেশীৰ পেনাটিৰ ক্ষুব্ধ আটাহ
‘পিতাই ঔ, নাযাৱনে বজাৰলৈ তই
পূজাচোন পালেহিয়ে কাষ চাপি আহি
মাজত ৰৈছেগৈ আৰু মাথো এসপ্তাহ’।
কলিজাটো কেন জানো লৱৰি পলায়
ল’বলৈ খবৰ চালুকীয়া মনটোৰ
চাবলৈ এটিবাৰ দুচকুত চকু থৈ
নীলিমত উৰি ফুৰা ৰঙীণ সপোন
নীলৰঙী সাগৰৰ সুশীল দাপোন
আবেগে দুভৰি মোৰ সঘনে কঁপায়।
নেদেখো যে বিশ্বৰূপ সেই দাপোনত
জৰা-ব্যাধি, সংগ্ৰামৰ আভাস কিঞ্চিত
চেনেহ চাদৰে বান্ধি সযতনে আয়ে
লুকুৱাই ৰাখিছে কোনো অজ্ঞাত স্থানত
চকুলোৰে ধুই-মচি নোপোৱাৰ সঁফুৰাটি
পোনাকনে পায় জানো আঘাট মনত।
‘যাম অ’ বোপাই’, পিতাইৰ চেপা মাত
‘কীটবোৰে কিছুক্ষণ দিলেই ৰেহাই’
নাজানে পোনাটিয়ে পিতাইৰ যকৃত
কুৰুকিছে কুৎচিত বিষাক্ত কৰ্কটে
বিয়পাই বিষবাষ্প গুপুতে গুপুতে
দিবলৈ ৰেহাই দিন বিজয়াৰ সতে। ❖

[ ১০৫ ]
 

বিহঙ্গম দৃষ্টি

মন যায় লবলৈ ‘স্নেপ’ এটি
নিচেই কাষৰে পৰা,
য’ত ধৰা দিব দুচকুত
সুউচ্চ পাহাৰৰ দুৰ্গম টিং
মেঘ চাদৰৰ ঢাকনী গুচাই
নামিবলৈ আৰু পুতিবলৈ
জয়ধ্বজা ৰং-বিৰঙৰ
পাম য’ত বিচাৰিলে
গুপ্ত সমুদ্ৰ, অমৃতে ভৰা
দেৱৰো দুৰ্লভ, মাণিক সৰা
প্ৰতিবিম্ব ভৰপক জোনৰ
আৰু তিৰ্‌বিৰ্ অলেখ তৰা,
নিগৰি অহা নাচনী জুৰিটিৰ
আহ্বান হিয়া আকুল কৰা।
দেখিম সেই সুকোমল ঘাঁহনী
পাৰি ল'ম শেতেলী মোৰ
দিনান্তৰ সকলো ভাগৰ দুখ
এৰি দিম তোমাৰে কোলাত
এক মিঠা আৱেশত;
এয়া কি মোৰ দিৱাস্বপ্ন
মনৰ কোনো অশান্ত বেলাত!

[ ১০৬ ]
 

দীপাৱলী

ৰঙা, নীল, হালধীয়া আৰু
বহুৰঞ্জী তেজবোৰ পৰিছে লৈ
কতযে হা-হুতাশ, হুমুনিয়াহ
উৰিছে ধোঁৱাৰ কুণ্ডলী হৈ;
শিল হ'ল আজি মোৰ
দুচকু নিগৰা চকুলো নৈ
মাজতে স্থবিৰ, দিশহাৰা
থৌকি-বাথৌ আশাৰ পানচৈ।
প্ৰলয়ংকৰী বিজুলী আৰু
ঘন ঘন বজ্ৰৰ আঘাটে
নিষ্প্ৰভ কৰিলে মোৰ
লেলিহান জুইশিখাবোৰ
গামোছাৰে বান্ধি লোৱা
খামুচীয়া, ক্ষুধাৰ্ত পেটতে,
অনুভৱ কৰো মাথো এটি
বিষ যেন বুকুৰ চুকতে।
দুয়োপাৰে দেখো অগণন
নোদোকা লোক, হাস্যবদন
মোক যেন ইতিকিং কৰে
গুৰি বঠা ধৰোতেই মোৰ
মনটোযে বিবুদ্ধিত পৰে
ওলোটা সোঁতে বৈ নাওখন
ক্ষণে ক্ষণে তল-বল কৰে
খেৰকুটা চকুতে নপৰে।
সুজোতাৰ মহিমা অপাৰ
চাব যদি খুজিছাই ধৰা

[ ১০৭ ]

প্ৰভু মোৰ, জেউতিৰে ভৰা
নাৰাখা প্ৰভেদ ধনী দুখীয়াৰ
একেটা সাঁচতে ঢালি
সৃষ্টিৰ ৰূপ সৌন্দৰ্য সানি
অলংকৃত কৰা প্ৰতিটি প্ৰতিমা
দীপাৱলীৰ বঢ়াই গৰিমা।


সন্মোহিনী

চকু দুটি মুদিলেই
 দেখো ৰূপালী পৰ্দাত
 পূৰ্ণিমাৰ জোন এটি
 মোহিনী হাঁহিটি সতে
 লাগি থকা চকু মুখ তাত;
শুনো যেন জুৰিটিৰ
 শ্ৰুতিমধু কুলু কুলু
 সাইলাখ খিল্ খিল্
 হাঁহি যেন দেৱশিশুটিৰ
 প্ৰাণ পায় নিৰ্জীৱ শৰীৰ।
মেলিলে দুচকু পুনু
 তল সৰি পৰে হনু
 জোনটি কেনিবা গ’ল
 কাঁইটেৰে ভৰি ৰ'ল
 মেঘাচ্ছন্ন আকাশৰ তল॥

[ ১০৮ ]

জীবন সঙ্গী

কিযে অসহ্য যন্ত্ৰণা
ৰুগীয়া মুখখন চাবলৈ তোমাৰ;
হৃদয়ত বাজে এটি কৰুণ মুৰ্চনা
চাটি-ফুটি কৰে মন, হাতুৰী প্ৰহাৰ।
নুফুটে মুখৰ মাত, নোলায় চকুলো
সংজ্ঞাহীন লিচ্‌পিচ্ দেহাটি তোমাৰ
লুটিয়াই বগৰাই প্ৰয়াস কৰিলো;
কলিজা গধুৰ মোৰ যেনিবা লোহাৰ।
সেয়ে আজি তুমি চিকিৎসালয়ত
শয্যাগত, বিশেষজ্ঞ পৰিবেষ্টিত
বুকুত আশা বান্ধি আছো অপেক্ষাত
কেতিয়ানো দেখো দুচকু উদ্ভাসিত।
এজনে কৈ গ'ল, ‘উন্মুক্ত নয়নমণি’
শুনি মন উগুল-থুগুল, অনাগত
সময়ত তোমাৰ সান্নিধ্য, বহুৰঙী
কল্পনাই শাৰী পাতে চকুৰ আগত।
মোৰ মৰমৰ 'আচুচ ফোনপেড’ জনী
উঠিছে সজীৱ হৈ ন-কইনা সাজি
বাকী থকা দিনবোৰ নকৰি আমনি
হাতত হাত ধৰি যাবলৈ ৰাজি।

[ ১০৯ ]

দুৰ্গতিনাশিনী

মহিষমৰ্দিনী, হে মাতৃ শক্তিৰূপিনী
ছঁটিয়াই দিয়া কিছু কৰুণা তোমাৰ
সূৰ্যোদয়ৰ দেশ, সম্প্ৰীতিৰ ধ্বজাধাৰী
আজি পদদলিত, নতশিৰ, লজ্জিত
মহিষাসুৰ প্ৰকাশ্য, খাদী, টুপী সহিত;
ছঁটিয়াই দিয়া কিছু ক্ৰোধাগ্নি তোমাৰ
দেই-পুৰি যাওঁক সমস্ত ব্যভিচাৰ
মন্দিৰৰ ডবা-কাঁহ, শঙ্খধ্বনি, হওক
প্ৰতিধ্বনি মছজিদ, গীৰ্জা, গুৰুদ্বাৰত
বাজক মানৱ প্ৰেমৰ আৱহ সঙ্গীত
আকাশত, বতাহত, প্ৰতিটো প্ৰাণত।❖

[ ১১০ ]

বন্দো কি ছন্দেৰে

সৃষ্টিৰ কিযে মহিমা অপাৰ
তােমাৰােযে মহিমাৰ নাই পাৰাপাৰ
আধুনিকতাৰ কাহিলি পুৱাতে
আহিছিলা তুমি, লৈছিলা পণ
মান্ধাতা যুগৰ এলান্ধু চিকুণাই
জিনিবলে অস্তৰ, মর্ত্যৰ জনগণ।
প্রথম দেখাতে কৰিলা আপােন
অগণন জনৰ লাজুক সপােন
ভক্তৰ পদতলে সর্বত্র বিদ্যমান
সহ্যৰ সাগৰ তুমি মহাশক্তিমান
সহজলভ্য, দুখীয়াৰ ত্ৰাণ
নেৰা লগ থাকে মানে প্রাণ।
সকলাে স্থানতে তােমাৰ অবাধ গতি
নহয় বিতুস্ত কোনাে, নাই ভ্ৰূকুটি
চতিয়াই দিলে মাথাে এচলু পানী
সমস্থানে অৱস্থান সৰগৰ ৰাণী
আছে মাথাে ভয় এটি নৰকাসুৰৰ
অকাতৰে অলক্ষিতে কৰিব নিজৰ।
পৰিপাটি, শুৱনী, চালে চকু ৰােৱা
দুফালে লিছপিছ দুই বেণী বােরা
দেহাৰ ৰং দেখি চকু থৰ লাগে
আপিন ভাৱটো সতকাই জাগে
নেৰাে মই কেতিয়াও তােমাৰ সঙ্গ
লাগিলে কৰিম মই হৰধনু ভঙ্গ॥ ❖

(এযোৰ হাৱাই চেণ্ডেলৰ গুণানুকীর্তন)

[ ১১১ ]

দুৰ্বোধ্য

মগজুৰ কোনো অচিন কোঠাত
লালিত-পালিত, আশ্ৰিত
এক অভিসাৰী মন
নিৰ্লজ ভ্ৰমৰ সদৃশ
ফুলেৰে আলাপ গোপন
লক্ষ্য হেঁপাহৰ মৌ কণ।
এক দুৰাকাঙ্খী মন
খেলিবলৈ মেঘৰ সতে
চুবলৈ আকাশৰ নীলাকণ,
পাহৰি ধৰিত্ৰীৰ বক্ষ
পাহৰি চেনেহৰ আপোনজন।
এক নিস্পৃহ, নিসঙ্গ মন
কঢ়িয়াই কণ কণ ক্ষণ
সাইলাখ মাণিক ৰতন,
সযতনে সাঁচি থোৱা
পোনাটোৰ বাবে সেয়ে অমূল্য ধন।
এক আচহুৱা মন
ঠাইতে সলোৱা বৰণ
হঠাতে আন্ধাৰ ঘোৰঘন
হঠাতে সোণালী কিৰণ
দূৰণিৰ যেন এটি দ্বীপ নিৰ্জন।
অন্যথা এনে এটি মন
নাই য’ত বাসনাৰ ৰং
পৰিতৃপ্তিৰ খদমদম
ধীৰ-স্থিৰ, চেনেহ গভীৰ
প্ৰশান্ত ফৰকাল আকাশ এখন।
মন বিচিত্ৰ বহুৰূপী মন
ৰহস্যঘন এক গহন বন॥ ❖

[ ১১২ ]

সূৰ্য নমস্কাৰ

তপন তুমি, উৎস মিঠা উত্তাপৰ
অখণ্ড চালিকা শক্তি জীবন নাটৰ
হিমালয় শিখৰত উৰাই নিচান
বোৱালা অমৃতধাৰা ওপচাই প্ৰাণ।
তুমি পুৱাৰ ৰবি, আশাৰ সপোন
অশ্ৰুসিক্ত হাঁহাকাৰ ঠুনুকা দাপোন
প্ৰকাশে তোমাৰ আনে নৱ উচ্ছ্বাস
মৃতপ্ৰায় কোযে লয় শাস প্ৰশ্বাস।
তপ্ত সূৰ্য তুমি, কালজয়ী, অবিনাশী
বিনাশী শক্তিৰে জিনা ধ্বংসৰ প্ৰয়াসী
লেকেটীয়া কিট্‌বোৰ শ্বাসৰুদ্ধ কবি,
আনি দিয়া মৰুভূত মায়াৰ নগৰী।
তুমি হেঙুল বেলি, নয়নভিৰাম
জোন, তৰা সকলোটি কৰি দিয়া ম্লান
লক্ষ্য সুৰুযমুখীৰ বলিয়া প্ৰেমৰ
পিছে পিছে ঘুৰিও যে নালাগে ভাগৰ।
তুমি ভাস্কৰ, ভানু, তুমি দিবাকৰ
দেদীপ্যমান, অনাদি অনন্ত কালৰ
কেউদিশে দেখো মাথো তোমাৰেই চিন
অবিহনে তুমি হ’ব তোমাতেই লীন্॥ ❖

[ ১১৩ ]

নাৰী মহিমাময়ী

তুমি পঙ্কজ, সৌন্দৰ্যৰ আঁকৰ
প্ৰিয় তুমি দেৱীৰো, দুৰ্গতি নাশৰ
অবাস্তৱ, সপোনৰো অগোচৰ
অবিহনে তোমাৰ সুশ্ৰী সানিধ্যৰ
বিশাল ধৰাত একোখনি ঘৰ
তুমি পাৰিজাত পুষ্প সৰগৰ।
তুমি অপৰাজিতা, ধৈৰ্য্যৰ আঁকৰ
পূজাৰ অঞ্জলী, তুমি শক্তি বিশ্বাসৰ;
আল্পনা অবিহনে তোমাৰ হাতৰ
নপৰে পদচিহ্ন সুখ সম্পদৰ
নজ্বলে বন্তিগছ অকৃত্ৰিম প্ৰেমৰ
তুমি কল্পতৰু, দহৰ, সমাজৰ।
কামিনি কাঞ্চন তুমি, গোলাপ, তগৰ
আভৰণ নাকে কাণে হৈ মৰতৰ
ধৰা দিয়া দুচকুত মুৰ্খ মানৱৰ
বিশ্বৰূপ মোহনীয়া, জ্ঞানৰ পোহৰ;
কস্তুৰী মৃগ তুমি, লক্ষ্য চিকাৰৰ
দয়াহীন, মায়াহীন দৈত্য দানৱৰ।
বহুৰূপী, তোমাতেই আছে যে লুকাই
কালসৰ্প, হলাহল দিয়া চতিয়াই
আঘাটপ্ৰাপ্ত হ’লে অভিমানী মন
তুচ্চ আত্মসিদ্ধি, তুচ্চ আপোজন
মহিমাময়ী তুমি জগত বিস্ময়,
নিৰ্বিবাদে আগবাঢ়া, তোমাৰেই জয়॥ ❖

[ ১১৪ ]

বালিঘৰ

আঃ, কিযে সুমধুৰ তান
ৰিম্‌ঝিম পৰে সৰগৰ গান
মুষলধাৰে, খিৰিকীৰ সিপাৰত
লাহী পৰশ কাৰ বীণাৰ তাঁৰত।
অনুভৱ কৰো কাৰোবাৰ হাত
বৈ পৰা কপালত, চকুৰ পতাত
মুদ খোৱা চকুযুৰি বিচাৰে পোহৰ
উন্মুক্ত গুপ্তদ্বাৰ অলস মনৰ।
পোনচাটে উৰি যায় মনময়ূৰী
লয়লাসে নাচে আকাশতে ঘূৰি
বৰ্ষাবিঘ্নিত আজি কদাপি নহয়
কিঞ্চিত বিলম্ব হ’লে সুখৰ ক্ষয়।
দেৱৰাজ ইন্দ্ৰৰ বজ্ৰ নিনাদ
ক্ষন্তেকতে আনি দিয়ে বিঘিনি বিষাদ
সুখ দুখ সকলোটি বালিৰ ঘৰ
মিছা যত অনুভূতি আপোন পৰ॥ ❖

[ ১১৫ ]

বৰবিহ

দেখিলো এচমকা কলীয়া ডাৱৰ
ঘূৰি ফুৰা নিচেই কাষত
ঢেৰেকণী বিজুলীয়ে লুকা ভাকু খেলা
ভৰি হাত লুকাল ত্ৰাসত।
গোটাই সাহস কিছু মুখামুখি হ’লো
কৰিবলে মিনতি এবাৰ
কিজানিবা কম হয় বিজুলীৰ ক্ৰোধ
ধুমুহাৰ গতি দুৰ্বাৰ।
ফল পালো, হ’ল কিছু প্ৰশমিত
বুজি মোৰ বেদনা মনৰ
উভতিলো খৰখোজ ঘৰমুৱা হৈ
লগ হ’ম আপোনজনৰ।
ভাবিছো, বুজালে ডাৱৰৰ আঁতৰি যায়
ক্ৰোধৰ কি উপশম নাই।
সোণৰ সঁফুৰাটোত বৰবিহকণে
কোনোকালে শোভাতো নাপায়॥ ❖

[ ১১৬ ]

ক্ষোভ

আই ঔ, আৰুনো কিমান টানিম
সেৱা, বিশ্বাসৰ মেটমৰা বোজা
কিমাননো সহিম আৰু কেটেৰা জেঙেৰা
ৰ’দে পোৰা পথাৰত অকলে ভূঁই ৰোৱা
মোৰ অভিমানী প্ৰেয়সীৰ
মৰম আকলুৱা এহাল চকুৰ
নিৰৱ, নিৰ্বাক ককৰ্থনা
আই অ’, এটিবাৰ কৰ বিবেচনা।
উপজি পুৱাতে মোক দিলি যে শপত
মেৰিয়াই বগা সাজ, “নলগাবি ভাজ,
কামনা বাসনাৰ নলগাবি দাগ,
এয়া লক্ষ্মণ ৰেখা, নেবাঢ়িবি আগ”;
তোৰে শপত আই, অন্তৰ উজাৰি দিলো
আৰ্তজনক দেখি নিজকেই পাহৰিলো
সৰগৰ আসনতো বহি চালো
ময়ো যে মানুহ পিছে আজি গম পালো।
শৰীৰ, মন মোৰ ঘূণীয়া হ’ল
ষ্টেথস্কোপ যেন চিপজৰী হ’ল
আজি ৰাইজ জনেপ্ৰতি ডাক্তৰ হ'ল
মৰম, বিশ্বাসবোৰ নিৰ্বাসিত হ’ল
মানৱ জন্ম, মৃত্যুৰ দাম কমি গ’ল
মানৱতা দালালৰ লগতেই গ’ল
বগা সাজটোও ঘামি পচি উৱলি গ’ল
অমৃত আশ্বাস, উদাৰ প্ৰেমো জঁহি খহি গ’ল।
আই তোক কাবৌ কৰিছো
নপঠাবি ভাই-ভনী কাকো মোৰ আৰু

[ ১১৭ ]

বগা সাজ দি, পৰ্বতৰ কাছ কণী খেদি
কঢ়িয়াই আকাশলঙ্ঘী আশাৰ বোজা
যদি দিয়ও কেনেবাকৈ, এৰিবি অকলে
নিবিচাৰি ঘৰখন নাতি-নাতিনীৰে
শুভ্ৰ সাজৰ কাম, দাম তেতিয়াহে পাবি
নহয় জানো সেই সাজ বৈধব্যৰো প্ৰতীক॥ ❖

 

সংক্ৰান্তি

আচম্বিতে পাৰ হ’ল পছোৱা এজাক
পেলালেহি চতুৰ্দিশে তলসৰা পাত
নাজানিলো ক’ৰপৰা আনিলে বুটলি
কাষৰতে ফুলি থকা ফুলৰ হাট
হঠাতেই নাইকিয়া উদুলি মুদুলি;
ধূলিৰে ধূসৰ কেউদিশ ছাঁয়াঘন
হলুকি হ’ল যেন সমুখৰ বাট
ভয়াৰ্ত মনত ভাঁহে নিশ্চয়তা হীন
পাহৰণি অতীতৰ ঘাত-প্ৰতিঘাত
অলৰ-অচৰ দেহ চেতনা বিহীন।
এটি মাথো স্পৰ্শ, আনি দিয়ে সুবিমল
শান্তিৰ নিজৰা, কৰে জাগৃতি সঞ্চাৰ
ধূলিকণা উৰি গ’ল, সমুখত ৰ’ল
একাধিক পথ, দ্বাৰ উন্মুক্ত সজাৰ
ভাবি-চিন্তি দুটি খোজ দিবৰে হ’ল॥ ❖

[ ১১৮ ]

‘কালীমা’ৰ কালিমা

দেখিছো ‘কালী’ৰ জয়াল মৃন্ময় ৰূপ
দেখা নাই ‘কালী’ৰ প্ৰকোপ
দেখিছো ডিঙিত ওলমা মুণ্ডৰ মালা,
দুষ্কৃতিকাৰীৰ বলিশালত অবলা,
ভাও দিয়া দুৰাচাৰ অস্থিৰ মনৰ
স্বৰূপ ৰক্তলোভী নৰখাদকৰ।
‘কালী’ৰ কৰ্ম যদি দুষ্কৃতি সংহাৰ
কিদৰে সম্ভৱ এই নিৰ্ভয় বিহাৰ
নাৰীৰ কিয় এই অবলা ৰূপ
সহে কিয় অসুৰৰ কুটিল বিদ্ৰূপ
কিদৰে আঁতৰায় দুচকুৰ মণি
কৰিবলে শাঁত হোমৰ অগনি?
সংস্কাৰ, ৰীতি-নীতি সামন্ত যুগৰ
শিক্ষাই নিদিয়ে জানো নৱ পৰিসৰ
তন্ত্ৰ-মন্ত্ৰ আৰু বলিৰ বিধান
একৈশ শতিকাত নাই তাৰ স্থান
অবলা নাৰী তুমি সবলা হোৱা
যুক্তি, মুক্তি, সাহসৰ গুণ-গান গোৱা।
নেলাগে মুণ্ডমালা, চাৱনী খঙাল
আউল বাউল চুলি, ঘনক’লা ছাল
লাগে মাথোঁ এমুঠি পোহৰ জ্ঞানৰ
জুকিয়াই চাব পৰা মুকলি মনৰ
এবাৰ চোৱা জুমি নিজৰ প্ৰাণত
ৰূপহী ‘কালী’ক পাবা সিংহাসনত॥ ❖

[ ১১৯ ]

দিগভ্ৰান্ত

কি এইবোৰ, পৰি আছে সিঁচৰতি হৈ
নানা ধৰণৰ আৰু নানা বৰণৰ
এয়া যে অন্ন! সমল জীয়াই থকাৰ।
হেঁপাহৰ, সপোনৰ বহু বুভুক্ষজনৰ
তেন্তে এই দশা কিয় আজি সপোনৰ?
কোন বাৰু সেইজন, বংশ অসুৰৰ।
নেজানে ঘামৰ দাম, নুশুনে বিলাপ
ভাগৰুৱা কলিজাৰ, গুণী কৃষকৰ।
বুকুত জিলিকি থকা কামিহাড়বোৰ
নেদেখেনে বাৰু সেই অবোধ শিশুৰ
দেখে যদি কিয় বাৰু অতিচাৰ কৰে
ডিঙিলৈকে খায় আৰু বতিয়াই মৰে?
নকৰেনে পূজা সোণোৱালী শইচৰ
কত যে নিয়মনীতি ভঁৰাল ঘৰৰ
বাকলিটো গুচালেই হৈ পৰে চাউল
শ্ৰদ্ধা, মৰমতো লাগি যায় আউল।
আজি সলনি বহু হ’ল দৃশ্যপটৰ
পূজা হয় ধন আৰু গুলী বাৰুদৰ
নিস্তেজ মনবোৰ আওপাকে ঘূৰাই
গামোচাৰ গাঁঠিটোতে বাৰুদ ভৰায়।
বাটে-ঘাটে দেখো আজি মানুহৰ শৱ
মানৱতা ৰখীয়াই কি খবৰ ল’ব
ঘৃণাতে নাকটো কোচাই মৰাশবোৰে
ৰাতিৰ এন্ধাৰত নিজেই আঁতৰিব।
বন্ধ কৰা। বন্ধ কৰা এই অবিচাৰ
অধাচাৰ আৰু কৰ্ম নিষ্পেষণৰ
মনযোগ দিয়া, যদি পাৰা শিশুটিত
হ’ব পাৰে সুৰুজ সিটি ভৱিষ্যতৰ। ❖

[ ১২০ ]

ডাকোৱাল বিলাস

ৰাজপ্ৰাসাদৰ বিশাল বক্ষতে আছে।
প্ৰাসাদ এটি মোৰো, অনুপম,
আটকধুনীয়া সিটি তিনিখলপীয়া
শীত-তাপ-নিয়ন্ত্ৰিত
পৰিপাটি, সুৰক্ষিত
সোণে-ৰূপে কাজ কৰা চিক্‌চিকিয়া।
ৰজাৰ দৰেই দহজনী মোৰো ৰাণী
কোঠালিয়ে প্ৰতি থাকে একোজনী
নাই হাই-কাজিয়া, নকৰে বিদ্ৰোহ
পুৱাতেই ৰুণ দিয়ে
মন মোৰ হৰি নিয়ে,
ছতিয়ালে চাউল, পাতে সমাৰোহ
ডাকৰ টোপোলাটো দোকমোকালিতে লৈ
উৰি যাওঁ, লক্ষ গন্তব্য পোৱা গৈ,
অপৰূপা কুঁৱৰী হয়তোবা আছে ৰৈ
ক্ষণ গণি মোৰ বাবে
অলস অলস ভাৱে
খিল খিল হাঁহিটিৰে আদৰিবলৈ।
বহুযুগ কৰিলো ডাকোৱালৰ চাকৰি
ঘূৰিলো ৰজা-মহাৰজাৰ বাকৰি
ডেউকা দুখন মোৰ পৰিছে ভাগৰি
ৰজা গ’ল অতীতলৈ
কাহিনীবোৰ সাঁচি থৈ
সন্তপৰ্ণে ময়ো আজি আহিছো আঁতৰি
অতীত ৰোমন্থন যেন বিলাস মোৰ
কলিজাই নসহে আজি আঘাট ঘোৰ॥ ❖

[ ১২১ ]

এৰাবাটৰ সুৰ

আহিলো কিমান দূৰ বাটকুৰি বাই
লেখি লেখি মাইলৰ খুটা
জান-জুৰি, খাল-বিল হিচাব যে নাই।
হ’ব পাৰে ভুল এটা দুটা।
কষ্টেৰে সাঁতুৰিলো বহু সৰু-বৰ নৈ
আতঙ্কক নিদিলো প্ৰশ্ৰয়
পাৰ পাই এতিয়াহে ভাবি আছো মই
ক’ত পাওঁ এধানি আশ্ৰয়।
সমুখৰ তৃণ-কুটা খামুচি ধৰিছো
কৰিবলে নিজকেই স্থিৰ
ঘন ঘন উশাহত অগণি জ্বলিছে
ভাগৰত নচলে শৰীৰ।
নেচাওঁ পিচলে ঘূৰি কোনোদিনে মই
নোপোৱাৰ নলওঁ খবৰ
স্মৃতিৰ গধুৰ বোজা পাৰতেই থ’লো
আশা মোৰ কৰিবা আদৰ॥ ❖

[ ১২২ ]

দম্ভ

ধৰিত্ৰী বুকুৰ যত বিচৰণস্থলী
ওখ, চাপৰ যত পৰ্বত সমতল,
গিজগিজ কৰে আজি সৈন্য সমদল
হুংকাৰে “নেমানো সেও, মই বাহুবলী"।
আত্মগোপন কৰি থাকে কৰ্ণপথত
আৰু আছে যত আন্ধাৰ মাতৃবক্ষৰ,
উদঙাই সৰ্বশেষ গোপন কক্ষৰ
কৰিবলে বিস্ফোৰণ নাভি প্ৰদেশত।
যতমানে ব্যভিচাৰ চৰিতাৰ্থ কৰে,
মাতৃৰ দুচকুকে জীয়া সাক্ষী কৰি লৈ
নিজৰ চকু মুখ কাপোৰেৰে ঢাকি লৈ
মানবতা দলিয়াই দানব হৈ পৰে।
জাতিভেদ, ধৰ্মভেদ যত অজুহাত
লাগে মাথো দম্ভালিৰ সুবৰ্ণ সুযোগ,
পাহৰি মাতৃৰ মৰমৰ অভিযোগ
মতলীয়া দুৰ্দান্ত সাফল্যৰ নিচাত।
দুখিনী আইৰ আজি ধৰ্মৰ সংকট,
দেখি অশ্ৰু ধৰ্ষিতা, লাঞ্চিতা দুহিতাৰ
আৰু বিভৎস তাণ্ডৱ পো কেইটাৰ
হাতুৰীৰ কোব পৰে সঘনে মনত।
মাতৃৰ চকুলো কিন্তু অথলে নাযায়
সেয়ে সংযত হৈ তুমি থাকোতে সময়
বচোৱা মানৱ জাতি, আসন্ন প্ৰলয়
ক্ৰোধান্বিত হ’লে মাতৃ মুখলে নাচায়॥ ❖

[ ১২৩ ]

অস্তগামী

দুচকুত অলীক সপোন
মনত দূৰন্ত আশা
অমসৃণ হৃদয় দাপোন
অসত্য কৰে যে ভাষা।
আজি চমকি উঠিছো চিনি
মই নিজৰেই মুখ
কোচ মোচ খোৱা, অশুৱনী
দিয়ে দুখতেই দুখ।
মনটোৱে বিচাৰিলে কিবা
হৃদয়ক শুধি চোৱা
অবান্তৰ, অবাস্তৱ যিটো
আঁতৰলৈ ঠেলি থোৱা।
ক্ষণস্থায়ী জীৱনৰ নাট
ভাওটি ভালকৈ দিয়া
যিবা আছে দুই খোজ বাট
কৰা বাধা নাইকিয়া। ❖

[ ১২৪ ]

অনন্ত যাত্ৰা

তোমাৰ পদচিহ্নতে থৈছিলো ভৰি
ভীতিহীন দ্বিধাহীন নপৰো বাগৰি
দেখো বা নেদেখো তোমাক প্ৰভেদ নাই
চিনবোৰে প্ৰতিপলে সোঁৱৰাই যায়
নাতিদূৰে আছ তুমি অলক্ষিতে মোৰ
দুবাহু মুকলি যেন ডেউকা এযোৰ
শীত তাপ বৰষুণ ঘোৰ বজ্ৰপাত
আগচি ধৰিলা তুমি নিঃশব্দ নিমাত।
শৈশৱৰ ছবিখন ধুঁৱলী কুঁৱলী
চাদৰ আঁচল আৰু হাতৰ আঙুলী,
মানসপটত ভাঁহে চুচুক-চামাক
দুৰণিৰ তৰা যেন ধিমিক-ধামাক
বিশাল আকাশত জোনাকৰ মেলা
হাঁহি আৰু কান্দোনৰ অপৰূপ খেলা
প্ৰত্যক্ষ কৰিলো খোজতে মিলাই খোজ
উপভোগ কৰিলো স্বৰ্গীয় বনভোজ।
আজি যেন খোজবোৰ হঠাতে হেৰাল
জোন বেলি তৰাবোৰ কেনিবা লুকাল
তমসা গধুৰ মোৰ মনৰ আকাশ।
আবেগ বিহ্বল ভাৱ বিচাৰে প্ৰকাশ
ঘূৰি চাই দেখো সেয়া খোজ নিজৰেই
পিছে পিছে আহি আছে প্ৰতিমা মোৰেই
বুজিলো অনন্ত এই যাত্ৰাৰ নাই শেষ
মধ্যবিৰতিত এয়া আচহুৱা পৰিৱেশ॥ ❖

উৎসৰ্গিত দুদুলৈ (পত্নী)

[ ১২৫ ]

স্বস্তি

আজি শুনিছো কিছুমান অবুজ শব্দ
ছদ্মবেশধাৰী আৰু শিহৰণকাৰী
দুৰ্ঘোৰ নিনাদ যেন শ্ৰাৱণী মেঘৰ
হ’ব পাৰে কিৰিলি প্ৰেত পিশাচৰ।
নোমবোৰে মূৰ দাঙি কেউপিনে চায়
যিফালেই চায় মাথো এন্ধাৰকে পায়,
প্ৰয়াস যিমানে কৰো দুহাতে আজুৰি
হিম্‌শিলা বগুৱায় সিৰ্ সিৰ্ কৰি।
ভুইকঁপে জোকাৰে শীতৰ শেতেলী
মনত কঁপনি উঠে থৰ থৰ কৰি
কেনি গ’ল সকলোটি, জোন বেলি তৰা
ধুনীয়া ধৰাখনি ফলে ফুলে ভৰা।
এয়াই নেকি প্ৰলয়ৰ আগজাননী
হয়তো নেদেখাজনৰ আশিসবাণী
এনেতে দৃষ্টিগোচৰ এধানি পোহৰ
ফালি দিলে জাল মোৰ অন্ধ মোহৰ
পুনৰ ঘূৰাই পালো হেৰোৱা সন্বিত
জোন বেলি নন্দন কানন সহিত। ❖

[ ১২৬ ]

ভোগালীৰ দুৰ্ভোগ

এইবাৰ ভোগালীত মেজিৰ জুই
আগতীয়াকৈ জ্বলিল চোন
হেঁপাহৰ ঘৰটো চকুৰ পচাৰতে
ধোঁৱাৰ কুণ্ডলিত উৰিল সতকাই
লগতে চকুলোৰ বাষ্পলৈ,
উফৰিল ফিৰিঙতি জ্বলিল সপোন
দগ্ধ হ’ল দেহাটো জীয়াই
স্নেহৰ বান্ধোন সোলোক-ঢেলোক হ’ল
মেজিটো আগুৰি ধৰি দুষ্কৃতিকাৰীয়ে
দিয়ে চোৱা তাণ্ডৱ নাচোন।
কাৰ বাবে, কিহলৈ ভোগালীক আদৰো বাৰু
কাষতযে পোনাকণ নাই।
সান্দহ খুন্দিবলে ঢেকীও যে নাই
গিৰিহঁতো ক’ৰবাত আছেগৈ পলাই
জীৱনৰে নিশ্চয়তা নাই।
হঠাৎ জোকাৰ, আজি উৰুকা দেউতা
ব’লা বজাৰলৈ যাওঁ
চেঁচা উলাহত মোনাটো উঠিল হাতত
জীৱনৰ গাড়ীখন চলিব নিশ্চয়
মাছ বা পাওঁ নে নাপাওঁ? ❖

[ ১২৭ ]

প্ৰতীক্ষা

কেতিয়ানো আহিব বসন্ত
কিমাননো দিন আছে আৰু।
অবুজ অৱচেতনত অনুভৱ
ভূকম্পৰ মৃদু জোকাৰণি,
দেখিলেই ৰিক্ত কৰণি
চেতনাত লাগে হাঁহাকাৰ।

কেতিয়া ফুলিব ফুলপাহ
মেলি দিব ৰূপৰ পোহাৰ
মোৰ মনৰ উকা ফুলনিত,
হালি-জালি নাচিব, আনিব
বোৱাই স্বপ্ন-ধাৰা, বিস্তীৰ্ণ
বিশাল, নেদেখা পাৰাপাৰ।

কেতিয়ানো গাব ভোমোৰাই
গুণ গুণ গান, চুমা দিব আলফুলে
ফুলে ফুলে, দিব কাণে কাণে
ফুলাৰ গুপুত মন্ত্ৰ বিলাই
ভাবিছো তাকে এটি বাৰ
ফুল বিনে সংসাৰ তেনেই অসাৰ॥ ❖

[ ১২৮ ]

ধৰ্ষিতা

ধৰ্ষিত আজি স্নেহৰ আই মাতৃ
লাঞ্চিত, শোষিত, অৱহেলিত
সহজ, সুলভ লক্ষ বন্দুকধাৰীৰ
অনুকম্পাৰ শিকলিৰে আবদ্ধ।

এয়া যে পৰিকল্পিত ধৰ্ষণ
অভিলাষি দুখিনীৰ চৰিত্ৰ হনন
অসহায় দ্ৰৌপদীৰ বস্ত্ৰহৰণ
কাপুৰুষ সন্তানৰ নৈতিক স্খলন
এয়া যে দলবদ্ধ ধৰ্ষণ।

ধৰাশায়ী আজি অমৃত কন্যা
বুকুত বাগৰিছে ক্ৰোধৰ বন্যা
হেৰুৱাই গৌৰৱৰ অৱশেষ
দুচকুত দাবানল ঘৃণাৰ অশেষ।

এলাগি হোৱাৰ দুখ মনত নলৈ
আছিল শান্তিৰে বাৰীৰে এচুকত
দুমুঠি অন্ন পেটে ভাতে খাই
উচ্চসিৰে নিৰ্ভয়ে বুকু ফিন্দাই।

আজি দেখো সকলো শেষ হৈ গ’ল
অকামিলা পো অবাটে গ’ল
আহিবনে ঘূৰি সি কোনোদিন
হ’ব নে অতীত আইৰ দুখ ভৰা দিন॥ ❖

[ ১২৯ ]

জৰাসন্ধ

দূৰৰ বাঁহীত শুনো ‘নিউ নিউ’ সুৰ
ক্ৰোধিত মনত জাগে কিবা ভাববোৰ
অশ্বৰোহী কল্কিক কৰো কৰযোৰ
নৰখাদকবোৰক কৰা মষিমূৰ।
পাৰিবানে বাৰু তুমি চিনাক্ত কৰিব
নিঠৰুৱা নিঃকিনক সকাহ দিব
বাৰুদৰ ধোঁৱাৰ কুঁৱলীৰে ধূসৰ
কুৎসিত, ভয় লগা মুখ সিহঁতৰ।
বিস্তৃত বিশাল এই জন অৰণ্যত
বাস কৰে সিহঁতে ছদ্মবেশত
শুধ বগা সাজেৰে আবৰ্জনা ঢাকে
নৰমাংসৰ আঁহ লৈ দাঁতৰ ফাকে।
বিকৃত মুখাবয়ব, কামনাৰ চিন
লুকুৱাই লৈ ফুৰে মাৰণাস্ত্ৰ অচিন
অতি উল্লাসেৰে খেলে তেজেৰেই ফাকু
শাস্তি ৰক্ষকেৰে সতে খেলে লুকা-ভাকু।
নসহেযে মনে আৰু বিলম্ব ধুৰূপ
জনগণ, লোৱা তুমি নিজে কন্ধি ৰূপ
শাৰী কৰি লোৱা সিহঁতক সমুখত
আৰু উপবিষ্ট হোৱা সংহাৰ ৰূপত।
যাওক প্ৰাণ বায়ু দুৰ্মতি অসুৰৰ
এৰি থৈ হাঁহিৰ খলকনি সুন্দৰৰ। ❖

[ ১৩০ ]

উপলব্ধি

সন্তোষৰ হাঁহিটি মনোমোহা অতি
সেয়ে যদি দেখা দিয়ে শিশুৰ মুখত,
শতগুণে বাঢ়ি যায় ৰস ৰূপ তাৰ
নিগৃহীত শিশুটিৰ শুকান ওঠত
বিৰিঙিলে এচমকা নিজান পৰত।
অস্তমিত সূৰুযৰ সোণালী আভাই
সঙ্গ হয় যেতিয়া আতচবাজীকে লৈ
হৃদয় পাত্ৰটি উপচি ওফন্দি পৰে
সুবিমল আনন্দৰ মিঠা আবেগেৰে
দুচকুত যদি নাচে জ্যোতিৰ লহৰে
হেজাৰ কুসুম তাত নাচে হালি জালি
পৰীবোৰ নামি আহে মেঘবোৰ ফালি;
কৰ্ণগোচৰ হয় আয়তিৰ উৰুলি,
শঙ্খ, ঘণ্টা মন্দিৰৰ, দেৱৰো দুৰ্লভ
দৃশ্য সেয়া, ধুই নিয়ে হৃদয়ৰ মলি।
কিমান কৰিবা আৰু নিজৰেই কাম
পৃথিৱীৰ বজাৰত নাই তাৰ দাম,
এবাৰ থমকি ৰোৱা, আগ পিছ চোৱা
আছে নেকি দেৱদূত, বৃদ্ধ দুৰ্ভগীয়া;
ভাগৰ এমুঠি দিলে দুখীয়া নোহোৱা॥ ❖

[ ১৩১ ]

মৰুতৃষ্ণা

এক বিশাল মৰুৰ মাজ মজিয়াত
নিজকে বিচাৰি পালো দুপৰ বেলাত।
ভোকাতুৰ, তৃষ্ণাতুৰ, লেহেমীয়া গতি
ধূলিকণাৰ বতাহে মোৰ ৰোধে প্ৰগতি।

কেউফালে দেখো বালিৰ সুউচ্চ দম
মাতি আছে যেন মোক হাত বাউল দি
আকাঙ্খাৰ ভোক প্ৰশমিত কৰি
কওঁ, অস্থিৰ স্থিতিৰ মই নলও গম।

দিক্ বিদিক্ জ্ঞান শূন্য মই
দুখোজ আগলৈ দিবলৈকো ভয়
দিশহাৰা পথিকক বাট দেখুৱাব
ভোটা তৰাটোও মাথো ৰাতিহে ওলাব।

মাজে মাজে দেখো মৰিচিকাবোৰ
নেদেখো ক’তো সেই সেউজী উদ্যান
নেজানো আগুৱাম আৰু কত দূৰ
গুজি দিম সগৌৰৱে জয়ৰ নিচান। ❖

[ ১৩২ ]

জীৱন ডিঙা

পুৱাতে ওলাইছিলো সঁজুলিবোৰ লৈ
ফিন্দ খোৱা বুকুখন আশাৰে ভৰাই
শকতি থাকে মানে জাল মাৰি যাম
মাছ-পুঠি তেতিয়াহে বেছিকৈ পাম
দুসাঁজৰ জোখাৰে ঘৰত থৈ
বাকীখিনি লৈ বজাৰলৈ যাম
দাম পালে হ’ব কিছু ভাল কাম
সেইজনীলৈ আনিম কাণৰ এযোৰ
আৰু পোনাটিলৈ দুটামান কাজুবাদাম।

বান্ধি থোৱা নাওখনি মোকলাই লৈ
তৰি দিলো পাল, এৰি দিলো মহাসাগৰত
মনৰ আনন্দতে ভাটিয়ালি গাই
ঢৌবোৰে নিচুকায়, ফুচুলায়, বাট দেখুৱায়
তৃপ্তিৰে নাওখনি আগুৱাই যায়
ধৰা দিয়ে মাজে মাজে মাছ এটি দুটি
এনেতে বেলিটিয়ে হাঁহি মাৰি ক’লে
সময় থাকোতেই তুমি যোৱা উলটি।

ঘূৰাই ল’লে মই নাৱৰ গুৰি
বৰ বৰ ঢৌবোৰে আহি ধৰিছে আগুৰি
যেনে তেনে পাৰ পালো, নাওখন বান্ধিলো
খালৈটোলৈ চাই কিছু হতাশ হলো
ভাবি গুণি থাকোতেই ঢৌবোৰ আহি
খুন্দিয়াই থৈ গ’ল ভৰি দুখনত
তলুৱাৰ বালিবোৰ আঁতৰি যোৱাতহে
চেতনা জাগিল মোৰ হঠাতে মনত।

[ ১৩৩ ]

ক’লে গৈ থাকা আগুৱাই, থমকি নলৈ
সাগৰৰ নামীৰ কোনো সীমা নাই
সোনকালে যোৱাগৈ পোহৰকণ থাকোতেই
পোনাটিৰে সতে মনৰ মানুহজনী
আছে চাগে ডিঙি মেলি বাটলৈ চাই॥ ❖

সপোন সৰগ


বিধাতাই সাজি দিলে দেহে প্ৰতি ঘৰখন
নেৰাখি প্ৰভেদ তাত চুলিৰো সমান
কোঠালি শুৱনি কৰি থৈ বিভিন্ন কীৰ্তিমান
মৰততে সৰগ তাকে কৰিব প্ৰমাণ।

দুৰাচাৰ, দুৰ্গতিৰ আগমন হ’ল
সাজ সজ্জা সকলো চুৰ কৰি নিলে
মায়াজাল বহুৱাই প্ৰলোভন দিলে
বিধিৰ ইচ্ছাবোৰ কেনিবা বিপথে গ’ল।

হিংসাই ঠাই ল’লে ঘৰৰ চুকে কোণে
তাকে দেখি মানৱতা আঁতৰি পলাল
যত্নৰ অভাৱতে উয়ে বাহ ল’লে
দেখুৱাই দিবলৈকো মহাত্মা নোলাল!

আজি ভগা ছিগা ঘৰবোৰ মৰত সজায়
সপোনৰ সৰগখনো গ’ল যে হেৰাই
জাগা হে মানৱ জাতি থাকোতে সময়
অনিবাৰ্য্য নহ’লে এক বিধ্বংসী প্ৰলয়॥ ❖

[ ১৩৪ ]

FIFA

It makes me wonder
At the power of the game
It sure brings for you
Health, wealth and fame.

Gone are the days
When parents used to say
Read, read and read more
Or else you will be very poor.

Think of the spirit a player shows
Only on that brotherhood grows
On the field a killer instinct
Makes one special and distinct
Off the field what a sight
They all are pals alright!

The more you read and play
Less is the need to worship and pray
Let this beautiful world be
Full of Libraries and stadia
To replace the corrupt preachings
Of all those heavenly media. ❖

[ ১৩৫ ]

Multicoloured

O God, where are you
Not a friend though
I need to see you
To ask questions a few
Where are you, where are you!
Time and again had a hunch
You were near taking care
Not to be seen yet hover
To lure me in for ever
But I was no less clever.
I saw you in my parents
In joy, sorrow, and despair
I saw you in my teacher
When his tender hands slapped
Then ran his finger through my hair
I saw you in the dead bodies
Giving us lessons, wisdom too
Saw you in countless smiles
Without a clue, who is who
I saw you for sure if it were you.
I could see you in high places
Wearing white, guileful minds
Engaged in senseless fights
Fooling the lesser beings
By their arguments slight.
I know you are omnipresent
But answer my question decent
How could you be so imprudent
Loading distress upon the oppressed
And no end to the harassment. ❖

[ ১৩৬ ]

Down to earth

Why do people choose
To ignore the bliss of
Peace and fun galore
Why instead walk alone
Busy to prove oneself
A person of valour.

Why do people choose
To tread on the jittery path
or selfishness and greed
When there is a safe route
To reach the ultimate goal
Bereft of all worldly needs.

Why do people choose
To run amock in a killing-spree
Level the earth, Cutting trees
When there is a way
To exist in peaceful harmony
Keeping the mind ego-free.

Why do people choose
To be above all others
Where no one can reach ever
Oblivious of the eternal truth
That one day everyone must
Come down to where no two differ. ❖

[ ১৩৭ ]

Solid Gold

When I was a baby boy
I used to play with a toy
And found boundless joy.
When I was a school kid
I used to pay little heed
And what I liked I did,
When I grew a little older
With no trace of proper shoulder
I played football as a winger.
In my colourful college days
I travelled a little deeper
And became a goal-keeper.
Then came the days of no game
Got busy in search of fame
Collecting worries all that came.
Now when I have grown old
I shudder with a feeling of cold
Remembering those days of solid Gold. ❖

[ ১৩৮ ]

Degradation

There was a time
We used to draw a line
Curvy, wavy, on a piece of paper
And trying all the time
To make it shine and
Keep the paper clean and fine
Taking pride in doing so
Outside the line we let go
Keep looking at the outcome
Till long after it is finished
A sight still fresh and cherished.

No doubt it was a map
The map of our motherland
We saw it breathe and smile
And beckoning all the while
As if to embrace us and
Soothe us with her tender hand
Images raced in our minds
Of Bhagat, Kanaklata and their kinds
With the flag and head held high
Fighting never to disturb others
But to keep that line bold and sharper.

Alas! that line is now almost gone.
Replaced by line of control
Placing of deadly firearms at point blank
With less of interest inside the line
Whatever happening is always fine
Why this hypocrisy! Why, of
Enjoying the benefits and shouting loud

[ ১৩৯ ]

About Global village, World Brotherhood
When nuclear armament is on the rise
It is beyond my guess and try
Can anyone please explain, why?? ❖

Mourning

It rained in Brazil
The nation was wet
A monstrous rain
It never have met
A rain of Goals
A rain of Tears
It washed away pride
Without an oar to guide
They all looked tired
As cylinders didn't fire
The Germans swam
Like a gorgeous swan
Making merry and fun
Competition almost none
Marching ahead
With a blazing gun
They are giant and killer
Properly trained by Hitler. ❖

(Out of sadness at the Humiliation of the
artistic Brazilian football on 8.7.14 caused
by the mighty Germans, 7-1 to be precise.)

[ ১৪০ ]

Grievance

I wonder why people remember
Past and distant pain so very far
Every year with words and tear
An uproar, to call the pain back here !
Why can't they just think, quiet
Of the morning sun cool and bright
Why they have to think as something lost
Memories of gain forgetting almost?
Why can't they take a vow
To rise above the level and sow
Seeds of peace and love on earth
To make new commers proud of their birth? ❖

Destiny

Single, double, then again single
Wonder how it feels
Must be horrible!
My heart goes out and wander
In the dark lanes
Of the faraway mind
In search of a possible answer.
Behind the facade ruins galore
Carefully hidden
With a smiley halo;
Memoirs hang on broken walls
Swinging and creaking
Stealthily destiny befalls.
My heart came out broken
And back I smiled
Meant to be a token. ❖

[ ১৪১ ]

Defeat

He served one hard
And meant an ace
She got it stretching
Fully to the base;
Couldn't just cross and
Put it into the net
She lost the point
And game as well,
As he did serve
At final game point.
We all her mates
Are dumbfounded
At the terrible haste;
But then, it's a game
A serve and volley game;
It is an eternal game. ❖

REST IN PEACE RINA BARUAH,
a classfriend in AMC.

[ ১৪২ ]

Son

I am no more at the wheel
To drive you around and kill
The man within you I feel
Has courage enough and zeal
To run the bus of the life real.
But I shall be there beside you
As a co-driver for years few
Until a young one take the cue
And offer me my retirement due
And a seat as passanger next row.
But I shall be there beside you;
You are my love as the car is to you
Don't make me leave the car
As I have to go not very far
I promise to entertain you and co
To guide, I took a silent vow.
And I shall be there beside you
As I have no one else to go
As I want to see you go through
The niceties the life can throw
And clap and dance till out I bow.
I promise to be there beside you
Even if you wish not, want me to go
As I hate to see you hurt and low
Like you become me sure and slow
I hope to be there, always yours. ❖

[ ১৪৩ ]
 

I am a bomb

I am such a bomb
 That can explode
Quietly, inside me
 And yet I hold
Never a blast
 That destroys fast
And cause to others
 Miseries untold.
I am a bomb
 With enough aplomb
To stay cool and calm
 At turbulent time;
But then, a bomb is a bomb
 Nothing sublime
Sight of a spark
 Makes me dumb.
I am a bomb and
 I have a modest wish
To stay awake to guard
 And get some bliss
To get diffused
 On my expiry date
Leaving the loved ones
 To worldly, fate. ❖

[ ১৪৪ ]

Surreal

Someone has gone
Seemingly mighty and handsome
Tiptoed through the back door
Unseen by the frivolous crowd in front
With a hint of a jaunty smile
Out into the darkness beyond.
The front was a fairyland
Built on sermon by a nobody
To give Him a treat of a lifetime,
Abundance of coloured lights
Fragrance in its unhindered flight
Showcasing the temple's might.
People were chanting
Pleading praying defending
Apologizing silently for misdeeds
Still harbouring a murderous greed
But He was aloof, distant
And didn't seem to pay heed.
He was at a distance indeed
Sitting beside a shrunken shape
A comforting hand on the forehead
Of one exloited by the lords
And calm him down with sweet words
“I owe you dear, you are me”. ❖

[ ১৪৫ ]

Devil's Kiss

Jealousy is but a devil's kiss
Beckons you to the abyss
One way it is, ends in void
Remember always to avoid.
It is a jungle out there
Anytime ready to catch fire
Burning itself in the process
Whatever remains is only ash.
A rational creature turns wild
Driven by one's fragile pride
Never ask a question, why
If not ready for a crap reply.
Compersion empathy and kindness
Are its true and strong rivals
Home in on those noble traits
Will make jealousy stop at the gate. ❖

A Wish

A wish from a dear one
A smile from a near one
Light up the dark night
Like thousands of stars
Sprinkling joy from height
Bathe you with scented deo
Freshen the mind up and
Add colours of different hue
Dress you with neat clothes
Pour impetus to march forwards. ❖

[ ১৪৬ ]
 

কেইটামান অনূদিত কবিতা

[ ১৪৭ ]
 

নিসঙ্গ

ব্যতিক্ৰমি শৈশৱৰ মোৰ
নিৰ্দয় অচিনাকি সপোনবোৰ
জুৰিটিয়ে নিদিলে সঁহাৰি
বহু আকাঙ্খিত মাণিকীমধুৰী;
কোমল হিয়াত নাই নোপোৱাৰ দুখ
আৰু নাই মোৰ হৃদয়ত
ওফন্দি উপচি পৰা অপাৰ সুখ।
মোৰ ভালপোৱা, মোৰ প্ৰীতি
স্বাৰ্থ যেন তাৰেই অন্য নাম এটি
মোৰ সেই শৈশৱ যেন
ধ্বংসমুখী জীৱনৰ কাহিলী পুৱা
এক আশ্বৰ্য্য সম্ভাৰ, সকলোটি
ভাল বেয়া খুচৰি গোটোৱা;
নদীৰ খৰসোঁত, গীতিময় নিজ
সুউচ্চ পাহাৰৰ ভয়ানক গৰা,
শাৰদী সুৰুযৰ সোণালী আভা
মোৰ সত্ত্বাৰ চৌদিশে প্ৰদক্ষিণ কৰা,
আকাশৰ বুকু ফালি চিৰাচিৰ কৰি
নিমিষতে উৰি যোৱা বিজুলী পৰী
ধুমুহাৰ সহচৰ বজ্ৰ নিনাদ
আৰু মেঘৰ টুকুৰাবোৰ
(যেতিয়া সৰগৰ ৰং হয় নীলা)
ধৰা দিয়ে দুচকুত মোৰ
হৈ সাক্ষাত মহিষাসুৰ॥

(Adgar Allan Poeৰ মূল ইংৰাজী Alone নামৰ কবিতাৰ অসমীয়া
অনুবাদ)

[ ১৪৮ ]
 

ভোগদৈৰ চহা

ভোগদৈৰ পাৰৰে সুঠাম সাহসী ৰঙীয়াল চহা
 উলাহতে গীত জুৰে পাৰতে ৰৈ
কামত নাই বিৰতি পুৱাৰ পৰা ৰাতিলৈ
 যেন পখিটিয়ে আজোৰে কূটা আনমনা হৈ।
গানৰ কলিও যেন এটাইহে জানে
 শুনি আছো অনাদি কাল,
“মই কাহানিও কাকো নকৰো ঈৰ্ষা
 আনেও নকৰে মোক, সকলোৱে ভাল।”

শুনিলে ৰজাই গান, ক'লে “তেনেকৈ নক’বা বন্ধু,
 ভুল কথা, ভ্ৰান্ত ধাৰণা তোমাৰ
সম্ভৱ হোৱা হ'লে কৰিলোহেঁতেন মই
 আদান প্ৰদান আমাৰ দুই কলিজাৰ।
কোৱা বন্ধু মাথো এবাৰ, কেনেকৈ গাব পাৰা তুমি
 ইমান ডাঙৰকৈ অন্তৰ ঢালি
একেখন ভোগদৈৰ পাৰতে ৰজা হ’লো মই
 কিন্তু দুখে নিয়ে কলিজা ফালি?”

মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই চহাই ক'লে
 “মই নিজ হাতে কাম কৰো,
ভাল পাওঁ গৃহিণীক, তিনি সন্তানক
 বন্ধুকে ভাল পাওঁ, আকোৱালি ধৰো;
যিমান পাওঁ সিমানেইহে খাওঁ, নাই মোৰ ধাৰ
 ভোগদৈক মই হিয়াভৰি ভাল পাওঁ
এই নদীৰেই পানী সিঁচি খেতি কৰো মই
 পৰিয়ালে সৈতে পোহপাল যাওঁ।”

[ ১৪৯ ]

এটি হুমুনিয়াহ এৰি ৰজাই ক'লে
 “বন্ধুবৰ, বিদায় আৰু সদা সুখী হোৱা
কিন্তু অনুৰোধ মোৰ, নক’বা কেতিয়াও আৰু
 নাই কোনো পৃথিৱীত তোমালৈ ঈৰ্ষা নোহোৱা,
তোমাৰ মাটি লগা পাগটো মোৰ মুকুটৰ দৰে
 তোমাৰ পথাৰে মোৰ সিংহাসনো তুচ্ছ কৰে
তুমি হ’লা মৰতৰ গৌৰৱৰ খোৰাক
 হে বন্ধু, প্ৰণামো তোমাক”॥

(Charles Mackৰ মূল ইংৰাজী 'The Miller of Dee' নামৰ কবিতাৰ অসমীয়া অনুবাদ৷)

[ ১৫০ ]
 

যমজ

হাত, ভৰি, চকু, মুখ আৰু জোঙাকৈ নাকটো
সাইলাখ একে আমি সহোদৰ দুটি
চুবুৰিৰ সকলোৱে ভুল কৰে দুয়োটাকে
মই বুলি ভাইটোকে ধৰেহি সাৱটি।
মাহী, পেহী, খুৰা, খুৰী সৱে খায় হাবাথুৰি
বিচাৰিলে নাপায় মনে বিচৰাজনক
জনমিলো একেলগে, এজন যমজ হ’লো
আশ্চৰ্য্যৰ খোৰাক হ’লো সৱাৰে মনত।
এদিন আচম্বিতে হ’ল এটি অঘটন
নামকৰণৰ উলহ মালহতো হ’ল ছন্দপতন
নোৱাবৰ সময়ত ধাত্ৰীয়ে কৰিলে ওলট পালট
চিনিব নোৱাৰাকৈ কোনেও কোনোটি কালত।
আৰু এনেকৈয়ে যেন নিয়তিৰ আদেশত
নে আনমনা ধাইমাৰ চেঁচা উলাহত
মোৰ ভাই “জনে” মোৰহে নামটো পালে
আৰু মোক ভাইটোৰ নামটোৰে মাতিবলে ল’লে।
সাদৃশ্যৰ ভূতে মোৰ পিছে পিছে গৈ
পঢ়াশালি পালেগৈ যেন ৰং চাবলৈ
বুৰ্বক “জন"ৰ কীৰ্তিৰ পৰিণাম
কত যে সহিলো মই নিৰ্বাক হৈ।
সকলোকে কৰিছিলো মই প্ৰশ্ন এটি
চিনাকি আছে যতমানে মোৰ
কৰিলাহেঁতেন কি বাৰু তুমি মই হোৱা হ’লে
দিবলে প্ৰমাণ তুমি সঁচাকৈয়ে তুমি?

হুবহু একে হোৱাৰ পৰিণামে দুয়োৰে
সন্ত্ৰাসিত কৰিলে দাম্পত্য জীৱনত

[ ১৫১ ]

মোলৈ চাই থোৱা কইজনীক লৈ।
মোৰ ভাইটিহে বহিল বিবাহ বন্ধনত।
এয়াই থোৰতে মোৰ আচৰিত জীৱন গাথা
অতিকে আচৰিত শেষৰটো খবৰ
শুনি আহিল ৰাইজ মোৰ মৃত্যুৰ বাতৰি
আৰু ভুলতে ভাইটিকে দিলেগৈ কবৰ! ❖

(Henry Sambrooke Leighৰ মূল ইংৰাজী ‘The Twins’ নামৰ অসমীয়া অনুবাদ।)

[ ১৫২ ]

বন্দী পখীৰ গান

মুক্ত বিহঙ্গই আনন্দতে জঁপিয়াই
উঠিলে বতাহৰ বোকোচাত গৈ
এৰি দিলে নিজকে বতাহৰ সতে
নেদেখা কোনো অসীম অনন্তলৈ
সূৰ্য্যৰ সোণালী আভা থপিয়াই কয়
চোৱা, আকাশ জিনিলোমই
একছত্ৰী অধিকাৰী, নাই মোৰ ভয়।

কিন্তু সঙ্কীৰ্ণ সজাত বন্দী
আন এটি দুৰ্ভগীয়া পখী
মানৱতাৰ জালৰ জলঙাৰে সি
নেদেখে বিশালতা নীল আকাশৰ
তাৰ পাখিবোৰ চুটিকৈ কটা
ভৰিতো শিকলি বন্ধা অবিচাৰৰ
সেয়ে, সি গান গায় হৈ দুখত কাতৰ।

বন্দী পখীৰ গানত শুনো যেন
এক ভয়াবহ, কম্পিত, অভিমানী স্বৰ
আনিবলে অজানা এক দুখৰ লহৰ
ক’বলৈ, লাগে প্ৰেম লাগে শান্তি
দূৰৈৰ পাহাৰখনে শুনে পাতি কাণ
আৰু তাৰে সতে সমস্বৰে গায়
কাৰণ, সি গায় স্বাধীনতাৰ গান।

মুকলি পখীটিয়ে মনে মনে ভাৱে
এজাক বতাহ আকৌ অহা হ’লে

[ ১৫৩ ]

উৰিলোহেঁতেন মই আনমনা হৈ
আকাশলঙ্ঘী গছৰ মাজে মাজে
নিয়ৰ সনা দূবৰিবনত ৰ’দ লৈ
নোদোকা কেঁচুবোৰেও আছে মোলৈকে ৰৈ
লিখি দিম নাম মোৰ ডাৱৰৰ ভাজে ভাজে।

কিন্তু বন্দী পখীটি! গতিহীন সি
স্থবিৰ, তাৰ সপোনৰ শ্মশানত
তাৰ ছাঁটোৱে চিঞৰি উঠে হঠাৎ
এক বিকট আৰ্তনাদ কৰি
তাৰ পাখিবোৰ চুটিকৈ কটা
ভৰিতো শিকলি বন্ধা অবিচাৰৰ
সেয়ে, সি গান গায় হৈ দুখতে কাতৰ।

বন্দী পখীৰ গানত শুনো যেন
এক ভয়াবহ, কম্পিত, অভিমানী স্বৰ
আনিবলে অজানা এক দুখৰ লহৰ
ক'বলৈ, লাগে প্ৰেম লাগে শান্তি
দূৰৈৰ পাহাৰখনে শুনে পাতি কাণ
আৰু তাৰে সতে সমস্বৰে গায়
কাৰণ, সি গায় স্বাধীনতাৰ গান॥ ❖

(Maya Angelowৰ মূল ইংৰাজী ‘I Know Why The Caged Bird Sings’ নামৰ কবিতাৰ অসমীয়া অনুবাদ।)

[ ১৫৪ ]
 

নাৰী কিমাশ্চৰ্য্যম্

ৰূপহী নাৰীয়ে ভাবি গুণি চায়, কিন্তু
মোৰ সৌন্দৰ্যৰ ভু-ভা বিচাৰি নাপায়,
ৰূপ লাৱণ্যতো অদ্বিতীয় নহওঁ যে
দেখিলেই মনটো ভাল লাগি যায়;
যিমানেই বিচাৰিম বুজাবলৈ মই
বিমুখেই হওঁ, শুনি “মিছলীয়া তই"।
মই কওঁ, সৌন্দৰ্য মোৰ আলিঙ্গনত,
আৰু আছে কিছু মোৰ নিতম্ব দেশত,
আছে মোৰ খোজত, মোৰ ওঁঠৰ মাজত;
মই এক আশ্চৰ্য্যকৰ, অনন্যা নাৰী।
নাৰী মই, আশ্চৰ্য্য মই! সঁচাকৈয়ে।
সোমালে কোঠাত মই গুৰু গম্ভীৰ হৈ
ঘূৰি চাই সকলোৱে উৎফুল্লিত হৈ,
অগ্ৰসৰ হ’লে কোনো পুৰুষৰ ফালে
দেখিবা থিয় হ’ল, কিম্বা আঁঠুকে ল’লে।
ঘূৰি ফুৰে চৌপাশে যেন মৌমাখি এটি,
সেয়ে কওঁ মোৰ ৰূপ, মোৰ চাৱনীত
ডালিমগুটীয়া দাঁতৰ চিকমিকনিত
খামুচীয়া কঁকালৰ লাহী চালনাত
গোলাপৰ ৰং সনা ভৰিৰ পতাত;
মই এক আশ্চৰ্য্যকৰ, অনন্যা নাৰী।
নাৰী মই, আশ্চৰ্য্য মই! সঁচাকৈয়ে।
পুৰুষেও ভাবে, তেওঁ কিনো দেখা পায়
যিমানেই চায়, বুদ্ধি আঁতৰি পলায়;
প্ৰয়াস যিমানে কৰো দেখুৱাম বুলি
কয় একোকে নেদেখো, দেখো মাথো ধূলি।

[ ১৫৫ ]

মই কওঁ মোৰ পিঠিখন চোৱা।
মোৰ হাঁ‌হিত লাগি থকা সূৰ্যটো আৰু
উত্থিত স্তনযুগল দৃষ্টিত লোৱা,
দৃষ্টিনন্দন ভঙ্গী মোৰ, চিনাকি হোৱা
মই এক আশ্বৰ্য্যকৰ, অনন্যা নাৰী
নাৰী মই, আশ্বৰ্য্য মই! সঁচাকৈয়ে৷
বুজিলানে, কিয় মই মূৰ নোদোৱাওঁ
নিচিঞৰো টেঁটুফালি, মিঠাকৈ মাতো,
নকৰো অহেতুক লম্ফ-জম্ফ; কাৰণ,
তুমি গৰ্বিত হলে মই ভাল পাওঁ।
মই কওঁ, মন কৰা গোৰোহাৰ ফালে,
মোৰ বৈ পৰা ঘন কবৰী বিন্যাসত,
লৱনু কোমল দুহাতৰ তলুৱাত
আকলুৱা মনটোৰ স্নেহৰ নিচাত
কাৰণ, মই নাৰী; আশ্চৰ্য্যকৰ নাৰী।
নাৰী মই, আশ্চৰ্য্য মই! সঁচাকৈয়ে। ❖

(Maya Angelouৰ মূল ইংৰাজী'Phenomenal Woman' নামৰ কবিতাৰ অসমীয়া অনুবাদ।)

[ ১৫৬ ]

এনাবেল লী

বহু দিন, মাহ, বছৰ পাৰ হৈ গ'ল
সাগৰ তীৰত এক ৰজাৰ দেশত
আছিল সৰগৰ পৰীহেন, নিৰ্মল
এনাবেল লী, অনন্যা, অপ্সৰা বেশত
অহৰ্নিশে চিন্তা তাইৰ এটাই মাথা
দুয়োজনে প্ৰেমৰ মালা কিদৰে গাথোঁ।

মই এক নাবালক, নাবালিকা তাই
সাগৰ তীৰৰ সেই ৰজাৰ দেশৰ
অথচ মই আৰু মোৰ এনাবেল লী
অনুভূতি হয় দেখো স্বৰ্গীয় প্ৰেমৰ
ৰম্ভা, মেনকায়ো আঁৰে আঁৰে চাই যায়,
সৰগতো পিৰিতিৰ বাতৰি বিলায়।

আৰু সেয়ে নেকি জানো হঠাতে এদিন
ৰজাৰ দেশত সেই সাগৰ তীৰৰ,
আহিল ধুমুহা এজাক ডাৱৰ ফালি,
কাঢ়ি নিলে চেতনা তাইৰ শৰীৰৰ;
অভিজাত, আক্ৰোশী আত্মীয়-স্বজনে ধৰি
নিলে তাইক, মোক অকলশৰীয়া কৰি,
আৰু থলে ভৰাই এন্ধাৰ কৱৰত
সমুদ্ৰ তীৰৰ সেই ৰজাৰ দেশত।

কৰিছিল ঈৰ্ষা সৰগৰ অপ্সৰাই
দুয়োকে আমাক, আৰু কিজানিবা হয়
(প্ৰতিদিনে প্ৰতিজনে মুখে মুখে কয়

[ ১৫৭ ]

সমুদ্ৰতীৰৰ সেই ৰজাৰ দেশত);
আহিল ধুমুহা নিশা প্ৰলয় প্ৰতীক
চেপি, খুন্দি মাৰি নিলে এনাবেল লীক।

আমাৰ প্ৰেম-সেতু যে ইমানে অলৰ
নাই কোনো এনে জন প্ৰাপ্তবয়স্ক
আৰু জ্ঞানৰ ভঁৰালটোও পৰিপুষ্ট,
যিয়ে চুব পাৰে স্তৰ আমাৰ প্ৰেমৰ;
অপ্সৰা কিম্বা দানৱ সাগৰ তলৰ
নোৱাৰে চিঙিব বান্ধ আমাৰ প্ৰাণৰ।

জোনটোৱে আনে মোলৈ স্বপ্ন কঢ়িয়াই
চকু যুৰি দেখো যেন তৰাই তৰাই
সেয়া যেন মোৰ ৰূপহী এনাবেল লী
আছে যে, মুখত লৈ মিচিকিয়া হাঁহি,
আৰু সেয়ে, মই পৰি আছোহি কাষত,
চিৰনিদ্ৰাত আছে লী সমাধি তলত
হিয়াৰ আমঠু মোৰ অতি মৰমৰ,
ওৰে নিশা ঢৌ লেখি উত্তাল সাগৰৰ॥ ❖

(Adgar Allan Poeৰ মূল ইংৰাজী 'Annabel Lee' নামৰ কবিতাৰ অসমীয়া অনুবাদ)

[ ১৫৮ ]

যাযাবৰ

মোৰ আকঙ্খীত জীৱনটো মোক দিয়া
আন সকলোকে তোমাৰ ইচ্ছাৰে দিয়া
মোক দিয়া স্বৰ্গ, আৰু অহা-যোৱা বাট
কোনোজনে কোনোদিনে ভৰিকে নিদিয়া।
ঘাঁহনীত শুম মই তৰাবোৰ চাই
শুকান ৰুটিও খাম পানীতে তিয়াই
জীৱনৰ মাদকতা পাওঁ তাতে মোৰ
চিৰকালে হওঁ মই আনন্দে বিভোৰ।
আহে যদি দুৰ্যোগ মোৰ অনতিপলমে
আহিবলৈ দিয়া, নকৰো আক্ষেপ মই
যদি দিয়া চৌপাশে মোহনীয়া ধৰা
আৰু বিচৰা বাট মোৰ সমুখতে থৈ।
নেলাগে প্ৰেম, ধন সোণ নকৰো আশা
সঠিক নুবুজো মই বন্ধুত্বৰ ভাষা
বিচাৰিছো মই মাথো ওপৰে সৰগ
তলে বিচৰা পথৰ বসন্ত বৈভৱ
নহ’লেবা দিয়া মোক শীতৰ শৰাই
দিয়া মোৰ ওপৰত শীতৰ প্ৰকোপ
ঠেৰেঙা হ’লেও, উমলিম পখীটিৰে
ৰৈ থাকি মুকলিতে, ই নহয় ডাংকোপ।
চৌদিশে শুভ্ৰ বৰফ, শুকান পাতৰ
জ্বলাই জুইকুৰা সামৰৰ মিঠা পৰশ
নোৱাৰে তলাব কওঁ একোৱেই মোক
প্ৰচণ্ড শীতেও মোক নকৰে অবশ।
আহে যদি দুৰ্যোগ মোৰ, অনতিপলমে,
আহিবলে দিয়া, নকৰো ভ্ৰূক্ষেপ মই

[ ১৫৯ ]

যদি দিয়া চৌপাশে মোহনীয়া ধৰা
আৰু বিচৰা বাট মোৰ সমুখতে থৈ।
নেলাগে প্ৰেম, ধন সোণ নকৰো আশা
সঠিক নুবুজো মই বন্ধুত্বৰ ভাষা
খুজি আছো মাথো মই ওপৰে সৰগ
তলে, বিচৰা পথৰ বসন্ত বৈভৱ॥ ❖

(Robert Louis Stevensonৰ মূল ইংৰাজী ‘The Vagabond’ নামৰ কবিতাৰ অসমীয়া অনুবাদ৷)

এটি অনুভূতি

লাগে মাথো মোক তোমাৰেই হাতখন
দিয়াচোন মোক মুকলি ঠাই অকণ
আগে পিছে ঘূৰি ফুৰি পাবলৈ তোমাৰ
সান্নিধ্য, পাহৰি কবিতাৰ বিষোদ্‌গাৰ।

প্ৰেম, অনুৰাগৰ হৃদয়স্পৰ্শী কথা
কিম্বা বিৰহৰ অতিকে দুখভৰা গাথা
অইনৰ বাবে তুমি লুকুৱাই থোৱা
মোক তোমাৰ মাথো হাতখনেই দিয়া॥ ❖

(Maya Angelouৰ মূল ইংৰাজী ‘A Conceit’ নামৰ কবিতাৰ অসমীয়া অনুবাদ৷)

[ ১৬০ ]

জীৱন মাধুৰী

ভৰা নদীৰ পাৰলৈ গৈছিলাে মই
বহি লৈ পাৰতে আমন জিমনকৈ
ভাবিছিলাে, কিন্তু সমাধান নাই
দিলাে জাপ মাৰি, ডুবিলাে সতকাই
এবাৰ ওপঙিলাে টেটুকে ফালিলাে,
দ্বিতীয়বাৰ গছৰ পাত সৰুৱালাে!
ডুবি তাতেই মৰিলোহেঁতেন মই
পানী যদি নাথাকে শিল চেঁচা হৈ।
পানী নহয় যেন বৰফ এচটা, কি চেঁচা!
চিৰি বগাই মই ওপৰলৈ গ’লাে
ষোল্ল মহলাত উঠি তললৈ চালাে
ভাবিলাে এবাৰ প্ৰিয়াৰ (বেবি) কথা
ভাবিলাে জঁপিয়াই শেষ কৰাে লেঠা।
তাতে ৰৈ চিঞৰি আকাশ কঁপালাে
চকুৰে পানীৰে বাট নেদেখা হ’লাে!
মৰিলােহেঁতেন চাগে জঁপিয়াই মই
অতি উচ্চ বুলি যদি মানুহে নকয়।
সঁচাকৈয়ে ওখ, যেন গিৰি হিমালয়।
মৃত্যুৰে দেখাদেখি নহ’ল যেতিয়া
ভাবি আছে মই থাকিম জীয়াই।
প্ৰেমত শ্বহীদ হ’ব পাৰাে মই কিন্তু
জন্মৰ অৰ্থচোন ভােগ-বাসনাই,
হয়তাে শুনিবা মােৰ চিঞৰ বাখৰ
অশ্ৰুৰ বন্যাত নেদেখিলেও বাট
হে প্রিয়া, নিশ্চিত হৈ কথা এটি কওঁ
নেদেখা তুমি মােক মৃত্যু শয্যাত।
জীৱন যে সুন্দৰ, মদিৰাৰ আৱেশে ভৰা,
অতি সুন্দৰ। ❖

(Langton Hughesৰ মূল ইংৰাজী ‘Life is Fine’ নামৰ কবিতাৰ অসমীয়া অনুবাদ)

[ ১৬১ ] সন্ধ্যাতৰা

সেয়া জেঠৰ ভৰ দুপৰীয়া।
আৰু নিদ্ৰাহীন মাজনিশা,
বহু আলোকবৰ্ষ দুৰ মহা শূণ্যত
অনুজ্জ্বল তৰাই আলোক ছুটিয়াই,
ভৃত্য নক্ষত্ৰ পৰিবেষ্টিত
সৰগৰ ৰাণী জোনবাইজনীৰ
উজ্জ্বল চেঁচা জোনাকী জোৱাৰত
যেন কেনিবা হেৰায়।
চাই ৰ'লো কিছু ক্ষণ মই
জোনৰ শীতল সেই বাঁহী;
নাই, নুশুনো মোহন বাঁহী,
ভ্ৰাম্যমান কপহুৱা মেঘ এচপৰা
পালে নেকি বুজি মোৰ মনৰ বতৰা,
এনেতে তোমালৈ চালো
গৌৰৱোজ্জল সন্ধ্যাত,
তোমাৰ অম্লান জ্যোতি
প্ৰাণোচ্ছল হাঁহিত বিমুগ্ধ হ’লো;
নিশাৰ আকাশত তোমাৰ স্থিতি
তোমাৰ গৌৰৱ, মোৰ হিয়াৰ প্ৰীতি,
মনে মোৰ তোমাৰেই গুণ-গান গায়,
গালে-মুখে লাগি থকা
চেঁচা জোনালীৰ যে কোনো দাম নাই।

(Adgar Allan Poeৰ মূল ইংৰাজী ‘Evening Star’ নামৰ কবিতাৰ অসমীয়া অনুবাদ।

[ ১৬২ ]

I am a woman

God distractedly created women
As if for the sake of creation
And then kept aside,
You claim, you men recreated me
Ornamented me with your love
Am 1 half a human being and half your imagination?
It is midday now and
I am out of that misty cover
A complete woman, poetic creation,
My art is unique
I created you in my dark inside
Illuminatedl with my love lamp,
A dumb and helpless child
I gave you impetus to live,
Your words and your dreams
From my bowl of kindness
Emptied all my resources
In your good and bad days.
I am that teenaged girl
Dancing with the tune of the heart
With twinkling eyes speaking sweet
Promising dreamy days in the kit
Of impressed souls, then get vanished.
I am the sea of lover's beauty
And the turbulent waves of youth
The fast flowing river from your heart
Eager to unite with, that very soon.
It was a bright autumn night
With an inviting starry sky
The flames of your desire
Danced in my downcast eyes
I poured everything that I had
In the body mind and soul of mine.
I am a woman, to give is my pleasure

[ ১৬৩ ]

Covered all ugliness and pain
of life with my “Anchal”
To create a home for you
Opened the eastward window
So that you can have fresh air and be friendly
With the moon, stars and sky blue,
A beautiful comforting hand
Over the sunburned forehead
Inspired the artist so much more
Rocks in the lonely caves of Ajanta, Illora
Became beautiful women and folklore.
I am totally down to earth
Like to play in sand and dust
To create an “Alpona” of my life
The small light burning in the centre
Lights my small world bright and fast;
The baby's laughter and soulful cry
Ask me to forget heavens, not to try.
Autumns came and went
With green leaves and flower scent,
No more colours in my brush
No more words of some class
An empty vessel, an old colourless playmate.
You are new, always, with the bond of love
I am proud to be with you
I am complete with you, and you with me
Together we sing the life's chorus.
I have no regrets whatsoever.
Mowed bent grass will decorate
The artist's gravestone
Hundred new will reincarnate
Through the gaps of my chest bones.
Only desist from decorating me
With your imagination.
I am a complete woman being, a poetry in motion. ❖

(মাতৃ হিৰন্ময়ী দেৱীৰ ‘মই নাৰী’ৰ ইংৰাজী অনুবাদ।)

[ ১৬৪ ]

Gourd Vs Leaves

Oh no, not again!
Am tired of that tainted maxim
“A gourd, be big it may
Stays beneath the leaves and prays”
Wonder what is that
Gourd or the leaves
That brings a smile to the lips
Substance to shoulder and hips;
Confused, whom to throw
And whom to keep !
Creepers that only creep
Not giving birth along the trip
Considered waste and
Thrown to the deep.
And for propagation, future need
Who do we preserve
The gourd or the leaves
With chest full of seeds ?
I am confused, indeed !

(মাতৃ হিৰন্ময়ী দেৱীৰ ‘পাতৰ তলৰ লাও’ৰ ইংৰাজী অনুবাদ)

১৬৪ ● এজন ডাক্তৰ কবিতা

[ ১৬৫ ]

এজন ডাক্তৰৰ কবিতা

 

ডাঃ ৰাজীৱ কুমাৰ শৰ্মা

১৯৭৭ চনত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ পৰা এম.বি.বি.এছ, পাছ কৰা ডাঃ শৰ্মাই চৰকাৰী কর্মসূত্রে নামনি আৰু মধ্য অসমৰ বিভিন্ন ঠাইত কার্যনির্বাহ কৰি ২০১৪ চনত নগাঁৱৰ যোগীজান হস্পিটালৰ পৰা ছাব ডিভিজনাল মেডিকেল অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। গুৱাহাটীৰ শিলপুখুৰীত জন্মগ্রহণ কৰা ডাঃ শৰ্মাই অৱসৰৰ পিছত বর্তমান নিজৰ জন্মস্থানতে থাকি সাহিত্য সাধনা কৰি আছে।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।