সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিয়

কিয়! কিয় এই অহেতুক খৰ ধৰ
দৌৰ, গোটাবলে এখন বিলাসী গাড়ী
প্ৰাসাদোপম এটি বিলাসী থকা ঘৰ
দুৰ্ভেদ্য পদুলি আৰু সৰলৰ শাৰী?

চলে বলে কৌশলে দৌৰত সমুখত
থাকিব পাৰিলে হয় জীৱন সাৰ্থক
বাকী সকলোটি যদি পৰেও দুখত
ভ্ৰক্ষেপ নাই, নিৰাপদ ৰাখে স্বাৰ্থক।

অহোপুৰুষাৰ্থ কৰে আৰু কিছু লাগে
যিখিনি হাতত আছে যথেষ্ট নহয়
চিনাকি দিবলৈ মনত হেঁপাহ জাগে
নাই আক্ষেপ যদি হয় দেহাৰো ক্ষয়।

এদিন আছিল, সকলো আছিল, হায়!
আজি আৰু নাই, ঘূণীয়া শৰীৰ মন
ঘৰ, গাড়ী সকলোটি নীলামত যায়
নিষ্প্ৰাণ, নিৰলস হৈ গণি আছে ক্ষণ।

কিয়, কিয় তেন্তে এই নিৰৰ্থক দৌৰ?? ❖

এজন ডাক্তৰৰ কবিতা • ৮১