পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেতেকী, হাচনাহানা, পদুম, নেৱালী
সভাঘৰ উদুলি মুদুলি
ক’লে সৱে একাষাৰ নিজকে বখানি
হ’বলৈ ফুলৰ ৰাণী।
কোনােৱে নপৰে তল
চুলিয়াচুলিৰো যেন উপক্রম হল
সভানেত্রী পাৰিজাত চিঞৰি উঠিল
নকৰিবা গণ্ডগােল
মইচোন সৰগৰ ফুল
দেৱৰাজ ইন্দ্ৰৰ তােলনীয়া জী
উর্বশী, মেনকা ঘূৰে গাতে লাগি
মই নিবিচাৰাে নাম
কৰাে মই নিজ কাম
এৰি দিয়া মনােভাব প্রতিযােগিতাৰ
মিলিজুলি সকলােৰে
মৰততে সজোৱা এখনি সৰগধাম।

এজন ডাক্তৰৰ কবিতা•৩৭