পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অভিন্ন

শেৱালি ফুলে ফুলাৰ মন্ত্ৰ
 অহোৰাত্ৰি যিদৰে পঢ়ে
ৰজনীগন্ধাৰ মিঠা আবেশত
 মনৰ পখিলা যিদৰে উৰে
শীতৰ পুৱা কুঁৱলী চাদৰে
 দেহ যিদৰে আবৰি ধৰে
পুৱাৰ বেলিৰ সোণালী ৰঙে
 মন পুলকিত যিদৰে কৰে
অপত্য স্নেহত মাতৃ হৃদয়
 মাখন সদৃশ যিদৰে গলে
কহুঁৱা কোমল প্ৰেম পৰশত
 বুকুত লহৰে যিদৰে খেলে
অশান্ত মোৰ মন ভোমোৰা
 কবিতা কানন চলাথ কৰে
অনন্য সেই ফুল পাৰিজাত
 বহি লৈ তাতে মৌ পান কৰে। ❖

এজন ডাক্তৰৰ কবিতা • ৩