সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

যুগজয়ী

(টি.ভি. চিৰিয়েল ‘টম এন্ড জেৰী’ চাই হোৱা অনুভৱ)

এনেনো শুৱনী “জেৰী” মোৰ নিগনি
মই হেন বোন্দাৰে হৰি নিয়ে চিত।
“টম” বুলি মাতিলেই মিঠাকৈ মাতেৰে
শুনো যেন ভূপেনদাৰ মনজুৰোৱা গীত।

অকলশৰীয়া সি জোকাবলৈ মোকহে পায়
দুষ্টালিবোৰৰো যেন কোনো সীমা নাই
জুইকুৰা জ্বলাই সি গাঁতত সোমায়
ৰেহ-ৰূপ চাবলৈ ঘনে ভুমুকিয়ায়।

জোঙাকৈ মুখখন তাৰ চালে চকু ৰোৱা
থিয় ঠৰঙা মোচকেইডালেৰে সি বেপৰোৱা
কণমানি মগজুটো কুবুদ্ধিৰ ভঁৰাল
পৰিলে পাকত তাৰ জানিবা শান্তি হেৰাল।

দৌৰতো নোৱাৰো তাক পেলাবলৈ পিছ
য’ত ত’ত খুন্দিয়াওঁ ধিচ্‌, ধিচ্‌, ধিচ্‌
দেখুৱাই কৰো খং কিন্তু ভিতৰি মৰম
মৰমতে পাহৰি যাওঁ বোন্দাৰ ধৰম।

লিক্‌লিকীয়া নেগুৰদাল খামুচীয়া সজা
খাবলৈনো কিটো আছে চাবলৈহে মজা
ভাবি তাকে সময়ৰ সদ্ব্যহাৰ কৰো
বন্ধুত্বৰ এনাজৰীদাল কটকটীয়া কৰো॥ ❖

এজন ডাক্তৰৰ কবিতা • ১১