পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অস্তগামী

দুচকুত অলীক সপোন
মনত দূৰন্ত আশা
অমসৃণ হৃদয় দাপোন
অসত্য কৰে যে ভাষা।
আজি চমকি উঠিছো চিনি
মই নিজৰেই মুখ
কোচ মোচ খোৱা, অশুৱনী
দিয়ে দুখতেই দুখ।
মনটোৱে বিচাৰিলে কিবা
হৃদয়ক শুধি চোৱা
অবান্তৰ, অবাস্তৱ যিটো
আঁতৰলৈ ঠেলি থোৱা।
ক্ষণস্থায়ী জীৱনৰ নাট
ভাওটি ভালকৈ দিয়া
যিবা আছে দুই খোজ বাট
কৰা বাধা নাইকিয়া। ❖

এজন ডাক্তৰৰ কবিতা • ১২৩