পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেমেকা চকুৰে মই ছবিবোৰ চাওঁ
হাস্যমুখ ‘পেলে’ক বিচাৰি নাপাওঁ
চিক্‌মিক্ কৰি থকা ‘মেচি’কহে পাওঁ
পাহৰি নাযাবা, মই ফুটবলৈ কৈছো॥❖


জীৱন, তুমি অনন্য

নাই কণমানিও আক্ষেপ মোৰ
নাই সেই মিছা অভিমানবোৰ
একো এটা নোপোৱাৰ;
সামান্য অখ্যাত পঁজাটিতে মোৰ
সুখৰ বন্যাত উটি যায় দুখবোৰ
দি যায় তৃপ্তি পোৱাৰ।
জীৱন, তুমি অপৰিসীম, অনন্য
নানা ৰঙে, ৰূপে ব্যাপ্ত মহাশূন্য
তোমাক শতেক প্ৰণাম,
ঘোৰ আন্ধাৰতো প্ৰলয় পৰত
আশাৰ প্ৰদীপগছি লৈ হাতত
কৰিলাহি অভয় দান।
জীৱন তুমি অনন্য
তোমাক শতেক প্ৰণাম। ❖

এজন ডাক্তৰৰ কবিতা • ৪৯