পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰভু মোৰ, জেউতিৰে ভৰা
নাৰাখা প্ৰভেদ ধনী দুখীয়াৰ
একেটা সাঁচতে ঢালি
সৃষ্টিৰ ৰূপ সৌন্দৰ্য সানি
অলংকৃত কৰা প্ৰতিটি প্ৰতিমা
দীপাৱলীৰ বঢ়াই গৰিমা।


সন্মোহিনী

চকু দুটি মুদিলেই
 দেখো ৰূপালী পৰ্দাত
 পূৰ্ণিমাৰ জোন এটি
 মোহিনী হাঁহিটি সতে
 লাগি থকা চকু মুখ তাত;
শুনো যেন জুৰিটিৰ
 শ্ৰুতিমধু কুলু কুলু
 সাইলাখ খিল্ খিল্
 হাঁহি যেন দেৱশিশুটিৰ
 প্ৰাণ পায় নিৰ্জীৱ শৰীৰ।
মেলিলে দুচকু পুনু
 তল সৰি পৰে হনু
 জোনটি কেনিবা গ’ল
 কাঁইটেৰে ভৰি ৰ'ল
 মেঘাচ্ছন্ন আকাশৰ তল॥

এজন ডাক্তৰৰ কবিতা •১০৭