পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেষ চিঠি

আইজনী ঔ, মই যাবলৈ ওলালো
আধা ফুলা ফুলপাহি
পাপৰি সুগন্ধি, লাহি
কৰিছেহি ভিৰ মোৰ দুচকুতে আহি
বাঢ়ি অহা ক’লাবোৰ
চোৱাৰ হেঁপাহ মোৰ
হয় মানে পূৰ্ণিমাৰ সোণ শিখাবোৰ;
কিন্তু মই যাবই লাগিব
এৰি থৈ সকলো পাৰ্থিৱ
নহ’লেযে বেলিটি পশ্চিমত উঠিব।
দেখিছিলো এটিবাৰ
তাহানিতে জোনাকী জোৱাৰ
সেয়ে আজি উৎস লোভ-লালসাৰ
অবুজন মনটোৰ
অতৃপ্ত বাসনাবোৰ
লুকুৱাই থ’বলৈকো শোক লাগে মোৰ
সেয়েহে লিখিছো চিঠি
ডায়েৰীৰ শেষ পিঠি
মৰহা গোলাপ এটি দিছো মই গাঁঠি।
ইতি॥ ❖

এজন ডাক্তৰৰ কবিতা • ৮৭