পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰ্গতিনাশিনী

মহিষমৰ্দিনী, হে মাতৃ শক্তিৰূপিনী
ছঁটিয়াই দিয়া কিছু কৰুণা তোমাৰ
সূৰ্যোদয়ৰ দেশ, সম্প্ৰীতিৰ ধ্বজাধাৰী
আজি পদদলিত, নতশিৰ, লজ্জিত
মহিষাসুৰ প্ৰকাশ্য, খাদী, টুপী সহিত;
ছঁটিয়াই দিয়া কিছু ক্ৰোধাগ্নি তোমাৰ
দেই-পুৰি যাওঁক সমস্ত ব্যভিচাৰ
মন্দিৰৰ ডবা-কাঁহ, শঙ্খধ্বনি, হওক
প্ৰতিধ্বনি মছজিদ, গীৰ্জা, গুৰুদ্বাৰত
বাজক মানৱ প্ৰেমৰ আৱহ সঙ্গীত
আকাশত, বতাহত, প্ৰতিটো প্ৰাণত।❖

এজন ডাক্তৰৰ কবিতা • ১০৯