পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এৰাবাটৰ সুৰ

আহিলো কিমান দূৰ বাটকুৰি বাই
লেখি লেখি মাইলৰ খুটা
জান-জুৰি, খাল-বিল হিচাব যে নাই।
হ’ব পাৰে ভুল এটা দুটা।
কষ্টেৰে সাঁতুৰিলো বহু সৰু-বৰ নৈ
আতঙ্কক নিদিলো প্ৰশ্ৰয়
পাৰ পাই এতিয়াহে ভাবি আছো মই
ক’ত পাওঁ এধানি আশ্ৰয়।
সমুখৰ তৃণ-কুটা খামুচি ধৰিছো
কৰিবলে নিজকেই স্থিৰ
ঘন ঘন উশাহত অগণি জ্বলিছে
ভাগৰত নচলে শৰীৰ।
নেচাওঁ পিচলে ঘূৰি কোনোদিনে মই
নোপোৱাৰ নলওঁ খবৰ
স্মৃতিৰ গধুৰ বোজা পাৰতেই থ’লো
আশা মোৰ কৰিবা আদৰ॥ ❖

এজন ডাক্তৰৰ কবিতা • ১২১