সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অবাঞ্চিত বিজয়া

শৰতৰ ফৰকাল আকাশলৈ চাই
ভাবি গুণি থাকোতেই কাণত পৰিল
প্ৰতিবেশীৰ পেনাটিৰ ক্ষুব্ধ আটাহ
‘পিতাই ঔ, নাযাৱনে বজাৰলৈ তই
পূজাচোন পালেহিয়ে কাষ চাপি আহি
মাজত ৰৈছেগৈ আৰু মাথো এসপ্তাহ’।
কলিজাটো কেন জানো লৱৰি পলায়
ল’বলৈ খবৰ চালুকীয়া মনটোৰ
চাবলৈ এটিবাৰ দুচকুত চকু থৈ
নীলিমত উৰি ফুৰা ৰঙীণ সপোন
নীলৰঙী সাগৰৰ সুশীল দাপোন
আবেগে দুভৰি মোৰ সঘনে কঁপায়।
নেদেখো যে বিশ্বৰূপ সেই দাপোনত
জৰা-ব্যাধি, সংগ্ৰামৰ আভাস কিঞ্চিত
চেনেহ চাদৰে বান্ধি সযতনে আয়ে
লুকুৱাই ৰাখিছে কোনো অজ্ঞাত স্থানত
চকুলোৰে ধুই-মচি নোপোৱাৰ সঁফুৰাটি
পোনাকনে পায় জানো আঘাট মনত।
‘যাম অ’ বোপাই’, পিতাইৰ চেপা মাত
‘কীটবোৰে কিছুক্ষণ দিলেই ৰেহাই’
নাজানে পোনাটিয়ে পিতাইৰ যকৃত
কুৰুকিছে কুৎচিত বিষাক্ত কৰ্কটে
বিয়পাই বিষবাষ্প গুপুতে গুপুতে
দিবলৈ ৰেহাই দিন বিজয়াৰ সতে। ❖

১০৪ • এজন ডাক্তৰৰ কবিতা