সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

স্বাধীনতা দিৱস

(চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ প্ৰতিক্ৰিয়া)

আজি মোৰ গাটো সাতখন আঠখন।
ৰাই জাই কৰি আছেচোন
আহ ঔ ওলাই দিপালী, ৰূপালী, মেঘালী
আৰু আছ কোন কোন
হাত ভৰি নচুৱাই ককালখন ঘূৰাই
মাৰি দিওঁ কেইপাকমান
আছে শকতি দুবাহুত, দুভৰিত এতিয়াও।
দিওঁ তাৰে কিঞ্চিত প্ৰমাণ।

আছিল অতদিনে দুইমোনি শিল এটা
হেঁচা দিয়া ওপৰত মোৰ
হাত ভৰি কোঁচ খোৱা, উশাহো নোপোৱা
ঠেলিলেও নোহোৱা দূৰ
আজি হঠাতে বাগৰিল সেই শিলটো
ফুলি গ'ল হাঁওফাঁও মোৰ
দেহাটি পাতল হ’ল' যেন কমোৱা তুলাহে
উৰিম হৈ আনন্দত বিভোৰ।

ফৰকাল মনৰ আকাশ আজি নাই দ্বিধা ভাব
নাই খং ৰাগ কাৰো প্ৰতি
বিশ্বাসে হৃদয় ভৰা থাকিব অটুট
চিৰদিন এই সুমতি
জাগিছে কল্পনা মনত এক সুস্থ সমাজৰ
পাৰো নেকি হ’বলৈ সহায়ক মই
আকাশ ছালেৰে ঢকা একেখনি ঘৰ
চাবলৈ পৃথিৱীখন সমুখত লৈ॥ *

২২ • এজন ডাক্তৰৰ কবিতা