পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নীলিম নিলয়

ইযে মনৰ এটি অচিন খেলা
উৰণীয়া পখিটি থ’বলে সজাত ভৰাই
চাবলে পাখিৰ ৰং কাষৰ পৰাই
নুবুজি পখিৰ ভাষা তাৰ দুখৰ বেলা।

নাই জানো এটি মন তাৰো শৰীৰত
উৰিবলে এখন্তেক মুক্ত আকাশত?
কিয় পাতি দিয়ে তেন্তে অভেদ্য জাল
নিৰীহ প্ৰাণত লগাই যত আহুকাল।

খুলি দিয়া খিৰিকী বন্ধ সজাটিৰ
কণমানি ডেউকা তাৰ নকৰি স্থবিৰ;
কৰা উপভোগ মাথো নিবিৰ ক্ষণত
সাৱলীল, গতিময় ছন্দ নীল আকাশত॥

এজন ডাক্তৰৰ কবিতা • ২৫