সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজস্থানৰ সাধু

মোৰ মনৰ পতাকাখন উৰে আজি
উচ্চ আৰাৱলী শিখৰত
শুকান মৰুৰ ধূলিয়ৰী বতাহৰ
ছবি আঁকি মন গহ্বৰত।
দীঘল ডিঙিয়া উটৰ পিঠিত উঠি
উপভোগ কৰো অতীতক
ৰাজকীয় শেতেলীত বাগৰ সলাই
নিচুকাও ৰুগ্ন হৃদয়ক।
বহুবাৰ হেৰুৱালো বাট পাহাৰত
কিম্বা বিশাল মৰু কক্ষত
প্ৰতিবাৰে পালো কিছু মাণিক ৰতন
সাঁচিবলে উদং বক্ষত।
স্থিতিশীল শৰীৰত যাযাবৰী মন
দীৰ্ঘশ্বাস লয় ঘনে ঘন
অস্বীকাৰ কৰে অসমৰ্থ অৱসাদ
চপায় অমূল্য জ্ঞান-ধন।
ৰাণা প্ৰতাপৰ বীৰ গাথা, ৰূপৱতী
পদ্মিনীৰ বুদ্ধিৰ স্বৰূপ
অত্যাচাৰী খিলিজিৰ বাৰুদৰ সাঁচ
মুদ্ৰাটোৰ দুপিঠিৰ ৰূপ।
ৰাজকীয় সাজ-সজ্জা, আচবাববোৰে
সোণে, ৰূপে চিক্‌মিক কৰে
মন আকাশত যেন হেজাৰ বিজাৰ
তৰাবোৰে তিৰ্‌বিৰ্ কৰে।
সেই পোহৰতে আজি মন জাতিষ্কাৰ
সমুখৰ পথ পোহৰায়
দুভৰিত পাওঁ যেন অসীম শকতি
নিৰাশাও ঠিতাতে হেৰায়।
মোৰ মনৰ পতাকা আজি অতি উচ্চ
উৰে আৰাৱলী শিখৰত॥

এজন ডাক্তৰৰ কবিতা•৩১