সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডাকোৱাল বিলাস

ৰাজপ্ৰাসাদৰ বিশাল বক্ষতে আছে।
প্ৰাসাদ এটি মোৰো, অনুপম,
আটকধুনীয়া সিটি তিনিখলপীয়া
শীত-তাপ-নিয়ন্ত্ৰিত
পৰিপাটি, সুৰক্ষিত
সোণে-ৰূপে কাজ কৰা চিক্‌চিকিয়া।
ৰজাৰ দৰেই দহজনী মোৰো ৰাণী
কোঠালিয়ে প্ৰতি থাকে একোজনী
নাই হাই-কাজিয়া, নকৰে বিদ্ৰোহ
পুৱাতেই ৰুণ দিয়ে
মন মোৰ হৰি নিয়ে,
ছতিয়ালে চাউল, পাতে সমাৰোহ
ডাকৰ টোপোলাটো দোকমোকালিতে লৈ
উৰি যাওঁ, লক্ষ গন্তব্য পোৱা গৈ,
অপৰূপা কুঁৱৰী হয়তোবা আছে ৰৈ
ক্ষণ গণি মোৰ বাবে
অলস অলস ভাৱে
খিল খিল হাঁহিটিৰে আদৰিবলৈ।
বহুযুগ কৰিলো ডাকোৱালৰ চাকৰি
ঘূৰিলো ৰজা-মহাৰজাৰ বাকৰি
ডেউকা দুখন মোৰ পৰিছে ভাগৰি
ৰজা গ’ল অতীতলৈ
কাহিনীবোৰ সাঁচি থৈ
সন্তপৰ্ণে ময়ো আজি আহিছো আঁতৰি
অতীত ৰোমন্থন যেন বিলাস মোৰ
কলিজাই নসহে আজি আঘাট ঘোৰ॥ ❖

১২০ • এজন ডাক্তৰৰ কবিতা