পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কবিৰ দুআষাৰ

 

 কিমাশ্চর্য্যম ! হয়, ঠিক সেইটোৱেই।

 সপােনতাে কেতিয়াও ভবা নাছিলাে মই কবিতা লিখিম আৰু সেই কবিতাবােৰ থুপ খুৱাই কিতাপ আকাৰে প্ৰকাশ হ'ব। সত্তৰৰ দশকত যেতিয়া মই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ ছাত্ৰ আছিলাে সেই সময়ত মােৰ মাতৃদেৱী শ্ৰীযুতা হিৰন্ময়ী দেৱীৰ কলম পুৰাদমে চলিছিল। মাজে মাজে দুই-এটা কবিতা কাগজ-আলােচনীতে প্রকাশ হৈছিল। তাকে পঢ়ি দুই- এজন কবিতাপ্রেমী সহপাঠীয়ে কৈছিল, 'মাৰে ইমান সুন্দৰ লিখে, তইনাে নিলিখ কিয়?' মনতে ভাবিছিলাে, মইহে জানাে মই কিমান পানীৰ মাছ। উত্তৰ দিছিলাে, ‘মােৰ বুকুত কুঠাৰ মাৰিলেও কিজানি কবিতা নােলাব, লিখাটো দূৰৈত।' হেঁপাহাে বৰ এটা নাছিলে। মায়ে লিখা আটাইবােৰ কবিতা পঢ়িছাে বুলিও মই নদি ক'ব নােৱাৰো।

 চাকৰি জীৱনৰ শেষৰ ফালে কিবা যেন এটা অঘটন ঘটিল। মনলৈ অহা ভাববােৰ গদ্যত নিলিখি পদ্যত লিখিবলৈ আৰম্ভ কৰিলাে। শ্রীমতী আৰু দুহিতা প্রথম পাঠিকা আৰু প্রশংসক। মনত এটা সংশয় ভাব। এটা-দুটা মাক দেখুৱালাে। ক’লে, ‘ভাল হৈছে লিখি থাক।' অনবদ্য সাহস পালাে। অনাদৰৰ ভয়ে জুৰুলা নকৰা প্ৰকাশৰ মাধ্যম হিচাপে ‘ফেচবুক’ পালাে৷ এইখিনিতে ভ্রাতৃসম সুহৃদ ডাঃ পংকজ লােচন শৰ্মাৰ নাম ল'ব লাগিব। মােৰ কবিতা পঢ়ি সুদূৰ কলকতাৰপৰা কবিতা সম্পর্কীয় কিতাপ এখন আহৰণ কৰি মােক উপহাৰ দিছিল যিখনে মােৰ লিখনিত প্রভুত অৰিহণা যােগাইছিল। অৱশেষত অঁকৰা জেদ কৰি কিতাপ আকাৰে প্রকাশ কৰিবলৈ কনিষ্ঠ ভ্রাতৃক পালাে। এই সকলােবােৰৰ ফলশ্রুতিতেই জন্ম এই কিতাপৰ।

 আশা কৰিছাে পঢ়ুৱৈয়ে মােৰ কবিতাক প্রতিষ্ঠিত কবিৰ মানেৰে নুজুখি এজন অপৰিপক্ক কবিৰ সামান্য প্রয়াস বুলি পঢ়িব। বৃত্তিগত কাৰণত