পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শেষ নিশ্বাস

সৌ চোৱা উৰি আছে ত্ৰিৰঙী পতাকা
ঢৌ খেলি নীল আকাশত
স্বাধীনতাৰ মৃদু সুৰ সমলয়
অবিৰাম বাজিছে কাণত।
কোনে কয় উৰিছে পতাকাখন
গতিশীল ধীৰ বতাহত
নাজানে, কঁপিছে পতাকাখন
নিষ্ঠুৰ শতৰুৰ নিৰ্মম আঘাত
বুকুত সাৱতি লোৱা
শত শত বীৰ জোৱানৰ
লহৰ সৃষ্টিকাৰী শেষ নিশ্বাসত
জয় জোৱানৰ জয়।

(গড়ৱাল ৰেজিমেণ্টৰ কেপ্টেইন মনোজ কুমাৰ
পাণ্ডেৰ অজেয় উক্তিৰ কাব্যিক প্ৰকাশৰ সামান্য
প্ৰয়াস।)

২৪ • এজন ডাক্তৰৰ কবিতা