মিনতি
কোন তুমি অশৰীৰি আগে পিছে ঘূৰি ঘূৰি
উন্মনা কৰিলা মোক খেলি খেলি হৰ-লুকি
এবাৰ দিবানে দেখা কমাই হৃদয় বেথা
যতমানে সাঁচি থোৱা আছে অতীতৰ।
ক্ষণে ক্ষণে দিয়া আহি পৰশ হাতৰ লাহী
এচুকত মনটোৰ শুনো যে বাঁহীৰ সুৰ
ইফালে সিফালে চাওঁ কিজানিবা দেখা পাওঁ
এচমকা মৰিচিকা এই মৰতৰ।
ৰুণঝুণ নুপূৰৰ সুৱদী শব্দ লহৰ
নিজম নিতাল বেলা অতৰ্কিতে কৰে খেলা
চাবলে হেঁপাহ জাগে মুখনি তোমাৰ লাগে
পূৰ্ণিমাৰ জোনটিহে যেন শৰতৰ।
উজাগৰী কত ৰাতি কটালো তোমাকে মাতি
দুৰু দুৰু কৰে মন কেতিয়া মিলিব ক্ষণ
সপোনৰ ৰাণীজনী গোপনে আহিবা তুমি
খেলিবলে মোৰ সতে এপৰ দুপৰ।
নেজানো মই কি কম মনত বহুতো ভ্ৰম।
দিবা তুমি শুধৰাই মনাকাশ পোহৰাই
মিচিকিয়া হাঁহিটিৰে থাকি আঁতৰে আঁতৰে
জাগৃত কৰিবলে চেতনা ইন্দ্ৰিয়ৰ।
নেদেখিলো অতদিনে নোৱাৰো থাকিব বিনে
সান্নিধ্য তোমাৰ দিয়া ওপচাই মোৰ হিয়া
কবিতা যদিহে নাম ৰাখিম তোমাৰ মান
লিখি যাম নকৰাকৈ ত্ৰুটি যতনৰ॥