সমললৈ যাওক

পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দীপাৱলী

ৰঙা, নীল, হালধীয়া আৰু
বহুৰঞ্জী তেজবোৰ পৰিছে লৈ
কতযে হা-হুতাশ, হুমুনিয়াহ
উৰিছে ধোঁৱাৰ কুণ্ডলী হৈ;
শিল হ'ল আজি মোৰ
দুচকু নিগৰা চকুলো নৈ
মাজতে স্থবিৰ, দিশহাৰা
থৌকি-বাথৌ আশাৰ পানচৈ।
প্ৰলয়ংকৰী বিজুলী আৰু
ঘন ঘন বজ্ৰৰ আঘাটে
নিষ্প্ৰভ কৰিলে মোৰ
লেলিহান জুইশিখাবোৰ
গামোছাৰে বান্ধি লোৱা
খামুচীয়া, ক্ষুধাৰ্ত পেটতে,
অনুভৱ কৰো মাথো এটি
বিষ যেন বুকুৰ চুকতে।
দুয়োপাৰে দেখো অগণন
নোদোকা লোক, হাস্যবদন
মোক যেন ইতিকিং কৰে
গুৰি বঠা ধৰোতেই মোৰ
মনটোযে বিবুদ্ধিত পৰে
ওলোটা সোঁতে বৈ নাওখন
ক্ষণে ক্ষণে তল-বল কৰে
খেৰকুটা চকুতে নপৰে।
সুজোতাৰ মহিমা অপাৰ
চাব যদি খুজিছাই ধৰা

১০৬ • এজন ডাক্তৰৰ কবিতা