পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহুদিন অসমীয়া লিখাৰ পৰা বিৰত থকাৰ বাবে বানান ত্ৰুটি হোৱাটো। স্বাভাৱিক। তাৰ বাবে ক্ষমা বিচাৰিছো।

 মোৰ এই উৎকৰ্ষক গুৰি ধৰোতা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। কিতাপ আকাৰে প্ৰকাশ কৰোতে সহায়-সহযোগ আগবঢ়োৱা শৰাইঘাট ফটো টাইপছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক, কলা- কুশলী আৰু সকলো কৰ্মীলৈ ধন্যবাদ যাচিলো।

 সদৌ শেষত ইয়াকে কওঁ যে মোৰ মা শ্ৰীযুতা হিৰন্ময়ী দেৱী যাৰ ওচৰত মই জন্মসূত্ৰেৰে ঋণী, এই কিতাপে মোৰ ঋণৰ বোজা আৰু কিছু বঢ়াই দিলে। নতশিৰ হৈ সেয়ে কিতাপখন মাৰ চৰণত আৰু স্বৰ্গীয় পিতৃ ৰতিকান্ত শৰ্মাৰ মধুৰ স্মৃতিত উছৰ্গা কৰিলো।

ডাঃ ৰাজীৱ কুমাৰ শৰ্মা