পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱন মাধুৰী

কিনো এক মায়াজালে মেৰিয়াই ধৰে
টোপাটোপে জীৱনৰ ৰসবোৰ সৰে
নিমাত নিতাল ক্ষণ নিমাওমাও
এচলু এচলু লৈ মধুৰস খাওঁ।

দিবাস্বপ্ন ইযে ক্ষন্তেকৰ বালিঘৰ
মানিব নোখোজে মনে অন্ত হেঁপাহৰ
এখোজ পিছলে দি এখোজ আগুৱায়
মৰিচিকা দেখো মাথো আঁতৰি পলায়।

তৃষাৰ শেষ জানো সঁচাকৈয়ে আছে।
শুকান বালিতেই চোন ময়ূৰে নাচে
ই যে প্ৰকৃতিৰ এক অভিনৱ খেলা
বুজি পালো জীৱনৰ বিয়লি বেলা॥ ❖

৮০ • এজন ডাক্তৰৰ কবিতা