পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মতিভ্ৰম

হে প্ৰিয়দৰ্শিনী নাৰী তুমি
নকৰা হেয় ‘মাতৃ’ শব্দক
তুচ্ছ তাচ্ছিল্যৰ সমভূমি
মাতৃপ্ৰাণ ‘অপত্য স্নেহ’ক;
নকৰিবা অপমান যত
সতী-সাধ্বী, সঙ্গী গৰৱিনী
উজ্জ্বল তৰা ইতিহাসত
প্ৰেম প্ৰমত্ত, আত্মভিমানী।
ঊৰ্ধমুখী প্ৰতিখোজ ক্ষন্তেকীয়া সুখ
বতাহত নাই কোনো জিৰণি আলয়
আকাশী দূৰত্বৰো নাই কোনো জোখ
নাজল-নাথল হয় আহিলে প্ৰলয়।
তেনে কিয়! কিয় মেলা মন
চল-চাতুৰী, বাসনা ভ্ৰম
আপোচ নিজ কলিজা সতে
দুহাতে সানি লৈ তেজৰ ৰং॥ ❖

এজন ডাক্তৰৰ কবিতা • ৪৫