সপ্তপৰ্ণ

ৱিকিউৎসৰ পৰা
[ প্ৰথম পৃষ্ঠা ]

সপ্তপৰ্ণ

 

শ্ৰীইন্দ্ৰেশ্বৰ বৰঠাকুৰ।

( যোৰহাট )

 

 

ইং ১৯৫৩ চন।

 

বেচ দহ মহা মাথোন।

[ প্ৰকাশন ]

 প্ৰকাশ
শ্ৰীইন্দ্ৰেশ্বৰ বৰঠাকুৰ
 যোৰহাট৷

 

প্রিণ্টাৰ — ৰায় চাহাব শ্রীজিতেন্দ্ৰ কুমাৰ দাস
 আসাম প্রিন্টিং ওয়ার্কচ
 কালী বিল্ডিংস্, যোৰহাট।

[ উছৰ্গা ]

মোৰ
পাৰ্থিব জননী
স্বৰ্গীয়া শশী প্ৰভা দেৱীৰ পবিত্ৰ নামেৰে
এই অঞ্জলি।
“পিতৃৰপ্যধিক৷ মাত৷ গৰ্ভ-ধাৰণ-পোষণাৎ।
অতোহি ত্ৰিষু লোকেষু নাস্তি মাতৃসমো গুৰু॥”
মা!
মোৰ মুখত গীতটিৰ সুৰ শুনি তুমিও মাজে মাজে এই গীতটি
গাবলৈ লৈছিলা। হেপাহ জাগিছিল, এদিনা এই গীতৰ
কথা এইদৰে লিখি তোমাৰ আগত পঢ়ি শুনাম। তাৰ
আগতে তুমি পিতৃ দেৱতাৰ লগলৈ গুচি গলা।
যোৱাঁ, যোৱাঁ মা! মোৰ মৰমতে মোৰ জনম
ধৰি আজি কতকাল তুমি বৈধব্য ব্ৰতৰ
দাৰুণ কষ্ট সহ্য কৰিলা৷ আৰু কিমান
কৰিবা! তোমালোকৰ পুন-
ৰ্ম্মিলনৰ আনন্দই মোৰ চকু-
পানী মচি দিছে। মই
আৰু নেকান্দো৷
মা!
তুমি মোৰ ৰচনা শুনি ভাল পাইছিলা৷ তুমি আজি নাই।
মুক্ত আকাশৰ কোলাত বহি তোমাৰ নামেৰে এবাৰ
প্ৰাণ ভৰি পাঠ কৰি দিলোঁ, মোৰ বিশ্বাস
তুমি শুনিছা। সন্তানে দিয়া ধূলিৰ দৰে
তুমি মোৰ ৰচনা তোমাৰ নামেৰে
গ্ৰহণ কৰিছা। তোমাৰ নামত
এই অঞ্জলি পবিত্ৰ
হওক।
—তোমাৰ একেটি সন্তান।—

[ উপহাৰ ]
 

—উপহাৰ—

[ আগকথা ]

আগ কথা

 আজি কেবা বছৰো হ’ল, — লুইতৰ শুকান পাৰত মাতৃ শৰীৰৰ শেষ স্মৃতি ছাই কৰি উঠি আহিছিলোঁ পুৱায় নে নুপুৱায় এনে পুৱাতে। পূৰ্ণতাৰ মাজত ৰিক্ত হুতাহৰ দৰে মাতৃহীন সন্তান মই কাৰ কোলা বিচাৰি ঘৰলৈ আহিছোঁ! সেমেকা চকু দুটি মচি বাটৰ চতীয়ন। এজুপিৰ মাজে আকাশলৈ চকু দিলোঁ৷— বা লাগি তাৰ সাত পহীয়া পাত এখিলি ডালৰ মাজেদি শূণ্যৰ কোলাত লৰি উঠিল,— মই দেখিলোঁ মাতৃৰ কোলাত জ্বলি থকা পাতখিলিয়ে মাতৃহীনলৈ দিয়া ইঙ্গিত,— “নাই, নাই, মাতৃ তোৰ নাই!”— পুৱাৰ পোহৰত গাৱঁৰ মাজ পাই দেখিলোঁ, নিজ নিজ সন্তান কোলাত লৈ কেবা গৰাকীও মাতৃ মূৰতি চকুৰ আগে গুচি গ’ল। কেবাটিও “মা, মা,” ধ্বনি কাণত বাজিল!- মই মা বুলিম কাক? মোৰ মাক যে ছাই কৰি থৈ আহিলোঁ!— প্ৰাণ কান্দি উঠিল৷ আৰু নোৱাৰিলোঁ। তাৰ পাচত ঔৰ্দ্ধ- দেহিক হৈ গল। ঋষিৰ মন্ত্ৰশক্তিত প্ৰাণ-শক্তি জাগি উঠিল। চকুৰ কুঁৱলী মুকলি হ'ল। মা মোৰ আহি চকুপানী মচি দিলেহি। ইমান দিন মা আছিল শৰীৰত, আজি মা মোৰ অশৰীৰী। কিছুদিনৰ পাচত সেই ফালে ফুৰিবলৈ গৈ সেই চতীয়নাজুপিৰ সেই পাতখিলিলৈকে চকু পৰিল,— সেই দিনাও সেই দৰেই সি লৰিছিল! — আজি বুজিলোঁ – পাত খিলিয়ে কব খুজিছিল, – 'আছে, আছে, মা তোৰ আছে।'— মা তাৰ আছে বুলিয়েই সি এনে দৰে নাচি [ আগকথা ] বাগি গজি সৰি আকৌ গজিব পাৰিছে। মা আছে, মা মোৰ আছে৷ প্ৰাণৰ মাজত নিৰলে নীৰৱে তেওঁ মোক পৰশ দিয়েই আছে। আজি মালৈ দিয়৷ ৰচনা খনিৰ নাম বিচাৰোঁতে মনত পৰিল সেই সাতপহীযা পাতখিলিলৈ।

 সপ্তপৰ্ণৰ শাৰদীয় ফুল বৰ মদগন্ধি। ৰূপে তাৰ চকু নুভুলায়, গন্ধই তাৰ মন নেটানে, কোনেও আদৰ নকৰে। কিন্তু মহাৰাত্ৰিৰ পূজাত বিশ্ব-জননীক মহাস্নান কৰোৱা হয় সপ্তপৰ্ণৰ জলেৰে; গতিকে মনত আশা জাগিল,- মোৰ জননীৰ পূজাত, ভাষ৷-জননীৰ পূজাত লগাইছোঁ যেতিয়া এই ৰচনাৰ নামো সাতোটি পৰ্ণেৰে সপ্তপৰ্ণই হওক।

 বহাগৰ বিহুৰ এই “ৰঙ শিঙ্গা,”⸺তাৰ মাত শুনি কেনিবা কৰবাত ভাই ভনীটীহঁতৰ এখনি হিয়ায়ো নাচি উঠি পৰমানন্দৰ মুখে যদি মন মেলে, তেনে তাৰ গৌৰব ৰঙ- শিক্ষাৰ নহয়,⸺যাৰ ফুকাৰত এই অসাৰ শিঙ্গা বাজি উঠিছে, সেই ভাৰতৰ ভক্ত আৰু পৰমভক্ত সকলৰ হে।

 ভাৰতৰ যুক্তাত্মা ঋষিসকললৈ, ব্ৰহ্মবাদিনী ঋষি-পত্নী সকললৈ সাষ্টাঙ্গে প্ৰণিপাত; যি সকল ভক্ত আৰু পৰমভক্তৰ চিন্তাৰ ধাৰাই এই দীনহীনৰ পাষাণ প্ৰাণো লৰাই তুলিছে, সিবিলাকলৈ সভক্তিৰে সেৱা; যি সকল মনীষীৰ ভাবৰ সোঁতত বুকু পাতি পাতি উজাই অথবা গা ঢালি দি উটি উটি মাজে মাজে নাদুৰি ফুৰিছোঁ, সিবিলাকলৈ প্ৰাণৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

যোৰহাট,
ইং ১৯৫৩
—ৰাইজৰ কৃপা ভিক্ষাৰী—
—ইন্দ্ৰ—
 


}

[ সূচীপত্ৰ ]

সূচী
প্ৰথম পৰ্ণ ...   ...
দ্বিতীয় পৰ্ণ ...   ... ২১
তৃতীয় পৰ্ণ ...   ... ৪০
চতুৰ্থ পণ ...   ... ৫৫
পঞ্চম পৰ্ণ ...   ... ১০৬
ষষ্ঠ পৰ্ণ ...   ... ১৩৩
সপ্তম পৰ্ণ ...   ... ১৩৭

[  ]

সপ্তপৰ্ণ



প্ৰথম পৰ্ণ

 চ’ত এই যায় যায। বিদায়ৰ বেলিকা তাই চাগৈ চকুপানী টুকিছিল। কোনোবাই মনিলে নে নমনিলে কব নোৱাৰিলোঁ। ‘বৰ ঘৰ শুৱনী জীয়ৰী ছোৱালী’ এজনী ন ছোৱালী পাতি এঘৰলৈ উলিয়াই দিছে। ইমান দিনে আপোন বুলি আঁকোৱালি থকা মমতাৰ বান্ধোন এৰি যাব লগীয়া হে৷ৱাত তাইৰ অন্তৰ জোল হৈ গ’ল। তাইৰ যি চকুৰ পানী, তাইৰ যি কৰুণ বিননি, এৰি যোৱ৷ হিয়াৰ হুতাহৰ হুমুনিয়া, কান্দোনৰ হাহাকাৰ, দৰালি ঘৰীয়াৰ হাঁহি- খিকিন্দালিত, ঢোল দগৰৰ তুমুল কোৰ্হালত সি উচুপি উচুপি নিজমি গল। কোনোৱে যদিও মনিছিল, মন নিদিলে। নিদিবৰে কথা,—নতুন সংসাৰৰ নতুন উলাহে সকলো কন্দা কট৷ কাটি নিলে; —গ্ৰহণ ভগাৰ পাচত জোনৰ সুচিকোণ মুখখনি দেখিলে জোনৰ মুখত ছাঁ পৰা কথাই মনত দেখোন ছাঁ নেপেলায়!

 এবছৰৰ পুৰণি চ’ত এবছৰলৈ ন বহাগী হৈ আহিছে। বৰদৈচিলাই বাট পদূলি মলচি নিকাকৈ থৈছে। ন-তে ন অঁৰাৰ জিলিকনিত অসম আজি তিৰ্‌ বিৰাব লাগিছে। ঘৰ দুৱাৰ লিপি পুঁচি শালেকটা গামোচাৰে গা মচি অসমৰ [  ] লৰা-বুৰা-তিৰোতা বহাগীক আদৰি আনিবলৈ উদ্বাউল। ঘৰে ঘৰে আনন্দৰ ৰোল, চুবুৰিয়ে চুবুৰিয়ে ঢোল পেঁপাৰ গিৰ্‌- গিৰণি,⸺বিহুবৰৰ তলে তলে, নাচোনৰ ছেৱে ছেৱে টকাই টকালি পাৰিছে,⸺কাইলৈ বোলে নতুন বছৰ!

 কোন দূৰ দূৰণিৰ, কোন কল্পনাতীত কুঁৱলীলোকৰ মাজেদি বৈ অহা এই বছৰ! কত কল্পান্তৰৰ কত সৃষ্টি, কত প্ৰলয়ৰ পুৰাণেৰে, কত উত্থান পতনৰ ইতিহাসেৰে গাঁথি অন এই বছৰ! ই যে দেখা দেখিকৈ পুৰণিৰো পুৰণি -আও পুৰণি তথাপিতো কাইলৈ নতুনটি তৈ নতুন বছৰে দেখ দিবহি। আকৌ এবাৰ কাইলৈ অসমীযাৰ পদূলিয়ে পদূলিয়ে ৰিঙ্গিয়াই যাবহি—‘সেই কৌটিকলীয়া বছৰ তোৰ, সি যে নিতৌ নতুন!’

 বছৰ আহে বছৰ যায়, আচলতে ৰৈ ৰৈ যায় বছৰৰ এই কথাটিয়েই হে। হেজাৰ বিজাৰ বছৰৰ আগতে বছৰে যেনেকৈ নতুন সৃষ্টিৰ পাতনি জুৰিছিল, আজিও সি নিমিষে নিমিষে নতুন সৃষ্টি ৰচনা কৰি নতুন হৈয়েই আছে, অনন্ত কাললৈকো নিতে নতুন হৈয়েই থাকিব, অনাদি অনন্ত এই কালৰ প্ৰবাহ, তাৰ প্ৰতি মুহূৰ্ত্তই যে নতুন! নিতৌ বেলি উঠি মাৰ যায়। ৰাতিয়ে এন্ধাৰে মুধাৰে দিনৰ ওহালি পেলাই শেষ কৰিবলৈ নামি আহি সমুখত দেখে⸺নবীন বেশেৰে সেই একে দিন, তাৰ অন্ত নাই। সি নিতৌ নতুন। কাঁচি জোন উপজি মুখত পোহৰ লৈ কলাকলে বাঢ়ি বাঢ়ি পূৰ্ণিমাৰ দিনা ভৰ দিয়ে; সেই দিন ধৰি মুখত আন্ধাৰ লৈ আকৌ [  ] কলাকলে টুটি টুটি মৰ আঁউসীৰ দিনা মৰি যায়; সি উপজি উপজি কিমান মৰিছে তেওচোঁ মাহৰ অন্ত নাই; উপজিয়েই জোনে নতুনকৈ দেখে নতুন হাঁহিৰে আকৌ সেই নতুন মাহ! বসন্তৰ শিশুলীলাৰে বছৰে নিজৰ জীৱনৰ পাতনি জুৰি লাহে লাহে ফুলে ফলে তমস্কাৰ হৈ শেহত শীত শীতলীয়া মৰণৰ ছবিটিৰে বাৰটি মাহৰ মেৰ এটি দি দেখিলে কি?⸺অনাদি অনন্ত কালৰ ধাৰা, সি আৰম্ভণত যি অনন্ত যি নতুন, অন্ততো অবিকল সেই অনন্ত সেই নতুনেই! নিজে নিমিষে নিমিষে নিত্য নতুন প্ৰকাশেৰে প্ৰকাশিত হৈ হৈ যাবই লাগিছে। লাভৰ ভিতৰত বছৰে যাবৰ বেলিকা বৰ ঘৰলৈ চাউল এমুঠি মাৰি থৈ যোৱাৰ দৰে ধ্বনি এটি থৈ গল⸺কাল অনাদি,⸺তাৰ ক্ষয় নাই, পুৰণি নাই, মৰণ নাই,⸺সি নিতে নতুন!

 এইদৰে এইদৰেই বছৰৰ পাচত বছৰ গৈ একোটি যুগ যাব। যুগৰ পাচত যুগ গৈ একো একোটি মন্বন্তৰ যাব। এটি দুটিকৈ সাতোটি মন্বন্তৰৰ পাচত এটি কল্প। কল্পৰ অন্তত মহাৰুদ্ৰৰ প্ৰলয় শিঙ্গা বাজি উঠিব। বেলি নুমাই যাব। অন্ধকাৰৰ হাহাকাৰত বিধ্বংসীয়া ধ্বংসৰ লীলাই জগত চূণচাত্ কৰিব। তাৰ পাচত, তাৰ পাচত প্ৰলয়ৰ ধুমাৰ্জয় ধুমুহা বৰষুণৰ সুৰুঙ্গাই আকাশৰ নীলিমাই চিকোণ মুখেৰে মিচিকি হঁহাদি এক অভিনৱ সৃষ্টিয়ে নতুন হাঁহিৰে দেখা দিব। তেতিয়াও অনাদি কাল নতুন হৈয়ে থাকিব।

[  ]  এই যে এটি মুহূৰ্ত্ত মোৰ মনলৈ আহিছেই ই এটি নিমিষৰ আগতে মোলৈ নতুন হৈ আছিল, এটি নিমিযৰ পাচতে পুৰণি হৈ যাব। মোৰ মনৰ মাজেদি যাওতে মোৰ মনত নতুন পুৰণি লাগি যায। ই মোৰ মনে পতা সম্বন্ধ, মনে দিযা নাম। মুহূৰ্ত্তটিৰ বেলিকা স্বাতন্ত্ৰ্যভাবে পুৰণি বোলা একো নাই। মানুহৰ চকুত পৰা হলেই সি পুৰণি, পৰিবলৈ ধৰিলেই সি নতুন, এক যেন বোৱতী নৈৰ গহীন সুঁতি, তাত মই চাই পঠোৱা সোতৰ ভাগ পুৰণি হলেও মোৰ ভটিযনিত থকা পাণীলৈ সি নতুন। নৈৰ সু তিৰ পুৰণি ক’ত? এজনলৈ যি পুৰণি সিযে আন এজনলৈ নতুন! কালৰ সুঁতিৰ পৰণি নেথাকিলেও তাক পোৱাৰ পৰা পাবলৈ থকালৈ মনটি টানি আনোতে পোৱাৰ তৃপ্তি আৰু পাবলৈ থকাৰ লালসা মনে নিজে অনুভৱ কৰে। এই তৃপ্তি এই লালসাৰ উলাহেই মনত এটি নতুন পুৰণিৰ ভাব জগাই দিয়ে। ইন্দ্ৰজাল আচলতে মিছা। কিন্তু মনৰ আবেগে ইন্দ্ৰজাল দেখি যি তৃপ্তি পায় সেই তৃপ্তিটি মিছা হয় কেনেকৈ? এইদৰেই দিনৰ অন্তত, বছৰৰ অদ্ভুত কৰ্ম্মৰ অন্তই অন্তই নতুন পুৰণিৰ মধুৰ বীণ বাজি উঠে। কামৰ অন্তত জিৰণিয়ে তাৰ ক্লান্তিত শান্তি দিয়ে আৰু এই বীণৰ মধুৰ গুঞ্জনে তাৰ মনটি নতুনকৈ নচুৱাই তোলে।

 জৰা মৰণৰ জালী পুতলি মানুহৰ এনে শকতি ক’ত যে সি একেটি কামকে এতিলো নোৰোৱাকৈ জীৱন বিয়াপি [  ] কৰি থাকে? তাৰ মুখৰ কথালৈ ছেদ লগাৰ দৰে হাতৰ কামলৈ জিৰণি লাগে, ভৰিৰ বুলনলৈকো নৈৰ ভুলৰ দৰে একো একোটি থমকনি লাগে; নহলে যে সি নোৱাৰে। এই জিৰণি লবলৈকে সি সাধাৰণতে হৈ যে ৱাৰ তৃপ্তিৰ পাচত হবলৈ থকাৰ আদিতে তাৰ জীৱনৰ জোখ একোটি লোৱাৰ লগে লগে নতুন পুৰণিৰ দোমোজা একোটি উলিয়াই লয়। ৰাতিৰ অন্তত ধল-পুৱাতে দিনে যেনেকৈ সকলোৰে চকুত পৰাকৈ দোমোজা একোটিৰে জগাই যায়, মাহ বা বছৰে তেনে চিন অকণিও নিদিয়ে। মাহ বা বছৰৰ ক’ত ধৰণ ক’ত এৰণ তাক জানিবলৈ হলে পাঁজী পুথি মেলিব লাগে। জোনৰ মাহত ন-জোন দেখি মাহ গণিবলৈ সুচল আছে যদিও সেই সুচলত আমাৰ দেখোন সকলোৰে চল নেলাগে। কোনোৱে পাতে মাহৰ প্ৰথম⸺জোন দেখি শুক্লা দ্বিতীয়াত, কোনোৱে পাতে শুক্লা প্ৰতিপদত, কোনোৱে পাতে কৃষ্ণাত। জোনৰ নক্ষত্ৰ ভোগৰ পৰিমাণ লৈ নাক্ষত্ৰ মাহৰ লেখ লোৱা লোকৰ লেখো তেনেই কম নহয়। ত্ৰিশটি দিন ৰাতিৰ ‘সাবন' মাহেৰে আৰু ত্ৰিশটি তিথিৰ চান্দ্ৰ মাহেৰে এবছৰ ধৰিলে বেলিৰ এবছৰ হবলৈ কেবাটা দিনৰো নাটনি পৰে; সেই কাৰণে ঘূৰি ঘূৰি অহা ছটি ঋতুলৈ লক্ষ্য কৰি, পৃথিবীৰ সৰহভাগেই এটাইতকৈ বলী বেলিৰ একো একোটি ৰাশি ভোগ কৰা কালকে সৌৰ মাহ বুলি ধৰি তাৰ বাৰটিৰে বছৰ বোলে।

[  ]  বছৰৰ আঁতটি উলিওৱাও ঢিলা নহয়। চক্ৰাকাৰে ঘূৰি থকা বাৰ মাহৰ কোন মাহটি নতুন, কোনটি প্ৰথম, তাকে বা কয় কোনে? দৈবকী দেবীৰ প্ৰথম সন্তানটি এৰি দিয়াত সুচতুৰ নাৰদ মুনিয়ে ক সৰাজক বুজাইছিল⸺যিটি তেওঁ প্ৰথম সন্তান বুলি এৰি দিলে সেইটিয়েই অষ্টমো হব পাৰে। দৈবকীৰ উদৰৰ সন্তান, সিবিলাকৰ প্ৰথম আৰু অষ্টমৰ ভেদ নাই। কথাটি মনত লাগি যোৱাকৈ বুজাবলৈ বুলি আঠোটা গুটিৰে হাতৰ মালা ধাৰিৰ পাটন দি দেখুৱালে এটি গুটি প্ৰথম বুলি ধৰিলে লেখত যিটি অষ্টম হয়, প্ৰথমটিৰ আগৰটিক প্ৰথম ধৰি লেখিলে আগৰ প্ৰথমটি অষ্টম হৈ যায়। অনন্তৰ গৰ্ভত বাৰমাহৰ বাৰটীয়া মণিমালাৰ প্ৰতিটি মণিয়েই প্ৰথম, প্ৰতিটিয়েই দ্বাদশ। বসন্তকে শিশু লীলাৰ অভিনয় বুলি আঁত ওলোৱাৰ আশাত বিচাৰিবলৈ ললে শেহন্তৰত আউলৰ মাজত দেখা যায় “পচোৱা বতাহৰ আগ অনা” যেনে তাৰ আঁত উলিওৱাও তেনে। প্ৰতিটো ঋতুৱে শৈশবৰ পৰা যৌবনলৈকে যৌবনৰ পৰা জৰালৈকে ভেষছন কৰি কৰি চিনাকি দি যায়হি⸺মই সেই চিৰ-বসন্ত, এতিয়৷ ল’ৰা হৈছোঁ, এতিয়৷ ডেকা হৈছোঁ, এতিয়া বুৰা হৈছোঁ। আমাৰ ভিতৰৰ “বুৰা জীৱটিলৈ” চাই মনে নো নেমানি থাকে কেনেকৈ? তেওঁ নিজে ‘বুৰা জীৱ’ হৈও লৰা কালত যি ‘মই' বুলি সমিধান দিছিল, আলৰ বুৰা কালতো সেই একেটি ‘মই’ৰে সমিধান দিয়ে। মৰণে [  ] আমাক একেবাৰেই আঁতৰাই নি আঁৰ কৰি লৰা বুৰাৰ তফাৎ কৰি নিদিয়৷ হলে, জীৱনৰ চকৰি যদি মাহৰ চকাৰ দৰে ঘূৰি থাকিলেহেঁতেন তেতিয়া কোন দিন। কোন খেনত আমি লৰা হলে। তাকে বা কোনে কলেহেঁতেন। কেতিয়৷ কোন মুহূৰ্ত্তত আমি ডেকাৰ পৰ৷ বুৰ৷ হলোঁ, ল'ৰাৰ পৰা ডেকা হলোঁ। তাকে জানে৷ কোনোবাই কাহানিব৷ জানিছিল।

 সকলে৷ ঋতুৱেই যদি বসন্ত, তেন্তে তাৰ আদি অন্তৰ ক্ষণ ক’ত? বসন্তৰ নতুন জাগৰণলৈ চাই ভালকৈ চকুত পৰা হলেই লৌকিক জগতত তাকে বছৰৰ আদি বুলি ধৰিবলৈকো সকলোৰে মন সমান নহয়। অইন জাতিৰ কথ৷ নকওঁয়েই এই ভাৰতৰ ভূ-প্ৰদেশতে জ্যোতিষ দুই এখনিৰ গইন৷ লৈ কোনে৷ কোনে৷ ঠাইত মাৰ্গশীৰ্ষ বা অগ্ৰহায়ণকে শস্য সম্পদেৰে অগ্ৰ বা শ্ৰেষ্ঠ দেখি হায়ণৰ আদি বুলি ধৰে, আৰু দীপান্বিতাৰ দীপ শলিতাৰে আদৰি আনি পাচদিন৷ প্ৰতিপদৰ পৰ৷ নতুন বছৰৰ লেখ লয়। ঠায়ে ঠায়ে ৰাম নৱমীৰ পৰা, ঠায়ে ঠায়ে ভাদৰ পূৰ্ণিমাৰ পাচৰ পৰা, কোনে৷ কোনে৷ ঠাইত আকৌ চ'তৰ শুক্ল। প্ৰতিপদৰ পৰা বছৰৰ আৰম্ভণ। এই দৰে ভাগে ভাগে যাৰ যেনে জুতি সেই অনুসাৰে নতুন বছৰ পাতে। বছৰে৷ সি পথাৰৰ মাজৰ মুঢ়৷ যেনিয়ে পোনায় তেনিয়ে পোন,⸺তেনিয়ে নতুন।

 কোনো কোনে৷ ঠাইত বসন্তৰ আদিতে শ্ৰীপঞ্চমীৰ দিন। প্ৰথম সৃষ্টিৰ আৰম্ভণ কল্পনা কৰি তেতিয়াৰ পৰাই [  ] বসন্তোৎসৱ পাতি বাসন্তী পূৰ্ণিমাৰ দিন৷ ফল্গুৎসৱেৰে সেই উৎসৱব অন্ত পেলায়। আমাৰ দেশত বসন্তৰ আকলন কালৰ পৰা হাতত লগা অৱস্থা হলেই নতুন বছৰৰ আৰম্ভণ। চ’ত মাহৰ আগ ছোৱাৰ মহাবিষুৱ বা বিষ্ণুপদীৰ দিনৰ পৰাই দিন দিনে দিনে বাঢ়ি যায়। চ’ত বহাগক বসন্ত বুলি ধৰিলে দুইৰো দোমোজাত মহাবিষুৱ সংক্ৰান্তি পৰে। ফাগুন চ’তক বসন্ত বুলি ধৰিলে বসন্ত আৰু গ্ৰীষ্মৰ দোমোজাত এই সংক্ৰান্তি। বসন্ত তেতিয়া সংসাৰৰ কামত হাতত লগা হয়। ৰাশি চক্ৰত অশ্বিনীয়েই আদি নক্ষত্ৰ আৰু মেষেই প্ৰথম ৰাশি বুলি জ্যোতিষে ধৰি লৈছে। অশ্বিনী নক্ষত্ৰৰ মেষ ৰাশিলৈ সূৰ্য্য সংক্ৰমণ হোৱা ক্ষণটিকে মহাবিষুৱ স ক্ৰান্তিৰ ক্ষণ বোলে। ইয়াৰ পৰাই কেউফালে লেখৰ সুচল লাগে গুণে এই মহাবিষুৰ সংক্ৰান্তিৰ দিনাই নতুন বছৰৰ আৰম্ভণ বুলিবলৈ কেবা ফালৰ পৰাও কেবাটি যুক্তিয়েও বল দিয়ে। এই মহাবিষুৱৰ পৰাই আমাৰ দেশৰ নতুন বছৰব আৰম্ভণ। বিষুৱেই মুখ বাগৰি বাগৰি বিহু হৈছেহি। সেয়ে চ’তৰ শেহত হয় গুণে চ’তৰ বিহু, আৰু বহাগত বৰ বিহু পৰে বুলি বহাগৰ বিহু।

 আমাৰ মাজত কেতিয়াৰ পৰা বিহু প্ৰচলন হ’ল তাৰ পম কোনোবা অজান্তীত মিলি আছে। কবিৰ কথাত কবলৈ গলে সি এক—“অনাদি অতীত”। নিজে আৰ্জি নতুন বস্তু এটি লৈ আত্মীয় স্বজনেৰে মিলি আনন্দ উপভোগ কৰাৰ [  ] হেঁপাহটি মানুহৰ লগে লগেই উপজি আহিছে। প্ৰভাৱত মানুহৰ মনত জাগৰণ বা সংকোচনৰ আবেগ মানুহৰ জনমৰ দিন ধৰি মনে মনে জাগিয়েই আছে। এয়ে হ’ল বিহুৰ⸺প্ৰাণময় বীজ। তাৰ জনম মানুহৰ সৃষ্টিৰ লগে লগে। এই বীজেই নানা বিজেতা না জাতিৰ বোল লৈ নিজৰি নিজৰি বিহু হৈ আমালৈ বলি আহিছে। আমাৰো বোল আমাৰো বাতৰি লৈ কোন সুদূৰ ভবিষ্যৰ কেনি কেনে ধাৰেৰে ই বৈ যায় তাক আজি জানে কোনে?

 আচলতে আগে ফুটি পৰা ভাষাক ব্যাকৰণে সংযত কৰা দি স্বভাৱতে ফুটি উঠা নতুন বছৰৰ এই উৎসৱটি পাচলৈ পঞ্জিকাই দিন বাৰ চাই থিত লগাই ললে। মাঘৰ মুকলি পথাৰত গৰু-মহ হেদানি মেলি আজৰীয়া হৈ অসমীয়াই জিৰাবলৈ ললে। চাওঁতে চাওতে ফাল্গুনী পচোৱাই আকাশৰ শান্তিয়নীৰে জীৱন দি জাৰত মৰামুৱা হৈ পৰি থকা দেশখনিত নতুন প্ৰাণ সঞ্চাৰ কৰিলে। গছে গছে, লতাই লতাই কুঁহিপাত জিকাৰি উঠিল, নানান বৰণীয়া ফুলেৰে গোটেইখন ফুলাম হৈ জক্‌মকাবলৈ ধৰিলে। শিমলু মদাৰৰ ৰাঙ্গলী নিচান আকাশত তিৰ বিৰকৈ জিলিকিল; প্ৰাণে প্ৰাণে যেন এটি নতুন উম্ লাগি গল, আনন্দত মন নাচি উঠিল। প্ৰকৃতিৰ সন্তান আমাৰ পৰ্ব্বতীয়া ভাই-ভনীহঁতৰ পেঁপাৰ সুৰে সুৰে, জুনাৰ জাঁতে জাঁতে [ ১০ ] ঢোলৰ কোবে কোবে গোটেই অসম ৰণ-জনীয়৷ হ’ল। এই আনন্দ উৎসৱৰ বিৰাম নাই⸺ফাগুন, চত, বহাগ বিয়াপি নিতৌ গধূলি গধূলি তাৰ প্ৰাণভৰা আয়োজন। মধুমাধৱৰ এই মধুৰ আনন্দই সিবিলাকৰ জীৱন কেনে মধুময় কৰিছে!

 ভৈয়ামৰ চহা গাৱঁলীয়াৰ মুখতো এই আনন্দৰ ৰা পৰি হাহিটি জিলিকি উঠিল। হেমন্তৰ লখিমীয়ে তাক ভোগৰ সম্ভাৰ দি গল, শীতে ৰাতি শীতলাই দীঘল কৰি শান্তিৰ শেতেলিত তাক জিৰণি দিলে; মলয়া চন্দনেৰে আমোল মোলোৱা ফুলৰ সুৰভিৰে বসন্তই তালৈ প্ৰাণ সঞ্জীৱনী বলাই আনিছে; তাৰ পদূলিত আজি কেতেকীয়ে মল মলাব লাগিছে। বাউলি বতাহৰ কুহুমীয়া উমত জহ কালিৰ বাতৰি পাই সি এলাহ লাহেৰে ওলাই আহি দেখিছে⸺ আগত তাৰ বছৰ জোৰা কৰ্ম্মক্ষেত্ৰ! পাচলৈ চাই দেখে⸺ আতক্ৰান্ত বিপদৰ বিষ উৰি যোৱাদি তাৰ বছৰ জোৰা কৰ্ম্মই কৰ্ম্মৰ গ্লানি কৰ্ম্মৰ হাহাকাৰ লৈ জুৰুলা বেশেৰে গুচি গৈছে। কবিৰ কথাৰে সি যদি তাৰ প্ৰাণৰ আবেগ ফুটাব পাৰিলেহেঁতেন⸺শকুলাক উলিয়াই দিবৰ দিনা তাপস বালকটিৰ দৰে পুৱাৰ আকাশত এফালে জোন পৰে পৰে, আন ফালে বেলি উঠে উঠে হোৱা দেখি প্ৰাণৰ কথাটি কবিতাৰে কোৱাদি এই নতুন পুৰণিৰ দোমোজালৈ চাই সিও আজি কলেহেঁতেন,⸺“এনে দিন [ ১১ ] নেথাকে ঐ”! সঁচাকৈ নেথাকে। চ'ত! ক'ত আজি তোৰ শোকৰ হাহাকাৰ; সকলোখিনি চপাই বুটলি নিমাতে নিবোলে কলৈ গুচি গলি? অকণি চিনো থৈ নগলি? বহাগ! আহিছ, আহ। তয়ে৷ এইদৰে এদিন চ'ত হৈ নিমাতে নিবোলে গুচি যাবি, তেও বুলি—তেও বুলি মুখখনি তোৰ কেনে সুন্দৰ! কোন অজান্তীৰ দীপ্তিত চকুযুৰি তোৰ তিৰবিৰাব লাগিছে!— নবীন বেশেৰে অহা বহাগৰ বিমোহন মূৰতি দেখি মাত তাৰ হৰি গল। এক নতুন আশাৰ নতুন উলাহত মুখখনি তাৰ ফুলি পৰিল। কি সুন্দৰ, কি মধুৰ তাৰ হাহিটি! এই হাঁহিটিতে দেহি, কত কবিতা, কত সুৰ জৰি পৰিছে!

 নতুন সি নীৰস বা কাঠৰ কঠুৱা কিবা এটা নহয়। মুখত তাৰ আনন্দৰ গন্ধ, অন্তৰত অনৱচ্ছিন্ন আনন্দৰ ধাৰ৷। বচৰ জোৰ৷ কৰ্ম্মই ফলাফল দি যোৱ৷ দেখি স্বভাৱতে তালৈ আমাৰ হেঁপাহ এটি জাগি উঠে। কৰ্ম্মক এৰি কৰ্ম্মক ধৰিবলৈ গৈ এই যে তাক নতুনকৈ দেখা-- এই নতুনতে সেই হে আমাৰ ইমান কুতূহল -- ইমান আনন্দ! সৰু লৰাক মৰম দিলে সি সেই মৰম বিলাই ফুৰাৰ দৰে সৰল শিশুৰ নিচিন৷ খেতিয়কেও তাৰ আজি প্ৰাণৰ আনন্দ চাৰিও কাষৰে বিলাই ফুৰিছে। নাচোন বাগোনৰ ৰঙ ৰহস্যেৰে, খোৱ৷ লোৱাৰ তৃপ্তি উপভোগেৰে তাৰ প্ৰাণৰ আনন্দ প্ৰকাশ কৰিবলৈ সি আজি উৰুলীকৃত হৈ পৰিছে। আজি তাৰ মনত পৰিছে [ ১২ ] কৰ্ম্মৰ সমল গৰুগাই কেউটিলৈ। পুৱ মাহ হালধিৰে গা ধুৱাই ‘বৰ বৰ গৰু’ হবলৈ আশীৰ্ব্বাদ দিছে; সদ্যয কোবোৱা বুটি এছাৰিডাল দলিয়াই দি মাখিযতীৰ ফুলাম পাতেৰে আবেলি আগুৰি আনি আজি সি গোহালিত যাগ দিছে, পিঠ৷ পনা যাচি নতুন পঘাৰে বান্ধি এবাৰ সিহঁতৰ মুখলৈ চাই কেনে তৃপ্তিৰ হাঁহিটি সি হাঁহিব লাগিছে। জবাফুলে তাৰ ফটিকৰ আৱৰণ নিজা ৰঙেৰে ৰঞ্জিত কৰাদি আজি অসমীয়া ভাই ভনীটীৰ আনন্দৰ এই জিলিকনিযে গছে লতাই, আকাশে বতাহে চাৰিউ কাষৰ জিলিকাব লাগিছে। বিনন্দীয়া বিহুত আজি মোৰ দেশখনি কেনে মনোময় হৈ পৰিছে!

 কৰ্ম্মময় জগতত কৰ্ম্মীৰ প্ৰাণলৈ কৰ্ম্মই নতুন শকতি, নতুন উদগণিৰে যি আনন্দ লৈ আহে তাৰ লগে লগে প্ৰকৃতিৰ নিতে নতুন পৰিবৰ্ত্তনৰ যি আনন্দ, সি গীতৰ লগে লগে বাজি উঠা বীণাৰ সুৰৰ দৰে ৰূপত ৰা চৰাই নতুনৰ মুখখনি আৰু জিলিকাই তোলে। আমাৰ ভাগ্য ভাল, শৰীৰ ৰক্ষাৰ নিমিত্তে আমাৰ নিতৌ কৰিব লগীয়া যি একে কাম আছে তাৰ আৰম্ভণৰ লগে লগে প্ৰকৃতিৰ প্ৰভাতী বীণা বাজি উঠে, পুৱাই পুৱাই নতুন সৃষ্টি যেন লাগে। একেটি কামকে নতুন যেন দেখি নতুন উছাহেৰে হাত দিবৰ মন যায়। কিন্তু য’ত বছৰৰ আধেক জুৰি দিন আধেক ৰাতি, য’ত আমাৰ এটি বছৰে তাৰ এদিন হয়, ত’ত শৰীৰ [ ১৩ ] ৰক্ষাৰ আমাৰ এই এদিনীয়া কামটি ছমাহ জোৰা দিন এটিত কত বাৰ কৰিব লাগে, —অথচ তাত বাৰে বাৰে আমাৰ ইয়াৰ দৰে প্ৰভাতৰ বীণা বাজি নুঠে। তেওচোঁ তাত গ্লানি নাই, বিৰক্তি নাই, সুন্দৰ ভাবে সকলো কাম চলি গৈছে। বাৰে বাৰে কৰ্ম্মৰ আৰম্ভণত নতুনৰ ধাউতিৰে নতুন আনন্দ নোহোৱা হলে, জীৱন তাত এক দুঃসহ যন্ত্ৰণা হৈ উঠিল হেঁতেন। এনে খতিক্ষণ নোহোৱাকৈ, ঘানি ঘূৰোৱা জগতত কোনে থাকিব খুজিলেহেঁতেন; কৰ্ম্মৰ দোৱাডাৰে দোৱাডাঁৰে যদি জিৰণিৰ পাচত নতুন হৈ অহা আনন্দৰ উদগণি নেথাকিলহেঁতেন, আজি অসমীয়াই প্ৰকৃতিৰ মাতত ওলাই আহি কি দেখিলেহেঁতেন সেই একে বহাগী ধুমুহাৰ জলৌ- জপৌ, জেঠৰ বাৰে খৰৰ গপ গপনি, সেই একে বাৰিষাৰ ধাৰাসাৰে কেন্‌কেননি,— তলৰ মাটি ওপৰ কৰা, শৰীৰৰ তেজ পানী কৰা সেই একে হাহাকাৰ— পথাৰ জোৰা ধানৰ ডাঙৰি কঢ়িয়াই আনোতে কানৰ ঢৌ-ফুটা সেই একে ভক্‌ভকনি! কেনিও ক’তো একেষাৰি ‘আই ঐ দেহি’ নাই, মিঠা মুখৰ মাত এটি নাই। কি ভয়ঙ্কৰ এই হাড়ভঙ্গা পৰিশ্ৰমৰ নিকটোৱা দাঁতেৰে বিকট ছবি! কিন্তু নতুনৰ কি মোহিনী মন্ত্ৰ, আনন্দৰ সুৰত তাৰ সকলো ভয় সকলো গ্লানি পানী হৈ গল। দোৱাডাঁৰৰ ঘৰিয়ালৰ দাঁত নৱ-মল্লিকাৰ কোমল কলিকাতকৈও সুকোমল হৈ পৰিল। কি আচৰিত এই

যাদুদণ্ডৰ পৰশ! কি মহিমাময় এই মুৰুলীৰ তান! [ ১৪ ]  আজিৰ আনন্দ অকল আহাৰৰ প্ৰাচুৰ্য্যই দিয়া নহয়, অকল ঋতুৰ প্ৰভাৱে আনি দিয়া নহয়; অসমীয়াৰ নতুন কৰ্ম্মই আনি দিয়া আৰু এক আনন্দৰ ধাৰাৰে সি ত্ৰিধাৰা। আজি কৰ্ম্মৰ বিৰামত কৰ্ম্মৰ আচল ৰূপ জিলিকি পৰিছে। ৰৈ যোৱা বীণাৰ মধুৰ ৰণনৰ দৰে, যতিত থমকি যোৱা ছন্দৰ সোৱাদৰ দৰে ই আজি কেনে মধুময়! কৰ্ম্ম গ'ল, কৰ্ম্ম আহিল, বছৰ গ'ল, বছৰ আহিল, কৰ্ম্মই আৰু বছৰে গৈ গৈ অন্ত কৰিব নোৱাৰ৷ এক অন্তহীনৰ বাতৰি অযাচিতে আমাৰ প্ৰাণলৈ বলাই আনে, তাত এক চিৰ নবীনতাৰ আভাস, চিৰ-আনন্দ উল্লাস, ই যে অনন্তৰ পৰশ, ই যে অমৃত! অজানিতে এই আনন্দৰ ঝঙ্কাৰে হিয়া আমাৰ নচুৱাই তোলে সেই হে এই আনন্দ প্ৰহেলিকাৰে পৰশ তাৰ প্ৰাণে প্ৰাণে পায়, অথচ সমাচ্ছন্ন —অতি সুগভীৰ। পৰশ তাৰ প্ৰাণে প্ৰাণে পায়, অথচ নেজানে কাৰ সি পৰশ— তাৰ জাল চৰি সেই হে আজি অসমৰ নিচেই সৰু লৰালুৰিৰ পৰা আলৰ বুৰা বুৰীলৈকে মতলীয়া কৰি তুলিছে আজিৰ আনন্দক আনন্দস্বৰূপে বৰি আনিবলৈকে সি তাৰ আজৰি উলিয়াই নিজগৰী হৈ লৈছে। কেনেবাকৈ তাঁত বিহুচেৰা হয় বুলি গাৱে গাঁৱে গাভৰুৰ হাতৰ মাকোৱে চট্‌চটাব লাগিছে। মাহেকলৈ চাউল উলিয়াই থবলৈ বুলি ঘৰে ঘৰে নামৰ সুৰে সুৰে ৰাতি এডোখৰলৈকে ঢেঁকীয়ে গুম্‌গুমাব লাগিছে। গোটেই দেশ জোৰা উলহ মাদলিত মানুহৰ মন নাচি উঠিছে।

[ ১৫ ]  ইমান দিনৰ টোপালি পৰ৷ বিহু আজি আহিছে। পুৱাৰ সুললিত কাকলিত আনন্দৰ নিমাত মুৰুলী বাজি উঠিল—‘আদি মোৰ আনন্দ, অন্ত মোৰ আনন্দ, নিমিষে নিমিষে মোৰ আনন্দ।’ তাৰ প্ৰতিধ্বনি হিয়াই হিয়াই জিকাৰি উঠিল। জুমে জুমে লৰা ছোৱালীয়ে নতুন গামোচা লৈ পদূলিলৈ ওলাই আহিছে,—লন৷ লনে ফুলি ওলমি পৰা কপৌ ফুললৈ চাই হাঁহিত ৰ' লাগিছে! ফুলৰ নাচোন দেখি মন আৰু ৰয় ক'ত? ফুলৰ ছেৱে ছেৱে লাহ লোট নেৰে গা ভাঙ্গি ভাঙ্গি হাঁহিৰ কিৰীলি পাৰি আনন্দত বিভোল।- ফুলি পৰ৷ মুখত কেতেকী ফলৰ ৰেণু সানি জেটুকীয়৷ হাতৰ কেতেকী ফুলটি শুঙ্গি থকাৰ লাচে লাচে অনাকথাতে বনি লৈ ইটিৰ মুখলৈ সিটিয়ে চাই হাঁহিত বাগৰি বাগৰি ডেক৷ গাভৰু আজি আনন্দত বিভোল! লৰ৷ ছোৱালীৰ হাঁহি ধেমালিত প্ৰাণ ঢালি দি অসমৰ বুৰা- বুৰীয়ে বুৰালিত লৰালি পাতি হাঁহিৰ খিকিন্দালি তুলি আজিৰ এই আনন্দত বিভোল! বিহুৱাৰ নাচোনৰ ছেৱে ছেৱে হাতৰ লাচে লাচে পুৰণিক যাবলৈ কৈ নতুনলৈ বুলি হাত বাউলি দিওঁতে নাচোনৰ মাজে মাজে প্ৰাণৰ কথাটি তাৰ কেনেকৈ ফুটি পৰিছে! চুবুৰিয়ে চুবুৰিয়ে বিহুৰ ভিন ভিন আয়োজন, ল'ৰাৰ ল'ৰ৷ ভাগে, ডেকাৰ ডেকা ভাগে, বুৰাৰ বুৰ৷ ভাগে একেই সি বহু হৈ বিয়াপি পৰিছে; বিহুবৰৰ তলে তলে, দেউলৰ জুমে জুমে, ভঠেলিৰ খোলাই [ ১৬ ] খোলাই আনন্দৰ ধাৰা বিৰিঙ্গি পৰিছে। এই আনন্দৰ মাজেদি যে তাৰ কৰ্ম্মৰ বৰণ এইটিয়েই অসমৰ বহাগী বিহুৰ বিশেষত্ব।

 এদিন দুদিনকে বহাগৰ সাত বিহুৰ অন্ত পৰিব। ভাগৰত কাতৰ হৈ অসমৰ ডেকা গাভৰুৱে মুখ আমোলাই ঘৰাঘৰি খোজ দিব। খোজ যেন নচলে, “অতিকৈ চেনেহৰ বহাগৰ বিহুটি” সি আজি বছেৰেকলৈ উৰুৱাই আহিছে। অসমৰ আকাশত তাৰ উদাস সুৰৰ প্ৰাণৰ গান এটি কৰুণ হুমুনিয়াৰে ৰৈ ৰৈ ব’বলৈ ধৰিছে। “এনে হেঁপাহৰ বহাগৰ বিহুটি হাততে মলঙি গল।” বিহুৱাৰ বুকু আজি খালি হৈ গ’ল। হবইতো, যাক চালে তাৰ হৃদয় নিতৌ নতুন আনন্দেৰে পৰিপূৰ্ণ হৈ উঠে, সি চাগৈ তালৈ চোৱা নাই৷ সি চাইছিল মনৰ প্ৰবৃত্তিৰ উচটনিত খন্তেকীয়া৷ স্ফুৰ্ত্তিৰ জুতি লবলে, কেতেকী ফুলটি ছিঙ্গি আনি আলিযে পদূলিযে সুঙ্গি ফুৰিবলৈ। যালৈ চালে তাৰ স্ফুৰ্ত্তিৰ উদগণি, বেজাৰৰ হম্ হমনি, তাৰ প্ৰাপ্তিৰ আশ্বাস, প্ৰণয়ৰ নিৰাশ্বাস, তাৰ চঞ্চল মনৰ উত্তেজনা, শৰীৰৰ অৱসাদ এই সকলো বিৰোধৰ ঘোৰ এন্ধাৰৰ মাজেদি আনন্দৰ অখণ্ড আলোক জ্বলি উঠে, সি তালৈ চোৱা নাছিল, সি চাইছিল পিটনিৰ পাৰৰ যি ধন-জুই তাৰ আঙনিলৈ৷ এই অখণ্ড আনন্দৰ অসীম ধাৰাত সীমা পাতি এচমকা বাৰীৰে তাৰ কৰি লবলৈ তাৰ মনেৰে তাৰ ইন্দ্ৰিয়েৰে সি তৃপ্তি বিচাৰিছিল, সুখ বিচাৰি চাইছিল

[ ১৭ ] সেইহে সি হতাশ হৈ সেই পুৰণি কথাটি নতুনকৈ বিনাই ফুৰিছে,⸺নাই ঐ নাই,⸺অলপত তোৰ সুখ নাই।

 ইন্দ্ৰিয় সুখৰ পাচে পাচে দুখ, মনৰ তৃপ্তিৰ আঁৰে আঁৰে অৱসাদ ছাঁৰ দৰে ঘূৰি ফুৰিবই লাগিছে। এই ইন্দ্ৰিয়ৰ সুখ মনৰ তৃপ্তিৰ মাজেদি যদি এবাৰ পুৱাই উঠি আনন্দময়ৰ নাম স্মৰণ কৰাদি বছৰৰ আৰম্ভণত পৰমানন্দৰ নাম প্ৰাণ ভৰি লয়, এবাৰ যদি নামৰ মাজেদি মনটি সি কেনেবাকৈ লগাই দি বুজিব পাৰে এই স্ফূৰ্ত্তি, এই অৱসাদেৰে বছৰ বিয়াপি কাম কৰি কৰি সি দিনে ৰাতি কৰ্ম্মময় পৰমানন্দৰ হে অৰ্চ্চনা কৰিছে⸺তেতিয়াই তাৰ সকলো আকুলি-বিকুলি, সকলো বাধা বিঘিনি কাষৰি কাটে। ভাই ভুলৰ বিলাই হয় বুলিয়েই অসমৰ অন্তদেবতাই কাহানিবাই জাগি উঠি শাসন বিধান কৰি থৈছে, তাৰ যাতে আনন্দ উৎসৱৰ মাজে মাজে মূল সুৰটিও বাজি যায়, তাৰ যাতে মনৰ তৃপ্তিৰ তালে তালে বিশ্বতৃপ্তিৰ ঝঙ্কাৰ উঠে। তাৰ আনন্দৰ মাজেদি যেতিয়াই পৰমানন্দৰ প্ৰকাশ পাব, তাৰ সকলো ক্লান্তি সকলো অৱসাদ মিছা হৈ উৰি যাব⸺সকলো হাহাকাৰ সকলো উত্তেজনা চিৰমধুৰৰ মধুৰ পৰশত মধুময় হৈ পৰিব। এই খণ্ড আনন্দক অখণ্ড আনন্দৰ অভিমুখে অন্তৰ্মুখী কৰিবলৈ কেনে মধুৰ বিহুৰ বিধান! গুৰুজনলৈ সেৱা সৎকাৰ, প্ৰিয়জনলৈ প্ৰীতি সম্ভাষণ, মন্দিৰে মন্দিৰে দেৱতা দৰ্শন, নামঘৰে নামঘৰে মিলিত কণ্ঠে হৰিনাম [ ১৮ ] কীৰ্ত্তন,⸺সেৱাৰ মাজেদি, উপাসনাৰ মাজেদি, নাম কীৰ্ত্তনৰ মাজেদি তাৰ ৰঙৰহস্য, তাৰ খোৱা লোৱা সাৰ্থক কৰি দিবলৈ কি সুন্দৰ এই চেষ্টা! সি আজি যি হুঁচৰি গাব, যি নাচিব বাগিব⸺তাৰ আদিত নাম, তাৰ অন্তত নাম, নামেৰে সি চিৰ মধুৰ!

 সি অকল নামেৰেই নহয়, প্ৰাণেৰেও পবিত্ৰ হৈ জিলিকি পৰিছে। এই পুণ্যময় স্থিৰ লক্ষ্যটিৰ অনুষ্ঠানটিযে অসমীয়াক তাৰ এচমকা বাৰীৰ পৰা এটি বহল আয়তনৰ লক্ষ্যলৈ বাট বলাই নিব লাগিছে। যাৰ হাতলৈ যাৰ মুখলৈ চাই সি বছৰ জোৰা কাম চলাব লাগিব⸺সেই জ্ঞাতি সেই গঞাই আজি হুঁচৰিৰ মাজেদি আনন্দ বিলাবলৈ বুলি তাৰ পদূলি মুখলৈ আহিছে,⸺তাৰ প্ৰাণত উদুলি-মুদুলি,⸺ শৰাইৰে মান ধৰি গলবস্ত্ৰ হৈ দীঘল দি পৰি সি আজি জ্ঞাতিৰ আশীৰ্ব্বাদ গঞাৰ আশীৰ্ব্বাদ শিৰ পাতি লৈছে, তাৰ আজি ‘ৰাইজেই ৰজা, জ্ঞাতিয়েই গঙ্গা; কি মহান এই দৃশ্য! বহুক এক দেখি আজি তাৰ মুৰটিয়ে প্ৰেমেৰে মাটিত লেটি লৈছে! তাৰ অহঙ্কাৰ ছাই হৈ গল, তাৰ চকু মেল খাই গল। এইয়েই আনন্দধামৰ সিং দুৱাৰ! ঈশ্বৰে কৰক, ইয়েই যেন উদগণি দি দি মঙ্গলময়ৰ আনন্দ ৰাজ্যৰ বাটে অসমীয়া ভাই ভনীটীক বছৰে বছৰে লৈ যায়।

 চ’তৰ বিহুৰ ৰাতি এপৰ হৈ যোৱা নাই। নানান উৰণীয়া ভাবৰ খেলিমেলিত কত কি ভাবিলোঁ, কত কি [ ১৯ ] গুণিলোঁ। ভাবৰ তীব্ৰতাত নেজানো কাৰ প্ৰতীক্ষাৰ আকুল আবেগেৰে বাটলৈ বুলি চাই আছোঁ, এনেতে আগ চোতালত শুনিলোঁ ‘গৃহস্থৰ কুশলৰ অৰ্থে হৰি বোল’ বোলা হুঁচৰিৰ হৰিধ্বনি। গিৰ্জনিৰ মাজৰ পৰ৷ কুলিৰ মাতেৰে, দেহিটি ঐ, কিনো সুৰ এটি বলি আহিল! তাৰ শ্লথ লযৰ গুৰু গাম্ভীৰ্য্যত, তাৰ ঢোল তালৰ গভীৰ আঘাতত হৃদয়ৰ গভীৰ দেশ লৰি গ’ল, চিত্ৰৰ ছবিটিৰ দৰে থিক্ শুনি গলোঁ।

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে, কানাই, নিয়া পাৰে কাৰ
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

প্ৰাণ যেন ভৰি গল উপচি গ’ল। লগে লগে গুণ্‌ গুণাই দোহাৰি গালে।, হেপাহ নপলাল। এই দুন্দুভি ধ্বনিৰ, এই তাল লয়ৰ মধু-মাধুৰীৰে, এই কোকিলকণ্ঠৰ মুক্ত উচ্ছ্বাসৰ মহা আড়ম্বৰেৰে এইয়া কি নামি আহিল! যালৈ বুলি বাটলৈ চাই আছিলোঁ। সেই প্ৰিয়য়েই কি জিল্‌মিল পাখিৰে সুৰৰ ধাৰেৰে মোৰ হিয়াৰ মুখে নামি আহিছে!⸺ সপোন যেন লাগিল, দুধাৰি চকুৰ লো বাগৰি পৰিল তুমি যেয়ে হোৱা⸺তুমি মোৰ গধূলিৰ অতিথি! নেযাবা, [ ২০ ] নেযাবা;⸺প্ৰাণ খুলি দিলে।, শেষৰ নিশ্বাসটি নেযায় মানে গাই থাকাঁ, বাজি থাকাঁ।

 হুঁচৰি গুচি গ’ল। বীণা থমকি গলেও তাৰ সুৱদি সুৰ প্ৰাণত বাজি থকা দি এই নামটিও মোৰ প্ৰাণত বাজিবলৈ ললে। হিয়াত আনন্দই নধৰা হ’ল। হু চৰিৰ আজিৰ আশীৰ্ব্বাদ হাতে হাতে ফলিয়ালে। ৰাতি-দুপৰ জিৰণি পাটিত পৰিলোঁগৈ, মগজুত জিকাৰি উঠিল সেই সুৰ! সেই সুৰে যেন মোৰ গালে মুখে হাত খনি বুলাই নিচুকাব লাগিছে। কেতিয়া টোপনি আহিল⸺কব নোৱাৰিলোঁ। সাৰ পাই বাহিৰলৈ ওলাই আহি শুনিলো⸺ বহাগী বতাহে বিহুত বাউলি হৈ বলাই আনিছে⸺সেই সুৰ! মান অভিমান ঢালি দি সৰু লৰাটিৰ দৰে সুৰ ধৰি ধৰি গাবলৈ ধৰিলোঁ,—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে পিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে – কানাই, নিয়াঁ পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

[ ২১ ]

দ্বিতীয় পৰ্ণ

 দিনৰ পাচত দিন গ’ল। কত নতুন বছৰ নতুনকৈ আহিল;⸺সংসাৰৰ কাজ কামৰ সুৰুঙ্গাই সেই সুৰৰ সেই বাণীয়ে প্ৰাণৰ মাজত ভুমুকি মাৰেহি। বতৰৰ অতিথি প্ৰাণত আনন্দৰ বাতৰি দি কেতেকীৰ দৰে নীল আকাশত মিলি যায়। যান্ত্ৰিক যুগৰ ঘৰ্ঘৰণিৰ কোহালত বীণাৰ সুৰ আকৌ এবাৰ নুশুনা হৈ পৰে। প্ৰাণৰ মাজত লৈ প্ৰাণৰ অতিথিক চিনিবৰ কত দিন কত যতন কৰিলোঁ⸺চিনো চিনো লাগে, তেও চিনিব নোৱাৰে। এদিনাৰ অচিন অতিথিয়ে মোক কত দিন দেখা দিলে, তেও দেখোন আজিকোপতি অচিন হৈয়েই থাকিল।

 অতিথি! তোমাৰ লৱণু মুখত এনে কি ল’নি আছে তোমাৰ একেটি ভুমুকিত যে এই দীন দৰিদ্ৰৰ হীন কুটীৰ চিকোণ কিৰণেৰে তিৰবিৰাই পৰে? তোমাৰ প্ৰাণত এনে কি নজনা আকৰ্ষণ যে সি মোক নিতৌ এখনি উজ্জ্বল লোকলৈ উৰুৱাই লৈ যায? কানাই বোলা কোনো এজনে বাট নিদিলে মথুৰাৰ হাটলৈ যাব নোৱাৰি; সেই দেখি ৰাধা বোলা কোনোবা এগৰাকীয়ে কলে—কানাই মোক পাৰ কৰি নিয়াঁ, মথুৰাৰ হাটলৈ যাওঁ,⸺এই অন্বয়ৰ সাধাৰণ শব্দেৰে তেনেয়ে সাধাৰণ কথা এফাকি,⸺তাত অসাধাৰণ কি থাকিব পাৰে? এনে ধৰণৰ কত কথা আনে-বানে উঠি [ ২২ ] নিতে নিতে বিস্মৃতিৰ অতল জলধিত মাৰ যায়! শত বিপ্লৱৰ মাজত এই স্বাৰ্থময় সংসাৰৰ যি দেৱাসুৰ সংগ্ৰামৰ তুমুল সিংহনাদ তাৰ ওপৰেদি মূৰ তুলি⸺কোন তুমি, বাণি,⸺ বিক্ৰয় পতাকাৰ দৰে উৰি উৰি জিলিকিব লাগিছা? কোন তুমি, নিতে নিতে চিৰ নতুন অতিথিৰ দৰে ভুমুকি একোটি মাৰি হিয়াৰ দুৱাৰে দুৱাৰে প্ৰাণৰ সুৰভি বিলাই ফুৰিছা? তোমাৰ ভিতৰৰো ভিতৰত অতি প্ৰিয় অতি শ্ৰেয় কিবা এটি নিশ্চয় আছে। নহলে সি নিতৌ নতুন বোলেৰে অনন্তৰ মুখে মোক নিবই বা খোজে কিয়?---উত্তৰৰ অপেক্ষাত যেই অতিথিৰ চকুলৈ চকু নিলোঁ⸺দেখিলোঁ মোৰ চকুৰ অতিথি চকুতে লুকাল! সেই দিনাৰ ভাৱনাৰ সিমানতে আধ্যা পৰিল। বুজিলোঁ, মোৰ অতিথিৰ বৰ ৰোহ। এতিয়াও যে অতিথিৰ সম্বন্ধে মোৰ মতিৰ স্থিৰতা নাই, এতিয়াও যে অতিথিলৈ দিযা চকু যুৰি পলকে পলকে অইন কিহবাই টানি নিয়ে, এইটি অতিথিয়ে বেচ বুজিছে। সেইহে বিজুলীৰ দৰে চকুত চাটি মাৰিয়েই চাবলৈ ললেই নাইকিয়া হয়! ই এতিয়া অতিথিৰে লীলা নে মোৰ মনৰেই বিকাৰ তাকে হে বুজিব পৰা নাই।

 আকৌ এদিনা অতিথি আহিল। আগৰে পৰ৷ মন বান্ধিছো, আৰু লৰচৰ কৰিবলৈ নিদিওঁ,⸺এইবাৰ, এইবাৰ অতিথিৰ চিনাকি লমেই লম।⸺ইয়ে, ইকি দেখিছোঁ! আজি যেন অতিথিৰ মুখখনি ভাৰ্‌ভাৰ্‌, চকুত সন্দেহৰ ছাঁ, মুখৰ [ ২৩ ] লাৱনি বিৰতিৰ বোলেৰে মোলান! আজি তোমাৰ কি হ’ল? শৰীৰ-ভঙ্গিত যেন এক সঙ্কোচৰ আকুলতা ফুটি পৰিছে! ভয়ে ভয়ে যেন খোজ একোটি দিছা!⸺ভয়? তোমাৰ ভয় বা সঙ্কোচ কালৈ? ভয় নাই। এবাৰ তুমি তোমাৰ সৌম্য মূৰতিৰে মোৰ প্ৰাণৰ মাজত থিত্ দি প্ৰাণৰ কথা শুনি যোৱাঁ।

 বুজিছোঁ⸺বুজিছোঁ। চৰুৰ কাণত লগা পচিমীয়া শিক্ষাৰ মোৰ নাওমান গোন্ধ, তাকে তুমি সহিব নোৱাৰি নাক কোঁচাব খুজিছ৷! তুমি ভাবিছা সেই শিক্ষাৰ যুক্তি তৰ্কই মোৰ মনত খাৰি বান্ধিছে; মই বা তোমাক কেনে ভাবে কি দৰে সোধপোছ কৰো,⸺এয়ে তোমাৰ আশঙ্কা। বুজিছোঁ, —তুমি চাগৈ অসমৰ চহৰে চহৰে গাৱেঁ গাৱেঁ সুৰ বিলাই ফুৰি ফুৰোঁতে মোৰ দৰে কোনোবাই পাই তোমাক দুৱাৰ- দলিৰ বাহিৰে থৈ জাউৰিয়ে জাউৰিয়ে এনেবোৰ প্ৰশ্ন কৰিছিল; “হাটলৈ যাবলৈ অহা ক’ৰবাৰ গৰখীয়া ল’ৰা ছোৱালীয়ে কাহানিবা মনৰ হাউচত গাই দিয়া বনগীতৰ দৰে উৰণীয়া গীত এটি তুমি নোহোৱানে?⸺তোমাক কৰবাত বিহুতলীত দেখা দেখা যেন লাগে,⸺বিহু মাৰিছিলা নে কি? যদি নোহোৱা, তুমি কি?⸺কোনে, কেতিয়া, কি উদ্দেশ্যে তোমাক ৰচনা কৰি কোন পুথিৰ কোলাত ঠাই দিছিল?⸺ তুমি গুটিত গজা নে, ডাল ধৰি ৰোৱা?⸺নাই পাবত গজা?” প্ৰশ্নৰ ধৰণ দেখি লাহেকৈ কাষৰি কাটি তুমি চাগৈ আগবাঢ়ি গৈ আৰু আগবঢ়া প্ৰশ্ন এজাউৰি পালা;⸺“তুমি এই ‘ৰাধা’ [ ২৪ ] আৰু ‘কানাইৰ’ নাম ক’ত পাল৷?⸺ক’তা কোনে৷ এখন বেদতে দেখোন ৰাধাৰ নাম নাই, কানাইৰ নামে৷ নাই। অতি পুৰণি বেদৰ কথ৷ এৰাই, বেদৰ বহু কালৰ পাচত প্ৰচলিত হোৱ৷ ভাগৱততে। দেখোন ৰাধ৷ আৰু কানাই এই দুটি শব্দৰ থানথিত নাই।⸺তুমি নিতান্তই আধুনিক নোহোৱ৷ নে? যদি আধুনিকেই হল৷ তেনে তুমি ৰাধ। বোলাটি মত৷ নে মাইকী?” প্ৰশ্নই এনে চাঁচৰি কোবোৱ৷ দেখি তোমাৰ চাগৈ কেনেব। লাগিল। তুমি একতীয়া হৈ গুচি আহি দেখিলা,⸺এইবাৰ প্ৰশ্ন নাই। তোমাৰ সুৰ শুনি তোমালৈ কোনে। কোনোৱে চাইছে, কেৱলে চালে। চাই চিন্তি বিজ্ঞানাগাৰলৈ লৈ গৈ তোমাৰ সুৰৰ চাপ্ পৰিমাণ, তোমাৰ শব্দ তৰঙ্গৰ দৈৰ্ঘা নিৰ্দ্ধাৰণ কৰিবৰ মনেৰে ভকতীয়া বান্ধে লাগি পৰিছে। তুমি হে যি, গাৱঁৰ অনাভুৱ৷ আজলী ছোৱালী, যন্ত্ৰ যুগৰ বিজ্ঞানাগাৰ দেখিয়েই চক্ খাই উৰি অহ! দি আহিল৷ তোমাক জ্বৰে এৰিলেও কৰ্প টীয়ে নেৰে। তোমাক উৰি অহ। দেখিয়েই উৰণীয়। শ্ৰেণীৰ কিব। এটি বুলিবলৈ আৰু কাৰ’বাৰ চল লাগিল। এইবাৰ গহীন গহ্বৰ প্ৰশ্ন উঠিল, “তুমি এটি ৰূপক নোহোৱানে?⸺এই ধৰাঁ কাণ মানে সংস্কৃতত কাউৰী, তাতে দেশজ প্ৰত্যয় দি কানাই কৰ৷ নাই নে, আৰু ৰাধ৷ মানে সেই একে ভাষাতে আম- লখি নহয নে? তেনে আচলতে কথাটি এইটি নহয় নে? একালত মথুৰা হাটত আমলখি পাবলৈ নাছিল, ইপাৰৰ [ ২৫ ] পৰা কাউৰীয়ে নি আমলখি এটি মথুৰাৰ হাটত নুলিয়াই মানে আমলখিৰ আৰু হাট দৰ্শন নঘটিছিল। সেই কালত মথুৰাৰ আশে পাশে কতো আমলখিৰ ব্যৱহাৰ নহৈছিল। এনে এটি ঐতিহাসিক তথ্যকে কবলৈ তোমাৰ এই ধেমেলীয়া গীত নহয় নে”? সত্য সন্ধানৰ নামত এনেবোৰ অবান্তৰ প্ৰশ্নৰ ‘জেৰা’ই পোৱাত হেৰাই যোৱাৰ ভয়ত তুমি প্ৰাণ লৈ মোৰ প্ৰাণলৈ ভিৰাই লৰি আহিছা।

 তুমি, তুমি নহয়, তুমি নহয়; তুমি অতি উদাৰ, বৰ মধুৰ; তোমালৈ যি অশ্ৰদ্ধা তোমালৈ যি অনাদৰ সি মোক যেন সুধিছে, এইখন কাৰ দেশ? ইয়াত ঋষিৰ শাসন নচলে নে কি? কাক কেনে সোধপোছ কৰি কি সৎকাৰ কৰিব লাগে নেজানে?⸺সমিধান দিবলৈ মোৰ একো নাই। মোৰ ব্যৱহাৰতো যে এনে বিজাতীয় আদব-কায়দাৰ প্ৰভাৱ পৰা নাই তাক মই কেনেকৈ কওঁ। মোৰো এদিন তোমাক এনেদৰে সুধি চাবৰে মন গৈছিল। এনে মন যোৱাও যে মনৰেই ধৰ্ম্ম। তুমি সিবিলাকক আশীৰ্ব্বাদ কৰাঁ। তোমাৰ শুভ ইচ্ছাৰ মাজেদি তোমাৰ আচল স্বৰূপটি প্ৰকাশ পাওক। প্ৰাণৰ অতিথি! প্ৰাণৰ দেৱত৷ বুলি নতশিৰে মই তোমাক আজি বৰি আনিছোঁ। মোক আশীৰ্ব্বাদ কৰাঁ⸺তোমাৰ আশীৰ্ব্বাদত এই আমন্ত্ৰণ সফল হওক।

 শুনা, অতিথি! আজি তুমি মোৰ এতিথীয়া অতিথি নোহোৱা,⸺সকলো তিথিতে প্ৰাণত থিত দি তিথিৰ লেখ [ ২৬ ] ভুলোৱা অতিথি। তোমাৰ নামে তোমাৰ যোগৰূঢ় শব্দই মোৰ প্ৰাণৰ মাজ পাই তাৰ বিশেষ মানে সলাই পেলালে। প্ৰাণৰ অতিথি মোৰ, মই তোমাক প্ৰশ্নেৰে আমনি নকৰোঁ। কৰিমেই বা কিয়? তোমাক আমনি কৰাত বাজে এনেবোৰ প্ৰশ্নৰ লাভৰ নামত বিশেষ একো নাই।

 ধৰাঁ জানিবা,⸺চকুৰে দেখিলোঁ মহাপুৰুষ মাধৱদেৱৰ “কোটোৰা খেলোৱা” নামৰ নাটত ‘ৰাধা’ আৰু ‘কানাইৰ’ এনে ভাবৰ বা সুৰৰ নহলেও এনে ধৰণৰেই গীত; কাণেৰে শুনিলোঁ, ‘ৰাধাৰ পদূলিয়ে কোন কোন যায়। নধৰিবি নধৰিবি ৰাধাৰ জোঁৱাই” বুলি নামঘৰে নামঘৰে আনন্দত উত্ৰাৱল হৈ তোলা ৰাধা নামৰ মধুৰ জুমুৰ। কেনেবাকৈ এই গীতটিৰ শুং-সূত্ৰ পাওঁ বুলি মহাপুৰুষীয় সম্প্ৰদায়ৰ যিকেখনি পুথি হাততে পালোঁ পাতে পাতে বিচাৰি চালোঁ, হযতো তাৰ গোন্ধকে নেপালোঁ। নেপাবৰেই কথা। মহা- পুৰুষ শ্ৰীশঙ্কৰদেৱে কত কোটি কোটি বাৰ প্ৰকৃতি বাচক ‘শ্ৰী’ৰে শ্ৰীকৃষ্ণ, ‘মা’ৰে মাধৱৰ নাম নিজে লৈ লোককো লোৱাব লাগিছে⸺তেওচোঁ কেতিয়াও ক’তো ‘ৰাধাকৃষ্ণ’ বোলাৰ কথা পুথিতো নেপালোঁ কাণেৰেও কেঁৱে কোৱা নুশুনিলোঁ। মহাপুৰুষ প্ৰবৰ্ত্তিত মাৰ্গত শান্ত আৰু দাস্য ভাবৰ যি উপাসনা যি নাম প্ৰসঙ্গ তাত মধুৰ ভাবৰ নায়িকা শ্ৰীৰাধাৰ বিশেষ একো প্ৰয়োজন নাই।⸺তাৰ পাচত ভাবিবৰ মন গলে ভাবি চাব পাৰোঁ⸺প্ৰাক্‌শাঙ্কৰী যুগৰ [ ২৭ ] বৈষ্ণৱসকলে যি ভক্তি সিন্ধু মন্থন কৰিছিল তাতে উঠা ই এক অমৃতৰ ধাৰা শত বিপ্লৱৰ মাজতো ভক্তৰ প্ৰাণত তাৰ অমৃত বিৰিঙ্গি পৰিছে। পদে প্ৰমাণে তাৰো একো নিশ্চয় নেপাই এৰি দিলোঁ। আকৌ হয়তো ভাবিলোঁ‌⸺গাতে লাগি থকা বঙ্গদেশৰ পৰা কোনোবা ভক্তৰ প্ৰাণত কেনেবাকৈ লাগি অহা মধুৰ ভাবৰ এইটি জীয়া ফিৰিঙ্গটি। তাৰো একো উৱাদিহ নেপাই এই মধুৰ ভাবৰ পমে পমে খেদি খেদি আজি প্ৰায় দুহেজাৰ বছৰৰ আগৰে পৰা ৰাধাকৃষ্ণৰ প্ৰেমত মাতি উঠা দাক্ষিণাত্যৰ ‘আৱাল’ সম্প্ৰদায়ৰ কাষ চাপিলোঁ ভাবিলোঁ মধুৰ গোপীপ্ৰেমৰ এইটি সুমধুৰ তান সুদূৰ অতীতত অসমৰ কোনো তীৰ্থ যাত্ৰীয়ে প্ৰাণত লুকুৱাই লৈ আহিছিল। তাৰো সবিশেষ সন্ধান নেপাই ভাবিলোঁ‌⸺ই জানোচা “ৰাধা কুণ্ড শ্যাম কুণ্ড গিৰি গোবৰ্দ্ধন, মধুৰ মধুৰ বাংশী বাজে শ্ৰীবৃন্দাবন”ৰ চানেকীয়া বৃন্দাবনীয়া গীত, তীৰ্থযাত্ৰীৰ প্ৰাণে প্ৰাণে আহি অসমৰ মাতেৰে অসম দেশ জিনি ললেহি! বিচাৰি বিচাৰি পালোঁ বা নেপালোঁ। পালোঁ যদি পালোঁ⸺অমুক পুথিৰ অমুক অধ্যায়ত অমুক প্ৰসঙ্গত অমুকে লিখি যোৱা এই গীত, অথবা অমুক গৃহী বা বৰাগী ভকতে অমুকৰ পৰা আনি অসমৰ বাটে পদূলীয়ে গাই ফুৰা এইটি নাম! ঈমান দিন ঘুৰ্ম্মুটিয়াইছিল যি কুতূহলে, তাৰ তৃপ্তি হ’ল। আৰু যদি নেপালোঁ⸺আঙ্গুৰ টেঙ্গা বুলি বিচাৰিবলৈ এৰি দি ই এটা অতি সাধাৰণ উৰণীয়া গীত বুলি ভাবি মন তাপৰি এফেৰি [ ২৮ ] উশাহ লৈ অইন কথালৈ মন মেলিলোঁ। ইয়াৰ পাচত⸺ ইয়াৰ পাচত আৰু কি?⸺ইয়াৰ পাচত নো লাগে আৰু কি? আৰু নাই, ইমানতে শেষ।⸺তেনে খোলা কথা,⸺এনেদৰে শেষ হৈ যোৱা কথা, এনে বিচাৰৰ বিলাস মোক নেলাগে।

 বেদত তোমাৰ ৰাধা আৰু কানাইৰ নাম নেথাকিব পাৰে; ভাগৱততো এই নাম দুটি অবিকল এনেদৰে দেখা দেখিকৈ নথকাৰে কথা, বা নায়েই। বেদ আৰু ভাগৱতত কি আছে কি নাই তাৰ সবিশেষ জ্ঞান নেথাকিলেও অন্ততঃ এই খিনি হলে বুকু ডাঠকৈ কব পাৰোঁ⸺বেদ আৰু ভগৱত “শব্দকল্পদ্ৰুম”ৰ অত্যন্ত বৃহৎ তাঙ্গৰণ নহয় যে তাত সকলো যুগৰ সকলো ঠাইৰ সকলো শব্দই অবিকল থাকিব। আম ৰ মনে ঢুকি নোপোৱা কালৰে পৰা যদি ব্ৰহ্মপুত্ৰ নে খন অসমৰ বুকুৱেদি বৈয়েই আছে, তেহেলৈ তাৰ ‘লুইত’ নামটি বেদ বা পুৰাণত থাকিলেই বা নেথাকিল। এনে ধৰণৰ কথাৰ ধাৰেৰে মই তোমাক অৰ্ব্বাচীন বোলোঁ কেনেকৈ?

 তাহানি বোলে কোনোবা এজন কবিয়ে কুলিৰ মাত শুনি মাততে পমি গ’ল। কুলি চৰাইটি কেনে, দেখাৰ ভাগ্য তেওঁৰ আৰু ঘটি নুঠিল। তেওঁৰ সম্বন্ধি অশৰীৰী কুলিৰ মাতটি ওৰে জীৱনলৈ ৰহস্যময় হৈয়েই থাকিল। প্ৰাণৰ অতিথি! তুমিও আজি এই অকবিৰ প্ৰাণত ৰহস্যময়ী হৈয়েই থাকাঁ, জানোচা কবিৰ দৰে তাতে কিবা আনন্দ তাতে কিবা সুখ পাওঁয়েই।

[ ২৯ ]  প্ৰাণৰ লুইত ব’ব লাগিছে৷ বিতোপন লুইতৰ বিশাল বুকুৱে চকু দুটি মোৰ টানি নিছে, চকু নভঙ্গাকৈ চাইয়েই আছোঁ৷ অতি জীৰিলি বেশেৰে পাচ ফালৰ পৰা পুৰাণ আহি কাণে কাণে ফুচ্‌ফুুচাবলৈ ধৰিলে,⸺“অমোঘাৰ গৰ্ভজাত শান্ত্বন-কুল-নন্দন এইয়ে সেই মহাবাহু ব্ৰহ্মপুত্ৰ!⸺বহু যুগ ধৰি ব্ৰহ্মকুণ্ডক প্ৰাচ্যৰ চেনেহী পাহাৰে আবৰি ৰাখিছিল, পাপমুক্ত পৰশুৰামে মহিমাত মুগ্ধ হৈ পৰশু কুঠাৰেৰে পাৰ কাটি কামৰূপৰ মাজে বোৱাই দিয়৷ ব্ৰহ্মকুণ্ডৰ এয়ে সেই পবিত্ৰ ধাৰা!⸺এবাৰ প্ৰাণ ভৰি নমস্কাৰ কৰাঁ,⸺অশোকাষ্টমীৰ দিন৷ ভাৰতৰ সকলে৷ তীৰ্থ ইয়ালৈকে এবাৰ আহি যায়।” দেশান্ত্ৰৰ সাজ পাৰেৰে ফিট্‌ফাট হৈ চকুত বিত্‌চকু এযুৰি লগাই ইতিহাসে আহি কাণে কাণে কলেহি⸺ “ৰ’বা,⸺ হিমালয়ৰ কোলাৰ মানস সৰোবৰৰ দাঁতিৰ কেবাটিও হিমধাৰা গলি গলি চান্‌পু নামে এছোৱ৷ত জনাজাত হৈ ব্ৰহ্মকুণ্ডই দি অইন ঢালে বৈ গৈছিল। কালক্ৰমত কেবাটি সুতিৰে৷ পোহ পাই এই সোঁত৷ বিপুল আয়তনৰ হৈ অসম উপত্যকাৰ মাজেদি বৈ আহি গঙ্গা-সাগৰ সঙ্গমত পৰিছেগৈ। এয়ে সেই ব্ৰহ্মপুত্ৰ নদ। খৃষ্টপূৰ্ব্ব অমুক শতাব্দীত অমুক পৰিব্ৰাজকৰ ভ্ৰমণ লিপিত এই নদৰ নাম উল্লেখ আছে। তাৰ সম⸺ সাময়িক অমুক শিলালিপিতে৷ এই নদৰ নাম পোৱ৷ যায়; গতিকে ব্ৰহ্মপুত্ৰ বৈ অহা ইমান শ বছৰৰ কোনো মতেই কম হব নোৱাৰে।”⸺তেনেতে বৰ্তমান ব্যস্ত জগতৰ সাজ [ ৩০ ] পিন্ধি এবাৰ হাতৰ হাতঘড়ীলৈ, এবাৰ দুৰ্ব্বীণেৰে কিবা এটিলৈ চাই চাই আহি অলপ গহীনাই বিজ্ঞানে কলেহি,⸺ “লাখ লাখ বছৰৰ আগেয়ে অসম উপত্যকাও সাগৰৰ তলিত আছিল। সাগৰ আঁতৰি গলত হিমালয়ৰ হিমস্ৰাৱ মধ্যাকৰ্ষণৰ ভৰত হিমানী ৰেখাৰ তললৈ আহি পানী হৈ যেনিয়ে চাপৰ পালে তেনিয়ে বাট উলিয়াই ঠাই বুজি মিনিটে ইমান মাইলৰ পৰা ইমান মাইল বেগেৰে সাগৰৰ অভিমুখে ব’বলৈ ধৰিলে। ইয়াৰ বিপুল কলেৱৰে মিনিটে মিনিটে ইমান ঘন পৰিমাণ পানী সাগৰক যোগাব লাগিছে। নানা বিধৰ জৈব পদাৰ্থত বাজেও ভালেমান খনিৰ মাজেদি বৈ অহাত ইয়াৰ পানীত হৰেক ৰকমৰ খনিজ পদাৰ্থৰ কণিকা পোৱা যায়।”⸺আৰু কত কি ক’লে! এতিয়া মনত পৰিছে, যি শুনিলোঁ এখন কাণে সোমাই ইখনে দি সুৰ্ সুৰ্ কৰে সৰি পৰিল। দৃষ্টি লক্ষ্যত নথকা দৃষ্টি গোচৰৰ পদাৰ্থবিলাকৰ দৰে সিবিলাকৰ যি ছঁয়৷-ময়া মূৰ্ত্তি চকুৰে দেখিলোঁ সিও চকুতে হেৰাই গ’ল। চকু আৰু কাণৰ পাচত তেওঁবিলাকক মনিব পৰা মনটি নাছিল; জল্ জল্ পট্‌ পট্ কৈ ধৰি ৰাখিব নোৱাৰিলে⸺মই চায়েই আছোঁ। ব্ৰহ্মপুত্ৰ সঁচা- সঁচিকৈ মহাবাহু! কি সুন্দৰ, কি উদাৰ এই বুকু খনি! কি মহিমাময় এই দৃশ্য! নিমিষে নিমিষে নতুন প্ৰেৰণাৰে প্ৰাণ মোৰ নাচি উঠিল। হিয়া যেন গলি যায়,⸺এই সৌন্দৰ্য্যই এই মাধুৰ্য্যই আনন্দৰ বীণাখনি বাই বাই হৃদয়ৰ [ ৩১ ] মোৰ অন্তৰৰো অন্তৰতম প্ৰদেশ ৰিণ্‌ জিনাই তুলিছে। কি হে মোক মুহি পেলালে? চায়েই আছোঁ,⸺চকুৱে ক’লে⸺ মোৰ চোৱা হৈছে; কাণে ক’লে,⸺মোৰ শুনা হৈছে। তথাপিতো দেখাৰ সিপাৰেদি, শুনাৰ সিপাৰেদি কি চাবলৈ ঘূৰাই চকু দিছো, কি শুনিবলৈ কাণ পাতিছোঁ। হেপাহ যে মোৰ নপলায়! পুৱাৰ সোণালী ৰ ’দালিত চাওঁ, গধূলিৰ বঙ্গা-ৰতোৱালত চাওঁ, দিন দুপৰৰ চৌফলীয়া ৰ’দত কতবাৰ ৰৈ ৰৈ চায়েই থাকোঁ। যিমানে চাওঁ সিমানে নিতে নিতে নতুন টানেৰে কিহে মোক গভীৰৰো গভীৰতমলৈ টানি নিয়ে?⸺ই অনন্তৰ আলোক নহয় নে? সৌন্দৰ্য্যৰ সুষমা লৈ মাধুৰ্য্যৰ মধুৰিমা লৈ মোৰ অন্তৰ বীণাত তুলি যোৱা এটি আনন্দ⸺ঝঙ্কাৰ!⸺সেইহে ইমান আনন্দ,⸺ইমান অপাৰ,⸺ মোৰ প্ৰাণ উপচি উপচি জৰি পৰিছে।⸺শতধাৰে,⸺ সহস্ৰধাৰে,⸺কবিতাৰ ছন্দেৰে, সঙ্গীতৰ সুৰেৰে চিত্ৰৰ ৰঙ্গেৰে মোক পুলকত আকুল কৰিছে!⸺ এই যে সীমাৰ মাজত অসীমৰ প্ৰকাশ এই যে অন্তৰত অতীন্দ্ৰিয়ৰ আনন্দ- অনুভূতি⸺ই যে সত্য⸺প্ৰত্যক্ষ সত্য! ই কল্পনা নহয়, সপোন নহয়⸺জীৱন্ত জাগ্ৰত সত্য! ইতিহাসে পোৱা সত্যতকৈ বিজ্ঞানে বাছি লোৱা সত্যতকৈ ই কেনি কোন গুণে কম?⸺অতিথি! তুমি এনে এটি অনুভূতি নোহোৱা নে? তোমাৰ মূৰতি যেন চকুৰে দেখাৰ পাচতো দেখি থাকি! সি যেন সপোনৰ পুতলাতকৈও জীৱন্ত! তাৰ মাজেদি [ ৩২ ] কুঁৱলীৰ গিলিপেৰে যেন লুইতৰ হুঁতি বৈ গৈছে! তাৰ আদি ক’ত, অন্ত ক’ত একে৷ নেজানো। কেৱলে বৈ গৈছে,— ব’বই লাগিছে, — অন্ত নাই,— এক সেই চিৰ নবীনৰ অনন্ত ধাৰা।

 পুৰাণৰ চকুৰে চালে পুৰাণৰ ভাব সঁচা, ইতিহাসৰ চকুৰে চালে ইতিহাসৰ কথা সঁচা, বিজ্ঞানে যি কৈ গ'ল বিজ্ঞানৰ চকুৰে চালে সিও সঁচা। চকুৰে চাই কথাৰে কৈ অনন্তৰ শেষ কৰিব নোৱাৰি গুণেই সি অশেষ, সি অনন্ত! মানুহৰ চেষ্টাই অনন্ত জগতৰ শেষ পৰিচয় দিব পৰা হলে অনন্তৰ অত দিনে অন্তই পৰিলহেঁতেন। নিজ নিজ চকুৰে দেখা সত্যটি আচল সত্য বলি কোনোৱে যদি বৰাই কৰে কৰক। তাত বৰাই কৰোঁতাৰ নিজে দেখা সত্যৰ প্ৰতি নিজৰ অতি আস্তিকৰ ভাব, হে প্ৰকাশ পায়। কিন্তু নিজে দেখাটিহে যদি আচল সত্য বাকী সকলোবোৰ মিছা বোলে তেনে তাতকৈ ডাঙৰ মিছা জগতত আৰু কেইটা আছে নেজানো।

 কোৱাঁ তেনে, তোমাৰ নাম ধামৰ চিনাকিৰ বিশেষ প্ৰয়োজন কি? কি পুথিৰ কি প্ৰসঙ্গত কোনে তোমাক ৰচনা কৰিছিল—এই পৰিচয় জানো তোমাৰ আচল পৰিচয়? সি কেৱল তোমাৰ নামটিৰে মানুহটি উলিয়াই লব পৰা এফেৰি বহল ধৰণৰ উপৰুৱা চিনাকি। এটি মানুহক অইনৰ

পৰা আঁতৰাই নিৰ্দ্দিষ্টকৈ চিনাবলৈ হলে কাৰ পুতেক কোন [ ৩৩ ] গাৱঁত থাকে কি কৰি খায় তাৰ সন্ধান লাগে; কিন্তু এই সন্ধানেই আচল মানুহটি নিচিনায়। মানুহ চিনায় প্ৰাণে। মোক লাগে তোমাৰ প্ৰাণৰ চিনাকি⸺অন্তৰৰ প্ৰেম। তোমাক উলিয়াবৰ প্ৰয়োজনো মোৰ নাই। তুমি নিজে নিজ গুণেৰে মোৰ প্ৰাণলৈ লৰি আহিছা। অসমৰ গাৱেঁ ভূঁয়ে, নগৰে চহৰে, হাবিয়ে বননিয়ে সুৰ হৈ কেতেকীৰ দৰে বিনাই ফুৰিছা। তোমাৰ কথাই তোমাৰ সঙ্গতিয়ে যদি প্ৰাণত অপাৰ প্ৰেমৰ পৰিচয় দিব পাৰে⸺তোমাৰ সকলো চিনাকি আপোনাআপুনি প্ৰেমময় হৈ পৰিব। প্ৰেমিক প্ৰেমিকাৰ যিবা বাটৰ দুবৰি পদূলিৰ ধূলি সিও যে প্ৰেমৰ প্ৰভাত সুন্দৰ হয়। নাম ধামে তোমাক প্ৰেমময়ী কৰিব নোৱাৰে। নামেৰে প্ৰেমময়ী কিমান আছে; ইফালে শিলত মুৰ আফালি মৰিলেও প্ৰেমৰ কণিকা এটি জৰি নপৰে। তোমাৰ কথাত যদি সত্য আছে, সেই সত্য স্বয়ম্ভূ– স্বয়ং প্ৰকাশ! তাক সাজি উলিয়াবলৈ গলেই সি সজা–কথা হয়। সত্য সাজিব নোৱাৰি, আলম পালেই নিজে নিজে সাজি আহে। তাক প্ৰকাশ কৰাতকৈ প্ৰকাশ হোৱা বুলিলেহে আচল সত্যটি প্ৰকাশ হয়। যি ৰচনাত সত্যৰ প্ৰকাশ পায় সেই ৰচনাই সাৰ্থক হৈ পৰে। ৰচনা সাৰ্থক কৰা তত্ত্বটি হে প্ৰকৃততে আমাৰ সন্ধানৰ শেষ লক্ষ্য। ৰচনাৰ তত্ত্ব ৰচনাৰ অন্তৰত আছে, নাম-ধামত নাই। অতিথি! তুমি যে তোমাৰ মাজতে লুকাই আছা। মই তোমাক তোমাৰ ৰচনাতে বিচাৰিম।

[ ৩৪ ]  বিজ্ঞানৰ তেনে ধৰণৰ প্ৰশ্ন কৰিয়েই বা তোমাক বিচাৰোঁ কেনেকৈ? তোমাৰ শব্দ-তৰঙ্গত তুমি যে নাই; তুমি আছা অন্তৰৰো অন্তৰত। তুমি ইন্দ্ৰিয়গ্ৰাহ্য বস্তু নহয় যে বিজ্ঞানে তোমাক যন্ত্ৰ-পাতিৰে জুখি-মাখি গণনাৰে গণি পিতি তোমাৰ আচল স্বৰূপটি নিৰ্ণয় কৰিব। সৌন্দৰ্য্য আৰু মাধুৰ্য্যই দেখোন বিশ্লেষণৰ নামকে নুশুনে,⸺পৰশ পালেই আদৰ মালতীৰ দৰে জঁই পৰে!⸺পাণ্ডিত্যৰ অভিমানতে বা ভাৰসা কি? সি নিজৰ পাণ্ডিত্য প্ৰকাশ নকৰি তোমাক প্ৰকাশ কৰিব কি বাবে? তেনে খহনীয়া পাৰত নাও মোৰ নেবান্ধো। তোমাৰ সৌন্দৰ্য্যৰ তোমাৰ মাধুৰ্য্যৰ যি পালোঁ, যি পাইছোঁ,⸺ সেয়ে যেন নহয়। আৰু আছে,⸺আৰু, আৰু আছে, কিমান আছে কব নোৱাৰোঁ। তোমাৰ আভাই পলকে পলকে মোৰ হিয়াৰ হেঁপাহত পুলকৰ প্ৰেৰণা দিছে। এই জনমটোৰে চালেও যেন নহয়,⸺জনমে জনমে তোমাক যেন চায়েই থাকিম! মোৰ প্ৰাণত তোমাৰ প্ৰেমৰ পৰশ পাবই লাগিছোঁ,⸺তেও যেন তুমি ইপাৰ সিপাৰ নেদেখা, কথা কৈ কৈও ফুটাব নোৱাৰা কিবা এক⸺অসীম, কিবা এক অব্যক্ত!

 ইতিহাস সাৰ্থক তেতিয়াই, যেতিয়াই সি তাৰ বিচিত্ৰ ঘটনাৱলীৰ বৰ্ণনাৰে অভেদৰ প্ৰজ্ঞালৈ বলাই নিয়ে; বিজ্ঞানৰ সাৰ্থকতা তেতিয়াই, যেতিয়া সি জগতৰ নিয়মৰ মাজেদি নিখিল বিশ্বত এক হৈ থকা চিৰ সত্যৰ স্নিগ্ধ জ্যোতিলৈ [ ৩৫ ] লৈ যায়। মই আজি ইতিহাসক পাওঁ ইতিহাসক, বিজ্ঞানক পাওঁ বিজ্ঞানক,⸺সেয়ে নহয়, সেয়ে নহয়⸺যাকে য’তে পাওঁ তাকে ত’তে তোমাৰ বাতৰি সুধি ফুৰিম। তাহানি কৃষ্ণ- বিৰহিনী গোপিনীয়ে প্ৰাণৰ আকুলতা লৈ তৰুৱে তৰুৱে, লতাই লতাই, বনে বনে, হৰিণীয়ে হৰিণীয়ে কৃষ্ণৰ বাতৰি সুধি চোৱাদি, চৰণৰ চাবে চাবে বিচাৰি যোৱাদি, ময়ো তোমাৰ আখৰে আখৰে, শব্দই শব্দই, এই আনন্দৰ বাতৰি সুধি চাম। হয়তো তোমাক পাই অন্ত কৰিব নোৱাৰিম; সেই বুলিয়েই তোমাৰ গানটি ইনাই বিনাই ওৰে জীৱন গাই ফুৰিম। প্ৰেম ৰাজ্যৰ এইটিয়েই প্ৰশস্ত পথ।

 তাৰ পাচত তোমাৰ গানটিত যদি সত্য আৰু প্ৰেমৰ পোহৰ পৰে, তেনে অকল সি গীতটিকে নিজিলিকায়; যাৰ প্ৰাণৰ ৰচনা সেই প্ৰাণো অলক্ষিতে জিলিকি পৰিব। ৰামায়ণৰ দৰে আৰু এখনি গ্ৰন্থ ৰচনা কৰিবলৈ অনুৰোধ কৰোঁতে আদি কবি বাল্মীকিয়ে কৈছিল, এক ৰামায়ণেই মোক কৃতাৰ্থ কৰিছে, আৰু কিয়?⸺এই গীতটিৰ অন্তৰৰ প্ৰেমেৰে যাৰ প্ৰাণত সুৰৰ প্ৰকাশ, সেই প্ৰাণো তেনেকৈ এই গীতটিয়েই কৃতাৰ্থ কৰিব। নাম নেজানিলেও অসমৰ এক ভক্ত কবিলৈ ভক্তিত মুৰ দোঁ খাই পৰিব। নাম ধামৰ পৰিচয় নাই কাৰণেই সেই নাম নজনা কবি আমাৰ কল্পনা- লোকত অতি সুন্দৰ হৈ জিলিকি উঠিব। “অ’ কেতেকী” বোলা সুৰটি শুনিলেই প্ৰাণত আমাৰ কেনে আনন্দ লাগে! [ ৩৬ ] চৰাইটিৰ নাম নাই, আমি দি লৈছোঁ; সুৰটিত কথা নাই, আমি খুৱাই লৈছোঁ; ক’ত থাকে আমি নেজানো। সেই বুলি চৰাইটি আমাৰ মানত কেনে সুন্দৰ, কেনে মধুৰ! কল্পনাই এইদৰেই সুন্দৰ কৰে কাৰণেই আমি বাস্তবকো কল্পনাত লৈ চাবলৈ কত কথাত কত মন মেলোঁ। স্বৰ্গৰ বৰ্ণনা পঢ়াতকৈ স্বৰ্গৰ কল্পনা কৰিহে দেখোন ভাল লাগে।

 মনে কাঁইটৰ মাজৰ পৰা কেতেকী ফুল তুলি আনি মোৰ বুলি জাহিৰ কৰি বৰ ভাল পায়। নতুন বস্তু এটি পালেই সি এই প্ৰবৃত্তিৰে চিনাকি লবলৈ যায়। যেতিয়াই সেই বস্তুটিয়ে তাৰ প্ৰবৃত্তিত বাধা দিয়ে বা তাৰ বাটলৈ নাহে তেতিয়াই সেই বস্তুটিৰ মোহ আঁতৰি পৰে। মনৰ হাউচ খেৰৰ জুইৰ দৰে,⸺ভম্‌কৰে জলেও, সুত্‌ কৰে চেঁচেৰাও পৰে। ‘মোৰ বুলিবলৈ’ চল নেথাকিলে সি আমাৰ বুলিবলৈকো চায়। এই ‘মোৰ’ ‘আমাৰ’ বোলা জুতিৰে সোৱাদ কৰি আমাৰ প্ৰাণত “মই বৰ” যিটি অহং আছে ৰাতি দিন মনে তাৰ যোগান ধৰিয়েই দিন কটায়। তাৰ অহং বোলাটিক কোনো ৰকমে তৃপ্তি দিয়াৰ আশা নেদেখিলে মনৰ ‘হাউচ’ নুমাই যায়। তেতিয়াই সি বস্তু একোটি উলাই কৰি উৰুৱাই দিয়ে। তাৰ এইটি স্বভাৱ বৰ সৰ্বনশীয়া। মনৰ এই স্বভাৱেই আমাক আজি কত “ফটা কঁথাৰ সোণৰ” পৰা বঞ্চিত কৰিছে। তাৰ যেতিয়া এনে স্বভাৱো আছে, দুৱাৰ- দলিৰ সন্ধান নিদি একেবাৰেই তাক ভিতৰলৈ লৈ যোৱাই [ ৩৭ ] ভাল। ভিতৰত যদি সি প্ৰেমৰ পৰশ নেপায় সত্যৰ জিলিকনি নেদেখে, তেনে নামৰ যি চিনাকি তাক বাহিৰে ভিতৰে তাচ্ছীল্য কৰক,⸺তাত যুক্তি আছে। কিন্তু ভিতৰ খনি নোচোৱাকৈ নামৰ চিনাকি লৈয়েই যদি সি দুৱাৰদলিৰ পৰা পুলুকা মাৰে, তেনে তাৰ মান দুৰ্ভগীয়া কোন? মনৰ সমূলি সঁজাত নাই। আজি তাক নাম-ধামৰ চিনাকি পালেও চিনাকি নিদিওঁ। একেবাৰেই ভিতৰলৈ লৈ যাম।

 মহৰ্ষি বাল্মীকিৰ তপোবনৰ নেপথ্যত সুৱদি সুৰত শিশুৰ স্থললিত কণ্ঠ ধ্বনিৰ জাতি লয়েৰে আদি কাব্য ৰামায়ণৰ ঝঙ্কাৰ উঠিছে। অমৰাপুৰীৰ অমিয়া সুৰৰ লালিত্যেৰে যেন জৰি জৰি পৰিছে। গধূলিৰ অতিথি শত্ৰুঘ্ন সেই সুৰ শুনি পুলকত ৰোমাঞ্চিত। মনত ‘মোৰ’ কৰিবলৈ যোৱাৰ হাউচ,⸺শাস্তিৰে শুনিবলৈ নিদিয়ে। কাৰ এই কণ্ঠস্বৰ? সীতা দেবীৰ সন্তানৰ? মোৰ, মোৰ আপোন ভতিজাৰ এই সুৰ?⸺তেতিয়াও শত্ৰুঘ্নই লৱকুশক দেখা নাছিল। কোনে গায় বুলি ঋষিৰ চৰণত ধৰি যেন মনে সুধিব! মনৰ ইমান অমুৰি, সি গোট হিয়া খনি আকুল কৰি তুলিলে। শত্ৰুঘ্ন বীৰ। বীৰৰ হিয়াৰ কৰ্ত্তব্যৰ ভাব জাগি উঠিল। আশ্ৰমৰ বিভূতিৰ বিষয়ে ঋষিক প্ৰশ্ন?⸺ঋষিয়ে নিজ মনে নিজে নকয় মানে সেই প্ৰশ্ন উঠিব নোৱাৰে; সি শিষ্টাচাৰ বিৰুদ্ধ। মন জাগি শাসনত জঁই পৰি গল। ময়ো আজি মোৰ [ ৩৮ ] মনক জঁই পেলোৱাম। সেয়ে মোৰ শক্তিৰে নহয়, মোৰ কৰ্ত্তব্যজ্ঞানেৰে নহয়, বীৰ শত্ৰুঘ্নৰ নামৰ মন্ত্ৰেৰে।

 অতিথি! জাহ্নবীৰ দৰে তোমাৰ অৰূপৰ ৰূপ মাধুৰীত অকল সৌন্দৰ্য্যই নহয়, লালিত্যই নহয়, চিৰপবিত্ৰতাৰ পোহৰ এটি জিলিকি পৰিছে। তুমি কোনোবা তপোবনৰ তাপসী, কোনোবা “আশ্ৰমৰ সন্ন্যাসিনী। তোমাৰ নাম-ধাম সুধিব নেপায়⸺নোসোধোঁ।⸺নহয়, নহয়, তোমাক তাপসী বুলিলোঁ, সন্ন্যাসিনী বুলিলোঁ⸺তুমি যেন মোৰ পৰা আঁতৰ, আঁতৰ; আঁতৰি নেযাবা, মোৰ প্ৰাণৰ অতিথি, ৰ’বা ৰ’বা। তুমি আঁতৰ নোহোৱা, তুমি মোৰ অতি প্ৰিয়,⸺আপোনাৰো আপোন⸺অতি আপোন! শুনা শুনা, অতিথি! তুমি, তুমি মোৰ⸺মা! তোমাৰ যৌবনৰ মাধুৰ্য্যত মোৰ জনম, তোমাৰে মোৰে পোন পৰিচয়, তুমি আদিত কি আছিলা, তোমাৰ নাম-ধাম কি⸺জানিবৰ মোৰ প্ৰয়োজন নাই। তোমাক মই পাইছোঁ⸺কেৱলে পাইছোঁ,⸺নিতে নিতে, নিমিষে নিমিষে,⸺সেই পোৱাৰ অন্ত নাই! তোমাৰ প্ৰাণ ভৰা চুমাৰ পৰশত মোৰ মুখৰ হাঁহিটি ফুটাই তুলিলা। তোমাৰ সুকোমল হাতৰ শীতল বুলনিত চকুৰ পানী মোৰ মচি পেলালা। মোৰ তুমি নকৰিছা কি? তুমি তোমাৰ অকণমানি শৰীৰটিত বিশ্ব জননীৰ অপাৰ প্ৰেম লুকাই থৈ তাৰেই মোক আবৰি ৰাখিছা। তোমাৰ মউ বৰষা মুখৰ হাঁহিটিত সেই প্ৰেম কিমান লুকাবা? নোৱাৰিবা নোৱাৰিবা। [ ৩৯ ] আজি ধৰা পৰিছা। আহাঁ; মা! বিশ্বপ্ৰেমৰ সাকাৰ মূৰতিৰ সেই চিকোণ হাঁহিটিৰে মোৰ প্ৰাণৰ মাজত জিলিকি পৰাঁহি। সংসাৰৰ তাপেৰে তাপিত হৈ উশাহ নেপাই ছট্‌ ফট্ কৰি কৰি তোমাৰ দুৱাৰদলিত পৰি দিবলৈ লৰি গ’লে, তুমি তোমাৰ হাতখনি মোৰ মুৰটিত বুলাই দিবা। তোমাৰ স্নিগ্ধ প্ৰেমৰ পবিত্ৰ পৰশত মোৰ সকলো তাপ যেন পানী হৈ যায়।⸺তেনে বাজাঁ, বাজাঁ,⸺আজি বাজি উঠাঁ,⸺কালিন্দী কূলৰ কলীয়া কানাইৰ মোহন মুৰুলীৰ সুৰে সুৰে বাজি উঠাঁ :⸺

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে—কানাই, নিয়াঁ পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

[ ৪০ ]

তৃতীয় পৰ্ণ

 আজি এই সুন্দৰ প্ৰভাতৰ সুৱলা কাকলিৰ সুৰে সুৰে, লৱনু লতিকাৰ লাচে লাচে, সোণালী জেউতিৰে জিলিকি জিলিকি আহিছ৷ তুমি— মাতৃ! আহাঁ, তোমাৰ ললিত ভৈৰবীৰ সুৰ লহৰিৰে আকৌ এবাৰ মোৰ কুঞ্জ-কুটীৰ তিৰ- বিৰ কৰি তোলাঁ৷ তোমাৰ প্ৰাণৰ বাতৰি প্ৰাণলৈ আনিছা,- কোৱঁ।, কি কব খুজিছা। তোমাৰ মাজতে তুমি লুকাই আছ৷ যেতিয়া, হোৱাঁ—এবাৰ তিনিও লোকৰ সুষম।-সুন্দৰেৰে প্ৰকাশ হোৱাঁ৷ তোমাৰ ৰূপটি, তোমাৰ সুৰটি যেতিয৷ ইমান সুন্দৰ, তোমাৰ বাতৰিটি চাগৈ সখী চিত্ৰলেখা তকৈও কিমান সুন্দৰ! কৈ যোৱাঁ, মই প্ৰাণ ভৰি শুনি থাকোঁ৷ কথ৷ একেষাৰি কোৱাঁ৷ নিমাতে আছ৷ কিয়?

 বুজিছো, তোমাৰ অন্তৰ পৰিপূৰ্ণ। পূৰ্ণকুম্ভৰ দৰে তুমি নেবাজা। তোমাৰ কথাৰ অলঙ্কাৰে৷ নাই, জন্‌জননিও নাই, যুক্তি তৰ্কৰ বাচ্যাবাচ্যি নাই, কোলাহলে৷ নাই; তুমি ঋষিৰ সুভাষিতৰ দৰে সহজ –সৰল—সুন্দৰ! প্ৰাণত আনন্দৰ অনুভূতি নেজাগে মানে মুখত বাক্যৰ বিলাস, কাকৃতিৰ কাৰুণা ফুটি ফুটি পৰে। অনুভূতি জাগিলেই সেই বিলাস সেই কাৰুণ্য পুৱাৰ তৰাৰ দৰে উষাৰ আলোকত মিলি যায। ভক্তই নাম লয়,— “ৰাম পাৰ কৰাঁ ৰঘুনাথ সংসাৰ সাগৰে”। নাম লওঁতে লওঁতে নামৰ ৰতিৰ মাজে আনন্দৰ অনুভূতিৰে [ ৪১ ] যেতিয়াই হিয়া ভৰি পৰে, তেতিয়া ভক্তৰ মুখত ফুটিবলৈ ধৰে—“ৰাম—ৰাম”, কেৱলে ‘ৰাম’——আৰু যে কথা নেথাকে। তুমি তোমাৰ আনন্দ অনুভূতিতেই ৰাতি দিন মজি আছা। তুমি আনন্দেৰে ভৰপূৰ,— তুমি নিমাত! নিমাতী কন্যাৰ দৰে তেনে তুমি নিমাতেই থাকাঁ। মই তোমাৰ অকণমানি লৰাটিৰ দৰে ছন্দ নথকা কথাৰ লানিৰে তোমাৰ মুখলৈ চাই সুধি যাম, সুধি যাম; তুমি মাথোন তাঁত বৈ থকা মাকৰ নিচিনাকৈ মাজে মাজে চিকোণ হাঁহিটিৰে হাঁ–না একেষাৰি কৈ যাবা।

 মাক কোমলতাৰ প্ৰতিমূৰ্ত্তি যদিও, সন্তানে জানোচা নকব লগীয়া কয়, নকৰিব লগীয়া কৰে, এই আশঙ্কাত কঠোৰ শাসনৰ কঠিন মূৰ্ত্তিৰ ভাও দিয়াৰ প্ৰয়োজন হৈ পৰে। এই অভিনয়েই যদি অনবৰত চলি থাকিব লগীয়া হয়, তেনে ঘৰ খনি এক নীৰস আতঙ্কই নিৰানন্দ কৰি তুলিব। জননীৰ প্ৰেমে কিমান পৰ এই ভাও ধৰি থাকিব পাৰে? মাজে মাজে কঠোৰতাৰ মুখা সুলকি পৰে, প্ৰেমময়ী মাতৃয়ে আচল ৰূপটি লৈ সন্তানৰ হাতত ধৰা দিবলৈ নামি আহে। ল’ৰাই ধূলি বালিৰে ভাত আঞ্জা ৰান্ধি এক প্ৰকাণ্ড ভোজ পাতি মাকক মাতিছে। মাকে হাঁহি হাঁহি ভোজৰ পাতত বহি লৰাটিক কব লাগিছে—‘তোৰ কচুপাতৰ আঞ্জাখনিত বাবৰি ফুলৰ যি হালধি দিছিলি, অলপমান বেচি হল যেন দেখি,—তেও বুলি খাবলৈ ইমান ভাল লাগিছে, পাই’;— [ ৪২ ] এই যে লৰাৰ মুখলৈ প্ৰেমেৰে চোৱা মাকৰ হাঁহি, মাকৰ মুখলৈ চোৱ৷ লৰাৰ হাঁহি,⸺এই হাঁহিতেই স্বৰ্গৰ পাৰিজাত ফুলি পৰে, ঘৰ গোটেই খনি আনন্দময় হয়।

 আহঁ৷, মাতৃ! তুমি প্ৰেম লৈ যেতিয়া নামি আহিছা তোমাৰে আজি ময়ো উমলিম।⸺ধুলি, ধূলিৰেই উমলিম। তুমি তোমাৰ শব্দ একোটিৰ অৰ্থ ধূলিৰে ঢাকি থোৱাঁ। মই ভাগ একোটি চাব্‌ মাৰি ধৰি ধৰি লিৰিকি লিৰিকি বিচাৰি যাম। যদি অৰ্থৰ অক'মানি কাঠী ডালি ওলাই পৰে তেনে সন্তানৰ সফলতা দেখি তৃপ্তিৰ হাঁহি এটি মাৰি মোৰ মুখ খনি জিলিকাই দিবা; যদি নোলায়, তেতিয়াও লাজ দিয়া হাঁহিৰে উদগনি দি অইন ভাগত বিচাৰি চাবলৈ চিয়াৰেৰে কৈ যাবা। আহাঁ মা, জয়ে জয়ে আজি তোমাৰ “মথুৰাৰ হাট” বোলা কাঠী ডালিৰে আৰম্ভণ কৰোঁ। এই ধৰিলোঁ মই ইতিহাসৰ ভাগ। ৰামায়ণ, মহাভাৰত, পুৰাণ 'আৰু ইতিহাসে কি কয় শুনা :⸺

 আদি কাব্য ৰামায়ণৰ দিনৰ পৰাই তোমাৰ ‘মথুৰা’ৰ নাম নানান সাল সলনিৰ মাজেদি চলি আহিছে। ৰামায়ণৰ আগৈয়ে বোলে তাৰ অগাধ অৰণ্যত হিংস্ৰ জন্তুৰে অনাৰ্য্য- সকল বাস কৰিছিল। এই অনাৰ্য্যসকলৰ মাজৰ মধু নামে দৈত্য এজনে বিপন্নক ৰক্ষা কৰি সনাতন ধৰ্ম্মৰ সহায়তা কৰাত মহাদেৱে শলাগ লৈ মহাবীৰ্য্যৰ শূল এডাল. তেওঁৰ হাতত দি কলে,⸺“বংশ পৰম্পৰা ক্ৰমে এই শূলেৰে বীৰ্য্যবান [ ৪৩ ] হোৱাঁ। যেতিয়াই দেৱতাৰ বিৰুদ্ধাচৰণ কৰিবা তেতিয়াই এই শূল অন্তৰ্দ্ধান, হব আৰু তোমাৰ অবিনাশী বংশৰো বিনাশ ঘটিব।” ত্ৰিভুবনৰ মঙ্গললৈ প্ৰয়োগ নকৰি নিজৰ ভোগ আৰু স্বেচ্ছাচাৰিতা চৰিতাৰ্থ কৰিবৰ নিমিত্তে মধুদৈত্যৰ পুত্ৰ লৱনে এই দেৱদত্ত শূল নিৰঙ্কুশ ভাবে ব্যৱহাৰ কৰিবলৈ ধৰিলে। ঋষিমণ্ডলীৰ ভয় ওপজাত তপস্যাৰ বিঘিনি ঘটিল। ত্ৰিভুবনৰ আতঙ্ক উঠিল। ক্ষত্ৰিয় শক্তিৰ প্ৰতিমূৰ্ত্তি মান্ধাতাক ভস্মসাৎ কৰি এক ভোগৰ হাট পাতি লৱনে মধুদৈত্যৰ ‘মধুপুৰ’ ‘মধুবন’ত পৰিণত কৰিলে। বৰ্ণাশ্ৰম ধৰ্ম্মৰ পালন কৰোঁতা ৰজা ৰামচন্দ্ৰৰ কাণত এই বাৰ্ত্তা পৰা মাত্ৰকে নিজৰ কণিষ্ঠ ভ্ৰাতা শত্ৰুঘ্নক অভিষিক্ত কৰাই লৱন দৈত্যক সমূলে বিনাশ কৰি সেই ৰাজ্যত ৰজা হবলৈ পঠালে। বীৰ শত্ৰুঘ্নই পুৰীৰ বাহিৰতে লৱনক আগচি ধৰি শূল আনিবলৈ নৌ পাওঁতেই মধুকৈটভক মৰা দিব্য বাণেৰে লৱনৰ অবধ্য বক্ষ বিদীৰ্ণ কৰিলে। যোগী ঋষিসকলৰ প্ৰশংসা আৰু জয়ধ্বনিৰ লগে লগে দেৱতাৰ পুষ্পবৃষ্টিত আকৌ মুৰ তুলি আহিল কালিন্দীকূলৰ ‘অৰ্দ্ধচন্দ্ৰাকৃতি মধুপুৰ’। ধনে জনে, ঐশ্বৰ্য সম্পদে, এই মধুপুৰ সঁচাসঁচিকৈ মধুপুৰী হৈ পৰিল। শিৱৰ শূলৰ বীৰ্যেৰে স্থাপিত এই মধুপুৰীয়ে শৈৱমন্ত্ৰৰ উদাত্ত সুৰেৰে আকাশ প্ৰতিধ্বনিত কৰি তুলিলে। লগে লগে সূৰ্য্যবংশীয় ৰজাৰ প্ৰভাৱত সূৰ্য্য দেৱতাৰ মন্ত্ৰও ঝঙ্কাৰি উঠিল। [ ৪৪ ]

 কিছুকাল যোৱাৰ পাচত যযাতিৰ পুত্ৰ যদুৰ আজো নাতিনিয়েকে মধুপুৰৰ পৰা সূৰ্য্যবংশীয় ৰজাক নিজ ভুজ- বলেৰে ঘটুৱাই উলিয়াই দি তাত চন্দ্ৰবংশৰ প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰে পৰা এই যদুবংশৰে শূৰসেন ৰজাৰ নামে নামে মধুপুৰীৰ নাম হল ‘শূৰসেনী’ বা ‘শূৰসেনক’। শূৰসেনীয়েই কালক্ৰমে, পুৰণি মধুপুৰীৰ নামৰ মোহেৰে নতুনকৈ “মধুৰা” হৈ লাহে লাহে মানুহৰ মুখত পমি ‘মথুৰা’ নামেৰে যমুনাৰ তীৰত এখনি বিতোপন ৰাজধানী হৈ পৰিল।

 কাললৈ যদুবংশৰে ভোজ ফৈদৰ কংস ৰজাই পিতাক উগ্ৰসেনক বন্দী কৰি থৈ নিজে ভোগৰ ৰাজদণ্ড লৈ পৃথিবী- খনি ভাৰাক্ৰান্ত কৰি অনেকো উৎপাত কৰিবলৈ ললে। ভালেখিনি যাদৱবীৰে লৰা ছোৱালী চপাই কোঁচাই পৰ্ব্বতে পাষণ্ডে ভয়ত ফাট মাৰিলে। এই কংসৰে কাৰাগাৰত এদিনা নিৰীহৰ উৎপীড়নত, নিদাৰুণ নিহলৰ ঘোৰ ঘৰিষণত, যি নিমাতী যাতনাই আটাহ পাৰিছিল, সেই কোলাহল শান্ত কৰি বিজুলী ঢেৰেকণিৰ গাজনিত বিজয় শঙ্খ বাজি উঠিল; অশ্ৰুৰ মলিনতা ধুই নিবলৈ, জগত জুৰি প্ৰেমৰ বান বোৱাই দিবলৈ, ব্যথিতৰ মুখত হাঁহি ফুটাই ধৰিত্ৰীক ধন্য কৰিবলৈ দৈৱকী দেৱীৰ উদৰত প্ৰেমময় কৃষ্ণৰ জনম হল। কৃষ্ণক প্ৰথমে বুকুত লবলৈ কি ভাগ্য সাধিছিল কব নোৱাৰোঁ,— সেই দিন ধৰি কৃষ্ণৰ জন্মভূমি মথুৰা পৃথিবীৰ শিৰৰ সেন্দুৰ জিলিকা দি জিলিকিবলৈ ধৰিলে। কংসৰ কাৰাগাৰ আজি [ ৪৫ ] বিষ্ণুৰ বুকুত ভৃগুমুনিৰ পদ চিহ্ন জলাদি মধুৰ মথুৰাপুৰীৰ বক্ষ দেশত পুণাৰ প্ৰভাৰে জলি পৰিছে। দুৰ্দ্দান্তৰ শেষ ভাৰসা দুৰ্জ্জয় মাল বিলাকেৰে দুৰ্দ্ধৰ্ষ কংসৰাজক য’ত কৃষ্ণ বলৰামে হেলাৰাঙ্গে হত্যা কৰি পৃথিবীৰ ভাৰ পাতলালে সেই কংসটিলাই আজিও যথেচ্ছাচাৰিতাৰ নিৰ্য্যাতনৰ নিদৰ্শন দিবই লাগিছে। তাৰ পাচত শ্ৰীকৃষ্ণই ধৰ্ম্মৰাজ্য সংস্থাপন কৰাৰ লগে লগে মথুৰাপুৰী পুৰুৰ ডালে দি অহা চন্দ্ৰবংশৰ ৰজাসকলৰ হাতত পৰি নিৰ্ব্বিবাদে চলি চলি বহু কালৰ পাচত জৈন আৰু বৌদ্ধ মতাবলম্বী ৰজাসকলৰ শাসনলৈ আহে।

 জৈন সকলে সেই কালৰ মথুৰাত ভালেখিনি মন্দিৰ নিৰ্ম্মাণ কৰি নগৰখনিৰ শোভা বঢ়াইছিল। এতিয়াও তাৰ সন্ধান পৃথিবীয়ে বুকু উদঙ্গাই দিবই লাগিছে।

 সেই কালতে ভাৰতৰ আকাশত বেলিৰ দৰে প্ৰচণ্ড তেজেৰে উঠি অহা বৌদ্ধমতাৱলম্বী ৰজা সকলে নিজ কিৰণেৰে প্ৰায় সমগ্ৰ দেশ উদ্ভাসিত কৰিলে। ছেগে ছেগে উপগুপ্ত আৰু অশোকৰ মঠ আৰু স্তৰূপেৰে মথুৰা ভৰি পৰিল। আজিও মথুৰাত বৌদ্ধ কীৰ্ত্তিৰ কঙ্কাল পৰি পৰি আছে। সুদূৰ দেশৰ গ্ৰীকসকলে এই বৌদ্ধ যুগতে ভাৰতলৈ অভিযান চলাই অহিছিল। সিবিলাকৰ জিভাত পৰি মথুৰা ‘মেডৌৰা’ হ’ল। কোনো কোনো কথাত সিবিলাকৰ নাম কৰণ ৰক্ষা কৰা হৈছে যদিও, মথুৰাৰ বেলিকা সেয়ে হৈ নুঠিল। শ্ৰীকৃষ্ণৰ স্মৃতিয়ে এই নাম অলৰ কৰি গ’ল। বৌদ্ধধৰ্ম্মৰ [ ৪৬ ] বেলিটি মাৰ যোৱাৰ লগে লগে ভাৰতৰ সনাতন ধৰ্ম্মৰ শঙ্খ ঘণ্টাৰ আৰতিয়ে আকৌ মথুৰা জিনি পেলালে। এইবাৰ আগৰ দৰে শৈব বা সৌৰ মন্ত্ৰেৰে নহয়,⸺ৰাধা কৃষ্ণৰ প্ৰেম কীৰ্ত্তনেৰে⸺কিছুকাল থমকি নিজানে ৰজা ৰাধা কৃষ্ণৰ প্ৰেমৰ মুৰুলী মন্দিৰে মন্দিৰে ৰূ ৰুৱাই বাজিবলৈ ধৰিলে।

 এইদৰে প্ৰায় এহেজাৰ বছৰৰো ওপৰ কাল কাটি গলত, আঠ শ বছৰ জোৰা মছলমান সকলৰ দিন আহি পৰিল। এই কালত মথুৰাৰ ভালেমান প্ৰাচীন কীৰ্ত্তি অনাদৰত আৰু আক্ৰোহত ভাগি চূৰমাৰ হ’ল। ভিন ভিন ৰজাই নিজৰকৈ নিজক সজাবলৈ বুলি মথুৰাৰ অতুল ঐশ্বৰ্য্য ভাঙ্গি গঢ়ি নতুন কৰিলে। তাৰ পাচত আজি প্ৰায় দেড় শ বছৰৰ আগতে মথুৰা বৃটিচ শাসনলৈ আহে। যমুনা তীৰৰ নীলা নীলা কেলি কদম্বৰ ঠায়ে ঠায়ে, তাল তমালৰ জোপে জোপে বগা ধক্ ধক্‌ধকীয়া পকীঘৰে মুৰ তুলি গোটেইখন জুৰি ল’লেহি। বাণিজ্য আৰু বিভূতিৰ প্ৰতিযোগিতাত ইটিতকৈ সিটি পকীঘৰে আকাশ ভেদি জক্‌মকাবলৈ ধৰিছে। শেঠ সকলৰ বদান্যতাত ফুলি উঠ৷ ‘যমুনা বাগৰো’ ফুলাম ঘৰটি চালে চকুৰোৱা হৈ গ’ল। বৰ্ত্তমান যুগৰ ধৰণে কৰা ‘হাৰ্ডিং গে’ট’খনিৰ ওপৰৰ ঘটিক। যন্ত্ৰটিয়ে যন্ত্ৰযুগৰ জয় ঘোষণা কৰিছে। ইমান জয়-জয় ময়-ময়, ইমান জাক জমক্‌! অথচ একালত অশেষ ঐশ্বৰ্য্যেৰে প্ৰকাণ্ড মন্দিৰৰ মাজত [ ৪৭ ] জিলিকি থক৷ মথুৰাৰ দেৱতা কেশৱ দেৱ আজি সেই মন্দিৰৰে শ্মশান-শাল যেন এটি জীৰ্ণ শীৰ্ণ ঘৰৰ মাজত সোমাই দিন গণিছে। এইখনিয়েই আজিৰ যমুনা তীৰৰ মথুৰা।

 শ্ৰীকৃষ্ণৰ জনমৰ ঘটনাটি লৈয়েই ভাৰতত মথুৰাৰ নাম মুখে মুখে। ইয়াৰ এনে এটি টিলা, এনে এটি যমুনাৰ বিতোপন ঘাট নাই য’ত শ্ৰীকৃষ্ণৰ মধুৰ স্মৃতি নাই। ভক্তৰ পাণৰ স্পৰ্শ পালে এই স্মৃতি মূৰ্ত্তিমান হৈ উঠে। যি স্থানে অকল তাৰ সৌন্দৰ্য্যেৰে নহয়, মাধুৰ্য্যেৰে নহয়, অতীতৰ সংসৰ্গজ চিন্তাৰ স্মৃতিৰে ভগবানৰ চিন্তা জাগ্ৰত কৰি তোলে তাতকৈ আৰু অতি পুণ্যৰ পবিত্ৰস্থান কি হব পাৰে? স্থানৰ যে মাহাত্ম্য নাই তাক স্বীকাৰ কৰিব নোৱাৰি। সাগৰৰ তীৰত বা হিমালয়ৰ মহিমাময় দৃশ্য দেখি মনত সহজে যি ভাবৰ উদয় হয় জঘন্য স্থানৰ সংকীৰ্ণতাত সেই ভাব নহে। মথুৰা এনেয়ে মনোময়।⸺হাত যেন সুঁতিৰে ডিঙ্গিটি সাবটি ধৰি অনিমেষ নয়নেৰে আজি কত কাল প্ৰেমময়ী যমুনাই মথুৰাৰ মুখখনি চাবই লাগিছে, তেও যে হেঁপাহ নপলায়; যেনিয়ে চোৱা যায় তেনিয়ে সুন্দৰ; তাতে বনে বনে তীৰ্থে তীৰ্থে কৃষ্ণ লীলাৰ সুমধুৰ স্মৃতি! সেইহে তীৰ্থৰ মাহাত্ম্য প্ৰসঙ্গত মথুৰাৰ প্ৰশংসাৰে কেবাখনিও পুৰাণৰ মুখ ভৰি পৰিছে। তন্ত্ৰই কৈছে⸺কেশৱৰ সুদৰ্শন চক্ৰই ধাৰণ কৰি থকা মধুৰ মথুৰাপুৰী সাতখন মোক্ষদায়িকা পুৰীৰ এখনি⸺“অযোধ্যা মথুৰা মায়া কাশী কাঞ্চি অবন্তিকা। [ ৪৮ ] পুৰী দ্বাৰবৰ্তী চৈব সপ্তৈতা মোক্ষদায়িকাঃ॥” বৰাহ পুৰাণত পৃথিবীয়ে বৰাহক প্ৰশ্ন কৰিছে,—পুস্কৰ, নৈমিষ আৰু বাৰানসীতকৈও মথুৰাক ইমান প্ৰশংসা কৰে কিয়? তাৰ উত্তৰত বৰাহে কলে,—মথুৰা ৰম্যা, মথুৰা প্ৰশস্তা, মথুৰা মোৰ জন্মভূমি, মথুৰাতকৈ প্ৰিয়তম ক্ষেত্ৰ আৰু মোৰ নাই,— মাথুৰং মম মণ্ডলং”। প্ৰয়াগ, পুস্কৰ, বাৰাণসী আদি তীৰ্থত পুণ্যফললৈ ঠায়ে ঠায়ে মাহেক বা বছেৰেক ৰব লাগে। মথুৰাৰ পুণ্যফল ক্ষণে ক্ষণে দিনে দিনে ধাৰ নিছিগা নিজৰাৰ দৰে জৰি পৰিছে। ব্ৰজ মণ্ডলৰ চৌৰাশী যোজনৰ অন্তৰ্গত ঠাইত মথুৰাৰ মনোৰম গুহ্যতীৰ্থ কেবাখনিও আছে। এই তীৰ্থবিলাকত স্নান দান কৰি মানৱ মাত্ৰেই সদগতি লাভ কৰিব পাৰে।”—এনে সুন্দৰ, এনে পবিত্ৰ এই মথুৰাপুৰী!

 মথুৰাৰ পৰা প্ৰায় আধা বেলাৰ বাটত যমুনাৰ ইপাৰে এখন ইমুৰ সিমুৰ নেদেখা প্ৰকাণ্ড গো-চাৰ। তাতে গোপসকলৰ বসতি। কৃষ্ণৰ বাল্যকালত মথুৰাত যিখনি হাট বহাৰ কথা শুনা যায়, তালৈ সেই গো-চাৰৰ গোপিনীসকলে দধি, দুগ্ধ, ক্ষীৰ, লৱণু আদি গাখীৰৰ বিবিধ বিকাৰ শিৰত লৈ লৈ যমুনা নাৱেৰে পাৰ হৈ বেচা কিনা কৰিবলৈ আহিছিল। কানায়ে চাগৈ কত দিন শিশু সুলভ চাঞ্চল্যেৰে গোপিনী সকলক নাৱেৰে যমুনা পাৰ কৰি দিছিল। এই যমুনা পাৰৰ কাহিনী লৈয়েই কত ৰঙ্গ ৰহস্যৰ কবিতাই বৈষ্ণৱ সাহিত্য ম-মৱাব লাগিছে;— পঢ়ি পঢ়ি মন প্ৰাণ শীতল লাগি মুকলি [ ৪৯ ] হৈ যায়! কালিন্দীৰ নীল জলত নীল আকাশৰ জেউতি জলিছে, নীলা তাল তমালৰ নীলা নীলা ছাঁ পৰি কালিন্দীৰ শেল দুটি ঘন নীলেৰে বোলাই তুলিছে; নীল বৰণীয়া নাৱৰ ওপৰত নীলমণিৰ সুনীল ছবিটিয়ে অসীম নীলিমাৰ লহৰি খেলিছে, সেই নীলিমাৰ বুকুত সোণ জিলিকাদি চিকিমিকি জিলিকিছে গোপিনী-মুখৰ কেতেকী-বুলীয়া ল’নি; নীল মেঘৰ কোলাত বিজুলী বুলি ময়ুৰ ময়ুৰী উৰুলীকৃত, তমালৰ ডালে ডালে চালি ধৰি নাচিব লাগিছে!⸺এনে মনোময় ছবি এখনিৰ কল্পনা কৰিও কি সুখ! অকল সুখেই নহয়, লগে লগে নীলমণিৰ ময়ুৰ পাখিৰ ঈষৎ হিল্লোলৰ তালে তালে আমাৰ মন ময়ুৰো নাচি কৃতাৰ্থ হব খোজে! কি মধুৰ এই কল্পনা!⸺কোৱাঁ মাতৃ, তুমি এই যমুনা তীৰৰ স্মৃতিৰে পৰিপূৰ্ণ এটি জীৱন্ত কবিতা নোহোৱা নে? ৰাধাই মথুৰা হাটলৈ যাবলৈ আহি পাৰ কৰি নিবলৈ কানাইক এইদৰে প্ৰাণেৰে মতা নাই নে? হয়, হয়, এইয়েই।

 জগত থিৰ! কেনিবাদি আওপকীয়া বা অকণি পাই গছৰ কুহুমবুলীয়া পাত এখিলি পাতৰ সুৰুঙাই আকাশৰ কোলাত লৰি উঠাদি হাঁহি এটিৰে মুখখনি তোমাৰ লৰি উঠিল,⸺‘নাই নাই’!⸺বুজিছোঁ, বুজিছোঁ,⸺মুখখনি লৰাই নাই নাই বুলিছাঁ,⸺ফুটি পৰিছে তাত⸺আৰু আছে, আৰু আৰু আছে! এই ইতিহাসৰ ওপৰৰ পৰিচয়ত নামটি তোমাৰ [ ৫০ ] আছে সঁচা, আচলতে তুমি তাতেই নাই। তুমি আছা⸺ তাতোকৈ থাউনি নোপোৱ৷ দ’ত।

 তেনে তুমি এই ইতিহাসৰ ঘটনাৱলীৰ অন্তৰ্নিহিত এটি সুক্ষ্ম জগতৰ নীতিৰ ধাৰা, যুগে যুগে স্থূলদেহত ঘটি ঘটি জিলিকি পৰিছা,⸺এক ৰহস্যময় চিৰসত। জাতিয়ে জাতিয়ে, কুলে কুলে, সমাজে সমাজে সকলে। কালতে নিতৌ নতুনকৈ প্ৰকাশ পোৱাদি প্ৰকাশ পাইছা। ৰামায়ণৰ দিনত পোৱা যায়⸺যি উচ্চ আদৰ্শেৰে মধুদৈত্যই দৈত্যকুল তুলি আনি দেৱতাৰ শক্তিৰে মুখ পোহৰাইছিল, পিতাকৰ এনে উচ্চ আদৰ্শক হিয়াৰ পৰা নিৰ্ব্বাসন দি তেওঁৰ পুতেকে মুখত মধু অন্তৰত বিষেৰে ভীষণ ভোগৰ ধাৰা বলাই আনিলে। তাৰ ফলত অকল লৱনেই নহয় গোটেই দৈত্যকুল উচ্ছন্ন হৈ গ’ল, কাৰো নিস্তাৰ নহল! বিশ্বৰ মঙ্গললৈ যেতিয়াই মানুহৰ চেষ্টা জাগি উঠে, তেতিয়াই দেৱতাৰ আশীৰ্ব্বাদ তাৰ শিৰলৈ বৈ আহে। যেতিয়াই ভোগেৰে সি অহমিকাক ভোগাবলৈ ধৰে তেতিয়াই সি নিজৰ বন্ধন নিজে আটি আওমৰণেৰে মৰি যায়। ত্যাগৰ মন্দিৰত ভোগৰ দৈত্য সুমুৱালে সি মন্দিৰ যি ছাৰ্-খাৰ কৰেই নে চাৰিওকাষৰ হাড় মুৰৰ দ’মেৰে ভৰাই পেলায়। মহাভাৰতৰ দিনতে কংসই আৰু এখোজ বেচিকৈ গৈ অলপ নতুনত্ব কৰি পিতাকক কাৰাগাৰত থৈ ভোগৰ দুৱাৰ খুলি দিলে; ফলত তাৰ সবংশে নিধন হ’ল। শেহৰ ছোৱ৷ ইতিহাসতো মছলমান [ ৫১ ] সকলৰ এগৰাকী সম্ৰাটে কংসৰ দৰে পিতাকৰ প্ৰতি আচৰণ কৰি নিজৰ কুলটিৰ সৰ্ব্বনাশ কৰিলে; এনেদৰে ফুলে জালে উঠি অহা কুল এটিৰ নাম নাইকিয়া হ’ল! কালে কালে ঘট৷ ঘটনাৱলীৰ ছেগে ছেগে মথুৰাত এনে এটি নীতিৰ ধাৰা চকুত লাগি যোৱাকৈ নতুন ধৰণেৰে অভিনীত হবই লাগিছে। ইতিহাসৰ নীতিৰ ধাৰাৰ গৰিলা লৈয়েই শাস্ত্ৰৰ শাসন বিধান। শাস্ত্ৰই স্তুপাকাৰ ইতিহাসৰ পৰা নীতিৰ তাৎপৰ্য্য টানি আনি ওৰে জীৱনত ইতিহাস পঢ়ি শেষ কৰি কামত লগাব নোৱাৰা দুদিনীয়৷ জীৱক বিপথলৈ যাবলৈ নিদি পথে পথে আগবঢ়াবৰ অভিপ্ৰায়ে একো একোটি বিধান কৰি থৈছে। তুমি কিবা এনে অন্তৰ্নিহিত নীতিৰ কথা কব খুজিছা নে কি? বুজিছোঁ মই,⸺তুমি কব খুজিছা ভোগ আৰু ত্যাগৰ কথা। ত্যাগেৰে ভোগ নকৰি ভোগলৈ ভোগ মথিলে বিহ উঠে। সেই দেখি ত্যাগেৰে কৰা ভোগ নুবুলি মথুৰা হাট বুলিছা।⸺আকৌ, আকৌ তোমাৰ মুখখনি সেই পাতখিলিৰ দৰে লৰাই দিলা⸺‘নহয় নহয়!’

 নহয়? নহয়েই তো! এতিয়াহে বুজিছোঁ। তেতিয়া হলে তুমি মথুৰাহাট নুবুলি মথুৰা বুলিলাহেতেন। মথুৰাত হাট কথাটি লগাই দি তুমি অইন কিবা হে কব খুজিছা। শব্দৰ অকল মুখ্যাৰ্থত তোমাৰ অৰ্থটি নাই যেতিয়া, তাৰ ইঙ্গিতত প্ৰকাশ পোৱা অন্য কোনো কথাত তাৰ লক্ষণ। [ ৫২ ] বা ব্যঞ্জনাত তোমাৰ অৰ্থটি লুকাই আছে। ৰবা, ৰবা, তেনে শুনা মোৰ মাতৃ! মই আকৌ কৈ যাওঁ, তুমি শুনি যোৱাঁ,⸺মথুৰালৈ প্ৰাণ খুলি গলে যেনেকৈ কৃষ্ণ প্ৰেমৰ মধুৰ স্মৃতিৰে প্ৰাণ ভৰাই কোনো লোক কৃষ্ণ প্ৰেমানুৰাগী হৈ পৰিব পাৰে, আৰু লগে লগে তেওঁৰ মথুৰা হাটৰ কাৰ্য্য সিদ্ধিও হয়,⸺এই মথুৰাক বুকুত লৈ থকা এনে এখনি প্ৰকাণ্ড ঠাই আছে য’লৈ গলে সেই দৰেই ভগবানৰ কাৰ্য্য দেখি কাৰণ সত্তাৰ বিশ্বাসেৰে ঈশ্বৰৰ মুখে উন্মুক্ত প্ৰাণ ধৰ্ম্মানুৰাগী হৈ আনন্দেৰে পৰমানন্দ ধামলৈ গতি কৰিব পাৰে, আৰু লগে লগে সংসাৰযাত্ৰাও সাৰ্থক হয়। মোক্ষৰ সোপান যেন এই হেন মধুৰ মথুৰা পাই মানুহে আজি তাত কৰিছে কি? স্বাৰ্থৰ ছলনাই, অহমিকাৰ দম্ভই প্ৰয়োজনৰ জনৰ নামত এখনি হাট পাতি তাত ৰাতি দিন কিনা বেচাৰ কেৰ্জেৰণি, টনা আজোৰাৰ ৰেক্‌কেনি, এক হকাহুনাৰ হৈ চৈ তুলি ভয়ঙ্কৰ কোৰ্হাল পাতিছে। পবিত্ৰতাৰ যি খনি বীণা তাত বাজিব লাগিছে,⸺তাৰ প্ৰাণ শীতল কৰা মধুৰ মূচ্ছনা কেইজনৰ কাণত পৰিছে? আমাৰ এই প্ৰকাণ্ড সংসাৰখনি এনে এখনি মথুৰাৰ হাট নহয় নে?⸺হৰিৰ স্মৃতি তাৰ অন্তৰৰ বীণা, হাট তাৰ বাহিৰৰ হাহাকাৰ! সাধনাৰ সফলতাৰ সহস্ৰ সুবিধাৰে এই সংসাৰ, অথচ তাত স্বাৰ্থান্ধ অহমিকাই ভোগৰ নামত এই সুবিধা গিলি ধৰি কত জীৱন বলি দি ব্যৰ্থ কৰিছে। সঙ্গীতৰ বনি লৈ সি [ ৫৩ ] গদৰ্ভৰ কণ্ঠেৰে যি চিঞৰ ধৰিব লাগিছে, তাৰ হাই উৰুমিত প্ৰাণৰ বীণাৰ ধ্বনি নুশুনা হৈ পৰিছে!

 কোৱাঁ, মা, এই সংসাৰখনিকে বেটু এটিত লৈ চালে সেয়ে মথুৰাৰ হাট যেন নেলাগে নে? হয়, হয়, সেয়ে মথুৰাৰ হাট!⸺তাৰ কৰ্ম্মেৰ অকৰ্ম্মেৰে, তাৰ ধৰ্ম্মেৰে অধৰ্ম্মেৰে, তাৰ ঐশ্বৰ্য্যেৰে অনৈশ্বৰ্য্যেৰে, তাৰ জ্ঞানেৰে, তাৰ অজ্ঞানেৰে, তাৰ হৰষেৰে বিষাদেৰে মনে সামৰিব পৰাকৈ ফুটি উঠা এয়ে এই সংসাৰৰ এখনি সৰু ছবি। এই মথুৰা- হাটতে বেচা কিনা কৈ নিজৰ জীবিকা আৰ্জ্জি ইহ জীৱনত প্ৰতিপত্তি লাভ কৰি সংসাৰৰ পাৰলৈকে স্বচ্ছন্দে যাব পাৰি আৰু হৰিৰ স্মৃতিৰ মাজে হৰিক দেখি জীৱনৰ অন্তত জীৱৰ পৰমা গতি লাভ কৰিব পাৰি। এইয়েই সেই “হৰিভক্তি ৰত্নেৰে” মথুৰাৰ তথা “ভাৰস্তৰ হাট,” যাৰ কথা মহাপুৰুষ শঙ্কৰদেৱে এদিনা শুৱলা সুৰেৰে গাই গৈছিল,⸺“বেসায়ো ভাৰস্তে হাট আউৰ বেলি নাটে। চলিতে নিকট ভয়ো ভৰা দিয়া ঝাটে। ভাৰত হাটত আছে অনেক দোকানি। নিচিনি কিনিলে পুনু মিলিবে বিঘিনি॥ যাতে তাতে নথাকয় হৰিভক্তি ৰত্ন। মহন্ত দোকানি ৰাখে কৰি মহা যত্ন॥ সাধু দোকানিৰ সঙ্গে কৰিয়া যতন। যাৱে বেলি তাহে, লেহু নামৰ ৰতন।”⸺বুজিছোঁ, ইয়াকেই বিষ্ণু পুৰাণে ইঙ্গিত কৰিছে⸺“মথুৰায়াং হৰিং দৃষ্ট। প্ৰাপ্নোতি পৰমাং গতিং”⸺ মথুৰাত হৰিক দেখি জীৱই পৰমা গতি লাভ কৰে। মথুৰাৰ [ ৫৪ ] হিয়া যেন হাটখনিত আজি হৰি নাই, হৰি লুকাল! আছে তাত বেহা বাণিজৰ লট্‌ঘট্, অৰিয়াঅৰিৰ ধৰ্‌মাৰ, স্বাৰ্থান্ধৰ ঘোৰ হাহাকাৰ! এই বিৰোধৰ বুকুত, বিচ্ছেদৰ অশ্ৰুধাৰাত, এই অজ্ঞানৰ অন্ধকাৰত, কান্দোনৰ আকাশলঙ্ঘা আটাহত⸺অগতিৰ গতি হৰিক দেখাই জীৱৰ পৰমা গতি। কেনে, মা! কোৱাঁ তোমাৰ মথুৰা হাট মানে হাটৰ হাহাকাৰেৰে বেৰি থকা হৰি নহয় নে? অন্তৰৰ হৰি সমন্বিতে মথুৰাৰহাট নহয় নে⸺যলৈ গলে ইহকালৰ প্ৰতিপত্তিৰ লগে লগে মধুৰ স্মৃতিৰ স্নিগ্ধ আলোকত হৰিৰ বিশ্ব বিমোহন ৰূপত তন্ময় হৈ যাব পাৰি।

 বুজিছোঁ, বুজিছোঁ, তুমি মোক সৰু লৰাটিৰ দৰে পাই কৰবাত ধেমালি উৱলি যায় বুলি মুখেৰে ফুটাই হাঁ-ও নুবুলিলা, না⸺ও নুবুলিলা, মিচিক কৰে হাঁহি এটি মাৰি চাওঁতে চকুতে নাইকিয়া হ’লা। আকাশত শুনিলোঁ⸺কোন দূৰ-দূৰণিলৈ কাহিলি কাহিলিকৈ বলি গ’ল তোমাৰ সেই সুৱদি সুৰ :—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে—কানাই, নিয়াঁ পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

[ ৫৫ ]

চতুৰ্থ পৰ্ণ

 কৰ্ম্মৰ আজৰি পাই বিশ্ৰামত গা ঢালি বহি আছোঁ তোমাৰ মধুৰ সুৰ আকৌ অকস্মাৎ বাজি উঠিল। বাজাঁ⸺বাজি উঠাঁ। আজি তোমাৰ সুৰত কি বাজিছে! ৰূ ৰু কৈ বৈ থক৷ ফাল্গুনী পঢ়োৱা⸺ধীৰে ধীৰে ৰিব্‌ ৰিব্‌ কৈ ববলৈ ধৰিলে। তাম বৰণীয়া সন্ধিয়াৰ আকাশ আশাৰ আলোকত ফুলি পৰিল। ফুলনি বননিৰ মুখে মুখে এক আকুল আগ্ৰহৰ আভা পৰি সুৱদি সুন্দৰ কৰি তুলিছে,⸺ যেন কথা কয়, কয়! তোমাৰ কণ্ঠৰ সুৰত সুৰ দিবলৈ বিশ্ব প্ৰকৃতিৰ তানপুৰাখনি গুৰু গম্ভীৰ ৰবেৰে বাজি উঠিছে! কাণেৰে যেন ৰিণি ৰিণি শুনিছোঁ⸺আকাশ পৃথিবীৰ মধু মিলনৰ মধুৰ গুঞ্জন!⸺যোগী ঋষিৰ প্ৰাণৰ গভীৰতম আনন্দৰ এক প্ৰণৱ ওঙ্কাৰ! পৃথিবীখনিয়ে যেন তোমাৰ বাতৰিলৈ চাই আছে!——বুজিছো,⸺আজি তুমি কানাইৰ বাতৰি বলাই আনিছা। কানাইৰ নাম শুনিয়েই আজি বিশ্ব প্ৰকৃতিৰ এনে স্পন্দন, এনে উলাহ, নেজানো সেইদিন৷ চাগৈ পৃথিবীত আনন্দৰ কি নীৰৱ ঝঙ্কাৰেৰে বিশ্বৰ বীণা মাতি উঠিছিল, যিদিনা কংসৰ কাৰাগাৰত প্ৰাণৰ কানাই পোন প্ৰথমেই অনন্ত জীৱনৰ সান্ত জ্যোতিৰে উজলি পৰিছিল!

 তোমাৰ কানাই কৃষ্ণাই শব্দৰ অপভ্ৰংশই হওক, বা দেশজ শব্দই হওক, ৰাধা আৰু মথুৰাৰে জোঁটাই থৈছে [ ৫৬ ] যেতিয়৷ নন্দৰ কানাইত বাজে এই নামে অইন কাকো নুবুজোৱাৰেই কথা। মৰমৰ ল’ৰা ছোৱালীক কোষ্ঠীৰ সংস্কৃতীয়া খ্যাত নামেৰে মাতিবলৈ অনেক সময়ত খকজা বাজে কাৰণে তাক কোমলাই বা তাৰ সলনি অন্য মৰমৰ মাতেৰে মতাটিয়েই মানুহৰ ‘পৰ্‌কিতি’ এনে প্ৰকৃতিতেই আসানৰ বৈষ্ণৱ সাহিত্যত কৃষ্ণৰ সহস্ৰ নাম থাকোঁতেও আৰু এটি নাম হ’ল কলীয়া।

 আজি প্ৰায় পাঁচ হেজাৰ বছৰৰ আগৰ শ্ৰীকৃষ্ণৰ জন্ম হোৱ৷ কাহিনী পঢ়িলে প্ৰাণ অকল শীতলেই নহয় বিস্ময়ৰ পুলকে মনো যেন জিনি ধৰেহি। দৈৱকী দেৱীৰ অষ্টম সন্তানৰ হাতত যে মৰণ,⸺সেই মৰণৰ তৰোৱাল শিৰৰ ওপৰত ওলমি থকা কংসৰ কি সতৰ্কতা! আতঙ্কত কত সতৰ্ক কংসৰ সেই অনুচৰবৰ্গ! ইমান সতৰ্কতা বজ্ৰ বিজুলীৰে শিল ধুমুহাৰে ব্যৰ্থ কৰি কোনেও নজনাকৈ কৃষ্ণৰ জনম। প্ৰসূতিৰ শেতেলিত অকলে দৈৱকী দেৱীক এৰি থৈ দুৰ্ল্লঙ্ঘ্য প্ৰাচীৰৰ আপুনি মুকলি হৈ থকা লোহাৰ কৰাটৰ দুৰ্ভেদ্য দুৱাৰেদি ওলাই ভাদমহীয়৷ ভৰা যমুনা পাৰ হৈ নন্দৰ মন্দিৰৰ পৰা সদ্য প্ৰসূতা যোগমায়াক লৈ দোৱাবাৰ একে দুৰ্য্যোগৰ মাজে ঘূৰি আহি পুনৰ বসুদেৱ কংসৰ কাৰাগাৰ পোৱাৰ পাচত কেচুৱাৰ কান্দোনত প্ৰহৰীবিলাকে চক্ খাই চকু মোহাৰি মুঠালৈকে কি সেই নিসাৰ নিস্তব্ধতা!⸺কি মোহাচ্ছন্ন মায়াৰ কুহেলিক৷!⸺এইবিলাক ঘটনাত সৰ্ব্বসাধাৰণ চলি থকা [ ৫৭ ] ৰীতিৰ ব্যতিক্ৰম ঘটিলেও, সেই ৰাতিয়েই যে ইমান সতৰ্কতা নিস্ফল কৰি কৃষ্ণৰ জনম, আৰু সশস্ত্ৰ অনুচৰবৰ্গ জাগি উঠাৰ আগতে যে কৃষ্ণ আৰু যোগমায়াৰ সালসলনি এই আচল কথাটি নেমানি নোৱাৰি।

 নিচেই কেচুৱাৰ পৰা এঘাৰ বাৰ বছৰৰ চেমনীয়া কাললৈকে ভালেখিনি আচৰিত কাম কৰি ব্ৰজবাসীক বিস্ময় মনোৱাই আপোনাৰো আপোনটি হৈ সিবিলাকৰ বুকু জুৰি কানাই জিলিকি আছিল। পূতনা, তৃণাবৰ্ত্ত, শকটাসুৰ, ধেনুকাসুৰ, অঘাসুৰ, বকাসুৰ, বৃষাসুৰ, কেশী, ব্যোমাসুৰ প্ৰমুখ্যে অসুৰৰ প্ৰাণ অবলীলাক্ৰমে সংহাৰ কৰি, কালী নাগক দমাই, ইন্দ্ৰ আৰু ব্ৰহ্মাৰ দৰ্পচূৰ্ণ কৰি বৃন্দাবনৰ ৰাসমণ্ডলত ৰাসবিহাৰীৰ মোহন মুৰুলীৰে মদনক মুহি গকুলৰ গোপ-গোপিনীক বুকুলৈ লৈ মনুষ্য লীলা আৰু ভগবদ্ লীলাৰ দোলনেৰে দোলাই ব্ৰজধাম প্ৰেমত মতলীয়া কৰি তুলিছিল। তোলনীয়া পুতেক স্বৰূপে, বাল্যসখা স্বৰূপে, জীৱনৰ লগৰী স্বৰূপে, অন্য কি গৰখীয়া স্বৰূপে গোপবালক কৃষ্ণই এনে উজ্জ্বল চানেকি দি থৈ গল, যাতকৈ জলা আৰু মন টানি নিব পৰা আদৰ্শ প্ৰগতিৰ জগতে আজিও হেজাৰ বিজাৰ বছৰৰ পাচতো কেনিও ক’তো তুলি ধৰিব পৰা নাই। কৃষ্ণৰ বাঁহী প্ৰকৃতিয়ে ৰৈ ৰৈ শুনিছিল! সুৰৰ লালিত্যত কেনি বোৱা যমুনা কেনি যেন বৈ গৈছিল!⸺“সচেতন সব থিক অচেতন হোই! তৰঙ্গিনী সব বহু অচলিত তোই॥”⸺সকলো [ ৫৮ ] সৌন্দৰ্য সকলো মাধুৰ্য্য লৈ ব্ৰজ-ৰমণ কৃষ্ণই ব্ৰজপুৰত নিভাঁজ আনন্দৰ ধাৰা বোৱাই অক্ৰূৰৰ লগত কংসৰ ধনুৰ্যজ্ঞ চাবলৈ মথুৰালৈ আহিল। ইমানতে ব্ৰজলীলাৰ প্ৰথম অঙ্কৰ আঁৰ কাপোৰ পৰে।

 মথুৰালৈ আহি শ্ৰীকৃষ্ণই কুবলয়, চানুৰ, মুষ্টিক আদিক হত্যা কৰি ঠাল ঠেঙ্গুলি ভাঙ্গি লৈ গা-গছ কংসক উঘালি মথুৰাক শত অত্যাচাৰৰ পৰা মুক্ত কৰি দিলে; আৰু অনতিপলমে পিতৃ মাতৃৰ কাৰা-বন্ধন মোচন কৰি উগ্ৰসেনক বন্দীশালৰ পৰা উলিয়াই আনি ৰজা পাতিলে; তাৰ পাচত গুৰুগৃহত পঢ়ি শুনি নিচেই কম সময়ৰ ভিতৰতে সকলো শিক্ষাত পাৰ্গত হৈ সেই শিক্ষাৰে মনন আৰু অনুশীলন কৰিবৰ অভিপ্ৰায়ে হিমালয়ৰ মুখে গুচি গল। কিছুকালৰ পাচত উভতি আহি দেখিলে⸺কংসৰ অত্যাচাৰৰ ঠাইত আৰু এক অত্যাচাৰে মুৰ তুলি উঠি মথুৰাক হাৰাশাস্তি কৰিছে। জৰাসন্ধ আৰু কালযৱনৰ ঘন ঘন আক্ৰমণত যাদৱবীৰসকলৰ মাজৰ মাৰ ভগাত সিবিলাকে প্ৰাণ লৈ পৰ্ব্বতে অৰণ্যে পলাবলৈ ধৰিছে। অতি আচৰিত কৌশলেৰে এটুপিও যাদৱ ৰক্ত পাত নকৰাকৈ কালযৱনক হত্যা কৰি সিচৰতি হৈ থকা যদুবীৰ সকলক একে মুঠিতে লৈ এক বিজয়ী যদুকুল গঢ়িবৰ মনেৰে বৃদ্ধিৰ সকলো সম্ভাৰ চপাই বুটলি দূৰ দূৰণিৰ দ্বাৰকালৈ আঁতৰি গল। এয়ে শ্ৰীকৃষ্ণৰ মথুৰালীলাৰ দ্বিতীয় অঙ্ক।

[ ৫৯ ]  দ্বাৰকাত শ্ৰীকৃষ্ণই বিবাহাদি পাতি এখনি সোণৰ সংসাৰ ৰচনা কৰিলে। যদুবীৰ এজনৰো গাত আঁচোৰ এটি নলগাকৈ যদুবংশৰ চিৰবৈৰী দুৰ্জ্জয় জৰাসন্ধক লীলাৰ ছলেৰে হত্যা কৰি শ্ৰীকৃষ্ণই পৃথিবীৰ পৰা এটা ভয়ঙ্কৰ অত্যাচাৰীক আঁতৰাই পেলালে। চতুৰ ৰণ-নীতিৰে যাদৱ বাহিনী চালনা কৰি গোটেই ভাৰত দিগ্বিজয় কৰিলে, আৰু লগে লগে লব্ধ ৰাজ্যত সুশাসন প্ৰণালীৰে ধনে ধান্যই, বিদ্যাই গৌৰবে, জ্ঞানে গৰিমাই, প্ৰেমে প্ৰীতিয়ে বিজিতক চিৰ কৃতাৰ্থ কৰিলে। তাৰ পাচত পাণ্ডৱসকলৰ সাৰথি হৈ কুৰুক্ষেত্ৰৰ মহাযুদ্ধৰ মাজেদি, ভাৰতত ধৰ্ম্মৰাজ্য সংস্থাপন কৰি দি গ’ল। এই মহাৰণত ভাৰতৰ অনীতি, অধৰ্ম্ম, ব্যভিচাৰ আৰু আভিজাত্য অভিমানৰ বহুদিনীয়া প্ৰতিপত্তিৰ ইমান সাংঘাতিক পতনে এনে চমক্ লগালে, আৰু তাৰ কেন্দ্ৰত সাৰথিৰূপে ভগবান কৃষ্ণৰ জ্যোতি ইমান জক্‌মক্‌কৈ জলিবলৈ ধৰিলে যে দেশে দেশে সেই স্মৃতি সেই দৃশ্য জীৱন্ত হৈ এতিয়াও পথভ্ৰষ্ট ভাৰত সন্তানক দিনে দিনে সোঁৱৰাব লাগিছে⸺“অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ, হে’⸺অ’ দুৰ্য্যোধন!” এই মহাযুদ্ধৰ লগে লগে ভাৰতৰ সেই কালৰ সকলো হাহাকাৰ, সকলো অভিমান, সকলো সমস্যাৰ শেষ হৈ গ’ল। অকল সেয়ে নহয়, ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ সমৰাঙ্গনত ভাৰতৰ সঞ্চিত জ্ঞানব যি এটি অতি উজ্জ্বল অখণ্ড প্ৰদীপ শ্ৰীগীতাৰ তৈলাধাৰত জলাই দিলে, তাৰ সুচিকোণ আলোকে তেতিয়াই নহয়, [ ৬০ ] এতিয়ালৈ নহয়, অনন্ত কাললৈ অন্ধকাৰ ভৱসমুদ্ৰৰ মাজত অকূল নাবিকক কূল দিয়েই থাকিব! যশোদাৰ কোলাৰ মনোময় হাঁহিটি বৃন্দাবনৰ বাঁহীৰ সুৰত ভাহি ফুৰিছিল। তাত আছিল কেৱল সুৰ! সেই সুৰেই পাঞ্চজন্যৰ অভয় নিৰ্ঘোষৰ গভীৰ শব্দৰ আৱৰণ লৈ শ্ৰীগীতাৰ গীতৰ আকাৰে মানৱ সমাজত দেৱৰ ভাষাৰে এক অভিনৱ ভাৱৰ বিকীৰণ কৰিলে,⸺প্ৰতিটি ঝঙ্কাৰত যেন বিশ্বশক্তি নাচি উঠিল। প্ৰাণীৰ মোহ অন্ধকাৰৰ প্ৰভেদৰ মাজত এক সেই মিলন ক্ষেত্ৰ⸺আত্মাৰ যি আত্মবিদ্যা, তাৰে আত্ম গান বাজি উঠিল শ্ৰীকৃষ্ণৰ মুখকমলত। ই অকল ভাৰতৰে নহয়,⸺আত্ম৷ মাত্ৰৰেই আত্মগান,⸺নিখিল বিশ্বৰ জীৱন সঙ্গীত,⸺বিশ্বব্ৰহ্মাণ্ডত ৰাতি দিন বাজিবই লাগিছে! তাৰ পাচত নিজে সাক্ষীস্বৰূপে থাকি জগতৰ সকলো দুস্কৃতিৰ নিৰ্য্যান কৰাৰ অন্তত বিজয় মদত মতলীয়া হোৱা নিজৰ উদ্ধত যদুকুলকো প্ৰভাসৰ তীৰত সমূলে বিনাশ কৰোৱাই অশেষ কীত্তিপূৰ্ণ অনুপম জীৱন- নাটকৰ যৱনিকা পেলালে।

 নিচেই চমুকৈ এয়ে শ্ৰীকৃষ্ণৰ জীৱন কাহিনী। ভাৰতৰ বিশ্বাস কৃষ্ণৰ জন্ম হৈছিল দ্বাপৰ আৰু কলিৰ সন্ধিত। এই বিশ্বাস বা’তে বলা বা গাপতে উখুমা ধৰণৰ নহয়। ভাৰতৰ কেবা গৰাকী পণ্ডিতেও পাঁজি পুথি চাই আমালৈ জাপি থৈ গৈছে। সেই হিচাপেৰে চালে শ্ৰীকৃষ্ণৰ জন্ম হোৱা আজি প্ৰায় পাঁচ হেজাৰ বছৰতকৈ কেইবছৰমান [ ৬১ ] বেচি হ’ল। পচিমীয়া বিদ্বানসকলে কৃষ্ণৰ জন্মকাল সম্বন্ধে খৃষ্টপূৰ্ব্ব চতুৰ্দ্দশ শতাব্দীৰ পৰা খৃষ্টপূৰ্ব্ব ষষ্ঠ শতাব্দীৰ ভিতৰৰ কেবাটা কাললৈকো আঙ্গুলিয়ায়;—কৃষ্ণক বান্ধিব খোজা যশোদাৰ জৰীৰ দৰে ই তেও দু-আঙ্গুল নাটে! জনদিয়েকে আকৌ আৰু তললৈ নামি কৃষ্ণক যীশুখৃষ্টৰ হিন্দু সংস্কৰণ বুলি খৃষ্টাব্দৰ আদি ছোৱালৈকো আনিব খোজে। সিবিলাকৰে দেখোন বিচাৰৰ শেষ হোৱা নাই। বিচাৰৰ শেষ সিদ্ধান্ত সত্য বুলি সকলো প্ৰকাৰে প্ৰতিপন্ন নোহোৱালৈকে ভাৰতৰ বিশ্বাস সত্য নহয় বুলি কোৱাৰ বিশেষ একো যুক্তি যি নাইয়েই নে প্ৰয়োজনো নাই।

 ব্ৰজলীলা, মথুৰালীলা, আৰু দ্বাৰকালীলা লৈয়েই কৃষ্ণৰ জীৱনী। ইয়াৰ ভিতৰত মথুৰালীলাৰ যিটি মহান আদৰ্শ সেয়ে দ্বাৰকালীলাত বিৰাট ভাৱে প্ৰকটিত হৈছে। মথুৰালীলাৰ দুৱাৰ- দলিতে চকুত পৰে⸺কৰ্ত্তব্যৰ নামত হৃদয়ৰ দৌৰ্ব্বল্য শাসন,⸺ নন্দ-বিদায়ৰ আৰু উদ্ধৱ সংবাদৰ কৰুণ কাহিনী আজিও ভাৰতৰ প্ৰাণে বিনাব লাগিছে।⸺সি যে বিৰহত ভাগি ছিগি জোল বৈ যোৱা বৈদেহী-বিৰহী ৰামভদ্ৰৰ হৃদয়, অথচ কৰ্ত্তব্য পালনত কেনে দৃঢ়, কেনে অচল অটল!⸺তাৰ পাচত চকুত পৰে আচৰিত ত্যাগ আৰু কৰ্ম্মত নিৰ্লিপ্ততা!⸺ উগ্ৰসেনৰ ঠাইত ৰজা হবলৈ স্বয়ং উগ্ৰসেনৰ, অইন কি বহুদিনৰ মুৰত মুখ দেখা পিতৃ মাতৃৰ, আৰু মথুৰাৰ গুণমুগ্ধ প্ৰজা- বৃন্দৰ কত কাকূতি, কত মিনতি, কত অকপটীয়৷ অনুৰোধ;— [ ৬২ ] তেও ৰজ৷ যি নহলেই নে যুৱৰাজ হবলৈকো অস্বীকাৰ কৰি কৰ্ত্তব্যৰ আহ্বানত লৰি গ’ল। নিজে নিৰ্লিপ্ত থাকি নিজৰ জন লৈ তাৰ পাচত সংগঠন, পালন আৰু বৃদ্ধি ব্যাপাৰত এনে বিভূতি দেখুৱাবলৈ ললে সেইবিলাকলৈ চকু দিলে শ্ৰীকৃষ্ণৰ এই ছোৱা জীৱন অলৌকিকতাৰ মাত্ৰা কম থকাত – সি যে অতি শ্ৰেষ্ঠ মানৱৰ আদৰ্শ হৈ পৰিল তাক শত মুখে স্বীকাৰ কৰিব লাগিব। বৃহৎ মথুৰালীলা দ্বাৰকালীলাত বৃহত্তৰ হল। দ্বাৰকালীলা শ্ৰীকৃষ্ণৰ পৰিণত বয়সৰ লীলা,— ধীৰ, গম্ভীৰ, উদাৰ, — মানৱৰ আত্মা আৰু আত্মতত্ত্বৰ মীমাংসা, জ্ঞান কৰ্ম্ম আৰু ভক্তিৰ অভাবনীয় সমন্বয়েৰে অতি মহান! — সি যেন মহামানৱৰ অতি মহৎ আদৰ্শ। মথুৰা লীলাৰ ক্ৰিয়াত শ্ৰীকৃষ্ণক এই জগতৰ ভাৰ হৰণ কৰি অসীম প্ৰতিভাৰে পালন কৰা জগদাত্মাৰ এক উজ্জ্বল আদৰ্শৰ অৱতাৰ যেন দেখি। এই ক্ৰিয়াই বিয়পি অতি বৃহত্তৰ জগৎ জুৰি অপৰিসীম ক্ৰিয়া শ্ৰীকৃষ্ণৰ দ্বাৰকালীলাত ফুটি পৰিল। বিভিন্ন মতৰ, বিভিন্ন দেহাৰ, বিভিন্ন ধৰ্ম্মৰ সমন্বয়েৰে বিশ্বব্ৰহ্মাণ্ড জিনি আত্মবিদ্যাৰ জ্যোতিৰে জ্বলি উঠা বিশ্বাত্মা মহাবিষ্ণুৰ যি সৌম্য সুচিকোণ অমূৰ্ত্ত মূৰতি সেয়ে দ্বাৰকাৰ শ্যাম-সুন্দৰত সুন্দৰকৈ জিলিকি পৰিল।

 ল’ৰাৰ গাত দেৱতাৰ ভাব দেখিয়েই আমি সৰু লৰাক দেও ল’ৰা বোলোঁ। মানুহৰ জীৱনৰ শৈশৱ কালত স্বভাৱতে স্বৰ্গৰ স্মৃতিৰে এক সুন্দৰ ছবি ফুটি পৰে। শিশুৰ যি [ ৬৩ ] সৰলতা, যি উপযোগিতা, যি চিৰ-প্ৰফুল্লতা, সেই ভাবেই যে স্বৰ্গৰ ভাব, সেইহে মহাপুৰুষ যীশুৱে কৈ গৈছে—“স্বৰ্গৰাজ্য খনি শিশুৰেই গঢ়া।” স্বৰ্গৰাজ্যৰ শিশুৰ হিয়াৰ দৰে সৰল গোপ-সমাজলৈ স্বৰ্গৰাজ্যৰ শিশু কৃষ্ণ কেনে যে দীন হীন বেশে আহিছিল! বন্দীশালৰ অন্ধকাৰত জনম, পিতৃ-মাতৃ পৰিত্যক্ত সন্তান,⸺ৰাতি দিন কংসৰ ভয়,⸺ আপোন বুলিবলৈ কোনে৷ নাই,⸺অথচ সেই সুন্দৰ মুখ খনিৰ কি মায়া, কি শকতি!⸺গোটেই ব্ৰজপুৰ আনন্দত উদ্বাউল কৰি তুলিলে! পৰ আপোন হৈ যোৱা এই আনন্দ, তাৰ যে তুলনা নাই! কৃষ্ণৰ জন্ম প্ৰসঙ্গৰ যি নন্দোৎসৱ,⸺ সি অকল নন্দ যশোদাৰেই উৎসৱ নহয়,⸺সমগ্ৰ ব্ৰজপুৰ, সমগ্ৰ ভাৰতৰ প্ৰাণৰ উৎসৱ! গকুলৰ গোপিনীৰ প্ৰতি ঘৰলৈ যেন আপোনাৰো আপোন এটি আহি জনম ললেহি। দিনটিত এবাৰ নহয়। এবাৰ সেই খনি মুখ নেদেখিলে প্ৰাণত কাৰো শান্তি নাই। কেচুৱা কৃষ্ণই নেহাঁহিলে জগত গোটেই খনিয়ে যেন নেহাঁহে। কি প্ৰাণ সঞ্জীবনী সেই হাঁহি! ল’ৰি ফুৰা কৃষ্ণই গোপিনীৰ ঘৰে ঘৰে লৰালিৰ আনন্দ আঁজলি ভৰাই বিলাই ফুৰিছিল। বনৰ বান্দৰেও বান্দৰালি এৰি সেই লৰালিৰ পাচে পাচে ঢাপলি ধৰিছিল। গোপিনীয়ে নিজৰ আমনি নিজৰ হানি-বিঘিনিলৈ মন নিদি কানাইৰ মুখৰ হাঁহি এটি চাই নিজে হাঁহি মাতি আনন্দ পাইছিল। যেতিয়৷ ননীচোৰ কানাইক বান্ধিবলৈ বুলি যশোদাই খেদি [ ৬৪ ] ফুৰে, এনে এজনা গোপিনী নাই যি সৰল প্ৰাণে কান্দি উঠা নাছিল,⸺“নিলে যদি নিলে, দধি লৱনী হে নিলে, সেই বুলি নো সেই হেন সুকোমল চৰণ দুখনিৰে আমাৰ প্ৰাণ কানাইক এই ৰ’দত জুই যেন তপত মাটিৰ ওপৰে খেদি খেদি লৰুৱাই ফুৰাব পায় নে?”⸺কি এই ভাব!⸺ ভাবিলে প্ৰাণ গলি যায়!⸺লাহে লাহে যেতিয়াই গৰু গাই চৰাব পৰা হ'ল⸺মুখত বাঁহীটি লৈ কৃষ্ণ গৰু চৰাবলৈ যায়। কানুৰ বেনু ধ্বনিত তন্ময় হোৱা গোপিনীৰ প্ৰাণৰ তানে বিশ্বপ্ৰকৃতিৰ উদাৰ হৃদয়ত প্ৰতিধ্বনি তুলি আপুনি যেন বাজি বাজি যায়,⸺“শ্যাম কানু, চাৰে বৃন্দাবনে ধেনু, কানু হাততে মোহন বেনু!” কানাইৰ হাতৰ মোহন বেনু,⸺ সি হাতীদাঁতৰ সোণ ৰূপ খটোৱা বহুমুলীয়া সুৰৰ যন্ত্ৰ নহয়,⸺ অতি সাধাৰণ বাঁহৰ এটি সৰল বাঁহী,⸺তাৰ ছিদ্ৰই দি কানাইৰ বিশ্বজিনা হাঁহি ফুটি পৰিছিল! তাৰ এনে প্ৰাণ ভুলোৱা সুললিত সুৰ,⸺হাঁহিত বাউল হোৱা গকুল বাঁহীৰ সুৰত বলিয়া হ'ল। ব্ৰজ ৰমনীৰ হিয়া নুবুলি যদি ৰাধা বুলি ধৰা যায়, তেনে বাঁহীৰ সুৰত বাজি বাজি উঠিছিল বিশ্বৰ হ্লাদিনী জগোৱা সেই সুৰ,⸺ৰা ধা—ৰা-ধা —ৰা—ধা!⸺তাত কথা নাই, ভাব নাই, কেৱলে সুৰ! সুৰ যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণৰ স্পন্দন! শিশুৰ সৰল হিয়ালৈ লাগে সুৰ! বিশ্ব প্ৰকৃতিৰ প্ৰাণলৈ লাগে সুৰ! সেই অনাদি সুৰত সৰল প্ৰাণৰ গোপিনীয়ে নিজ নিজ নামৰ আহ্বান [ ৬৫ ] প্ৰাণ ভৰি শুনিছিল। বাঁহীৰ সুৰে সুৰে গৰু গাই দামুৰি- পোৱালিৰে লৰি আহিছিল, গছৰ ডালে ডালে ম’ৰাচৰায়ে চালি ধৰি নাচি নাচি নিজৰ ষড়জ কণ্ঠ বাঁহীৰ সুৰে সুৰে মিলাই লৈছিল। শ্ৰান্ত ক্লান্ত গোপবালকে হিয়া ভৰি ভৰি সেই সুৰ শুনি কৃষ্ণৰ মুখলৈ চাই তন্ময় হৈছিল। ব্ৰজধামৰ আলিয়ে পদূলিয়ে সেই সুৰ, বনে বনে, কদম্বৰ তলে তলে সেই সুৰ, — গোচাৰৰ জুৰে জুৰে, যমুনাৰ তীৰে তাৰে সেই সুৰ,—ঘৰে বাহিৰে, পথাৰে সমাৰে সুললিত বাঁহীৰ সেই সুৰ, সেই প্ৰাণ ভৰি উপচি যোৱ৷ আনন্দৰ ধ্বনি। বাঁহীৰ সুৰত ব্ৰজধাম বিভোল! এই হেন আনন্দৰ ব্ৰজধামত ভয় জাগিয়েই বিশ্বাসৰ আশ্বাসত নিৰ্ভয় হয়, লাজে সংকোচৰ ওৰণি থৈ মুকলি মুৰেৰে উৰি ফুৰে, ক্ৰোধ জাগি, হিংসা জ্বলি পৰম। শান্তিৰ শীতল পৰশত নুমাই যায়। এটি আপোনেই সকলো পৰ মিলাই লৈ ব্ৰজপুৰ কেনে মনোময় কৰি কিমান ওপৰলৈ তুলিলে! স্বৰ্গত হিংসা জাগি প্ৰেম নেপায়, ক্ৰোধ জাগি শান্তি নেপায়, দৰ্প জাগিলে অনুকম্পা নাই; তাতোকৈ উচ্চ তাতোকৈ মহৎ শ্ৰীকৃষ্ণৰ এই ব্ৰজধাম! ই যে ধৰাৰ বুকুত এক – অতি সৃষ্টি! এই সৃষ্টি দেখি সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰো যে মোহ হব, স্বৰ্গৰাজ ইন্দ্ৰৰো যে দৰ্পচূৰ্ণ হব, তাত আচৰিত হব লগীয়া আছে কি? বাল্যলীলাৰ এই ব্ৰজপুৰত মনৰ বিকাৰে হিয়াৰ আবেগে পশুপক্ষী হৈ কথা কৈছিল। শিশু হিয়াৰ সৰল বিশ্বাস নহলে এই কথা বুজোঁতা [ ৬৬ ] নাই। সেই হে শ্ৰীকৃষ্ণৰ আদি জীৱনৰ এই ব্ৰজলীলাত শিশুৰ দৰে সৰল ভক্তসকলে গোলোকৰ লীলা দেখি প্ৰেমত তন্ময় হৈ নাচি উঠে। ভক্তিৰ প্ৰাৱল্যত কোনো কোনো ভক্তই মুক্তকণ্ঠে প্ৰকাশো কৰে, — ব্ৰজলীলাই ভগৱানৰ নিত্য লীলা, ব্ৰজধামেই নিত্যধাম! নিজৰ দলবল লৈ বাল্য- লীলাৰে সেই নিত্যলীলাৰ অভিনয় কানায়ে কৰি গল এই ব্ৰজধামৰ ব্ৰজলীলাত। ব্ৰজলীলা নিচেই সৰু কালৰ লীলা, তাৰ অলৌকিকতাৰে ঈশ্বৰত্ব প্ৰতিপন্ন কৰাৰ কোনো গোপন অভিসন্ধি নাই। সি অতি সহজ, অতি সৰল,—দেখি কি বিশ্বাস ওপজা শিশু সুলভ বাল্যলীলা—মধুৰৰো মধুৰ – চিৰ মধুৰ!

 সকলো অলৌকিকতাৰ মাজৰ এই মধুৰ ব্ৰজলীলা বুজিবলৈ হলে হিয়াখনি শিশুৰ সৰল হিয়াৰ দৰে কৰি লোৱাৰ আৱশ্যক। ডাঙৰ হৈ সৰু লৰাটিৰ দৰে হোৱাটি বৰ টান। বাঁহীটিৰ দৰে অন্তৰখনি ৰিক্ত কৰি দিব নোৱাৰিলে তাত বাল্যলীলাৰ মধুৰ সুৰ বাজি মুঠে। এই কাৰণেই লীলাৰ লেখেৰে ব্ৰজলীলা যেন বহু ওপৰৰ। সাধাৰণ বিদ্যাৰ অভিমানে তাক যেন ধৰিব নোৱাৰে। কম কথাত বিশ্বকবি ৰবীন্দ্ৰনাথে কোৱা নাছিল,—“যদি পরজন্মে পাইরে হতে ব্ৰজের রাখাল বালক। তবে নিবিয়ে দেব নিজের ঘরে সুসভ্যতার আলোক॥” – ব্ৰজলীলাত লম্পটে দেখে লাম্পট্য, বিদ্যাভিমানীয়ে দেখে অলৌকিকতা, আৰু ভেদাভেদহীন আবাল ব্ৰহ্মচাৰী শুকদেৱে দেখে মহেশ্বৰ বিষ্ণুৰ মধুৰ লীলা শ্ৰীকৃষ্ণৰ [ ৬৭ ] জীৱনৰ এই তিনি লীলাই ত্ৰিবিক্ৰম বিষ্ণুৰ তিনি পাদলৈ মনত পেলায়। মথুৰা আৰু দ্বাৰকাৰ লীলাই জগতৰ কৰ্ম্ম আৰু জ্ঞানৰ শিৰত শিৰস্ত্ৰাণ স্বৰূপে দুই পাদ দি চিৰদিনলৈ ধন্য কৰি থলে। বাকী থাকিল ব্ৰজলীলাৰ পাদ। ভাৰতৰ ভক্তি ব্যভিচাৰী হৈ মুৰ তুলি উঠাত শিৰত ইটি পাদ দি তাক চিৰকৃতাৰ্থ কৰিলে।

 আজি কিছুকালৰ পৰা ভাৰতৰ উন্নত প্ৰদেশ এখনিত শ্ৰীকৃষ্ণক “পূৰ্ণ মানব” বা “আদৰ্শ মানব” পাতি ইতিহাসৰ চকুৰে চাবলৈ প্ৰকাশ্যে কেবা গৰাকীৰো চেষ্ট৷ চলিছে। তাৰে ঢৌ আহি আমাৰ অসমো পাইছেহি। কৃষ্ণৰ পূজা কৰিবলৈকে যদি সিবিলাকে ইতিহাসৰ ভেটিত থাপনা পাতিছে, — বৰ সুন্দৰ কথা! গীতাত শ্ৰীকৃষ্ণই কবই লাগিছে, — “মোক যি যেনেদৰে উপাসনা কৰে, ময়ো সেইদৰেই সিজনক অনুগ্ৰহ কৰোঁ।”— তাকে নকৰি যদি সিবিলাকে সকলো কাল সকলো স্থান বিয়াপি থকা কৃষ্ণক কেবলে ইতিহাসৰ সীমাৰ মাজত সুমাই লৈয়েই ইতি বুলিব খোজে, আৰু সেই উদ্দেশ্যেৰে সিবিলাকৰ ৰুচিৰে যুক্তিৰ ধাৰত নপৰা শ্লোকবিলাক প্ৰক্ষিপ্ত বুলি উৰুৱাই দিয়ে, অথবা ৰাসলীলাৰ দৰে অতি পবিত্ৰ গভীৰ ৰহস্যৰ লীলা একোটিকো “বল্‌ডান্সৰ” শ্ৰেণীলৈ টানি আনি ইতিহাসৰ বৰাই কৰে, তেতিয়৷ সিবিলাকৰ কথাত হয় দিবলৈ কেনিও উপায় বিচাৰি নেপাই সঁচাসঁচিকৈ দুখ লাগে। মনে মনে আশঙ্কাও জাগে, —সিবিলাকৰ দৰে বিজ্ঞ বিচক্ষণ [ ৬৮ ] লোকৰ চেষ্টাই জানোচ৷ আমাৰ মাজৰ কথা গৰকি নোচোৱা লোকসকলৰ সৰল বিশ্বাস শিথিল কৰি দিয়ে।

 তেহেলৈ যেয়ে হওক, সিবিলাকে পূৰ্ণ বা আদৰ্শ মানব কাক বুলিছে সেইটো দেখোন সহজে বুজিবলৈ টান লাগে। পূৰ্ণ মানৱ মানে এক হব পাৰে—যি মানৱ সকলো বিষয়ে পূৰ্ণ। সকলো বিষয়ে সম্পূৰ্ণ কোন? মানৱ নে দেৱতা? দেৱতা মহৎ, সম্পূৰ্ণ নহয়। সম্পূৰ্ণতাৰ প্ৰকাশ এক ভগবান। মানৱক পূৰ্ণতাৰে পৰিপূৰ্ণ বুলি ধৰি ললে আৰু মানৱ হৈ নেথাকে, তত্ত্বমসি “ভক্তৰ ভগবান” হৈ পৰে। 'আদৰ্শৰ পূৰ্ণতা মানুহতে শেষ হৈ গলে লক্ষ্যটি যে অতি সংকীৰ্ণ হয়েই নে, মানেটিও হেৰাই যায়। মানুহৰ হোৱাৰ শেষ নাই, দিন ৰাতি সি হৈ যাবই লাগিছে। তাৰ প্ৰগতিৰ শেষ —সম্পূৰ্ণতা। এই সম্পূৰ্ণতা এক ভগবানতেই সম্ভৱ। অনন্ত পথত মানৱৰ আদৰ্শ লাভ কৰোঁতাই দেখে— আৰু থাকিল, আৰু আছে! আদৰ্শৰ শেষে৷ সেই অনন্ত— ভাৰতৰ শেষ আদৰ্শও যে ভগবান।

 পূৰ্ণ মানৱ মানে আৰু এক হব পাৰে—যিজন মানুহ মানুহে হব পৰাখিনিৰে পৰিপূৰ্ণ। সেয়ে হলেও অৰ্থটি ভালকৈ ওলাই নপৰে যেন লাগে। প্ৰত্যেক মানুহেই নিজ সামৰ্থ্য, নিজ নিজ জ্ঞানৰ জোখেৰে নিজে পূৰ্ণ হৈয়ে আছে। ল’ৰা এটিৰ সংসাৰৰ জ্ঞানলৈ চাই ডেকাই ভাবিব পাৰে সি অসম্পূৰ্ণ। ডেকাৰ সংসাৰ জ্ঞানলৈ চাই বুৰাই ভাবিব পাৰে সি অসম্পূৰ্ণ। [ ৬৯ ] আচলতে ল’ৰাৰ সংসাৰ জ্ঞান ইতৰৰ মানত অসম্পূৰ্ণ হলেও যে ল’ৰাটিলৈ সেয়ে সম্পূৰ্ণ। “পূৰ্ণৰ পৰা পূৰ্ণ ললে পূৰ্ণ ই বাকী থাকে।” অনন্ত পূৰ্ণতাৰ জীৱন আমাৰ,— তাৰ যি যায় সিও পূৰ্ণ, যি থাকে সিও পূৰ্ণ! ল’ৰাটি ল'ৰালিৰে পৰিপূৰ্ণ, ডেকা যৌৱনেৰে পৰিপূৰ্ণ, বুৰা বুৰালিৰে পৰিপূৰ্ণ! মানৱ এনেদৰে নিজ নিজ অৱস্থাৰে যদি পূৰ্ণ হৈয়েই আছে তেনে পূৰ্ণ মানবৰ অৰ্থ হয় কি?

 পূৰ্ণ মানব মানে সিবিলাকে সম্ভৱতঃ বুজাব খোজে—বহুমুখী প্ৰতিভাৰে আৰু অসাধাৰণ শক্তি সামৰ্থ্যেৰে জগতৰ মাজত শ্ৰেষ্ঠ মানৱ, যাতকৈ আৰু শ্ৰেষ্ঠ আছে বুলি এতিয়ালৈকে কোনেও ক’তো সন্ধান পোৱা নাই। এনে ধৰণৰ অতি অসাধাৰণ শ্ৰেষ্ঠত্বলৈ চাইয়েই কৃষ্ণক “আদৰ্শ মানৱ” পাতিব পাৰি। তেতিয়াও কবলৈ থাকে, এই—পূৰ্ণ আদৰ্শ পূৰ্ণ আদৰ্শ বুলিয়েই পূজাৰ পাত্ৰ নহয়, তাত পূৰ্ণতাৰ প্ৰকাশ গুণেহে পূজাৰ্হ। শ্ৰীমান, প্ৰভাৱান, বিভূতিমান যি কোনো আদৰ্শ ই হওক সকলো বিভূতিতেই ভগবদ্বিভূতিৰ বিকাশ। এনেস্থলত ভগবদ্বিভূতিৰ নাম নলৈ পাৰ্থিব বিভূতিৰ প্ৰশংসা কৰি ঈশ্বৰৰ প্ৰাপ্য ঈশ্বৰৰ পুত্তলিকাৰ জৰিয়তে ঈশ্বৰক নিদি পুতলাক দিয়াই হে আচল পৌত্তলিকতা। ভাৰতে পুত্তলিকাৰ পূজা নকৰে, পূজা কৰে পুত্তলিকাত প্ৰকটিত হোৱা অসীম ঐশ্বৰ্য্যশালী ঈশ্বৰৰ। শ্ৰীকৃষ্ণক ‘পূৰ্ণ মানৱ’ বুলি পূজা নকৰে, কৰে “স্বয়ং ভগবান” বুলি।

[ ৭০ ]  আজি চাৰি পাঁচ হেজাৰ বছৰ ভাৰতে কৃষ্ণক ইতিহাসৰো অতীত পাতি পূজা কৰি আহিছে, দুনাই সেই কৃষ্ণক আজি ইতিহাসৰ মানৱলৈ টানি অনাৰ এনে কি নহলে নোহোৱা প্ৰয়োজন হৈ পৰিল বুজিব নোৱাৰি। ইয়াৰ প্ৰয়োজনীয়তাৰ প্ৰসঙ্গত সিবিলাকে কয়, এই চেষ্টাৰ আচল উদ্দেশ্য বোলে কৃষ্ণ চৰিত্ৰত যিখিনি বিশেষ প্ৰমাণ নথক৷ কাল্পনিক কথাৰ অত্যুক্তি আৰু অলৌকিকতা আছে, যিখিনি অতি ভক্তিয়ে বা ভো-ভকতৰ ভণ্ডালিয়ে দিয়া কলঙ্ক আছে, সেই সকলো বিলাক চাচি চুৰুকি চিকোণাই সহজে সকলোৰে বিশ্বাস হোৱাকৈ কৃষ্ণক ইতিহাসৰ ভেটিলৈ আনি ঐতিহাসিক চৰিত্ৰ উদ্ধাৰ কৰি জগতৰ আগত তুলি ধৰা। তালৈকে হেনো সবিশেষ প্ৰমাণ নেপাই বা সম্ভাৱনা নেদেখি কৃষ্ণৰ সম্বন্ধে চলি থকা কোনো কোনো কথ৷ কাল্পনিক বুলি একতীয়াকৈ থৈ কৃষ্ণৰ ইতিহাস কল্পনা কৰা হৈছে। গৈ থৈ সিবিলাকৰ হাতত যি ৰ’লগৈ — সিও হ’ল ঐতিহাসিকৰ কাল্পনিক কৃষ্ণ। এই কাল্পনিক কৃষ্ণক ইতিহাসৰ যুক্তি লৈ মনেৰে গঢ়ি লোৱাত বহুতো যুক্তি থাকিৰ পাৰে; কিন্তু এনেদৰে মন আৰু বুদ্ধিৰে গঢ়া কৃষ্ণ ইতিহাসে হাতেৰে ঢুকি নোপোৱা যুগৰ আচল কৃষ্ণ নহয় বুলি কোনোবাই যদি কয়, তেনে তাতো যে কম যুক্তি থাকে তাকে৷ কব নোৱাৰি। – হব পাৰে, স্বাতন্ত্ৰ্যবাদৰ আলোকত কোনো কোনো আলোচকে শাস্ত্ৰ আৰু সম্প্ৰদায়ৰ মত বা বিবৃতি বুলিয়েই যেই [ ৭১ ] সেই কথাকে বিনা বিচাৰ বুদ্ধিৰে গ্ৰহণ কৰিব নোখোজে। যি যি কথা সিবিলাকৰ বিচাৰত যুক্তিপূৰ্ণ যেন বোধ হয় আৰু মনলৈ ভাল যেন লাগে, তাকে লৈ সিবিলাকে এক পৃথক ৰচনা কৰিবৰ চেষ্টা কৰে। এনে ধৰণৰ এৰা-ধৰা উদ্ধাৰণৰ ক্ৰিয়া হাজাৰ হলেও সি সত্য সন্ধানৰ এটি প্ৰথা মাথোন। সেই প্ৰথাৰে আচল সত্য উপলব্ধি নহয় মানলৈ, কৃষ্ণত আচল শ্ৰীকৃষ্ণ নেদেখে মানলৈ তাক পথ বুলি লব নোৱাৰি। কিন্তু আচৰিত এয়ে যে—যিসকলে সাধনাৰ পোহৰত কৃষ্ণ- শৰীৰত বিশ্বব্ৰহ্মাণ্ড ধাৰণ কৰা অসীম ঐশী শক্তিৰ সুপ্ৰকাশেৰে সঁচাসঁচিকৈ শ্ৰীকৃষ্ণক দেখিছে সেই সকলো ভক্তই সহজেই হওক বা দুৰ্ব্বোধেই হওক, স্বাভাবিকেই হওক বা অস্বাভাবিকেই হওক কৃষ্ণৰ সমগ্ৰ চৰিত্ৰকে আনন্দময়ৰ অচিন্ত্যলীলা বুলি যুগে যুগে আনন্দেৰে উপভোগ কৰিয়েই আহিছে। সিবিলাকে দেখোন এনে এৰা-ধৰা কৰাৰ কথালৈ মন নেমেলে।

 কৃষ্ণ চৰিত্ৰত চলি থকা যিবিলাক অস্বাভাবিক বা অতি অলৌকিক কথা আছে সেই সকলোবিলাকৰে মূল হ'ল ভাৰতৰ সেই অতি অলৌকিক ধাৰণা—কৃষ্ণ যে স্বয়ং ঈশ্বৰ। পৃথিবীলৈ আজিলৈকে যি কেগৰাকীয়ে ধৰ্ম্মৰ পোহৰ আনিছে সেই কেগৰাকীক কোনো ঠাইত ঈশ্বৰৰ পুত্ৰ, কোনো ঠাইত ঈশ্বৰৰ প্ৰেৰিত, কোনো কোনে৷ ঠাইত বা ঈশ্বৰৰ প্ৰেমেৰে অনুপ্ৰাণিত বুলি স্বীকাৰ কৰি প্ৰাণৰ শ্ৰদ্ধা জনাব লাগিছে। মানুহেই যে ঈশ্বৰ হব পাৰে এনে নাভূত নাশ্ৰুত ধাৰণা [ ৭২ ] ভাৰতত বাজে আৰু অইন কতো দেখা নেযায়! চাবলৈ গলে ইয়াতকৈ অতি অস্বাভাবিক, অতিপাত অলৌকিক বিশ্বাস কৃষ্ণৰ সম্বন্ধে আৰু কি হব পাৰে?—তথাপিতো ভাৰতৰ ইমান স্পৰ্দ্ধা, সি আজি অটল বিশ্বাসেৰে মুৰ তুলি স্বীকাৰ কৰিছে— কৃষ্ণ আমাৰ স্বয়ং ঈশ্বৰ! এই বিশ্বাসতে শয়ে শয়ে পোখা ওলাই কৃষ্ণৰ জীৱনত অলৌকিকতাৰ গন্ধ দিয়াটো অতি স্বাভাবিক। ভাৰতে কৃষ্ণক স্পষ্টকৈ ঈশ্বৰ দেখিছে বুলিয়েই ঈশ্বৰ নুবুলি পৰ৷ নাই। কৃষ্ণ যে ঈশ্বৰ—ই অকল দৰ্শনৰ মীমাংসাই নহয়, সাধনাৰে সিদ্ধ এক শেষ সিদ্ধান্ত। দৰ্শনৰ গহনলৈ নগৈও ওপৰে ওপৰে বুজিব খুজিলে সাধাৰণতে আমি ঈশ্বৰ বুলিলে কি দেখোঁ, কি বুজোঁ?—ঈশ্বৰক আমি দেখাকৈ নেদেখোঁ, দেখোঁ তেওঁৰ সৃষ্টি, তেওঁৰ কাৰ্য্যকলাপ। তেওঁৰ কাৰ্য্যকলাপ দেখাত কেনে সহজ, কেনে সুন্দৰ, কেনে মঙ্গলময়! তেওঁৰ কাৰ্য্য কৰিব লগীয়া কোনো প্ৰয়োজন নাই, কাৰো তাড়না নাই, অথচ কাৰ্য্য কৰিছে;—তাত স্বাৰ্থ মদৰ উত্তেজনা নাই, আসক্তিৰ লেশ নাই, গতিকে বন্ধনৰ নামো নাই। নিজে সাক্ষী স্বৰূপে থাকি নিৰ্লিপ্ত ভাবে কাম চলাইছে।—সেই কামৰ আদিত আনন্দ, মাজত আনন্দ, অনন্ত আনন্দ,—আগে গুৰিয়ে আনন্দময়ৰ আনন্দ লীলা!—যেতিয়া ঈশ্বৰক আমি তেওঁৰ কাৰ্য্যকলাপত বুজিব খোজোঁ, জানিব খোজোঁ,—জানি জানি অন্ত কৰিব নোৱাৰো,—জনা নহয়,—নেজানি! তেওঁক জানি যে অন্ত কৰিব [ ৭৩ ] নোৱাৰি এই কথাটি জানি উঠোঁ। যাক জানিলেও জনা নহয়, অথচ জানিও অন্ত কৰিব নোৱাৰি, সেয়ে, সেয়ে যে উপনিষদৰ ব্ৰহ্ম!—“অবিজ্ঞাতম্ বিজ্ঞানতাম্ বিজ্ঞাতম্ অবিজানতাম্,”—জানিলে। বোলালৈ যি জনা নহয়, জনা নহল বোলালৈ যি জনা—সেয়ে আমাৰ অসীম, সেয়ে আমালৈ অনন্ত! কৰ্ম্ম যাৰ আনন্দলীলা, তত্ত্ব যাৰ অসীম অনন্ত, তেওঁয়েই আমাৰ ঈশ্বৰ! ঈশ্বৰ বুলিলে আমি তেওকে দেখোঁ, তেওঁকেই বুজোঁ—কৃষ্ণৰ জীৱনলৈ চালে আমি দেখোঁ কি?—যি তেওঁৰ পৰা আঁতৰি আছে সেই পৰ আপোন কৰি দিলে তেওঁৰ জনমে। উপজিয়েই কৃষ্ণই নিজা জননীৰ কোলা এৰি পৰক আপোন কৰা হাঁহিটি হাঁহিছিল ব্ৰজৰ গোপিনী যশোদাৰ কোলাত। লাহে লাহে সেই হাঁহিটিৰ জিলিকনিৰে গোটেই গকুল জিলিকি পৰিল। নকৰিলে নোহোৱা প্ৰয়োজন একো নাই, অথচ শিশু সুলভ পবিত্ৰতাৰে কেনে নিৰ্লিপ্ত নিৰ্ব্বিকাৰ ভাবে আনন্দ বিকীৰণ কৰি কৰি মানৱ জীৱনৰ সাধনাৰ সুমঙ্গলেৰে ব্ৰজধাম খনি কিমান ওপৰলৈ তুলি গ’ল! কেনে সহজে, কেনে সুন্দৰকৈ মথুৰাৰ কাৰ্য্যাৱলীৰে গোটেই ভাৰত আপ্যায়িত কৰিলে! তাত কোনো চেষ্টা নাই,—ভগবানৰ কাৰ্য্যৰ দৰে জ্ঞান ইচ্ছা আৰু যত্নৰ কি সি সহজ বিকাশ! মনৰ কেনিও অকণি বিকাৰ নাই, কেনিও কোনো আসক্তি নাই, কৰ্ম্মৰ ক’তো বন্ধন নাই; আছে কেৱলে ত্যাগৰ তৃপ্তি, সমাপ্তিৰ সুমঙ্গল, [ ৭৪ ] নিৰ্লিপ্ততাৰ অনুপম আনন্দ! কি নিৰ্ব্বিকাৰ চিত্তেৰে কেনে সহজে দ্বাৰকাৰ কাৰ্য্যাৱলীৰে জগতক অতি উজ্জ্বল আদৰ্শ লৈ লৈ গ’ল। নিজে মোহাবিষ্ট অৰ্জ্জুনৰ ৰথৰ সাৰথি;—ভায়ে ভায়ে ৰক্তপাত,—ভাইৰ ৰক্ত ভায়ে পান কৰাৰ কি সেই ৰাক্ষসী তৃপ্তি!—ইমান উত্তেজনাৰ সূচনা, ইমান অস্ত্ৰৰ জন্‌জননি, ধ্বংসৰ ইমান বিকট চিৎকাৰ!—কৃষ্ণ কেনে স্থিৰ, কেনে নিৰ্ধিকাৰ! আত্মীয় স্বজন হত্যা কৰিবলৈ কঁপি উঠা অৰ্জ্জুনৰ মুখলৈ চাই কি সেই হাঁহি! পাঞ্চজন্যৰ পুণ্য নিনাদেৰে বলাই আনিলে পতিত-পাবনী শক্তি সঞ্চাৰিনী গীতাৰ গান! কুৰুক্ষেত্ৰৰ মহাযুদ্ধত সমগ্ৰ ভাৰতৰ মদোদ্ধত ক্ষত্ৰিয়ৰ তপ্ত ৰক্তেৰে ভীষণ নদী ফেনে-ফোটোকাৰে ববলৈ ধৰিলে; সমাপ্তিত তাৰ পলসৰ সাৰত লাস-বিলাসেৰে ফুলি উঠিল—ধৰ্ম্ম ৰাজ্যৰ পাৰিজাত! পৃথিবীৰ কি শান্তি!—তাৰ পাচত মোহৰ গৰবত জগতক তৃণ যেন জ্ঞান কৰা নিজৰ মতলীয়া কুলটি অশেষ কীৰিতিৰে জ্বলি উঠি এনে আকস্মিক ভাবে নিজৰ চকুৰ আগতে ভয়ঙ্কৰ প্ৰলয় লীলাৰে মাৰ গল;—সাক্ষীৰ দৰে কি নিৰ্লিপ্ত চিত্তেৰে কৃষ্ণই চায়েই থাকিল; মনত অকণিও বিকাৰ নুপজিল। এই ধ্বংসলীলাৰ মাজেদি চাওঁতে চাওঁতে জগতৰ অসীম শান্তি হাঁহিৰে আকৌ জিলিকি উঠিল।—মহাপ্ৰস্থানৰ বেলিকা জড়া ব্যাধৰ শাণিত শৰৰ প্ৰাণান্তক জালত শৰীৰ এই যায় যায়,—জড়াৰ মুখলৈ চাই হাঁহি গল সেই ভুবন জিনা [ ৭৫ ] হাঁহি,—ক্ষমাৰ মাজেদি বৈ বৈ গল কি সেই অনুপম আনন্দৰ অমৃতধাৰা! আবিৰ্ভাৱৰ দিন ধৰি তিৰোভাৱৰ দিনালৈকে কৃষ্ণৰ জীৱন নিজে ফুল। ফুলটিৰ দৰে কেনে সহজ! যেনিয়ে চোৱা যায় তেনিয়ে শিৱ, তেনিয়ে সুন্দৰ, তেনিয়েই আনন্দৰ ঊৰ্ম্মিয়ে অন্তৰ জগত ঢৌৱাই যায়! জীৱন জোৰা কৰ্ম্মৰ তৰঙ্গ কৰ্ম্ম নহয়, আনন্দময়ৰ আনন্দলীলা!—অন্তৰেদি এই লীলা যদি কোনোৱে বুজিব খোজে, জানিব খোজে,—জানি জানি শেষ কৰিব নোৱাৰে, জনাৰ সীমা নাই, আনন্দৰ অন্ত নাই! কৃষ্ণ যেন এক অসীম সাগৰ,—মুখতে তাৰ ইমান তৰ, নিচেই অকণি অকণি আকলন ল’ৰায়ো পানীত খেল্‌খেলাই উমলি ফুৰে;—অলপ নামিলেই থাউনি পোৱা ঠাই, সাতুৰিব পৰাই সাতুৰি-নাদুৰি আনন্দত তাত ভাহি যায়;—আৰু তেহেলৈ তাৰ ইমান গভীৰ, ইমান দ’, যেয়ে যিমানে সাধনাৰ শক্তিৰে ডুব দি চাইছে সেয়ে সিমানে কব লাগিছে,—এই আনন্দৰ অন্ত নেপালোঁ,—অন্ত নাই, অন্ত নাই,—ই অসীম, ই অনন্ত! কৃষ্ণৰ কৰ্ম্ম যি, সি হ'ল আনন্দৰ লীলা; লীলাৰ তত্ত্ব যি, সি যে অসীম, সি যে অনন্ত! এই খিনিতে, এই খিনিতে কৃষ্ণ ঈশ্বৰেৰে একাৰ্থক, এই খিনিতে কৃষ্ণ ঈশ্বৰ, কৃষ্ণত ঈশ্বৰৰ সুপ্ৰকাশ! কৃষ্ণৰ পোৱা খিনি তথ্যেৰে যিখিনি নোপোৱা তত্ত্ব আছে; বাহিৰ ভিতৰ দুয়োকো লৈ কৃষ্ণ সমগ্ৰ সম্পূৰ্ন্ন—এই সম্পুৰ্ন্নতাতে পৰিপূৰ্ণতম ব্ৰহ্মৰ বিকাশ! এই সত্যটিকে যুগে [ ৭৬ ] যুগে কত যোগী, কত ঋষি, কত সাধকে যোগৰ প্ৰভাৱেৰে, তপস্যাৰ তেজেৰে, সাধনাৰ সিদ্ধিৰে উপলব্ধি কৰি হৃদয়ত প্ৰত্যক্ষ পৰশ পাই প্ৰাণৰ বিশ্বাসেৰে কবই লাগিছে,—কৃষ্ণ আমাৰ পূৰ্ণতমৰ পূৰ্ণপ্ৰভা দিব্য জ্যোতিৰে জিলিকি পৰিছে!—এনে হেন কৃষ্ণৰ যদি ঈশ্বৰত্ব এৰি দি ইতিহাস লিখা যায়, তেনে সেই কৃষ্ণ হব ঐতিহাসিকৰ কৃষ্ণ, ভাৰতৰ কৃষ্ণ নহয়! শব্দৰ পৰা ভাবক, বাক্যৰ পৰা অৰ্থক বাদ দিলে আৰু থাকিব কি? গতিকে ভাৰতে কৃষ্ণ চৰিত্ৰত ঈশ্বৰত্বৰ কথা বাদ দিব নোৱাৰে। ইমান অস্বাভাবিক অলৌকিকতা ভাৰতে যেতিয়া প্ৰাণেৰে উপলব্ধি কৰি স্বীকাৰ কৰি ললেই, অইন যিবিলাক পালী অলৌকিকতা সেইবিলাক এই ঘাইৰ লগে লগে এনেয়ে চলি যাব।

 কৃষ্ণ চৰিত্ৰৰ যে অপব্যৱহাৰ হোৱা নাই তাকো অস্বীকাৰ কৰিব নোৱাৰি। তেওঁ অতি মহৎ যেতিয়া তেওঁৰ অতি নিন্দা অতি অপব্যৱহাৰ থকাটো অতি স্বাভাবিক। অপব্যৱহাৰ হলেও সেইটি কৃষ্ণ চৰিত্ৰৰ দোষ হয় কেনেকৈ? আমাৰ দেশৰে এখন চহৰৰ লুইতৰ পাৰত গণেশৰ মূৰ্ত্তি এটি আছে। সেই মূৰ্ত্তিটিৰ কাষলৈ সদায় ঘনাই নহলেও মতাই তিৰোতাই ভালেখিনি লোক যায়; সেয়ে প্ৰাণেৰে প্ৰাৰ্থনা জনাই ভৱসাগৰ তৰিবলৈ নহয়, দেশৰ দেৱানী মকৰ্দ্দমাবোৰৰ আৰু মেলৰ বাদ-কুবাদৰ শপত খাই দায় সাৰিবলৈ। শপত সম্বন্ধে সেই মূৰ্ত্তিটিৰ ভালেখিনি মাহাত্ম্য ইতিমধ্যতে পাঁচালী [ ৭৭ ] পুথিত নহলেও মানুহৰ মুখে মুখে চলিবই লাগিছে। এই ব্যৱহাৰটি যদি দোষৰ বোলা যায়, তেনে সেই দোষটি কাৰ? মূৰ্ত্তিৰ নে শপত খাবলৈ যি দিয়ে আৰু যি খায় সেই বিলাকৰ?—এই ব্যৱহাৰত অকল যে দোষেই আছে তাকো কব নোৱাৰি! অন্ততঃ শপত খাবলৈকে মূৰ্ত্তিটিৰ ইজ্জৎ ফেৰা যে আজিলৈকে ৰক্ষা পৰি আছে, ইও কম কথা নহয়। এই কথাৰ গুণ ললেও তেনেই অথলে নেযায়!—ভণ্ড ভক্তই নিজৰ নীচ স্বাৰ্থ চৰিতাৰ্থ কৰিবৰ মনেৰে কেতিয়াবা কৃষ্ণৰ নামেৰে কপটতা কৰি কৃষ্ণৰ চৰিত্ৰত যে কলঙ্ক দিয়া নাই তাকো কোৱা টান। সেই কলঙ্কেৰে কৃষ্ণই বা কলঙ্কিত হয় কেনেকৈ? জোনত ছাঁ পেলাওঁ বুলি যদি কোনোবাই ক’লা কাপোৰ এডখৰি জোনলৈ ধৰে তাৰ ছাঁ পৰে ক'ত? কেতিয়াব৷ নিজৰ শক্তি সামৰ্থ্যেৰে ধৰ্ম্মৰ প্ৰাপ্যখিনি পাব নোৱাৰি তাকে পাবৰ মনেৰে অধৰ্ম্মই ধৰ্ম্মৰ ভাও ধৰে, ধৰ্ম্মৰ নামত কপটতা কৰে; প্ৰকাৰান্তৰে অধৰ্ম্মই তেতিয়া ধৰ্ম্মৰ মহিমাকে স্বীকাৰ নকৰে জানো? ভোগোন্মত্ত ৰাৱণে এইদৰে এবাৰ ত্যাগৰ মহিমা স্বীকাৰ কৰিছিল ত্যাগী সন্ন্যাসীৰ বেশেৰে ভাৰতৰ মূৰ্ত্তিমতী লক্ষ্মী সীতা দেবীক হৰণকৈ নিবলৈ আহোঁতে। এনে ধৰণৰ কলঙ্ক যদি পোৱা যায় তাক কলঙ্ক নুবুলি কলঙ্কিত জীৱনৰ ব্যাজস্তুতি বুলি ধৰি ললেই সকলো জৰৰ ওৰ পৰে। কৃষ্ণৰ আমাৰ বৰণ ক'লা; কলঙ্ক কালিমা পৰিলে তাত নিজেই সি হেৰাই যায়! [ ৭৮ ]  কৃষ্ণৰ জীৱনৰ ঐতিহাসিক তথ্য উদ্ঘাটন কৰোঁতে এই ঐতিহাসিক সকলে শিশুপালে কৃষ্ণক পৰা গালিখিনিৰো প্ৰয়োজন বুজিছে। কৃষ্ণৰ যদি এনে কোনো কলঙ্ক পোৱা যায়ো, সিও যে এদিনা সিবিলাকৰ কামতে নেলাগিব তাকে বা কয় কোনে? যুগে যুগে ভিন্ন ৰুচিৰ ভিন্ন লোকে কৃষ্ণক কি কি ভাবে চাইছিল জানিব খুজিলে সিও এক জানিবৰেই কথা। অত্যুক্তি আৰু অলৌকিকতা জগতৰ কোন জনা ধৰ্ম্ম সংস্থাপকৰ জীৱনীত নাই? তাৰ গন্ধ নেপালে পৃথিবীয়ে যে সহজে গ্ৰহণ কৰিব নোখোজে। য’ত গন্ধ নাই ত’তো সি গন্ধ দি লয়;—ই মানুহৰ মনৰ বিকাৰ, মন নমৰে মানে মাৰে কোনে?

 কেইটিমান ঘটনাৰ ওপৰে ওপৰে চাই কোনো কোনোৱে যাক কৃষ্ণ চৰিত্ৰৰ কলঙ্ক বোলে, সেয়ে দেখোন সাধু ভক্তৰ জ্ঞান আৰু প্ৰেমৰ পোহৰত একোখনি উজ্জ্বল লোকলৈ টানি লৈ যায়। আমি হয়তো হাবিৰ মাজৰ শিল এচপৰি দেখি তাত মোনাৰ পৰা উলিয়াই কটাৰীখনি ধৰাই লোৱাত বাজে আৰু অন্য একো সদ্‌ব্যৱহাৰ ভাবি নেপাব পাৰোঁ; ৰামচন্দ্ৰৰ দৰে মহাপুৰুষৰ পদস্পৰ্শত সিয়েই এদিন অহল্যা হৈ জাগি উঠে, কথা কয়। কোনে৷ কোনো ভক্তই কৃষ্ণৰ মহিমা উজলাবলৈ গৈ তেহেলৈ অতি ভক্তিতে হওক বা বৰকৈ বৰাই কৰাৰ ধাউতিতে হওক, অথবা নিজ নিজ সম্প্ৰদায়ৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈকে হওক মাজে মাজে কৃষ্ণ চৰিত্ৰ [ ৭৯ ] মলিন কৰি পেলাব পাৰে। তাকো ঠাই বুজি ভাৰতে ভক্তিৰ সৰলতা দেখিয়েই ভক্তৰ দান চিৰ পবিত্ৰ বুলি শিৰত তুলি লৈছে। বিশ্বকৰ্ম্মাই কৃষ্ণৰ এটি অতি সুন্দৰ মূৰ্ত্তি সাজিবলৈ লৈ সজাওঁতাৰ মনৰ লিক্‌লিকনিত তত্‌ নেপাই কোন্ধায়ে এৰি থৈ গল—উৰেষাৰ জগন্নাথ! সেই জগন্নাথৰ চিৰ শান্ত চিৰ পবিত্ৰ মূৰ্ত্তিটিৰ বিমল আলোকত সুন্দৰ অসুন্দৰ দেখোন মিলি গল! জ্ঞান অজ্ঞান, উচ্চ নীচ, কুলীন অকুলীন সকলো একাকাৰ হ'ল! ভক্তৰ জগতত আজি কতকাল সেই মূৰ্তিটিয়ে সকলো ভেদৰ অভেদ তত্ত্বেৰে ভক্তিৰ সুশীতল সোঁত বোৱাব লাগিছে।

 কৃষ্ণক ঐতিহাসিক মানৱ পাতিব খোজা আৰু এক উদ্দেশ্য হৈছে মানুহে যাতে সহজে সেই আদৰ্শ জীৱনৰ চানেকিকৈ লব পাৰে। তাৰে উদগনি দিবলৈ বুলি সূক্ষ্ম জগতৰ হাতে নোপোৱাৰ পৰ৷ স্থূল হাতে পোৱা জগতলৈ কৃষ্ণক আনি মানৱো যে এনে শ্ৰেষ্ঠ এনে মহৎ হব পাৰে তাৰে গৌৰব কৰা। তালৈকো মানুহ মানুহৰ শেষ চানেকি বুলি মানি লবলৈ ভাৰতৰ ঋষিয়ে ভাৰতক শিকাই যোৱা নাই। ভাৰতে শিকি লৈছে—“আত্মানং বিদ্ধি”,—আত্মাক জান,—অশেষত নিজে শেষ হৈ যা,—ব্ৰহ্ম হবলৈ সাধনা কৰ,—ব্ৰহ্মত তোৰ প্ৰকাশ হওক। এয়ে মানুহৰ শেষ লক্ষ্য। মহাপুৰুষ যীশুৱেও এই একে কথাটিকে ভাৰতৰ বাহিৰে আধেক জগত জুৰি কবই লাগিছে,—“তুমি তোমাৰ পিতা [ ৮০ ] –ভগবানৰ দৰে সম্পূৰ্ণ হোৱা।”—মানুহে আদৰ্শ লবলৈ টান পায় বুলি আদৰ্শটি ঠেক কৰি পেলালে মানুহৰ চেষ্টাও যে ঠেক হৈ যায়, যিখিনি সি পাব পাৰে তাকো নোপোৱা হয়। কৃষ্ণৰ আদৰ্শ চুটি নকৰাকৈ আমাৰে ইতিহাসৰ অন্য এটি স্থুল মানৱৰ অতি মহৎ চৰিত্ৰলৈ আঙ্গুলিয়াই দিলেই দেখোন কৃষ্ণৰ আদৰ্শও ৰক্ষা পৰে, আৰু টান পোৱা মানুহৰো মখ মৰে, যদিবাও জ্ঞান কৰাটো কোনোমতেই বাঞ্চনীয় বলিব নাৱাৰি। মানুহ অতি শ্ৰেষ্ঠ অতি মহৎ হব পাৰে বলি গৌৰব কৰাতকৈ, মানুহ দৈবা ভাবেৰে স্বয়ং ভগবান হব পাৰে বুলি কব পৰাটো বেচি গৌৰৱৰ নহয় নে? গৌৰব কৰিবলৈ গৈয়েই বা আমাৰ হৈছে কি? অতীতৰ গৌৰব কৰি কৰিয়েই দিন নিয়াইছোঁ। ভাৰতৰ ঋষিয়ে আকাশত আজিও গৰজিব লাগিছে,—আমাৰ গৌৰব কৰি কৰিয়েই তহঁত জীয়াই থাকিবি নে? তহঁতৰ গৌৰব কৰিবলৈ দিলি আমাক ক'ত? তহঁতৰ দৰে ঋণ শুজাব নোৱাৰা সন্তানো আমাৰ ওপজে! কৃষ্ণৰ কৃতিত্বৰ গৌৰব কৰিলেই কৃষ্ণৰ পূজা নহয়, কৃষ্ণৰ পুণ্য বাণীৰে নিজৰ জীৱন সঞ্জীবিত কৰাই হে কৃষ্ণৰ আচল গৌৰব। উপদেষ্টাৰ উপদেশলৈ আওকাণ কৰি যুক্তিৰ জালেৰে উপদেষ্টাক বৰ সৰু কৰাৰ প্ৰযত্নকে উপদেষ্টাৰ পূজা বা সম্মান কৰা বুলিব নোৱাৰি। জনসাধাৰণৰ আজি যদি কিবা একান্ত প্ৰয়োজন তেন্তে সি ভগবান শ্ৰীকৃষ্ণৰ অমৃতময়ী বাণীৰে জীৱন [ ৮১ ] জাগ্ৰত কৰি কৰ্ম্মৰ আসক্তি বিহীন বিধানেৰে মধুৰ সংসাৰ ৰচনা কৰা।

 কৃষ্ণক ইতিহাসলৈ অন৷ যি চেষ্টা চলিব লাগিছে, খুব সম্ভৱতঃ তাৰ মূলত নকলেও লুকাই আছে—লোকভয়,

 লোকে কি বোলাৰ লাজ! লোকভয় বা লোকলাজ কৃষ্ণ সাধনাৰ অন্তৰায়! লোকে কি বোলালৈ মন দিয়া হলে ৰাধাই কৃষ্ণক নেপালেহেঁতেন। পচিমৰ কত বিদ্বান, কত ধৰ্ম্মপ্ৰচাৰকে কৃষ্ণৰ কত কথা নকয়,—কৃষ্ণৰ ঐতিহাসিক সত্ত্বা নাই,—কৃষ্ণ এক কাল্পনিক তথ্য,—কৃষ্ণৰ যেনে হে চৰিত্ৰ, তেওঁ নিজেই ‘পৰিত্ৰাণ’ পোৱাটি টান, লোকক ‘পৰিত্ৰাণ’ দিয়ে কেনেকৈ? সেই একেই কথা, একে সুৰ, কিমান বিহালে, কিমানে বিহাব! সিবিলাকক সমিধান দিবলৈ গলে সিবিলাকৰ মুখ মাৰিব পৰা যি নহবই নে জীৱনত কৃষ্ণৰ আৰাধনাও নহব।—“অতো নষ্টঃ ততো ভ্ৰষ্টঃ!”—সিবিলাক গড়গাঁৱলৈ নগৈও গড়গাঁৱৰ বাতৰি দিব পৰা লোক। ইতিহাসৰ চৰিত্ৰকো সিবিলাকৰ দৰে সুচতুৰ বুদ্ধিমানে ৰূপক বুলি উৰাই দিব পাৰে। সিবিলাকৰ এজনে নিজৰ দেশৰ সিদিনাৰ ইতিহাস-প্ৰসিদ্ধ নেপ’লিয়নকো ৰূপক বুলিয়েই প্ৰচাৰ কৰিছে। এনে স্থলত কৃষ্ণক ইতিহাসলৈ আনিলেও ৰক্ষা কত? যি যুক্তিয়ে সত্যকো অসত্য কৰিব পাৰে, থকাকো নথকা বুলি দেখুৱাব পাৰে সি যুক্তি নে ভেলেকী? সেই মথুৰা, সেই বৃন্দাবন, সেই যমুনা জুৰি [ ৮২ ] আজিও কৃষ্ণ জীয়াই আছে, সেই মহাভাৰত, সেই পুৰাণে আজিও কৃষ্ণকথা কবই লাগিছে,—সিমানতো, সিবিলাকৰ মন যোগাবলৈ বুলি যদি কৃষ্ণৰ অস্তিত্ব প্ৰমাণ কৰিবৰ মনেৰে এখনি নতুন ইতিহাস যুগুত কৰা হয়, সিবিলাকৰ যুক্তি মতেই তিনি চাৰি হেজাৰ বছৰৰ পাচত লিখা গুণেই সেই ইতিহাসো যে প্ৰামাণ্য গ্ৰন্থ বুলি গ্ৰাহ্য নহব।

 “অইন কথালৈ নগৈ শ্ৰীগীতাৰ সকলো ধৰ্ম্ম কৰ্ম্মৰ অভাবনীয় সমন্বয়লৈ চালেই তাৰ অন্তৰালত যে এক অদ্বিতীয় প্ৰতিভাৰ অসাধাৰণ ক্ৰিয়া লুকাই আছে, এই কথাটি অস্বীকাৰ কৰে কোনে? এই অলৌকিক প্ৰতিভাৰ নাম দি ললোৱেই জানিবা শ্ৰীকৃষ্ণ, তাত কাৰ কেনি কি দায় লাগিল। আমি নাম দি ললেই তেনে হেন প্ৰতিভাৰ সত্ত্বা উৰি নেযায়।

 কৃষ্ণৰ পৰিত্ৰাণ সম্বন্ধে ধৰি ললেই হয় কৃষ্ণই আমাক যি পৰিত্ৰাণ দিয়ে, সেই পৰিত্ৰাণ দি হে তেওঁ পৰিত্ৰাণ পায়। তেনে চৰিত্ৰৰ কাৰণেই তেওঁ আমাৰ ভগবান। পৰিত্ৰাণ পালে হে পৰিত্ৰাণ দিব পাৰে এনে এজনা ভগবানো যদি আছে সেই জনা ভাৰতৰ নহয়। চুম্বকে লোহাক আকৰ্ষণ কৰে নে নকৰে, কেনেকৈ বা কৰে সেই কথা অইন ধাতুৱে বুজে কেনেকৈ? কৃষ্ণ-ভক্তিৰ লোহা এফেৰি লগাই নললে কৃষ্ণৰ টান বা পৰিত্ৰাণৰ কথা বুজা নেযায়! মুখৰ কথাত ঢেৰুৱা ঠাৰি নিসিজে।

[ ৮৩ ]  ইয়াত বাজেও কৃষ্ণক প্ৰকাশ্যে ইতিহাসলৈ অনাৰ আৰু যদি কিব৷ অপ্ৰকাশ্য যুক্তি আছে থাকক। অকল ইতিহাসৰ কৃষ্ণই ভাৰতৰ কৃষ্ণ নহয়। ভাৰতৰ কৃষ্ণ তাতোকৈ বেচি, তাতোকৈ উচ্চ, তাতোকৈ মহান্! ভাৰতৰ কৃষ্ণ কোনো স্বীকাৰ্য্যৰ প্ৰশ্ন বা প্ৰতিপাদনীয় পদাৰ্থ নহয়; ভাৰতৰ কৃষ্ণ জীৱন্ত জাতিগত সংস্কাৰ,—সহজ জান আৰু অন্তৰ্দশনৰ আভাস,—প্ৰেমিক হৃদয়ৰ সৌম্যদৰ্শন,—আনন্দৰ অতি উচ্চতম অনুভূতি!—ভাৰতৰ কৃষ্ণ আৰ্য্য সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱতা,—অন্তৰেদ্ৰিয়ৰ সাধনাৰ ধন,—আধ্যাত্মিক জগতৰ উজ্জ্বল সবিতা,—বিশ্ববিবৰ্ত্তনৰ প্ৰাণৰ প্ৰেৰণা,—কৃষ্ণ মূৰ্ত্তিৰ অন্তৰালত জিলিকি থকা বিশ্বৰূপৰ ত্ৰিভঙ্গভঙ্গিম শ্যামসুন্দৰ মূৰ্ত্তি,—যাৰ জনম নাই, মৰণ নাই,—নিতে নিতে ভাৰতৰ কদম্ব-মূলত সুললিত সুৰেৰে মধুৰ মুৰলী বজাব লাগিছে। প্ৰেমৰ ৰাজ্যত ভক্তিৰ ৰাজ্যত ভাৰতৰ কৃষ্ণ আজিও জীয়াই আছে, কথা কৈছে, উত্তৰ দিছে! ইতিহাসৰ কৃষ্ণ চলিল, অন্ত হ’ল! প্ৰাণেৰে, প্ৰেমেৰে চালে অন্তৰ্দৃষ্টিত জিলিকি পৰিব কৃষ্ণৰ যিটি অৰূপ, সেই অৰূপৰ ৰূপদৰ্শন! সেই হে কব খোজোঁ, ঐতিহাসিক যুক্তিৰে ভাৰতৰ কৃষ্ণক বুজিব নোৱাৰি; বুজিব লাগিব অন্তৰৰ অকপট সাধনাৰে, চাব লাগিব ভক্তৰ চকুৰে। ভক্তই চায় ভগবানৰ চকুৰে—প্ৰথমে দেখে অধ্যাত্ম সত্য, পাচত দেখে সূক্ষ্ম সম্ভাৱনাৰ সত্য, তাৰ পাচত স্থূল বাস্তৱৰ সত্য। আমি অভক্তই চাওঁ ওলোটা [ ৮৪ ] গতিৰে। প্ৰথমে আমাৰ চকুত পৰে বাস্তৱ সত্য। সূক্ষ্ম সম্ভাৱনাৰ মাজে দি অধ্যাত্ম সত্যলৈ আমাৰ দৃষ্টি কমেই হে যায়। বাস্তৱ সত্য, ইতিহাস বিজ্ঞানৰ সত্য লৈয়ে আমাৰ অনৰ্থক বাচ্যাবাচ্যি। আমি পাহৰি যাওঁ—স্থুল বাস্তৱ সত্যত বাজেও সূক্ষ্ম সম্ভাৱনাৰ সত্য, আৰু তাৰ পাচত অধ্যাত্ম সত্যও যে আছে।

 মৃত্যুৰ সিপাৰেও প্ৰেমানন্দৰ পৰশ দিবলৈ কৃষ্ণ আমাৰ ৰাতি দিন জাগি আছে। মন্দিৰে মন্দিৰে অখণ্ড প্ৰদীপ জ্বলি থকাদি পুৰুষে পুৰুষে হিয়াৰ তেলেৰে কৃষ্ণৰ জ্ঞানময় প্ৰদীপ জ্বলিয়েই আছে। কৃষ্ণৰ হাঁহিটি আছে গুণেই ঘনে ঘনে ইমান অত্যাচাৰ ইমান প্ৰবল আক্ৰমণতো ভাৰত আজি তললৈ যোৱা নাই।—ভাৰতৰ সোমনাথ!—চিতাৰ ক্ৰব্যাদ অগ্নিৰ ভীষণ তাপত শ্যামসুন্দৰ শ্ৰীকৃষ্ণৰ সুঠাম শৰীৰটি চিৰদিনলৈ য’ত ছাই হৈ গল,—সেই সোমনাথ! গোলোকলৈ গতি কৰাৰ আগতে য’ত নিঠুৰ প্ৰাণহন্তা জড়া ব্যাধক হাঁহি হাঁহি অগতিৰ গতিয়ে আমাৰ, গতি দি গৈছিল, সেই সোমনাথ!!—সেই সোমনাথ কতবাৰ বিজয়ীৰ জয়গৰ্ব্বত ছাৰখাৰ হ'ল। তেওঁচো কালৰ ধ্বংস লীলা তুচ্ছ কৰি চিৰজীবী কৃষ্ণৰ মধুৰ মুৰলী আজিও ভাৰত জুৰি বাজিব লাগিছে।

 এক কৃষ্ণকে কতই কত ভাবেৰে নেচায়! কংসৰ ধনুৰ্যজ্ঞত সগৌৰবে প্ৰবেশ কৰোতে বিভিন্ন ভাবৰ লোক মণ্ডলীয়ে [ ৮৫ ] কেনে বিভিন্ন ভাবেৰে দেখিছিল,—মল্লৰ মানত ভয়ঙ্কৰ বজ্ৰ, নৰৰ মানত নৰোত্তম, স্ত্ৰীৰ মানত মূৰ্ত্ত মদন, গোপৰ মানত আত্মীয় স্বজন, দুষ্ট ৰজাৰ মানত শাসনকৰ্ত্তা, নিজ পিতাৰ মানত শিশু, কংসৰ মানত যম, অবিদ্বানৰ মানত জড়, যোগীৰ মানত পৰম তত্ত্ব, আৰু বৃষ্ণিসকলৰ মানত পৰদেৱতা,—“মল্লানামশনি নৃণাং নৰবৰঃ স্ত্ৰীণাং স্মৰো মূৰ্ত্তিমান, গোপানাং স্বজনোঽসতাং ক্ষিতিভুজাং শাস্তা স্বপিত্ৰোঃ শিশুঃ। মৃত্যুৰ্ভো- জপতেৰ্বিৰাড়াবিদুষাং তত্ত্বং পৰং যোগিনাং, বৃষ্ণীনাং পৰদেবতেতি বিদিতে৷ ৰঙ্গং গতঃ সাগ্ৰজঃ॥”—যেয়ে যি ৰসেৰে, যি ভাবেৰে চায়, সেয়ে সেই ৰসৰ চূড়ান্ত, সেই ভাবৰ পৰাকাষ্ঠা যে কৃষ্ণত দেখে এয়ে কৃষ্ণ চৰিত্ৰৰ বিশেষত্ব! তেওঁ আমাৰ বিচাৰক, তেওঁক আমি বিচাৰত উৰাই দিওঁ; তেওঁ আমাৰ চিৰগৌৰব, অথচ তেওঁক আমি তিতিকাৰি দি থকাসৰকা কৰোঁ; তেওঁ আমাৰ চিৰ আৰাধনীয় ধন, তেওঁক আমি কলঙ্কত ডুবাই মাৰি তেওঁৰ প্ৰতিমা সাজি পূজা কৰোঁ। তেওঁ পৃথিবীৰ এক অভগন সাঁথৰ, এক অনন্ত প্ৰহেলিক৷! তেওঁ, তেওঁ যে আমাৰ ভগবান! নহলে ইমান আলৈ আথানিৰ মাজতো জলি থাকে কোন? জগত জোৰা এই উদ্ভণ্ডালি, অথচ দেশে দেশে, কালে কালে, প্ৰাণে প্ৰাণে তেওঁ যে ভগবান এই সত্য অনুভৱ হবই লাগিছে; আত্মাৰ প্ৰত্যক্ষ অনুভূতিত, সাধনাৰ চৰম সিদ্ধিত, অন্তৰ ৰাজ্যৰ ধ্যান ধাৰণাত তেওঁ ভগবান হৈ জিলিকি জিলিকি প্ৰেমৰ [ ৮৬ ] পৰশ দি ভাৰতৰ ভক্তকুল পৰমানন্দেৰে পুলকিত কৰিবই লাগিছে!

 হাজাৰ হলেও ইতিহাস হ’ল মনৰ লীলা। মনে ইন্দ্ৰিয়ক লৈ স্থুল জগতৰ ইন্দ্ৰিয়গ্ৰাহ্য পদাৰ্থবিলাকৰ ভিতৰত এইটি এইটিয়েই হে, ই আৰু অইন নহয় এনে ধৰণৰ বিশ্লেষণ কৰি ফুৰে, অব্যৱসায়ী বুদ্ধিয়ে তাকে যুকিয়াই লৈ সংকলন কৰি একো একোটি সিদ্ধান্তেৰে বাহিৰৰ পৰিচয় সাজি লয়। ইয়াতেই সিবিলাকৰ ক্ৰিয়াৰ শেষ। ইতিহাসেই হওক বা বিজ্ঞানেই হওক, সি মন আৰু বুদ্ধিৰ ভাঙ্গি পাতি জোৰা দিয়৷ লীলা। “মনসস্তু পৰা বুদ্ধিৰ্যে৷ বুদ্ধেঃ পৰতস্তু সঃ।”—মনৰ ওপৰত বুদ্ধি, বুদ্ধিৰ ওপৰত তেওঁ। “বাক্যই যেতিয়া তেওঁক প্ৰকাশ কৰিব খোজে, মনে যেতিয়া তেওঁক ধৰিবলৈ যায়, তেওঁক নেপাই বাৰে বাৰে বিফল হৈ উলটি আহে, আনন্দৰ মাজেদি যেতিয়াই সেই আনন্দৰ যোগ হয়, তেতিয়াই তেওঁক প্ৰত্যক্ষে পোৱা যায়। প্ৰাণৰ সকলো ভয় সকলো সংশয় দূৰ হৈ যায়।”—এয়েই সেই ভগৱান, এয়েই সেই জগতৰ আত্মা,—“যতো বাচো নিবৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ, আনন্দং ব্ৰহ্মণো বিদ্বান ন বিভেতি কুতশ্চন।” মস্তিস্কৰ যুক্তিয়ে য’ত দিক বিদিক নেদেখি থমকি যায়, হৃদয়ে ত’তে তাৰ অনুভূতিৰে অপৰূপ আলোকত সত্য স্বৰূপ আনন্দৰ জ্যোতি জল্‌জল্‌কৈ দেখিবলৈ পায়, প্ৰেমৰ হিল্লোলত প্ৰাণ নাচি উঠে। এই আনন্দস্বৰূপ ভগবানক, এই বিশ্বাত্মাৰ [ ৮৭ ] সুপ্ৰকাশ শ্ৰীকৃষ্ণক অন্তৰৰো অন্তৰৰ অনুভূতিৰ ৰাজ্যৰ পৰা মনৰ ৰাজলৈ টানি আনি চোৱা যেনে আত্মাক শৰীৰ বুলি চাব খোজাও তেনে। ভাৰতৰ প্ৰাণৰে৷ প্ৰাণৰ কথাটি কৃষ্ণ- প্ৰাণা গোপিনীসকলে ৰাসমণ্ডলত কেনেকৈ এদিন৷ গাই গ’ল—“ন খলু গোপিকানন্দনো ভবানখিলদেহিনামন্তৰাত্মদৃক্।”—সখি, তুমিতো গোপনাৰীৰ নন্দন নোহোৱা,— তুমি যে সকলো প্ৰাণীৰ অন্তৰ্য্যামী!—সেই হে ভাৰতে ইতিহাসৰ ভেটিত থাপনা নেপাতি হৃদয়ৰ কৃষ্ণৰ থাপনা পাতিছে হৃদয়ত।

 কৃষ্ণক এবাৰ হৃদয়ত থাপি লোৱা মানে অৰূপৰ ৰূপেৰে হৃদয়ত অনুভৱ কৰা—অন্তচক্ষুৰে দৰ্শন কৰা—নিৰাকাৰক সাকাৰ ৰূপেৰে উপাসনা কৰা। মোহাবিষ্ট অৰ্জ্জুনলৈ ৰূপৰ যিটি অৰূপ তাৰো ৰূপ লাগে—আদৰ্শৰ বিশ্বৰূপ লাগে—কৃষ্ণত শ্ৰীকৃষ্ণৰ দৰ্শন লাগে; নহলে আদৰ্শত আত্মসমৰ্পণ হয় কেনেকৈ? ধ্যানৰ বেলিকা, উপাসনাৰ বেলিকা ভগবানে দয়া কৰি দিব্য দৃষ্টি দিলে, অৰূপ চিন্তাই আপোনাআপুনি তদনুৰূপ প্ৰতিমাৰ ৰূপ লৈ, প্ৰতীকৰ আভাস লৈ আমাৰ প্ৰাণৰ মাজত জলি পৰেহি। তেতিয়া শব্দেৰে যি নিৰাকাৰ নিৰঞ্জন নাম সেয়ে ৰূপেৰে বিশ্বৰূপৰ সৌম্য প্ৰতিমা হৈ জিলিকি উঠে। ভাব, আবেগ আৰু শক্তিৰ অমূৰ্ত্ত গুণ একোটিৰো অৰূপৰ ৰূপ জাগি যায়। প্ৰতীকেই হওক, প্ৰতিমাই হওক, অথবা দৰ্শনৰ কোনো আভাসেই হওক, ধ্যান জগতত ধ্যান ধাৰণাৰ বিন্দু স্বৰূপে সি যে অপৰিহাৰ্য্য, সি যে নিত্য [ ৮৮ ] প্ৰয়োজনীয়; নহলে ধ্যান কৰা যায় কাৰ? ভক্তসকলে, মহাপুৰুষসকলে, সিদ্ধসাধকসকলে নিজ নিজ আদৰ্শৰ মূৰ্ত্তি অতি স্পষ্টকৈ আগত দেখি থাকে। ৰূপ অকল ইন্দ্ৰিয় গ্ৰাহ্য পদাৰ্থৰ যোগত মনেৰে সংযোগ থকা ইন্দ্ৰিয়তে হে যে ফুটি পৰে এনে নহয়; ইন্দ্ৰিয় যেতিয়া ঘোৰ নিদ্ৰাত অচেতন সমূলি তাৰ সাৰ সুৰ নাই, তেতিয়াও ৰূপৰ লহৰি অন্তৰ্জগতত ভাহি উঠে। মাজে মাজে সপোনে এই সত্যটিকে আমাক সোঁৱৰাই দি যায়। অকল ৰূপেই নহয়, সফল সপোনত বৰ্ত্তমানতে ভবিষ্যতকো দেখি। যিটি স্থূল জগতত ঘটিব তাৰ হুবহু চিত্ৰও কেতিয়াবা কেতিয়াবা আগতে অন্তৰত জিলিকি পৰে। আমাৰ ভিতৰৰ সেই—“অপাণিপাদো জবনো গ্ৰহীতা পশ্যত্যচক্ষুঃ স শৃণোত্যকৰ্ণঃ।”—যিটিয়ে হাত নহলেও লয়, ভৰি নহলেও বুলে, যিটিয়ে চকু নহলেও দেখে, কাণ নহলেও শুনে;—যাৰ অৰূপ ইচ্ছাৰ ৰূপান্তৰ এই দৃশ্যমান বিৰাট ব্ৰহ্মাণ্ড, সেই পুৰুষৰ প্ৰেৰণাত নহয় কি? ভবিষ্যত; দূৰ-ওচৰ, দেখা-নেদেখা সকলো এক হৈ যায়। যেতিয়াই ভক্তই সত্য একোটি বুজিবলৈ অমাতৰ মাত, অৰূপৰ ৰূপ বিচাৰি আকুল হৈ সেই পুৰুষৰ ফাললৈ চাই বিনাবলৈ ধৰে, তেতিয়াই পুৰুষৰ প্ৰেৰণাত আপোনাআপুনি শব্দৰ ঝঙ্কাৰ বাজি উঠে, ৰূপৰ ছবি আপুনি ফুটে। একো একোটি চিৰন্তন সত্য সায়ুধে সবাহনে সপৰিবাৰে এইদৰেই ৰূপৰ হাটত ভাহি যায়; ছন্দৰ মাজে, সুৰৰ মাজে, চিত্ৰৰ [ ৮৯ ] মাজে, ৰূপকথাৰ মাজে—ভাবে আবেগে শক্তিয়ে ৰূপ ধৰি ধৰি ভক্তৰ মুখেদি প্ৰেমেৰে প্ৰকাশ পায়। ভক্তই দেখে, প্ৰত্যক্ষে দেখে,—আধ্যাত্মিক জগতৰ যি একোটি তত্ত্ব, সেয়ে নিজ নিজ ভাবৰ অনুৰূপে দেৱতা আৰু অসুৰ হৈ আধিদৈবিক জগতত লীলা কৰি ফুৰে, আৰু এই দেৱতা আৰু অসুৰৰ আবেশ বা ৰূপান্তৰেই আধিভৌতিক জগতত স্থূল ৰক্ত মাংসৰ শৰীৰেৰে সকলোৰে চকুত পৰাকৈ একো একোটি ঘটনাত ফুটি পৰে। তেতিয়া আৰু বুজিবলৈ বাকী নেথাকে—কংস প্ৰমুখ্যে অসুৰ বিলাকেই যে সৃষ্টিৰ গতিত বাধা ওপজোৱা এক আসুৰ শক্তিৰ বিকৰ্ষণ বা তামসিক টান, আৰু কৃষ্ণই যে সৃষ্টি গতিৰ বাধা গুচাই নিয়াৰিকৈ চলাই নিয়া এক দৈব শক্তিৰ আকৰ্ষণ বা সাত্ত্বিক টান। কৃষ্ণ শক্তিত বাধা দিয়া ব্ৰজলীলাৰ আস্থৰ শক্তিৰ সমষ্টি ললে দেখা যায়,—কংসই তাৰ প্ৰধান কেন্দ্ৰ, পূতনা তৃণাবৰ্ত্ত আদি চৰিত্ৰবিলাক সেই শক্তিৰে একো একোটি ঢৌ বা প্ৰেৰিত অনুচৰ! ভক্তৰ বিশ্বাসত, ভক্তৰ অন্তৰ্দৃষ্টিত কৃষ্ণ তেতিয়া মানবেই নহয়,—কৃষ্ণ আধ্যাত্মিক জগতৰ কূটস্থ তত্ত্ব, আধিদৈবিক জগতৰ ভগৱানৰ অৱতাৰ, আৰু আধিভৌতিক জগতৰ নন্দৰ কানাই কৃষ্ণ; পূতনা তেতিয়া ভাব ধাৰাৰ পৰ৷ বিচ্ছিন্ন হৈ যোৱা এক “শিশুমাৰক ৰোগ” নহয়,—পূতনা আধ্যাত্মিক জগতৰ এক তামসিক তত্ত্ব, আধিদৈবিক জগতৰ কামৰূপা ৰাক্ষসী, আৰু আধিভৌতিক জগতৰ কংসৰ [ ৯০ ] প্ৰেৰিতা বাল-ঘাতিনী পূতনা! কব পাৰি এই যে প্ৰাণৰ মাজত ধ্যান জগতৰ ৰূপৰ লীলা, ই ভক্তৰ অন্তৰত আত্মাই স্ৰজা এক মায়িক সৃষ্টি! জগতখনিও যে পৰমাত্মাৰ মায়িক সৃষ্টিয়েই, এক যেন মধুৰ সপোন! সপোন ৰাজ্যত সপোনেই সঁচা, সচিতত জগত সঁচা! বিশ্ব চেতনাৰ প্ৰকাশত ফুটি পৰ৷ ধ্যান জগতৰ সত্য একোটি কিন্তু সফল স্বপ্নৰ দৰে ধ্যানতে৷ সঁচা, মূৰ্তমান জগততো সঁচা,—সি সকলো ঠাইতে সদায় সঁচা।

 আশ্ৰয় বিচাৰি ভগবানৰ কাষত উপবেশন কৰাই উপাসনা। নিষ্কাম ভাবে ভগবানৰ উপাসনা কৰিব পৰাটি অতি উচ্চ কথা। তালৈ হিয়াখনি উপযোগী নহয় মানলৈ সকাম ভাবে সৰল বিশ্বাসেৰে উপাসনা কৰাটোও নিচেই কম কথা নহয়। নাই-উপাসনাত কৈ অথবা কপট উপাসনাতকৈ সকাম উপাসনা বহু—বহুগুণে ভাল। সকাম উপাসনাত উপাস্যক ঈশ্বৰ বুলি প্ৰাণেৰে বিশ্বাস নকৰিলে উপাসনা কৰিবকে যে নোৱাৰি। ল’ৰাই মৃত্যু যন্ত্ৰণাত ছটফট কৰি আতুৰত “মা, মা” বুলি চিঞৰে, মৃত্যুৰ পুতলি মাকে তাক মৃত্যুৰ হাতৰ পৰা ৰাখিব পাৰিব নে নোৱাৰে সেইটি সি তেতিয়া বিচাৰ কৰিবলৈ হলে মাকক তাৰ মতাই নহব। —আচৰিত কথা এই হে—এনেদৰে এই অৱস্থাত মাকে চকুপানী টুকি জৰা- জীৰ্ণ হাতখনি যেই ল’ৰাৰ মুৰত বুলাই দিয়ে সেই এক অজ্ঞানা পৰশত বৈ পৰা শান্তিৰ শীতল ধাৰা ল’ৰাৰ মুৰলৈ [ ৯১ ] ব’লি আহি তাৰ মৃত্যু যন্ত্ৰণা শীতলাই পেলায়। জননীৰ কোলাত মৃত্যুৰ বিকট বিভীষিকা হেৰাই যায়। মৃত্যুৰ পাচতে৷ সি হয়তো দেখে—সেইখনি বিশ্ব জননীৰ কোমল কোলা। সি মা বুলি যি বিচাৰিছিল, তাকে পালে,—তাৰ কি শান্তি!

 ভগৱান কৃষ্ণৰ সাকাৰ মূৰ্ত্তিৰ আগত যদি প্ৰাৰ্থনাকে কৰা হয়—“প্ৰভো, মোৰ ভৱ-বন্ধন ছিঙ্গি দিয়া,”—তেনে তাত আৰু সন্দেহ কৰিলে নচলিব—তুমি ওপজাৰ দিনা কংস কাৰাগাৰৰ লোহাৰ কবাট কেটাকে মনে মনে খুলি দিব নোৱাৰিলা, মোৰ কাৰ্য। কাৰণৰ সূত্ৰেৰে বজ্ৰৰ বান্ধোন যেন নিকপ কপীয়া ভৱৰ বান্ধোন খুলিব পাৰিবা জানো!—মুখেৰে ভগবানক যদি সৰ্ব্বশক্তিমান বুলি মনেৰে ভাবিবলৈ হল—তুমি নো গোবৰ্দ্ধন পৰ্ব্বতটো ডাঙ্গি লব পাৰিছিলা নে?—তেনে সেই উপাসনা যে উপাসনা নহয়। কবাট খোল খালেই বা নেখালে, গোবৰ্দ্ধন উঠিলেই বা নুঠিলে—ভক্তই প্ৰাণেৰে বিশ্বাস কৰে ভগবান কৃষ্ণৰ অসাধ্য একো নাই,—তেওঁ সৰ্ব্বশক্তিমান! উপাসনাত ভক্তই বিচাৰ নকৰে, নিজৰ হৃদয় ঢালি দিয়ে। ভগবান আমাৰ অন্তৰে বাহিৰে পোৱা হৈয়েই আছে। আমি আমাৰ মন প্ৰাণ অন্যলৈ দি ভগবানলৈ নিদিওঁ গুণেই আমাৰ ভগবানেৰে মিলা নহয়, ভগবানক পোৱা নহয়। ভগবানলৈ নিজক দি দিয়াই সকলো উপাসনাৰ শেষ উদ্দেশ্য। এই বিশ্বাসেৰে ব্ৰজবিহাৰী গোপালৰ [ ৯২ ] উপাসনা কৰি কৰিয়েই কত ভক্তই সাধনাৰ সিদ্ধি লাভ কৰি প্ৰাণৰ শান্তি পাই গৈছে। ভক্তৰ শিৰোমণি ৰাজৰাণী মীৰাবায়ে গোবৰ্দ্ধনধাৰীৰেই ধ্যান কৰি প্ৰেমৰ আকুলতাৰে হাত মেলি মেলি “মেৰে গিৰ্‌ধাৰী লাল” বুলি বৃন্দাবনলৈ লৰ ধৰিলে আৰু নিজৰ জীৱনো সাধনাৰ সফলতাৰে সাৰ্থক কৰিলে। আমাৰ সকলে৷ গৰ্ব্ব সকলো বুদ্ধিৰ অভিমানলৈ হাঁহি এটি থৈ আকৌ এবাৰ পৰম-ভক্তৰ প্ৰাণত কাৰণ জগতৰ, আধিদৈবিক জগতৰ—সেই অগণন গ্ৰহ তাৰকাৰে কৃষ্ণৰ বিশ্ব ব্ৰহ্মাণ্ড ধাৰণ কৰ৷ বিশ্বাতীত ৰূপটি জিলিকি পৰিল। তাৰে ছাঁ একণি পৰি গ’ল স্থুল জগতৰ এই গোবৰ্দ্ধন ধাৰণৰ কাহিনীটিত।

 শ্ৰীকৃষ্ণক ঐশী শক্তি সম্পন্ন বুলি বিশ্বাস কৰিলেও বিশ্বপ্ৰকৃতিৰ অন্য শক্তিৰ, বল স্বভাৱতে তল পৰি যায়। সচৰাচৰ চলি থকা প্ৰাকৃতিক নিয়মৰ ব্যতিক্ৰম তেওঁৰ ইচ্ছাতেই হয়। তথাপিতো প্ৰশ্ন হব পাৰে—ঈশ্বৰে নিয়মৰ মাজেদিয়েই সকলো কাৰ্য্য সম্পাদন কৰিছে; নিজে নিয়ামক হৈ নিয়ম লঙ্ঘন কৰিব কিয়? এই কিয়ৰ উত্তৰ আমি নিয়মৰ জালী-পুতলিবোৰে নিদি নিয়ামকে দিব বুলি থৈ দিয়াই ভাল। সাধাৰণ দণ্ডবিধি আইন প্ৰণয়ন কৰোতে সেই আইনৰ বিধাতা বা অভিভাবক ৰজা জনক দণ্ডবিধিৰ অতীত বুলি ধৰি নললে নহয় যেন লাগে, এনেস্থলত বিশ্বপ্ৰকৃতিৰ নিয়ামক যি ভগবান তেওঁক আমি নিয়মেৰে [ ৯৩ ] বান্ধিব খোজোঁ কোন মুখেৰে? দেশ কালৰ জাল পেলাই দেশ কালৰ অতীত ভগবানে আমাৰে উমলিব লাগিছে। সেই দেশ কালৰ জালেৰে দেশকালাতীতৰ লগত আমি আকৌ ওমলোঁ কেনেকৈ? ঈশ্বৰৰ নিয়মৰ লৰচৰ নহলেও মাজে মাজে কোনো কথাৰ ব্যতিক্ৰম স্বভাৱত দেখিবলৈ পোৱা যায়; আৰু সেই ব্যতিক্ৰমৰ কাৰণ নেদেখি নুবুজি আমি অনেক সময় তাক স্বভাৱৰ চাপল্য বা “খেয়াল” বুলি মানি লওঁ। ব্ৰজলীলাৰ ব্যতিক্ৰম বোৰ এই দৰেই প্ৰেমিক ভক্তই ভগবানৰ প্ৰেমৰ লীলা বুলিয়েই মানি লয়!

 এদিন আছিল—শ্ৰীকৃষ্ণক পূৰ্ণাৱতাৰ বা স্বয়ং ভগবান বুলিবলৈ পচিমৰ চমকত প্ৰথমে আন্ধি লাগি আমাৰে হুই একে অলপ মুৰ খজুৱাইছিল। আজি কালি দৰ্শন বিজ্ঞানৰ পোহৰত এই কথাৰ বিশদ আলোচনা কাগজে-পাতিয়ে, কিতাপে-পত্ৰই বহুবাৰ হৈ যোৱাৰ পাচত খোলাখুলিকৈ একেষাৰ কব পৰ৷ অৱস্থ৷ আহিছে। এতিয়া আৰু সঙ্কোচ নেলাগে।

 নাস্তিকসকলে ঈশ্বৰ নেমানে। সিবিলাকৰ কৰ্ত্তা এক অন্ধ শক্তি। সিবিলাকক বুজোৱা চেষ্টা বৃথা। সিবিলাকৰ ভিতৰত আকৌ যি সকল দোৰ্ঘোৰ প্ৰত্যক্ষবাদী—সেই সকলক বুজাবলৈ মস্তিস্কই আমাৰ নাই; কিয়নো মস্তিস্ক আছে যে তাক প্ৰমাণ কৰিবলৈ গৈ আমাৰ মস্তিস্ক বিদাৰ দেখুৱাই দিবলৈ আমি সমূলি নাৰাজ!

[ ৯৪ ]  ঈশ্বৰৰ অস্তিত্ব মনা ভাৰতৰ শিক্ষিত দাৰ্শনিক সকলৰ প্ৰায় সকলোৱেই শ্ৰীকৃষ্ণক পূৰ্ণৱতাৰ বুলি স্বীকাৰ কৰে। ইবিলাকৰ ভিতৰৰ যি সকল অদ্বৈতপথাবলম্বী সেই সকলৰ কোনো কোনো যাত্ৰীয়ে হয়তে৷ সুধিব পাৰে,—“জীব ব্ৰহ্মৈব নাপৰ”, জীৱই যদি ব্ৰহ্ম হয় তেনে পূৰ্ণ বা অংশাৱতাৰ বোলাৰ প্ৰয়োজন কি? এই আপত্তি উঠাৰ আশঙ্কা দেখিলে কব পাৰি,—পঞ্চভৌতিক দেহাৰ বিকাৰেই প্ৰপঞ্চ। এই প্ৰপঞ্চ বা দেহাৰ বিকাৰৰ মাজেদি নিৰ্ব্বিকাৰ ব্ৰহ্ম বা অপ্ৰপঞ্চৰ যি বিকাশ হয় সেয়েই জীৱ। পঞ্চভূতৰ তাৰতম্য অনুযায়ী সত্ব ৰজ তম এই তিনি গুণৰ সংযোগৰ হীন-ডেঢ়িত কেতিয়াবা কোনো কোনো প্ৰপঞ্চৰ আধাৰ মলিয়ন, কোনো কোনো নিৰ্ম্মল হয়; তাৰ মাজেদি ব্ৰহ্মৰ বিকাশ কেতিয়াবা নিজিলিকা হয়, কেতিয়াবা গোমোঠা হয়, কেতিয়াবা বৰকৈ জিলিকা হৈ পৰে। যি আধাৰৰ জিলিকনি এটাইতকৈ বেচি তাতে পূৰ্ণবিকাশ আৰু কমকৈ জিলিকাবিলাকত অংশ বিকাশ বুলি নকলে যে প্ৰকাশ কৰিবৰ উপায় নেথাকে। এই কথাটিকে দৃষ্টান্তেৰে ফট্‌ফটীয়াকৈ ফুটাই তুলিবলৈ কোনো কোনো মনীষীয়ে বেলোলৰ মাজেদি অহা পোহৰৰ পটন্তৰ দিয়ে। নানা বোলেৰে বোলোৱা বেলোলৰ মাজেদি অহা একেটা পোহৰকে ভিন ভিন পোহৰ যেন দেখা যায়। ফটিকৰ ধাৰ যেন নিকা বেলোলৰ মাজেদি শুধ পোহৰৰ আচল স্বৰূপ যেনেকৈ [ ৯৫ ] দেখা যায়—কোনো কোনো মহাপুৰুষৰ শৰীৰত সেইদৰেই ব্ৰহ্মৰ পূৰ্ণবিকাশো দেখি। এই মতেৰে চাব খুজিলে কৃষ্ণৰ দেহাটি যেন এচটি চিক্‌চিকীয়া নিকা বেলোলৰ প্ৰপঞ্চ, তাত ব্ৰহ্মৰ পূৰ্ণ তেজ জিলিকি পৰিছে।

 যি সকলে জীৱ আৰু ব্ৰহ্মৰ ভেদ মানে সেই দ্বৈতবাদী সকলৰ কেবাটিও শ্ৰেণী বিভাগ আছে। তাৰ ভিতৰৰ অভিমানী শিক্ষিতৰ দলটিয়ে সহজে বুজিব নোখোজে। এই দলৰ নমুনা শিশুপাল আৰু দুৰ্য্যোধন। ভগবানৰ যি বিৰাট বিশ্বৰূপ দেখি পাৰ্থৰ হৃদয়গ্ৰন্থি খুলি গৈ সন্দেহ দূৰ হ’ল, সেই বিশ্বৰূপক ইবিলাকে যায় বান্ধিবলৈ।

 স্বভাৱতে দ্বৈতবাদীৰ যি অশিক্ষিত দল আছে, সিবিলাকৰ মাজত অৱতাৰবাদ এনেয়ে সহজে প্ৰচলন হৈয়েই আহিছে। সিবিলাকে দেৱে ধৰা বা ভূত লম্ভা কথ৷ আখৰে আখৰে বিশ্বাস কৰে। ভূত মেলোৱা বেজে ভূত মেলাবও পাৰে, খেদাবও পাৰে। এই বিশ্বাসতে মাজে মাজে হত্যাকাণ্ড হোৱাৰ ঘটনাও আদালতৰ নথিত অনেক আছে। দুষ্ট ভূতে যেনেকৈ দেহীক দেহাৰ পৰ৷ বাজকৈ থৈ সেই দেহা কিছুকাল ভোগ কৰে, সেইদৰে কোনো কোনো পবিত্ৰ আত্মায়ো মনুষ্য শৰীৰত থাকি কিছুকাল যে ভোগ কৰে তাকো সিবিলাকে সত্য বুলি মানি লয়; আৰু এনে পবিত্ৰ আত্মাই পোৱা কোনো লোক দেখিলে সিবিলাকে সভক্তিৰে পূজা কৰে। পবিত্ৰ আত্মাই যদি অন্য দেহত [ ৯৬ ] ঠাই লব পাৰে, ভগবানে ঠাই লবলৈ বাধা থাকিল কি? আমাৰ সাধাৰণ কথাত ‘লম্ভা' যি, সংস্কৃতত “আবেশো” সি। লক্তা শব্দ ভূতৰ বেলিকা খাটে কাৰণে কোনো সিদ্ধপুৰুষ বা ভগবানৰ বেলা আবেশ বোলাই শিষ্টাচাৰ।

 জানি বুজি দ্বৈতবাদী হোৱা শিক্ষিত ভক্তসকলে মানি লয়—ইচ্ছা আৰু কৰ্ম্মৰ বাসনাৰ বলেৰে আত্মাই দেহান্তৰ গ্ৰহণ কৰি নিজ নিজ অভিলষিত কৰ্ম্মফল ভোগ কৰে; প্ৰয়োগ মনোবিজ্ঞানৰ আলোকত সিবিলাকে দেখি শুনি আৰু বিশ্বাস কৰে, যোগী ঋষিৰ কথাই নাই সাধাৰণ লোকেও অভ্যাসৰ বলত নিজৰ ইচ্ছাশক্তি চালনা কৰি অন্য শৰীৰৰ ৰোগ নিৰাময় কৰে, আৰু ইচ্ছা অনুযায়ী কামো কৰাই লয়। যোগী ঋষি সকলৰ যোগৰ বলত দেহান্তৰ আশ্ৰয় কৰা কথাৰ সবিশেষ প্ৰমাণ পাই সিবিলাকে যেতিয়া দেখে—কেনিও ক’তো অসাধাৰণ শিক্ষা বা অলৌকিক সামৰ্থ্যৰ নিদৰ্শন নাই, অথচ ৰক্ত মাংসৰ লোক এজনে শৰীৰেৰে সাধিছে সাধাৰণে সাধিব নোৱাৰা জগতৰ অতি অদ্ভুত মঙ্গলজনক কাম, মুখৰ কথাৰে ফুটাই তুলিছে সংসাৰৰ অতি জটিল সমস্যাৰ প্ৰাঞ্জল সমাধান, শত অপমান শিৰত লৈ বাট হেৰোৱা বাটৰুৱাক অলক্ষিতে টানি নিছে অসীমৰ স্নিগ্ধ আলোকলৈ;—আৰু যেতিয়া দেখে এই অসাধাৰণ শক্তি বা তেজ কোনো লোকলৈ অতিথিৰ দৰে আহি চিন চাব মাৰি গুচি যায়, [ ৯৭ ] কেতিয়াবা বা লোকশিক্ষাৰ কাৰণে সংসাৰৰ সমস্যা সাধন নোহোৱালৈকে কোনো লোকত ৰৈ ৰৈ যায়; তেতিয়াই অনা-কাৰণিৰ এই শক্তি, এই তেজ,—এই সাধাৰণৰ অসাধাৰণ,—ইয়াতে অসামান্য বিভূতিৰ বিকাশ দেখি শুনি ঈশ্বৰৰ বিভূতি বুলি নতশিৰে স্বীকাৰ কৰে, আৰু বিকাশৰ ভেদে কোনো কোনো অৱতাৰৰ শৰীৰত মুক্ত পুৰুষৰ আবেশ, আৰু কোনো অৱতাৰত পুৰুষোত্তম ভগবানৰ আবেশ বুলি প্ৰাণেৰে বিশ্বাস কৰি নিজ নিজ ৰুচিৰে পূজা কৰে।

 এই দুই শ্ৰেণীৰ দোমোজাত আৰু এটি শ্ৰেণী আছে, সিবিলাকে ভূতে পোৱা মানুহৰ গাত কেতিয়াবা মৃগীৰোগৰ সাদৃশ্য লক্ষণ দেখিলে তাক মৃগী বুলি উৰাই দি গহীনাই কয়,—এইবোৰ ভূতে ধৰা কথা কুসংস্কাৰ! অথচ সিবিলাকৰ ঘৰত ভূত লম্ভিলে ভূতৰ ওজাৰ ঘৰলৈ ঢাপলি ধৰোঁতে তৰা নৰা ছিগি যায়। শিক্ষিতৰ ভিতৰত যিবিলাক প্ৰেত- তত্ত্ববাদী আৰু ৰোগতত্ত্ববিং সেই সকলে কয়,—ভূতে লম্ভাৰ গাত যি মৃগী লক্ষণ দেখা যায়, সি আচলতে ৰোগৰ লক্ষণ নহয়, কোনো অবাঞ্ছনীয় প্ৰেতাত্মাই বলেৰে শৰীৰ ভোগ কৰিবলৈ আহোঁতে শৰীৰৰ গৰাকীৰ লগত ভিতৰি যি আঁজোৰ-পিজোৰ লাগে সেইবোৰ তাৰ হে লক্ষণ। সময়ে সময়ে সেই অবাঞ্ছনীয় প্ৰেতাত্মাৰ আগৰ স্থূল শৰীৰৰ আকৃতি আৰু অঙ্গি-ভঙ্গি পৰ্য্যন্তও লম্ভা শৰৰীৰ সেই লক্ষণত ফুটি

 [ ৯৮ ] পৰে। মুখৰ কথাতো সময়ে সময়ে নজনা নুশুনা কথা এনে অবিকল সঁচাকৈ ওলাই পৰে যে তাক প্ৰলাপ নুবুলি প্ৰলাপ বুলি উৰাই দিয়াটি প্ৰলাপ বুলিলে হে বেচিকৈ খাই পৰে। কামাখ্যাৰ দেওধনি, কিম্বা “ডেল্‌ফ্ৰিৰ অৰেকোল” কোনো এটিয়েই একেবাৰে উৰাই দিব লগীয়৷ বস্তু নহয়।

 শিক্ষিত সকলৰ কোনো কোনোৱে মুখেৰে অৱতাৰ সম্বন্ধে সবিশেষ প্ৰতিবাদ নকৰিলেও মাজে মাজে এটি আপত্তি কৰাৰ কথা শুনা যায়। বিৰাট ব্ৰহ্মাণ্ডৰ অধীশ্বৰ নিৰ্ব্বিকাৰ নিৰঞ্জনে এটা বালিচাহীৰো বালিচাহী যে মানৱ, তাৰ গাত তেওঁৰ বিৰাট ঐশ্বৰ্য্যেৰে প্ৰবেশ কৰি অথবা তদনুৰূপ দেহা ধাৰণ কৰি মানুহৰ লঘু লাঞ্ছনাৰে নিজক ইমান অপমানিত কৰে বুলি ভবাটো বৰ আচৰিত। এটা হাতীৰ গাত জীৱৰ দুখ সুখ সমন্বিতে যি অন্তঃসংজ্ঞা, জীৱৰ জন্ম, অস্তিত্ব, বৃদ্ধি, বিপৰিণাম, অপক্ষয় আৰু বিনাশ এই ছয় বিকাৰেৰে যি জৈবিক তত্ত্ব ফুটি পৰে,—বেজীৰ জলা এটিত থকা জীবাণু পুঞ্জৰ এটিৰ গাতো সেই জৈবিক তত্ত্ব পূৰ্ণ মাত্ৰাৰে থকা কথাটো আচৰিত হলেও সঁচা। সেইহে ভাৰতে ভগবানক আজিও কব লাগিছে—তুমি মহতৰ মহীয়ান্, অণুৰো অনীয়ান্!

 ভগবানে বিৰাট ঐশ্বৰ্য্যেৰে দেখা দিলে ক্ষুদ্ৰাতিক্ষুদ্ৰ মানৱৰ এনে সাধ্য নাই সি সেই ঐশ্বৰ্য্য উপভোগ কৰে। ভগবানে নিজৰ সৃষ্ট সূৰ্য্যটিতে ইয়াৰ ইঙ্গিত দি থৈছে। সূৰ্য্যৰ যি জ্বলন্ত তেজ, সেই তেজ চকুৰে চালে চকু ছাই [ ৯৯ ] হ’লহেঁতেন, পৃথিবী পুৰি ভস্ম হ'লহেঁতেন; এনে এক বিশ্বদাহী জ্যোতিপিণ্ডৰ ৰশ্মি বায়ু মণ্ডলৰ মাজেদি প্ৰশান্ত হৈ আহি পৃথিবী স্বাস্থ্য আৰু শস্য সম্পদেৰে নদন-বদন কৰি তুলিছে। অনন্তৰ আদি অন্তহীন বিশ্বৰূপ স্থিৰ নেত্ৰে চাব পৰা বীৰ পৃথিবীত কেইজন? দৰ্শনৰ অধিকাৰী মহাবীৰ অৰ্জ্জুনে কুৰুক্ষেত্ৰৰ সমৰাঙ্গনত ভগবানৰ শৰীৰত বিশ্বৰূপ দেখি ভয়ত কঁপি কঁপি কবলৈ ধৰিছিল,—“সংহৰণ কৰাঁ, সংহৰণ কৰ। তোমাৰ এই অদ্ভুত ৰূপ! মোৰ দিগ্বিদিক জ্ঞান উৰি গ’ল, মোৰ সুখ কেনি গ’ল,—মোৰ কি হ’ল! হে জগন্নিবাস! প্ৰসন্ন হোৱাঁ।” ভগবানে তেতিয়াই সেই ৰূপ সামৰি সাৰথিৰ বেশেৰে অৰ্জ্জুনৰ আগত থিয় দিলে,—তেহে অৰ্জ্জুন প্ৰকৃতিস্থ হ’ল।

 শিক্ষিত সকলৰ ভিতৰত যিটি শ্ৰেণীয়ে ভালকৈ বুজিবলৈ হলে পচিমীয়া সিদ্ধান্তৰ বিশেষ প্ৰয়োজন স্বীকাৰ কৰে সিবিলাকলৈ নতুন মনোবিজ্ঞানৰ “কন্‌ট্ৰ’ল” বা “পজেচন” আৰু প্ৰেতত্তত্ত্ববাদীসকলৰ “মিডিয়ম” আদি তত্ত্ব বৈজ্ঞানিক যুক্তিৰে প্ৰমাণ হোৱাত ভাৰতৰ অৱতাৰবাদত বহুতো পোহৰ পৰিছে। “কন্‌ট্ৰ’ল” বা “পজেচনে” যি বুজায় আমাৰ ভাষাত সেয়ে আবেশ। অন্য আত্মাৰ আবেশ হোৱাৰ যিটি আধাৰ বা দেহা সেয়ে “মিডিয়ম”।—পচিমীয়া মনোবিজ্ঞানৰ দাৰ্শনিক কেজন মানে কয়,— আমাৰ মস্তিস্ক চৈতন্যৰ দুৱাৰ বা উপাধি। এই ক্ষুদ্ৰ মস্তিস্কত যিকণি চৈতন্য প্ৰকাশ পায় [ ১০০ ] তাক জাগ্ৰত চৈতন্য বোলে। ই অতি বৃহত্তৰ অখণ্ড জগৎ চৈত্যৰ ভগ্নাংশ মাথোন। এই অখণ্ড চৈতন্যৰ অব্যক্ত ভাগৰ অলপ অংশই আকৌ কেতিয়াবা কেতিয়াবা ধ্যান, দিব্য দৃষ্টি, আৰু সফল স্বপ্ন স্বৰূপে অকস্মাৎ মস্তিস্কৰ দুৱাৰে দি দেখা দিয়ে। এই দেখা দিয়াকে নিঃসন্দেহেৰে আমি আবেশ বুলি ধৰি লব পাৰোঁ; কিয়নো, ইয়েই যে অব্যক্ত চৈতন্যৰ আকস্মিক বিকাশৰ ব্যক্ত ভাব,—ক্ষুদ্ৰাতি- ক্ষুদ্ৰ চেতনাত বিশ্ব চেতনাৰ পৰশৰ অতিযোগ! ইয়াৰেই অল্প বিকাশ বিভূতি, আৰু মহৎ বিকাশেই অৱতাৰ!

 শিক্ষিত সকলৰ ভিতৰত অৱতাৰ মনা দল এটিয়ে আৰু এটি আসোঁৱাহ উলিয়ায়। কোনো কোনো শুধ চিতীয়া মানুহত কোনো কোনো মহাপুৰুষৰ আবেশ হব পাৰে; কিন্তু ভগবানৰ আবেশ হব পৰা শুদ্ধ সত্ত্বৰ শৰীৰ মানুহৰ ভিতৰত নাই যেতিয়া, ভগবানে আবেশৰ বেলিকা এটি শুদ্ধ সত্বৰ মায়াৰ শৰীৰ আশ্ৰয় কৰে। সি আচলতে মানুহৰ শৰীৰ নহয়, শৰীৰৰ এটা প্ৰতিভাস মাথোন। আজি কালি বিজ্ঞান দৰ্শনৰ মিলন সন্ধিত যি স্পষ্ট পোহৰ পৰিছে তাৰ আলোকত ভাৰতৰ যোগী ঋষিৰ আত্মাই ইচ্ছা কৰি যে নৰতনু গ্ৰহণ কৰিব পাৰে এই বিশ্বাস জিলিকি পৰিছে। এই সকলোবিলাক আশঙ্কা আৰু সন্দেহৰ মুৰ মাৰি আজি বিশিষ্ট অবিশিষ্ট নিৰ্ব্বিশেষে অধিকাংশ শিক্ষিত সম্প্ৰদায়ৰ এক অটল বিশ্বাস জাগি উঠিছে—কোনো কোনো পবিত্ৰ [ ১০১ ] আত্মাই জগতৰ মঙ্গলৰ কাৰণে নৰতনু গ্ৰহণ কৰেহি যে ই সত্য কথা; আৰু সেই পবিত্ৰ তনুত অৱস্থা বুজি ভগবানৰ আবেশ হয় এই কথাকে যে মহাভাৰত, দেবী ভাগৱত, শ্ৰীমদ্ভাগবতৰ মাজেদি ভাৰতৰ ঋষি মুনিয়ে কৈ গৈছে। ধৰ্ম্মৰ ঔৰসত দক্ষকন্যা মূৰ্ত্তিৰ গৰ্ভত জন্ম লৈ যি নৰ আৰু নাৰায়ণ ঋষিয়ে বদৰিকাশ্ৰমত উগ্ৰ তপস্যাৰে নিজৰ শৰীৰ শুদ্ধ সাত্বিকতাৰ সম গুণলৈ আনিছিল, সেই নাৰায়ণ ঋষিয়ে দৈবকীৰ গৰ্ভত কৃষ্ণৰূপে আৰু নৰ ঋষিয়ে কুন্তীৰ গৰ্ভত অৰ্জ্জুনৰূপে জন্ম ধাৰণ কৰিলেহি। নাৰায়ণ ঋষিত ভগবানৰ উজ্জ্বল তেজৰ আবেশ হৈছিল! এই তেজৰ জ্যোতি কেতিয়াবা উজ্জ্বল, কেতিয়াবা উজ্জ্বলতৰ, আৰু কেতিয়াবা উজ্জ্বলতম হৈ জ্বলি উঠিছিল,—সেয়ে মথুৰালীলা, দ্বাৰকালীলা আৰু ব্ৰজলীলা!

 বঙ্গদেশৰ বৈষ্ণৱ সম্প্ৰদায়ৰ মতে শ্ৰীকৃষ্ণৰ ব্ৰজলীলাত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিৰ অথবা কাৰণাৰ্ণবশায়ী মহেশ্বৰৰ তেজ, দ্বাৰকালীলাত ব্ৰহ্মাণ্ডৰ অধিপতিৰ বা গৰ্ভোদক- শায়ী মহাবিষ্ণুৰ তেজ, আৰু মথুৰা লীলাত এই পৃথিবীৰ অধিকাৰী শ্বেতদ্বীপাধিপতি বিষ্ণুৰ বা ক্ষীৰোদাৰ্ণবশায়ী ভগবানৰ তেজ। সিবিলাকে কৃষ্ণৰ জীৱনীৰ আৰু দুটি ঘটনালৈ আঙ্গুলিয়াই কয়,—ওপজা কৃষ্ণক বসুদেৱে নন্দৰ ঘৰলৈ লৈ যাওঁতে বাটতে কৃষ্ণ যেতিয়া যমুনাত পৰিলে তেতিয়াই ক্ষীৰোদশায়ী বিষ্ণুৰ দেহা যমুনাতে পৰি ৰল। ব্ৰজপুৰলৈ [ ১০২ ] বসুদেৱে যাক লৈ গল সেইয়া মহেশ্বৰ বিষ্ণুৰ মায়িক দেহা। সেই দেহা নিত্য বৃন্দাবনৰ নিত্য লীলা লৈয়ে আজিও আছে,—“বৃন্দাবনং পৰিত্যজ্য স ক্বচিৎ নৈব গচ্ছতি।” অক্ৰূৰে যেতিয়া ব্ৰজপুৰৰ পৰা মথুৰালৈ কৃষ্ণক লৈ আহিল কৃষ্ণক তৰুতলৰ ৰথৰ ওপৰত থৈ যমুনাৰ জলত বুৰ মাৰি দেখে,—কৃষ্ণ নহয়, ক্ষীৰোদশায়ী ভগবানৰ মূৰ্ত্তি, সেই বসুদেৱে এৰি থৈ যোৱা মূৰ্ত্তি, তাকে মথুৰালৈ লৈ গ'ল। এই বিশ্বাসতে সিবিলাকে কব খোজে যদুপতি কৃষ্ণ ব্ৰজপতি কৃষ্ণ নহয়। ব্ৰজপতি কৃষ্ণ গকুলৰ গৰখীয়া, যদুপতি কৃষ্ণ মথুৰাৰ ৰাজকুমাৰ! ভাবত দুইৰো তাৰতম্য—গকুলৰ গোপ গোপীয়ে মথুৰাত কৃষ্ণক চাবলৈ গৈ যেতিয়া ৰাজকুমাৰ বেশেৰে দেখিলে, তেতিয়া কলৈ আহিলো বুলি থমকি গ’ল,—চকু তললৈ দি থিৰ দিলে! অন্তৰ্যামী কৃষ্ণই সিবিলাকৰ ভাব বুজিব পাৰি, ততালিকে চূড়াত মৈৰা পাখি আৰু পিঠিত ধৰা লৈ মুখৰ মোহন বংশীৰে হাঁহি হাঁহি দেখা দিলেহি। গোপ গোপিনীয়ে আনন্দত উত্ৰাৱল হৈ তেতিয়াহে হেপাহেৰে কৃষ্ণক কৃষ্ণ বুলি সাবটি ধৰিলে।—ইয়াত ভক্ত হৃদয়ৰ মাধুৰ্য্য আৰু ঐশ্বৰ্য্য ভাবৰ তাৰতম্য অথবা নিগূঢ় ৰহস্য থাকিলেও সাধাৰণ চকুৰে আৰু সহজ জ্ঞানেৰে চালে গোটেই কৃষ্ণৰ জীৱনত অৱস্থা ভেদে বিষ্ণুৰ মহাবিষ্ণুৰ আৰু মহেশ্বৰৰ তেজ প্ৰকাশ যে পাইছিল তাত অবিশ্বাস কৰিবলগীয়া একো নাই। লীলাৰ ছলেৰে যশোদাৰ আগত, [ ১০৩ ] বৃন্দাবনৰ ৰাস মণ্ডলত যি মহেশ্বৰৰ তেজৰ আভাস জলি উঠিছিল, সেই তেজ কুৰুক্ষেত্ৰত অৰ্জ্জুনৰ আগত প্ৰকাশ পোৱা সকলো কাল সকলো ব্যৱধান ব্যাপি থকা এই নিখিল বিশ্বৰ পৰম নিধান অক্ষৰ অব্যয় পৰম ব্ৰহ্ম বিশ্বৰূপৰ কল্পনাতীত তেজতকৈ কোন গুণে বেচি? মহেশ্বৰৰ তেজৰ বিকাশ অকল ব্ৰজলীলাৰ চাৰি সীমাতেই নাছিল।

 শাস্ত্ৰই লেখ দিয়া অৱতাৰ সকলত যি ঐশ্বৰিক তেজ জিলিকিছিল সেই সকলো বিলাকতকৈ কৃষ্ণত জিলিকা তেজ বহুত স্পষ্ট, বহু দূৰ ব্যাপক, বহু পৰিমাণে উজ্জ্বল। কৃষ্ণক অজিও পাই পাই অন্ত কৰিব পৰা নাই গুণেই কৃষ্ণ পূৰ্ণাৱতাৰ! ক্লেশ, কৰ্ম্ম বিপাক, আৰু আশয়ে স্পৰ্শ কৰিব নোৱাৰা এনে কৰ্ম্মীৰ অৱতাৰ জগতত কিমান? শূৰৰ শৌৰ্য্যেৰে, বীৰৰ বীৰ্য্যেৰে, মধুৰৰ মাধুৰ্য্যেৰে, সুন্দৰৰ সৌন্দৰ্য্যৰে, প্ৰতিভাৰ অপৰিমিত প্ৰজ্ঞাৰে, স্বৰূপ তত্ত্ব, ৰস তত্ত্ব আদি সকলো তত্ত্বেৰে এনে পৰিপূৰ্ণ অৱতাৰ আৰু কোন? ভগবান বুলিলেই মানুহৰ মনে, বুদ্ধিয়ে, অনুভূতিয়ে যি বিচাৰে তাতোকৈ কত গুণে বেচি আৰু কিমান কি কৃষ্ণৰ জীৱনত ফুটি পৰি এক অসীম অব্যক্তৰ আভা দিছে। সকলো দ্বন্দ্ব সকলো বিৰোধৰ এনে অনুপম সমন্বয়, এনে জ্ঞান, ইচ্ছা আৰু যত্নেৰে বিভূতিৰ সহজ সুবিকাশ আকাশতকৈও উদাৰ, আকাশতকৈও সুবিশাল দেখিয়েই ভাৰতে নতশিৰে কৃষ্ণক দেৱৰো দেৱতা বুলি স্বীকাৰ নকৰি যে পৰা নাই। জীৱই যদি পতিত পাৱন [ ১০৪ ] ক্ষমাৰ মূৰতিৰে ধাৰণাতীত ভগবানৰ সাকাৰ মূৰ্ত্তি বিচাৰে তেনে স্থূল জগতত কৃষ্ণত বাজে দেখুৱাই দিবলৈ আৰু যে দ্বিতীয়টি নাই। অন্য অৱতাৰত ঈশ্বৰৰ স্বাধৰ্ম্ম্যপ্ৰাপ্ত কোনো মুক্ত পুৰুষৰ আবেশ হব পাৰে, অথবা বিষ্ণুৰ আবেশো হব পাৰে, কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিৰ আবেশ একমাত্ৰ কৃষ্ণতেই সম্ভৱ গুণেই ভাৰতৰ ভক্তসকলে “কৃষ্ণস্তু ভগবান স্বয়ং” বুলি হৃদয় বেদীত আসন পাতি আজিও প্ৰাণ ভৰি ভৰি পূজা কৰিছে।

 কোৱাঁ,—কোৱাঁ মা! এই পূৰ্ণাৱতাৰ ভগবান শ্ৰীকৃষ্ণকে আপোনাৰো আপোন ভাবি ভাৰতৰ ভক্তবৃন্দই যে প্ৰেমৰ ৰসত আপ্লুত হৈ “নন্দৰ কানাই” বা ‘কানাই’ বুলি মাতে, তুমি সেই কানাইৰে কথা কব খোজা নাই নে?—তুমি হাঁহিছা?—তোমাৰ হাঁহিত ভুবন যেন জিলিকি পৰিল! ই আজি কি? ই কি মা! তোমাৰ হাঁহিটিৰ বিজুলী চমকত ওপৰৰ নীল আকাশ খনি যেন উৰি গল;—চাপি কুঁচি মহাশূন্যৰ মাজত এক যেন সুনীল মূৰতি জলি উঠিল! দূৰৰ ৰামধেমু খনি মুৰৰ ওপৰত ম’ৰা পাখিৰ দৰে জিল মিল কৰিছে! বেলিৰ সোণালী কিৰণৰ কাচনেৰে কেনে তুলি ধৰিছে! কাৰ, কাৰ এই বিশ্বমোহন মূৰতি? কোৱাঁ, মা, কাৰ?—মা, মা! কলৈ গ’লা?—লুকাল, লুকাল, চকুৰে চাওঁতে ছবিটি লুকাল!—তুমিও লুকালা!—উলিয়াই দিয়াঁ, জলাই দিয়াঁ আৰু জলাই দিয়াঁ। মই যে মনিবলৈ লৈ [ ১০৫ ] মনিব নোৱাৰিলোঁ। হাহাঁ, মা, হাঁহি যোৱা—জানোচা মন প্ৰাণ হৰি নিয়া এই মোহন মূৰতিয়ে প্ৰাণৰ মাজত এবাৰ হাঁহে। তুমি গ’লা, যোৱাঁ। তোমাৰ হাঁহিটিৰ প্ৰেমেৰে অমিয়া ধ্বনিটি থৈ যোৱাঁ। বাজক, দিনে ৰাতি সিয়ে বাজক, বাজি উঠক :—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে—কানাই নিয়া পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

[ ১০৬ ]

পঞ্চম পৰ্ণ

 জেঠৰ বাৰ খৰৰ চৌফলীয়া ৰ’দ,—জুই উঠিছে! গছ লতাই মুখ আমোলাই পেলাইছে! জীৱকুলৰ শৰীৰত নীৰৱে এক উচ্‌ পিচনি লাগিছে! এনেতে জিৰ্‌ জিৰ্‌ কৈ শীতল বা এছাটি বৈ শৰীৰ আৰু মন শীতলাই দি গল। চকু মেলি চাই দেখিলোঁ,—তুমি, তুমি মোৰ মাতৃ, শীতল বা বলাই লৈ আহিছ৷! আহঁ৷, আজি মোক ধীৰে শাঁতে কৈ যোৱাঁ—কানায়ে বাট নিদিলে কিয় মথুৰাৰ হাটলৈ যাব নোৱাৰি।

 সেই কালৰ কত গোপ গোপিনীয়ে, কত হাটৰুৱা বাটৰুৱাই মথুৰাৰ হাটলৈ নিৰ্ব্বিবাদে গৈ আছিল, আহি আছিল; কতই ঘাটৈৰ ঘাটেদি, নিজৰ পানচৈয়েদি, চুবুৰীয়াৰ নাৱেদি যমুনা পাৰ হবই লাগিছিল। দিন নাই, ৰাতি নাই,—জুমে জুমে মানুহৰ আয়াযাত! ক’তা এই সকলোকে কানায়েই পাৰ কৰিছিল নে? কোৱাঁ? অথবা সি কোনোবা ৰজা জমিদাৰৰ হাতত থকা মথুৰাহাট, তালৈ যাবলৈ হলে হাটখোৱা কানাইক কৰ কাটল নিদিলে যাবলৈ নিদিয়ে?—কানাই হাটখোৱাও নাছিল, যমুনা ঘাটৰ পাৰোৱায়ো নাছিল, অথবা হাটৰ হেঙ্গাৰো নাছিল। দিনে দিনে জুমে জুমে গকুলৰ গোপ গোপিনী যি বাটেদি মথুৰাৰ হাটলৈ যায়, সেই বাটেদি যোৱাত ৰাধাৰ বাধা ক’ত?—কানাই প্ৰথম মথুৰালৈ গৈছিল কংসৰ ধনুৰ্যজ্ঞত। সেই যাত্ৰাতেই [ ১০৭ ] ব্ৰজলীলাৰ যৱনিকা পৰিল। ইয়াৰ আগতে কোনো দিন ৰাধাকে বা অন্য গোপ গোপিনীকে কানায়ে নিজে পাৰ কৰি একেবাৰে মথুৰা হাটলৈকে বাট দি লৈ যোৱাৰ কথাও ক’তো শুনা নেযায়। সৰ্ব্বসাধাৰণে বেচা কিনা কৰিবলৈ নিজ ইচ্ছাৰে যাব পৰা মথুৰাহাটলৈ যোৱাত দেখাদেখিকৈ কোনো বাধা নাই যেতিয়া, ৰাধাই আজি অন্তৰেৰে যাব খোজে তেনে এক মথুৰাহাটলৈ, য’লৈ যাবলৈ হলে অশৰীৰী কানায়ে বাট দিব লাগিব, পাৰ কৰি নিবও লাগিব। ফুল পাহিৰ সাধাৰণে এনেয়ে যিখিনি পায় সেইখিনিয়েই নহয়, ৰাধাক আচলতে লাগে সেই খিনি যিখিনি এনেয়ে পোৱা নেযায়,—পোৱাৰ মাজতো নোপোৱা হৈ যি চিৰ-সুন্দৰে হাঁহিব লাগিছে!

 মনত পৰিছে,—তাহানি বঙ্গদেশৰ ‘কৃষ্ণলীলা’ চাই ফুৰোঁতে এটি লীলাত দেখিছিলোঁ কেগৰাকীমান মুখ চোকা গোপিনীৰ লগত শ্ৰীৰাধিকা মথুৰাৰ হাটলৈ গৈছিল। যমুনাৰ ঘাট পাই সিবিলাকে দেখিলে—‘পারে কে যাবি, কে যাবি বুলি গীত এটি গাই গাই গুটীয়া নাও এখনিত ঘাটৈৰ বেশেৰে—কলীয়া কানাই। যাৰ ‘এক মন’ ওজন কানায়ে হেনো তাক হে পাৰ কৰিব। ‘দুই মন’ ওজনৰ মানুহলৈ বোলে সেই খনি নাও নহয়,—মাজ যমুনাত বুৰাৰ ভয়। এই মন শব্দটিয়ে বাঙ্গলা ভাষাত মন আৰু মোন দুয়োকো বুজায়। যি এক মনেৰে তদ্গত চিত্তেৰে যায়, তালৈহে সেই খনি [ ১০৮ ] নাও, আৰু তাৰ নাৱৰীয়া নন্দৰ কানাই। যি দুই মন বা ব্যভিচাৰী ভক্তিৰে যায়, তালৈ নাৱো নাই, কৰ্ণাধাৰ কানায়ো নাই। এই কথা লৈয়েই নানা ৰসৰ বাদ-বিতণ্ডা হ'ল। শেহত একোতে নোৱাৰি মানিনী গোপিনীয়ে মুখ খন পাচি যেন কৰি জোকোৰা এটা মাৰি ৰাধিকাক হাতেৰে টানি অইন ঘাটলৈ লৈ গ’ল। যাওঁতে ভোৰভোৰাই গ’ল,—“ঘাট আৰু তোমাৰটিয়েই হে আছে নে কি?” —অইন ঘাটলৈ গৈ দেখিলে,—সেই, সেই গুটীয়৷ নাও, আৰু সেই কলীয়া কানাই। গোপিনী অবাক;—এবাৰ কানাইৰ মুখলৈ এবাৰ ৰাধাৰ মুখলৈ চাই ৰ’ লাগিল। মুখৰাৰ মুখৰ মাত হৰি গ’ল। এনেতে কানায়ে এটি প্ৰাণ ভৰি যোৱা সুৱদি গীতেৰে সমস্যাৰ সমাধান কৰি দিলে—“আমি ভক্তের তরে ঘাটে ঘাটে নিয়ে বেড়াই ভাঙ্গা তরী”। গানৰ শেহত কীৰ্ত্তনৰ জুমুৰ তুলিলে—“আমি ঘটেও হৰি ঘাটেও হৰি।” নতুন জ্যোতি পৰি গোপিনীৰ প্ৰাণ যেন জিলিকি পৰিল। শ্ৰীৰাধিকাৰ নীলোৎপল নয়ন জৰি প্ৰেমাশ্ৰু ববলৈ ধৰিলে। মধুৰ জুমুৰত এটি যেন চিৰ সত্যই প্ৰাণৰ মাজত ৰূপ ধৰি নাচি উঠিল! সেই দৃশ্য, সেই লীলা—সি যেন আজিও প্ৰাণত বাজি আছে। আমাৰ ঘটে ঘটে আকাৰ নোহোৱা যি জনা হৰি বিৰাজ কৰিছে, তেওঁয়েই আজি আকাৰ লৈ ঘাটে ঘাটে মধুৰ মুৰুলী বজাই বাটলৈ চাই মাতিব লাগিছে। কালে কালে, দেশে দেশে, ভিন ভিন [ ১০৯ ] বেশেৰে ঘাটৰ ঘাটে সেই প্ৰাণৰো প্ৰাণ মহাপ্ৰাণ নন্দৰ কানাই। ঘাট যেন ঘাট নহয়, একো একোটি ধৰ্ম্মমত। একেজনা ভগবানেই বিভিন্ন বেশেৰে ঘাটে ঘাটে জীৱক পাৰ কৰি নিছে। বিভিন্ন মতৰ বিভিন্ন ধৰ্ম্মৰ কি সুন্দৰ সমন্বয়! সাম্প্ৰদায়িকতাৰ তুমুল কোলাহল একেটি গানতে মিলি গল। আকাশত যেন জিলিকি পৰিল এক মহান্ সত্য—কানাইৰ যি খনি মথুৰাৰ হাট, তালৈ বাট দি লৈ যায় কানায়েই!

 ভগবানে শ্ৰীগীতাত কৈ গৈছে—যেতিয়া যেতিয়াই ধৰ্ম্মৰ গ্লানি হৈ অধৰ্ম্মৰ প্ৰাদুৰ্ভাব বেচি হয় তেতিয়াই সাধু সকলৰ পৰিত্ৰাণ আৰু দুষ্টৰ বিনাশ সাধন কৰি ধৰ্ম্ম সংস্থাপন কৰিবলৈ মই যুগে যুগে অবতীৰ্ণ হওঁ। আৰু কৈছে—মোৰ কৰিব লগীয়া একোৱেই নাই, তথাপি মই লোক সংগ্ৰহৰ অৰ্থে কাম কৰোঁ,—জানোচা মোক নিষ্কৰ্ম্মা দেখি জগত কামৰ পৰা আঁতৰি থাকে।—ইয়াতকৈ মুকলি কথা আৰু কি হব পাৰে? ভগবান প্ৰকাশ পায়,—ভেদ জ্ঞানৰ জগতত সাধাৰণ ভাষাৰে কবলৈ গলে—তেওঁ নামি আহে। যেতিয়াই জগতৰ দৈত্য শক্তিয়ে দৈব শক্তিক দবাই দি পৃথিবীৰ প্ৰগতিত বাধা দিয়ে, নিজৰ সৃষ্টিৰ বাটৰ বাধা আঁতৰাই দিবলৈ ভগবান নামি আহে; নামি আহে এক কৰ্মময় জীৱনেৰে, যাতে পৃথিবীৰ অজান সন্তানে চানেকি চাই চাই নিজৰ জীৱন বাছিব পাৰে, যাতে ৰক্ত মাংসৰ আকুলি- বিকুলি লৈ হঁহা-কন্দাৰ মাজে মাজে ভয় সংশয়ৰ ভিতৰে [ ১১০ ] ভিতৰে নিজৰ ঐশী তেজ বিকীৰণ কৰি কৰি অনন্ত আকাশৰ কোলালৈ চৰায়ে আপোন পোৱালি উৰুৱাই নিয়া দি লৈ যাব পাৰে।

 অকল ভাৰতৰ সনাতন ধৰ্ম্মই নহয়, জগতৰ যি যি ধৰ্ম্মই ঈশ্বৰ স্বীকাৰ কৰে সেই সকলো ধৰ্ম্মৰে অটল বিশ্বাস ভগবান, নামি আহে। পৃথিবীৰ ইতিহাসত চিৰদিন ধৰ্ম্মৰ জয় অধৰ্ম্মৰ ঘোৰ পৰাজয় দেখি কোনো কোনো দাৰ্শনিকে এই যুক্তিৰেও ভগবানৰ অস্তিত্ব প্ৰমাণ কৰিব খোজে। এই প্ৰমাণ স্বীকাৰ কৰিলে লগে লগে ঈশ্বৰ নামি অহাৰ প্ৰমাণে আৰু বল পায়। ধৰ্ম্মৰ জয় কৰিবলৈ হলেই নানা বিৰোধ শক্তিৰ সাংঘাতিক সংঘৰ্ষৰ মাজেদি অন্ধ জগতক বাট দেখুৱাই জয়ৰ মুখে মুখে লৈ যাবই লাগিব,—তেহেলৈ নৈতিক শক্তিৰ প্ৰেৰণাই হওক, অথবা শৰীৰৰ আবেশেৰেই হওক, ৰথৰ সাৰথি নাৰায়ণ নহলে কোনে কুৰুক্ষেত্ৰৰ মাজে দি অৰ্জ্জুনক বিজয়ী কৰি লৈ যায়?—ভগবান নামি আহে, নহলে ঈশ্বৰ আৰু মানুহৰ মিল হয় কেনেকৈ? মানুহৰ চেষ্টা আৰু ভগবানৰ প্ৰেমৰ পৰশ নহলে এনে মিলন যে অসম্ভৱ। সৃষ্টিৰ উদ্দেশ্য কি, ৰহস্য কি, সেই সন্ধান সৃষ্টিকৰ্ত্তাত বাজে বুজে কোনে? তেওঁৰ উদ্দেশ্য বা লক্ষ্যলৈ প্ৰকাশ্যে বা অপ্ৰকাশ্যে তেওঁয়েই লৈ যায়, নহলে জগত যায় কলৈ? লক্ষ্যৰ সন্ধান তেওঁয়েই দিয়ে,—সেই সন্ধানত আমি তেওঁৰেই প্ৰকাশ অনুভৱ কৰোঁ। তেওঁ আহে,—বাণীৰ মাজেদি, [ ১১১ ] প্ৰেৰণাৰ মাজেদি, শুদ্ধ সত্ত্বৰ শৰীৰৰ মাজেদি তেওঁ সঁচাকৈয়ে নামি আহে। যেতিয়াই বিপথগামী সন্তানৰ বেচি পোহৰৰ প্ৰয়োজন হয়, তেতিয়াই তেওঁ নিজৰ পুত্ৰৰ মুখেৰে, দূতৰ মুখেৰে, কোনো শৰীৰীৰ মুখেৰে প্ৰত্যক্ষে প্ৰেমৰ বাতৰি বলাই আনি পথৰ সন্ধান দি যায়, যাতে তেওঁৰ অবাটে যোৱা জগত খনি বাটলৈ আহে। আধাৰ ভিন ভিন হলেও এই দৰেই দেশে দেশে কালে কালে অনাদি কালৰ পৰা একেটি প্ৰমাণ জলিয়েই আছে—ভগবান আহে, নামি আহে।

 তেওঁ নামি আহে। পৃথিবীৰ কি দুৰ্ভাগ্য তেওঁক হাতত পাই চিনিব নোৱাৰি কত অপমান কৰে, কত লাঞ্ছনা দিয়ে। পৃথিবীলৈ পোহৰ অনাৰ পুৰস্কাৰ তেওঁ কতবাৰ পাব লাগিছে,—লদিৰ কোবত তেজেৰে কত যে ৰাঙ্গলি কৰিলে, জীয়াই জীয়াই কত জুইত পুৰিলে, পিশাচৰ দৰে পেৰেঙ্গত তুলি পিঙ্গত দিলে; তেও তেওঁ নামি আহে। আকলন নথকা সন্তানক বাট ধৰাই দি যাবলৈ অসীম প্ৰেমেৰে নামি আহে, নিজৰ জীৱনেৰে প্ৰেমৰ বাণী জ্বলাই দি গুচি যায়। তেওঁ আহিব, আকৌ আহিব। বৰ্তমান জগত জোৰা যি হাহাকাৰ, যি উৎপাত—তাৰ প্ৰতাপত পৃথিবীৰ শান্তি নাই। আকৌ এবাৰ ব্ৰহ্মালৈ চাই পৃথিবীয়ে বিনাব লাগিছে—ভীষণ সমস্যাৰ সমাধান লাগে। আকৌ তেওঁ আহিব। পৃথিবীৰ চকুৰ পানী মচি দিবলৈ ভগবান আমাৰ আহিব।—তেতিয়৷ জানোচা তেওঁক নিচিনি অপমান কৰোঁ। কত [ ১১২ ] অপমান হৈ গল। আৰু কিমান কলঙ্ক পৃথিবীৰ মূৰত জাপি দিম? এইবাৰ, এইবাৰ আহিলে—সকলো অপমানৰ প্ৰতি- শোধ লম—কেশেৰে চৰণ মচি দি হৃদয়ৰ সিংহাসনত বহুৱাই নিজৰ চুলি ছিঙ্গি হিয়া খুন্দি কান্দি কান্দি অশ্ৰুৰ নদী বোৱাই দিম। যাতে ধলত তাৰ গোটেই হৃদয় উটি ভাহি গৈ কেৱলে জিলিকাই থয় তেওঁৰ সেই ৰাতুল চৰণ।—এই উদ্দেশ্যে সঁচাকৈয়ে শিক্ষিত সম্প্ৰদায়ৰ এদল বিশিষ্ট ভক্তই এতিয়াৰে পৰা জন-মত গঢ়িবলৈ হাতে কলমে লাগি পৰিছে। সিবিলাকৰ দৃঢ় বিশ্বাস—ভগবান নামি আহে, তেওঁ আহিব।

 জগতৰ যিসকল বিদ্বানে ঈশ্বৰ নামি অহা বা ঈশ্বৰৰ অস্তিত্ব প্ৰকাশ্যে স্বীকাৰ নকৰে সিবিলাকেও পাকে প্ৰকাৰে এনে এটি প্ৰেৰণাৰ কথা নেমানি নোৱাৰে। অনন্ত সাগৰৰ প্ৰতি কণিকাত সাগৰৰ ঝঙ্কাৰ জিকাৰি উঠাদি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি অনুকণাত সৰ্ব্বব্যাপক পৰমেশ্বৰৰ প্ৰৈতিয়ে অনন্ত কাল জিকাৰিবই লাগিছে। ভগবানৰ প্ৰেম যে ৰুদ্ধ দুৱাৰলৈকো বৈ যায়। নিজৰ হিত, সমাজৰ হিত, বিশ্বৰ হিত সাধিবলৈ সিবিলাকে অন্তৰৰ বোধ এটি স্বীকাৰ কৰে। ইয়াকে হিতা-হিত বিবেচনা বা বিবেক বোলে। এই বিবেকেই ভাল কাম কৰিবলৈ উদ্গণি দিয়ে, বেয়া কাম কৰিলে অনুশোচনা আনে। এই অনুশোচনাৰ দংশনলৈ ভয় কৰিয়েই সিবিলাক গৰ্হিত কামৰ পৰা আঁতৰি সত্য পথত থাকে। আচৰিত এয়ে যে এই বিবেকে সদায় নিজৰ, সমাজৰ আৰু সমূহৰ [ ১১৩ ] মঙ্গলত বাজে অমঙ্গললৈ নকৰে। সেয়ে যদি হয়, বিবেকৰ বাণীকে মঙ্গলময় পৰমেশ্বৰৰ প্ৰেৰণা বুলি মূলত ধৰি ললেই সমগ্ৰ সত্যটি দেখোন প্ৰকাশ পায়। কৰ্ম্মৰ বিধি সম্বন্ধে সিবিলাকৰ যি এটি বহু-বিস্তৃত মত আছে, তাৰে নিজা কৰ্ম্মৰ সুৰ বান্ধোতে সদায় কাণ দিয়ে সমূহৰ মঙ্গল বোলা মূল সুৰটিলৈ। যি কাম কৰিলে বহুৰ বহু সুখ হয়, মঙ্গল হয়, সেই কামেই সিবিলাকৰ লক্ষ্য। ইয়াৰ বিধানকে সিবিলাকে জগতৰ আগত দাঙ্গি ধৰে। বহুৰ বহু সুখ হোৱা বা মঙ্গল কৰা কথাটি বহলাই ধৰিলে সেয়ে সৃষ্টিৰ যথাসাধ্য হিত সাধন কৰাকে নুবুজায় জানো? সৃষ্টিৰ হিত সাধন কৰাটিয়েই যে সৃষ্টিকৰ্ত্তাৰো ইচ্ছা। তেওঁ অহিত কৰিবলৈ বুলি এনে এখনি সৃষ্টি পাতি দিয়া নাছিল৷ সৃষ্টিৰ যথাসাধ্য হিত সাধন কৰিবলৈ গৈ আমি সৃষ্টিকৰ্ত্তাৰ ইচ্ছাকে পালন কৰোঁ। বহুৰ বহু মঙ্গল কৰা যি, বহু হৈ প্ৰকাশ পোৱা একৰ ইচ্ছা পালন কৰাও সি।—বহুৰ বহু মঙ্গল কবলৈ যিমান সহজ, তালৈ বুলি কাম কৰা সিমান সহজ নহয়। কত তৃপ্তি, কত প্ৰলোভন, কত অভিমান কত নিজৰ সুখ নিজ হাতে বলি দিব লাগিব, তেহে যদি সেই লক্ষ্যলৈ মুখকে কৰিব পাৰি। কিহৰ আশাত এই ত্যাগ, কিয় ইমান কষ্ট স্বীকাৰ? ই ক্ষণিকা তৃপ্তি নহয়, ই অলপ সুখ নহয়,—নিশ্চয় তাত এক গভীৰৰো গভীৰ আনন্দৰ আহ্বান আছে। নহলে তালৈ মানুহে মনেই বা [ ১১৪ ] মেলিব কিয় ? পৰমানন্দৰ আহ্বানতেই বহুৰ বহু মঙ্গল কৰিবলৈ মানুহৰ প্ৰবৃত্তি জাগে। এই আনন্দই উদ্দীপনা দি দিয়েই মঙ্গলময়ৰ ইচ্ছা পালন কৰোৱায়। ইয়েই যে মঙ্গলময়ৰ মঙ্গলৰ প্ৰেৰণা৷ ভাৰতৰ মানত বহুৰ বহু মঙ্গল এখনি যেন মিলনৰ মহাতীৰ্থ,—য'ত মঙ্গলময়ৰ শুভ ইচ্ছা আৰু মানুহৰ কৰ্ম্মচেষ্টাৰ এক অনির্বচনীয় মধু মিলন হৈ পৰিছে ! এইখিনিকে সিবিলাকে পূৰাকৈ মানিব নোখোজে। এক যে বহু হৈ প্ৰকাশ পাইছে এই তত্ত্ব সিবিলাকৰ বৈজ্ঞানিক যুক্তিয়ে সামৰিব নোৱাৰে গুণে সিবিলাকে মঙ্গলময়ৰ ইচ্ছা ধৰ্ম্ম বিশ্বাস বুলি খেলৰ বাহিৰে থৈ বহুৰ বহু মঙ্গল কৰাতে পদ সামৰি ভণিতা মাতে। ভাৰত তাত ৰয় কেনেকৈ? ধৰ্ম্ম বিশ্বাসতো যুক্তি আছে, বিশ্বাস আছে। বৈজ্ঞানিক যুক্তিয়েই যে বিশ্বাসৰ একমাত্র সম্বল তাকো সিবিলাকে সিবিলাকৰ যুক্তিৰে প্ৰমাণ কৰিব নোৱাৰে। কত অবৈজ্ঞানিক যুক্তিৰ দৃঢ় বিশ্বাসেৰে কত বিজ্ঞ বৈজ্ঞানিকে নিজৰ জীৱন শান্তিময় কৰিছে! ইমান দিনৰ অটল বিশ্বাস এজনে নহয় দুজনে নহয়, অগণন যোগী ঋষিয়ে উপলব্ধি কৰি যোৱা সত্যৰ আলোক ভাৰতে নেমানি থাকে কেনেকৈ ? যি মহাপ্ৰাণৰ পৰা প্ৰাণে প্রথম প্ৰৈতি বা প্ৰেৰণা পাইছিল—নিতে নিতে নিমিষে নিমিষে আজিও সেই প্রৈতি সেই প্ৰেৰণাৰ পৰশ পাইয়ে আছে। তাৰ প্ৰাণত তাৰ স্পন্দন নহয়, সেই বিশ্বপ্ৰাণৰ মধু-স্পন্দন! সি কাণেৰে শুনিছে, [ ১১৫ ] প্ৰাণেৰে মনিছে; সেইহে সি সৃষ্টিৰ মঙ্গলৰ এই প্ৰেৰণাতো মঙ্গলময় শিৱৰ সুপ্ৰকাশ দেখি নতশিৰে নমস্কাৰ কৰি কবই লাগিছে—ভগবান আহে। প্ৰেৰণাৰ মাজেদি নামি আহে।

 ভগবান নামি অহা সম্বন্ধে ভাৰতৰ ঋষি মুনিৰ মত আৰু ব্যাপক, আৰু উদাৰ। অকল মানুহৰ জগতকে নহয়, তাৰো সীমা অতিক্ৰম কৰি গোটেই জগতখনিকে আঁকোৱালি ধৰি সেই মতৰ চিৰন্তন সত্য জিলিকি পৰিছে। যেনিয়েই চোৱা যায় তেনিয়েই সি সত্য, তেনিয়েই সি সুন্দৰ!—এনে এদিন আছিল, যিদিনা পৃথিবীত মানুহলৈ ঠাই ওলোৱা নাছিল। পৃথিবীখনি আজিৰ পৃথিবী নহয়,—এক মহাৰ্ণব! ভগবানৰ ইচ্ছা হ’ল ক্ৰম বিকাশেৰে পৃথিবীখনি গঢ়ি তুলিবলৈ। পৃথিবীৰ সৃষ্টি ৰহস্যত সৃষ্টি পাতনিৰে পৰা দুটা পৰম্পৰ বিৰোধী শক্তিৰ সংঘৰ্ষ অকল দৰ্শনেই নহয়, বিজ্ঞানেও মানে। যিটি শক্তিয়ে ক্ৰমবিকাশৰ মুখে জগতখনি নিৰ্ব্বিঘ্নে লৈ যাব খোজে তাকে ভাৰতে দৈব শক্তি বোলে, আৰু যি শক্তিয়ে প্ৰতিকূলে ক্ৰিয়া কৰি দৈব শক্তিত বাধা ব্যতিক্ৰম ওপজায় সেয়েই দৈত্য শক্তি। এই দুই শক্তিৰ সংঘৰ্ষ—দেৱাসুৰৰ সংগ্ৰাম—অনবৰত চলিবই লাগিছে। সৃষ্টিৰ আদিতে মধু কৈটভ আৰু বিষ্ণুৰ এখন তুমুল সংগ্ৰাম হয়। বিষ্ণুৰ বৈষ্ণবী শক্তিয়ে মধুকৈটভৰ আসুৰ শক্তি নাশ কৰি দুইৰো মেদেৰে মেদিনী কৰিলে। অসুৰৰ মেদ—আজিও সি ছেগে ছেগে তাৰ দুৰ্গন্ধেৰে পৃথিবীখনি বাসৰ অনুপযোগী কৰি তুলিব [ ১১৬ ] খোজে, পদে পদে ব্যাঘাত ওপজায়। আজিও সেই বৈষ্ণবী শক্তিয়ে অসুৰৰ ধাৰা মষিমূৰ কৰি সৃষ্টিৰ ধাৰা সুকলমে বলাই লৈ যায়।—প্ৰথমতে সৃষ্টিৰ সকলো বীজ বোৱাই আনি পৃথিবীৰ মহাৰ্ণবত সৃষ্টিৰ পাতনি জুৰিবৰ প্ৰয়োজন হৈ পৰিল। পাতনি এতিয়া জোৰে কোনে? নিজে ভগবানে বিৰাট এক মৎস্যৰূপ ধৰি প্ৰথমে সৃষ্টিৰ বাট মোকোলাই দিলে। এয়ে সেই মৎস্য যুগৰ মৎস্য অৱতাৰ!—তাৰ পাচত দুটা বিৰোধী শক্তিৰ মন্থন কৰিবলৈ এডাল মন্থন দণ্ড আৰু এটি বিৰাট বহুনাৰ প্ৰয়োজন হ’ল; নহলে যে অগণন পৰমাণুপুঞ্জৰ অভাৱত সৃষ্টিৰ বিকাশ কাহিল হৈ পৰে। আকৌ ভগবান নামি আহিল কৃৰ্ম্মৰ ৰূপেৰে,—পিঠিত মন্দৰ গিৰি ধাৰণ কৰি মন্থনৰ সমস্যা সমাধান কৰি দি গ'ল। এয়ে সেই সৰীসৃপ যুগৰ কুৰ্ম্ম অৱতাৰ!—স্থলৰ বীজে প্ৰকাশ পাবলৈ প্ৰাণৰ হেপাহত আকুলি-বিকুলি কৰিছে! স্থল ক'ত,—স্থল ক’ত?—খলক লাগিছে! কোনে আজি জলৰ বুকুৰ পৰা স্থলৰ ভাগ উলিয়াই আনে? এক প্ৰকাণ্ড বৰাহৰ মূৰ্ত্তিয়ে দাঁতেৰে পৃথিবীখনি তুলি আনি স্থলচৰ জীৱকুলৰ উত্তৰোত্তৰ বৃদ্ধিৰ সুচল কৰি দি গ'ল। এয়ে সেই স্তন্যপায়ী যুগৰ বৰাহ অৱতাৰ!—ক্ৰমবিকাশৰ ধাৰাত জীৱই মানুহৰ ৰূপ পাওঁ পাওঁ হলেও, সি যেন মানুহো নহয়, পশুও নহয় অথচ দুয়োটা—এনে তাৰ অৱস্থা! জগতৰ দৈব শক্তিক সি ভয়েৰে চাবলৈ ললে। এই ভয়েই উদ্ধতৰ হৃদয়ত [ ১১৭ ] বৈৰিতাৰ আকাৰ ধাৰণ কৰিলে, আৰু দৈব শক্তিত আসুৰ শক্তিয়ে ব্যাঘাত ওপজাবলৈ ধৰিলে। ভয়ৰ পৰা প্রহ্লাদক উদ্ধাৰ কৰি হৰিৰ মুখে টানি নিবলৈ ভগবান নিজে নামি আহিব লগীয়া হ'ল। যুগোপযোগী দেহেৰে আকৌ এবাৰ নামি আহিল। এয়ে সেই অৰ্দ্ধ মানৱ অৰ্দ্ধ পশু যুগৰ নৰসিংহ অৱতাৰ!—ইয়াৰ পাচত মানুহ হল হয়, তেতিয়াও তাৰ প্রতিপত্তি নাই। আকাৰ প্ৰকাৰত সৰু হলেও, শক্তি সামৰ্থ্যত চাপৰ হৈ পৰিলেও, তাৰ আধ্যাত্মিক বলেৰে তিনিও ভুবন জিনিব পৰা শক্তি যে তাৰ অন্তৰত লুকাই আছে, সেই সুপ্ত শক্তি জগাই পশুবলৰ মুৰত ভৰি দি চিৰদিনৰ নিমিত্তে পৃথিবীত মানুহৰ প্রতিপত্তি স্থাপন কৰি দি যাবলৈ আকৌ ভগবান আহি যাব লগীয়া হ'ল। এইবাৰ বটুৰ বেশেৰে ভগবান নামি আহিল। এয়ে সেই মানৱৰ আদি যুগৰ বামন অৱতাৰ! তাৰ পাচত যেতিয়া উঠি অহা ক্ষাত্র শক্তি মদ গৰ্ব্বত উদভ্রান্ত হৈ মানৱৰ প্ৰাণ স্বৰূপ তপস্যাত বাধা ওপজাই তপোবনত আসুৰ শক্তিৰ তাণ্ডৱ লীলা পাতি পেলালে, আকৌ এবাৰ প্রয়োজন হ’ল ভগবানৰ তেজ৷ জামদগ্নিৰ শৰীৰত সেই তেজ অগ্নিৰ সদৃশ জ্বলি উঠি এবাৰ নহয়, দুবাৰ নহয়, একৈশবাৰ দুৰ্দ্দমনীয় ক্ষাত্র-শক্তিক ভস্মসাৎ কৰি তপস্যাৰ ভূমিলৈ শান্তিৰ ধাৰা বলাই আনি শৌৰ্য্যে, বীর্য্যে, জ্ঞানে- গৰিমাই ভাৰতৰ মুখ উজলাই দি গল।—মদোদ্ধত [ ১১৮ ] ক্ষাত্ৰশক্তিৰ সংহাৰৰ পাচত আকৌ সেই শক্তিৰ গজালি তপস্যাৰ অনুকূলে মুৰ তোলাই আনিবলৈ আৰ্য্য আৰু অনাৰ্য্যৰ মাজত ভ্ৰাতৃভাব স্থাপন কৰি ভাৰতৰ হৃতা লক্ষ্মী ঘুৰাই আনি ঐশ্বৰ্য্য সমৃদ্ধিৰে জিলিকাই তুলিবলৈ, ৰাজনীতি ক্ষেত্ৰত নানান উৎপাত নানান প্ৰশ্নৰ মুৰ মাৰিবলৈ, আত্ম-প্ৰতিষ্ঠাৰ দুৰাকাঙ্ক্ষালৈ পিঠি দি অসীম ত্যাগেৰে জীৱ মাত্ৰৰে মঙ্গল সাধন কৰি ৰজাৰ আচল চানেকি থৈ যাবলৈ আকৌ এবাৰ ভাৰতে আতুৰ নয়নেৰে ওপৰলৈ চাই বিনাবলৈ ধৰিলে। আকৌ এবাৰ নামি আহিল—দুৰ্ব্বাদল-শ্যাম সুন্দৰ দেহেৰে প্ৰজাৰঞ্জন ৰাম, যাৰ সত্যনিষ্ঠাই যাৰ ভ্ৰাতৃভাবে জগতৰ ক্ষাত্ৰশক্তিক নতুন প্ৰেৰণা দি এক ৰাম-ৰাজ্য স্থাপন কৰি দি গ'ল!—হেজাৰ হেজাৰ বছৰ পাৰ হ'ল, কালৰ গতিৰ লগে লগে জগতৰ নজনা নুশুনা নতুন সমস্যা বহুতো ওলাল। বাহিৰে আসুৰ শক্তিৰ যি সন্ধিত জাগি উঠিল, তাৰ প্ৰাৱল্য দ্বাপৰ আৰু কলিৰ উৎপাত আৰু অত্যাচাৰত পৃথিবী যে ভাৰাক্ৰান্ত হলেই নে, ভিতৰি ভাৰতৰ ধৰ্ম্ম আৰু কৰ্ম্মৰ ৰাজ্যত প্ৰলয়ৰ বিশৃঙ্খলতাই ভয়ঙ্কৰ এক আতঙ্কৰ সৃষ্টি কৰিলে। ধৰ্ম্মৰ ধাৰা নীৰস কঠোৰতাই গিলি ধৰিলে, বন্ধনৰ ভয়ত কৰ্ম্ম নিষ্কৰ্ম্মা হল, চিত্তশুদ্ধি নোহোৱাকৈ সন্ন্যাস গ্ৰহণ কৰাত অবিবেকীৰ উদ্ভণ্ডালি দিনক দিনে চৰিবলৈ ধৰিলে। চাওঁতে চাওঁতে চিত্তবৃত্তি নিৰোধেই যোগৰ চৰম লক্ষ্য হৈ পৰিল, জ্ঞানে [ ১১৯ ] অহমিকাৰ কুঁৱলীত ধ্ৰুৱতাৰা নেদেখি অকূল সমুদ্ৰত উদ্ভান্ত বেগেৰে বিচৰণ কৰিবলৈ ললে। এটাইতকৈ অত্যাচাৰ হ’ল কামৰ;—সি ভীষণ দৈত্যৰ দৰে কৰ্ম্মৰাজ্যত সোমাই কৰ্ম্মৰ বন্ধন কৰোৱালে, ভক্তিৰ ৰাজ্যত সোমাই ভক্তিৰ ব্যভিচাৰ ঘটালে, জ্ঞানৰ ৰাজ্যত সোমাই সঙ্গদোষেৰে তাক উচ্ছৃঙ্খল কৰিলে। জ্ঞান কৰ্ম্ম আৰু ভক্তিৰ ব্যভিচাৰত ভাৰত তল যায় যায়! ই অকল ভাৰতৰে সমস্যা নহয়, জগতৰ সমস্যা হৈ উঠিল, আসুৰিক তেজে ব্যভিচাৰৰ গন্ধ পাই সহস্ৰ মুখেৰে কিৰীলি পাৰি ভাৰত ছাটি ধৰিলে। আকৌ এবাৰ পৃথিবীয়ে ক্ষীৰোদধিতীৰত প্ৰাণৰ বিননি তুলি বিশ্ব চৈতন্যৰ মুখলৈ চাই বিনাবলৈ ধৰিলে! ভগবান নামি আহিল নিজৰ দলবল লৈ এক অভিনৱ লীলা পাতিবলৈ৷ আগে আগে বলৰাম, পাচত ত্ৰিভঙ্গভঙ্গিম মূৰতি, মুখত মোহন বংশী—বংশীত কি সেই বিশ্বজিনা সুৰ! কৰ্ম্ম জ্ঞান আৰু প্ৰেমৰ কি অভাবনীয় ঐকতান, কি মনোৰম সমন্বয়—জগত ধন্য হৈ গল!—ইয়াৰ পাচত ভাগৱতত উল্লেখ থকা বুদ্ধদেৱৰ অৱতাৰ। এই মহাপুৰুষে নিতে নিতে শীল সাধনাৰে আত্মাৰ প্ৰলোভন মলচি মৈত্ৰী ভাবেৰে আমিত্ব বিলাই দীক্ষাৰ পাচত দীক্ষা অতিক্ৰম কৰি ব্ৰহ্ম বিহাৰ পাই নিৰ্ব্বাণ লাভ কৰিছিল। ওৰে জীৱনত কেৱলে এক উত্তৰণৰ চেষ্টা দেখি ভাৰতৰ কোনো কোনো মনীষীয়ে বুদ্ধদেৱক অৱতাৰ নুবুলি উত্তাৰ বুলিব খোজে, বেদমাৰ্গৰ বাহিৰে গৈ স্বাধীন [ ১২০ ] চিন্তাৰে এই সাধনা কৰা গুণেই সম্ভৱতঃ পুৰণি পুথিৰ যিখিনিত থাকিব পাৰে সেই খিনিত অৱতাৰ স্বৰূপে এইজনা মহাপুৰুষৰ বিশেষ প্রশংসা নাই। পাচলৈ যেতিয়া ভাৰতে দেখিলে এটি স্তৰৰ পৰা আৰু এটি স্তৰলৈ আগবাঢ়ি বিশ্বৰ ধীশক্তিৰে প্ৰবুদ্ধ হৈ বুদ্ধদেৱে শেষ লক্ষ্য লাভ কৰিলে, তেতিয়াই উত্তৰণৰ লগে লগে ধীশক্তিৰ অৱতৰণৰ সম্ভেদ পাই অৱতাৰ বুলি মানি লবলৈ দ্বিধা নকৰিলে৷—ৰাতিৰ পাচত দিন অহা দেখি আমি যেনেকৈ স্পৰ্দ্ধাৰে কওঁ আজিৰ ৰাতিৰ পাচতো দিন আহিব, সেইদৰেই ভগবান আহি থকা দেখি আমি স্পৰ্দ্ধাৰে বিশ্বাস কৰোঁ।—তেওঁ আকৌ আহিব। ভাৰতে যেনেকৈ দিনে দিনে ম্লেচ্ছ-ভাবাপন্ন হৈ তাৰ জ্ঞান গৰিমাৰ আলোকৰ পৰা আঁতৰি কাঞ্চনৰ মোলে কাচ কিনিবলৈ ধৰিছে, নিজৰ মৌলিকতালৈ পিঠি দি অনুকৰণৰ কৃষ্টিত গা ঢালি দি কৃতকৃত্য মানিব লাগিছে, চাৰি যুগৰ ৰৈ যোৱা আবৰ্জ্জনা জাহ গৈ পৃথিবী জুৰি যি উৎকট দুর্গন্ধ উঠি নন্দন বনৰ সুৰভি সম্ভাৰ গিলি ধৰিছে, অন্তৰৰ দুৱাৰ ৰুদ্ধ কৰি আক্ৰোহৰ মদিৰা জালত মানুহে মানুহৰ ৰক্তপান কৰি নিজে নিপোটল হোৱাৰ সৰ্ব্বতোমুখী আসুৰিক চেষ্টাই যি বিকট চিৎকাৰ তুলিব লাগিছে,—আহিছে তালৈ এনে দিন, যিদিনা সি নিজৰ কণ্ঠ নিজে টিপি গগন বিদৰ৷ আৰ্ত্তনাদত ত্রিভুবন কঁপাই তুলিব,—সকলো উৎপাত উপশম কৰি সত্য যুগৰ পবিত্ৰ আলোকেৰে [ ১২১ ] পৃথিবীৰ মুখখনি আকৌ এবাৰ পোহৰাই দি যাবলৈ বুলি আকৌ এবাৰ ভগবান নামি আহিব।

 ভাৰতৰ অৱতাৰ তত্ত্বৰ অটল বিশ্বাস ভগবান নামি আহে; অকল মানুষী তনুৰেই নহয়, প্ৰয়োজন বুজি যুগে যুগে পৃথিবীৰ বিবৰ্ত্তনৰ স্তৰে স্তৰে যুগোপযোগী জান্তব দেহেৰেও তেওঁ অৱতাৰ লৈ সৃষ্টিৰ ধাৰা চিৰ লক্ষ্যলৈ লৈ যায়। ভাৰতত অৱতাৰ অনেক হৈছিল। সকলো বিলাকতে ভগবানৰ আবেশ নহবও পাৰে। সৃষ্টিৰ কোনো কোনো সাধাৰণ মীমাংসা ভগবানৰ স্বাধৰ্ম্ম্যপ্ৰাপ্ত পুৰুষৰ দ্বাৰাও সহজে হৈ যাব পাৰে। এনে ধৰণৰ পুৰুষৰ অসাধাৰণ কাৰ্য্য কলাপ দেখি আমি অনেক সময়ত তেনেজনক মহাপুৰুষ বুলি হেপাহ নপলালে অৱতাৰ বুলিবও খোজোঁ৷ কিন্তু ভাৰতৰ ঋষি মুনিয়ে অতি গুৰুতৰ সৃষ্টি সমস্যাৰ অতি সহজ সমাধানলৈ চাই কেইটিমান অৱতাৰত হে ভগবানৰ আংশিক বা পূৰ্ণ প্ৰকাশৰ সবিশেষ প্ৰশংসা কৰিছে। এই কেউটি অৱতাৰ লেখত বেচি নহয়, দুহাতৰ আঙ্গুলিতে আছে।

 ভাৰতৰ অৱতাৰবাদত ক্ৰমবিকাশৰ ধাৰা এটি দেখি কোনো কোনোৱে পচিমীয়া বিজ্ঞ বৈজ্ঞানিক ডাৰউইনৰ ক্ৰমবিকাশৰ কথা আনি তোলেহি। আচলতে পচিমৰ ক্ৰমবিকাশৰ মতেই অৱতাৰ-তত্ত্ব নহয়৷ ক্ৰমবিকাশবাদত পদাৰ্থৰ ফালৰ পৰা চোৱা সত্য হে দেখা যায়। বিৰাট [ ১২২ ] চৈতন্যৰ ফালৰ পৰা চালে যি সত্য ক্রমবিকাশত ফুটি উঠে সেয়ে অৱতাৰ-তত্ত্ব। ই এক সমগ্র সত্য৷ ক্রমবিকাশৰ মত ভাৰতীয় মন্ত্ৰেৰে শোধন নকৰাকৈ অৱতাৰ পচিমৰ তত্ত্বত লগালে সি জীণ নেযায়। কথাটি ঠাৰে চিয়াঁৰে কবলৈ গলে কব পাৰি, পচিমীয়া ক্রমবিকাশৰ মতে পদাৰ্থ হল বিবর্তনশীল উপাদানৰ সমষ্টি। জড় পদার্থই ক্রমবিকাশৰ ধাৰাত কিছুমান নিয়মৰ মাজে দি ক্ৰমে জৈব পদার্থ হৈ তাৰ পাচত চিন্তাশীল পদাৰ্থত পৰিণত হয়,—যেনেকৈ জড় পদাৰ্থই জড়ৰ পৰা মৎস্য, তাৰ পৰা কূৰ্ম্ম আদি হৈ ক্রমান্বয়ে উন্নতি লাভ কৰি কৰি ৰামকৃষ্ণত পূর্ণতা প্রাপ্ত হৈছেহি। ই কেৱলে জড় পদাৰ্থৰ যি ঊর্দ্ধগতি বা উত্তৰণ তাৰ সত্যটিহে প্ৰকাশ কৰে। এই উত্তৰণৰ চেষ্টা যে বিৰাট চৈতন্যই প্ৰেৰণা বা পৰশ দি চলাই লৈ যায় এনে কথাৰ ধাৰত পৰিলে বৈজ্ঞানিক নিমাত হৈ থাকে। দেহাতিৰিক্ত বিৰাট চৈতন্য বা সম্বিৎ বুলি যে কিবা আছে তাৰ বৈজ্ঞানিক প্রমাণ নাই। দৰ্শনৰ নেৰা নেপেৰা প্ৰশ্নত কোনো কোনে৷ বৈজ্ঞানিকে কিছুকালৰ আগলৈকে কৈছিল,—মস্তিস্কত কেনেকৈ চৈতন্যৰ বা বিৰাট চৈতন্যৰ প্রকাশ হয় বিজ্ঞান জগতত এতিয়াও সি এক বিষম সমস্যা। মস্তিস্ক আৰু চৈতন্যৰ ভিতৰত এটা আনুসঙ্গিক সম্বন্ধ যে আছে সেইখিনিলৈকে বৈজ্ঞানিকে মানি লব পাৰে; কিয়নো, মস্তিষ্কৰ পৰিবৰ্ত্তনৰ লগে লগে চৈতন্যৰ পৰিবৰ্ত্তন হোৱাৰ [ ১২৩ ] বৈজ্ঞানিক প্ৰমাণ আছে। তাতকৈ বেচি যাবৰ অধিকাৰ বিজ্ঞানৰ এতিয়াও হোৱ৷ নাই।— বিজ্ঞানে য’ত এৰি দিছে ত'ত এই প্ৰশ্নৰ পম ডালি দৰ্শনে বুটলি লৈ জগতৰ আগত সত্যৰ প্ৰকাশ তুলি ধৰিছে৷ আমাৰ মস্তিস্ক এটা উপাধি মাত্ৰ, তাত বিৰাট চৈতন্যৰ আংশিক বিকাশ হয়। দৰ্শনৰ এই মীমাংসাৰ আলোকতহে ভাৰতৰ অৱতাৰবাদ উজলি পৰিছে৷ ভাৰতৰ মনীষীয়ে কয়,—জড় পদাৰ্থক বিবৰ্ত্তনশীল উপাদানৰ সমষ্টি বুলিলেই ঠিক কোৱা নহয়। জড় পদাৰ্থ ক্ৰমান্বয়ে উচ্চতৰ অৱস্থা প্ৰাপ্ত হয় বুলিলেই প্ৰশ্ন উঠে তাক উচ্চতৰ অৱস্থালৈ নিয়ে কিহে? জড়বাদীয়ে হয়তো কব, জড়ৰ নিজা শক্তি “জড় প্ৰকৃতিৰ” বলত সি এক অৱস্থাৰ পৰা অৱস্থান্তৰ প্ৰাপ্ত হয়। এই দৰে কলেই জড় যে এক আৰু জড়ৰ শক্তি যে এক তাকে প্ৰকাৰান্তৰে স্বীকাৰ কৰা হয়। জড়ে নিজা শক্তিৰ তাড়নাত সি ঘটিকা যন্ত্ৰেৰে চালিত কোনে! খেল্ না গাড়ীৰ দৰে ঘুৰ্ম্মুটিয়াই নুফুৰে। সি চলা এটা নিয়ম বা ধাৰা আছে। এই নিয়ম বা ধাৰাৰ বাতৰি দিয়েই বিজ্ঞানে আৰু নকব খোজে৷ দৰ্শনে নেমানে৷ এই ধাৰা বা নিয়মক চলাইছে কিহে? গুৰি দিওঁতা কোনো যদি নাই, কাৰ ইচ্ছাত কেৱলে আগলৈ যোৱা গতিৰে নাওখনি ইমান সোঁতত বুকু পাতি নিজ লক্ষ্যলৈ যাব লাগিছে? কিহৰ বলত, কাৰ ইঙ্গিতত বিবৰ্ত্তনশীল পদাৰ্থই এনে নিয়াৰি [ ১২৪ ] লগাই ক্ৰমোন্নতি সাধন কৰিছে? তেতিয়াও হয়তো বিজ্ঞানে আৰু এটি বৃহত্তৰ নিয়মৰ বাতৰি দি মুখ মাৰিবৰ চেষ্টা কৰিব পাৰে। প্ৰশ্ন যে ৰৈ যায়, নিয়ম এক, নিয়ামক এক। কাৰ বুদ্ধি, কাৰ ধীশক্তি নিয়মৰ মাজে প্ৰকাশ পায়?—জগতৰ বিভিন্ন পদাৰ্থবিলাকৰ মিলে মিলে নিয়মৰ ধাৰা একোটি দেখি আমি দেশে দেশে একোটি মত বা সিদ্ধান্ত স্থাপন কৰোঁ৷ যেতিয়াই সেই মতে আমাৰ অনুসন্ধানৰ বাঢ়ি যোৱা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেতিয়াই এক নতুন মতৰ প্ৰবৰ্ত্তন কৰা প্ৰয়োজন হৈ পৰে। এই মত বিলাকেই তেনে সত্য নহয়। মত শৰীৰৰ দৰে নশ্বৰ, তাৰ মাজে সত্যৰ প্ৰকাশ হলেহে সি চিৰদিন জীয়াই থাকে৷ কবিৰ ভাব প্ৰকাশ পায় ছন্দৰ নিয়মৰ মাজে, ব্যাকৰণৰ নিয়মৰ মাজে। সেই বুলি ছন্দ ব্যাকৰণৰ নিয়মেই কবিতা নহয়। এই নিয়মৰ মাজেদি কবিৰ ভাব প্ৰকাশ হলেহে এটি সুন্দৰ সমগ্ৰ কবিতা হয়; সেই দৰেই ক্ৰমবিকাশৰ নিয়মৰ মাজে দি ভগবানৰ ইচ্ছা বা ভাব প্ৰকাশ বুলি মানি ললেহে সেই মতে এটি সমগ্ৰ সত্য প্ৰকাশ কৰিব, আৰু তেতিয়াহে সি সৰ্ব্বাঙ্গ সুন্দৰ হৈ পৰিব৷

 পচিমৰ দাৰ্শনিক জনদিয়েকে ক্ৰমবিকাশৰ ধাৰাত জড় আৰু জৈব জগতৰ প্ৰয়োজনৰ উত্তৰত এক অনুকূল ক্ৰিয়াশক্তিৰ সঙ্কেত প্ৰকাশ্যে স্বীকাৰ কৰিছে। জগতৰ অম্বুকূল ক্ৰিয়াশক্তিয়েই জগতৰ বিশ্ব চৈতন্যৰ ক্ৰিয়া। [ ১২৫ ] বিজ্ঞানৰ আলোকত পৰমাণুৰ নতুন তথ্য আবিষ্কাৰৰ একেটি “ঘেকেচতে” জড়বাদীৰ “ৰজাৰ দ’ল” ভাগি যাবৰে পৰা ভালেখিনি বৈজ্ঞানিকে আজি কালি মুক্তকণ্ঠে স্বীকাৰ কৰে—জড়-প্ৰকৃতিৰে যি জড় সি আচলতে শক্তিহে, ঘনীভূত হৈ জড়ত পৰিণত হৈছে,—সি এক শক্তিশীল অজড়-অজড় ইচ্ছা বা চেতনা শক্তিৰ বিকাশ। জড়শক্তি জগতৰ উপাদান কাৰণ, যেনে মৃত্তিকা ঘটৰ উপাদান কাৰণ; চিৎশক্তি জগতৰ নিমিত্ত কাৰণ, যেনে কুম্ভকাৰৰ ইচ্ছা শক্তি;—এই দুই শক্তি একেই মহাশক্তিৰ ৰূপান্তৰ। এই মহাশক্তিয়েই ভাৰতৰ ভগবতী—আদ্যাশক্তি, যি জনম আৰু মৰণ লীলাৰে বিশ্বজগতত আনন্দৰ তৰঙ্গ তুলিছে। সেইহে জড়বিজ্ঞানে যেতিয়া কয়, “জড় এই দৰে চলে”, ভাৰতে কয়,—“ভগবানে জড়ক এই দৰেই চলায়।” সেইহে ভাৰতৰ মনীষীয়ে ক্ৰমবিকাশৰ মতটি শোধন কৰি এনেদৰে গ্ৰহণ কৰে,—জড় পদাৰ্থই বিবৰ্ত্তনৰ ধাৰা অনুযায়ী ক্ৰমান্বয়ে মূক অৱস্থাৰ জৈব পদাৰ্থৰ পৰা কথা কব পৰা চিন্তাশীল মানবৰ আকাৰত পৰিণত হয় সঁচা, কিন্তু আচলতে পৰিণতি হল পদাৰ্থগত শক্তিত জগতৰ চৈতন্য শক্তিৰ বিকাশ। চৈতন্য শক্তিয়ে চলোৱা বিবৰ্ত্তবাদত ভাৰতৰ চকুৰে চালে সত্য উজ্জ্বল হৈ জিলিকি পৰে৷ তাৰ আলোকত স্পষ্ট দেখা যায়—বিবৰ্ত্তনশীল পদাৰ্থৰ যি উৰ্দ্ধগামী উত্তৰণৰ চেষ্টা তাৰ লগে লগে বিৰাট চৈতন্যৰ নিম্নগামী কৰুণা, [ ১২৬ ] এহাতে গতিশীল পদাৰ্থৰ চেষ্টা, ইহাতে চৈতন্য শক্তিয়ে সেই গতিক বাট ধৰাই দিয়াৰ চেষ্টা।—জড়শক্তিত চৈতন্যৰ অসাধাৰণ প্ৰকাশেই ভাৰতৰ অৱতাৰ-তত্ত্ব। এয়েই ভাৰতৰ অৱতাৰ,—ই যেন মিলন মদিৰাত বাউল হৈ ফুৰা ঋণাত্মক আৰু ধনাত্মক তড়িতৰ সংযোগত জলি উঠা অপাৰ শক্তিৰ এগছি বিজুলী বন্তি।

 সৃষ্টিৰ কল্যাণৰ অৰ্থে সমষ্টিৰ মঙ্গললৈ ভগবান যেনেকৈ নামি আহে ব্যষ্টিৰ মঙ্গললৈকো সেইদৰেই আহি থাকে। আমি এনেয়ে পাই চিনিব নোৱাৰি কথাই কথাই উৰুৱাই নিজ অহমিকাৰ বৰাই কৰোঁ। তাহানি এজন ছাত্ৰই ওখ ধৰণৰ অঙ্ক এটি অনেক চেষ্টাৰ মূৰতো উলিয়াব নোৱাৰি ভাগৰত লাল-কাল্ দি টোপনিত পৰিল৷ পুৱা উঠি দেখে তেওঁ এৰি যোৱা কাগজত অঙ্কটি সুন্দৰকৈ কৰা আছে। কোনে কেনেকৈ কৰিলে তেওঁ কব নোৱাৰে৷ তেওঁয়েই যে ৰাতি ঘুমটিঘুৰণত উঠি অঙ্কটি কৰি পেলালে এই কথা সমূলি পাহৰিলে। কোঠাত শোৱা চাকৰটোৱে দেখি নথকাহলে ই এক সমস্যাই হৈ থাকিলহেঁতেন, কাৰ সহায়ত এই অঙ্কটি হ’ল? আৰু শুনো,—শুনো কি? কবও পাৰোঁ—কেতিয়াবা কোনো ৰোগীয়ে ৰোগৰ যন্ত্ৰণাত কান্দি কাতি থাকিলে তাৰ আপোন জন বৰ ব্যাকুল হৈ পৰে। হঠাৎ সিবিলাকৰ কোনোজনৰ সপোনত ৰোগৰ ঔষধৰ সন্ধান আহি পৰেহি। তাকে ব্যৱহাৰ কৰি নিজে যি ভাল [ ১২৭ ] হয়েই নে তেনে লক্ষণৰ অন্য ৰোগীকো অন্য ৰোগীকো সেই ঔষধেৰে নিৰাময় কৰা দেখা যায়। কেনেকৈ কি প্ৰকাৰে এই অঘটন ঘটে?—এনে বিলাক পাতি কথালৈ ভগবানক কোনো মতেই টানিবৰ মন নেযায়। নগলেও উপায় নাই।—ই যে অজান্তীৰ জ্যোতিৰ কণিকা এটি মস্তিস্কৰ তীব্ৰ আকুলতাত জিলিকি পৰিছে; ই যে বিৰাট চৈতন্যৰ জান্-নেজান্ চমক এটি আমাৰ মস্তিস্কৰ খণ্ড চৈতন্যত প্ৰকাশ পাইছে;– এই বুলি নকলে আৰু যে প্ৰকাশ কৰিব নোৱাৰি। কথাটি আমালৈ অতি সামান্যৰো সামান্য হব পাৰে; দয়াময়ৰ দয়ালৈ ক্ষুদ্ৰাক্ষুদ্ৰৰ বিচাৰ নাই,—এই দৰে এই দৰেই বৈ বৈ আহে!—মানুহ প্ৰগতিশীল জীৱ, তাৰ অন্তৰতো ক্ৰমবিকাশৰ ধাৰা আছে। মনত আকুলতা জাগিলেই অজ্ঞানে আন্ধাৰ কৰি ধৰা দুৱাৰ খনি মুকলি হয়, আৰু সেই পোনেই জ্ঞানৰ পোহৰ প্ৰবেশ কৰি আকুলতা শান্ত কৰেহি। আমাৰ মনেই যাবতীয় জ্ঞানৰ ভাণ্ডাৰ নহয়, যেতিয়া সি একান্ত ভাবে কিবা জানিব খোজে তালৈ সেই অখণ্ড জ্ঞানৰ ঢৌ একোটি আহি আলোকেৰে ঢৌৱাই যায়। তেতিয়াই সেই বিষয়ৰ জ্ঞান পৰিষ্কাৰ হৈ ফুটি পৰে। আমাৰ মনলৈকো এই দৰেই ভগবানৰ দয়া আহিয়েই থাকে। আকুলতা তীব্ৰ হলেই সি অসাধাৰণ-জ্ঞান, দিব্য-দৰ্শন, সপোনৰ মাজেদি আশ্চৰ্য্যজনক আধ্যাত্মিক পৰশ পাইয়ে থাকে। [ ১২৮ ]  অকল অন্তৰ জগততে নহয়, বাহ্যিক জগততো নিতে নিতে আমি তেওঁৰ দয়া পাবই লাগিছোঁ৷ যেতিয়া পোনেই ভূমিষ্ঠ হৈ নিঃসহায় অৱস্থাত প্ৰাণৰ আকুলতাত কান্দিবলৈ ধৰিলোঁ তেওঁ তেওঁয়েই যে মাতৃৰক্ত স্তন্য কৰি মোৰ মুখত অমৃত দিছিল। সৰু সৰু চৰাই পোৱালিবিলাকক টোপ দি পাখি গজিলেই আগে আগে উৰি উৰি কোনে আকাশৰ কোলালৈ লৈ যায়? ভগবানৰ পৰা আঁতৰাই আনি অকল মাইকি বাপেকিৰ কথা কলেই নহয়, পিতৃ মাতৃৰ প্ৰেমৰ ধাৰাতো যে সেই অসীম, সেই অনন্তৰে লীলা—অনাদি কালৰ পৰা চলিবই লাগিছে। এই ধাৰাটি আছে বুলিয়েই জগতৰ জীৱ পিতৃ মাতৃত উপজিব লাগিছে। পিতৃ মাতৃৰ প্ৰাণৰ মাজে দি এয়ে সেই ভগবানৰ প্ৰেম, ভগবানৰ দয়া—শতধাৰে সন্তানৰ শিৰলৈ প্ৰতিদান নিবিচাৰি বৈ আহে। অকল মাইকি বাপেকিৰ শক্তি কি—কেচুৱাৰ কান্দোনত মাকৰ ৰক্ত স্তন্য কৰি দিয়ে!—তেওঁৰ প্ৰেমৰ পৰশ নিতে নিতে অন্তৰে বাহিৰে পাবই লাগিছোঁ৷ পাই পাই আমি ইমান দগা হৈ পৰিছোঁ,—ক'ৰ পৰা পাইছোঁ, কোনে দিয়ে তাৰ আমাৰ খবৰেই নাই। আমি যেন বাৰীৰ কোঁৱৰ একোজন। বিশ্ব প্ৰকৃতিয়ে আমাৰ আল পৈচান ধৰিবই লাগিব। কিবা এফেৰা নেপালেই আমাৰ উৎপাত? আমাৰ জন্ম মৃত্যু, বৃদ্ধি অপচয় আদিৰ সঁচাৰ কাঠি ভগবানৰ হাতত,—তাত তুৰি মুৰি কৰিবৰ উপায় [ ১২৯ ] নাই,—দয়া নাই, মায়া নাই৷ জুইত হাত দিলে হাত পোৰে,—অজানলৈকো ক্ষমা নাই, – কি কঠোৰ এই শাসন! অথচ, ইমান কঠোৰতাৰ মাজত মানুহৰ ইচ্ছাক এটি সুৰুঙ্গা দি এফেৰিমান স্বাধীনতা দিছে। ইচ্ছা হলে মানুহে ভগৱানক মানিব পাৰে, ইচ্ছা নহলে নেমানিৰ পাৰে। আমি পাহৰি যাওঁ গবানক ইচ্ছাৰে মানি আনন্দ পাবলৈকে বুলি আমাৰ এই স্বাধীনতা! হাঁহি উঠে,—মদৰ এই এফেৰি জাল লাগি এই অকণমানি স্বাধীনতাৰ দম্ভত মানুহে ভগবান পৰ্যন্ত গিলি পেলাব খোজে!— ভগবানে স্বাধীনতা দি উদাসীন হৈ থাকিব নোৱাৰে, তেওঁৰ সৃষ্টি নৰয়, প্ৰেমৰ লীল৷ যে বীভৎস হৈ যায়। আঁৰে আঁৰে থাকি নিতে নিতে আকাৰে ইঙ্গিতে ফালৰি কাঢ়ি যোৱা অজান সন্তানক বাটলৈ টান দিবই লাগিছে। এই টান, এই বতাহৰ বা অনাদি কালৰ পৰা আমালৈ আহিছে,আমাৰ ইচ্ছা নাই,—কোঠাৰ দুৱাৰ মাৰি চলা নচলাৰ কথা লৈ বতাহৰ বিৰুদ্ধে অভিযোগ কৰোঁ৷ অকল নিৰ্ম্মল চিত্তত জ্যোতিৰ জিলিকনি স্বৰূপে নহয়, মানুহৰ শৰীৰৰ মাজেদিও সমষ্টিৰ দৰে ব্যষ্টিলৈ আহিয়েই থাকে,—এই অহাৰ শেষ নাই! মতঙ্গ মুনিৰ পৰিচাৰিকা অনাৰ্য্যা নাৰী শবৰীৰ কি ভাগ্য! সদ্‌সঙ্গৰ সংস্পৰ্শত প্ৰাণৰ আকুলতা জাগি উঠিল—ভগবান আহিব। ব্যাধ ৰমণীয়ে ধ্যানত দেখিলে—নব ঘনশ্যাম সুন্দৰ মূৰতি, মুৰত জটাজাল, হাতত ধনুৰ্ব্বাণ, [ ১৩০ ] পিঠিত তূণ, গাত গছৰ বাকলি, ভুবন জিনা হাঁহিটিৰে ভগবান আহিছে। তল-সৰা ফল এটি কামুৰি মিঠা পালেই নিজে নেখাই ভগবানলৈ বুলি সাঁচি থৈছে!—ধ্যান সফল হ’ল। বিশ্ব-বিমোহন বেশেৰে হাতত ধনুৰ্ব্বাণ লৈ ভগবান ৰামচন্দ্ৰই শবৰীক দেখা দিলে। ধ্যানৰ মূৰতি বাহিৰে দেখি তাইৰ হিয়া যেন উৰি গল!—শবৰী বাউলী হ’ল,—উৰি গ’ল এক উজ্জ্বল লোকৰ ভূমানন্দলৈ,—তাইৰ জীৱন ধন্য হ’ল!অজি এশ বছৰৰ ভিতৰৰে কথা,—এইয়া অলপতে দক্ষিণেশ্বৰৰ কালী মন্দিৰত ব্ৰাহ্মণৰ নিৰক্ষৰ সন্তান ৰামকৃষ্ণৰ আকুলতা জাগিল,—এই দেবীৰ যে পাষাণ প্ৰতিমা, ই পাষাণেই নে ইয়াৰ ভিতৰত দেবী আছে। দেবী যদি আছে সন্তানক দেখা নিদিয়ে কিয়?—কি সেই আকুলতা!—জীৱনৰ আশা ভাৰসা, লাজ ভয়, সুখ সন্তোষ দলিয়াই দি ‘মা’ ক বিচাৰি বাউল হল! ভগবানৰ কি দয়া!—ত্ৰিভুবনৰ সুষমা মাধুৰীৰ স্নিগ্ধ জ্যোতিৰে ‘মা’ ৰূপ ধৰি ভগবানে ভক্তৰ মুৰত হাত বুলাই দি গল। সকলো দ্বিধা, সকলো সন্দেহ, সকলো আকুলি-বিকুলি এটি মুহূৰ্ত্ততে মিলি গল! কি স্পৰ্দ্ধাৰে, কি সাহসেৰে বুকুত হাত দি দৰ্শন বিজ্ঞানৰ কোৰ্হাল তল পেলাই কবলৈ ধৰিলে—“ভগবানক দেখা যায়”। “যদি ডাকার মত ডাকতে পার তবে পাবিরে তারে।”—জগত চমকি উঠিল! কি এই আশ্বাসৰ বাণী! এই বাণীকেই দেশে দেশে কালে কালে ভগবানৰ আবেশ হোৱা মহাপুৰুষ [ ১৩১ ] সকলে কৈ আহিছে,—বিচাৰ, বিচাৰিলেই পাবি।'—ভাৰতৰ ভক্তিবাদৰ কি বিশ্বাস! তাৰ হৃদয়ৰ নিধিক হাততে পাই তাৰ আজি কি আনন্দ! কি বিশ্বজিনা পাঞ্চজন্যৰ পৰিত্ৰ নাদেৰে সি উচ্চ কণ্ঠে জগতৰ শিখৰত ঘোষণা কৰিছে—মোৰ হিয়াত তেওঁলৈ বুলি যি আকুলতা, সেই আকুলতা যে তেওঁৰেই আকুলতা! মোৰ হৃদি মণ্ডপৰ নিভৃত নিকুঞ্জত তেওঁৰেই সেই মুৰুলী ধ্বনি! মই যে মৃগনাভিৰ গন্ধত আকুল হৈ হৰিণৰ দৰে লৰি ফুৰিছোঁ—মিলনৰ আকুলতা লৈ দুৱাৰে দুৱাৰে তেঁৱেই যে ৰ’দে বৰষুণে ঘুৰি ফুৰিছে! এবাৰ প্ৰাণেৰে তোৰ মাতি আন। তেওঁ যে আহিবলৈকে ঘুৰি ফুৰিছে। যেতিয়াই মোহেৰে ঢাকি থোৱা সত্য এটি জানিবৰ একান্ত আগ্ৰহ, একান্ত অকুলতা জাগে, ভগবানে এই দৰে এই দৰেই দেখা দিয়ে, জ্ঞানৰ উন্মেষেৰে হওক অথবা সদগুৰুৰ মুখেৰেই হওক সেই সত্যলৈ লৈ যায়। তেওঁৰ প্ৰকাশলৈ তেঁৱেই লৈ গৈছিল, তেঁৱেই লৈ যায়, তেঁৱেই লৈ যাবও!

 মথুৰাৰ হাটলৈ কানায়ে বাট নিদিলে যাব নোৱাৰি বুলিছা, বুজিছোঁ তুমি ইয়াকে কব খুজিছা,—মথুৰাৰ হাটত বাহিৰৰ বেহা-বেপাৰৰ, আদান প্ৰদানৰ যি হট্ট-হাহাকাৰ তাক যেয়ে সেয়ে চকু মেলিলে দেখে, হাত মেলিলে পায়; কিন্তু এই হট্ট-হাহাকাৰৰ ঘোৰ অন্ধকাৰৰ মাজত হৰিৰ সুন্দৰ সুপ্ৰকাশ, কানাইৰ যি ত্ৰিভঙ্গ ভঙ্গিম ভুবন মোহন, [ ১৩২ ] ৰূপটি আছে, সেই ৰূপ মথুৰাৰ হাটত চাবলৈ হলে কানায়ে বাট দি লৈ যাব লাগিব। ভগবানৰ দয়া নহলে, ভগবানে বাট নিদিলে মায়া মোহত জলকা লাগি থকা জীৱ আধ্যাত্মিকতাৰ সেই উজ্জ্বল লোকলৈ যাব নোৱাৰে, তুমি ইয়াকে কব খোজা নাই মিচিক কৰে হাঁহিলা, হাঁহিটিত নে? এইবাৰ, এইবাৰ তুমি তোমাৰ আজি কিহৰ সুৰ! ইমান শুৱলা, ইমান সুন্দৰ! কোনোবা দূৰ দূৰণিৰ,—আকাশে পাতালে য'ত আকোলাআকুলি কৰিছে,—তাতোকৈ দূৰ, তাতোকৈ দূৰণিৰ,—কিবা যেন আদি অন্তহীন মহা-সিন্ধুৰ সিপাৰৰ সঙ্গীত এটি শুনা নুশুনাকৈ বাজি বাজি উঠিছে! এইয়া, মোৰ প্ৰাণৰ মাজত, ইমান ওচৰত যেন শুনিছোঁ! কোৱা মা, ফুটি নেবাজে কিয়? ফুটাই দিয়াঁ,আৰু ফুটোৱাঁ। তুমি গুচি গ'লা? গাই যোৱাঁ—এবাৰ প্ৰাণৰ মাজত ফুটি পৰক, গোৱাঁ গোৱাঁ, গাই যোৱাঁ:—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে, বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে কানাই নিয়৷ পাৰে কৰি,
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই .ৰাম॥”

[ ১৩৩ ]

ষষ্ঠ পৰ্ণ

 দিনৰ অৱসানত দিনলৈ চাই নিৰলে বহি আছোঁ। এনেতে দেখিলোঁ—এক অপৰূপ লাহ-লোটনেৰে হাঁহি হাঁহি তুমি আহিছা। তোমাৰ হাঁহিটিৰ জিলিকনি যেন চাৰিও পিনে বিয়পি পৰিছে, জুৰিটিহঁতে হাঁহি নাচি আপোন পাহৰি যোৱা পাহৰা সুৰ তোমাৰ হাঁহিটি চাই মিলাই লৈছে। ফুলে ফুলে, লতাই লতাই, তোমাৰ হাঁহিটিৰেই কিৰণ একো কণি জিলিকি উঠিছে! মাজে মাজে হাঁহিটি তুমি আঁচলেৰে ঢাকি লুকাব খুজিছা? অন্তৰৰ হাঁহিটি তোমাৰ চকু যেন জগতত শতধাৰে বিৰিঙ্গি পৰিছে! লুকাব নোৱাৰিবা। জগতক হঁহুৱাবলৈ সেই হাঁহি,— এখনি আঁচলেৰে কি তাক ঢাকি ধৰিবা! আহাঁ মা, তোমাৰ মাধুৰ্য্যৰ, তোমাৰ আনন্দৰ সুৱদি সম্ভাৰেৰে এবাৰ মোৰ আগত বহাঁহি। বুজিছোঁ — আজি তুমি ৰাধাৰ ধেমালিৰে ওমলাব খুজিছা; সেইহে তোমাৰ আনন্দই নধৰা হৈছে!

 আজি পাঁচ হেজাৰ বছৰ হৈ গ'ল, শ্ৰীকৃষ্ণৰ জন্মৰ কেবছৰ- মান আগতে এদিনা ভাদ মাহৰ শুক্লাষ্টমীৰ ভৰ দুপৰীয়া ব্ৰজপুৰৰ বৃষভানুৰ পত্নী কলাৱতীৰ গৰ্ভত শ্ৰীৰাধিকাৰ জনম। মাক বাপেকৰ চেনেহৰ আতোল-তোলত ৰাধাই শুক্ল পক্ষৰ চন্দ্ৰৰ দৰে দিনক দিনে বাঢ়ি বাঢ়ি ব্ৰজ গোপিনীসকলৰ মনত [ ১৩৪ ] অতৰ্কিতে এক অভিনৱ আনন্দ বিকীৰণ কৰিছিল। চাওঁতে চাওঁতে ৰাধিকা পূৰ্ণ যৌৱনৰ ৰূপ লাৱণ্যেৰে ফুলি পৰিল। স্বৰ্গ আৰু মৰ্ত্ত্যৰ সকলো সৌন্দৰ্য্যৰ সকলো আনন্দ শৰীৰী হৈ তেওঁৰ তুলা যেন কোমল শৰীৰটিত তিৰবিৰাই উঠিল। কোনো এখনি পুৰাণৰ মতে ব্ৰজধামৰ আয়ান নামেৰে দ্বাদশ গোপৰ গোপ এজনেৰে তেওঁৰ লৌকিক বিবাহো সমাধা হ’ল। গোপকুমাৰীৰ স্বভাৱসুলভ স্বাধীন চিত্তেৰে এদিন বৃন্দাবনৰ কাষৰৰ ভাণ্ডীৰ বনৰ মাজেদি যাওঁতে হঠাৎ কোলাত কৃষ্ণক লৈ যোৱা গোপৰাজ নন্দই তেওঁক দেখা পাই তেওঁৰ কোলালৈ কৃষ্ণক দি গৰু চাবলৈ বনলৈ সোমাল। ৰাধা তেতিয়া পূৰ্ণ যুৱতী,—কৃষ্ণ কোলাৰ কৃষ্ণ। তেতিয়াই কৃষ্ণৰ প্ৰতি ৰাধাৰ যিটি মৰম সোমাল তাৰে পূৰ্ণবিকাশ হ’ল পাচলৈ বৃন্দাবনৰ ৰাস-পূৰ্ণিমাত। শৰতৰ চন্দ্ৰাৱলীত কৃষ্ণৰ মধুৰ মুৰুলী শুনি ভালেখিনি গোপিনীৰ লগত বাউলী হৈ ৰাধা আহি বৃন্দাবন পালেহি। কৃষ্ণ প্ৰেমৰ পৰশ পাই অভিমানৰ মাত্ৰা বেচিকৈ চৰাত হাতৰ কৃষ্ণ হাততে লুকাই পৰিল৷ তাৰ পাচত হিয়া ধুনি ধুনি চকুৰ পানীৰে অভি- মান ধুই নিকা কৰিলত নিয়ৰেৰে নিকা পদুম পাহিক নীল আকাশৰ বেলিটিয়ে দেখা দিয়াদি ৰাধাৰমণে ৰাধিকাৰ দেখা দিলেহি, আৰু দুয়ো ভূমানন্দৰ উজ্জ্বল লোকত মিলি গ’ল। এই মিলনৰ কিছু দিনৰ পাচতে লৌকিক বিৰহ আহিল। কি সেই সুদীৰ্ঘ বিৰহ! এদিন নহয়, দুদিন [ ১৩৫ ] নহয়,— শত বছৰৰ অমূৰ্ত্তক বিৰহ! — যেই দিন ধৰি ঘৰ্ঘৰ ৰবেৰে অক্ৰূৰৰ ক্ৰূৰৰথে গকুলৰ গোপিনীৰ হিয়া ধুনা বিননি তল পেলাই মথুৰাৰ অভিমুখে প্ৰাণৰ কানাই বলাইক লৈ গুচি গল, সেই দিন ধৰি এই দাৰুণ বিৰহৰ হৃদিবিদাৰক আৰম্ভণ!— মথুৰালীলাৰ পাচত দ্বাৰকালীলা সাঙ্গ হলত কৃষ্ণই যেতিয়া নিজা তেজ সংহৰণ কৰি মহা প্ৰয়াণলৈ প্ৰস্তুত হল, তেতিয়া প্ৰভাসত পুণ্যতীৰ্থ পৰ্য্যটন কৰাৰ আগতে প্ৰিয় গোপ গোপিনী আৰু ৰাধিকাৰ সৈতে শ্ৰীকৃষ্ণৰ পুনৰ্ম্মিলন হয়। এই মহা মিলনৰ মহা আনন্দৰ মাজেদি ৰাধাৰ দেহাই কৃষ্ণত্ব পালে, আৰু প্ৰভাস তীৰ্থত যদুবংশৰ অৱসানৰ লগে লগেই শ্ৰীকৃষ্ণৰো মহাপ্ৰস্থান হ'ল।

 এয়ে শ্ৰীৰাধিকাৰ অতি চমু ঐতিহাসিক জীৱন। ৰাধা কৃষ্ণগত প্ৰাণা৷ সংসাৰৰ সকলো কামৰ সুৰুঙাই চাই থাকিলে হেঁপাহ নপলোৱা কৃষ্ণৰ মুখখনি চাবলৈ অন্তৰৰ যিটি হেপাহ তাকে কথা বা কাৰ্য্যেৰে নুফুটাবলৈ গৈ ফুটাই পেলোৱা,—এই যে “ন যযৌ ন তস্থৌ” অৱস্থা,—এই যে নতুন যুৱতীৰ নৱ যৌৱন লুকাবলৈ গৈ উলিয়াব খোজা ৰাধাৰ পূৰ্ব্বৰাগ, অভিসাৰ, মিলন, মান, বিৰহ, আৰু ভাব সম্মিলনৰ অমৃতোপম প্ৰেমৰ প্ৰয়াস,—ইয়াকে লৈয়েই জয়দেব প্ৰমুখ্যে ভালেখিনি কবিয়ে অতি উপাদেয় অতি মধুৰ কবিতাৰ ৰস বোৱাই গৈছে। মনত এনেহে লাগে যেন ৰাধা ৰাধা নহয়, মধুৰ কবিতাৰ চলন্তা মূৰতি; ৰাধা [ ১৩৬ ] যেন ৰাধা নহয়, পৃথিবীৰ সকলো প্ৰেমিকাৰ প্ৰাণভৰা আকুলতা, সকলো বিৰহিণীৰ ধাৰ নিছিগা চকুৰ পানী,— শোকৰ শীতাশ্ৰু নহয়, প্ৰাণৰ আনন্দেৰে উতলি উঠা প্ৰেমৰ লোতক! সংসাৰৰ লৌকিকতাৰ অত্যাচাৰত বিধতাৰ নিদাৰুণ বিধানত প্ৰাণে প্ৰাণে মিলি অহা প্ৰেমিক প্ৰেমিকাৰ কি আলৈ-বিলৈ, শ্ৰাৱণৰ ধাৰাৰ দৰে কি সেই অশ্ৰু বৰিষণ! সীতা দেবীৰ কৰুণ কাহিনীৰ দৰে এই প্ৰাণস্পৰ্শী কাহিনী শুনিলে প্ৰাণে বিনাবলৈ ধৰে! — ৰাধাৰ জীৱন আড়ম্বৰ আৰু বৈচিত্ৰ্যহীন হলেও তাত মানুহৰ মন টানি নিব পৰা উপন্যাস বা কবিতাৰ ভালেখিনি উপাদান আছে!—

 মুখ নামোলাবা, মাতৃ! তুমি এই উপন্যাস বা কবিতাৰ ৰাধাৰ কথা কব খোজা নাই। মই বুজিছোঁ,— তুমি কব খুজিছা প্ৰাণৰ ৰাধাৰ কথা,— যাৰ মাধুৰী ইতিহাসৰ ভিতৰেদি কবিতাৰ প্ৰাণৰো প্ৰাণৰ মাজেদি ফুটি ফুটি উপচি পৰিছে৷

 মধুৰ ব্ৰজপুৰত নন্দৰ কানায়ো তোলনীয়া, বৃষভানুৰ ৰাধাও তোলনীয়া। ব্ৰহ্মবৈবৰ্ত্ত পুৰাণে কয়,— কলাৱতীয়ে ৰাধাক জন্ম দিবলৈ যি গৰ্ভধাৰণ কৰিছিল সি বায়ুপূৰ্ণ মায়াৰ গৰ্ভ। আচলতে ৰাধা অযোনিসম্ভৱা হৈ সীতাদেবীৰ দৰে জন্ম গ্ৰহণ কৰিছিল। মানুহৰ জনমে সাধাৰণ সন্তান। অতি অসাধাৰণ তেজৰ যি, যাৰ কোনো কালে জনম নাই মৰণ নাই তেনে জনক জন্মই বা দিয়ে কোনে? এনে ক্ষেত্ৰত জন্ম দিয়াতকৈ তুলি তালি লোৱা বুলিলেহে কথাটি [ ১৩৭ ] যেন ৰজি যায়। ৰাধাৰ তোলনিৰ পাচত এই দুই তোল- নীয়াৰ প্ৰথম মিলন হয় বৃন্দাবনৰ পদুলিৰ দৰে ভাণ্ডীৰ বনত৷ বাৰ্দ্ধক্যত যি লীলাৰ বিকাশ হয় তাৰ বীজ ল'ৰাকালত লুকাই অঙ্কুৰ অৱস্থাত থকাৰ দৰে এই যে ৰাধা কৃষ্ণৰ প্ৰথম মিলন, ইয়াতে ৰাধা কৃষ্ণ তত্ত্বৰ সাৰ কথা লুকাই আছে৷— নন্দগোপ গৰু চৰাবলৈ ভাঙীৰ বনলৈ যাওক। কোলাৰ কৃষ্ণ ডিঙিত ওলমি গৈছে। এনেতে হঠাৎ দিগ্বিদিক কঁপাই ধুমুহাই ওন্দোলোৱা মেঘ বিজুলীৰ চিকিমিকিৰে বলাই ঢেৰে- কনিৰ কৰচনিত এক আকস্মিক আতঙ্কৰ সৃষ্টি কৰিলে। গৰু-গাইবোৰে প্ৰাণৰ ভয়ত নেজ তুলি তুলি ঢাপলি ধৰি পিয়াঁপি দিবলৈ ধৰিলে। কোলাত কৃষ্ণক লৈ গৰু আগুৰি ৰখা নন্দগোপৰ সম্বন্ধি একেবাৰেই অসম্ভৱ হৈ উঠিল। ইফালে ধুমুহাৰ কোবত মাটি ছুই ত্ৰাহি ত্ৰাহি কৰা গছ- গছনিৰ মুৰ ভুকুৱনিৰ মাজত বিজুলী ঢেকেনিৰ গিৰ-গিৰণিত অকলে কৃষ্ণকে বা গছৰ তলত থৈ যায় কোন সতে; একালে পুত্ৰ, ইফালে গো-ধন। নন্দৰাজ উভয় সঙ্কটত পৰি আকুল হ'ল! কৃষ্ণৰ মুখলৈ চাই গছ-গছনিলৈ চকু দিয়েই দেখিলে—সাক্ষাৎ প্ৰকৃতি দেবীয়ে যেন বনবালিকাৰ ৰূপ ধৰি গোটেই বননি মুখৰ মিচিকি হাঁহিৰে উদ্ভাসিত কৰি লয়লাসে আহিব লাগিছে। কাষ পালত দেখিলে— বনবালিকা নহয়, ব্ৰজধামৰ ৰাধিকা! ক'লা মেঘৰ বিজুলী যেন কলীয়াৰ ৰাধাই বিজুলীৰ বেশেৰেই জিলিকি আহিছে? [ ১৩৮ ] তাত আতঙ্ক নাই, আছে প্ৰাণভৰা আশ্বাস! এই জীৱন্ত বিজুলীৰ অচল চমকত যেন কিবা এক লুকোৱা কথাৰ সম্ভেদ মনৰ মাজত উজলি উঠিল! ভাব গদ্‌গদ্ সুৰেৰে নন্দ ৰজাই কবলৈ ধৰিলে, – “আহাঁ, মা, গৰ্গমুনিৰ মুখে মই তোমাৰ জন্ম-জন্মান্তৰৰ বাতৰি শুনি থৈছোঁ। তুমি মোৰ কৃষ্ণৰ,লক্ষ্মীতকৈও প্ৰিয়— অতি আপোন। তোমাৰ কোলাত মোৰ কোলাৰ কৃষ্ণ থৈ যাওঁ।”— এই বুলি যেই ৰাধাৰ কোলালৈ কোলাৰ কৃষ্ণক দি দিলে, সেই যেন পৃথিবীত নীৰৱে মহানন্দৰ উৰুলি জোকাৰে জোকাৰে উঠি গ'ল! বিশ্ব প্ৰকৃতিয়ে পুলকানন্দত ৰোমাঞ্চিত হৈ গাবলৈ ধৰিলে। –“আনন্দম্, আনন্দম্!” এক সুৱদি শান্তিৰ অমিয়া মাধুৰীয়ে অসীম সৌন্দৰ্য্যেৰে আকাশ পাতাল যেন জিনি পেলালে! দেৱমন্দিৰৰ আৰতিতকৈও সি কি মধুৰ, কি মহান! বিজুলী ঢেৰেকনি এই আনন্দৰ ধ্বনিত নিজমি নিমাত হৈ গ’ল! ৰাধাই কৃষ্ণক বুকুলৈ সাবটি লৈ আনন্দত আকুল হৈ সেই ভুবন জিনা মুখ খনিত লাখে লাখে চুমা দিবলৈ লাগিল! সেই চুমাৰ শেষ নাই, সেই সুখৰ যে অৱধি নাই,—সেই আনন্দৰ বিৰাম ক’ত!

 নন্দ গৰু আগুৰিবলৈ গৈ নেদেখা হ'ল! ইতি মধ্যতে যোগমায়াই ৰাধা কৃষ্ণক মাজত লৈ এক অভিনৱ ৰাসমণ্ডলৰ সৃষ্টি কৰিলে। নানা বৰণৰ গছ লতাৰে সুশোভিত এটি ৰত্ন-মণ্ডপ,— তাত অগণন ফুল শয্যা,—তাৰে মালতী মালাৰ [ ১৩৯ ] আলিয়নেৰে এখনি অতি বিতোপন ফুলৰ শয্যাত এজন আদি যৌৱনৰ শ্যামসুন্দৰ পুৰুষ শুই আছে! ৰাধাই দেখিলে তেওঁৰ কোলাৰ কৃষ্ণ নাই। কোলাৰ কৃষ্ণ কিশোৰ বেশেৰে ফুলৰ শয্যাত হাঁহি আছে! তাৰ পাচত সৃষ্টিৰ বিধাতা ব্ৰহ্ম৷ আহি দুইকো বিবাহ বন্ধনেৰে বান্ধি দিলে। দুইৰো মহামিলনৰ মহানন্দই বিশ্বৰ তন্ত্ৰীত আনন্দৰ সুৰ বজাবলৈ ধৰিলে!— বৃন্দাবনৰ পাৰীত ফুলা ভাণ্ডীৰ বনৰ এই যে মধু-মিলনৰ পূৰ্ব্বাভাস ইয়েই সকলো মধুৰ ৰসেৰে ৰসময় হৈ, সকলো সুন্দৰৰ সৌন্দৰ্য্য সকলো মধুৰৰ মাধুৰী লৈ মুনিমনোৰম বেশেৰে পাচলৈ বৃন্দাবনৰ অন্তৰলৈ গৈ ব্ৰজ-গোপিনীৰ পূৰ্ণৰাস স্বৰূপে জিলিকি পৰিল! মধুৰ-ৰসেৰে বৃন্দাবন পৰিপূৰ্ণ হ’ল,—“শ্ৰীমদ্ বৃন্দাবনং ৰম্যং পূৰ্ণানন্দৰসাশ্ৰয়ম।”

 এই আখ্যানটিৰে পুৰাণকাৰে ৰাধা কৃষ্ণ প্ৰেমৰ এটি সুন্দৰ আভাস দিলে। এই যে ৰাধা কৃষ্ণৰ প্ৰথম মিলন ইয়াত দেখিছো কি?—গাভৰু গোপবালাই বাপেকৰ কোলাৰ পৰা অতি সুন্দৰ কানাইক নিজৰ বুকুলৈ টানি আনি সাবটি ধৰি তুল্-তুলীয়া মুখ খনিত অজস্ৰ চুমা দিছে! সেই দৃশ্য দেখি বাপেকি আনন্দত বিভোল হব, মাইকি আনন্দত বিভোল হব, আৰু যদি গাভৰুৰ স্বামী থাকে তেওঁ, চায়ো আনন্দত বিভোল হব।—এটি সুন্দৰ, এটি মধুৰ বস্তুক মন-প্ৰাণেৰে ভাল পাব তাতকৈ আনন্দৰ কথা আৰু কি হব পাৰে? এনেয়ে শিশু, তাতে কানাই—কোটি চন্দ্ৰমা [ ১৪০ ] জিনি শান্ত স্নিগ্ধ জ্যোতিৰে জ্যোতিষ্মান সেই খনি মুখ! তাত চুমা দিয়াত যে কি আনন্দ কি গৌৰব তাক কল্পনাতো ভাবিব নোৱাৰি।—এয়ে, এয়ে প্ৰেম! ইয়েই জগতৰ যত মধুৰ, যত সুন্দৰ সেই সকলোৰে পৰশ প্ৰাণলৈ টানি আনি সেই প্ৰাণ আঁজলি ভৰি বিলাই জগত খনি সুন্দৰ আৰু মুধুৰ কৰি তুলিছে। ইয়েই মানবী হিয়াত বিশ্ব প্ৰেমৰ কণিকা বিকাশ! এই অখণ্ড প্ৰেমৰ খণ্ড অংশটিকে অলপৰ পৰ৷ বৃহত্তম কৰি বিশ্বক আকোৱালি লোৱাবলৈকে ধৰ্ম্মশাস্ত্ৰৰ চেষ্টা, অৱতাৰ বা প্ৰেৰণাৰ প্ৰয়োজন!

 পণ্ডিত সকলে কয় প্ৰেম আত্মাৰ এটি গভীৰ ভাব, যাৰ দ্বাৰা চিত্ত সম্পুৰ্ণ স্নিগ্ধ হয় আৰু প্ৰিয় জনৰ প্ৰতি অতি মমতা জন্মে। ধ্বংসৰ কাৰণ থকা সত্ত্বেও সি ধ্বংস নহয়। প্ৰেমিকৰ ৰূপ জৰা ব্যাধিৰে কুৰূপ হলেও, অৰ্থৰ অনাটনত মন জোৰাব নোৱাৰা অন্তৰৰ গ্লানিয়ে ধিক্কাৰ তুলিলেও, মৃত্যুৱে চকুৰ আগৰ পৰা আঁজুৰি নি বিচ্ছেদৰ দাৰুণ অগনিৰে দহি পুৰি ছাই কৰি দিলেও এই প্ৰেমক থমকাব নোৱাৰে। সি যেন নাচি বাগি বৈ যোৱা পৰ্ব্বতৰ নিজৰা, মহাসমুদ্ৰৰ মুৰুলী ৰৱত বাউলী হৈ ঢাপলি ধৰিছে,—শত শত শিলৰ বাধায়ো তাইক আগুৰি ৰাখিব নোৱাৰে। মৰণ মৰি গৈও এই প্ৰেম জীয়াই থৈ যায়!

 যুৱক যুৱতীৰ মাজত যৌৱনে খন্তেকীয়া মমতাৰ এটি তীব্ৰ আকৰ্ষণ আনি দিয়া দেখা যায়। সেই তীব্ৰ আকৰ্ষণৰ [ ১৪১ ] লগে লগে তীব্ৰ বিকৰ্ষণ, ভোগৰ লগে লগে বিতৃষ্ণা, মদিৰা জালৰ লগে লগে ভীষণ অৱসাদ, চকুৰে চাই হেঁপাহ নপলোৱাৰ লগে লগে চকু পাৰি দেখিব নোৱাৰা অৱস্থাও চকুত পৰে। এই আকৰ্ষণৰ মূলত আছে—ইন্দ্ৰিয়৷ তাৰ সুখ লালসা চৰিতাৰ্থ কৰিবলৈ সি ভোগৰ বলিয়া হয়, ভোগৰ আঁৰে আঁৰে যেতিয়া বিতৃষ্ণা আহে, সি তেতিয়া অন্য ভোগ বিচাৰি যায়। এই যে কেৱলে ইন্দ্ৰিয়ৰ লালসা পূৰ্ণ কৰা ক্ষণিকা তৃপ্তি, ইয়াকো মনে এটা ডাঙৰ নাম দি প্ৰেম বুলিব খোজে। ই প্ৰেম নহয়, ইয়াৰ নাম কাম। কোনো জনক আপোনাৰো আপোনকৈ ললে চিত্তৰ যি সম্পূৰ্ণ্ণ আনন্দ হয়,—যি আনন্দৰ কোনো দিন কোনো বিকাৰত শেষ নাই, অৱসাদ নাই—সি প্ৰেম; আৰু কোনো জনক ইন্দ্ৰিয়ৰ ভোগ স্বৰূপে গ্ৰহণ কৰি খন্তেকীয়া তৃপ্তিত মন যদি মেলি দিয়া যায় তাৰ নাম কাম। আচলতে মৰমৰ স্নিগ্ধতা, ব্যাপকতা আৰু পবিত্ৰতাৰ যি অমৃত সেয়ে প্ৰেম, তাৰ ইন্দ্ৰিয় তৃপ্তিৰ জঘন্যতা আৰু অশ্লীলতাৰে যি মাদকতা সেয়ে কাম।

 পবিত্ৰ প্ৰেমৰ যি চুম্বন আৰু আলিঙ্গন তাত অশ্লীলতা নাই। কামৰ চুম্বনত হে অশ্লীলতা। আমাৰ সমাজৰ এটি পটন্তৰতে এই কথাটি বিতোপন কৈ ফুটি পৰে। কলৰ গুৰিত আদৰিবলৈ গৈ শাহুৱেকে যেতিয়া জোঁৱায়েকৰ দুগালে দুটি চুমা দিয়ে,—সি কেনে পবিত্ৰ! তাৰ পুণ্য [ ১৪২ ] পৰশনত মাতৃত্বৰ সকলো সুৱদি ফুটি নপৰে নে? সি যে পৰক প্রথমে আপোন কৰি লোৱা প্ৰেমৰ এক পবিত্ৰ পৰশ!— অশ্লীলতা কোনো পদার্থ বা কথাত নেথাকে, অশ্লীলতা থাকে মানুহৰ মনত।

 এদিনা মূৰ্ত্তমান বসন্ত মাদকতাৰ সকলো তেজ সকলো সম্ভাৰেৰে জিকাৰি উঠিল, কামৰ সকলো উদ্দীপনা পূর্ণ বেগেৰে পলকে পলকে উতলি উঠি মন বলিয়া কৰিলে, পৰ্ব্বতনন্দিনীয়ে কামৰ উপচাৰ লৈ বকুল ফুলৰ সাতসৰি পিন্ধি ইন্দ্রিয় প্রলোভনৰ সকলো সুষমাৰে জগৎ পিতা মহাদেৱৰ মন ভুলাবলৈ গ'ল। কি সেই লাস বেশ! কি সেই খোজৰ লাহ! খোজে খোজে যেন মুনিৰ মন টানি নিয়ে,— যোগীশ্বৰ এই ঢলে ঢলে,— কামে এই নিয়ে নিয়ে—! ধ্যানৰ মন চঞ্চল হ’ল! — হঠাৎ কপালৰ অনল ভম্ কৰে জ্বলি উঠিল, কাম চকুৰ পচাৰতে ছাই হৈ গল ! —তাৰ পাচত প্ৰেমৰ সুবিমল কিৰণত পৰ্ব্বতনন্দিনীৰ গাত জগন্মাতাৰ মমতা জিলিকি পৰিল, সেই মমতাৰ মাদকতা নাই, ইন্দ্ৰিয় সুখৰ লালসা নাই, —আছে প্রাণ ভৰা প্ৰেমৰ টান, আছে ঈশ্বৰ প্রীতিৰ প্ৰবল হাবিলাষ, আছে দেৱতা পূজাৰ অমিয়া মাধুৰী —জগৎ পিতাই বুকুলৈ টানি নিলে; আনন্দময়ীৰ আনন্দ মিলনত নিৰানন্দ স্বৰ্গলৈ আনন্দৰ ধাৰা বৈ আহিল। এই মিলনতে কামে অশৰীৰী হৈ জনম পালে, বিশ্ব ব্রহ্মাণ্ড আনন্দেৰে পৰিপূৰ্ণ হ'ল! — এই যে জগৎ পিতা আৰু [ ১৪৩ ] জগন্মাতাৰ প্ৰেমৰ মিলন, এই যে আদি পুৰুষ আৰু আদ্যাশক্তিৰ একত্ব ভাব, এই যে অৰ্দ্ধনাৰীশ্বৰৰ অখণ্ড আনন্দ,—ইয়াত ইন্দ্ৰিয় সুখৰ পঙ্কিলতা ক’ত?—হৰপাৰ্ব্বতী যে ইন্দ্ৰিয়াতীত! ইন্দ্ৰিয়াতীতৰ ইন্দ্ৰিয় সুখ কি? ই যে প্ৰাণ আৰু ভাবৰ মিলন—ইয়াত ইন্দ্ৰিয় নাই, অথচ ইন্দ্ৰিয়ৰ তৃপ্তি; মন নাই, অথচ মনৰ সুখ; বুদ্ধি নাই, অথচ বুদ্ধিৰ সন্তোষ; সকলো সুখ সম্ভোষৰ সাৰ আছে, সমষ্টি-আছে; নাই তাৰ মাদকতা, নাই তাৰ জঘন্যতা! এয়ে জীৱ আৰু বিশ্ব চৈতন্যৰ আনন্দ লীলা,—আত্মা আৰু পৰমাত্মাৰ মধুৰ সঙ্গম!—বাক্যেৰে কব নোৱাৰি, মনেৰে মনিব নোৱাৰি,—ই পুণ্য হৃদয়ৰ অনুভূতিৰ ধন! আত্মাৰাম ভগবানৰ অনিৰ্ব্বচনীয় ৰমণ লীলা,—অনুপম আনন্দৰ বিনন্দবিলাস!—সদ্‌গুৰুৰ কৃপা নেপালে এই গভীৰৰো সুগভীৰ আনন্দৰ আস্বাদন মনেৰে আৰু বুদ্ধিৰে পোৱা অতি টান। জগৎ পিতা আৰু জগন্মাতাৰ প্ৰাণ আৰু ভাবৰ মিলনেই গোলোকৰ ৰাধাকৃষ্ণৰ নিত্য ৰমণৰ আনন্দ লীলা! এনে লীল৷ চাবলৈ অন্তৰেৰে অনুভৱ কৰিবলৈ হিয়া খনি উদাৰ কৰি পুণ্যৰ পোহৰেৰে পৰিত্ৰ কৰিব লাগিব।

 যুৱতীয়ে নিজৰ বালিকা কালত লগৰ শিশু এটি সাবটি ধৰি মৰমতে অজস্ৰ চুমা যাচিছে,—তাত জঘন্যতা নাই, অশ্লীলতা নাই; যুৱতী হৈ সুন্দৰ শিশু এটিক বুকুলৈ লৈ চাই চাই হেঁপাহ নপলোৱা মুখ খনিত লাখে লাখে চুমা দিব [ ১৪৪ ] লাগিছে,—তাতো জঘন্যতা বা অশ্লীলতা নাই,—আছে কেৱলে প্ৰেম, কেৱলে মমতাৰ মাধুৰী। বিশ্ব বিয়পিব পৰা মমতাৰ মাধুৰীক যেতিয়া আমি অহমিকাৰ মোহত অতি সংকীৰ্ণ কৰি ইন্দ্ৰিয় ভোগৰ লালসাৰে কলুষিত কৰোঁ,— তেতিয়াই সি কাম, সি জঘন্য, অশ্লীল! যৌৱনৰ উন্মাদনাত ইন্দ্ৰিয় সুখৰ লালসাই জঘন্যতা, য'ত এই লালসা নাই, ত’ত অশ্লীলতাও নাই। স্নান ঘাটৰ কাষেদি আবাল ব্ৰহ্মচাৰী নগ্ন শুকদেৱ গুচি গ'ল। শুকদেৱ তেতিয়া সুন্দৰ যুবক; অথচ স্নানৰ পৰা উঠি অহা নগ্ন দেৱবালা সকলে কাপোৰেৰে লজ্জা ঢাকিবৰ প্ৰয়োজন নুবুজিলে। বুজিবই বা কিয়? সিবিলাকৰ বুজা আছে—শুকদেৱৰ ইন্দ্ৰিয় চৰিতাৰ্থৰ লালসা নাই, গতিকে মনত অশ্লীলতাও নাই। ইন্দ্ৰিয় সুখৰ সামৰ্থ্য থকা শুকদেৱতে যেতিয়া অশ্লীলতা নেলাগিল, ইন্দ্ৰিয়ৰ অধিকাৰী ইন্দ্ৰিয়াতীত ভগবানত তাৰ গন্ধই বা থাকে কেনেকৈ?

 পুৰাণৰ আখ্যানত যোগমায়াই কোলাৰ কৃষ্ণ আৰু পূৰ্ণ যুৱতী ৰাধিকাক লৈ যি লীলাৰ সঙ্কেত দি গ'ল, সেয়ে গোলোকৰ ৰমণশীল ৰাধাকৃষ্ণৰ নিত্য লীলা! শ্ৰীকৃষ্ণক পৰম পুৰুষ আৰু ৰাধিকাক পৰমা প্ৰকৃতি বুলি, অথবা শ্ৰীকৃষ্ণক বিশ্ব-চৈতন্য আৰু ৰাধিকাক জীৱ বুলি ধৰি ললেই এই লীলা পবিত্ৰৰো পবিত্ৰ হৈ পৰে।—ব্যাস দেৱে বদৰিকা- শ্ৰমত সিদ্ধি লাভ কৰা তীব্ৰ তপস্যাৰ জীৱন্ত ফল বাদৰা- য়ণিৰ প্ৰত্যক্ষ মূৰতি গুকদেৱৰ দৰে এগৰাকী অতি উচ্চস্তৰৰ [ ১৪৫ ] ব্ৰহ্মজ্ঞানী ঋষিয়ে কৈছিল ৰাধাকৃষ্ণৰ ৰাসমণ্ডলৰ মধু-মিলনৰ কথা, আৰু শুনিছিল মুহূৰ্ত্তে মুহূৰ্ত্তে মৰণ প্ৰতীক্ষা কৰা পৰীক্ষিতে—পতিতপাৱনী সুৰধুনীৰ পবিত্ৰ বুকুত! আমাৰ ইমান চোভা, ইমান সন্দেহ,— আমি ইন্দ্ৰিয় লালসাত ইমান মতলীয়া, ইমান অন্ধ, এইহেন ৰাধাকৃষ্ণৰ পৰম পবিত্ৰ প্ৰেমৰ তত্ত্বতো অশ্লীলতাৰ গন্ধ পাওঁ। জানি বুজিয়েই ভগবান শুকদেৱে সতৰ্ক কৰি দি গৈছে —“নৈতৎ সমাচৰে-জ্জাতু মনসাপি হ্যনীশ্বৰঃ।”—যি লোকৰ ঈশ্বৰত বিশ্বাস নাই, যি দেহাদিৰ অধীন সেই লোকে যেন মনেৰেও এই ৰাস লীলাৰ আচৰণ নকৰে৷—“মহৎ লোকে যি যি আচৰণ কৰে ইতৰ লোকে তাৰ অনুষ্ঠান কৰা বিধি যদিও, মহাদেবৰ বিষপান ইতৰৰ অনুকৰণৰ বিষয় নহয়। যদি কোনো ভক্তই শ্ৰদ্ধান্বিত হৈ এই ব্ৰজবধূ আৰু বিষ্ণুৰ বিশিষ্ট বিহাৰ অনুশ্ৰৱণ কৰে, সেই ভক্তই ভগবানত পৰা ভক্তি লাভ কৰি “হৃদ্ৰোগ” কামৰ পৰা অচিৰে অব্যাহতি পায়।”—মধুৰ ৰসৰ ৰাসলীলা কাম শক্তিৰ উদ্ৰেক কৰা কামৰ কবিতা নহয়, কামৰ উপন্যাস নহয়, ভক্তিৰ পথত প্ৰেমৰ পথত হৃদ্ৰোগ কামৰ মহৌষধি! কি সুন্দৰ, কি পবিত্ৰ এই কথা! ভক্তিমাৰ্গৰ ভাগৱত শাস্ত্ৰৰ এই ৰাসলীলা, তাত অভক্তৰ অধিকাৰ নাই। অনুৰাগ, শ্ৰদ্ধা আৰু ধৃতি নহলে যে ভক্তিৰ পথেদি যাব নোৱাৰি। শ্ৰীৰাধাৰ দৰে অনুৰাগৰ আকুলতানেজাগিলে, সেই অনুৰাগত প্ৰাণৰ বিশ্বাস আৰু হৃদয়ৰ [ ১৪৬ ] শ্ৰদ্ধা নুপজিলে, আৰু সেই শ্ৰদ্ধ৷ ৰাতি দিন দেহেকেহে, মনে প্ৰাণে, অন্তৰে বাহিৰে প্ৰকাশ নেপালে সেই প্ৰেম যে প্ৰেম নহয়, সেই ভক্তি যে ভক্তি নহয়।—ভক্তিৰ ৰাজ্যত, প্ৰেমৰ পথত কামৰ বৰ উৎপাত! কামৰ যে মৰণ নাই। কত সাধক, কত ঋষি মুনিৰ সি ধৈৰ্য্যচ্যুতি কৰিলে, ধ্যান ভান্নি মন অলিয়া-বলিয়া কৰিলে! প্ৰাণ অনন্তৰ আহ্বানত উৰি যাব খোজে, কামে মনক প্ৰলোভন দেখুৱাই পদে পদে পিছলাই আনে। এৰিলেও মেৰাই ধৰ৷ এই দানহৰ বিষম যন্ত্ৰণা! কামৰ অত্যাচাৰ সাধন পথত এক ভয়ঙ্কৰ সমস্যা হৈ উঠিল। প্ৰাণৰ আকুলতাৰে ভক্তজগতে এবাৰ সৰ্ব্ব- সম্ভাপহাৰী ভগবানলৈ চাই আকৌ বিনাবলৈ ধৰিলে। আকৌ এবাৰ মধুৰ বৃন্দাবনৰ মাজত মোহন মুৰুলীৰ সুৰেৰে পূৰ্ণাৱতাৰ ভগবানে কৈ গল,—“ন ময্যাবেশিতধিয়াং কামঃ কামায় কল্পতে।”—“মোলৈ তোৰ কাম দি দে। মোক দিয়া কাম—কাম নহয়,—সি প্ৰেম। তাপৰ পৰশ পোৱা ধানৰ যেনেকৈ বীজত্ব নেথাকে, তাৰ গজালি নেমেলে; মোৰ পৰশ পোৱা কামৰো সেইদৰে কামত্ব নেথাকে, ভোগৰ ক্ষেত্ৰত সি বৃদ্ধি নেপায়।”—কামৰ অমুৰিৰ মুৰ যেতিয়া মাৰিবই নোৱাৰি কামে প্ৰেমে সমুদায় ভগবানৰ চৰণত অৰ্পণ কৰিলেই সি সাৰ্থক হৈ যায়। ই মুখৰ কথা নহয়, সাধনাৰ কথা। কি প্ৰাণভৰ৷ এই আশ্বাস, কি সন্তাপৰ শান্তি এই মুৰুলীৰ ধ্বনি!—তথাপিতো আশঙ্কা জাগে,— [ ১৪৭ ] জঘন্য কামৰ কলুষেৰে জানোচা ভগবানক কলুষিত কৰা হয়!—আশঙ্কা কিহৰ? ভগবান যে জ্যোতিৰ্ম্ময় “তেজীয়সাং ন দোষায় বহ্নেঃ সৰ্ব্বভুজো যথা।”—যি অগ্নিয়ে যজ্ঞৰ আহুতি বহন কৰে, সেই অগ্নিয়ে ক্ৰব্যাদ হৈ শৱ দেহো দাহ কৰে; সেই বুলি অগ্নি অপবিত্ৰ নহয়৷ আশঙ্কা নাই। কামৰ মলি এঙ্গাৰৰ মলিনতাৰ দৰে; তাক শতবাৰ ধুলেও সি নিকা নহয় যেতিয়৷ তাক জুইৰো জুই ভগবানত অৰ্পণ কৰিলে সি সোণ জিলিকাদি জিলিকি আনকো জিলিকায়। বিল্বমঙ্গলৰ তীব্ৰ কাম পবিত্ৰ প্ৰেমেৰে ৰঞ্জিত হৈ গ’ল। তুলসিদাসৰ কামৰ আকুলতা প্ৰেমৰ পুলকত পৰিণত হ’ল। গকুলৰ গোপিনীৰ কামেৰে পঙ্কিল প্ৰেম ভগবানৰ চৰণত পৰি চিৰদিনলৈ বিশ্ব জগতৰ শিৰৰ নিৰ্ম্মালি হৈ পৰিল।

 গোপী প্ৰেমৰ মহালীলাত “পৰদাৰাভিমৰ্ষণ” বোলা সামাজিক দোষৰ কথাও কেতিয়াবা শুনা যায়। কৃষ্ণক যি পৰ ভাবে সিবিলাকৰ চকুলৈ পাৰদাৰিক দোষৰ চেকা থাকিব পাৰে। কৃষ্ণ যে স্বয়ং ভগবান। কৃষ্ণতকৈ আপোন আমাৰ কোন? তেওঁৰ দাৰা তেওঁ গ্ৰহণ কৰিলে পাৰদাৰিক দোষ হয় কেনেকৈ? যি গোপিনীৰ অন্তৰত, গোপিনীৰ পতিসকলৰ অন্তৰত, নিখিল দেহীৰ অন্তৰে অন্তৰে আনন্দেৰে বিচৰণ কৰিছে, যি প্ৰাণী মণ্ডলীৰ বুদ্ধি প্ৰভৃতিৰ সাক্ষীৰ দৰে থাকি সকলো ইন্দ্ৰিয় অধিকাৰত ৰাখি অধ্যক্ষ স্বৰূপে জীৱৰ হৃদয়ে [ ১৪৮ ] হৃদয়ে প্ৰকাশ পাই অনস্ত আনন্দত বিভোল হৈ আছে; সেই পৰমাত্মা পৰমপুৰুষৰ পূৰ্ণাৱতাৰ শ্ৰীকৃষ্ণ—তেওঁৰ অংশই যে আমি। পিতৃমাতৃ ৰূপেৰে, পুত্ৰকন্যা ৰূপেৰে, পতিপত্নী ৰূপেৰে তেৱেঁই যে আমাক অন্তৰে বাহিৰে আবৰি ৰাখি তেওঁৰ আনন্দৰেই পৰশ দি নিজে আনন্দত অনন্তকাল মজি আছে। তেওঁৰ জীৱৰ যাবতীয় আনন্দত তেওঁৰেই প্ৰকাশ। এনেস্থলত পৰদাৰাৰ প্ৰশ্ন উঠে কেনেকৈ? ভগবানৰ ফালৰ পৰা চালে পাৰদাৰিক দোষ যে থাকিব নোৱাৰেইনে, ভক্তৰ ফালৰ পৰা চালেও নোৱাৰে।—কাম, ক্ৰোধ, ভয়, স্নেহ বা যি কোনো ভাবেৰেই হওক, হৰিলৈ যদি মনটি একেবাৰে দি দিব পৰা যায়, তাতেই তন্ময়তা লাভ কৰি বিমুক্ত হব পাৰি,—এয়ে ভক্ত-জগতত ভাগৱত শাস্ত্ৰৰ স্থিৰ সিদ্ধান্ত, সেই হে পৰমভক্ত দেৱৰ্ষি নাৰদে বীণাৰ সুৰেৰে গাব লাগিছে—যেনেকৈ পাৰা এবাৰ কৃষ্ণলৈ মনটি দি দিয়াঁ।—“তস্মাৎ কেনাপ্যুপায়েন মনঃ কৃষ্ণে নিবেশয়েৎ।—যি কোনো উপায়ে ভগবানৰ কাষ চাপিব পৰাই, ভগবানলৈ মন দি দিব পৰা হে আচল কথা। ভগবান চিৰশান্ত, চিৰ পবিত্ৰ! তেওঁ যে স্পৰ্শমণি!—তেওঁৰ পুণ্য পৰশত সকলো সোণ হৈ যায়, ভাবৰ সকলো বিৰোধ মিলি যায়, মনৰ সকলে৷ মল উটি যায়! পূতনাই বিষ দিবলৈ গৈ পালে মুক্তি, শিশুপালৰ ক্ৰোধৰ পুৰস্কাৰ দয়া, কংসাসুৰৰ ভয়ৰ প্ৰতিদান—এক অমায়৷ শান্তি! [ ১৪৯ ]  এনেকৈ চাবলৈ গলে ভক্ত আৰু ভগবানৰ মাজত উপ- পতিৰ দৰে ভাব থকাহে নিতান্ত প্ৰয়োজন। সেইহে ৰামকৃষ্ণ পৰমহংসদেৱে কব লাগিছে—ভগবানক ভাল পাবলৈ হলে উপপতিক ভাল পোৱাদি পাব লাগে। ভগবান আমাৰ পতি হৈও উপপতি। আমাৰ “যোষা জাৰমিব প্ৰিয়ম”। উপপতি থকা তিৰোতাই সংসাৰৰ সকলো কাম-বন কৰে,—এনে সুন্দৰকৈ, এনে নিযাৰিকৈ কৰি যায় যাতে তাত কোনো সন্দেহ, কোনো আসক্তিৰ ছাঁ এটিও চকুত নপৰে। অথচ, মনৰ মাজত দিনে ৰাতি জাগি থাকে সেই উপপতিৰ কথা৷ অবিকল এইদৰেই সংসাৰত কাম নিয়াৰিকৈ কৰি কৰি ওপৰৱালাৰ মন যোগাই অন্তৰত অনুক্ষণ ভগবদ্ প্ৰেমৰ অনুভূতি যদি জগাই ৰাখিব পাৰে তেতিয়াই সংসাৰীৰ সংসাৰো ৰয়, ঈশ্বৰো ৰয়৷ ভগবানক উপপতি বুলি ভাবিব পৰাটি মহৎ সৌভাগ্যৰে কথা!

 গকুলৰ গোপিনীসকলে কানাইক পতি কামনা কৰি কাত্যায়নী পূজ৷ পাতিছিল। ইবিলাকৰ কামৰ এটি বিশিষ্টতা আছে! শিশু কৃষ্ণৰ চেনেহুৱা মুখখনিলৈ সিবিলাকৰ যি প্ৰাণ ভৰা মমতাৰ হেঁপাহ আছিল, সেয়ে যৌৱনৰ উন্মাদনাত কাম যেন হয় হয়, এনে তাৰ অৱস্থা। সি অসীম প্ৰেমৰ এক আকস্মিক ৰোগৰ দৰে হলেও, এক সাময়িক বিকাৰৰ দৰে হলেও, ঊৰ্দ্ধ মুখে প্ৰেমলৈ যোৱাৰ এক প্ৰৱল আকুলতা তাত আছিল। সাধাৰণতে য'ত ইন্দ্ৰিয় চৰিতাৰ্থৰ লালসা [ ১৫০ ] প্ৰৱল হয়, ত’ত এটি পুৰুষক দুটি প্ৰকৃতিয়ে পতিৰূপে বৰণ কৰিলে প্ৰকৃতিৰ বুকু জুৰি সতিনীয়াহৰ জীয়া জুই জলি উঠে। মন যোগাব নোৱাৰা সংসাৰত কথাই নাই, নানা ভোগ-বিলাসৰ প্ৰাচুৰ্য্য থক৷ ৰাজপৰিবাৰতো সতিনীৰ ভীষণ ঈৰ্ষানল বাড়বানলৰ দৰে অনাজালে জলি থাকে। শান্তি কাৰো নাই, ক’তো নাই। আজিও জগতত এই সতিনীয়াহৰ কিমান হাই-কাজিয়া, কত যে হত্যাকাণ্ড, কিমান ৰক্তপাত হবই লাগিছে!—গকুলৰ অগণন গোপিনীয়ে কানাইক প্ৰকাশ্যে পতিৰূপে পাবলৈ কামনা কৰিছিল; অথচ, সিবিলাকৰ ভিতৰত ঈৰ্ষাৰ গন্ধ নাই।—অন্তৰত সকলোৰে আনন্দ। সুন্দৰ সুগন্ধি ফুল এপাহি ছিঙ্গি আনি নিজৰ খোপাত গুজি নিজে গৌৰব কৰাৰ আক্ৰোহ সিবিলাকৰ নাই। গোপনে গোপনে নিজৰ তৃপ্তিলৈ কানুৰ স্পৰ্শ সুখৰ অভিলাষ কোনো এজনে কৰা নাছিল। একেটি চন্দ্ৰৰ চিকোণ মুখখনিলৈ চাই চাই ইটিৰ মুখলৈ সিটিয়ে নিৰীক্ষণ কৰি আনন্দত গা ঢালি দিয়াহে সিবিলাকৰ কামনা৷ অগণন নদীৰ মহাসাগৰৰ মহা মেলাত মিলি যোৱা বাসনা এটিৰ আভাস এই কামনাত যেন বিৰিঙ্গি পৰিছিল। গোপিনীৰ কামনা, গোপিনীৰ বাসনা চাওঁতে চাওঁতে নিষ্ঠাত পৰিণত হ'ল। সিবিলাকৰ প্ৰাণৰ আকুলতা পূৰ্ণ কৰি এক পূৰ্ণ ৰসৰ আনন্দ-আস্বাদ দিবলৈ সকলো সুন্দৰৰ সুন্দৰ আয়োজন হৈ পৰিল।—শৰতৰ চন্দ্ৰাৱলী এনেয়ে বিতোপন, তাতে সেই ৰাতি পূৰ্ণিমা; যমুনাৰ ৰূপালী [ ১৫১ ] বালিলৈ চালেই চকু ৰৈ যায়, তাতে ৰূপত ৰাং চৰালেহি জোনালী জিলমিলে। মধুৰ মলয়া কেনে মধুৰ! সুদূৰ পদ্মবনৰ মধুৰ গন্ধেৰে, শৰতৰ শেৱালিৰ সুৱদি বাসেৰে সি মধুৰৰো মধুৰ! কালিন্দীৰ সুনীল লহৰিৰ উখল্ মাখল্,—সি কেনে সুন্দৰ; ঢৌৰ মুখে মুখে চন্দ্ৰিকাৰ কি সেই মধুৰ চুম্বন! মধুৰ বৃন্দাবন সদায় সুন্দৰ, সকলো ঋতুৰ মল্লিকা মালতীৰ মধুৰ সৌৰভেৰে সি যে সেই ৰাতি আৰু মধুৰ, এই হেন সুন্দৰৰ মহামেলাত মূৰ্ত্তমান কাম জাগি জিকাৰি উঠিল৷ এনেয়ে এই কল্পনাতীত সুষমা, তাতে পুমু বাজি উঠিল অসীম সুন্দৰ শ্যাম কানুৰ সেই মোহন বাঁহীটি!—সৰলা গোপিনীৰ প্ৰাণ আৰু ৰয় ক’ত? হৰিণীৰ দৰে উধাতুৰে মুৰুলীৰ সুৰে সুৰে বৃন্দাবনলৈ লৰি গ’ল। য’ৰে বন ত’তে পৰি থাকিল; লাজ নাই, ভয় নাই,—সুন্দৰৰ মাজেদি চিৰ সুন্দৰৰ আহ্বান!—বাধা নেমানে, মান৷ নেমানে; মনৰ মুৰুলী বনত বাজিছে,—বনত নুলিয়াই মানে শান্তি নাই! ই ইন্দ্ৰিয় লালসাৰ গোপন অভিসাৰ প্ৰকাশ্যে জুমে জুমে মহাৰাত্ৰি মোহন কানাইৰ বিশ্ব বিমোহন মুৰুলীৰ টানত বাউলী হৈ বৃন্দাবনৰ মাজত মুৰুলীৰে মুৰুলীধাৰীক উলিয়াই বেৰি ধৰিলে। গোপিনীসকলৰ অসীম ভাগ্য! শাৰদীয় পূৰ্ণিমাৰ পূৰ্ণ আলোকত সিবিলাকে দেখিলে কি?—এক কৃষ্ণ, অগণন গোপীৰ লগত অগণন কৃষ্ণ হৈ ক্ৰীড়া কৰিছে, গাইছে, নাচিছে, ৰমণৰ বিবিধ বিলাসেৰে [ ১৫২ ] প্ৰাণ বিনন্দীয়া কৰিছে! প্ৰাণেৰে বুজিলে কি, অন্তৰেৰে মনিলে কি?—“ৰেমে ৰমেশো ব্ৰজসুন্দৰীভিৰ্ষথাৰ্ভক: স্ব- প্ৰতিবিম্ব বিভ্ৰমঃ।”—সৰু লৰাটিয়ে যেন নিজৰ প্ৰতিবিম্বৰ লগত নিজে উমলিব লাগিছে।—এয়ে সেই ব্ৰজবধূ আৰু শ্ৰীকৃষ্ণৰ মধুৰ ৰাসলীলা! এই একেটি উপমাৰ শাস্তি জলেৰে ত্ৰিকালজ্ঞ মুনি শুকদেৱে ৰাসলীলাৰ সকলো আশঙ্কা পবিত্ৰ কৰি দিলে। কি পবিত্ৰ এই লীলা!—কোলাৰ কৃষ্ণক যোগমায়াই কৈশোৰ কৃষ্ণ পাতি এই লীলাকে এদিন পুৰাণ- কাৰক দেখুৱাইছিল ভাণ্ডীৰ বনৰ মাজৰ ৰাধাকৃষ্ণৰ প্ৰথম মিলনত, আৰু সেই একে লীলাকে এঘাৰ বছৰীয়া কৈশোৰ কৃষ্ণক কেচুৱা পাতি যোগমায়াই দুনাই এদিন দেখুৱালে চন্দ্ৰাৱলী ৰাতি মধুৰ শ্ৰীবৃন্দাবনত। একে সেই বালসুলভ লীল৷-মাধুৰীৰ পবিত্ৰ আভাস, একে সেই মধুৰৰো সুমধুৰ জীৱ চৈতন্যৰ নিত্যৰাস! ৰাসলীল৷ ভাষাৰে কাম কেলি যদিও ই ভাবেৰে কাম জগতৰ কাম কেলি নহয়! অবৰুদ্ধ সৌৰত আত্মাৰাম শ্ৰীকৃষ্ণৰ আনন্দ লীলা!—বালক কৃষ্ণই দৰ্পণ চাই নিজ প্ৰতিবিম্বেৰে কৰা এই মধুৰ ৰমণ, এক আত্মা বহু হৈ বহুৰে সৈতে সেই একেই কৰা এই আনন্দ-বিলাস! ই যে আত্মা পৰমাত্মাৰ মধুৰ সঙ্গম, ই যে দৰ্শন আৰু সাধনাৰ গভীৰতম তত্ত্বৰ সহজে দেখা সুন্দৰ বিকাশ! ব্ৰজ যুৱতী সকলৰ অন্তৰৰ চকু মুকলি হ'ল। প্ৰাণভৰা বিশ্বাস উপজিল,—সিবিলাক যেন সৰোবৰৰ কুমুদিনী, চন্দ্ৰমাৰ হাঁহিটিত [ ১৫৩ ] সিবিলাকৰ যৌৱন ফুটি ফুলি ফুলি পৰিছে; কামৰ কম্পন যেন মলয় হিল্লোলত হালি জালি সৰোবৰত শত চন্দ্ৰম৷ হৈ নাচি উঠ চন্দ্ৰৰ মুখে মুখে প্ৰাণৰ চুমা যাচিছে। সকলোৱে ভাবিছে, প্ৰত্যক্ষ পৰশ পাইছে, “চন্দ্ৰ মোৰ, চন্দ্ৰ মোৰ মুখত।” চুমাৰ প্ৰেমত প্ৰাণ যেন গলি যায়! কি গভীৰ তত্ত্বৰ এই দিব্য দৰ্শন। কৃষ্ণ আজি কৃষ্ণ নহয়, কৃষ্ণ জগ-জীৱন; গোপী গোপিনী নহয়, মিলনৰ আকুল জীৱকুল! জগজীৱনে জীৱক আকৰ্ষণী সুৰেৰে টানি নি মিলনৰ সঙ্গম সুখ বিলাব লাগিছে,—অংশ মধুৰ সমগ্ৰ মধুৰেৰে মজি গ'ল, অংশ সুন্দৰ সমগ্ৰ সুন্দৰেৰে মিলি গ'ল! কি সেই পৰম৷- তৃপ্তি! নদী সাগৰৰ সঙ্গম সুখ বুলিলে সেই আনন্দৰ গভীৰতা যেন পাতলি পৰে, সেই সুখৰ কল্পনাত সিমান মাদকতা আমি নেপাওঁ। পুৰুষ প্ৰকৃতিৰ প্ৰেমৰ মিলন বুলিলেই আমি তাৰ বাস্তৱতা অনুভৱ কৰিৰ পাৰোঁ, মন নাচি উঠে!—“ যুবতীনাং যথা যনি যূনাঞ্চ যুবতৌ যথা। মনোহভিমতে তদবম্মনোহভিমতাং ত্বয়ি॥’’ যুবাত যুবতীৰ আৰু যুবতীত যুবাৰ মন যেনে আনন্দিত হয়, মোৰ মনো তোমাত তেনে আনন্দিত হওক। নায়ক নায়িকাত বাজে ভগবৎ প্ৰেমৰ দৃষ্টান্ত এনে মনোহৰ আৰু নাই বুলিয়েই পুৰাণে যেন এই বিবৰণটি এনে ধৰণে জন সাধাৰণৰ মনত তুলি দিছেহি। যুবক যুবতীৰ প্ৰেম বোলাতকৈ স্বামী স্ত্ৰীৰ প্ৰেম বুলিলে কথাটি আৰু যেন বেচিকৈ জ্বলি উঠে।—ইন্দ্ৰিয় [ ১৫৪ ] তৃপ্তিৰ ওপৰ স্তৰত স্বামী স্ত্ৰীৰ যি পূৰ্ণ সংযোগ তাৰ দৰে পবিত্ৰ, তাৰ দৰে আনন্দদায়ক আৰু কি হব পাৰে? স্বামীয়ে স্ত্ৰীৰ মাজেদি জগতক পাব খোজে, স্ত্ৰীয়ে স্বামীৰ মাজেদি বিশ্বৰ আনন্দ উপভোগ কৰে! দেহৰ সৈতে দেহৰ, মনৰ সৈতে মনৰ, বুদ্ধিৰ সৈতে বুদ্ধিৰ, জ্ঞানৰ সৈতে জ্ঞানৰ, প্ৰাণৰ সৈতে প্ৰাণৰ অন্তৰগত পুৰুষ প্ৰকৃতিৰ এই যে মিলন—ইয়েই সম্পুৰ্ণ মিলন! ইন্দ্ৰিয় সুখৰ চিৰ অভ্যস্ত মন, তাক ইন্দ্ৰিয় সুখৰ নিজৰ ভাষাৰে, তাৰ অতি উপাদেয় সকলো ৰসৰ সাৰ আদিৰসেৰে আনন্দৰ বাতৰি বুজাই নিদিলে তাৰ জুতি নেলাগে, বুজাকৈ বুজা নহয়। মনোবিলাসৰ ৰতি তৃপ্তিৰ মাজেদি চৈতন্য লীলাৰ অনুপম আভাস মনিব বুলিয়েই যেন এই অৱতাৰণা!

 অতি গহন তত্ত্বক আপোনাৰ প্ৰিয় জন বুলি সম্বন্ধ পাতি ললেই সেই তত্ত্বলৈ প্ৰাণৰ যি আকুলত৷ জাগে, সি অনেক সময়ত ইন্দ্ৰিয়ৰ মুখেদি সাধাৰণ ইন্দ্ৰিয় তৃপ্তিৰ ভাষাৰেই প্ৰকাশ পায়। সেই হে ভক্ত কবি সকলৰ গভীৰ প্ৰেমৰ পবিত্ৰ গীত বা গহন ভাবৰ কবিতাৰ মাল৷ প্ৰায়ে পোনতে শুনিলে ইন্দ্ৰিয় পৰায়ণৰ কাম-গীত বা কাম-কবিতা যেন লাগে। অকল ভাৰততে নহয়, ভাৰতৰ বাহিৰতো অনেক ভক্ত কবিৰ কবিতা এনে কামালাপৰ গন্ধেৰে মলমলাব লাগিছে। এই কামালাপৰ গন্ধত ইন্দ্ৰিয় লোকৰ ভাষা থাকিলেও ইন্দ্ৰিয় সুখৰ ধনিষ্ট৷ নাই,—আছে জীৱ চৈতন্যৰ [ ১৫৫ ] সঙ্গম সুখৰ আনন্দ, পৰমপুৰুষ পৰমাপ্ৰকৃতিৰ মিলন-মাধুৰীৰ অসীম উল্লাস! ৰাস মণ্ডলৰ মিলন-মাধুৰীতে৷ সেইদৰেই আছে অভাবনীয় আনন্দ, আছে অনুপম প্ৰেম। গোপিনীৰ কাম যিবা আছিল শেষ সুন্দৰৰ চমকত আন্ধি লাগি সতী- বুদ্ধিৰ দীপালোকত আত্মাৰ দৰ্শন পাই সি নিজে নিজক হেৰুৱাই পেলালে,— প্ৰেম হৈ গ'ল! প্ৰেমৰ মাধুৰীৰে শ্ৰীবৃন্দাবন আজি চিৰ মধুৰ!

 ৰাসলীলাৰ শেহৰ ফাললৈ ভগবান শুকদেৱে আৰু এটি ভাবৰ ইঙ্গিত দি থৈ গৈছে,— ৰাসৰ ৰাত্ৰিৰ অন্তত যোগমায়াৰ মায়াৰে মোহিত হৈ থকা ব্ৰজবাসীসকলে নিজ নিজ পত্নীসকলক নিজৰ কাষে কাষে পাই কৃষ্ণৰ প্ৰতি কোনো অসূয়া প্ৰকাশ কৰা নাছিল। ৰাসৰ আৰম্ভণিত যোগমায়া, সামৰণিত যোগ- মায়া, যোগমায়াৰ নাম দেখি গোটেই লীলাটি মায়িক সৃষ্টি বুলিবৰ মন যাব পাৰে। ই মায়িক সৃষ্টি হলেও সপোন নহয়, ইন্দ্ৰজাল নহয়,— আত্ম-দৰ্শনৰ স্থূল ঘটনা, প্ৰত্যক্ষ সত্য। ভগবানৰ বিশেষ বিভূতি সাধাৰণ জগতত ইমান সহজে ফুটি নপৰে৷ যোগমায়াৰ কৃপাত সি প্ৰত্যক্ষ হৈ ফুটি পৰিছে৷ ইমান দিন নাৰদাদি ভক্ত সকলে ভগবানক ভক্তি কৰিছিল শান্ত আৰু দাস্য ভাবেৰে। শাস্ত দাস্য ভাবৰ ভগবান ঐশ্বৰ্যাশালী। তেওঁ মহৎ, মই দীন,— তেওঁ প্ৰভু, মই দাসৰে৷ দাস! প্ৰভু আৰু দাসৰ মাজত, ঐশ্বৰ্য্যশালী আৰু দীনৰ মাজত হাজাৰ হলেও যেন পাৰ্থক্য এটি থাকি [ ১৫৬ ] যায়। এই ভাবত প্ৰাণৰ সকলে৷ হুঁতাহ মৰি নেযায়। ঈশ্বৰ যেন এক শাস্ত্ৰৰ তত্ত্ব, দৰ্শনৰ সিদ্ধান্ত, এক যেন দণ্ড বিধাতাৰ ভয়ৰ মূৰ্ত্তি৷ তাত আমাৰ মুখেদি “আমি কৃষ্ণৰ ” মন্ত্ৰ ওলাই পৰে। যেতিয়াই আমাৰ অন্তৰত প্ৰেমৰ উন্মেষ হয়, তেতিয়াই ভগবানক আমি আমাৰ আপোনাৰে৷ আপোন সম্বন্ধৰ মাজে পাব খোজোঁ। আমাৰ মুখত “আমি কৃষ্ণৰ’’ মন্ত্ৰ মুফুটি “আমাৰ কৃষ্ণধন” ফুটে।—কি মধুৰ এই “আমাৰ কৃষ্ণধন ” মন্ত্ৰ! ভাৰতৰ অসীম ভাগ্য। এই মন্ত্ৰ প্ৰকাশ্যে নিনাদিত হৈ প্ৰথমে গগন জিনিছিল গকুলৰ গোপিনী সমাজত৷ কৃষ্ণ আমাৰ!—প্ৰেমেৰে কৃষ্ণক আমাৰ কৰি লৈছিল ব্ৰজধামৰ ব্ৰজৰমণীয়ে! ব্ৰজভাবেৰে ভগবানে ভক্তিৰ পথত নতুনকৈ প্ৰেমৰ বা বলাই আনিলে। সখ্য, বাৎসল্য, আৰু মধুৰ ভাবৰ সেই ধল,—তাত স্নান কৰি জগত ধন্য হৈ গল। ভগবান মোৰ সকলো,—মোৰ সখা, মোৰ সুত, মোৰ স্বামী, মোৰ প্ৰিয়ৰে৷ অতি প্ৰিয়, আপোনাৰে৷ অতি আপোন। সৰল৷ গোপিনীসকলৰ অন্তৰত অসীম পিয়াহ; এই পিয়াহ জগাই তুলিলে যশোদাৰ কোলাৰ সুন্দৰ কানুৰ মুখ-চন্দ্ৰিকাৰ সৌন্দৰ্য্য সুষমাই। গোপিনীৰ প্ৰাণ নিজৰাত মহাসাগৰৰ মহা আহ্বান বাজি উঠিল; অজ্ঞাতসাৰে লৰিব লাগিছে; একোতে তৃপ্তি নাই, শান্তি নাই; অথচ দেহি নেজানে, কি বিচাৰি আকুলি-বিকুলিকৈ অনাই-বনাই ফুৰিব লাগিছে; সম্পুৰ্ণতাৰ আংশিক প্ৰকাশ সিবিলাকৰ স্বামীয়ে, আবৃত [ ১৫৭ ] ব্ৰহ্মত্বৰ বিকাশ সিবিলাকৰ নিজ নিজ প্ৰিয়জনে এই পিয়াহ পলুৱাব নোৱাৰে, সিবিলাকে প্ৰাণে প্ৰাণে নজনাকৈ বিচাৰিছে এক সম্পূৰ্ণতাৰ সুপ্ৰকাশ, এক অনাবৃত ব্ৰহ্মৰ পূৰ্ণজ্যোতি! নিজৰ স্বামীত দ্বেষ দিলে, ক্ৰোধ দিলে, সি সদায় অনুগ্ৰহ হৈ ঘূৰি নাহে,—দ্বেষৰ প্ৰতিদান দ্বেষৰ অত্যাচাৰ, ক্ৰোধৰ প্ৰতিদান ক্ৰোধৰ হাহাকাৰ। ব্ৰজৰমণীয়ে ব্ৰজবিহাৰীলৈ লৈ গৈছিল কাম, পূজাৰ প্ৰসাদ পালে কি?—কামৰ সলনি কাম নহয়, কামৰ বিনিময়ে ভুবন জিনা প্ৰেম! দৰ্শনৰ যি ধ্যানৰ ধাৰণা, তাকে ফটফটীয়াকৈ অতি সহজকৈ দেখুৱাই দিলে অঘটন ঘটোৱা যোগমায়াৰ অসীম কৃপাই;—ইপিনে কৃষ্ণ, সিপিনে কৃষ্ণ, অন্তৰে কৃষ্ণ, বাহিৰে কৃষ্ণ, সমুখত কৃষ্ণ, শূন্যত কৃষ্ণ,—গোটেই ব্ৰহ্মাণ্ড কৃষ্ণময় হৈ পৰিল; মুৰুলীৰ মধুৰ স্থৰত প্ৰাণৰ মাজত নাচি উঠিল,—তথ্য ভাস৷ সৰ্ব্বমিদং বিভাতি,—"যাৰ প্ৰকাশৰ আভাৰে বিশ্বব্ৰহ্মাণ্ড উদ্ভাসিত—সেই বিশ্ব বিমোহন শ্যাম সুন্দৰৰ ত্ৰিভঙ্গমূৰতি!

 ব্ৰজবধূসকল বৃন্দাবনৰ কালিন্দীকূলৰ পৰা নিজা নিজ৷ ঘৰলৈ আহিল। আন দিন৷ আহে গাগৰী ভৰা যমুনাৰ নীল জলেৰে,—আজি আহিল বুকুভৰা নীলমণিৰ ৰূপ লাৱণ্যেৰে। শেষ সুন্দৰৰ মুৰুলী ধ্বনিত বৃন্দাবনৰ কোলালৈ লৰি গৈ সিবিলাকে আজি স্বচক্ষে দেখি আহিল, প্ৰাণেৰে প্ৰত্যক্ষ পৰশ পাই আহিল—সেই সৌন্দৰ্য ইন্দ্ৰিয় উপভোগৰ বস্তু [ ১৫৮ ] নহয়,—অন্তৰ জগতৰ অনুভূতিৰ ধন, সি যে এক অনিৰ্বচনীয় আনন্দৰ অনন্ত পাৰাবাৰ! হিয়াৰ সকলো সন্দেহ সকলে৷ আশঙ্কা দূৰ হৈ গল। দুখ সুখ, জীৱন মৰণ, সকলে৷ ভেদ সকলে৷ দ্বন্দ্ব প্ৰেমানন্দৰ প্ৰশান্ত কোলাত পমি গল। সেই দিন ধৰি ব্ৰজগোপীলৈ ব্ৰজবালকৰ মুখত কৃষ্ণ, পিতৃ- মাতৃত কৃষ্ণ, পুত্ৰকন্যাত কৃষ্ণ, আত্মীয়স্বজনত কৃষ্ণ, নিজ নিজ স্বামীৰ মুখত কৃষ্ণ—গোটেই জগত কৃষ্ণময়। গোপিনীয়ে চুলি মেলাই চুলি চুঁচি কবৰীত ফুল গুজিছে, নিজে চালি ধৰি ধুন মাৰিবলৈ নহয়, কৃষ্ণই ভাল দেখিবলৈ; চুলি তাৰি লাহেৰে মেলাই যতন কৰিছে, চুলিৰ বৰাই কৰিবলৈ নহয়, কৃষ্ণৰ ভৰি ধুৱাই ভৰি মচি দিবলৈ! সেই দিন ধৰি—“যদ্ যদ্ কৰ্ম্ম কৰোমি তদ্‌ তদখিলং শম্ভো তবাৰাধনং”,—গকুলৰ গোপিনীৰ এনে অৱস্থা! কৃষ্ণক পাবলৈ সিবিলাকে আৰু তপস্যাত শৰীৰ ক্লান্ত নকৰে; কিয়নো, অনশনে উজাগৰে থকা শুনিলে কৃষ্ণই বেয়া পাব। কৃষ্ণৰ মুখখনি নেদেখিলে থাকিব নোৱাৰ৷ গোপিনীয়ে শত বছৰ বিয়াপি বুকুত বিৰহৰ জুই লৈ আনন্দ কৰিছে,—আমাৰ বুকুজল৷ বিৰহৰ জুইত কৃষ্ণৰ মুখখনি কেনে সুন্দৰকৈ জিলিকি উঠিছে। কৃষ্ণ আহোঁ বুলি অহা নাই। কৃষ্ণৰ লীল৷ মাধুৰীৰে ব্ৰজগোপীৰ হিয়৷ ভৰপুৰ। ৰাতি দিন দিঠকে সপোনে ব্ৰজগোপিনীৰ মুখে মুখে কৃষ্ণৰ গুণ কীৰ্ত্তনত কৃষ্ণ নাহিও যে আহিয়েই আছে, হিয়াৰ কৃষ্ণই হিয়৷ জুৰাই হাঁহিব লাগিছে৷ সিবিলাকৰ [ ১৫৯ ] দুখ আৰু ক’ত? দাৰুণ দুখৰ দোৰ্ঘোৰ বিৰহতো সিবিলাকে দেখিছে—বঙ্কিম নয়নেৰে মোহন মুৰুলীধাৰী প্ৰাণাৰাম কৃষ্ণ। আজি ব্ৰজধামৰ কি আনন্দ! আকাশ পাতাল প্ৰেমৰ চুমাত গলি গল। গোলোকৰ পৰম পবিত্ৰ নিত্যধাম কালিন্দীকুলৰ ব্ৰজধামলৈ নামি আহিল। পৃথবীৰ প্ৰাণত মঙ্গল শঙ্খ বাজি উঠিল; স্বৰ্গৰ দুন্দুভি গুৰু গম্ভীৰ ৰবেৰে বাজিবলৈ ধৰিলে। সুৰ পাহৰা দলে দলে গন্ধৰ্ব্ব মিথুনে, দলে দলে নিৰ্জ্জৰ যুগলে আকাশৰ কোলাত কলহংসমালাৰ দৰে উৰি উৰি ৰাসলীলাৰ মাধুৰী পান কৰি প্ৰাণৰ সুৰ মিলাই ললেহি!—এয়ে, এয়ে গোপীপ্ৰেম! প্ৰেমিক ভক্ত চৈতন্যদেবে এই প্ৰেমেৰেই কৃষ্ণক আৰাধনা কৰিবলৈ গৈ নিজক ৰাধা বুলি ভাবি কৃষ্ণ প্ৰেমৰ উন্মাদিনী বেশেৰে বৃন্দাবনলৈ লৰি গৈছিল। মহাপ্ৰভুৰ গোপীভাবে জগতৰ আগত গোপীপ্ৰেমৰ পবিত্ৰতা, গোপীপ্ৰেমৰ তন্ময়তা তুলি ধৰি কেনে সাধনাৰ ধন কৰি দিলে! এই প্ৰেমৰ স্ত্ৰীপুৰুষ ভেদাভেদ নাই। এই লীলাত একমাত্ৰ পুৰুষ জগজীৱন কৃষ্ণ; গোপী হল স্ত্ৰীপুৰুষ নিৰ্ব্বিশেষে জীৱ মণ্ডলী, আৰু ৰাধা এই প্ৰেমৰ প্ৰধানা নায়িকা।

 ৰাধিকাক গোপীপ্ৰেমৰ প্ৰধানা নায়িকা বুলিলেই সকলো কোৱা নহয়। যোগীসকলে সাধনাৰ তিনটি স্তৰৰ কথা কয়, প্ৰথম আত্মজ্ঞান, দ্বিতীয় ব্ৰহ্মজ্ঞান আৰু তৃতীয় ভগবদ্ জ্ঞান। আত্মজ্ঞান বা ব্ৰহ্মজ্ঞান লাভ কৰাৰ পাচত সাধক বিশেষৰ ভগবদ্ জ্ঞান হয়। তেতিয়া ভগবানেই যে সৰ্ব্বভূতত [ ১৬০ ] সকলো অৱস্থাতে বিৰাজ কৰিছে তাক স্পষ্টকৈ দেখিবলৈ পায়। জগতত আৰু একোৰেই ভেদ নেথাকে,—তুমি ভৰ্ত্তা মই ভাৰ্য্যা,—তুমি ৰমণ, মই ৰমণী,—এই স্ত্ৰীপুৰুষৰ ভেদ- জ্ঞানৰ মূলত উপাধি আছে। ৰাধা মাধবৰ প্ৰেম বিলাসৰ যি প্ৰেম—সি নিৰুপাধি প্ৰেম, সাধনৰ তৃতীয় স্তৰৰ পৰৈক্য প্ৰেম,—অচিন্ত্য ভেদাভেদহীন!—“না সো ৰমণ না হাম ৰমণী”, শ্ৰীৰাধাৰ এই যে ভাব এয়ে বৈষ্ণব দৰ্শনৰ সূক্ষ্মতম মহাভাব। গোপিকাসকলত এই মহাভাবৰ আবেশ সময়ে সময়ে দেখা যায়, শ্ৰীৰাধিকা কিন্তু সাক্ষাতে মহাভাব স্বৰূপিনী,—“ৰাধয়া মাধবো দেবো মাধবেনৈব ৰাধিকা।”

 মধুৰ ৰসৰ গোপীপ্ৰেম বেদত ইমান দিন গুপুতে আছিল। তাক প্ৰকট কৰি জগতৰ মাজত নিজৰ জীৱন লীলাৰে প্ৰত্যক্ষে দেখুৱাই গল ৰাধা কৃষ্ণই, আৰু কৃষ্ণ প্ৰাণা গোপিনী সকলে। কৰ্ম্মৰ ৰাজ্যত, জ্ঞানৰ ৰাজ্যত, ভক্তিৰ ৰাজ্যত কামক মুহি কামনাক মুহি তাক প্ৰেমৰ মাধুৰীৰে সুচিকোণ কৰি ভগবানৰ স্নিগ্ধ আলোকেৰে ভাৰতৰ হিয়া পোহৰাই গল এই ৰাধা কৃষ্ণৰ মধুৰ অৱতাৰে। ৰাস মণ্ডপত যি কামজয় হ’ল সি অভিনৱ ধৰণৰ। মহাদেৱৰ কাম-ভস্মত কামৰ জড়ৰূপ ভস্ম হৈ অশৰীৰী, অমৰ, আৰু মিথুনধৰ্ম্মী হোৱাত, কামে স্বইচ্ছাৰে বিচৰণ কৰিবলৈ ললে, আৰু তপস্যাৰ ভয়ঙ্কৰ ব্যাঘাত ঘটাবলৈ ধৰিলে। মানুহৰ মনত নীচ প্ৰবৃত্তি থাকিবই। তাক হেঁচি থব পাৰি, কিন্তু আলম পালেই সি [ ১৬১ ] জাগি উঠে। গতিকে তাক ক্ষুদ্ৰ স্বাৰ্থৰ পৰা টানি নি জগতৰ স্বাৰ্থত লগাই দিব পাৰিলে আপুনি সি মহৎ ফল দিব নোৱাৰিলেও শান্ত হৈ থাকিব। এখনি নাটকত এটি চোৰৰ চৰিত্ৰ আছে,—সি বৰ দগধা চোৰ। এনে অভ্যাসৰ বল, তাৰ বোলে চুৰ নকৰিলে টোপনিকে নাহে। চোৰৰ ভাগ্য ভাল, সদ্ গুৰু লাভ হ’ল। গুৰুৱে দিহা দিলে,—তই চুৰ নকৰি নোৱাৰ যেতিয়া, আহ মাখনচোৰক চুৰ কৰহি। সংসাৰৰ মাজত লুকাই আছে, যোগী ঋষিৰ সাধনাৰ ধন, কোনেও নেদেখাকৈ চুৰ কৰি আন। গুৰুৰ ইঙ্গিত সফল হ’ল। দগধা চোৰ পৰম ভক্তত পৰিণত হ’ল। নাটকীয় চৰিত্ৰ হলেও এনে সত্য ঘটনা জগতত বহুতো জিলিকি আছে। জীৱৰ হৃদয়ৰ কাম উদ্দীপনা পালে সি জঁকি উঠে, তাৰ নিজৰ ইন্দ্ৰিয় প্ৰীতিৰ ইচ্ছা বলবতী হয়। সি চায় জীৱই জীৱই মিলিবলৈ। তাক যদি ৰাধা শক্তিৰ উপাশ্ৰিত কৰি আকুল কৈ তুলিব পাৰি সি তেতিয়া জীৱ আৰু কৃষ্ণৰ মিলন সুখ ইচ্ছা কৰে, আৰু তেতিয়াই কাম জঁই পৰি যায়। যেতিয়াই প্ৰাণৰ ৰাধা শক্তিয়ে কৃষ্ণ চৈতন্যৰ সৈতে প্ৰকাশ পায় তেতিয়াই কামৰূপ মদন মোহিত হয়,—“ৰাধা সঙ্গে যদা ভাতি তদা মদনমোহনঃ”। ক্ষুদ্ৰ ক্ষণিকা তৃপ্তিৰ পৰা বিৰাট প্ৰেমানন্দলৈ মনক লৈ যাব পাৰিলেই মনে কামৰ হেয়ত্ব আৰু অসাৰত্ব বুজে, তেতিয়াই কামৰ অভিমান চূৰ্ণ, তেতিয়াই কামৰ ঘোৰ

 ১১ [ ১৬২ ] পৰাজয়! ব্ৰজলীলাত কৃষ্ণই ইন্দ্ৰৰ দৰ্পহৰণ কৰিছিল, ব্ৰহ্মাক মুহিছিল; ৰাস মণ্ডলত নতুনকৈ মদনক মুহি জগতত এটি স্থুল সিদ্ধান্ত দি থৈ গ’ল। সেইহে ভক্তই ৰাসলীলাক কাম-বিজয় নাম দি পৰম আনন্দেৰে উপভোগ কৰে।

 কঠিনত কোমলতা দিবলৈ ৰসময়ী ভক্তিৰ যে এই গোপী-প্ৰেম, ইয়াকে জীৱনৰ আৰ্হিৰে জীৱন্ত কৰিবলৈকে গোলোকৰ লক্ষ্মীনাৰায়ণ ভাৰতলৈ নামি অহাৰ প্ৰয়োজন হৈছিল। সৃষ্টি কাৰ্য্যত পৰম পুৰুষৰ মূলা প্ৰকৃতি পাঁচ প্ৰকাৰেৰে প্ৰকাশ পায়—দুৰ্গা, ৰাধা, লক্ষ্মী, সৰস্বতী আৰু সাবিত্ৰী। বৈষ্ণব দৰ্শনে ৰাধাক ভগবানৰ এক বিশিষ্টা শক্তি বুলি নিৰ্ণয় কৰে। বেদে প্ৰকাশ কৰিব নোৱাৰি ব্ৰহ্মক সচ্চিদানন্দ বুলি ইঙ্গিত দিছে। বস্তু পৰিচ্ছেদ, কাল পৰিচ্ছেদ, আৰু স্থান পৰিচ্ছেদ নোহোৱা, সকলো পৰিবৰ্ত্তন বুকুত লৈ অনাদি অনন্তকাল সাক্ষীস্বৰূপে থকা গুণেই তেওঁ সৎ; তেওঁ অকল সতেই নহয়, তেওঁৰ চেতনাতে বিশ্বব্ৰহ্মাণ্ডৰ চেতনা জাগি উঠে গুণেই তেওঁ চেতনাময় চিৎ; অকল সৎ বা চিৎ হলেই নহয়, “কোহ্যেবান্যাৎ কঃ প্ৰাণ্যাৎ যদেষ আকাশ আনন্দো ন স্যাৎ”—পৃথিবীত কোনে কি শৰীৰৰ চেষ্টা কৰিলেহেঁতেন, কোনেই বা জীয়াই থাকিব খুজিলেহেঁতেন, আকাশৰ দৰে যদি আনন্দ নেথাকিলহেঁতেন;—এই আনন্দই সকলোকে আনন্দ দিছে। সৎ আৰু চিতত আনন্দৰ উল্লাস আছে বুলিয়েই তেওঁ সচ্চিদানন্দ। সচ্চিদানন্দৰ [ ১৬৩ ] সৎ শক্তিৰ নাম “সন্ধিনী,” চিৎ শক্তিৰ নাম—“সম্বিৎ,” আৰু আনন্দ শক্তিৰ নাম—“হ্লাদিনী”। ভগবানৰ এই হ্লাদিনী শক্তিয়েই প্ৰেমানন্দৰ ভাণ্ড ৰাধা ৰূপেৰে লৈ আহে। ব্ৰজধামৰ গোৱালিনীয়ে স্থূল মথুৰাহাটলৈ স্থূল দধিৰ ভাণ্ডই নানে, আধ্যাত্মিক মথুৰাহাটলৈ আধ্যাত্মিক প্ৰেমৰ অমৃত ভাণ্ডও আনি থাকে। প্ৰেমৰ লীলা প্ৰবৰ্ত্তন কৰিবলৈ নিজ আনন্দ আলোকত প্ৰতিভাত হৈ নিজৰ প্ৰেম পৰশেৰে বিশ্ব ব্ৰহ্মাণ্ডক আনন্দিত কৰিবলৈ শ্ৰীকৃষ্ণই স্বীয় হ্লাদিনী শক্তিক নিজে আবিৰ্ভাব হোৱাৰ কেইবছৰমান আগতে যোগমায়াৰ হাতত ব্ৰজধামলৈ পঠিয়াই দিছিল। এই হ্লাদিনী শক্তিৰ মহিমাতেই গোপীপ্ৰেমৰ আনন্দৰ ধাৰা আজিও নিছিগা ধাৰেৰে ধৰাধামত বব লাগিছে।

 দেখাতে অক’মানি নাৰীৰ হিয়া,—তাত কত লৌকিকতাৰ, কত সামাজিক লোক-গঞ্জনাৰ সুতীব্ৰ শেল, তাতোকৈ অতি সাংঘাতিক শত যুগ যেন শত বছৰৰ দাৰুণ বিৰহ—এই সকলোখিনি ফুলৰ মালাৰ তাড়নৰ দৰে বুকু পাতি লৈছিল এই প্ৰেমানন্দময়ী ৰাধিকাই। ভগবানৰ নিমিত্তে, প্ৰাণৰ প্ৰিয়ৰ নিমিত্তে ওৰে জীৱন দুখ বৰণ কৰি তাত যে কি আনন্দ! সেই আনন্দ জিলিকাই তুলিছিল শ্ৰীৰাধাই নিজৰ জীৱনত। ৰাধাৰ এই চানেকি চাই চায়েই ভাৰতৰ কুললক্ষ্মীসকলে অন্য কি ৰুগ্ন শৰীৰৰ কঁপনিত অৱশ হাতেৰে নিজৰ স্বামীৰ শুশ্ৰূষা কৰি, সন্তান-সন্ততিৰ আল-পৈচান ধৰি, [ ১৬৪ ] পৰিজনৰ কাৰণে যত্ন কৰি কি আনন্দ পায়! শ্ৰান্ত ক্লান্ত শৰীৰেৰে দিনমান পৰিশ্ৰম কৰি শৰীৰ মৰি যায়, অথচ চকুৱেদি আনন্দ বিৰিঙ্গি ঘৰ গোটেইখনি আনন্দময় কৰি থয়।—ই যে স্বামীৰ সংসাৰ, ই যে স্বামীৰ কাম! স্বামীৰ কামত নিজৰ শৰীৰ বুৰাই দি এক অপাৰ আনন্দত সিবিলাক ৰাতি দিন মজি থাকে। যেতিয়া ৰোগৰ প্ৰকোপত হাত সমূলি অৱশ হয়,—লৰচৰ কৰিব নোৱাৰে, তেতিয়া চকুৱেদি প্ৰাণৰ লোতক দুধাৰি নিমাতে বৈ বৈ আহে,—উৎকট ৰোগৰ অসহনীয় পীড়নত নহয়,—স্বামী পুত্ৰক যে নিজ হাতেৰে কৰি খুৱাব পৰা নাই, হৃদয়ৰ এই দাৰুণ দুখৰ নিমাতী যাতনাত।—আনন্দময়ী কুললক্ষ্মীসকলৰ এই জগদ্ধাত্ৰীৰ ৰূপটিলৈ স্বভাৱতে মুৰ যেন দোঁ খাই আহে। মহিয়সী ৰাধিকাই প্ৰদীপটিৰ দৰে নিজে জলি তাৰ আলোকেৰে বিৰহত কেনে শান্তি ঢালিছিল, কত বৈষ্ণবী কবিতাই সকৰুণ সুৰেৰে আজিও তাক বিনাব লাগিছে। নিদাৰুণ বিৰহৰ তাপ সহ্য কৰি আৰু নোৱাৰি কেতিয়াবা ৰাধাই তনুকে ত্যাগ কৰিব খোজে, পাচ মুহূৰ্ত্তত ভাব জাগে, মই মৰিলে মোৰ কানুৰ হব কি? মই কানুক কাক দি যাম? মই মৰিব নোৱাৰোঁ। সকলো জ্বলন সকলো পোৰণ মই সহ্য কৰিম, কেৱলে কেৱলে কানুৰ কাৰণে। মোৰ বুকুখনি জলি গলে যদি শ্যাম কানুৰ আলোক হয়, জলি যাওক, পুৰি যাওক—মই কান্দি কান্দি হাঁহি দিম, প্ৰেমানন্দত [ ১৬৫ ] নাচি উঠিম। প্ৰেমে বিৰহৰ জুই পানী কৰি দিলে, সংসাৰৰ অশাস্তি অমুৰি ছাই হৈ উৰি গ’ল। জগতত প্ৰেমৰ দুন্দুভি বাজি উঠিল! তোৰ যত দুখ, যত শোক, যত বিৰহ বিচ্ছেদৰ হাহাকাৰ ভগবানৰ প্ৰেমেৰে গ্ৰহণ কৰ, আনন্দময়ীৰ আনন্দ পৰশত সকলো শোকৰ অৱসান! কি শান্তিৰ এই বাতৰি!

 দুখৰ আত্যন্তিক নিবৃত্তিৰ উপায় উদ্ভাৱন কৰিবলৈকে সাংখ্য দৰ্শন আদিৰ কত চেষ্টা। অনন্তকাললৈ নিৰবচ্ছিন্ন সুখৰ আস্বাদন লৌকিক উপায়েৰে নহয়, অলৌকিক উপায়েৰেও নহয়। প্ৰাকৃতিক সম্বন্ধ উচ্ছেদ নোহোৱালৈকে অলপ নহয় অলপ দুখ থাকিবই। জীৱই জীৱৰ সৈতে সম্বন্ধ পাতি যেতিয়ালৈকে সি ভেদ ৰচনাত ভোল গৈ থাকে, তেতিয়ালৈকে তাৰ দুখ। চৈতন্যৰ লগত মিলি যি মুহূৰ্ত্তত জীৱই ভেদ ভুলি যায়, যেতিয়া প্ৰকৃতি পুৰুষৰ প্ৰেমলীলাৰ মধুৰ ৰসেৰে আত্মাৰ ৰাজ্যত পৰমানন্দ অনুভৱ কৰে, যেতিয়াই নিৰ্ম্মল চিত্তত আত্মাৰ প্ৰকৃতি দৰ্শন হয়, তেতিয়াৰ পৰাই তাৰ আত্মা অন্তৰে বাহিৰে নিত্য ৰাসৰ ৰসেৰে আপ্লুত হৈ বিশ্বাত্মাৰ লগত মিলি যায়, তেতিয়াই জীৱৰ আত্যন্তিক দুখৰ নিবৃত্তি হয়। এই প্ৰেম ৰাজ্যৰ জীৱ আৰু চৈতন্যৰ মিলনত কেৱলে মধু, কেৱলে মধু,—কেৱলে আনন্দ, কেৱলে অমৃত!

 কোৱাঁ, কোৱাঁ মা,—তোমাৰ ৰাধিকা বিবৰ্ত্তনশীল বিশ্বৰ যি উত্তৰণৰ চেষ্টা, তাৰ আনন্দৰ আকুলতা নহয় নে? পুনৰ্ম্মিলনৰ মুৰুলী শুনি বাউলী হৈ লৰি যোৱা পথভ্ৰষ্ট [ ১৬৬ ] পথিকৰ প্ৰাণ জোৰা এক আনন্দ উল্লাস নহয় নে? সচ্চিদানন্দ পৰম ব্ৰহ্মৰ ব্ৰহ্মাণ্ড বিয়াপি আনন্দ দান কৰা হ্লাদিনী শক্তিৰ সোণৰ প্ৰতিমা নহয় নে?—তুমি আকৌ সেই হাঁহিটি মাৰি গুচি গলা। তোমাৰ আজিৰ হাঁহিটিয়ে বিশ্বতন্ত্ৰীৰ প্ৰাণৰ তাঁৰ ডালিত এটি মৃদুল ঝঙ্কাৰ জিকাৰি তুলিলে। বিশ্বৰ প্ৰাণত প্ৰণৱৰ সুৰেৰে আকৌ এবাৰ বাজি উঠিল,—“আনন্দম্, আনন্দম্।” গছে গছে, লতাই লতাই তাৰে প্ৰতিধ্বনি তুলি পৃথিবীখনি পুলকৰ প্ৰেমানন্দেৰে ৰোমাঞ্চিত কৰিলে। বিশ্ব যেন নাচি উঠিল! তাৰ হিল্লোলৰ প্ৰেমৰ উল্লাসে ভক্তৰ প্ৰাণত মধুৰ স্পৰ্শ দি আনন্দত মতলীয়া কৰিলে! মোৰ হিয়া, মোৰ হিয়া যে নচা নাই। গোৱাঁ, গোৱাঁ মা তোমাৰ দিব্য কণ্ঠেৰে। মোৰ হিয়াই নেনাচে মানে গাই যোৱাঁ, গাই যোৱা :—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে, কানাই নিয়াঁ পাৰে কৰি,
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”

[ ১৬৭ ]

সপ্তম পৰ্ণ

 এদিনা কিবা কথাৰ ধাৰত মাতৃৰ কথা মনত পৰাত সেই কথাকে ভাবি আছোঁ। দূৰত দেখিলোঁ আজি স্নিগ্ধ সুশান্ত বেশেৰে মাতৃ মোৰ ধীৰে ধীৰে তাপসীৰ তেজেৰে আহিব লাগিছে। ওচৰ পালত দেখিলোঁ চকুযুৰি কোনোবা এক উজ্জ্বল লোকত;—পলক নপৰাকৈ চকু ভৰি ভৰি অমিয়া মাধুৰী পান কৰিছে! প্ৰাণৰ তৃপ্তিত, হিয়াৰ উল্লাসত সেই জ্যোতিৰ আভা জিলিকি পৰি চাৰিপিনে ৰঞ্জিত কৰি তুলিছে। চকু দুটি যুগল তৰাৰ দৰে তিৰ্‌বিৰাব লাগিছে! বুকুৰ জোনেৰে গোটেই শৰীৰটি কপাহী ডাৱৰৰ দৰে জিলিকি পৰিছে! মুখৰ হাঁহি, শৰীৰৰ ভঙ্গি;—তাত চাঞ্চল্যৰ লেশ নাই, সি যেন শৰতৰ তটিনীৰ দৰে শান্ত—সুনিৰ্ম্মল! আজি তোমাৰ এই সুন্দৰ, এই মধুৰ, এই পবিত্ৰ আভাত প্ৰাণৰ মাজত মোৰ বাঁহীৰ দৰে কি বাজিছে? তোমাৰ মুখৰ ইমান জ্যোতি, আৰু মোৰ অন্তৰৰ এই আবিলতা, এই অন্ধকাৰ! আহাঁ, আহাঁ তাপসি, আহাঁ মোৰ মাতৃ! এবাৰ তোমাৰ প্ৰভাতী প্ৰভাৰে অন্তৰ মোৰ পোহৰাই দিয়াঁ। এবাৰ, এবাৰ তোমাৰ ললিত ভৈৰবীৰ সুৱদি সুৰ মোৰ বাসনা মোৰ ইচ্ছাৰ মুখে মুখে গুঞ্জৰি উঠক।

 আহাঁ মা,—“নিয়াঁ পাৰে কৰি, যাওঁ মথুৰাৰ হাট” বোলা তোমাৰ কথাষাৰিৰ আভাস অলপ দি হৃদয় মোৰ [ ১৬৮ ] আলোকিত কৰাঁ। ব্ৰজধাম এৰি থৈ ৰাধাৰ প্ৰাণ-কানাই মথুৰালৈ গুচি গ’ল। ভালে মান দিন হ’ল মন প্ৰাণ হৰি নিয়৷ সেই মোহন মুখ খনি চৰ্ম্মচকুৰে দেখা নাই। তাকে চাবলৈ আজি আকুলতা জাগি মথুৰাহাটলৈ পাৰকৈ লৈ যাবলৈ বুলি ৰাধাই কানাইৰ উদ্দেশ্যে এনে দৰে ইনাই বিনাই কাতৰি কৰিছে বুলিবলৈকে৷ ব্ৰজ গোপিনীৰ প্ৰাণত বিশেষকৈ ৰাধাৰ অন্তৰত সাধাৰণ কামিনীৰ এনে লক্ষণ যে নাই। সিবিলাকৰ কাম যি আছিল প্ৰেমৰ অপাৰ পাৰাবাৰত কাহানিবাই হেৰাই গ’ল। বৃন্দাবনৰ প্ৰেমৰ লীলাত প্ৰত্যক্ষে যি প্ৰেমময়ৰ পৰশ পাইছে তেওঁক বৃন্দাবনৰ বনে আজি ঢাকি থয় কেনেকৈ? উপনিষদৰ ঋষিয়ে কব লাগিছে,—যি ভূত ভবিষ্যতৰ ঈশ্বৰ দীপ্তিমান পৰমাত্মাক প্ৰকৃততে দেখে তেওঁ যে’ লুকাই থাকিব নোৱাৰে।” সঁচা- সঁচিকৈ লুকাব নোৱাৰে, প্ৰকাশ পায়। নিজৰ সকলো দি সেই দীপ্তি প্ৰাকশ নকৰি যে নোৱাৰে। জোনে বেলিৰ কিৰণ পাই সেই কিৰণ কৃপণৰ দৰে আঁচলৰ গাঁঠিত লুকাই নথৈ জুৰাই জুৰাই জগতলৈ এৰি দিয়ে। প্ৰেমময়ী ৰাধিকায়ো অন্ত প্ৰেমৰ পূৰ্ণপাত্ৰ আঁজলি ভৰি বিলাবলৈকে বুলি মথুৰা হাট যেন ক্ষুদ্ৰ জগতলৈ আজি যাব খুজিছে। বিৰাট বিশ্ব জননীৰ মানবী মূৰ্ত্তি হ’ল ৰাধিকা, আৰু প্ৰকাণ্ড সংসাৰৰ ক্ষুদ্ৰ প্ৰতিচ্ছায়া হ’ল মথুৰাৰ হাট! বিশ্বজননী সংসাৰলৈ অহা যেনে, প্ৰেমময়ী ৰাধিকা মথুৰা-হাটলৈ যোৱাও তেনে। [ ১৬৯ ] জ্ঞানে যেনেকৈ খণ্ড জ্ঞানৰ মাজেদি সত্য স্বৰূপ অখণ্ড জ্ঞানক বিচাৰি ফুৰে, প্ৰেমেও সেইদৰেই ক্ষুদ্ৰ ৰসৰ মাজেদি ৰসৰ পূৰ্ণতা বিচাৰি ব্যাকুল হয়। ভগবানৰ বিৰাট চৈতন্যৰ কণিকা এটি আমাত আছে কাৰণেই আমি চেতন, বিৰাট হ্লাদিনী শক্তিৰ একণিমান ৰস আমাত আছে গুণেই আমাৰ এই আনন্দ উল্লাস! এই এধানি মান আনন্দ ৰস সজাগ কৰি ৰক্ত মাংসৰ স্থুল শৰীৰেৰে ব্ৰজ মণ্ডলৰ গোপী প্ৰেমৰ নায়িকা ৰসময়ী ৰাধিকাই মথুৰা মণ্ডলৰ পূৰ্ণৰসলৈ জীৱকুল লৈ যাবলৈকে আজি নায়িকাৰ বেশেৰে ওলাই আহি পাৰ কৰি নিবলৈ কৃষ্ণক মিনতি জনাইছে,—ৰাস মণ্ডলৰ হৰিক মথুৰা হাটৰ ঘোৰ হাহাকাৰৰ মাজত চাই সকলো কোলাহল শান্ত কৰি জগত খনি মধুময় কৰিবলৈকে এই মিনতি!

 পূৰ্ণ ৰসৰ প্ৰবাহৰ স্পন্দন আমাৰ ক্ষুদ্ৰ হৃদয়ৰ ৰসৰ কণিকাত জিকাৰি উঠি ৰাতি দিন অন্তৰত মিলনৰ আকুলতা তুলিবই লাগিছে, বৃন্দাবনত বজাদি জগতৰ মাজত, মথুৰা হাটৰ মাজত শ্যাম কানুৰ মোহন বেনু অবিৰল বাজিয়ে আছে, শুনে কিমানে? শুনিলেও শ্ৰদ্ধা জাগে কেইজনৰ? ধৃতি ধৰে কেইজনে? অন্তৰৰ ৰাধা নেজাগিলে সেই অনুৰাগ, সেই আকুলতা ক’ত? প্ৰেমৰ ভাণ্ড লৈ ৰাধা আমাৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে। আমি বিদেশিনী বুলি দুৱাৰৰ অতিথি দুৱাৰতে বিদায় দিওঁ।

[ ১৭০ ]  হাটৰ ফালৰ পৰা চালে কব পাৰি ৰাধা গোপৰ জীয়ৰী, গোপৰ বোৱাৰী, মথুৰা-হাটত দধি দুগ্ধ লৱনু বেচিবলৈ গৈছিল; যমুনা পাৰ হবৰ বেলিকা কানাইলৈ বুকু পোৰে কাৰণে কানায়ে বাই নিয়া নাও খনিতে পাৰ হৈ যাবলৈ বুলি এনে দৰে মাতিছে; তালৈকো গীতৰ মাজতে ৰাধাৰ প্ৰাণৰ লক্ষ্য জল জলকৈ জ্বলি আছে,—ৰাধা যায় সেই মথুৰাহাটলৈ যলৈ কানায়ে বাট নিদিলে যাব নোৱাৰি। বাহিৰে হাটত বেচাকিনাৰ প্ৰয়োজন থাকিলেও এই একে এটি কথাতে সি গৌণ হৈ আচল উদ্দেশ্যটি ফুটিত পৰিল—অন্তৰৰ মথুৰাহাট দৰ্শন।— যেতিয়া আমাৰ কোনো তীৰ্থ- যাত্ৰীয়ে জতুৱা ঠাচেৰে “ভটীয়াই যাওঁ” বোলে তেতিয়া তেওঁক নৈৰ নামনিলৈ যায় বুলি বুজিলে আমাৰ বুজা নহয়। তেওঁ যায় ভাটি দেশত থকা তীৰ্থলৈ, তীৰ্থৰ প্ৰকাশেৰে প্ৰকাশিত হবলৈ, তীৰ্থৰ আনন্দেৰে নিজে উদ্ভাসিত হৈ আশে পাশে সেই আনন্দ বিকীৰণ কৰিবলৈ। এয়ে “ভটিয়াই যোৱাৰ” নিগূঢ় অৰ্থ, এয়ে তাৰ ব্যঞ্জনা বৃত্তি। এই দৰেই কেৱলে বেচাকিনা কৰিবলৈকে মথুৰাহাটলৈ যায় বুলি বুজিলে হৰিপ্ৰাণা ৰাধিকাকো আমাৰ বুজা নহয়। অন্তৰ ৰাজ্যৰ ৰাধিকা যে হ্লাদিনী শক্তি। হৰিদৰ্শনৰ পৰমানন্দত বাজে হ্লাদিনী শক্তিৰ আৰু কি ঐকান্তিকী বাসনা থাকিব পাৰে?—আচলতে মথুৰাহাটৰ হৰিৰ হাঁহিটিত জোনটি হৈ আঁজলি ভৰি ভৰি জোনালী বিলাবলৈ ৰাধাৰ এই আকুলতা। হাটৰ [ ১৭১ ] ফালৰ পৰা মথুৰা-হাট খনি চালে নানান আলৈ-আহুকালে কুঁৱলী দি ধৰেহি। হৰিৰ হাঁহিটিৰ পোহৰত হৰিৰ ফালৰ পৰা চালে সকলো কুঁৱলী উৰি যায়। হাটৰ মাজেদি অবাধে প্ৰেমৰ ধাৰা ঢালিবলৈকে প্ৰেমময়ী ৰাধাই আজি হৰিৰ হাঁহিটিত প্ৰকাশ বিচাৰিছে, পাৰ কৰি দিবলৈ নহয়,—পাৰ কৰি নিবলৈ প্ৰাণেৰে মাতিছে।

 এই প্ৰেমৰ মঙ্গলময় অভিসাৰ ৰসময়ী ৰাধাৰ নামে ধামে ৰজিতা খাই পৰিছে। মথুৰাহাটলৈ যোৱাৰ চলেৰে এই অভিসাৰে সংসাৰী জীৱলৈ জীৱনৰ আৰু এখনি চানেকি লৈ আহিছে। চতুৰ সংসাৰীৰ কাৰণে “ৰথে৷ দেখা, কলো বেচা” বুদ্ধি তাত বেচকৈ বাছি চকুত লগাকৈ জিলিকাই থৈছে। ৰথৰ জগন্নাথ দেখি পুনৰ্জ্জন্ম নোহোৱাৰ ফল অৰ্জ্জন কৰা, আৰু কল বেচি এই জনমৰ জীবিকা আৰ্জ্জি লোৱা। ইকূল সিকূল দুয়োকূল এইদৰেই ৰাখিবলৈকে উপনিষদৰো উপদেশ,—অবিদ্যাৰূপ সংসাৰকেই সাৰ বুলি সাবটি ধৰিলে অন্ধকাৰত পৰা যায়; কেৱলে ব্ৰহ্মজ্ঞান বিদ্যাকে বিচ্ছিন্ন কৰি একমাত্ৰ সাৰ বুলি আকোৱালি ধৰিলেও আৰু গভীৰ অন্ধকাৰত পৰা যায়! এই সংসাৰৰ আৰু বহ্মজ্ঞানৰ য’ত মিল, য’ত সুন্দৰ সমাধান তাতে আমাৰ আত্মাৰ স্থিতি। সেই আত্মাৰ উপলব্ধি কৰি জীৱন সাৰ্থক কৰাই মানৱ জীৱনৰ লক্ষ্য। জগত যেন মথুৰা হাটৰ পৰা বিচ্ছিন্ন কৰি আনি ৰাধিকাই কৃষ্ণক গোপনে চাব খোজা নাই, অথবা [ ১৭২ ] জগত যেন হাট খনিত কেৱলে বেচা কিনা কৰিবলৈকো যোৱা নাই; হাতেৰে দধি দুগ্ধ বেচিব, অন্তৰেৰে হৰিৰ অমিয় ৰূপ মাধুৰী পান কৰিব।

 প্ৰসাৰ কৰাই, আপোনাক দি দিয়াই প্ৰেমৰ ধৰ্ম্ম। প্ৰেম বিলাবলৈ আধাৰ লাগে, জন লাগে, জনতা লাগে। প্ৰেমলীলাৰ প্ৰধানা নায়িকা ৰাধাই আজি সংসাৰ পৰিহৰি বৰাগিনী বেশেৰে কৃষ্ণ দৰ্শন কৰিব খোজা নাই, লোকালয়ৰ বহুদূৰত হিমালয়ৰ গহ্বৰত যোগীৰ দৰে, ত্যাগী সন্ন্যাসীৰ দৰে ব্ৰহ্মৰ অনুভূতি লৈ নিজে পৰমানন্দত মগ্ন হোৱাৰ বাসনা তেওঁৰ নাই, ধন-জনেৰে এই সংসাৰ অসাৰ বুলি একমাত্ৰ ভগবানৰ নামকে সাৰ কৰি জীৱন অতিবাহিত কৰাৰ ধাউতিও তেওঁৰ নাই। ভৰ মথুৰা-হাটৰ কৰ্ম্মৰ মাজত, কোলাহলৰ মাজত; বৈচিত্ৰ্যৰ মাজত, প্ৰাণৰ হৰিক প্ৰাণ ভৰি চাই চাই তেওঁ আজি দুয়োকূল ৰক্ষা কৰিব,—জগতত যি আছে সেই সকলোকে ঈশ্বৰে আবৰি থৈছে—“ঈশাবাস্য মিদং সৰ্ব্বং যৎকিঞ্চ জগত্যাং জগৎ।” জগদ্বুদ্ধি ত্যাগ কৰি ঈশ্বৰ ভাবনা অবলম্বন কৰাঁ—আত্মাক অবিদ্যা প্ৰসূত শোক মোহাদি সংসাৰ ধৰ্ম্মৰ পৰা মুক্ত কৰি পালন কৰা “তেন ত্যক্তেন ভূঞ্জিথাঃ।” ৰাধিকাৰ আজিৰ চেষ্টাত উপনিষদৰ এই বাণী উজ্জ্বল হৈ পৰিছে। সংসাৰকে বা ৰাধিকাই ত্যাগ কৰিব কিয়? সংসাৰৰ অন্তৰত সাৰ আছে, ঈশ্বৰে আবৰি আছে। সংসাৰক যতন কৰাই সংসাৰৰ [ ১৭৩ ] আত্মাক যতন কৰা। আচলতে এই সংসাৰ অসাৰ নহয়। সংসাৰ ভগবানৰ, মোৰ নহয়। মোৰ মনৰ মোহে, মোৰ অহমিকাৰ আক্ৰোহে সংসাৰ খনি যে মোৰ বুলি চলাব খোজে, এই মোহ এই অভিমান হে মিছা, ই হে অসাৰ।—মানুহে বিশাল বিশ্বৰ ঠাই এচমকা বেৰি লৈ তাক মোৰ ঘৰ বুলি তিনি চাৰিটি জীৱক আবৰি লৈ মোৰ পুত্ৰ পৰিবাৰ বুলি ভগবানলৈ পাহৰি নিজৰ কত্তৃত্বাভিমান চলাবলৈ গৈ যেতিয়া ৰাখোঁ বুলি তাৰ এটিকো ৰাখিব নোৱাৰে তেতিয়া দুহাতেৰে হিয়া ভুকুৱাবলৈ ধৰে। তাকে নকৰি পুত্ৰ পৰিবাৰক প্ৰাণ স্বামীৰ দান বুলি প্ৰেমময়ীৰ পবিত্ৰ পোহৰত গ্ৰহণ কৰিলে মমতাৰ তীব্ৰতা উৰি যায়, শোক মোহৰ বিষ দাঁত সুলকি পৰে,—বাকী যি থাকে সি এক গভীৰ আনন্দ। মোৰ যি আছে, অহমিকাই যাক মোৰ বুলি আগুৰি ৰাখিছে, হেৰাব লগীয়া হলে সি হে হেৰাব, মোৰ ‘মোৰ’ বুলিবলৈ নাইকিয়া হব। বিশ্বৰ কোলাত বিশ্বাত্মালৈ তাক যদি দি দিয়া যায়, সি বিশ্বৰ বস্তু বিশ্বতে থাকিব, হেৰায় কেনেকৈ? বিশ্বৰ বস্তু বিশ্বক দি, প্ৰাণ ভৰি বিশ্বৰ যতন কৰাই যে বিশ্বাত্মাৰ পূজা। সেই হে প্ৰাণ-কৃষ্ণৰে ক্ষুদ্ৰ জগৎ বুলি যতন কৰিবলৈ প্ৰেমময়ী ৰাধাই মথুৰা হাটলৈ আহি হাটৰ হট্ট হাহাকাৰৰ মাজত, জগতৰ ভয়ঙ্কৰ কোলাহলৰ মাজত শান্তি দাতা শ্যাম কানুৰ সুশান্ত মূৰতি জগতবাসীৰ চকুত জিলিকাই ধৰি সকলো আশ্বাসহীন, অশান্তি প্ৰেমৰ পোহৰেৰে মধুৰ কৰিবখু জিছে। [ ১৭৪ ]  ‘নিয়াঁ পাৰে কৰি। যাওঁ মথুৰাৰ হাট’—কথাষাৰি কথাৰ লেখেৰে কেনে সৰল, কেনে সহজ, অথচ প্ৰাৰ্থনাৰ তুলনাত সি কি উচ্চ, কি মহৎ। মথুৰাহাটত প্ৰকাশত বাজে তাত কোনে৷ কামনা নাই, কোনো স্পৃহা নাই। কি নিষ্কাম এই প্ৰাৰ্থনা! অকল এয়ে নহয়, আত্মসমৰ্পণৰ এটি অতি গভীৰ ভাবো নীৰৱে ইয়াত লুকাই আছে। প্ৰাণৰ প্ৰিয়জনক কোৱা এই কথা, কথাই অলঙ্কাৰ পিন্ধিবৰ অৱসৰ ক'ত? ইয়াত সংযম নাই, অত্যুক্তি নাই, কাকুবাদ নাই, চুলি ছিঙ্গি কৰা কাতৰি নাই; মৰমৰ নিজৰা এটি যেন জৰি জৰি পৰিছে!—আদিৰ পৰা অন্তলৈকে সৰল,—আখৰে আখৰে মধু।

 ভৰা লুইতৰ ডকাৰ দাঁতিয়ে দাঁতিয়ে চাকনৈয়াৰ আলেঙ্গে আলেঙ্গে গুটীয়া নাও এখনিত পাৰকৈ লৈ যোৱাৰ আগতে নাৱৰীয়াক যেতিয়৷ ‘পাৰ, কৰাঁ’ বোলা যায় তেতিয়াই আত্মসমৰ্পণৰ ভাব এটি কথাৰ লগে লগে নীৰবে ওলাই আহে। তাত কোনো খতপত্ৰৰ প্ৰয়োজন নাই, কথাৰ আড়ম্বৰ নাই। আমাৰ জীৱটি নাৱৰীয়াৰ হাতত বিনা বাক্যব্যয়ে দি দিওঁ। কল্‌কল্‌কৈ থকা ভৰা যমুনাত পাৰি দি পাৰ হব খোজা ৰাধিকাৰ এই কথাষাৰিৰ আঁৰত এনে এটি ভাব থকা নিতান্ত স্বাভাবিক। ই এক আত্মসমৰ্পণ হলেও আচলতে ই ব্যৱসায়,—প্ৰাণহীন। পাৰ কৰা সময়খিনি জুৰি আত্মসমৰ্পণৰ ভাব থাকে। তাৰ আগতো নেথাকে, পাচতো নেথাকে। পাৰৰ বানচ দিলেই সকলো শলাগৰ শেষ হয়।

[ ১৭৫ ]  ‘নিয়াঁ পাৰে কৰি’ এনে ধৰণৰেই অতি সহজ সৰল কথা এটি ফুটেনে নুফুটে কৈ ফুটাই দেশে দেশে কত সৰলচিতীয়া যুৱতীয়ে নিজৰ জীৱন যৌৱন মনে মনে মিলি যোৱা প্ৰেমিকৰ হাতত চিৰজনমলৈ সমৰ্পণ কৰি দিয়ে! মাইকি-বাপেকিৰ, ভাইভনীৰ, সমনীয়া লগৰীৰ, নিজৰ ওপজা ঠাইৰ মায়া মমতালৈ পিঠি দি এক প্ৰেমিকৰ পাচে পাচে পাচলৈ নেচাই কত যুৱতী চগাৰ দৰে জুইত জপিয়াই পৰিছে! ইয়ো কম আত্মসমৰ্পণ নহয়! তথাপিতো কামৰ গন্ধেৰে ই মলিয়ন!

 ব্ৰহ্মানন্দৰ অমৃত পান কৰিবলৈ তীব্ৰ আকুলতা জগাত তৃষিতা চাতকীৰ দৰে অন্য জললৈ মন নেমেলি সমিৎপাণি বাৰুণীয়ে এইদৰেই এদিনা অতি সহজ সৰল কথাৰে বৰুণত জনাইছিল,—“অধীহি ভগবো ব্ৰহ্মেতি”—মোক ব্ৰহ্ম জ্ঞানৰ উপদেশ দিয়ক। গীতাৰ ব্ৰহ্মবিদ্যাৰ অধিকাৰী নৰ-ঋষিৰ অৱতাৰ গুড়াকেশ অৰ্জ্জুনেও তেওঁৰ প্ৰাণৰ হৃষীকেশক এই দৰেই এদিন বিষম সমস্যাৰ অন্ধকাৰত পথ নেদেখি আকুল হৈ আত্মসমৰ্পণ কৰি এনে সহজ সৰল কথাকে কাতৰকৈ কৈছিল,—“শাধি মাং ত্বাং প্ৰপন্নম্”—মই তোমাৰ শৰণাগত, মোক উপদেশ দিয়াঁ।—এই আত্মসমৰ্পণত ব্যৱসায়ৰ নিৰ্জীৱতা নাই, কামৰ কল্মষ নাই,—মহতৰ কাষত, উচ্চৰ ওচৰত, পৰম জ্ঞানীৰ সমীপত সভক্তিৰে কৰা এই আত্ম-নিবেদন। কি ইয়াৰ তেজ! ইয়াৰ যোগ্যতা, ইয়াৰ পবিত্ৰতা, [ ১৭৬ ] ইয়াৰ উত্তৰ্ণৰ আকুলতাৰ তুলনা নাই,—অতি গভীৰ, অতি মহৎ! ইয়াতো যেন তথাপি কিবা এটি দীনে মহতলৈ চোৱাৰ গন্ধ, ৰিক্তই পূৰ্ণলৈ চোৱাৰ ভাব ৰৈ ৰৈ গৈছে।

 ৰাধাৰ আজিৰ আত্মনিবেদনত, আজিৰ “নিয়াঁ পাৰে কৰি” কথাষাৰিত এই আত্মসমৰ্পণৰ সকলো আছে,—নাই তাৰ ৰসহীনতা, নাই তাৰ মাদকতা, নাই তাৰ দৰিদ্ৰতা। ই যে হৃদয়ৰ স্বামীক, প্ৰাণৰো প্ৰাণক প্ৰাণেৰে জনোৱা আত্মনিবেদন। ই যে প্ৰেম! প্ৰেমৰ আত্মসমৰ্পণৰ বাণীয়েই এনেকুৱা!—তাৰ সৰল, তাৰ তীব্ৰ এনে এটি প্ৰাণৰ দাবী, এনে এটি অলঙ্ঘ্য অনুৰোধ আছে, যাক পালন নকৰি প্ৰেমিক থিৰেৰে ৰব নোৱাৰে।—যিসকল জীৱমুক্ত পুৰুষে ভগবানক প্ৰেমেৰে মাতি পাইছে সেই সকলোৱেই একে সুৰে কব লাগিছে—মাত, প্ৰেমেৰে মাত, ভগবানে মাত দিব।—বাহিৰৰ চোতালত উমলি থকা ল’ৰা ছোৱালীয়ে কেতিয়াবা ধেমালিত মাকক “আই আই” বুলি মাতি থাকে, মাকে হয়তো ওলায়ে নেচায়। কেতিয়াব৷ যদি প্ৰাণৰ সকলো ভাৰসাৰে হিয়া খুলি তীব্ৰ হুতাহত ‘আই’ বুলি চিঞৰ এটি মাৰে, তেতিয়াই মাকৰ মন চেবাই যায়, দহ- বন কাতি কৰি থৈ ‘কেলেই মোৰ সোণাই’ বুলি চুলি মেলি লৰি আহে। লৰি নাহি পাৰে নে? ই যে প্ৰেমৰ ৰাজ্যত প্ৰাণৰ মাতোন!— ইয়াত যাগ যজ্ঞৰ আড়ম্বৰ নাই, চিত্তবৃত্তি নিৰোধৰ শুষ্কতা নাই, শব্দৰ ঝঙ্কাৰ নাই, বাক্যৰ অলঙ্কাৰ [ ১৭৭ ] নাই,—আছে হিয়াভৰ৷ বিশ্বাস, প্ৰাণভৰ৷ প্ৰেম। এয়ে প্ৰেমৰ আকুলতা, ই জাগি উঠিলে উত্তৰণৰ ধাৰ৷ ওপৰলৈ যায়, দিব্যধামৰ অৱতৰণৰ ধাৰা প্ৰেমিক ভক্তৰ শিৰলৈ নামি আহে। ইয়েই ভগীৰথৰ চেষ্টাৰ তীব্ৰতা, আৰু ভাগীৰথীৰ অৱতৰণৰ কৰুণা, — ইয়েই ভক্ত হৃদয়ৰ উপাসন৷, আৰু ভগবানৰ আশীৰ্ব্বাদ।

 প্ৰেমময়ী ৰাধা মথুৰাহাটলৈ যায় হয়, মথুৰাহাট কালিন্দী- কূলৰ কদম্বমূল নহয়, গলেই যে হৰিৰ ব্ৰজমোহন ৰূপটি চকুত পৰিব। ব্ৰজবিহাৰী কৃষ্ণ মথুৰাহাটলৈ যোৱা নাছিল, মথুৰ৷ মোহন কৃষ্ণ মথুৰাৰ ৰাজকুমাৰ,—হাটলৈ অহাৰ প্ৰয়োজন নাছিল। তেনে মথুৰাহাটৰ হৰি ক'ত?

 গ্ৰহ তাৰকাৰ আৱৰ্ত্তন বিৱৰ্ত্তনত, বিশ্ব প্ৰকৃতিৰ প্ৰশাস্ত কোলাত হৰিৰ যি কঠোৰ কোমল সুন্দৰ ধাৰা—অলপ চেষ্টাতে সি চকুত পৰি প্ৰাণ মন জুৰাই দিয়ে,—হৰিৰ আভাস পোৱা যায় পৃথিবীৰ অতি গণ্ডগোলীয়৷ জীৱ এই মানুহৰ মাজত, তাতোকৈ গণ্ডগোলৰ ঘনেৰে তাৰ হাটৰ মাজত হৰিয়ে যে সহজে ধৰা নিদিয়ে, চকুত নপৰে। হৰি তাত আছে বুলিলেও সন্দেহ জাগে। হাটখোলাত হাতখোলাৰ পৰ৷ হাতলৰালৈ, ঋষিতুল্য লোকৰ পৰা গাঁঠিকট। লম্পটলৈকে ভিন ভিন লোকৰ হৰেক ৰকম নমুন৷ ভিন ভিন মন লৈ অহা যোৱা কৰিছে৷—কোনো গৈছে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি বুদ্ধিৰ বলেৰে নিজৰ সমৃদ্ধি, নিজৰ যশস্য৷ [ ১৭৮ ] বঢ়াবলৈ; কোনো গৈছে ইবিলাকৰে বৰাই কৰি ঢোল কোবাবলৈ, আৰু কোনো গৈছে চল চাই সিবিলাকৰ চান কাঢ়ি নিজে নিজে নিপোটল হবলৈ; কোনো গৈছে নিজক দেখুৱাই বিকাবলৈ, কোনো গৈছে মুগ্ধ হৈ কিনিবলৈ, আৰু কোনো গৈছে মুখেৰে মালিহা মাৰি পখিলাৰ দৰে উৰি উৰি মন তাপৰিবলৈ; কোনো গৈছে ধৰ্ম্মৰ বাণী প্ৰচাৰ কৰিবলৈ, কোনো গৈছে ধৰ্ম্মৰ প্ৰয়াস ব্যৰ্থ কৰিবলৈ, আৰু হাতত টোকাৰি মুখত ভাটিয়ালি লৈ সংসাৰ-ত্যাগী বৰাগীটি গৈছে সংসাৰৰ ভিক্ষাৰে মোনা ভৰাই ধন চপাবলৈ। প্ৰয়োজনৰ নামত, স্বাৰ্থৰ নামত কত ৰং, কত ভাবৰ চং সাজি জনে জনে, জুমে জুমে হাতত আহি জুমুৰি দিয়েহি—তাৰ অন্ত নাই। এইবিলাকৰ কোৰ্হালত, এইবিলাকৰ বিষম বৈচিত্ৰ্যত ভগবানৰ পম হেৰাই যায়, সহজে বিচাৰি পোৱা নাযায়। অনবৰত ভেদ লৈ আপোন কামত চকৰি ঘূৰাদি ঘূৰি থকা মনেও এই ভেদৰ মাজৰ অভেদৰ সন্ধান লোৱাৰ প্ৰয়োজন নুবুজে। তাৰ আজৰি নাই। প্ৰেমেৰে, সাধনাৰে সেই মন টানি আঁজুৰি ঘৰৰ মুখলৈ ননা মানলৈকে সি ভেদত লুটি পুটি লৈয়েই শান্তি বিচাৰে। শান্তি নাই, সন্তোষ নাই,—তথাপি এফেৰি তৃপ্তিৰ আশাত জুৱাৰীৰ দৰে গোটেই জীৱন তাৰ উৰাই দিয়ে।

 ওপৰে ওপৰে চালে হাটত এটা প্ৰয়োজনৰ প্ৰৱৰ্ত্তনা চকুত পৰে। তালৈ চাই কব পাৰি হাট চলা প্ৰয়োজন, [ ১৭৯ ] কাৰণে হাট চলি থাকে। কেৱলে প্ৰাণহীন প্ৰয়োজনৰ নিয়োগত সি অতকাল বৰ্ত্তিব নোৱাৰে। তাৰ অন্তৰত তাৰ প্ৰাণ স্বৰূপ এক গভীৰতম আনন্দ নিশ্চয় আছে। জহৰীয়েহে আচলতে “জওহৰ” চিনে। হাটৰ মাজত অইনৰ কাণত নপৰ৷ বাঁহী এটি ৰাতি দিন বাজিবই লাগিছে। ৰাধাৰ প্ৰাণৰ দৰে প্ৰাণ এখনি নহলে সেই বাঁহীৰ ধ্বনি শুনে কোনে? হাটলৈ যায় বহুতো; হাটৰ মাজৰ হৰিক খোজে কেইজনে? আনন্দ বিচাৰে সকলো ৱ, কিন্তু আনন্দৰ মাজৰ পৰমানন্দ বিচাৰে কিমানে?

 মথুৰাহাটত সকলো হাটৰ তৃপ্তি আছে, সকলো হাটৰ হাহাকাৰ আছে, আৰু আছে তাত অইন হাটত নথকা কৃষ্ণৰ স্মৃতি। এয়ে তাৰ বিশিষ্টতা।—সি যেন কোনো উৎসৱ উপলক্ষে বহা দেৱ মন্দিৰৰ চাৰিও কাষৰৰ আনন্দৰ মেলা। মেলালৈ যাওঁতাই দেৱতাৰ দৰ্শন আশাৰে নিজক দেৱ মন্দিৰৰ মুখলৈ অন্ততঃ এখন্তক নিনি নেথাকে। মথুৰাহাটত কৃষ্ণ-স্মৃতি আছে যেতিয়া, মথুৰাহাটলৈ যাওঁতাৰ হিয়াত এবাৰ নহয় এবাৰ ৰাধাৰ কৃষ্ণলৈ যোৱাদি যোৱা মনৰ অন্ততঃ এটি ক্ষীণ বেগ জাগি উঠা অতি স্বাভাবিক। জগতৰ হাহাকাৰৰ মাজতো এইদৰেই কাৰ্য্য দেখি ৰচনাৰ কৌশল দেখি জগৎকৰ্ত্তাৰ উদ্দেশ্যে এবাৰ নহয় এবাৰ মন অৰ্ন্তজগতৰ মুখলৈ যায়। সেই মুখে মুখ দিলেই আনন্দৰ পৰশ পায়,—এই আনন্দৰ মাজেদিয়েই হ্লাদিনী ৰাধিকা আজি পৰমানন্দৰ দৰ্শনাভিলাষিনী।

[ ১৮০ ]  মথুৰাহাটৰ কৃষ্ণৰ প্ৰতিমা, কৃষ্ণৰ ছবিয়েই কৃষ্ণ নহয়। মথুৰাহাটৰ মাজত, প্ৰতিমাৰ মাজত, ছবিৰ মাজত ঘটে ঘটে বিৰাজ কৰা আকাশৰ দৰে চকুৰে নেদেখাকৈ চিৰ সুন্দৰ কৃষ্ণৰ ৰূপ জিলিকি আছে। বৃন্দাবনত অগণন গোপিনীৰ লগত কৃষ্ণ অগণন হৈ আছিল, সেই অগণন কৃষ্ণ বহুৰ এক হৈ বৃন্দাবনতে লুকাই পৰিল। অপাৰ প্ৰেমৰ পবিত্ৰ পোহৰত গোপিনীয়ে তেওঁক বিচাৰি পাই মহানন্দত মজি গল। গোপিনীৰ প্ৰাণৰ আকুলতাৰে তেওঁক নিবিচাৰিলে তেওঁৰ সন্ধান পোৱা যে সহজ নহয়।

 সুৰ যন্ত্ৰৰ সকলো সুৰ একেলগে বজালে দূৰৰ পৰা এটি মৃদু মধুৰ গুঞ্জনৰ দৰে শুনা যায়। ঠিক তেনে এটি গুঞ্জন হাটৰ বহু দূৰত নীৰৱ নিস্তব্ধতা ভেদি প্ৰথমে প্ৰথমে-কাণত বাজি উঠে। ধ্বনিটিৰ পমে পমে হাটলৈ আহিলে সিয়েই ক্ৰমান্বয়ে এটা হো-হোৱনি হৈ হাটৰ মাজৰ ভীষণ কোলাহল হৈ পৰেহি। হাটৰ পৰ৷ আঁতৰি গলে আকৌ সেই হো- হোৱনি, আকৌ সেই মৃতু মধুৰ গুঞ্জন। অথচ, তাত আছে বলবানৰ বলৰ হুঙ্কাৰ, দৌৰ্ব্বল্যৰ কৰুণ ক্ৰন্দন, হৃদয়হীনৰ হাঁহিৰ কিৰীলি, সহৃদয়ৰ সহবেদনা, সাধুলোকৰ সাধু ভাষা, চহা চাহিনীৰ চহা কথা, কামাতুৰৰ ফুচফুচনি, প্ৰতিদ্বন্দ্বীৰ গৰজনি, ভেমে ধৰাৰ কথাৰ হুকি, বেচাকিনাৰ কেৰজেৰনি,—আৰু যে কি নাই! এই সকলোবিলাক ভিন ভিন কণ্ঠৰ বেসুৰা কোৰ্হাল মিলি গল এক মধুৰ গুঞ্জনত,—এক গম্ভীৰ ওঙ্কাৰ ধ্বনিত! [ ১৮১ ]  আমি মিলাব নোৱাৰা জগত-জোৰা যি বেসুৰা বিৰোধ, স্বাৰ্থৰ যি নিকৰুণ কঢ়া-আঁজোৰা, পৰম্পৰ ভেদৰ যি বিষম বৈচিত্ৰ্য, এই সকলোটি এই দৰেই এটি তত্ত্বত মিলি এক হৈ পৰে। অমিলৰ এই মিলে মিলে মনটি দি দিলেই হৰিৰ আভাস পাব পাৰি; কিয়নো, তেওঁ চিৰ-শান্ত,—সকলো অমিল মিলাই লৈ এক হৈ চিৰ আনন্দেৰে বিৰাজ কৰিছে। তেৱেঁই বহু হৈ জগতত প্ৰকাশ পাইছে, তেওঁতেই জগতৰ এই বহু বিলীন হৈ যায়। হাটৰ হো-হোৱনি আমাৰ কাণ-মাদলত বাজি উঠে, হাটৰ বৈচিত্ৰ্য আমাৰ চকুত জিলিকি পৰে; কিন্তু, জগত-জোৰা কোলাহল লৈ যি বিশ্ব সঙ্গীতৰ ঐকতান, জগত-জোৰা বহুত বিভিন্ন ৰূপ লৈ চিৰ সুন্দৰৰ ভুবন মোহন যি বিশ্বৰূপ,—সি কাণত নেবাজে, চকুত নজলে;—প্ৰত্যক্ষে সি সুৰ হৈ বাজি যায়, ৰূপ হৈ জলি যায় প্ৰাণৰ মাজৰ অনুভূতিত!

 হাটৰ মাজত কাণত বাজে চিৎকাৰৰ তীব্ৰতা, কোলাহলৰ বাহুল্য। এই অমিল কোলাহলৰ মিল ক’ত? গীতে পদে, চিঞৰে বাখৰে নানান লোকে হাটৰ মাজত কোৰ্হাল পাতিছে হয়, কিন্তু আচলতে সিবিলাকে কোৰ্হাল পাতিবলৈ বুলিয়েই হাটলৈ অহা নাই। কোৰ্হাল হাটলৈ আহে নিজক নিচুকাই লৈ যাবলৈ। তাক লাগে শান্তি। শান্তি জাগিলেই সি শান্ত হৈ যায়। হাটত শান্তি আছে বুলিয়েই সি হাটলৈ আহে।—বিশ্বৰ বুকুত পৰম্পৰ বিৰোধী শক্তিৰ [ ১৮২ ] ভীষণ গৰ্জন, আকৰ্ষণ বিকৰ্ষণৰ গগণ বিদৰা কোলাহলে তুমুল কোৰ্হাল তুলি অবিৰোধী ভাবেৰে চিৰ শাস্তিত আকোলা- আকোলি কৰি মিলি যায় একমাত্ৰ অনন্তৰ প্ৰশান্ত কোলাত। ক্ষুদ্ৰ জগত মথুৰাহাটৰ শান্তিত বৃহৎ জগতৰ প্ৰশান্ত ভাব এই খিনিতে পৰিষ্কাৰ কৈ প্ৰকাশ পাইছে,—ইয়াতে মথুৰা হাটৰ অমিল কোলাহল মিলি যায়, এয়ে মথুৰাহাটৰ শান্ত তত্ত্ব!

 অলেখ লোক মথুৰাহাটলৈ আহিছে একো একোটি স্বাৰ্থ লৈ। এজনৰ স্বাৰ্থ অইন এজনৰ লগত দেখাকৈ নিমিলে। জনে জনে ভিন ভিন হলেও সকলোৱে নিজ নিজ স্বাৰ্থেৰে বিচাৰিছে, সেই একে এটি মঙ্গল,—তেহেলৈ নিজলৈ হওক বা পৰলৈ হওক, অলপলৈ হওক বা বহুলৈ হওক। সকলো স্বাৰ্থ অমিল হৈও এই মঙ্গলতে মিলি যায়। অনন্ত কোটি প্ৰাণীৰ কত অনন্ত কোটি স্বাৰ্থ মিলাই এক কৰি বিশ্বৰ মূলত হাঁহি আছে এক মঙ্গলেই,—এক শিৱই। ক্ষুদ্ৰ জগত মথুৰাহাটৰ সকলো অমিল স্বাৰ্থ মিলি গ’ল এই মঙ্গলত, এই শিৱতেই,—এয়ে মথুৰাহাটৰ শিৱতত্ত্ব।

 হাটত সমাগম হোৱা লোক সকলৰ ভিতৰত পৰম্পৰ কিমান প্ৰভেদ; জাতিৰ ভেদ, বয়সৰ ভেদ, অৱস্থাৰ ভেদ, চেহেৰাৰ ভেদ, পৰিচ্ছদৰ ভেদ, বাহিৰে ভেদ, অন্তৰে ভেদ, কেৱলে ভেদ! কোনো দুটি প্ৰাণী সাঁচেকাটে একে নহয়। ইমান ভেদ লৈও সিবিলাক এঠাইত অভেদ হৈ মিলি [ ১৮৩ ] আছে। সিবিলাকৰ আত্মা যে এক,—“জীৱ ব্ৰহ্মৈব নাপৰ”—এই আত্মাৰ অভিন্নতাত এই অদ্বৈততে সিবিলাক বহু হৈও এক। বৃহৎ জগতৰ দৰে ক্ষুদ্ৰ জগত মথুৰাহাটৰো যত অমিল যত ভেদ এই অভেদত মিলি গল, এয়ে মথুৰাহাটৰ অদ্বৈত তত্ত্ব।

 হাটৰ শান্ত তত্ত্ব, শিৱ তত্ত্ব, অদ্বৈত তত্ত্বত যাৰ সুন্দৰ সু-প্ৰকাশ সেয়ে যে ব্ৰহ্ম,—তেওঁ “শান্তম্, শিবম্, অদ্বৈতম্”,—তেওঁ “একমেবাদ্বিতীয়ম”, “একং সদ্বিপ্ৰা বহুধা বদন্তি, একং সন্তং বহুধা কল্পয়ন্তি।” সকলো অমিল মিলাই বিশ্বৰ মূলত বিৰাজ কৰাদি মথুৰাহাটতো বিৰাজ কৰিছে তেৱেঁই। এই শান্ত, শিব, অদ্বৈত তত্ত্বতে ব্ৰহ্মৰ আভাস পোৱা যায়, ব্ৰহ্মৰ দৰ্শন সম্ভৱ হয়। সেই দৰ্শনেই ৰাধাৰ কৃষ্ণ নামেৰে হৰি। হৰি শব্দ যে ব্ৰহ্মবাচক। পুৰুষোত্তম হৰিয়েই সেই অনিৰ্বচনীয় গুণাতীত ব্ৰহ্ম—যাৰ ভিতৰত জাগিব লাগিছে অচল৷ শান্তি, অনন্ত ঐক্য আৰু অবিকল্প সাম্য,—এয়ে তেওঁৰ অক্ষৰ ৰূপ! যেতিয়া অক্ষৰ পুৰুষে প্ৰকাশৰ কাৰণে অথবা লীলাৰ নিমিত্তে প্ৰকৃতিক আশ্ৰয় কৰে তেতিয়াই তেওঁ অব্যক্ত হৈও ব্যক্ত, অক্ষৰ হৈও ক্ষৰ!

 ব্ৰহ্মৰ অনন্ত আকাৰ গুণেই তেওঁ নিৰাকাৰ। ভক্তি পথৰ সুচিকোণ আলোকত ব্ৰহ্মৰ ব্যক্ত ৰূপৰ মাজেদি ব্ৰাহ্মণে দেখে গায়ত্ৰী, বৈষ্ণবে দেখে বিষ্ণু, শাক্তই দেখে মহাশক্তি, শৈবই দেখে সদাশিৱ, সৌৰই দেখে সূৰ্য্য নাৰায়ণ, গাণপত্যই [ ১৮৪ ] দেখে গণপতি,—এই সকলো ৰূপেৰে আৰু যে কিমান কি ৰূপেৰে বিশ্বাতীত হৰিয়ে জীৱৰ পাপ তাপ হৰি আনন্দ অমৃত বিলাব লাগিছে। কৃষ্ণৰ সেই সুঠাম সুন্দৰ দেহাটিৰ মাজতো লুকাই আছে এই অৰূপৰ হৰি, যাৰ আবেশত চিৰ-বৰেণ্য কৃষ্ণ আজি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী শ্ৰীহৰি!

 প্ৰেমিক বৈষ্ণৱৰ চিত্তাকাশত হৰিৰ ব্যক্ত ৰূপ কি যে অপৰূপ দিবাজোতিৰে জিলিকি উঠে!—চকোৰে চন্দ্ৰকিৰণ পান কৰাদি ভক্তই সেই দিব্য ৰূপ হৃদি নিকুঞ্জত অন্তৰ্নয়নেৰে পান কৰি তন্ময় হৈ যায়। ধাবল্যেৰে ক্ষীৰ, দাহিকা শক্তিৰে অগ্নি, শক্তিৰে শক্তিমান প্ৰকাশ পোৱাদি পৰমা-প্ৰকৃতিৰে পৰম-পুৰুষৰ বিশ্ব বিমোহন ৰূপ ৰাধা-কৃষ্ণৰ যুগল মিলনত জলি পৰে,—সৎ স্বৰূপ কৃষ্ণৰ মুখপদ্মৰ মধুৰ মুৰুলীত জগতৰ চেতনা সঞ্চাৰ, বামত হ্লাদিনী ৰাধিকা, দুয়ো দুইৰো মুখলৈ চাই হঁহা হাঁহিটিত বিশ্ব ব্ৰহ্মাণ্ডৰ আনন্দ উল্লাস! সত্য, জ্ঞান আৰু অনন্ত আনন্দৰ কি সুন্দৰ সমাবেশ! অদ্বৈতৰ দ্বৈত মূৰতি প্ৰণৱৰ ওঙ্কাৰে মেৰাই অভিন্ন কৰি কি মাধুৰী তুলিছে! কি মহান এই সৌম্য মূৰতি—যাৰ অসীম সৌন্দৰ্য্যৰ নিশ্বাসকণিকাই সকলো কালৰ সকলো সৌন্দৰ্য্যকে জীৱন মৰণেৰে নচুৱাব লাগিছে। দিব্য জ্যোতিৰে এই ৰূপ এবাৰ অন্তৰ্নয়নেৰে দেখিবলৈ পালে হৃদয়ৰ সকলো গ্ৰন্থি মুকলি হয়, প্ৰাণ প্ৰেমানন্দৰ অসীম [ ১৮৫ ] প্ৰেমত পমি যায়।—এয়ে এয়ে সেই মথুৰাহাটৰ মন প্ৰাণ হৰি নিয়৷ হৰিৰ সাকাৰ মুৰতি!

 অন্তৰ ৰাজ্যত এই যে ব্যক্ত শ্ৰীহৰি, এই যে “একস্তথা সৰ্ব্বভূতান্তৰাত্মা ৰূপং ৰূপং প্ৰতিৰূপো বহিশ্চ”, তেওঁৰেই অব্যক্ত নিৰাকাৰ যোগ ব্ৰহ্মবাদী ঋষিসকলে জ্ঞানৰ সুস্নিগ্ধ আলোকত প্ৰাণে প্ৰাণে প্ৰত্যক্ষ অনুভৱ কৰি অমৃত সাগৰত ৰাতি দিন পৰমানন্দেৰে নিমগ্ন হৈ থাকে। সেই অব্যক্ত ৰূপ—সত্য স্বৰূপ সত্যৰ মাজেদি, জ্ঞান স্বৰূপ জ্যোতিৰ মাজেদি, আনন্দ স্বৰূপ অমৃতৰ মাজেদি সিবিলাকৰ সাধনাৰ বলত প্ৰাণৰ অনুভূতিত জীৱন্ত জাগ্ৰত হৈ জল্ জলকৈ উজলি উজলি এক চিৰ স্নিগ্ধ উজ্জ্বলতাৰে হৃদয় পৰিপূৰ্ণ কৰি তোলে। যুক্তাত্মা ঋষিসকলৰ জ্ঞানৰ চকুত মথুৰাহাটৰ ভেদৰ ৰূপ আৰু নেজাগে, জাগি উঠে তাৰ হৰি, জাগি উঠে তাৰ অৰূপ, জাগি উঠে তাৰ সচ্চিদানন্দ বিগ্ৰহ।

 জগতৰ প্ৰতিচ্ছায়া মথুৰাহাটৰ ৰূপৰ বৈচিত্ৰ্য, ভেদ জ্ঞানৰ অজ্ঞান-অন্ধকাৰ, অখণ্ডক খণ্ড য়েন দেখ। মৰণৰ মায়া—এই সকলোখিনি যাৰ প্ৰশান্ত বুকুত মিলাই লৈ যি সচ্চিদানন্দ বিগ্ৰহ দিব্য জ্যোতিৰে জিলিকি আছে, সেই সচ্চিদানন্দৰেই বা স্বৰূপ ক’ত?

 আজিৰ যি মথুৰাহাট, সি কালি অবিকল একে নাছিল। কাইলৈকো নেথাকে। তাৰ ইমান চাঞ্চল্য, ইমান পৰিবৰ্ত্তন। এই চাঞ্চল্য এই পৰিবৰ্ত্তনেই আচল মথুৰাহাট নহয়। মথুৰাহাট [ ১৮৬ ] এদিন উদ্ভৱ হৈছিল। আগতে নহলেও জগতৰ লগে লগে এদিন লয়ো পাব; –ই যেন সোণৰ অলঙ্কাৰ। সোণৰ পৰাই নানান অলঙ্কাৰ হয়, অলঙ্কাৰ ভাঙ্গি যায়,— ৰৈ যায় সোণ। সোণৰ আকাৰ একো নাই, অথচ সোণ আছে গুণেই তাৰ নানান আকাৰৰ অলঙ্কাৰ। সোণৰ অলঙ্কাৰেই তেনে সোণৰ প্ৰকৃত ৰূপ নহয়, সি সোণৰ বিকাৰ,— সি অনিত্য! এইদৰেই অনিত্য ক্ষুদ্ৰ জগৎ এই মথুৰাহাট বৃহৎ জগতৰ কোলাত মূৰ তুলি সেই কোলাতে লয় পাব, বৃহৎ জগৎ যেন বিকাৰো এক নিৰাকাৰৰ প্ৰশান্ত বুকুত লীন যাব, সেই নিৰাকাৰৰ লয় নাই, পৰিবৰ্ত্তন নাই,— সেই নিৰাকাৰ নিত্য,— সেই নিৰাকাৰ সৎ! এক অপৰিবৰ্ত্তনশীল নিত্য আছে বুলিয়েই, এক সৎ আছে বুলিয়েই জগতৰ যাবতীয় পৰিবৰ্ত্তন সম্ভৱ হৈছে, মথুৰাহাটৰ চাঞ্চল্য ও প্ৰকাশ পাইছে। এই নিৰাকাৰ নিত্য, এই যে সৎ— এয়ে পৰম ব্ৰহ্ম।— মথুৰাহাটৰ দৈনন্দিন পৰিবৰ্ত্তনৰ মাজত এই যে সৎ স্বৰূপ,— যি বিশ্বব্ৰহ্মাণ্ড জিনি অনাদি অনন্তকাল বিৰাজ কৰি বিশ্বলীলাৰ মাজে প্ৰকাশ পাইছে, সেয়ে মথুৰাহাটৰ হৰি!

 হাটৰ হাটৰুৱা বাটৰুৱাই বিচাৰে কি? যাক জীৱনৰ সাৰ বুলি হাটত বিচাৰি হাবাথৰি খাইছে, তাকেই কিছু দিনৰ পাচত অসাৰ যেন পাই হাতৰ মুঠিৰ পৰা এছাৰি পেলাব। যাক আপোন বুলি আঁকোৱালি ধৰে, স্বাৰ্থৰ [ ১৮৭ ] আঘাত পালেই তাক পৰ বুলি বুকুৰ পৰা উলিয়াই দিয়ে। দিনৰ পোহৰ পাইছে, অথচ আচল বস্তু চিন৷ নাই। চকু মেলি মেলি আচল বস্তু খেপিয়াই ফুৰিছে। ভৰ দিনতে ই যে ৰাতিৰ অভিনয়! ভেদৰ অন্ধকাৰত খেপিয়াই ফুৰি যাক সাধাৰণ প্ৰাণীয়ে দিন বোলে, সেই হে সেই দিন স্থিতপ্ৰজ্ঞ লোকসকললৈ নিশা,—“যস্যাং জাগ্ৰতি ভূতানি সা নিশা পশ্যতো মুনেঃ।” দিনে অজ্ঞান এন্ধাৰ নুগুচায়, গুচায় তাক প্ৰজ্ঞাৰ জ্যোতিয়ে। প্ৰজ্ঞাৰ জ্যোতিতেই জগতৰ আচল ৰূপ উদ্ভাসিত হয়। সূৰ্য্যৰ জ্যোতিয়ে যাক প্ৰকাশ কৰিব নোৱাৰে, অথচ সূৰ্য্য যাৰ জ্যোতিৰে জ্যোতিষ্মান, সেই “তমসঃ পৰস্তাৎ” আদিত্যবৰ্ণ মহান্ পুৰুষ পৰমব্ৰহ্মৰ জ্ঞানময় দীপ্তিত এই জগৎ দীপ্তিমান। তেওঁৰ প্ৰজ্ঞাত, তেওঁৰ জ্ঞানৰ জ্যোতিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকাশ, মথুৰাহাটৰো স্বৰূপ প্ৰকাশ!—মথুৰাহাটৰ ভেদ জ্ঞানৰ অন্ধকাৰত এই যে আচল চিৎ স্বৰূপ, যি স্বৰূপে বিশ্বব্ৰহ্মাণ্ড প্ৰজ্ঞাৰ জ্যোতিৰে উদ্দীপিত কৰি অনন্তকালৰ পৰা প্ৰকাশ কৰিব লাগিছে, সেয়ে মথুৰাহাটৰ হৰি!

 মথুৰাহাট দিনে বহে, দিনে ভাঙ্গে। কেতিয়াবাই এদিন হৈছিল, কাহানিবাকৈ এদিন নোহোৱা হব। তাৰ ক্ষয় বৃদ্ধিৰ, আনন্দ বিষাদৰ, জীৱন মৰণৰ কি বিপৰ্য্যয়, কি সমস্যা! সমস্যা হলেও ই আচলতে আচল কথা নহয়। ৰাতিৰ এন্ধাৰে বেলিটি নেমাৰে। জোন উপজি আমালৈ [ ১৮৮ ] মৰে হয়, আকাশৰ পিণ্ডাকাৰ জোনে সিপোনে নিশাই দিনে মহা ফূৰ্ত্তিৰে সুহুৰিয়াই ফুৰে। আমি যাক আনন্দ বিষাদৰ, জীৱন মৰণৰ বিপৰ্য্যয় বোলোঁ, সি ছাঁয়াৰ দৰে এই আহে, এই যায়। খণ্ড খণ্ড কৃষ্ণ মেঘ আকাশৰ কোলাত উৰি উৰি ফুৰিছে, মেঘ কৃষ্ণ বুলিয়েই আকাশ কৃষ্ণ নহয়। তাৰ কৃষ্ণ মেঘ মায়াৰ দৰে এই আহি গুচি যায়,—যোৱাৰ পাচত কালিমাই তাৰ আকাশৰ নীলিমা জিলিকাই দিয়ে। স্বাৰ্থৰ আঘাতত মনৰ যি বিষাদে কান্দি উঠে, আসক্তিৰ আঁজোৰত, অহমিকাৰ মোহত মনৰ যি আক্ৰোহে চিঞৰি উঠে, মৰণে সেই বিষাদ সেই আক্ৰোহ মাৰি মচি কাচি আমাৰ চিৰমুক্ত আকাশৰ জাল কাটি মুকলিকৈ এৰি থৈ যায়। মেঘৰ সিলুটিয়ে নিজৰ নীলিমা লৈ অনন্ত আকাশে অনন্ত কাল হাঁহিবই লাগিছে। এই বিষাদ, এই মৰণ জগতৰ আচল ৰূপ নহয়। তাৰ আচল ৰূপ—“আনন্দ ৰূপমমৃতং যদ্বিভাতি।”—মথুৰাহাটৰ বিষাদ আৰু মৰণৰ অন্তৰালত আনন্দৰ জিলিকনিৰে পৰমামৃতৰ এই যে স্বৰূপ, যি বিশ্ব ব্ৰহ্মাণ্ডক অনন্তকাল পৰমানন্দত মগ্নকৈ ৰাখিছে, সেয়ে মথুৰাহাটৰ হৰি!

 সত্য স্বৰূপৰ সৎ, জ্যোতি স্বৰূপৰ চিৎ, আৰু অমৃত স্বৰূপৰ ভূমানন্দেৰে কাৰণ জগতৰ বিশ্বৰূপ যেতিয়৷ জাগ্ৰত হৈ একাধাৰে চিত্তাকাশত সহস্ৰ সূৰ্য্যৰ শান্ত তেজেৰে তিৰবিৰাই উঠিব, সেয়ে মথুৰাহাটৰ সীমাৰ মাজৰ অসীম প্ৰকাশ। [ ১৮৯ ] প্ৰাণৰ মাজৰ ইয়াৰে ভুবন ভুলোৱা যি প্ৰত্যক্ষ অনুভূতি, সেয়ে মথুৰাহাটৰ হৰি—যাক মথুৰাত দেখিলে জীৱৰ সকলে৷ গৰি শেষ সেই পৰম৷ গতি!

 সচ্চিদানন্দ হৰিৰ অপৰূপ জ্যোতি অন্তৰ্নয়নত জিলিকি পৰিলে সেই অত্যুজ্জ্বল ৰূপত প্ৰকাশ পালেই যে ব্ৰহ্ম দৰ্শনেৰে ব্ৰহ্মময় হৈ যোৱা যায়। নদীৰ পৰমাগতি যেনেকৈ বিশাল সাগৰেৰে মিলি সাগৰ হৈ যোৱা, জীৱৰো পৰমাগতি আপোনাক ব্ৰহ্মত মিলাই দি ব্ৰহ্মময় হোৱা,—সচ্চিদানন্দৰ সৎ স্বৰূপত, জ্যোতি স্বৰূপত, আনন্দ স্বৰূপত প্ৰকাশ পাই অভেদ জ্ঞানেৰে অসীম অনন্তৰ প্ৰশান্ত কোলাত মিলি যোৱা।

 পান কৰিলেও মধুৰ কেনে সোৱাদ কব নোৱাৰি যেনে স্থলত, জীৱনত যি মধু পান কৰি পোৱা নাই, তাৰ মুখে দি মধু আস্বাদনৰ আনন্দ-বাতৰি ফুটে কেনেকৈ?—ব্ৰহ্মানন্দৰ যি মধু সি যে আৰু গহন, আৰু অতুলন!—ক্ষীৰোদধিৰ অমৃততো তাৰ তুলনা নাই। যেয়ে এই আনন্দৰ আস্বাদন প্ৰাণে প্ৰাণে পায়, সেই জীবন্মুক্ত পুৰুষেই পৰমানন্দত বিভোল হৈ পৰে। ৰামকৃষ্ণ পৰমহংস দেৱে কৈছিল, “সেই বাতৰি তোমাক দিয়ে কোনে? লোণৰ পুতলা সাগৰ জুখিবলৈ গৈছিল, গলি গ’ল।”—সেই পৰমানন্দৰ পৰশ প্ৰাণত লাগিলেই প্ৰাণ গলি যায়, কথাৰে কবলৈ কথা যে নেথাকে।—ব্ৰহ্মানন্দত নিমগ্ন হোৱা ঋষিসকলৰ কৰুণাৰ আহ্বানে জগতৰ জীৱকুলৰ কাণে কাণে আজিও অলক্ষিতে [ ১৯০ ] ৰিণি ৰিণি ধ্বনি তুলিবই লাগিছে। সেই ধ্বনি শুনি ব্ৰহ্মানন্দৰ আস্বাদন লৈ নবজন্ম সাৰ্থক কৰিবলৈ হলে চঞ্চল মন, বেসুৰা বুদ্ধি, উদভ্ৰান্ত অহমিকাক অন্তৰ্জগতলৈ টানি নিব লাগিব। তালৈ লাগে প্ৰাণৰ শক্তি, অন্তৰৰ শ্ৰদ্ধা, আৰু লাগে, আৰুও লাগে—নাৰী হৃদয়ৰ তীব্ৰ ব্যাকুলতা! নহলে বদ্ধ জীৱৰ ৰুদ্ধ হিয়ালৈ পৰমানন্দৰ আনন্দ ধাৰা বৈ আহিও সি ৰৈ যায়। পূৰ্ণ ৰসৰ আস্বাদনলৈ ব্যাকুলতা জাগিলেই অন্তৰৰ দুৱাৰ আপোনাআপুনি মুকলি হব, সেই দুৱাৰেদি অন্তৰ্দৃষ্টিত ক্ষুদ্ৰ হৃদয়ৰ ৰসৰ কণিকাত ৰসাধিষ্ঠাত্ৰী দেৱতাৰ দিব্য মূৰতি জিলিকি পৰিব;—পৰম ৰসেৰে মিলনৰ পুলকত ফুলি পৰি আকুল হৈ জলি উঠা—কি সেই সৌম্য দৰ্শন। কাঁণত নীৰৱতা ভেদি বাজি যাব,—বাজি যাব জীৱৰ অন্তৰে অন্তৰে ঝঙ্কাৰি উঠা মহামিলনৰ সেই মধুৰ সুৰ; কথাৰে, নিজ নিজ ভাষাৰে অতৰ্কিতে ফুটি পৰিব ৰাধাৰ প্ৰাণৰ কৰুণ প্ৰাৰ্থনা—“নিয়াঁ পাৰে কৰি।” মিলনৰ মুখে লৰি যোৱা ৰাধিকাই মিলিব নিদিয়া যমুন৷ আগত দেখি থমকি যাওঁতে যি আকুলত৷ জাগিছিল, সেই আকুলি-বিকুলি, সেই কৰুণ মিনতিয়ে নাৰীৰ প্ৰাণৰ দৰে জীৱৰ সৰল প্ৰাণত আৰু খোলাকৈ, আৰু শুনাকৈ বিনাই উঠিব,—“এইয়া, এইয়া—অন্ধকাৰ জলেৰে অথিৰ অবিৰ যমুনাই কলকলকৈ উঠিছে! এইয়া যমৰ ভগিনী যমুনাত মৃত্যুৰ ছাঁয়াই কঁপি কঁপি আতঙ্ক তুলিছে! সৌৱা, সিপাৰেদি [ ১৯১ ] মথুৰাহাটত—মোৰ প্ৰিয়! শুনিছোঁ, শুনিছোঁ,—মুৰুলী! মুৰুলী!!—মোৰ প্ৰাণকৃষ্ণৰ মুৰুলী!!—বৃন্দাবনৰ কেলি-কদম্বৰ মূলত বজাদি, বিশ্বৰ মূলত বজাদি সৌৱা মথুৰাহাটত মোহন মুৰুলী বাজি উঠিছে! যমুনাৰ বুকুৱেদি বৈ আহি ইপাৰে প্ৰাণত মোৰ প্ৰতিধ্বনি তুলিছে! মই যে আৰু ৰ’ব নোৱাৰোঁ! সৌৱা সেই মথুৰাহাট! সৌৱা, সৌৱ৷ সেই সন্তাপহাৰী সচ্চিদানন্দৰ প্ৰেম পাৰাবাৰ! কিহে মোক ভুলাই ৰাখিছে; কিহে মোক টানি নিছে! যাব যে নিদিয়ে! কি এই এৰিলে নেৰা অসাৰ মোহ,—কিয় সি মোক আগচি ধৰে! কি এই ভেদৰ দোৰ্ঘোৰ অন্ধকাৰ,—কিয় সি মোক আবৰি ধৰি বাট নেদেখা কৰিছে! কি ঘোৰ এই মৃত্যুৰ হাহাকাৰ—কিয় সি মোক আতঙ্কত কঁপাই আকুল কৰিছে! যমুনাৰ মূৰতিৰে সংসাৰৰ মাজত কি ভয়ঙ্কৰ এই পথৰ অন্তৰায়! বাজিছে!—মোহন মুৰুলী প্ৰাণ ভৰি বাজি উঠিছে! ৰ’ব নোৱাৰোঁ, আৰু থিৰেৰে ৰ’ব নোৱাৰোঁ! মুৰুলীৰ মাতে মাতে প্ৰাণ যেন উৰি যায়! নিদিয়ে, মোক যাব নিদিয়ে। নিয়াঁ, নিয়াঁ, প্ৰাণ কানাই মোক পাৰ কৰি নিয়াঁ, নিয়া তোমাৰ মথুৰাহাটৰ সেই সুঠাম সুন্দৰ ৰাসবিহাৰী মূৰতিটিৰ মাজেদি তোমাৰ সচ্চিদানন্দ স্বৰূপ প্ৰেম পাৰাবাৰলৈ! এই সংসাৰৰ অসতৰ মাজৰ পৰা তোমাৰ সতলৈ মোক পাৰ কৰি নিয়াঁ,—তোমাৰ সত্যত মোক প্ৰকাশ কৰাঁ! অজ্ঞান অন্ধকাৰৰ পৰা প্ৰজ্ঞালৈ মোক পাৰ কৰি নিয়াঁ,—


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )