নিৰ্লিপ্ততাৰ অনুপম আনন্দ! কি নিৰ্ব্বিকাৰ চিত্তেৰে কেনে সহজে দ্বাৰকাৰ কাৰ্য্যাৱলীৰে জগতক অতি উজ্জ্বল আদৰ্শ লৈ লৈ গ’ল। নিজে মোহাবিষ্ট অৰ্জ্জুনৰ ৰথৰ সাৰথি;—ভায়ে ভায়ে ৰক্তপাত,—ভাইৰ ৰক্ত ভায়ে পান কৰাৰ কি সেই ৰাক্ষসী তৃপ্তি!—ইমান উত্তেজনাৰ সূচনা, ইমান অস্ত্ৰৰ জন্জননি, ধ্বংসৰ ইমান বিকট চিৎকাৰ!—কৃষ্ণ কেনে স্থিৰ, কেনে নিৰ্ধিকাৰ! আত্মীয় স্বজন হত্যা কৰিবলৈ কঁপি উঠা অৰ্জ্জুনৰ মুখলৈ চাই কি সেই হাঁহি! পাঞ্চজন্যৰ পুণ্য নিনাদেৰে বলাই আনিলে পতিত-পাবনী শক্তি সঞ্চাৰিনী গীতাৰ গান! কুৰুক্ষেত্ৰৰ মহাযুদ্ধত সমগ্ৰ ভাৰতৰ মদোদ্ধত ক্ষত্ৰিয়ৰ তপ্ত ৰক্তেৰে ভীষণ নদী ফেনে-ফোটোকাৰে ববলৈ ধৰিলে; সমাপ্তিত তাৰ পলসৰ সাৰত লাস-বিলাসেৰে ফুলি উঠিল—ধৰ্ম্ম ৰাজ্যৰ পাৰিজাত! পৃথিবীৰ কি শান্তি!—তাৰ পাচত মোহৰ গৰবত জগতক তৃণ যেন জ্ঞান কৰা নিজৰ মতলীয়া কুলটি অশেষ কীৰিতিৰে জ্বলি উঠি এনে আকস্মিক ভাবে নিজৰ চকুৰ আগতে ভয়ঙ্কৰ প্ৰলয় লীলাৰে মাৰ গল;—সাক্ষীৰ দৰে কি নিৰ্লিপ্ত চিত্তেৰে কৃষ্ণই চায়েই থাকিল; মনত অকণিও বিকাৰ নুপজিল। এই ধ্বংসলীলাৰ মাজেদি চাওঁতে চাওঁতে জগতৰ অসীম শান্তি হাঁহিৰে আকৌ জিলিকি উঠিল।—মহাপ্ৰস্থানৰ বেলিকা জড়া ব্যাধৰ শাণিত শৰৰ প্ৰাণান্তক জালত শৰীৰ এই যায় যায়,—জড়াৰ মুখলৈ চাই হাঁহি গল সেই ভুবন জিনা
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮২
অৱয়ব