পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সপ্তপৰ্ণ

ভুলোৱা অতিথি। তোমাৰ নামে তোমাৰ যোগৰূঢ় শব্দই মোৰ প্ৰাণৰ মাজ পাই তাৰ বিশেষ মানে সলাই পেলালে। প্ৰাণৰ অতিথি মোৰ, মই তোমাক প্ৰশ্নেৰে আমনি নকৰোঁ। কৰিমেই বা কিয়? তোমাক আমনি কৰাত বাজে এনেবোৰ প্ৰশ্নৰ লাভৰ নামত বিশেষ একো নাই।

 ধৰাঁ জানিবা,⸺চকুৰে দেখিলোঁ মহাপুৰুষ মাধৱদেৱৰ “কোটোৰা খেলোৱা” নামৰ নাটত ‘ৰাধা’ আৰু ‘কানাইৰ’ এনে ভাবৰ বা সুৰৰ নহলেও এনে ধৰণৰেই গীত; কাণেৰে শুনিলোঁ, ‘ৰাধাৰ পদূলিয়ে কোন কোন যায়। নধৰিবি নধৰিবি ৰাধাৰ জোঁৱাই” বুলি নামঘৰে নামঘৰে আনন্দত উত্ৰাৱল হৈ তোলা ৰাধা নামৰ মধুৰ জুমুৰ। কেনেবাকৈ এই গীতটিৰ শুং-সূত্ৰ পাওঁ বুলি মহাপুৰুষীয় সম্প্ৰদায়ৰ যিকেখনি পুথি হাততে পালোঁ পাতে পাতে বিচাৰি চালোঁ, হযতো তাৰ গোন্ধকে নেপালোঁ। নেপাবৰেই কথা। মহা- পুৰুষ শ্ৰীশঙ্কৰদেৱে কত কোটি কোটি বাৰ প্ৰকৃতি বাচক ‘শ্ৰী’ৰে শ্ৰীকৃষ্ণ, ‘মা’ৰে মাধৱৰ নাম নিজে লৈ লোককো লোৱাব লাগিছে⸺তেওচোঁ কেতিয়াও ক’তো ‘ৰাধাকৃষ্ণ’ বোলাৰ কথা পুথিতো নেপালোঁ কাণেৰেও কেঁৱে কোৱা নুশুনিলোঁ। মহাপুৰুষ প্ৰবৰ্ত্তিত মাৰ্গত শান্ত আৰু দাস্য ভাবৰ যি উপাসনা যি নাম প্ৰসঙ্গ তাত মধুৰ ভাবৰ নায়িকা শ্ৰীৰাধাৰ বিশেষ একো প্ৰয়োজন নাই।⸺তাৰ পাচত ভাবিবৰ মন গলে ভাবি চাব পাৰোঁ⸺প্ৰাক্‌শাঙ্কৰী যুগৰ