পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
চতুৰ্থ পৰ্ণ

মনিব নোৱাৰিলোঁ। হাহাঁ, মা, হাঁহি যোৱা—জানোচা মন প্ৰাণ হৰি নিয়া এই মোহন মূৰতিয়ে প্ৰাণৰ মাজত এবাৰ হাঁহে। তুমি গ’লা, যোৱাঁ। তোমাৰ হাঁহিটিৰ প্ৰেমেৰে অমিয়া ধ্বনিটি থৈ যোৱাঁ। বাজক, দিনে ৰাতি সিয়ে বাজক, বাজি উঠক :—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে—কানাই নিয়া পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”