মঙ্গলত বাজে অমঙ্গললৈ নকৰে। সেয়ে যদি হয়, বিবেকৰ বাণীকে মঙ্গলময় পৰমেশ্বৰৰ প্ৰেৰণা বুলি মূলত ধৰি ললেই সমগ্ৰ সত্যটি দেখোন প্ৰকাশ পায়। কৰ্ম্মৰ বিধি সম্বন্ধে সিবিলাকৰ যি এটি বহু-বিস্তৃত মত আছে, তাৰে নিজা কৰ্ম্মৰ সুৰ বান্ধোতে সদায় কাণ দিয়ে সমূহৰ মঙ্গল বোলা মূল সুৰটিলৈ। যি কাম কৰিলে বহুৰ বহু সুখ হয়, মঙ্গল হয়, সেই কামেই সিবিলাকৰ লক্ষ্য। ইয়াৰ বিধানকে সিবিলাকে জগতৰ আগত দাঙ্গি ধৰে। বহুৰ বহু সুখ হোৱা বা মঙ্গল কৰা কথাটি বহলাই ধৰিলে সেয়ে সৃষ্টিৰ যথাসাধ্য হিত সাধন কৰাকে নুবুজায় জানো? সৃষ্টিৰ হিত সাধন কৰাটিয়েই যে সৃষ্টিকৰ্ত্তাৰো ইচ্ছা। তেওঁ অহিত কৰিবলৈ বুলি এনে এখনি সৃষ্টি পাতি দিয়া নাছিল৷ সৃষ্টিৰ যথাসাধ্য হিত সাধন কৰিবলৈ গৈ আমি সৃষ্টিকৰ্ত্তাৰ ইচ্ছাকে পালন কৰোঁ। বহুৰ বহু মঙ্গল কৰা যি, বহু হৈ প্ৰকাশ পোৱা একৰ ইচ্ছা পালন কৰাও সি।—বহুৰ বহু মঙ্গল কবলৈ যিমান সহজ, তালৈ বুলি কাম কৰা সিমান সহজ নহয়। কত তৃপ্তি, কত প্ৰলোভন, কত অভিমান কত নিজৰ সুখ নিজ হাতে বলি দিব লাগিব, তেহে যদি সেই লক্ষ্যলৈ মুখকে কৰিব পাৰি। কিহৰ আশাত এই ত্যাগ, কিয় ইমান কষ্ট স্বীকাৰ? ই ক্ষণিকা তৃপ্তি নহয়, ই অলপ সুখ নহয়,—নিশ্চয় তাত এক গভীৰৰো গভীৰ আনন্দৰ আহ্বান আছে। নহলে তালৈ মানুহে মনেই বা
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২১
অৱয়ব