পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
সপ্তম পৰ্ণ

জ্ঞানে যেনেকৈ খণ্ড জ্ঞানৰ মাজেদি সত্য স্বৰূপ অখণ্ড জ্ঞানক বিচাৰি ফুৰে, প্ৰেমেও সেইদৰেই ক্ষুদ্ৰ ৰসৰ মাজেদি ৰসৰ পূৰ্ণতা বিচাৰি ব্যাকুল হয়। ভগবানৰ বিৰাট চৈতন্যৰ কণিকা এটি আমাত আছে কাৰণেই আমি চেতন, বিৰাট হ্লাদিনী শক্তিৰ একণিমান ৰস আমাত আছে গুণেই আমাৰ এই আনন্দ উল্লাস! এই এধানি মান আনন্দ ৰস সজাগ কৰি ৰক্ত মাংসৰ স্থুল শৰীৰেৰে ব্ৰজ মণ্ডলৰ গোপী প্ৰেমৰ নায়িকা ৰসময়ী ৰাধিকাই মথুৰা মণ্ডলৰ পূৰ্ণৰসলৈ জীৱকুল লৈ যাবলৈকে আজি নায়িকাৰ বেশেৰে ওলাই আহি পাৰ কৰি নিবলৈ কৃষ্ণক মিনতি জনাইছে,—ৰাস মণ্ডলৰ হৰিক মথুৰা হাটৰ ঘোৰ হাহাকাৰৰ মাজত চাই সকলো কোলাহল শান্ত কৰি জগত খনি মধুময় কৰিবলৈকে এই মিনতি!

 পূৰ্ণ ৰসৰ প্ৰবাহৰ স্পন্দন আমাৰ ক্ষুদ্ৰ হৃদয়ৰ ৰসৰ কণিকাত জিকাৰি উঠি ৰাতি দিন অন্তৰত মিলনৰ আকুলতা তুলিবই লাগিছে, বৃন্দাবনত বজাদি জগতৰ মাজত, মথুৰা হাটৰ মাজত শ্যাম কানুৰ মোহন বেনু অবিৰল বাজিয়ে আছে, শুনে কিমানে? শুনিলেও শ্ৰদ্ধা জাগে কেইজনৰ? ধৃতি ধৰে কেইজনে? অন্তৰৰ ৰাধা নেজাগিলে সেই অনুৰাগ, সেই আকুলতা ক’ত? প্ৰেমৰ ভাণ্ড লৈ ৰাধা আমাৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে। আমি বিদেশিনী বুলি দুৱাৰৰ অতিথি দুৱাৰতে বিদায় দিওঁ।