পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
সপ্তম পৰ্ণ

ফালৰ পৰা মথুৰা-হাট খনি চালে নানান আলৈ-আহুকালে কুঁৱলী দি ধৰেহি। হৰিৰ হাঁহিটিৰ পোহৰত হৰিৰ ফালৰ পৰা চালে সকলো কুঁৱলী উৰি যায়। হাটৰ মাজেদি অবাধে প্ৰেমৰ ধাৰা ঢালিবলৈকে প্ৰেমময়ী ৰাধাই আজি হৰিৰ হাঁহিটিত প্ৰকাশ বিচাৰিছে, পাৰ কৰি দিবলৈ নহয়,—পাৰ কৰি নিবলৈ প্ৰাণেৰে মাতিছে।

 এই প্ৰেমৰ মঙ্গলময় অভিসাৰ ৰসময়ী ৰাধাৰ নামে ধামে ৰজিতা খাই পৰিছে। মথুৰাহাটলৈ যোৱাৰ চলেৰে এই অভিসাৰে সংসাৰী জীৱলৈ জীৱনৰ আৰু এখনি চানেকি লৈ আহিছে। চতুৰ সংসাৰীৰ কাৰণে “ৰথে৷ দেখা, কলো বেচা” বুদ্ধি তাত বেচকৈ বাছি চকুত লগাকৈ জিলিকাই থৈছে। ৰথৰ জগন্নাথ দেখি পুনৰ্জ্জন্ম নোহোৱাৰ ফল অৰ্জ্জন কৰা, আৰু কল বেচি এই জনমৰ জীবিকা আৰ্জ্জি লোৱা। ইকূল সিকূল দুয়োকূল এইদৰেই ৰাখিবলৈকে উপনিষদৰো উপদেশ,—অবিদ্যাৰূপ সংসাৰকেই সাৰ বুলি সাবটি ধৰিলে অন্ধকাৰত পৰা যায়; কেৱলে ব্ৰহ্মজ্ঞান বিদ্যাকে বিচ্ছিন্ন কৰি একমাত্ৰ সাৰ বুলি আকোৱালি ধৰিলেও আৰু গভীৰ অন্ধকাৰত পৰা যায়! এই সংসাৰৰ আৰু বহ্মজ্ঞানৰ য’ত মিল, য’ত সুন্দৰ সমাধান তাতে আমাৰ আত্মাৰ স্থিতি। সেই আত্মাৰ উপলব্ধি কৰি জীৱন সাৰ্থক কৰাই মানৱ জীৱনৰ লক্ষ্য। জগত যেন মথুৰা হাটৰ পৰা বিচ্ছিন্ন কৰি আনি ৰাধিকাই কৃষ্ণক গোপনে চাব খোজা নাই, অথবা