পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় পৰ্ণ

 দিনৰ পাচত দিন গ’ল। কত নতুন বছৰ নতুনকৈ আহিল;⸺সংসাৰৰ কাজ কামৰ সুৰুঙ্গাই সেই সুৰৰ সেই বাণীয়ে প্ৰাণৰ মাজত ভুমুকি মাৰেহি। বতৰৰ অতিথি প্ৰাণত আনন্দৰ বাতৰি দি কেতেকীৰ দৰে নীল আকাশত মিলি যায়। যান্ত্ৰিক যুগৰ ঘৰ্ঘৰণিৰ কোহালত বীণাৰ সুৰ আকৌ এবাৰ নুশুনা হৈ পৰে। প্ৰাণৰ মাজত লৈ প্ৰাণৰ অতিথিক চিনিবৰ কত দিন কত যতন কৰিলোঁ⸺চিনো চিনো লাগে, তেও চিনিব নোৱাৰে। এদিনাৰ অচিন অতিথিয়ে মোক কত দিন দেখা দিলে, তেও দেখোন আজিকোপতি অচিন হৈয়েই থাকিল।

 অতিথি! তোমাৰ লৱণু মুখত এনে কি ল’নি আছে তোমাৰ একেটি ভুমুকিত যে এই দীন দৰিদ্ৰৰ হীন কুটীৰ চিকোণ কিৰণেৰে তিৰবিৰাই পৰে? তোমাৰ প্ৰাণত এনে কি নজনা আকৰ্ষণ যে সি মোক নিতৌ এখনি উজ্জ্বল লোকলৈ উৰুৱাই লৈ যায? কানাই বোলা কোনো এজনে বাট নিদিলে মথুৰাৰ হাটলৈ যাব নোৱাৰি; সেই দেখি ৰাধা বোলা কোনোবা এগৰাকীয়ে কলে—কানাই মোক পাৰ কৰি নিয়াঁ, মথুৰাৰ হাটলৈ যাওঁ,⸺এই অন্বয়ৰ সাধাৰণ শব্দেৰে তেনেয়ে সাধাৰণ কথা এফাকি,⸺তাত অসাধাৰণ কি থাকিব পাৰে? এনে ধৰণৰ কত কথা আনে-বানে উঠি