পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
সপ্তপৰ্ণ

এদিন উদ্ভৱ হৈছিল। আগতে নহলেও জগতৰ লগে লগে এদিন লয়ো পাব; –ই যেন সোণৰ অলঙ্কাৰ। সোণৰ পৰাই নানান অলঙ্কাৰ হয়, অলঙ্কাৰ ভাঙ্গি যায়,— ৰৈ যায় সোণ। সোণৰ আকাৰ একো নাই, অথচ সোণ আছে গুণেই তাৰ নানান আকাৰৰ অলঙ্কাৰ। সোণৰ অলঙ্কাৰেই তেনে সোণৰ প্ৰকৃত ৰূপ নহয়, সি সোণৰ বিকাৰ,— সি অনিত্য! এইদৰেই অনিত্য ক্ষুদ্ৰ জগৎ এই মথুৰাহাট বৃহৎ জগতৰ কোলাত মূৰ তুলি সেই কোলাতে লয় পাব, বৃহৎ জগৎ যেন বিকাৰো এক নিৰাকাৰৰ প্ৰশান্ত বুকুত লীন যাব, সেই নিৰাকাৰৰ লয় নাই, পৰিবৰ্ত্তন নাই,— সেই নিৰাকাৰ নিত্য,— সেই নিৰাকাৰ সৎ! এক অপৰিবৰ্ত্তনশীল নিত্য আছে বুলিয়েই, এক সৎ আছে বুলিয়েই জগতৰ যাবতীয় পৰিবৰ্ত্তন সম্ভৱ হৈছে, মথুৰাহাটৰ চাঞ্চল্য ও প্ৰকাশ পাইছে। এই নিৰাকাৰ নিত্য, এই যে সৎ— এয়ে পৰম ব্ৰহ্ম।— মথুৰাহাটৰ দৈনন্দিন পৰিবৰ্ত্তনৰ মাজত এই যে সৎ স্বৰূপ,— যি বিশ্বব্ৰহ্মাণ্ড জিনি অনাদি অনন্তকাল বিৰাজ কৰি বিশ্বলীলাৰ মাজে প্ৰকাশ পাইছে, সেয়ে মথুৰাহাটৰ হৰি!

 হাটৰ হাটৰুৱা বাটৰুৱাই বিচাৰে কি? যাক জীৱনৰ সাৰ বুলি হাটত বিচাৰি হাবাথৰি খাইছে, তাকেই কিছু দিনৰ পাচত অসাৰ যেন পাই হাতৰ মুঠিৰ পৰা এছাৰি পেলাব। যাক আপোন বুলি আঁকোৱালি ধৰে, স্বাৰ্থৰ