সমললৈ যাওক

পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
সপ্তপৰ্ণ

পৰাজয়! ব্ৰজলীলাত কৃষ্ণই ইন্দ্ৰৰ দৰ্পহৰণ কৰিছিল, ব্ৰহ্মাক মুহিছিল; ৰাস মণ্ডলত নতুনকৈ মদনক মুহি জগতত এটি স্থুল সিদ্ধান্ত দি থৈ গ’ল। সেইহে ভক্তই ৰাসলীলাক কাম-বিজয় নাম দি পৰম আনন্দেৰে উপভোগ কৰে।

 কঠিনত কোমলতা দিবলৈ ৰসময়ী ভক্তিৰ যে এই গোপী-প্ৰেম, ইয়াকে জীৱনৰ আৰ্হিৰে জীৱন্ত কৰিবলৈকে গোলোকৰ লক্ষ্মীনাৰায়ণ ভাৰতলৈ নামি অহাৰ প্ৰয়োজন হৈছিল। সৃষ্টি কাৰ্য্যত পৰম পুৰুষৰ মূলা প্ৰকৃতি পাঁচ প্ৰকাৰেৰে প্ৰকাশ পায়—দুৰ্গা, ৰাধা, লক্ষ্মী, সৰস্বতী আৰু সাবিত্ৰী। বৈষ্ণব দৰ্শনে ৰাধাক ভগবানৰ এক বিশিষ্টা শক্তি বুলি নিৰ্ণয় কৰে। বেদে প্ৰকাশ কৰিব নোৱাৰি ব্ৰহ্মক সচ্চিদানন্দ বুলি ইঙ্গিত দিছে। বস্তু পৰিচ্ছেদ, কাল পৰিচ্ছেদ, আৰু স্থান পৰিচ্ছেদ নোহোৱা, সকলো পৰিবৰ্ত্তন বুকুত লৈ অনাদি অনন্তকাল সাক্ষীস্বৰূপে থকা গুণেই তেওঁ সৎ; তেওঁ অকল সতেই নহয়, তেওঁৰ চেতনাতে বিশ্বব্ৰহ্মাণ্ডৰ চেতনা জাগি উঠে গুণেই তেওঁ চেতনাময় চিৎ; অকল সৎ বা চিৎ হলেই নহয়, “কোহ্যেবান্যাৎ কঃ প্ৰাণ্যাৎ যদেষ আকাশ আনন্দো ন স্যাৎ”—পৃথিবীত কোনে কি শৰীৰৰ চেষ্টা কৰিলেহেঁতেন, কোনেই বা জীয়াই থাকিব খুজিলেহেঁতেন, আকাশৰ দৰে যদি আনন্দ নেথাকিলহেঁতেন;—এই আনন্দই সকলোকে আনন্দ দিছে। সৎ আৰু চিতত আনন্দৰ উল্লাস আছে বুলিয়েই তেওঁ সচ্চিদানন্দ। সচ্চিদানন্দৰ