পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
চতুৰ্থ পৰ্ণ

হ’লহেঁতেন, পৃথিবী পুৰি ভস্ম হ'লহেঁতেন; এনে এক বিশ্বদাহী জ্যোতিপিণ্ডৰ ৰশ্মি বায়ু মণ্ডলৰ মাজেদি প্ৰশান্ত হৈ আহি পৃথিবী স্বাস্থ্য আৰু শস্য সম্পদেৰে নদন-বদন কৰি তুলিছে। অনন্তৰ আদি অন্তহীন বিশ্বৰূপ স্থিৰ নেত্ৰে চাব পৰা বীৰ পৃথিবীত কেইজন? দৰ্শনৰ অধিকাৰী মহাবীৰ অৰ্জ্জুনে কুৰুক্ষেত্ৰৰ সমৰাঙ্গনত ভগবানৰ শৰীৰত বিশ্বৰূপ দেখি ভয়ত কঁপি কঁপি কবলৈ ধৰিছিল,—“সংহৰণ কৰাঁ, সংহৰণ কৰ। তোমাৰ এই অদ্ভুত ৰূপ! মোৰ দিগ্বিদিক জ্ঞান উৰি গ’ল, মোৰ সুখ কেনি গ’ল,—মোৰ কি হ’ল! হে জগন্নিবাস! প্ৰসন্ন হোৱাঁ।” ভগবানে তেতিয়াই সেই ৰূপ সামৰি সাৰথিৰ বেশেৰে অৰ্জ্জুনৰ আগত থিয় দিলে,—তেহে অৰ্জ্জুন প্ৰকৃতিস্থ হ’ল।

 শিক্ষিত সকলৰ ভিতৰত যিটি শ্ৰেণীয়ে ভালকৈ বুজিবলৈ হলে পচিমীয়া সিদ্ধান্তৰ বিশেষ প্ৰয়োজন স্বীকাৰ কৰে সিবিলাকলৈ নতুন মনোবিজ্ঞানৰ “কন্‌ট্ৰ’ল” বা “পজেচন” আৰু প্ৰেতত্তত্ত্ববাদীসকলৰ “মিডিয়ম” আদি তত্ত্ব বৈজ্ঞানিক যুক্তিৰে প্ৰমাণ হোৱাত ভাৰতৰ অৱতাৰবাদত বহুতো পোহৰ পৰিছে। “কন্‌ট্ৰ’ল” বা “পজেচনে” যি বুজায় আমাৰ ভাষাত সেয়ে আবেশ। অন্য আত্মাৰ আবেশ হোৱাৰ যিটি আধাৰ বা দেহা সেয়ে “মিডিয়ম”।—পচিমীয়া মনোবিজ্ঞানৰ দাৰ্শনিক কেজন মানে কয়,— আমাৰ মস্তিস্ক চৈতন্যৰ দুৱাৰ বা উপাধি। এই ক্ষুদ্ৰ মস্তিস্কত যিকণি চৈতন্য প্ৰকাশ পায়