মোৰ অন্তৰৰো অন্তৰতম প্ৰদেশ ৰিণ্ জিনাই তুলিছে। কি হে মোক মুহি পেলালে? চায়েই আছোঁ,⸺চকুৱে ক’লে⸺ মোৰ চোৱা হৈছে; কাণে ক’লে,⸺মোৰ শুনা হৈছে। তথাপিতো দেখাৰ সিপাৰেদি, শুনাৰ সিপাৰেদি কি চাবলৈ ঘূৰাই চকু দিছো, কি শুনিবলৈ কাণ পাতিছোঁ। হেপাহ যে মোৰ নপলায়! পুৱাৰ সোণালী ৰ ’দালিত চাওঁ, গধূলিৰ বঙ্গা-ৰতোৱালত চাওঁ, দিন দুপৰৰ চৌফলীয়া ৰ’দত কতবাৰ ৰৈ ৰৈ চায়েই থাকোঁ। যিমানে চাওঁ সিমানে নিতে নিতে নতুন টানেৰে কিহে মোক গভীৰৰো গভীৰতমলৈ টানি নিয়ে?⸺ই অনন্তৰ আলোক নহয় নে? সৌন্দৰ্য্যৰ সুষমা লৈ মাধুৰ্য্যৰ মধুৰিমা লৈ মোৰ অন্তৰ বীণাত তুলি যোৱা এটি আনন্দ⸺ঝঙ্কাৰ!⸺সেইহে ইমান আনন্দ,⸺ইমান অপাৰ,⸺ মোৰ প্ৰাণ উপচি উপচি জৰি পৰিছে।⸺শতধাৰে,⸺ সহস্ৰধাৰে,⸺কবিতাৰ ছন্দেৰে, সঙ্গীতৰ সুৰেৰে চিত্ৰৰ ৰঙ্গেৰে মোক পুলকত আকুল কৰিছে!⸺ এই যে সীমাৰ মাজত অসীমৰ প্ৰকাশ এই যে অন্তৰত অতীন্দ্ৰিয়ৰ আনন্দ- অনুভূতি⸺ই যে সত্য⸺প্ৰত্যক্ষ সত্য! ই কল্পনা নহয়, সপোন নহয়⸺জীৱন্ত জাগ্ৰত সত্য! ইতিহাসে পোৱা সত্যতকৈ বিজ্ঞানে বাছি লোৱা সত্যতকৈ ই কেনি কোন গুণে কম?⸺অতিথি! তুমি এনে এটি অনুভূতি নোহোৱা নে? তোমাৰ মূৰতি যেন চকুৰে দেখাৰ পাচতো দেখি থাকি! সি যেন সপোনৰ পুতলাতকৈও জীৱন্ত! তাৰ মাজেদি
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩৯
অৱয়ব