পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
সপ্তপৰ্ণ

ভীষণ গৰ্জন, আকৰ্ষণ বিকৰ্ষণৰ গগণ বিদৰা কোলাহলে তুমুল কোৰ্হাল তুলি অবিৰোধী ভাবেৰে চিৰ শাস্তিত আকোলা- আকোলি কৰি মিলি যায় একমাত্ৰ অনন্তৰ প্ৰশান্ত কোলাত। ক্ষুদ্ৰ জগত মথুৰাহাটৰ শান্তিত বৃহৎ জগতৰ প্ৰশান্ত ভাব এই খিনিতে পৰিষ্কাৰ কৈ প্ৰকাশ পাইছে,—ইয়াতে মথুৰা হাটৰ অমিল কোলাহল মিলি যায়, এয়ে মথুৰাহাটৰ শান্ত তত্ত্ব!

 অলেখ লোক মথুৰাহাটলৈ আহিছে একো একোটি স্বাৰ্থ লৈ। এজনৰ স্বাৰ্থ অইন এজনৰ লগত দেখাকৈ নিমিলে। জনে জনে ভিন ভিন হলেও সকলোৱে নিজ নিজ স্বাৰ্থেৰে বিচাৰিছে, সেই একে এটি মঙ্গল,—তেহেলৈ নিজলৈ হওক বা পৰলৈ হওক, অলপলৈ হওক বা বহুলৈ হওক। সকলো স্বাৰ্থ অমিল হৈও এই মঙ্গলতে মিলি যায়। অনন্ত কোটি প্ৰাণীৰ কত অনন্ত কোটি স্বাৰ্থ মিলাই এক কৰি বিশ্বৰ মূলত হাঁহি আছে এক মঙ্গলেই,—এক শিৱই। ক্ষুদ্ৰ জগত মথুৰাহাটৰ সকলো অমিল স্বাৰ্থ মিলি গ’ল এই মঙ্গলত, এই শিৱতেই,—এয়ে মথুৰাহাটৰ শিৱতত্ত্ব।

 হাটত সমাগম হোৱা লোক সকলৰ ভিতৰত পৰম্পৰ কিমান প্ৰভেদ; জাতিৰ ভেদ, বয়সৰ ভেদ, অৱস্থাৰ ভেদ, চেহেৰাৰ ভেদ, পৰিচ্ছদৰ ভেদ, বাহিৰে ভেদ, অন্তৰে ভেদ, কেৱলে ভেদ! কোনো দুটি প্ৰাণী সাঁচেকাটে একে নহয়। ইমান ভেদ লৈও সিবিলাক এঠাইত অভেদ হৈ মিলি