প্ৰয়োজনীয়; নহলে ধ্যান কৰা যায় কাৰ? ভক্তসকলে, মহাপুৰুষসকলে, সিদ্ধসাধকসকলে নিজ নিজ আদৰ্শৰ মূৰ্ত্তি অতি স্পষ্টকৈ আগত দেখি থাকে। ৰূপ অকল ইন্দ্ৰিয় গ্ৰাহ্য পদাৰ্থৰ যোগত মনেৰে সংযোগ থকা ইন্দ্ৰিয়তে হে যে ফুটি পৰে এনে নহয়; ইন্দ্ৰিয় যেতিয়া ঘোৰ নিদ্ৰাত অচেতন সমূলি তাৰ সাৰ সুৰ নাই, তেতিয়াও ৰূপৰ লহৰি অন্তৰ্জগতত ভাহি উঠে। মাজে মাজে সপোনে এই সত্যটিকে আমাক সোঁৱৰাই দি যায়। অকল ৰূপেই নহয়, সফল সপোনত বৰ্ত্তমানতে ভবিষ্যতকো দেখি। যিটি স্থূল জগতত ঘটিব তাৰ হুবহু চিত্ৰও কেতিয়াবা কেতিয়াবা আগতে অন্তৰত জিলিকি পৰে। আমাৰ ভিতৰৰ সেই—“অপাণিপাদো জবনো গ্ৰহীতা পশ্যত্যচক্ষুঃ স শৃণোত্যকৰ্ণঃ।”—যিটিয়ে হাত নহলেও লয়, ভৰি নহলেও বুলে, যিটিয়ে চকু নহলেও দেখে, কাণ নহলেও শুনে;—যাৰ অৰূপ ইচ্ছাৰ ৰূপান্তৰ এই দৃশ্যমান বিৰাট ব্ৰহ্মাণ্ড, সেই পুৰুষৰ প্ৰেৰণাত নহয় কি? ভবিষ্যত; দূৰ-ওচৰ, দেখা-নেদেখা সকলো এক হৈ যায়। যেতিয়াই ভক্তই সত্য একোটি বুজিবলৈ অমাতৰ মাত, অৰূপৰ ৰূপ বিচাৰি আকুল হৈ সেই পুৰুষৰ ফাললৈ চাই বিনাবলৈ ধৰে, তেতিয়াই পুৰুষৰ প্ৰেৰণাত আপোনাআপুনি শব্দৰ ঝঙ্কাৰ বাজি উঠে, ৰূপৰ ছবি আপুনি ফুটে। একো একোটি চিৰন্তন সত্য সায়ুধে সবাহনে সপৰিবাৰে এইদৰেই ৰূপৰ হাটত ভাহি যায়; ছন্দৰ মাজে, সুৰৰ মাজে, চিত্ৰৰ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯৬
অৱয়ব